অনুদাত্ত

লেখক- মানসী গোঁহাই

“তই সঁ‌চাকে যাব ওলালি?”
তালু ওলাই পৰা চুলিকেইডালত নাৰিকল তেল সানোতে কপাললৈ বাগৰি সেন্দূৰখিনিত মিহলি হৈ বিয়পি পৰিল। কপাল আৰু মূৰৰ সংযোগী সেইখিনিতে গফুৱে হাত ফুৰাই মৰমেৰে সুধিলে। যদিও সুৰটো শুনোতাৰ কাণত কৰুণ হৈ ধৰা পৰিল।
মানুহজনীয়ে চকুহাল মেলিবলৈ চেষ্টা কৰে। গফুলৈ এবাৰ চাই আকৌ জপাই দিয়ে। সি কয়,
“ভাত দুটামান খাই নাযাৱ নে। খাই যা। উখোৱা চাউলৰ ভাত দুটামান পাতি দিছিলোঁ। অঙঠাত আলু দুটাও আছে।”
বেলি লহিয়ালে বুলিলে বাট বিচাৰি নোপোৱা এৰা বাৰীখনত ছোৱালীজনীয়ে ভায়েকৰ লগত নাহৰ গুটি, কচু, ঢেঁ‌কীয়া বিচাৰি ফুৰে। বাঘৰ ভয়ত সেইফালে খামিডাঠ মানুহকেইটাও কাচিৎ যায়। বাৰীখন ভোগালী। চৰাই, কেৰ্কেটুৱা, বান্দৰে খায়ো গছৰ ফল শেষ কৰিব নোৱাৰে। লগৰবোৰে বিয়া হৈ ল’ৰা পোৱালি ওমলালে। আঁ‌কৰী মেম গাঁওখনত একমাত্ৰ গাভৰু। চাহাবী মেমৰ দৰে ঢকঢকী ছোৱালীজনীক জোকাওঁতে জোকাওঁতে নামটো মেম হৈ পৰিল। ভায়েকক লৈ তাই এৰাবাৰীত সোমায়। মাকে হায় নামাৰক বুলি পাচি ওপচাই সন্তুষ্ট কৰিবলৈ বিচাৰে। ছোৱালীজনীক নিওঁতা কোনো নাই। মাককে নিয়া ঢেৰ ওলায়। অথচ তাইৰ নাই। ভায়েকটোক বোকোচাত বান্ধি তাই অলৌ-টলৌ ঘূৰি ফুৰে। ঘৰলৈ সুদা হাতে নুঘূৰে। খৰি দুডাল হ’লেও লৈ আনে। এৰাবাৰীত ভায়েকটোৰ হাতত সেন্দূৰী আম এটা দি তাই ঢেঁ‌কীয়া বোটোলে। বান্দৰ এহাল আহি ভায়েকটোক জোকায়। তাই খেদা মাৰি আহে। তাই বান্দৰ খেদে। ভায়েকটোক দেখে। কেতিয়াবাই হাড়ত বন গজা একমাত্ৰ ভায়েকটোৰ লগত হেতালি মেতালি খেলি থাকে। নগা কমলা এটা বখলিয়াই ডাঙৰফাল তাক দিয়ে, সৰুফাল তাই খায়। ভায়েকলৈ চাই হাঁহোতে কোৱাৰিয়েদি বৈ অহা লেলাউটিখিনি চোলাটোৰে মোহাৰি আকৌ হাঁহে। অলৰ-অচৰ হৈ শুই থকা মানুহজনীৰ বেঁ‌কা ওঁ‌ঠহাল লৰি উঠে। মুখেৰে ঘৰঘৰ শব্দ বাহিৰ হয়।
শিতানত বহি থকা গফুৱেও হাঁহে। ওচৰত বহি থকা মানুহকেইজনীক উদ্দেশ্যি কয়,
“ভায়েকটোৰ লগত খেলি আছে।”
সমবয়সীয়া মানুহকেইজনীয়ে সকৰুণ চকুৰে চাই ৰয়। মেমৰ যোৱা থোৱা বুলি এইকেইদিন গফুৰ পদূলিত মানুহে নধৰা। চোতালত ডাঙৰ জুই একুৰাও ধৰিছে। আগতে কোনো কাহানিও এইদৰে গফু আৰু মেমৰ পদূলিত মানুহ গোট খোৱা নাছিল। চাৰিবছৰমান হ’ল আঁ‌কৰী মেমে কথাবোৰ পাহৰিব হোৱা। প্ৰথম প্ৰথম খন্তেকতে কি কৰিবলৈ লৈছিল পাহৰা, শাকত নিমখ দিবলৈ পাহৰা, ধোৱা কাপোৰকে ধোৱা, ঠাণ্ডাপানীৰে গফুক চাহ যঁচা আদিৰে আৰম্ভ হৈছিল। পিচলৈ গফুকে পাহৰি থাকিল। অচিনাকি মানুহটোৱে তাইৰ গাত হাত দিয়ে বুলি বিছনাৰ তলত লুকোৱা হৈছিল। মনটোৰ লগতে গা পৰি আহিল। অচিনাকি হৈ পৰা গফুৱে তাইক অনিষ্ট কৰিব বুলি পলাব পৰা হৈ নাথাকিল। মুখেৰে বিৰবিৰাই ভায়েকটোৰ লগত এৰাবাৰীত ঘূৰি থকা হ’ল। গফুৱে নকৰিবলৈ নাই। গু-মূতৰ ফটাকানি ধুই গা ধুৱাই দিয়াৰ পৰা ভাত খোৱাই, তেলতুল সানি, চুলিকেইডাল ফনীয়াই মেমক চিকুণজনী কৰি ৰাখে। গাভৰু মেম যুৱতী হ’ল। গফুৱে তাইৰ লগত বেয়া কাম নকৰে। তাইক মৰম কৰে।
কাৰোবাৰ বিয়াত ভোজৰ বাবে খাচী মাংস কটা গফুৱে কৰিলে এৰিব পাহৰাকে কাম কৰি থকা মেমক দেখিছিল। টিউৱেলৰ পাৰত বহি সন্ধিয়ালৈকে কাঁহী-বাতি ধুই আছিল। ঘৰৰ মানুহেও বিচাৰি নহা আঁ‌কৰীজনীক ৰৈ থাকোঁতে তাৰ মাংস কটা বেলি হৈছিল। বৰযাত্ৰী বাবে ৰান্ধিবলগীয়া খাচী মাংসৰ আঞ্জাৰ বাবে ৰান্ধনিয়ে পিঁয়াজ, আদা, নহৰু ভাজি ভাজি তাক গালি পাৰিছিল। গৰুহালৰ বাহিৰে একোকে চিনি নোপোৱা, কেও-কিছু নোহোৱা গফুৱে কথাৰ কথাতে আঁ‌কৰী মেমক লৈ আহিলে। মেমে তাৰ ঘৰ ধৰিল। তাৰ উখহা পঁ‌জাৰ টিপচাকিটো মেম। তাৰ লগত টিপচি সংসাৰ তৰি জীৱনৰ ভাটিবেলা পালে। গৰু এৰাল দিব যাওঁতে, পানী খুওৱাব যাওঁতে বা বিয়লি আনিবলৈ যাওঁতে চুবুৰিয়া কেইঘৰক কৈ থৈ যায়। আঁ‌কৰী মানুহজনীৰ সমবয়সীয়া মানুহকেইজনীয়ে ৰখীয়া হৈ থাকে। গৰুকেইহালৰ বাহিৰে গফুৰ আছেই বা কি। গফুৰ গৰু, গৰু গফু মানুহে এনেই মিলাই পেলাই নে? আগতে সি গৰু চৰাবলৈ যাওঁতে মানুহবোৰে আঁ‌কৰীজনীক কমটি নকৰা কৰিছিল নে? থাওনি নিদিয়াকৈ ধান মাৰিবলৈ লগাইছিল, ঘৰ লিপাইছিল, দমে দমে কাপোৰ ধুৱাইছিল। এবাৰ কাৰোবাৰ ঘৰত ডাঙৰ উধান পাতি ধান উহোৱাবলৈ লৈছিল। কোনোবাই