অধিকাৰ, মনঃস্তত্ত্ব আৰু প্ৰত্যাহ্বানঃ একবিংশ শতিকাৰ অসমীয়া চিনেমাত শিশুৰ অৱস্থিতি

লেখক- ডঃ মেঘনা চৌধুৰী

পাতনি

শৈশৱক মানৱ জীৱনৰ আটাইতকৈ মধুৰ আৰু স্মৰণীয় অধ্যায় বুলি কোৱা হয়। কিন্তু প্ৰতিগৰাকী ব্যক্তিৰ ক্ষেত্ৰতে এই বক্তব্য শুদ্ধ নহ’বও পাৰে। শৈশৱৰো থাকিব পাৰে নিজস্ব প্ৰত্যাহ্বান যিবোৰৰ সৈতে¸ শিশুৱে বয়োজ্যেষ্ঠৰ সহায়ত বা কেতিয়াবা তেওঁলোকৰ অবিহনেও মোকাবিলা কৰিবলগীয়া হয়। শৈশৱৰ প্ৰত্যাহ্বানসমূহৰ লগত বহু স্তৰৰ যাতনা জড়িত হৈ থাকে, আৰু কেতিয়াবা সেইবোৰ আজীৱন দুখৰ কাৰকো হৈ পৰে। যুগ যুগ ধৰি সমগ্ৰ বিশ্বৰ শিশুসকল বিভিন্ন নেতিবাচক সমাজ-সাংস্কৃতিক, আৰ্থিক, ৰাজনৈতিক, মনঃস্তাত্ত্বিক কাৰকসমূহৰ সংস্পৰ্শলৈ অহাৰ ফলত তেওঁলোকৰ বাবে বিকাশৰ বাধাৰ সৃষ্টি হৈ আহিছে। যি সময়ত সমগ্ৰ মানৱতাই সম সুযোগৰ কথা কৈছে, সেই সময়ত শিশুসকল এতিয়াও বহু অধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। বিশেষকৈ ভাৰতত সু-পৰিকল্পিত সজাগতা অভিযান চলোৱাৰ পিছতো বাল্যবিবাহৰ পৰিঘটনা এতিয়াও পোহৰলৈ আহে। সঁচাকৈয়ে ই এক গুৰুতৰ চিন্তাৰ বিষয়, যে যিখন দেশে স্বাধীনতাৰ ৭৬ বছৰ উদযাপন কৰিছে, সেইখন দেশত স্কুল এৰা, শিশু শ্ৰমিক, শিশু সৰবৰাহৰ উপৰি শিশু পৰ্ণগ্ৰাফীৰ ঘটনাও দেখা গৈছে। পৰিসংখ্যাৰ কথা ক’বলৈ গ’লে ইউনিচেফৰ শেহতীয়া প্ৰতিবেদন অনুসৰি সমগ্ৰ বিশ্বতে “২০২০ চনৰ আৰম্ভণিতে প্ৰায় ১৬ কোটি শিশু শ্ৰমিক আছিল। ক’ভিড-১৯১ প্ৰভাৱৰ বাবে অতিৰিক্ত ৯০ লাখ শিশু বিপদত পৰিছিল যিটো পৰিসংখ্যাৰে চালে বিশ্বজুৰি প্ৰতি ১০টাৰ মাজৰ এটা শিশুৱে শ্ৰম কৰিবলগীয়া হৈছে। ইয়াৰে প্ৰায় আধা সংখ্যকেই বিপজ্জনক কামৰ সৈতে জড়িত, যিয়ে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছে। “

যুদ্ধ, খৰাং আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ফলত সমগ্ৰ বিশ্বতে বৃহৎ পৰিসৰৰ প্ৰব্ৰজন ঘটে। এই সকলোবোৰ ঘটনাত শিশুৱেই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। তেওঁলোক কেৱল মানসিক নিৰাপত্তাহীনতা, ভোক আৰু মৌলিক প্ৰয়োজনীয়তাৰ অভাৱত ভুগি থকাই নহয় ভৱিষ্যতৰ উৎপাদনশীলতাৰ ক্ষেত্ৰতো অদক্ষ হৈ পৰে। এইবোৰ বাৰু বৃহৎ পৰিসৰৰ পৰিঘটনা। কিন্তু ঘৰখনৰ ভিতৰত জানো প্ৰতিটো শিশু নিৰাপদ? নিজৰ ঘৰতেই নিৰন্তৰভাৱে তীব্ৰ অপমানৰ সন্মুখীন হোৱাও দেখা যায়। স্কুলত ভাল নম্বৰ লাভ কৰাৰ মানসিক চাপ, সকলো সাম্ভাৱ্য বিষয়তে পুৰস্কাৰ বিজয়ী হোৱাৰ হেঁচাৰ দৰে কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাদেও লৈংগিক পৰিচয়ৰ সংগ্ৰামৰ যাতনা কিমান পীড়াদায়ক সেয়া ভুক্তভোগীয়েহে বুজে।

