অনুপ্ৰেৰণা: মণিপুৰৰ মুক্তামণি দেৱী
লেখক- উৎপল কুমাৰ দাস
এসময়ত জীয়েকৰ স্কুলৰ জোতা ফাটিলে চিলাবলৈ পইচা নাছিল, আজি জোতাৰ ব্যৱসায় কৰি স্বীকৃত উদ্যোগপতি!
সৰু ছোৱালীজনী স্কুলৰ পৰা আহোঁতে মাকে তাইৰ জোতাযোৰ পুনৰ ফাটি যোৱা দেখা পালে৷ মাক চিন্তাত পৰিল, নতুন এযোৰ দিবলৈ তেওঁ অক্ষম, আনহাতে চিলাবলৈ মুচীৰ ওচৰলৈ নিয়া মানে দুই তিনি টকাৰ খৰচ৷ এই দুই তিনিটকা যোগাৰ কৰাটোও তেওঁৰ বাবে বহুত ভাবিবলগীয়া৷ সেয়া ১৯৮৯ চনৰ কথা৷
মাকে ঊলৰ টুপী আৰু হাত মোজা বনাই পৰিয়ালটো যেনেতেনে পোহপাল দি আছিল৷ বহু চিন্তা কৰি মাকে ভাবিলে টুপী বনাওতে অলপ বগা আৰু সেউজীয়া ৰঙৰ ঊল ৰৈ গৈছে৷ সেইখিনিৰে দেখোন জোতাযোৰ চিলাব পাৰি৷ তেতিয়া মিস্ত্ৰীৰ ওচৰলৈ নগলেও হ’ব৷ তেওঁ জোতাৰ ওপৰৰখিনি গুচাই শ্বোলৰ ওপৰত সেই ঊলখিনি ব্যৱহাৰ কৰিলে যাতে পিন্ধিব পাৰে৷ পিছদিনা ছোৱালীজনীয়ে সেই জোতাযোৰ পিন্ধি স্কুললৈ গ’ল৷
স্কুলৰ প্ৰাৰ্থনাৰ সময়ত এগৰাকী শিক্ষয়িত্ৰীৰ জোতাযোৰত চকুত পৰাত তাইক প্ৰাৰ্থনাকক্ষৰপৰা মাতি লৈ গ’ল৷ ক’লা ৰঙৰ জোতা নিপিন্ধাৰ বাবে শাস্তি পাব বুলি চতুৰ্থ শ্ৰেণীৰ ছোৱালী জনীয়ে ভয়ত কান্দি দিছিল৷
শিক্ষয়িত্ৰীগৰাকীয়ে কিন্তু তাইক সুধিলে, “তোমাৰ জোতা আৰু লৈ থকা বেগটো কোনে চিলাইছে?”
তাই মাকৰ নাম লোৱাত শিক্ষয়িত্ৰীগৰাকীয়ে ক’লে যে তেওঁ জোতা আৰু বেগটো বৰ ভাল পাইছে৷ তাইৰ মাকে ক’লা ৰঙৰ জোতাও তেনেদৰে বনাব পাৰিব নেকি বুলি তেখেতে সুধি পঠিয়ালে।
নতুন কামৰ বতৰাত এনেদৰেই অনুপ্ৰেৰণা লাভ কৰি মানুহগৰাকীয়ে জোতাৰ শ্বোল কিনি লাহেকৈ ঊলৰ জোতা তৈয়াৰ কৰিবলৈ ধৰিলে৷ ১৯৯১ চনত পোন প্ৰথমবাৰৰ বাবে ইম্ফলৰ এখন বাণিজ্য মেলাত তেখেতে নিজা কৰ্মৰ প্ৰদৰ্শন কৰিছিল৷ তেওঁৰ সৰু ষ্টলটিয়ে বহুতক আকৰ্ষণ কৰিছিল আৰু তেওঁলোকৰ পৰামৰ্শ ক্ৰমে মানুহগৰাকীয়ে ”মুক্তা শ্বো ইণ্ডাষ্ট্ৰী” খোলাৰ প্ৰেৰণা পালে৷
তাৰ পিছত আৰু তেওঁ ঘূৰি চাব লগা হোৱা নাই৷ চৰকাৰেও তেওঁৰ কামক স্বীকৃতি দিলে৷ তেওঁ উত্তৰ-পূবৰ এগৰাকী সফল উদ্যমী হিচাপে বিবেচিত হ’ল৷ তেওঁ ভাৰতৰ বিভিন্ন বাণিজ্য মেলাতো অংশ ল’বলৈ ললে৷ এইদৰে তেওঁৰ জোতাই ভাৰতৰ বিভিন্ন ঠাইৰ উপৰিও বিশ্বৰ বিভিন্ন দেশৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ ধৰিলে।
আজি বিশজন মানুহক তেওঁ কৰ্ম সংস্থাপন দিছে৷ জোতা তেওঁ হাতেৰে তৈয়াৰ কৰে যিটো কাম মেটত বহি, শিশুসকলক শিকাই থাকোঁতে বা ৰান্ধি থাকোঁতেও কৰিব পাৰি৷ মেছিন উৎপাদিত সামগ্ৰীয়ে বজাৰ চানি ধৰা এই দিনতো তেওঁৰ হস্ত শিল্পই সমানে সমানে ফেৰ মাৰিব পাৰিছে৷ আগতে ব্যৱসায় কৰিছিল জীয়াই থাকিবলৈ, ল’ৰাছোৱালীক ভৰণপোষণ দিবলৈ৷ এতিয়া ব্যৱসায় কৰে নিয়োগ বঢ়াবলৈ, কামৰ মানদণ্ড বঢ়াবলৈ, আৰু বছৰত চাৰি পাঁচ লাখ টকা উপাৰ্জনেৰে আৰামদায়ক জীৱন যাপন কৰিবলৈ৷
তেওঁৰ এই অবিশ্বাস্য পাৰদৰ্শিতা আৰু কৃতকাৰ্যতাৰ বাবে নাছিল কোনো
– জোতা বনোৱা প্ৰশিক্ষণ
– ব্যৱসায় চলোৱা কিটিপ
– ধনী ঘৰৰ সন্তান!
হয়, এসময়ত জীয়েকৰ স্কুলৰ জোতা ফাটিলে চিলাবলৈ ধন নথকা মহিলাগৰাকীয়ে আজি জোতাৰ ব্যৱসায় কৰিয়েই সময় সলনি কৰি পেলালে৷
তেখেত হ’ল মণিপুৰৰ মুক্তামণি দেৱী, যিগৰাকী মহিলাই যোৱা বৰ্ষত দেশৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান “পদ্মশ্ৰী ” ৰে বিভূষিত হয়৷