জোকাই ৰং চোৱাৰ চলেৰে ভোজৰ ৰাজহুৱা কেৰাহিটো মাটিৰে লেও দিবলৈ কৈছিল। কেৰাহিটো ওভতাই তাই হেকেঁৰ-পেকেৰকৈ লেও দি আছিল। গৰু লৈ ঘৰলৈ অহা গফুৱে দেখি খঙতে তাইকে হালোৱা এছাৰিৰে কোবাইছিল। গফুৱে আঠালতীয়া ন-চাউলৰ ভাত খাই ভালপায়। তাই উখোৱা চাউলৰ ভাতৰ লোভতে কাম কৰি মৰিছিল। তাৰপাচত গফু সাৱধান হ’ল। পথাৰত অপ্ৰয়োজনত নাথাকি ঘৰতে থকা হ’ল। দুটা পেটলৈ লাগিছে নো কি? আঁ‌কৰীজনীয়ে লাহ-বিলাহ চিনেই বা কি? প্ৰথম কেইবছৰমান বছৰৰ বিহুটোত মাকৰ ঘৰলৈ যাবলৈ উদ্বাউল হৈছিল। লাহে লাহে ভায়েকৰ সংসাৰ বাঢ়িল। বাঢ়ি অহা মনৰ মাজৰ এৰা-এৰিবোৰ তায়ো বুজিব পৰা হ’ল।
পোৰা আলুৰে উখোৱা চাউলৰ ভাতকেইটা নোখোৱাকৈ মেম গুছি গ’ল। সৎকাৰৰ বাবে মতা মানুহবোৰ যোৱাৰ পাছত আদহীয়া মাইকী মানুহকেইজনীয়ে গফু আৰু মেমৰ ঘৰটো চাফ-চিকুন কৰিছে। কাপোৰ-কানি ৰ’দলৈ উলিয়াইছে। ধুৱাই ধুইছে। মদাহী মতাটোৰ অত্যাচাৰত অতিষ্ঠ জোনাই গফু আৰু মেমৰ ঘৰৰ পুৰণি ডাঠ পৰ্দা এখন শিলচটাত এছাৰি এছাৰি কৈছে,
“মেমৰ কপাল সেইখন বুইছ’। এই গাঁওখনৰ মৰিশালিবোৰ হিচাপ কৰিলেও গফু কাইদ’ৰ নিচিনা মতা নোলাব।”
“হয় অ’। মানুহজনী যাওঁ যাওঁ। তথাপি কালি নাৰিকল তেল এটা, সেন্দূৰ এটেমা কিনি আনিছে। ডিঙিয়েদি পানী নসৰকা মানুহজনীলৈ দালমুট আনিছিলে। পইচা নালাগে কওঁতেও আমাৰ মানুহটোৰ হাতত জোৰকৈ দি থৈ আনিছে।” — হৰেণ দোকানীৰ ঘৈণীয়েকে যোগ দিয়ে।
কোনোবা এজনীয়ে দিয়া পানীগিলাচ দুহাতৰ তলুৱাত হেঁচা মাৰি গফু বহি আছে। ভাগৰ নাই অথচ সি অতিকৈ ভাগৰুৱা। কি কৰিব আঁ‌ত নাপাই ফোঁপাইছে। কালিলৈকে এই সময়খিনিত তাৰ উশাহ ল’বলৈও সময় নাথাকে। গৰু বন্ধা, জাগ দিয়া, কুকুৰাকেইজনীক গৰালত ভৰোৱা, মানুহজনী শুই থকা কোঠাটোৰ খিৰিকীখন খুলি মহৰ ধূপ এডাল লগাই দিয়া, ভিতৰলৈ খোৱা পানী এটিং অনা, চাউল-দাইলকেইটা ধোৱা, নিজেও হাত-ভৰি ধুই আজৰি হোৱা। আজিতো বাদে কাইলৈৰ সন্ধিয়াটোৰ কথা ভাবি গফুৰ উশাহটো চুটি হৈ আহে। মেম যোৱা মাত্ৰকে চাৰিবছৰে কেৱল তাইৰ দিশে খোজ দিয়া গফুৰ খোজবোৰ নিমিলা হ’বলৈ ধৰিছে।
“থ’লিগে?”