শেহতীয়া ক’ভিড-১৯ অতিমাৰীৰ সময়ত শিশুসকলে অনলাইন পদ্ধতিৰে পঢ়া-শুনা কৰিবলগীয়া হোৱাৰ বাবেও নিৰন্তৰ কেৱল বৈদ্যুতিক সৰঞ্জামৰ সংস্পৰ্শত থাকিবলগীয়া হৈছিল। এই অৱস্থাটোৰ বাবে এতিয়াও বহু শিশু, বিশেষকৈ ডাঙৰ চহৰৰ ল’ৰা-ছোৱালীবোৰে ম’বাইল আসক্ত হৈ পৰা পৰিলক্ষিত হৈছে। মনৰ স্থবিৰ অৱস্থাই যে মানুহৰ মগজুৰ বাবে সদায় বাধাৰ সৃষ্টি কৰে, সেয়া এই অতিমাৰীয়ে পুনৰবাৰ প্ৰমাণ কৰিছে। মানৱ ইতিহাসৰ এই নিষ্ঠুৰ পৰ্যায়ত অনাথ হৈ পৰা অসংখ্য শিশুৱে গুৰুতৰ ভাবুকিৰ সন্মুখীন হৈছে।

এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিশুৱে মুখামুখি হোৱা প্ৰত্যাহ্বানসমূহক লৈ বিভিন্ন মাধ্যমত কিমান চিন্তা-চৰ্চা হৈছে সেয়াও গুৰুত্বপূৰ্ণ। এই মাধ্যমবোৰৰ ভিতৰত চিনেমা অন্যতম।

আমাৰ এই আলোচনাৰ মাধ্যমেৰে অসমীয়া চিনেমা আৰু ইয়াত প্ৰতিফলিত হোৱা শিশুৰ প্ৰত্যাহ্বানসমূহক সামৰি লোৱা হ’ব।

জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত আৰম্ভ কৰা অসমীয়া চিনেমাত যোৱা ইমান বছৰে পোনপটীয়াকৈ শিশুৰ বাবে নিৰ্মিত অথবা শিশুৰ কাহিনী আধাৰত চিনেমাৰ সংখ্যা বৰ বেছি নহয়।কিছু জনপ্ৰিয় অসমীয়া লোককথাক চিত্ৰৰূপ দিয়া হৈছে যদিও শৈশৱৰ প্ৰত্যাহ্বানসমূহ চেলুলয়ডত তুলি ধৰাৰ প্ৰয়াস সীমিত। কাহিনীৰ ক্ষেত্ৰত প্ৰায়বোৰ চিনেমাতে শিশুৱে হয় সহযোগী অভিনয় শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে নাইবা নায়ক-নায়িকাৰ শৈশৱক চিত্ৰিত কৰিবলৈ পৰ্দাত সামান্য ভুমূকি মাৰিছে। অৱশ্যে ৰাষ্ট্ৰীয় বঁটা বিজয়ী ডঃ ভবেন্দ্ৰ   নাথ শইকীয়া, জাহ্নু বৰুৱা আৰু উৎপল বৰপূজাৰীৰ দৰে একাংশ চলচ্চিত্ৰ নিৰ্মাতাই শৈশৱক সুন্দৰভাৱে চেলুলয়ডলৈ অনাত সফল হৈছে। ডঃ ভবেন্দ্ৰ নাথ শইকীয়াই তেওঁৰ প্ৰথম ছবি সন্ধ্যাৰাগ [১৯৭৭]ত গাঁৱৰ পৰা চহৰৰ মানুহ এঘৰলৈ বন কৰিবলৈ যোৱা এগৰাকী কণমানি ছোৱালীৰ আৱেগিক স্তৰসমূহৰ অন্বেষণ কৰিছে। তেওঁৰ আন কেইবাখন ছবিতো ডঃ শইকীয়াই শিশুক কাহিনীৰ কেন্দ্ৰত ৰাখিছে।

এই লেখাটোৰ নমুনা হিচাপে একবিংশ শতিকাত নিৰ্মিত ছখন অসমীয়া ছবি লোৱা হৈছে। ইয়াৰ ভিতৰত আছে জাহ্নু বৰুৱাৰ কণিকাৰ ৰামধেনু [২০০৩], বিদ্যুৎ কটকীৰ শৈশৱতে ধেমালিতে [২০১৬], সান্ত্বনা বৰদলৈৰ মাজৰাতি কেতেকী [২০১৭], উৎপল বৰপূজাৰীৰ ইশু [২০১৭], ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ [২০১৭] আৰু মঞ্জুল বৰুৱাৰ কানীন [২০১৯]।

