অকণিৰ মেলালৈ যোৱা সময়

লেখক- পংকজ নেওগ

১৯৬৭ চনৰ মাৰ্চ মাহত দেউতা নগাঁৱৰপৰা গুৱাহাটীলৈ বদলি হৈ অহাত আমি আটাইবোৰে পূৱ-শৰণীয়াৰ আমাৰ নতুন ঘৰটোত থাকিবলৈ ল’লোঁ। দেউতাই মোক ঘৰৰ ওচৰৰে পূৱ-শৰণীয়া নিম্ন প্ৰাইমেৰী বিদ্যালয়ত নাম লগাই দিছিল। স্কুলখন আছিল তেনেই সৰু; এটা দীঘলীয়া কোঠা পাঁচটা ভাগত ভগাই ‘ক’ শ্ৰেণীৰপৰা ‘তৃতীয়’ শ্ৰেণীলৈ পাঠদান দিয়া হৈছিল। শ্ৰেণীবোৰৰ মাজত কোনো আঁৰ-বেৰ নাছিল আৰু দুগৰাকী শিক্ষকে সমান্তৰালভাৱে আটাইকেইটা শ্ৰেণীৰ তদাৰক কৰিছিল। নগাঁৱৰ মহেন্দ্ৰ বৰুৱা প্ৰাইমেৰী স্কুলৰপৰা আহি এটা আচহুৱা পৰিৱেশত পৰিলোঁ। দেউতাই হয়তো ভাবিছিল যে, যেনে-তেনে বছৰটো পাৰ কৰিলে মোৰ হাইস্কুললৈ যোৱাৰ সময় হ’ব। বছৰৰ সেই সময়ত বেলেগ স্কুলবোৰত নাম ভৰ্তি কৰিবলৈ দিলেহেঁতেন নে নাই নাজানো; খোজ কাঢ়ি অহা-যোৱা কৰিবলৈ ঘৰৰপৰা স্কুলৰ দূৰত্বও এটা বিচাৰ্য বিষয় আছিল। পূৱ-শৰণীয়া প্ৰাইমেৰী স্কুলখনত নপঢ়াহেঁতেন হয়তো দক্ষিণ শৰণীয়া বা নিজৰাপাৰ প্ৰাইমেৰী স্কুলত পঢ়িবলগীয়া হ’লহেঁতেন আৰু দুয়োখনেই আছিল আমাৰ ঘৰৰপৰা কিছু নিলগত। তৃতীয় শ্ৰেণীত আছিল পাঁচগৰাকী ছোৱালী আৰু মই একমাত্ৰ ল’ৰা। দৰাচলতে বছৰৰ আৰম্ভণিতে আৰু দুজন ল’ৰা আছিল কিন্তু বিভিন্ন কাৰণত সিহঁতে স্কুল এৰিবলগীয়া হৈছিল। 

 

লাহে লাহে স্কুলখনৰ বহুতো ল’ৰা-ছোৱালীৰ সৈতে মোৰ বন্ধুত্ব স্থাপন হৈছিল আৰু আমি ‘অশোক মইনা পাৰিজাত’ নাম দি এটা মইনা পাৰিজাত অনুষ্ঠান খুলিছিলোঁ।  চুবুৰিটোৰ আমি প্ৰায় ৬-৭ গৰাকী ল’ৰা-ছোৱালী মিলি প্ৰতি দেওবাৰে আকাশবাণী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ‘অকণিৰ মেল’ অনুষ্ঠানলৈ গৈছিলোঁ। অনাতাঁৰ কেন্দ্ৰটো পূৱ-শৰণীয়াৰপৰা বেছি দূৰৈত নহয়; আমাৰ ঘৰৰপৰা খোজকাঢ়ি গলে খুব বেছি ২০ মিনিটমান সময় লাগিছিল। দেওবাৰে ৯: ০০ বজাত আঞ্চলিক বাতৰি শেষ হোৱাৰ লগে লগে ‘অকণিৰ মেল’ অনুষ্ঠান আৰম্ভ হৈ ৯: ৩০ বজাত শেষ হৈছিল। আমি সকলোবোৰে কিন্তু পুৱা ৮: ৩০ মানবজাতে গৈ অনাতাঁৰ কেন্দ্ৰত উপস্থিত হৈছিলোঁ। ষ্টুডিঅ’লৈ সোমোৱা সদৰ দুৱাৰখনৰ বাহিৰত কৰিডৰটোৰ দুয়োফালে ল’ৰা-ছোৱালীবোৰে শাৰী পাতিছিলোঁ আৰু বাইদেউ এগৰাকী আহি আমাক এজন এজনকৈ সেইদিনাৰ ‘অকণিৰ মেল’ত কি পৰিৱেশন কৰিব খুজিছোঁ সুধি গৈছিল। এইখিনি সময়েই আমাৰ বাবে আছিল অতি উৎকণ্ঠাৰ সময়! গীত পৰিৱেশন কৰিব খোজাসকলে বাইদেউক গানৰ দুফাকিমান আৰু আবৃত্তি কৰিব খোজাসকলে কবিতাৰ দুশাৰীমান শুনাব লাগিছিল নতুবা প্ৰশ্ন বা সাঁথৰ সুধিব খোজাসকলে সেইবোৰ বাইদেউক কৈ শুনাব লাগিছিল। ‘অকণিৰ মেল’ অনুষ্ঠানটো যদিও ৩০ মিনিটৰ আছিল, ষ্টুডিঅ’ত উপস্থিত থকা অকণিহঁতক গীত-মাত, কবিতা ইত্যাদি ৰেডিঅ’ত পোনপটীয়াকৈ পৰিৱেশন কৰিবলৈ মাত্ৰ শেষৰ ৬-৭ মিনিটমানহে সময় দিয়া হৈছিল। 

