মীনপালক অনুপ শৰ্মাৰ সাক্ষাৎকাৰ
লেখক- নৱদীপ শইকীয়া
নমস্কাৰ অনুপ শৰ্মা ডাঙৰীয়া, সাহিত্য ডট অৰ্গৰফালৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। আমি আলোচনীখনৰ প্ৰতিটো সংখ্যাতে এনে এজন ব্যক্তিৰ সাক্ষাৎ গ্ৰহণ কৰোঁ যাৰ কৰ্ম, আদৰ্শ বা অৱদানে বৰ্তমান সমাজত কিছু পৰিৱৰ্তন আনিব পাৰে। আমাৰ দৃষ্টিত সমাজখনৰ প্ৰতি আপোনাৰ যথেষ্ট অৱদান আছে, সেয়া গ্ৰামাঞ্চলত স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক অথবা কৃষি বিশেষকৈ মীনপালনৰ উদ্যোগৰ যোগেদি স্বাৱলম্বিতা, নিৱনুৱা সংস্থাপন, স্বনিয়োজন বা ব্যৱসায়ৰ যোগেদি আগবঢ়োৱা অৱদান। বিষদভাৱে আপোনাৰ কৰ্মৰাজি আলোচনা কৰাৰ আগতে আমি প্ৰথমে আপোনাৰপৰা জানিব বিচাৰিম আপোনাৰ শৈশৱ আৰু সমগ্ৰ শিক্ষাজীৱনৰ বিষয়ে।
উত্তৰ: ধন্যবাদ। মোৰ জন্ম গহপুৰ মহকুমাৰ প্ৰসিদ্ধ কল্যাণী দেৱালয়ৰ সমীপৰ দিপৰা গাঁৱত, ১৯৭৮ চনৰ ২৪ আগষ্টত। তাৰ পিছত ১৯৮৭ চনত দেউতাৰ চাকৰিসূত্ৰে বৰঙাবাৰীৰ ওচৰৰ খাটৰবাৰী গাঁৱলৈ আহিলোঁ, তেতিয়া মোৰ বয়স দহ বছৰ। তাতেই প্ৰথমে ভীম বাহাদূৰ প্ৰাথমিক বিদ্যালয় আৰু তাৰ পিছতে নৰবাহাদূৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা, বৰঙাবাৰী মজলীয়া বিদ্যালয়ত মাধ্যমিক শিক্ষা আৰু মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা ১৯৯৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বিশ্বনাথ মহাবিদ্যালয়ত বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰোঁ। সেই সময়ত বিজ্ঞান শাখাত অধ্যয়ন কিয় কৰিছিলোঁ তাৰ একো সঠিক ধাৰণা নাছিল। ঘৰৰপৰা নাম লগাই দিয়াত পঢ়িবলৈ লৈছিলোঁ। দ্বাদশ শ্ৰেণীত থাকোঁতে এদিন উদ্ভিদ বিজ্ঞানৰ শ্ৰেণীত হঠাতে বিষয়টোত ভৱিষ্যতে অধ্যয়ন কৰাৰ হাবিয়াহ জাগিল। এনেও সৰুৰেপৰা মোৰ গছ-বনৰ প্ৰতি বিশেষ আকৰ্ষণ আছিল। সেয়েহে উচ্চতৰ মাধ্যমিকৰ পিছতে বিশ্বনাথ মহাবিদ্যালয়তে উদ্ভিদ বিজ্ঞান বিভাগতে স্নাতক শ্ৰেণীৰ নামভৰ্তি কৰিলোঁ। এইখিনিতে এটা কাহিনী আছে। মোৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল ভাল নাছিল, সেয়েহে মা-দেউতাৰ মতে মই বুৰঞ্জী বিষয়ত পৰৱৰ্তী শিক্ষাজীৱন আগুৱাই নিব লাগে। কিন্তু ইতিমধ্যে মই উদ্ভিদ বিজ্ঞান বিভাগত অধ্যয়নৰ বাবে নিৰ্বাচিতও হ’লোঁ। সেয়েহে ঘৰৰ কথামতে বুৰঞ্জী বিভাগত পাঠগ্ৰহণ কৰিবলৈও গ’লোঁ। কিন্তু প্ৰথম ক্লাছটোতেই মোৰ বৰ বেয়া লাগিল আৰু মই লগে লগে পিছৰ ক্লাছটো উদ্ভিদ বিজ্ঞান বিভাগত কৰিবলৈ গ’লোঁ। তেনেকৈয়ে মই উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ হ’লোঁ। পৰিয়ালৰ মতৰ বিপৰীতে অধ্যয়ন কৰি ১৯৯৭ চনত পাৰ্ট ১ পৰীক্ষাত বিশ্বনাথ মহাবিদ্যালয়ৰ সকলো বিভাগৰ ভিতৰত একমাত্ৰ প্ৰথম শ্ৰেণীৰ ফলাফল অৰ্জন কৰিছিলোঁ। পাৰ্ট ২ ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে সপ্তম স্থান পাবলৈ সক্ষম হৈছিলোঁ। সেইসময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ বিভাগত স্নাতকোত্তৰ শাখাৰ আসন আছিল ৩৫ খন। গতিকে সেই আসন পোৱাৰ চেষ্টা চলাই অধ্যয়ন কৰিছিলোঁ। বি এছ ছি পৰীক্ষা দিয়াৰ সময়ত দেউতাৰ চাকৰি জীৱনৰ মাত্ৰ দুবছৰহে বাকী আছিল। সেয়ে কেতিয়াবা দেউতাই কৈছিল, “তহঁতে মোৰ ওপৰতে ভৰসা কৰি চলি থাকিবি। নিজে কিবা এটা কৰাৰ কথা চিন্তা কৰিব নোৱাৰিলি মোৰ চাকৰি থাকোঁতেই।” আচলতে দেউতাই আমাৰ ভালৰ বাবেই তেনেকৈ কৈছিল যাতে আটাইকেইজন ভাই-ককাই উপাৰ্জনমুখী হ’ব পাৰোঁ। যিহেতু আমাৰ চূড়ান্ত পৰীক্ষা হোৱা আৰু পৰীক্ষাৰ ফলাফল ওলোৱাৰ মাজত প্ৰায় ছয়-সাত মাহ সময়ৰ ব্যৱধান থাকে, গতিকে মই সেই সময়খিনিত চাকৰি বিচাৰি শ্বিলঙলৈ গ’লোঁ। মে’-জুনত পৰীক্ষা শেষ হয় আৰু ডিচেম্বৰত ফলাফল ঘোষণা হয়। শ্বিলঙত সম্পৰ্কীয় দাদা এজনৰ এখন ৰেষ্টুৰেণ্টত দুদিনমান কাম কৰিলোঁ। সেই কামটো ভাল নলগাত দাদাক জনালোঁ আৰু আন কোনোবা ঠাইত বেলেগ এটা কাম যোগাৰ কৰিবলৈ ক’লোঁ। তেওঁ মোক শ্বপিং মল এটাত ছেলছমেন হিচাপে কাম কৰিবলৈ ঠিক কৰি দিলে, দৰ্মহা আছিল ২৩৪ টকা। দুমাহ কাম কৰাৰ পাছত কামটো ভাল নলগা হ’ল। দাদাক কথাটো জনালোঁ আৰু ঘৰলৈ উভতি যোৱাৰ ইচ্ছাৰ কথাও জনালোঁ। তেতিয়া দাদাই শ্বিলঙৰ বায়ুসেনা ছাউনীৰ ভিতৰৰ নিজৰ গেলামালৰ দোকানখনত থাকিবলৈ ক’লে। তাতে তিনিমাহ কাম কৰিলোঁ। দোকানত গ্ৰাহক নথকা সময়ত মই জীৱবিজ্ঞান বা জীৱ-প্ৰযুক্তিবিদ্যাৰ কিতাপ পঢ়ি থাকিছিলোঁ। বায়ুসেনাৰ জোৱান বা বিষয়াসকলে সেয়া দেখি গম পাইছিল ল’ৰাজন পঢ়া-শুনা থকা বুলি। গতিকে তেওঁলোকৰ ল’ৰা-ছোৱালীৰ টিউচন কৰাৰ দায়িত্বও পালন কৰিব লগা হৈছিল। ডিচেম্বৰত ফলাফল ওলোৱাত ঘৰলৈ বুলি উভতিলোঁ আৰু তাৰ পিছতেই গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পঢ়া আৰম্ভ কৰিলোঁ। এয়াই মোৰ শৈশৱৰপৰা শিক্ষাজীৱনলৈ কাহিনী।
প্ৰশ্ন: বৰ মনোগ্ৰাহী আপোনাৰ শিক্ষাজীৱনৰ কাহিনী। আমি ইয়াৰ পিছতে আপোনাৰ প্ৰাৰম্ভিক কৰ্মজীৱনৰ বিষয়ে অলপ জানিবলৈ বিচাৰিম।
উত্তৰ: নিশ্চয়, ইতিমধ্যে মোৰ ২০০২ ত বিশ্ববিদ্যালয়ৰ শিক্ষা হৈছিলেই। তাৰ পিছত যোৰহাটৰ আঞ্চলিক গৱেষণাগাৰ (Regional Research Laboratory-RRL), বৰ্তমানৰ উত্তৰ-পূৱ বিজ্ঞান তথা প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ ছায়েঞ্চ এণ্ড টেকনলজি-NIEST) ৰ জীৱ-প্ৰযুক্তিবিদ্যাৰ প্ৰকল্প এটাত প্ৰকল্প সহায়ক হিচাপে যোগদান কৰোঁ। তাৰ পিছতেই RRL ৰ ইটানগৰ শাখালৈ আন এটা প্ৰকল্পত বদলি হওঁ। সমসাময়িকভাৱে ভেষজ উদ্ভিদৰ এটা বিষয়ত পি এইছ ডিৰ কাম আৰম্ভ কৰিছিলোঁ। সেই সুযোগতে অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইৰ উদ্ভিদ আৰু সেইবোৰৰ গুণাগুণৰ ওপৰত মোৰ অধ্যয়ন