অধ্যয়নৰ বাবে সামৰি লোৱা ছবিসমূহৰ আভাস

১] কণিকাৰ ৰামধেনু: জাহ্নু বৰুৱাৰ পৰিচালনাত ২০০৩ চনত মুক্তি পোৱা এই ছবিখন তেওঁৰ ত্ৰিলজীৰ শেষৰখন ছবি যিয়ে শৈশৱৰ বিভিন্ন দিশক চিত্ৰিত কৰিছে। আন দুখন ছবি হ’ল ‘সাগৰলৈ বহু দূৰ’ [১৯৯৫] আৰু পখী [১৯৯৮]। কণিকাৰ ৰামধেনুৰ কাহিনী আৰম্ভ হৈছে আদালতৰ দৃশ্যৰ পৰা য’ত এজন ১১ বছৰীয়া ল’ৰা কুকোই দুহাত বন্ধা অৱস্থাত নিজৰ গোচৰৰ শুনানিৰ বাবে অপেক্ষা কৰি আছে। ঘৰৰ পৰা পলাই যোৱা কুকোই গুৱাহাটী মহানগৰীৰ এটি মটৰ গেৰেজত কাম কৰি আছিল। কুকোইৰ ওপৰত লাগিছিল গেৰেজৰ মালিকক হত্যা কৰাৰ অভিযোগ। অৱশ্যে মালিকে তাক নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিল আৰু কুকোয়ে আত্মৰক্ষাৰ বাবেহে মানুহজনক লোহাৰ মাৰিৰে আঘাত কৰিছিল। মানুহজনৰ মৃত্যু হোৱাৰ বাবে নাবালক কুকোয়ে জেলৰ পৰিৱৰ্তে যাবলগীয়া হৈছিল শিশুগৃহলৈ। তাত সম্পূৰ্ণ নতুন পৃথিৱীৰ সন্মুখীন হ’বলগীয়া হোৱা কুকোইৰ অবিৰত মৌনতাই আইনী পদ্ধতিৰ বাটত বাধাৰ সৃষ্টি কৰিছিল। ইয়াৰ ফলত প্ৰকৃততে কি হৈছিল কোনেও জানিব পৰা নাছিল। গৃহটোৰ ৱাৰ্ডেন বিশ্ব বড়োই বৰ নিষ্ঠা আৰু আন্তৰিকতাৰে ঘণ্টাৰ পিছত ঘণ্টা কুকোইৰ কাষত থিয় হৈছিল। লাহে লাহে কুকোইৰ মানসিক জগতখনত সোমাই বিশ্ব বড়োৱে বিচাৰি পাইছিল এজন বুদ্ধিমান আৰু কল্পনাৰ পৃথিৱীত বিচৰণ কৰি ভাল পোৱা ল’ৰাক। তেওঁলোকৰ সম্পৰ্ক সহজ হৈ অহাৰ লগে লগে কুকোয়ে হত্যাকাণ্ডটোৰ কাৰণ আৰু পৰিস্থিতি সম্পৰ্কে সকলো কথা খুলি কৈছিল। নিৰীহ কুকোইক দণ্ডাধীশৰ আগত অনা হৈছিল যিয়ে তেওঁক মুক্তি দিয়াৰ লগতে পিতৃ-মাতৃ বা যিকোনো অনুমোদিত অভিভাৱকক ল’ৰাটো নিজৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিছিল। বিশ্ব বড়োই কুকোইৰ লগত তাৰ গাঁৱলৈ গৈ আৱিষ্কাৰ কৰিছিল যে ল’ৰাটোৰ মাকৰ মৃত্যু বহু বছৰ আগতে হৈছে আৰু তাৰ সতীয়া পিতৃয়ে তাক লগত নাৰাখে। শেষত অৱসৰপ্ৰাপ্ত আৰু সন্তানহীন বিশ্বই কুকোইক দত্তক লোৱাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে ছবিখন নিৰ্মাণৰ পূৰ্বে পৰিচালক জাহ্নু বৰুৱাই ১২টা কিশোৰ গৃহ পৰিদৰ্শন কৰিছিল। তেওঁ লক্ষ্য কৰিছিল যে ১০০টা গোচৰৰ ভিতৰত ৮০ টাতকৈ অধিক গোচৰৰ শেষ পৰিণতি আছিল তেনেই দুখলগা। ২০০২ চনত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা এই ছবিখন ২০০২ চনৰ অক্টোবৰ মাহত দিল্লীত আই এফ এফ আইৰ ইণ্ডিয়ান পেনোৰামা শিতানত আৰু ২০০৩ চনত মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।

