অথঃ নাৰীবাদ
লেখক- অন্বেষী বৰা
একান্ত নিজৰ দৃষ্টিভংগী। তাৰ লগত আপোনাৰ দৃষ্টিভংগী একেই হ’ব লাগিব জাতীয় কোনো বাধ্যবাধকতা নাই।
মই নাৰীবাদক যিদৰে বুজোঁ-
১) নাৰীবাদ কোনো প্ৰাচ্য বা প্ৰাশ্চাত্যৰ সাহিত্যই বান্ধি দিয়া বিশেষ তত্ত্ব, বাদ অথবা কোনো নিৰ্দিষ্ট দৰ্শনৰ পৰিসীমাৰ মাজত আবদ্ধ এক অপৰিবৰ্তিত, স্থিৰ ধাৰণা নহয়। নাৰীবাদ সঠিক পথৰ মূল্যায়নৰ যোগেদি কৰিব খোজা এক প্ৰায়োগিক প্ৰচেষ্টাহে। এক বাস্তৱ ধাৰণা।
২) তত্ত্ব বা বাদ সম্পৰ্কীয় কোনো বাদ-বিবাদে নাৰীবাদক না আগলৈ ঠেলিব পাৰে, না পিছলৈ টানিব পাৰে। বিস্তৃত স্তৰত হোৱা এনে মতানৈক্যই হয়তো ‘নাৰীবাদ’ৰ ধাৰণাক লৈ সাময়িকভাৱে অনেকক দোধোৰ-মোধোৰ বা বিবুদ্ধিত পেলাব পাৰে। কিন্তু দশক জুৰি চলি অহা এটা প্ৰচেষ্টাক স্থবিৰ কৰিব নোৱাৰে।
যিসকলে প্ৰকৃত “নাৰীবাদ”ক বুজি পায় বুলি মই নাভাবোঁ-
১) আত্ম-সন্মানক লৈ সতৰ্ক আৰু আপোচহীন মনোভাৱ কঢ়িওৱা সুচল ক্ষেত্ৰত বাস কৰা নাৰীসকলৰ মাজৰ একাংশ। ধৰি লওক মই নিজকে উদাহৰণ হিচাপে লৈছোঁ। মোৰ ঘৰত বনকৰা মহিলাগৰাকীয়ে ৰাতি-দিন গিৰিয়েকৰ শাৰীৰিক-মানসিক উৎপীড়ণ কিদৰে সহ্য কৰিছে সেই কথা চিন্তা কৰি মই আচৰিত হৈছোঁ। বনকৰা মহিলাগৰাকীক পুতৌ প্ৰদৰ্শন কৰিছোঁ, কিন্তু উৎপীড়ণৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰাৰ এই সীমাবদ্ধতাখিনি ক’ত বৰ্তি আছে সেইকথা মই অনুধাৱন কৰিব পৰা নাই। আত্মসন্মানৰ বাটত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা আঁৰৰ সামাজিক আৰু মনস্তাত্ত্বিক কাৰণবোৰ ফহিয়াই চোৱাৰ সলনি, সেই স্থিতাৱস্থাক সলনি কৰিব পৰা সম্ভৱপৰ ৰাস্তাৰ সন্ধান কৰাৰ সলনি মই বনকৰা মহিলাগৰাকীক দুৰ্বল বুলি উপহাস কৰিছোঁ, কৰ্কথনা কৰিছোঁ, তেন্তে মই নাৰীবাদী নহয়।
২) এক বুজন সংখ্যক নাৰী শিক্ষিত হৈছে, নিজৰ আত্ম-সন্মানক লৈ সচেতন হৈছে, নিজৰ জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিজে ল’ব পৰাকৈ স্বাধীন হৈছে। মুষ্টিমেয় নাৰীৰ এই প্ৰাপ্তিকেই নাৰীবাদৰ যুঁজখনৰ চৰম প্ৰাপ্তি বুলি ভাবিলে নিশ্চয়কৈ ভুল হ’ব। স্বাধীনতা আৰু আত্ম-সন্মান কাৰ প্ৰিয় নহয়? তৎস্বতেও সমাজৰ গৰিষ্ঠসংখ্যক নাৰীয়ে কিয় স্ব-সিদ্ধান্তহীন, আত্ম-সন্মানহীন জীৱন কটাবলৈ বাধ্য হৈছে বা বাধ্য কৰোৱা হৈছে, সেই কথা হৃদয়ংগম কৰিব নোৱাৰাসকলে নাৰীবাদ বুজি নাপায়। আনহে নালাগে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী বহুত নাৰীও নিজৰ ঘৰখনতে স্বাধীন নহয়। নিজৰ জীৱনৰ লগত জড়িত গুৰুত্বপূৰ্ণ কথাক বাদেই দিলোঁ, কি পিন্ধিব, কি খাব, কাৰ লগত বন্ধুত্ব ৰাখিব, এনে সকলোবোৰ সৰু-সৰু কথাৰ সিদ্ধান্ত নিজে লোৱাৰ অধিকাৰ তেওঁলোকৰ নাই। তেওঁলোকৰ এজন গৰাকী থাকে, যি তেওঁলোকৰ হৈ এই সিদ্ধান্তসমূহ গ্ৰহণ কৰে। এইবোৰ নিজৰ চকুৰে দেখি থকা ঘটনা। সেয়েহে মই মানসিক স্বতন্ত্ৰতাক আটাইতকৈ বেছি অগ্ৰাধিকাৰ দিওঁ। সমাজৰ গৰিষ্ঠসংখ্যক নাৰীয়ে মানসিক স্বতন্ত্ৰতা আৰ্জন কৰিব পৰাৰ এটা সামাজিক পৰিবেশ কিয় সৃষ্টি হোৱা নাই, সেইকথা বুজি নোপোৱাসকলে নাৰীবাদ বুজি নাপায়।
৩) পুৰুষ আৰু নাৰীৰ মাজৰ এটা প্ৰভেদহে গ্ৰহণযোগ্য। সেয়া হৈছে প্ৰকৃতিগত প্ৰভেদ। প্ৰাকৃতিকভাৱে পুৰুষ আৰু নাৰীৰ শাৰীৰিক আৰু মনস্তাত্ত্বিক ভিন্নতা আছে। সেই ভিন্নতা আৰু স্বভাৱগত বৈশিষ্ট্য অনুসৰি নিজৰ সুচলতা অনুসৰি এখন ঘৰত শ্ৰমৰ বিভাজন হ’ব পাৰে। কিন্ত্ত প্ৰকৃতিগত প্ৰভেদৰ অচিলা লৈ যেতিয়া শ্ৰমৰ বৈষম্যমূলক, লিংগভিত্তিক আৰোপণ কৰা হয়, সেই আৰোপণ নাৰীবাদৰ পৰিপন্থী। স্ব-ইচ্ছা আৰু বুজাপৰাৰ মাজেৰে এখন ঘৰত শ্ৰমৰ বিভাজন হোৱা আৰু “এয়া মাইকী মানুহৰ কাম, মাইকী মানুহেই কৰিব লাগিব” বুলি শ্ৰমৰ বিভাজন কৰা, দুটা সুকীয়া কথা। যি শ্ৰমৰ এই বিভাজনৰ অন্তৰালৰ পাৰ্থক্য বুজি নাপায়, তেওঁ নাৰীবাদো বুজি নাপায়।
৪) নাৰীবাদক বুজিবলৈ হ’লে প্ৰথমতে পুৰুষতন্ত্ৰক খুটিনাটি মাৰি বুজিব লাগিব। নিজৰ কাপোৰকেইটাৰ লগতে পত্নীৰ কাপোৰকেইটাও বাহিৰত শুকাবলৈ মেলি দিয়া পুতেকক দেখি ভিতৰি গুজৰি-গুমৰি ৰোৱা মাকগৰাকী, একেলগে অফিচৰ পৰা আহি ঘৰ সোমোৱাৰ পিচতো পানীৰ গিলাচটো, চাহৰ কাপটো পত্নীয়েই আহি হাতত গুজি দিব লাগিব বুলি খাপ পিটি ৰৈ থকা পুৰুষজন, ঘৰৰ সমস্ত কাম কৰি লবেজান হোৱাৰ পিছতো পাচলিখিনি মানুহজনকে কাটি দিবলৈ কওঁ বুলি ভাবিও “দেহি অই, মতা মানুহজনক মাইকী মানুহৰ এইবোৰ কাম কৰিবলৈ দিমনে বাৰু” বুলি মনতে গুণা-গঁথা কৰি থকা পত্নীগৰাকী, এই সকলোবোৰ পুৰুষতন্ত্ৰৰ ৰক্ষণাবেক্ষণত মগ্ন পুৰুষতন্ত্ৰৰ একো-একোজন পহৰাদাৰ। গতিকে যিসকলে পুৰুষতন্ত্ৰৰ শিপাদাল কিমান দ’লৈকে শিপাই আছে, সেইকথা অনুমান কৰিব নোৱাৰে, সেইসকলে নাৰীবাদ বুজি নাপায়।
নাৰীবাদ তত্ত্ব নহয়। মেল-মিটিংৰ বিষয়বস্তু নহয়। আপোনাৰ আজোককা-আজোআইতা বা তাৰো বহুত আগৰ পৰা এচাম পুৰুষ-নাৰীয়ে অক্লান্তভাৱে ঐকান্তিক প্ৰচেষ্টাৰে চলাই অহা এখন যুঁজৰ নাম “নাৰীবাদ।” সেই যুঁজত এঘড়ী নুযুঁজালৈকে আপুনি বুজি নাপায় নাৰীবাদ। ময়ো বুজি নাপাওঁ নাৰীবাদ।
সংযোজন- কেৱল নাৰীবাদ বুলিয়েই নহয়, কোনো উত্তৰণকামী প্ৰচেষ্টাই বিশেষ বাদ বা তত্ত্বৰ অপৰিবৰ্তিত আবেষ্টনীৰ মাজত আবদ্ধ হৈ ৰোৱাতো মই শুভ বুলি নাভাবোঁ।