চলাই গ’লোঁ। তিনিবছৰমান কাম কৰাৰ পাছতে এদিন মোৰ দেখা-দেখি হৈছিল ‘কৰুণা ট্ৰাষ্ট’ নামৰ বেচৰকাৰী সংস্থা এটাৰ মুৰব্বী ড° সুদৰ্শনৰ সৈতে। তেওঁলোকে অৰুণাচল প্ৰদেশ চৰকাৰৰ সহযোগিতাত ৰাজ্যখনৰ স্বাস্থ্যখণ্ডৰ বিভিন্ন কাম-কাজ কৰিছিল। মই তেওঁলোকৰ কাম-কাজ সম্পৰ্কীয় এখন তথ্যচিত্ৰ চাই যথেষ্ট অনুপ্ৰাণিত হৈছিলোঁ। সেয়েহে ড° সুদৰ্শনক লগ পোৱাৰদিনাই তেওঁৰ কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰোঁ। তেনেদৰেই তুলনামূলকভাৱে যথেষ্ট ভাল দৰ্মহাৰ গৱেষণাগাৰৰ কাম এৰি কৰুণা ট্ৰাষ্টত ৫০০০ টকাৰ মাননিত যোগদান কৰোঁ।
প্ৰশ্ন: আপুনি উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ হৈ কৰুণা ট্ৰাষ্টৰ জৰিয়তে মানুহৰ স্বাস্থ্যখণ্ডত ভৰি দিলে। গতিকে গ্ৰাম্য স্বাস্থ্য সেৱা বা স্বাস্থ্য খণ্ডত আপোনাৰ কামৰ এটা চমু আভাস জনাবচোন।
উত্তৰ: কৰুণা ট্ৰাষ্টৰ জৰিয়তে আমি অৰুণাচল প্ৰদেশৰ বিভিন্ন দুৰ্গম পাহাৰীয়া ঠাইৰ ৯খন চিকিৎসালয়ৰ পৰিচালনা কৰিছিলোঁ। ভিতৰুৱা ঠাইসমূহত যোগাযোগ ব্যৱস্থাৰ অসুবিধাৰ বাবে ঔষধৰ যোগান সুলভ নাছিল। দুৰ্গম হোৱাৰ হেতুকে স্বাস্থ্যকৰ্মীও পৰ্যাপ্ত নাছিল। প্ৰসূতি আৰু শিশু স্বাস্থ্যৰ চিকিৎসা ব্যৱস্থা অতি শোচনীয় আছিল। আমি সেয়াও উন্নত কৰাত সফল হৈছিলোঁ। একেদৰে মেঘালয় আৰু মণিপুৰতো স্বাস্থ্যখণ্ডৰ কাম কৰিলোঁ। এই তিনিখন ৰাজ্যৰ মুঠ ৩২খন চিকিৎসালয়ৰ জৰিয়তে আমি বৃহৎসংখ্যক গ্ৰামাঞ্চলৰ জনগনৰ স্বাস্থ্যসেৱাত ভাগ ল’ব পাৰিছিলোঁ। সেই সময়ত জাপানৰ এছিয়ান হেলথ্ ইনষ্টিটিউটৰ সহযোগিতাত থাইলেণ্ডৰ নেচনেল হেলথ্ কমিচনৰ থাই স্বাস্থ্য ব্যৱস্থাৰ বিভিন্ন কাম-কাজত অংশ লোৱাৰ সুযোগ পালোঁ। তেওঁলোকৰ ইউনিভাৰ্চেল হেলথ কভাৰেজৰ বিষয়ে জানিবলৈ পালোঁ, যিটো ব্যৱস্থাৰদ্বাৰা থাইলেণ্ডৰ প্ৰতিগৰাকী ব্যক্তিয়েই সুনিশ্চিত বিনামূলীয়া চৰকাৰী স্বাস্থ্য সুবিধা লাভ কৰে। আমাৰ ভাৰতত এনে ব্যৱস্থা এতিয়াও নাই। ফিলিপাইনছৰ জনজাতীয় চিকিৎসা ব্যৱস্থাৰ বিষয়েও অধ্যয়ন কৰাৰ সুযোগ পাইছিলোঁ। তাৰ পিছতে ৰাজস্থানৰ উদয়পুৰ, প্ৰতাপগড়, কোটা, ঝালোৱাড় আদি কৰি ৮খন জিলাৰ ২২খন চিকিৎসালয়ৰ যোগেদি ছমাহ কাম কৰাৰ সুযোগ পাইছিলোঁ। উত্তৰাখণ্ডত সাগৰপৃষ্ঠৰপৰা প্ৰায় ৭০০০ ফুট উচ্চতাত গ্লেচিয়াৰৰ সমীপৰ খাটি নামৰ এখন গাঁৱত স্বাস্থ্যসেৱা আগবঢ়াইছিলোঁ। একেদৰে আমাৰ বৰঙাবাৰী অঞ্চলতো এটা চিকিৎসা কেন্দ্ৰ স্থাপন কৰিলোঁ। নৈপৰীয়া ৰাইজৰ কাৰণে এখন নাও ক্লিনিকৰ ব্যৱস্থা কৰোঁ। বান পীড়িত এলেকাৰ লোকসকলৰ স্বাস্থ্যজনিত সমস্যাবোৰ বাৰিষা যথেষ্ট বাঢ়ি যায়। যাতায়াতৰ অসুবিধা, গতিকে নাও ক্লিনিকখনে তেওঁলোকক যথেষ্ট সকাহ দিবলৈ সক্ষম হৈছিল।
প্ৰশ্ন: আপোনাৰ মীন পালনৰ বাবেহে বিশেষ পৰিচয় এটা গঢ় লৈছে। মাছৰ খেতিৰ ধাৰণাটো কিয় আৰু কেনেকৈ আহিল?