২] শৈশৱতে ধেমালিতেঃ বিদ্যুত কটকীৰ পৰিচালনাৰ এই ছবিখন আশীৰ দশকৰ অসমৰ জ্বলন্ত সময়ছোৱাৰ পটভূমিত নিৰ্মিত। ছবিখন মূলতঃ ফ্লেছবেক ব্যৱহাৰ কৰি মুম্বাইত বসতি স্থাপন কৰা চলচ্চিত্ৰ পৰিচালক নিয়ৰ শৰ্মাৰ শৈশৱৰ অভিজ্ঞতাৰ এক খণ্ডচিত্ৰ। বিদ্ৰোহী অভিযানেৰে অসম ভূমি জ্বলি থকা এক জটিল পৰ্যায়ত নিয়ৰে নিজৰ শৈশৱৰ এক গুৰুত্বপূৰ্ণ অংশ অসমত কটাইছিল। নিয়ৰৰ ককাক আছিল এজন মঞ্চ অভিনেতা যিয়ে নিয়ৰক অভিনয়ৰ ক্ষেত্ৰখনক ভাল পাবলৈ প্ৰেৰণা দিছিল। এবাৰ এদল ল’ৰা-ছোৱালীয়ে এটা বেলেগ ধৰণৰ খেল খেলিবলৈ মন মেলিলে। সিহঁতে নিজে চাই ভাল পোৱা চিনেমাৰ অংশ অভিনয় কৰিবলৈ লগৰীয়াৰ মাজতে চৰিত্ৰবোৰ ভগাই লৈছিল। এনে কৰিবলৈ যাওঁতে সিহঁতৰ প্ৰয়োজন হৈছিল এটা ৰিভলভাৰৰ। দলটোৰ সদস্য পুলকে বন্ধু-বান্ধৱীবোৰক ক’লে যে সি তাৰ খুড়াকক এটা সঁচা ৰিভলভাৰ লুকুৱাই ৰখা দেখিছিল। দলটোৱে নাজানিছিল যে পুলকৰ খুড়াক এটা উগ্ৰপন্থী সংগঠনৰ সদস্য। বন্ধুবোৰৰ অনুৰোধত এদিন পুলকে ৰিভলভাৰটো চুৰ কৰি সিহঁতে খেলা ঠাইলৈ লৈ আহিছিল। কাহিনীৰ ক্লাইমেক্সত সঁচাকৈয়ে ফুটিছিল এটা গুলী। বহু বছৰৰ পাছত নিয়ৰ শৰ্মাই পুলকৰ পুত্ৰৰ পৰা এখন চিঠি পায় যিখনে পুলকৰ মৃত্যুৰ খবৰ কঢ়িয়াই আনিছিল। নিয়ৰে বন্ধুৰ পৰিয়ালটোক বিচাৰি গৈছিল অসমলৈ বুলি। কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্থান দখল কৰাৰ উপৰি সমালোচকৰ দ্বাৰা প্ৰশংসিত এই ছবিখনে পেনচিলভেনিয়াৰ ইৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ আখ্যানমূলক ছবিৰ বঁটা লাভ কৰিছিল।

 

৩] মাজৰাতি কেতেকীঃ প্ৰায় ২০ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত ২০১৭ চনত ছবি নিৰ্মাতা সান্ত্বনা বৰদলৈয়ে দ্বিতীয়খন ছবি মাজ ৰাতি কেতেকী নিৰ্মাণ কৰিছিল। তেওঁৰ প্ৰথমখন ছবি আছিল ১৯৯৬ চনত নিৰ্মিত অদাহ্য। মাজৰাতি কেতেকী এডজাণ্ট ফ্লেছবেক ষ্টাইলত নিৰ্মাণ কৰা হৈছে। দহ বছৰতকৈও অধিক সময়ৰ ব্যৱধানৰ অন্তত প্ৰখ্যাত সাহিত্যিক প্ৰিয়েন্দু হাজৰিকা পুনৰ সেই চহৰখনলৈ উভতি আহে য’ত এসময়ত তেওঁ লেখক হিচাপে যাত্ৰা আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত হৈছিল। ওভতনিৰ এই যাত্ৰাটো আছিল স্মৃতি-আলোড়িত আৰু হেৰাই যোৱা মানুহবোৰক মনত পেলোৱাৰ প্ৰয়াস। উত্তৰ গুৱাহাটীৰ এক গ্ৰাম্য পৰিৱেশত পাৰ কৰা শৈশৱে মেৰিয়াই ধৰিছিল প্ৰিয়েন্দুক। পাঠকৰ আগত তেওঁ স্বীকাৰ কৰিছিল যে তেওঁৰ কাহিনীবোৰত এটা যন্ত্ৰণাদায়ক, কঠোৰ সত্যক উপস্থাপন কৰিবলৈ তেওঁৰ সাহসৰ অভাৱ। দিনান্তত অৱশ্যে তেওঁ নিজৰ সত্যৰ সন্মুখীন হ’বলৈ বাট বুলিছিল অকলশৰে।