 

স্বাভাৱিকতে, উপস্থিত থকা অকণিহঁতৰ মাজত মাত্ৰ কেইজনমানেহে ‘অকণিৰ মেল’ত দুশাৰী মান নিজৰ গীত-মাত, কবিতা আবৃত্তি ইত্যাদি প্ৰচাৰ কৰিবলৈ সফল হৈছিল। যিটো দেওবাৰে ‘অকণিৰ মেল’ত ৰেডিঅ’ত কিবা এটা কৰিবলৈ সুযোগ পাইছিলোঁ সেইদিনা বিশ্ববিজয় কৰাৰ দৰে অনুভৱ হৈছিল। নিজ কণ্ঠৰ নিৰ্গত গীত-মাত বা আবৃত্তি ৰেডিঅ’ৰ মাধ্যমেৰে সমগ্ৰ অসমত প্ৰচাৰ হৈছে আৰু লাখ লাখ মানুহে শুনা পাইছে তাকে ভাবিয়েই ৰোমাঞ্ছিত হৈছিলোঁ। সকলোতকৈ গৌৰৱৰ কথা যে পৰিৱেশনৰ অন্তত আমাক নিজৰ নামটোও প্ৰচাৰ কৰিবলৈ দিছিল। গুৱাহাটীৰ বাহিৰৰপৰা অহাসকলে নিজৰ নাম আৰু কোনখন চহৰৰপৰা আহিছে দুয়োটা ক’বলৈ সুযোগ পাইছিল।

 

৯: ০০ বাজিবলৈ পাঁচ মিনিটমান থাকোঁতে আমাক ষ্টুডিঅ’ৰ ভিতৰলৈ সোমাবলৈ দিছিল আৰু আমি লৰা-ঢপৰাকৈ ‘অকণিৰ মেল’ অনুষ্ঠিত হোৱা কোঠাটোত প্ৰৱেশ কৰিছিলোঁ। আমি আটাইবোৰে শব্দৰোধী ডাঙৰ কোঠা এটাৰ মজিয়াত বহিছিলোঁ। বাইদেউ বহা ঠাইখিনিৰ সন্মুখৰ মজিয়াত ‘মাইক’ এটা আছিল আৰু আমি যিসকল অকণিয়ে ৰেডিঅ’ত কিবা এটা কৰি শুনাবলৈ উত্তীৰ্ণ হৈছিলোঁ বাইদেউৰ সন্মুখতে মাইকটোৰ আশে-পাশে বহিছিলোঁ। বাকীসকল কোঠাটোৰ পিছলৈ বহিছিল। ‘অকণিৰ মেল’ত গড়ে প্ৰায় ২০-২৫ গৰাকী অকণিৰ সমাৱেশ ঘটিছিল। অনুষ্ঠানত অকণিহঁতৰ বাবে পূৰ্বতে বাণীবদ্ধ কৰি থোৱা গীত, নানা ধৰণৰ কাহিনী, দূৰৈৰ অকণিহঁতৰ চিঠি-পত্ৰ ইত্যাদি পঢ়ি শুনোৱা হৈছিল, কিন্তু ৰেডিঅ’ত পৰিৱেশন কৰিবলৈ সুযোগ পোৱাসকলে শেষৰ ৬-৭ মিনিটৰ বাবেহে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল। স্কুলৰ গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত মেললৈ অসমৰ বিভিন্ন ঠাইৰ অকণিহঁতৰ যথেষ্ট সমাগম ঘটিছিল; সম্ভৱতঃ গুৱাহাটীত থকা অঙহী-বঙহীসকলৰ ঘৰলৈ ফুৰিবলৈ আহি বহুতে অকণিৰ মেললৈ অহাৰ অভিজ্ঞতাও ল’ব বিচাৰিছিল। দূৰৈৰপৰা অহা এনে অকণিসকলে ৰেডিঅ’ত গীত-মাত প্ৰচাৰ কৰিবলৈ অগ্ৰাধিকাৰ পাইছিল। “মৰমৰ অকণিহঁত, আজি আমাৰ সময়ো হৈ আহিল, গতিকে এইখিনিতে সকলোকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান সামৰিছোঁ”—  এইবুলি ৯: ৩০ত বাইদেৱে মোখনি মৰাৰ লগে লগে আমি “বাইদেউ যাওঁ, বাইদেউ যাওঁ” বুলি চিঞৰ-বাখৰ কৰি কোঠা আৰু ষ্টুডিঅ’ৰ বাহিৰলৈ ওলাই আহিছিলোঁ। আমাৰ সময়ছোৱাত ফুল বৰা আৰু মনোমতী বৰা বাইদেউহঁতক ‘অকণিৰ মেল’ অনুষ্ঠানৰ বাইদেউৰূপে পাইছিলোঁ। দুয়োগৰাকী বৰ সাদৰী আছিল। আমি গুৱাহাটী আহি পোৱাৰ পূৰ্বে চেনেহী বেগম বাইদেৱে অনুষ্ঠানটো পৰিৱেশন কৰিছিল।