উত্তৰ: মই দেশে-বিদেশে বিভিন্ন ঠাইত কাম কৰিলোঁ। তেতিয়া মনত এটা প্ৰশ্ন আছিল, সেইটো আছিল আমি নিজৰ ঠাইৰ বাবে কি কৰিব পাৰোঁ? মোক দেউতাই ওচৰৰে জকাপাৰাৰ বান বিধ্বস্ত এলেকা এটাত থকা মাটি অলপৰ কথা কৈছিল। সেয়া ২০১৩ চনৰ কথা। মই জীৱনত প্ৰথমবাৰৰ বাবে সেই মাটিখিনি চাবলৈ আহিছিলোঁ। চাবলৈ আহি প্ৰায় ৫০ বৰ্গকিলোমিটাৰৰ এটা পৰিত্যক্ত আৰু অব্যৱহৃত মাটিৰ এলেকা দেখিবলৈ পালোঁ। ইয়াত খেতি নহয়; সম্পূৰ্ণ বানে গৰকা অঞ্চল। চাৰিকিলোমিটাৰ দূৰৈত ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সমস্ত এলেকা জলমগ্ন কৰি তোলে। আমি বৰ্তমান ১৪ ফুট উচ্চতাৰ মথাউৰিত বহি আছোঁ। ইয়াত দেউতাৰ ১০ বিঘা মাটি আছিল যদিও দেউতাই কেৱল ২ বিঘা মাটিতহে পুখুৰী খন্দাৰ অনুমতি দিয়ে। কিন্তু মোৰ সপোন আছিল এটা ডাঙৰ পুখুৰীৰ। মই যেতিয়া ৰাজস্থানৰ বিভিন্ন ঠাইত কাম কৰিছিলোঁ, তাত এনেকুৱা ঠায়ো আছিল য’ত বছৰটোত অতি বেছি ১০-১৫ দিন বৰষুণ দিয়ে। আমাৰ অসমতটো অন্ততঃ ছমাহ বৰষুণ হয়। গতিকে ইয়াত মাছৰ খেতিৰ সম্ভাবনা ভৌগোলিকভাৱে আছিলেই। মাটি চাবলৈ আহি ৫০ বৰ্গকিলোমিটাৰৰ মাটি দেখি মই আচৰিত হৈ গৈছিলোঁ। একেলগে ইমান সম্ভাৱনাপূৰ্ণ এলেকা মই আগতে দেখা নাছিলোঁ। অসমত মাছৰ চাহিদা ইমানেই বেছি যে মৃতকৰ ভোজতো মাছ ব্যৱহাৰ হয়। গতিকে waste to wealth বা আৱৰ্জনাৰপৰা সম্পদলৈ ৰূপান্তৰৰ চিন্তাৰে মাছৰ খেতিৰ কাম-কাজ আৰম্ভ কৰিবলৈ ল’লোঁ। Waste Land বা পৰিত্যক্ত মাটিৰ ব্যৱহাৰেৰে মাছৰ খেতি কৰি সম্পদলৈ সলনি কৰা কামৰ খুব সুপৰিকল্পিত আৰম্ভণি হয় ২০১৪ চনত। ইয়াৰ লগতে মই ব্ৰয়লাৰ, ছাগলী বা গো-পালনৰ কথাও ভাৱিছিলোঁ। আচলতে আমি গ্ৰাম্য অৰ্থনীতিক টনকিয়াল কৰিবলৈ বতৰ আৰু জলবায়ুৰ সম্যক জ্ঞান আমাৰ থাকিব লাগিব, বতৰৰ প্ৰতিকূলে কাম কৰিবলৈ হ’লে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হয়। আমাৰ ইয়াত যিহেতু পানীৰ অভাৱ নাই, সেয়েহে মীনপালন এটা অতি লাভদায়ক কৃষি বুলি ক’ব পাৰি।
প্ৰশ্ন: বিজ্ঞানৰ ছাত্ৰ হিচাপে আপোনাৰ এই কামত কিমান কি ধৰণৰ সুবিধা হ’ল?