 

৪] ইশুঃ এইখন চলচ্চিত্ৰ সমালোচক আৰু পৰিচালক উৎপল বৰপূজাৰীৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি। এই ছবিখনত শিশুৰ দৃষ্টিকোণৰ পৰা ডাইনী হত্যাৰ বিষয়টো অন্বেষণ কৰা হৈছে। “ডাইনীবোৰে সৰু ল’ৰা-ছোৱালীক কাঢ়ি লৈ যায় নেকি? “অন্ততঃ অসমৰ গাঁওবোৰত তেওঁলোকক তেনেকৈয়ে বিশ্বাস জন্মোৱা হয়। ছবিখনৰ ১০ বছৰীয়া নায়ক ঈশ্বৰ প্ৰসাদ ৰাভা ওৰফে ইশুৰ বাবে তাৰ অম্বিকা জেঠায়েক আছিল এগৰাকী কাহিনীকাৰ যাৰ মুখৰ কাহিনীৰে ল’ৰাটোৰ শৈশৱ ভৰি আছিল। অম্বিকাই বনদৰৱেৰে চিকিৎসা কৰিবলৈ জানিছিল। গাঁওখনত তাইৰ সুনামো আছিল। অথচ সেই জেঠায়েকক ডাইনী বুলি অভিহিত কৰি গাঁৱৰ পৰা বিতাৰিত কৰা সময়বোৰ ইশুৰ বাবে আছিল যন্ত্ৰণাদায়ক। সৰু ল’ৰাটোৱে অম্বিকাক ঘূৰাই আনিবলৈও চেষ্টা কৰিছিল। অসম আৰু মেঘালয়ৰ বহু অঞ্চলত ঘটি থকা বাস্তৱ ঘটনাবোৰৰ আধাৰতে ইশুৰ কাহিনী যুগুত কৰা হৈছিল। লেখিকা মণিকুন্তলা ভট্টাচাৰ্যৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত হৈছিল ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবিখন।

৫] ভিলেজ ৰকষ্টাৰ্ছঃ ৰীমা দাসৰ ৰচনা, সম্পাদনা, সহ-প্ৰযোজনা আৰু পৰিচালনাৰে নিৰ্মিত এই চিনেমাখনত এগৰাকী ১০ বছৰীয়া ছোৱালী ধুনুৰ কাহিনী চিত্ৰিত কৰা হৈছে। ধুনুৱে এদল ল’ৰাৰ লগত বন্ধুত্ব কৰি ৰকষ্টাৰ হোৱাৰ সপোন দেখিছিল। দৰিদ্ৰতা আৰু প্ৰাকৃতিক দুৰ্যোগে আগুৰি ধৰা জীৱনটোত তাই সপোন দেখিছিল এখন গীটাৰ বজোৱাৰ। কামৰ প্ৰতি মানুহে যে কোনো পৰিস্থিতিতে পিঠি দিব নালাগে, সেই শিক্ষা তাই পাইছিল মাকৰ পৰা। আন্তঃৰাষ্ট্ৰীয় স্তৰত বহুলভাৱে সমাদৃত এই ছবিখনে অসমীয়া চিনেমাত নতুন বাগধাৰাৰ সূচনা কৰিছে। ৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ছবিৰ ‘স্বৰ্ণ কমল’ বঁটা লাভ কৰাৰ উপৰি আন তিনিটা শাখাত বঁটা লাভ কৰা ছবিখন ৯১ সংখ্যক একাডেমী বঁটাত ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশ হিচাপে নিৰ্বাচিত হৈছিল।

 