কোনে মাতিলে ধৰিব নোৱাৰি গফুৱে ঘূৰি চায়। গাঁওবুঢ়া। চৰকাৰী গাঁওবুঢ়া নহয়। ৰাইজে পতা পদ্ম গাঁওবুঢ়া।
“থ’লোঁ‌গে কাইদ’।”
“আহ, জুইকুৰাৰ ওচৰলৈ আহ।”
গাঁওবুঢ়াই জুইকুৰাৰ কাষ চাপি তাকো ওচৰলৈ মাতি লয়। কঠখন পাৰি গফু বহে। মানুহবোৰ আছে যদিও দুয়োৰপৰা আঁ‌তৰে আঁ‌তৰে কিবা নহয় কিবা এটা কৰি আছে। সি নো কি ক’ব। হ’লেও মেম যোৱাই সিহঁতৰ ঘৰত কাহানিও ভৰি নিদিয়া মানুহৰো সোঁত বোৱাত অকণমান আচৰিত হৈছে। মানুহে পাৰ পালেহে খবৰ কৰিবলৈ আহে — কথাবোৰ এনেকুৱাই চাগে।
“তই দুখ নকৰিবি গফু। তোৰ মানুহজনীয়ে নাপায়ো সব পালে। আঁ‌কৰী, ল’ৰা-পোৱালি দিব নোৱাৰিলে কি হ’ল। ক’বলৈ মোৰ চাৰিটা বুইছ’… চাৰিটা ল’ৰা। মোৰ ঘৰটোত এদিন তই সোমাই চাবি। মৰিশালি এখন পাবি। মানুহৰ জীৱন অ’। ল’ৰাক পঢ়ালোঁ‌, উৰিব শিকালোঁ, প্ৰথম হ’বলৈ শিকালোঁ। ল’ৰাই শিকিলে, উৰি গুছি গ’ল। মইতো ৰখাব নোৱাৰোঁ। ইয়াকেই শিকাইছিলোঁ। ইয়াকেই আশা কৰিছিলোঁ। দিনেৰাতিয়ে ইয়াকে সাধিছিলোঁ‌। তোৰ মনত আছে নে, ডাঙৰটোক লণ্ডনৰ কলেজখনে ফ্ৰীকে পঢ়িবলৈ মাতোঁতে তোৰ পঠাটো কিনি ভোজ খুওৱা…।”
“আছে কাইদ’।”
“দুখ নকৰিবি গফু। এদিন এৰাএৰি হ’বই লাগিব। তায়ো কষ্টৰপৰা মুক্ত হ’ল।”
“হয় কাইদ’। মই আগতে গ’লে তাইৰ কি হ’ব ভাবি পেটত হাত-ভৰি লুকাইছিল। এতিয়া তাই গ’লত নিজকে বৰ অকামিলা লাগিছে।”
— মেম যোৱাৰপৰা প্ৰথমবাৰ গফুৰ মুখৰপৰা একেলগে ইমানবোৰ বাক্য ওলাইছে।
“দুদিনমান লাগিবই। ধৈৰ্য ধৰ। মেমৰ কাৰণে কমখন কৰিলি নে তই। “
“মই নকৰিলে নো কোনে কৰিব কাইদ’। আপোনাৰ দেতাকে সেৱা কৰি তাইক বিয়া পাতি আনিছিলোঁ।”
হয়তো, আঁ‌কৰী মেমক গফুৱে তেওঁৰ দেউতাকক সেৱা জনায়ে বিয়াৰ নিয়মটো কৰিছিল। তেতিয়া তেওঁৰ ডাঙৰটো ল’ৰাই মেট্ৰিকত জিলাখনৰ ভিতৰত প্ৰথম হৈ উত্তীৰ্ণ হৈছিল। ৰাজ্যৰ ভিতৰত স্থান পাবলৈ কেইনম্বৰমান লাগিছিল। ল’ৰাহঁ‌ত এতিয়া নিজ নিজ স্থানত সুপ্ৰতিষ্ঠিত। মানুহজনী বেমাৰত পৰিছিল। ডাঙৰ ল’ৰাই আয়া এজনীৰ ব্যৱস্থা কৰি দিছিল। জীৱিকাৰ হেতু দূৰে দূৰে থাকিলেও ল’ৰাহঁ‌তে দায়িত্ব পালনত হেলা কৰা নাছিল। পিছলৈ মেমৰ দৰেই হৈছিল। মানুহজনীয়ে সকলো পাহৰিছিল। কথাবোৰ পাহৰি যোৱা মানুহজনীক পাহৰি পেলাইছিল কথাবোৰ নাপাহৰা মানুহজনেও। চৌখিন মানুহজনৰ নিৰ্দেশত পাণ্ডৱবৰ্জিতৰ দৰে কোঠাটোৰ বাহিৰতো লিগিৰাই ফেনাইল ছটিয়াই তৎ নাপাইছিল। তেওঁ নিজে বাহিৰৰ কোঠা এটাত থাকিবলৈ লৈছিল। টকা-পইচাৰ অভাৱ কোনোদিন নাছিল। কিন্তু গাঁওখনত গফু এটায়ে আছে। সেয়ে মেম মেম হৈ আছিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!