উত্তৰ: বিজ্ঞানৰ ছাত্ৰ হিচাপে মোৰ যথেষ্ট সুবিধা হৈছিল। আমাৰ গ্ৰামাঞ্চলত প্ৰায় মানুহৰ ঘৰতেই পুখুৰী আছে। সেই সকলোৰে ভিতৰত ১%-৫% মানুহেহে ব্যৱসায়িক ভিত্তিত মীনপালন কৰে। ব্যৱসায়িক ভিত্তিত মীনপালনৰ সুযোগ যথেষ্ট আছে কিন্তু সজাগতা বা অজ্ঞতাৰ বাবে সেইসকলে কৰিব পৰা নাই। হয়তো বিজ্ঞানৰ ব্যাৱহাৰিক জ্ঞানৰো কিছু অভাৱ আছে। আমাৰ অসমৰ মাটি বা পানী আম্লিক প্ৰকৃতিৰ। আম্লিক প্ৰকৃতিৰ বা টেঙা পানী মীনপালনৰ বাবে উপযোগী নহয়। মাছৰ ভাল বৃদ্ধি-বিকাশৰ বাবে পানীৰ pH ৰ মান ৭.৫ ৰপৰা ৯ ৰ ভিতৰত হ’ব লাগে অৰ্থাৎ ক্ষাৰকীয় প্ৰকৃতিৰ হোৱা উচিত। আম্লিক পানীত মাছৰ বাবে অক্সিজেনৰ যথেষ্ট অভাৱ হয় যিয়ে বৃদ্ধিত প্ৰভাৱ পেলায়। এইটো এটা প্ৰাৰম্ভিক পৰ্যায়ৰ বিজ্ঞানৰ ধাৰণা। আকৌ বন্ধ পানীত থকা মাছে খোৱা খাদ্য অনুসৰিয়েই মলত্যাগ কৰিব যাৰ ফলত জৈৱ আৱৰ্জনাৰ পৰিমাণ পানীত বৃদ্ধি পায়। লগে লগে পানীত বৃদ্ধি পায় এম’নিয়া, হাইড্ৰ’জেন ছালফাইড জাতীয় গেছৰ পৰিমাণ বাঢ়ি যায়। আৱৰ্জনাসমূহৰ বিযোজন নঘটে, নাইট্ৰেট বা নাইট্ৰাইট জাতীয় পদাৰ্থ বাঢ়ি যায়। শিক্ষা জীৱনত এই পদাৰ্থসমূহৰ বিষয়ে অধ্যয়ন কৰি অহাৰ বাবে এতিয়া কাৰিকৰী কথাবিলাক বুজাত মোৰ যথেষ্ট সুবিধা হৈছিল। আমাৰ পুখুৰী বোৰত নাইট্ৰ’জেন যোগীকৰণৰ বাবে কিছুমান উপকাৰী বেক্টেৰীয়াও যোগ কৰিব লগা হয় যি পুখুৰীৰ পৰিস্থিতিতন্ত্ৰৰ কাৰ্বন চক্ৰ বা নাইট্ৰ’জেন চক্ৰটো সুস্থিৰে ৰখাত সহায় কৰে। মীনপালনত বিফল হোৱাৰ এটা অন্যতম কাৰণ হৈছে কাৰ্বন চক্ৰ বা নাইট্ৰ’জেন চক্ৰৰ সমতা সৃষ্টি কৰিব নোৱাৰাটো। পুখুৰীত কাৰ্বনৰ উৎস বাহিৰৰপৰা যোগান ধৰিব লগা হয়। কাৰ্বনৰ উৎস হিচাপে গুড়, চেনিজাতীয় পদাৰ্থ যোগ কৰা হয়। যাৰ ফলত পানীত বিভিন্ন ধৰণৰ বেক্টেৰীয়াৰ আৱিৰ্ভাৱ হয় যি অতিৰিক্ত এম’নিয়া নিয়ন্ত্ৰণ কৰি পৰিস্থিতি তন্ত্ৰটোক সুস্থিৰে ৰাখে। ইউকা জাতীয় এবিধ মৰুজ উদ্ভিদৰ গা-গছ, পাত, শিপা সকলোৰেপৰা এবিধ পাউডাৰ কৃত্ৰিমভাৱে তৈয়াৰ কৰা হয়। ই বজাৰত উপলব্ধ। ইউকা পানীত যোগ কৰিলে পানীৰপৰা জৈৱিকভাৱে এম’নিয়া নোহোৱা কৰিব পাৰে। বিজ্ঞানৰ ছাত্ৰ হিচাপে এইবোৰ বুজাত নিশ্চয় মোৰ সহজ হৈছিল।
প্ৰশ্ন: মহাবাহু ফিছাৰিজৰ বিষয়ে আমাক এটা আভাস দিয়ক। লগতে অসমৰ মীন উৎপাদনৰ সম্ভাৱনাৰ বিষয়ে আপোনাৰ মতামত জনাব।
উত্তৰ: অলপ আগতে কোৱাৰ দৰে দেউতাই মোক কেৱল দুবিঘা মাটিতহে পুখুৰী খান্দিবলৈ দিছিল। দ মাটিত ওখ মথাউৰি সাজিলেই পুখুৰীৰ বাবে মাটি নাথাকিবই। সেয়েহে আমি ওচৰৰে মাটি কিনি লৈ প্ৰথমে ৩০ বিঘা মাটিৰ পুখুৰী খান্দিলোঁ। যৌথ পৰিয়াল হোৱাৰ বাবে আটায়ে মিলি কামটো আৰম্ভ কৰিলোঁ।