 

‘তৃতীয়’ আৰু ‘চতুৰ্থ’মান এই দুবছৰ ‘অকণিৰ মেল’লৈ অহা-যোৱা কৰাৰ পাছত ৰেডিঅ’ চেণ্টাৰলৈ যোৱা বাদ দিছিলোঁ। চতুৰ্থ শ্ৰেণীত থাকোঁতে গুৱাহাটীত ‘অসম শিশুকল্যাণ সমিতি’য়ে আয়োজন কৰা এখন ডাঙৰ ‘শিশুমেলা’ও অনুষ্ঠিত হৈছিল; ‘পোহৰ’ বুলি উলিওৱা আলোচনীখনৰ কথা এতিয়াও মনত আছে। এই শিশুমেলাখনতো বিভিন্ন ধৰণৰ শিশু উপযোগী প্ৰতিযোগিতাত যোগদান দি অতি আনন্দ লাভ কৰাৰ লগতে অভিজ্ঞতাও অৰ্জন কৰিছিলোঁ। আমাৰ শৈশৱৰ আৰু কৈশোৰৰ দিনবোৰত আজিৰ দৰে টেলিভিশ্যন, ভিডিঅ’ গেম, মোবাইল ফোন, আই-পেড, আই-পড আৰু বিভিন্নধৰণৰ মনোৰঞ্জনৰ সঁজুলি নাছিল আৰু সেয়েহে খেলা-ধূলাৰ বাহিৰেও ‘অকণিৰ মেল’, ‘চেমনীয়াৰ চ’ৰা’, ‘যুৱ-বাণী’ ইত্যাদি ৰেডিঅ’ৰ বিভিন্ন অনুষ্ঠানৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছিলোঁ। নিজৰ নিজৰ চুবুৰী, মহকুমা আৰু জিলাত অৱস্থিত ‘মইনা পাৰিজাত চৰা’ আৰু ‘শিশুমেলা’ৰ দৰে অনুষ্ঠান, স্কুল-কলেজত আয়োজন কৰা ‘চাৰুকলা প্ৰতিযোগিতা’ এই সকলোবোৰে আমাৰ মানসিক উৎকৰ্ষ সাধনত প্ৰচুৰ প্ৰভাৱ পেলাইছিল।

 

আজিকালি ‘অল ইণ্ডিয়া ৰেডিঅ’ গুৱাহাটী’ অনাতাঁৰ কেন্দ্ৰৰপৰা ‘অকণিৰ মেল’, ‘চেমনীয়াৰ চৰা’ ইত্যাদি অনুষ্ঠান আগৰ দৰে প্ৰচাৰ হয়নে নহয় নাজানো; যদি এতিয়াও প্ৰচাৰ হৈ আছে তেনেহ’লে ই বৰ আনন্দ আৰু সুখৰ কথা। যদি এনে ধৰণৰ অনুষ্ঠানবোৰ বন্ধ হৈ গৈছে তেনেহ’লে নতুন নতুন ধাৰণা আৰু প্ৰযুক্তিৰ সহায়েৰে নৱ প্ৰজন্মক আকৰ্ষণ কৰিব পৰাকৈ এই অনুষ্ঠানবোৰ উদ্ধাৰ কৰাৰ প্ৰয়াস নিশ্চয়কৈ বাঞ্ছনীয়। মনত ৰাখিব লাগিব যে আমাৰ শৈশৱৰ দিনবোৰৰপৰা সময় বহুত সলনি হ’ল আৰু অনাগত দিনবোৰত আমাৰ ভাষা, সংস্কৃতি আৰু স্বাভিমান অক্ষুণ্ণ ৰাখিবলৈ আমি নতুন উপায় বিচাৰি উলিয়াব লাগিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!