৬] কানীনঃ মঞ্জুল বৰুৱা পৰিচালিত এই ছবিখন ৰীতা চৌধুৰীৰ ‘ৰাজীব ঈশ্বৰ’ শীৰ্ষক উপন্যাসৰ আধাৰত নিৰ্মিত। আকস্মিকভাৱে পথৰ কাষত পৰিত্যক্ত কেঁচুৱা এটাক ঘেৰি থকা ভিৰ প্ৰত্যক্ষ কৰি এজন উচ্ছ পদস্থ আৰক্ষী বিষয়াৰ পত্নী মন্দিৰাই নিজৰ কৈশোৰত বিবাহৰ পূৰ্বেৰ প্ৰসৱ কৰি একেদৰেই পৰিত্যক্ত কৰা সন্তানক বিচাৰি উলিওৱাৰ তীব্ৰ তাড়না অনুভৱ কৰে। কেইবাটাও উজুটি খোৱাৰ পিছত মন্দিৰাই নিজৰ সন্তানৰ সৈতে মুখামুখি হৈছিল। তাইৰ সন্তান এতিয়া যুৱক। অপৰাধবোধ আৰু সন্তানৰ প্ৰতি থকা মৰমৰ বাবেই আনকি তাই যুৱকজনে কৰা ৰুক্ষ আচৰণকো উপেক্ষা কৰিব পাৰিছিল। তাইৰ ভাৱ হৈছিল যেন যুৱকজনৰ মনত থকা ক্ষোভৰ বাবে তায়েই দায়ী। অৱশেষত এদিন আনকি সেই সন্তানক নিজৰ বুকুত সামৰি লোৱাৰ দুৱাৰমুখত উপনীত হৈছিল মন্দিৰা। কিন্তু অতীত আৰু বৰ্তমানৰ মাজত ওলমি থকা দলঙখন পাৰ কৰিবলৈ মন্দিৰা সক্ষম হোৱা নাছিল। ছবিখনে দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছিলভাৰ কেমেৰা বঁটা লাভ কৰাৰ লগতে সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈছিল।

 

পৰ্যবেক্ষণ আৰু বিশ্লেষণ

১] কণিকাৰ ৰামধেনু ছবিখনত পৰিচালকে এজন শিশুৰ মনৰ তৰপবোৰ চিত্ৰিত কৰিছে, যিজন অতি কল্পনাপ্ৰৱণ আছিল। ১১ বছৰীয়া কুকোইৰ পৃথিৱীখন কল্পনা আৰু ৰঙেৰে ভৰি আছে। তাৰ ঘৰৰ পৰিস্থিতি ইমানেই বেয়া আছিল যে সি পঢ়া-শুনা এৰি নতুন জীৱনৰ সন্ধানত পলাই যাবলগীয়া হৈছিল। কুকোয়ে যেতিয়া বিশ্ব বড়োক নিজৰ অতীতৰ কাহিনীবোৰ বৰ্ণনা কৰে, তেতিয়া সি নিজৰ জন্ম গাঁওখনক ছবিৰ পোষ্টকাৰ্ডত দেখাৰ দৰেই বৰ্ণনা কৰে। সেই বৰ্ণনাত আছিল জান-জুৰি, বৈ যোৱা নদী, বনৰীয়া ফুলেৰে ভৰা পাহাৰ, মাক-দেউতাকৰ সৈতে থকা ধুনীয়া ঘৰ, আড়ম্বৰপূৰ্ণ জীৱন, চাৰিওফালে ঘৰৰ সহায়কাৰী, আৰু সৰ্বোপৰি ঘৰৰ সন্মুখৰ চোতালত থিয় হৈ থকা দুখন গাড়ী আৰু তিনিটা হাতী। তদুপৰি সি নিজৰ স্কুলখনক তিনিমহলীয়া এটা ধুনীয়া অট্টালিকা বুলি বৰ্ণনা কৰে। বিশ্ব বড়ো যেতিয়া কুকোইৰ গাঁৱলৈ যায়, তেতিয়া তেওঁ সকলো বিপৰীত ধৰণেৰে বিচাৰি পায়। কুকোইৰজৰাজীৰ্ণ জীৱনটোত তাৰ লগৰীয়া আছিল কেৱল বন্ধু জীৱন আৰু তাৰ বায়েক মেঘালী, যাক কুকোয়ে অতীত বৰ্ণনা কৰি থাকোঁতে নিজৰ প্ৰেমিকা বুলি উল্লেখ কৰিছিল। শিশুৰ সপোন আৰু কল্পনাই কোনো সীমা নামানে। শৈশৱ যেন পানীৰ টোপাল এটাৰ ভিতৰত ৰামধেনু বিচাৰি পাব পৰাকৈ নিৰ্ভেজাল। সেয়ে শিশুসকলক চম্ভালিব লাগে অতি যত্নেৰে। সিহঁতৰ বাবে শ্ৰোতা হ’ব লাগে। শিশু গৃহৰ ৱাৰ্ডেনেও কুকোইৰ হৃদয়ৰ গভীৰতাত লুকাই থকা বিষখিনি চুই চাবলৈ যত্নৰ ত্ৰুটি ৰখা নাছিল। লাহে লাহে কুকোই ইমানেই খোল খাইছিল যে বিশ্ব বড়োৰ লগত নাচিব, খেলিব আৰু ঘূৰি ফুৰিবও পাৰিছিল। শিশুগৃহৰ জীৱনআধাৰিত এই ছবিখনত ছবিখনে শিশু নিৰ্যাতন আৰু শিশু মনঃস্তত্ত্বৰ দিশসমূহ শক্তিশালীভাৱে প্ৰক্ষেপ কৰিছে।