অসমৰ চৰকাৰী তথ্য মতে অসমত বছৰি প্ৰায় চাৰি লাখ টন মাছ উৎপাদন হয়। অৱশ্য এই তথ্যৰ প্ৰতি মই সম্পূৰ্ণ সহমত পোষণ নকৰোঁ। সেয়া যিয়েই নহওক আজি যদি স্থানীয় বজাৰত এক কেজি ওজনৰ সজীৱ ৰৌমাছ কিনিবলৈ যাওঁ তেন্তে সাধাৰণ গ্ৰাহকে প্ৰতি কেজি ৩৫০ টকাতকৈ কম দামত নাপায়। কিন্তু সেই একেটা ৰৌমাছ অন্ধ্ৰপ্ৰদেশত ৯০ বা ১০০ টকাত উৎপাদন হয়। অৰ্থ এইটোৱেই যে আমাৰ ইয়াত উৎপাদন কম বাবেই স্থানীয় ৰৌমাছ অন্ধ্ৰপ্ৰদেশৰ গ্ৰাহকৰ দৰে ৯০ টকাৰ সলনি ৩৫০ টকাত কিনিব লগা হৈছে। সেই একেই মাছ গাজিয়াবাদ বা দিল্লীত ২০০ টকা দৰত বিক্ৰী হৈ আছে। পৰ্যাপ্ত উৎপাদন হোৱা হ’লে আমিও সেই একে দামতে পালোঁহেঁতেন। সেয়েহে সাধাৰণ যুক্তিৰেই মই চৰকাৰী তথ্যটোৰ সৈতে সহমত নহয়। চৰকাৰী তথ্য মতে অসমৰ এজনমানুহে বছৰি গড়ে ১২ কেজি মাছ খায়। আন ৰাজ্যবোৰলৈ যদি চাওঁ তেন্তে এই পৰিসংখ্যা হ’ব ত্ৰিপুৰাত ২৭ কেজি, আন্দামান আৰু নিকোবৰত ৬০-৮০ কেজি, ওড়িষাত ১৫ কেজি, মণিপুৰত ১৭ কেজি। অৰ্থাৎ সম্ভাৱনা থাকিও উৎপাদন কম হোৱাৰ বাবে আমাৰ উপভোগ কম। ICMR ৰ নিৰিখ মতে এই হিচাপ অতি কমেও ১২ কেজি হ’ব লাগে আৰু আমি যেনে-তেনে সেই হিচাপৰ সৈতে সমতা ৰক্ষা কৰি আছোঁ। অৱশ্যে এনে বহুত ৰাজ্য আছে যাৰ সেই হিচাপ ৰাষ্ট্ৰীয় গড় হিচাপতকৈ কম। গতিকে সেই ঠাইসমূহ আমাৰ বজাৰ হ’ব পাৰে। অসমত মাছৰ প্ৰাকৃতিক উৎসসমূহৰপৰা উপৰ্যুপৰি মাছ ধৰা হয়, মাছৰ প্ৰজনন কালৰ সময়ত ধৰা হয়, জলাশয়বোৰক খেতিৰ বাবে ব্যৱহাৰ কৰিবলৈ উপযুক্ত চৰকাৰী পৰিকল্পনাৰ অভাৱ আদি কাৰকসমূহে মাছৰ উৎপাদন কমি থকাত অৰিহণা যোগাইছে।
মই তথ্যটো পাহৰিছোঁ, কিন্তু এটা কথা নিশ্চিতভাৱে ক’ব পাৰোঁ যে অসমত মানুহে তৈয়াৰ কৰা মীনপালন ক্ষেত্ৰতকৈ প্ৰাকৃতিক জলাশয় যথেষ্ট বেছি আছে। সেইবোৰ প্ৰায় সম্পূৰ্ণভাৱে উৎপাদন হীনভাৱে পৰি ৰৈছে। নদ-নদী, বিল আদিক এক সুগঠিত মীনক্ষেত্ৰলৈ ৰূপান্তৰিত কৰি অসমক ভাৰতৰে মীন উৎপাদনৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তুলিব পাৰি। খালে-বিলে পোৱা শ’লজাতীয় মাছ হয়তো প্ৰাকৃতিক উৎসসমূহত অহা ১০-১৫ বছৰত নোহোৱা হৈ যাব। সেয়া আমি এতিয়াই সজাগ হ’বৰ হ’ল।
প্ৰশ্ন: অসমত মাছৰ স্থানীয় বজাৰখনৰ বিষয়ে অলপ ধাৰণা দিয়ক।
উত্তৰ: স্থানীয় বজাৰ হিচাপে আমাৰ গহপুৰ মহকুমাৰ বজাৰসমূহকে যদি উদাহৰণ হিচাপে লওঁ তেন্তে আমাক এদিনত প্ৰয়োজন হোৱা মাছৰ পৰিমাণ হ’ল প্ৰায় ৩০০০ কেজি। ইয়াৰে ১০০০ কেজি মাছহে স্থানীয় উৎপাদন য’ত মহাবাহু ফিছাৰিজে ২০০-২৫০ কেজি দৈনিক যোগান ধৰে। গতিকে বাকী ২০০০ কেজি মাছৰ চাহিদা পূৰণ কৰিবলৈ আমি আনৰ ওপৰত নিৰ্ভৰ কৰোঁ। অন্ধ্ৰপ্ৰদেশৰপৰা আহে প্ৰায় ১০০০ কেজি আৰু বাকী ১০০০ কেজিৰ চাহিদা পূৰায় অনৈতিক বা জৈৱিক