অʼ স্পেলবাৰ্ড

লেখক- স্বপ্নমজ্যোতি কলিতা

বৰষুণৰ টোপনি নাহে। 

একাঁচি পোহৰ লৈ নাচি থাকে জোনবাই…

(সোণাই বিলত জাকৈ মাৰোঁতে হেৰোৱা আমাৰ সোণৰ নামো ‘জোন’ আছিল। )

অʼ চৰাই অʼ চৰাই

মোকো উৰাই নিয়া

(এই কথাবোৰো)

সভ্যতাৰ পোছাকযোৰ খুলি

মই এতিয়া নাঙঠ-পিঙঠ

তথাপি

’মুক্ত’ বুলি ক’বলৈ 

মই একেবাৰে ‘স্বতন্ত্ৰ’ নহয়

(তাৰমানে প্ৰশ্নবোধক)

প্ৰশ্নবোধকৰ ‘বোধক’টো উঠাই দিলোঁ; 

হেʼ পাঠক

আপুনিও নিজকে সোধক

… … …

ধূপৰ ধোৱাৰে কিমান আৰু লুকুৱাবা নিজৰ মুখ! 

আমি আখলত ৰান্ধো আমাৰ সন্তানৰ মঙহ

কেৰাহীত উতলাও তেজ

বাহি জুহালৰপৰা কামিহাড়ৰ ফুটছাঁই পেলাওঁ। 

এতিয়া আন্ধাৰৰ কবিতা এটাকে শুনা—

অভ্যাসবশতঃ

ৰাতি খুলি থওঁ মোৰ টোপনিৰ চকু

প্ৰতিনিশাই মোৰ চকুত গজে বিপ্লৱৰ দীৰ্ঘতম শোভাযাত্ৰা

মই দেখোঁ বিপ্লৱীৰ জুই লগা চকু

তেজ লগা চকু

(ৰাতিপুৱাবোৰ প্ৰাৰ্থনাৰ দৰে শুভ আৰু পৱিত্ৰ)

আন্ধাৰত চাকি এটা চৰিবলেʼ মেলি দিলোঁ

শলিতা আৰু তেজ—চাকি

পুৱালনে ৰাতি, থাকিলনে নাচি

বতাহত নুমালেʼ চাকি

অʼ পোহৰ

আকাশখন জিলিকাই দিয়া

                 **********

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!