২] আনহাতে শৈশৱতে ধেমালিতে নিৰ্মাণ কৰা হৈছে সন্ত্ৰাসজৰ্জৰ সময়ত ডাঙৰ হোৱা শিশুৰ মনক লৈ। যদিও এই কাহিনীটোৰ চিত্ৰগ্ৰহণ অসমত কৰা হৈছে, ইয়াৰ সৰ্বজনীন আবেদনক অস্বীকাৰ কৰিব নোৱাৰি। সমগ্ৰ বিশ্বতে মানৱতাই যুদ্ধ, সন্ত্ৰাসবাদ, মহামাৰী, খৰাং, প্ৰাকৃতিক দুৰ্যোগ আৰু বৃহৎ পৰিসৰৰ প্ৰব্ৰজনৰ যন্ত্ৰণাত ভুগি আছে। কৰ্মসংস্থাপন আৰু ভেঁটি হেৰুৱাই মানুহবোৰ সোমাই পৰে মানৱ সৰবৰাহ, বেশ্যাবৃত্তি আৰু দাসত্ত্বৰ ভয়লগা ক্ষেত্ৰখনত। এই সকলোবোৰ পৰিস্থিতিত মহিলা আৰু শিশুসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ বাবে চৰম নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হয়। শৈশৱতে ধেমালিতে ছবিখনত খুড়াকে ৰখা ৰিভলভাৰটো স্পৰ্শ কৰা এজন সৰু ল’ৰাই ডাঙৰ হৈ নিজেই এটা উগ্ৰপন্থী সংগঠনত যোগদান কৰে আৰু আৰক্ষীৰ হাতত জীৱন হেৰুৱায়। আনহাতে জ্বলি থকা ঘৰবোৰ দেখি এজনী কণমানি ছোৱালীয়ে কেনেকৈ মাত হেৰুৱাইছিল সেই কথাও কাহিনীটোত দেখুওৱা হৈছে। সেই সময়ৰ ধ্বংসৰ পৰিসৰ ইমানেই ব্যাপক আছিল যে খেলাৰ সময়ত শিশুৱে নেলী হত্যাকাণ্ডৰ পিছত নদীৰ মাজেৰে ওপঙি থকা মৃতদেহ গণনা কৰাৰ কথা পাতিছিল। ভুক্তভোগী শিশুসকলে এসময়ত নিজেই কেনেকৈ উগ্ৰপন্থী সংগঠনত যোগদান কৰিবলৈ বাধ্য হৈছিল সেই বিষয়ে ছবিখনে শক্তিশালীভাৱে দেখুৱাইছে।

৩] মাজৰাতি কেতেকীয়ে শৈশৱৰ প্ৰত্যাহ৩ানসমূহক বৈচিত্ৰ্যময় আৰ্হিত চিত্ৰিত কৰিছে। ছবিখনত এফালে এনে এটা পৰিয়ালৰ জীৱনৰ চিত্ৰণ কৰা হৈছে য’ত পিতৃগৰাকী একমাত্ৰ উপাৰ্জনকাৰী আৰু তেওঁ এজন সৎ অথচ নিলম্বিত শিক্ষক। কেইটামান ব্যক্তিগত টিউচনৰ জৰিয়তে তেওঁ ঘৰখনৰ জোৰা মাৰি আহিছে। বিভিন্ন বয়সৰ তেওঁৰ তিনিওটা সন্তানে সন্মুখীন হোৱা মধ্যবিত্তীয় প্ৰত্যাহ্বানবোৰ ছবিখনে তুলি ধৰিছে। কাহিনীটোত ডাঙৰজন সন্তান টুমনৰ যথেষ্ট কে বিভিন্ন ধৰণে দুখ-কষ্ট দেখুৱাইছে। ডাঙৰজন টুমন মেধাৱী ল’ৰা। সি পঢ়া স্কুলখনৰ তাৰ পৰা বহু আশা। সি চেষ্টাও কৰিছে। তথাপি যেন বয়ঃসন্ধিত ৰোৱা টুমন একোবাৰ থিয় হৈছে দেউতাকৰ একেবাৰে বিপৰীত মেৰুত। তাৰ জীৱনলৈ অহা প্ৰেম আৰু হতাশাই পৰিস্ফূট কৰিছে কৈশোৰৰ যাতনাৰ ভিন্ন স্তৰ। আনহাতে পৰিচালকে ছবিখনত ভোলা নামৰ এজন বনকৰা ল’ৰাৰ ওপৰত হোৱা অত্যাচাৰৰ জৰিয়তে সমাজৰ কিছুমান ফোঁপোলা স্বৰূপ দেখুৱাইছে। আৱেগিক প্ৰত্যাহ্বান আৰু শিশু নিৰ্যাতনক ওচৰৰ পৰা জুমি চাইছে মাজৰাতি কেতেকীয়ে।