কৃষিৰ বিধি-বহিৰ্ভূতভাৱে উৎপাদন কৰা মাছে যিবোৰ সাধাৰণতে অসমৰে নগাঁও, মৰিগাঁও, বৰপেটা আদি ঠাইৰপৰা আহে। এনে উৎপাদনত অত্যধিক প্ৰতিজৈৱিক পদাৰ্থৰ প্ৰয়োগ কৰা হয় বা ইউৰিয়াৰ প্ৰয়োগ হয়। ইউৰিয়া অৱশ্যে মাছে নাখায়। ইউৰিয়া দিলে পুখুৰীত শেলাই বা প্লাংকটনৰ পৰিমাণ বাঢ়ে আৰু মাছে সেয়া খাদ্য হিচাপে গ্ৰহণ কৰে। এতিয়া বাহিৰৰপৰা অহা মাছৰ এই হিচাপটো যদি চাওঁ তেন্তে আমি গম পাম যে এবছৰত গহপুৰৰ প্ৰায় ১৫ কোটি টকা বাহিৰলৈ গৈ আছে। বিশ্বনাথ জিলাত এবছৰত ৮০ কোটিৰ মাছৰ বজাৰ আছে। ইয়াৰে কিমান মাছ আমি স্থানীয় লোকে উৎপাদন কৰোঁ সেইটো এটা ডাঙৰ প্ৰশ্ন। আকৌ মাছৰ পোনাৰ এখন বজাৰ আছে। একেদৰে মাছৰ দানা, ঔষধ বা অন্যান্য আনুষংগিক বস্তুৰো ভাল বজাৰ এখন আছে। আমাৰ প্ৰাকল্পিক ধাৰণা মতে অসমত খাবলৈ ব্যৱহাৰ কৰা মাছৰ বজাৰখন হৈছে ৬০০০ কোটি টকাৰ। ইয়াৰে ৪০%-৫০% মাছ আন ৰাজ্যৰপৰা আহে। অৱশ্যে চৰকাৰীভাৱে এই তথ্য বহুত কম। আমি যদি আমাৰ সম্পদৰ সদ্ব্যৱহাৰ কৰোঁ তেন্তে আন নহ’লেও উত্তৰ-পূৰ্বাঞ্চলৰ ১২০০০ কোটি টকাৰ মাছৰ বজাৰখন কেৱল অসমেই দখল কৰি থাকিব।
প্ৰশ্ন: মহাবাহু ফিছাৰিজৰ বৰ্তমানৰ ব্যৱসায়, উৎপাদন বা পৰিসৰৰ বিষয়ে আমাক জনাব।
উত্তৰ: ৩০ বিঘাৰপৰা আৰম্ভ কৰি বৰ্তমান আমাৰ ৩০০ বিঘাৰ প্ৰকল্প চলি আছে য’ত ২২০ বিঘা মাটিত পুখুৰী আছে। আমি বছৰি এশ টন মাছৰ উৎপাদন কৰি আছোঁ আৰু সেইসমূহ মূলতঃ গহপুৰ আৰু ইটানগৰৰ বজাৰত বিক্ৰী হয়। ইয়াৰ লগতে আমি মাছৰ পোনাও উৎপাদন কৰোঁ। প্ৰায় ৩০ বিঘা মাটিত পোনা উৎপাদন কৰোঁ কাৰণ বিশ্বনাথ জিলাত পোনাৰ চাহিদা যথেষ্ট আছে যদিও উৎপাদনকাৰী কম। আমি মাছৰ দানাও নিজে উৎপাদন কৰোঁ। দানা অন্ধ্ৰপ্ৰদেশৰ আনিলে যাতায়াতৰ বাবদ যথেষ্ট খৰচ হয়। সেই খৰচ নিজে উৎপাদন কৰিলে কমি যায়। অৱশ্যে দানা আমি বিক্ৰী নকৰোঁ। ইন্দোৰৰপৰা অনা চয়াবিন বা বাদামৰ তেল উলিওৱাৰ পিছৰ অৱশিষ্টখিনিৰ পিঠা, জাগীৰোডৰ শুকান মাছৰ গুড়ি, শুকান মেটেকা গছৰ সৈতে মিহলি কৰি দানা প্ৰস্তুত কৰোঁ। এই সকলোবোৰ আৱৰ্জনা, ইহঁতৰ পুনৰ্ব্যৱহাৰ হৈছে। মাটিমাহ সৰোৱাৰ পিছত ৰৈ যোৱা অৱশিষ্টখিনি গুড়ি কৰি পোৱা পাউডাৰত ১৫% প্ৰ’টিন থাকে। গতিকে এইটোও এটা উত্তম খাদ্য। ধান বা তুঁহগুড়িত প্ৰায় ৩-৪% প্ৰ’টিন থাকে কিন্তু মেটেকাত ১১% প্ৰ’টিন পোৱা যায়। অসমত মাছৰ দানাৰ বছৰি বজাৰৰ মূল্য হ’ল ১০০০ কোটি টকা য’ত থলুৱা আৱৰ্জনাবোৰ ব্যৱহাৰ কৰি waste to wealth ধাৰণা লগায়েই বহুত উপাৰ্জন কৰিব পাৰি। আমি নতুনকৈ পৰ্যটনৰ কাম এটাও হাতত লৈছোঁ। অনাগত সময়ত সেয়া হৈ উঠিব।
প্ৰশ্ন: শিক্ষাৰ্থীসকলৰ বাবে শিকিবলগীয়া কি আছে মহাবাহু ফিছাৰিজত? প্ৰশিক্ষণৰ বিশেষ ব্যৱস্থা আছে নেকি?