৪] অসমীয়া সমাজত এতিয়াও অন্ধবিশ্বাসৰ প্ৰচলন আছে। তেনে এটা জ্বলন্ত বিষয় হৈছে ডাইনী হত্যা, যিয়ে অতি শেহতীয়াকৈ বহু লেখক, চিন্তাবিদ আৰু চলচ্চিত্ৰ নিৰ্মাতাৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইশুত আমি বিষয়টোক শিশুৰ দৃষ্টিভংগীৰে চিত্ৰিত কৰা দেখিবলৈ পাওঁ। মৰমিয়াল জেঠায়েকৰ ওপৰত হঠাতে হোৱা গণআক্ৰমণত মানসিকভাৱে অস্থিৰ হৈ পৰিছে এজন কণমানি ল’ৰা আৰু নদীৰ সিপাৰৰ হাবিত জেঠায়েকক বিচাৰি ফুৰিবলৈয়ো তাৰ ভয় লগা নাই। সি কোনোমতে মানি ল’ব পৰা নাই যে অম্বিকা এজনী ডাইনী।

৫] শিশুৰ দৃষ্টিৰে দৰিদ্ৰতাক অন্বেষণ কৰা সীমিত সংখ্যক অসমীয়া ছবিৰ ভিতৰত ভিলেজ ৰকষ্টাৰ্ছ অন্যতম। এটা মিউজিক বেণ্ড স্থাপন কৰিবলৈ এদল শিশুৱে দেখা সপোন আৰু গ্ৰাম্য জনসাধাৰণৰ ওপৰত বানপানীৰ তাণ্ডৱক সযতনে সংযোগ কৰাৰ সময়তে ছবি নিৰ্মাতাই মুনুৰ মনোজগতক অতি কলাত্মকভাৱে আগবঢ়াই লৈ গৈছে। কন্যাকাল প্ৰাপ্তিৰ পিছত ছোৱালীৰ জীৱনলৈ অহা সামাজিক নিষেধাজ্ঞাসমূহো কাহিনীত প্ৰদৰ্শিত হৈছে। আনহাতে, কানীন যদিও কিশোৰ বয়সত জন্ম হোৱা সন্তানৰ সৈতে মাতৃৰ একত্ৰিত হোৱাৰ আকাংক্ষাৰ কাহিনী, তথাপি কৈশোৰকালৰ অনুসন্ধিৎসু মন, যৌনতা বিষয়ক জ্ঞানৰ অভাৱ আৰু ইয়াৰ ভয়ংকৰ ফলাফলৰ দৃষ্টিভংগীৰে ছবিখন চাব পাৰি।

 

উপসংহাৰ

একবিংশ শতিকাৰ অসমীয়া চিনেমাত শৈশৱৰ প্ৰত্যাহ্বানসমূহৰ চিত্ৰণ সম্পৰ্কে পৰ্যবেক্ষণ কৰি ক’ব পাৰি যে ইয়াত শিশুসকলক ‘অন্য’ অথবা ‘প্ৰান্তীয়’ সত্তা হিচাপে গণ্য কৰা হোৱা নাই। বৰঞ্চ তেওঁলোকৰ সামাজিক, আৱেগিক, মানসিক আৰু অন্যান্য বিষয়বোৰক বিভিন্ন দৃষ্টিভংগীৰে চেলুলয়ডলৈ অনা হৈছে। অৱশ্যে কেৱল শিশুৰ বাবে বা শিশুৰ ওপৰত নিৰ্মিত ছবিৰ সংখ্যা এতিয়াও অতি কম।

আৰম্ভণিৰে পৰা চিনেমা গণসংযোগৰ এক শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈছে। একবিংশ শতিকাৰ সময়ছোৱাত নব্য মাধ্যমৰ দ্ৰুত সম্প্ৰসাৰণ আৰু চলচ্চিত্ৰ চাবৰ বাবে উপলব্ধ বিকল্প মঞ্চৰ লগে লগে চিনেমাই নতুন মাত্ৰা লাভ কৰিছে। আলোচনা আৰু বিশে¡ষণ কৰিবলৈয়ো এতিয়া মাধ্যমৰ কোনো অভাৱ নাই। এনে পৰিস্থিতিত শিশুৰ দৃষ্টিৰে চিনেমাৰ জৰিয়তে সামাজিক সমস্যাসমূহ তুলি ধৰিব পাৰিলে সেয়া নিশ্চয় আদৰণীয় হ’ব। শিশু মনঃস্তত্ত্ব অধ্যয়নৰ ক্ষেত্ৰতো ই সুফলদায়ী হ’ব যেন বোধ হয়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!