উত্তৰ: যদিহে আমি স্কুলীয়া শিক্ষাৰ্থীৰ কথা কওঁ তেন্তে নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ইয়াত বিজ্ঞানৰ বহুত ব্যাৱহাৰিক প্ৰয়োগ দেখা পাব, যিসমূহ তেওঁলোকে পাঠ্যপুথিত পঢ়িছে। পানীৰ pH জোখা, পানীত থকা এম’নিয়াৰ পৰিমাণ জোখা, পানীত দ্ৰৱীভুত অক্সিজেনৰ পৰিমাণ জোখা, দিনৰ কোন সময়ত পানীৰ pH কিমান সেয়া চাই বিজ্ঞানৰ প্ৰকল্প তৈয়াৰ কৰা আদি কামসমূহ কৰিব পাৰে। শৈক্ষিক ভ্ৰমণত আহিলে সেইখিনি আমাৰ শ্ৰেণীকোঠাত তেওঁলোকক প্ৰদৰ্শন কৰোঁ। শেহতীয়াভাৱে ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ শিক্ষাৰ্থীসকলৰ প্ৰশিক্ষণৰ বাবেও আমাৰ কথা-বতৰা চলি আছে।
প্ৰশ্ন: এই যাত্ৰাত নিশ্চয় প্ৰত্যাহ্বান আছিল? সেই সম্পৰ্কে আমাক কিছু কথা জনাওক। সাধাৰণতে আমি অসমত ধৰ্মীয় বা গোষ্ঠীগত বা সামাজিক পণ্ঠাগত কিছুমান বাধাৰ বাতৰি শুনিবলৈ পাওঁ। আপোনাৰ তেনেকুৱা কিবা অভিজ্ঞতা আছিল নেকি?
উত্তৰ: ইয়াত মূল প্ৰত্যাহ্বান হ’ল কাৰিকৰী জ্ঞানৰ সন্ধান। আমি আৰম্ভ কৰাৰ সময়ত চৰকাৰী বা বেচৰকাৰী যিসকল অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ বাবে কাষ চাপিছিলোঁ সেইসকলে কথাবোৰ মুকলিকৈ নকৈছিল। জটিলভাৱে কথাবোৰ কয়। বুজি পোৱাত বৰ অসুবিধা হৈছিল। পৰামৰ্শ বিচাৰিলে প্ৰতিযোগী বুলি ভাবি লৈ আচল কথাবোৰ কোৱা নাছিল। নিজে অধ্যয়ন কৰি সেই অসুবিধা আঁতৰাইছিলোঁ। কিন্তু সেই অসুবিধা মই আন মীনপালকক পাবলৈ নিদিলোঁ। এতিয়ালৈকে অসমৰ ৫০০০ মীনপালকক প্ৰশিক্ষণ দিছোঁ। প্ৰতি বছৰে মাৰ্চ মাহত ৪০০-৫০০ মীনপালকে ইয়াতে আৱাসিক প্ৰশিক্ষণ লয়। এইবাৰ অৱশ্যে সময়ৰ অসুবিধাৰ বাবে অনলাইন মাধ্যমেৰে সেই ব্যৱস্থা কৰিছোঁ। উপযুক্ত মাৰ্গদৰ্শন নোপোৱাৰ বাবে মোৰ আৰম্ভণিৰ দুই-তিনি বছৰ বহুত অসুবিধা হৈছিল। কিতাপ পঢ়ি, ভিডিঅ’ চাই নিজে চেষ্টা কৰি বহুত শিকিলোঁ। মাছৰ লিংগ চিনিপোৱা, বেজী দিয়া আদি নিজে শিকা।
নেডাৰলেণ্ডৰ RAS নামৰ এটা প্ৰযুক্তিৰ প্ৰয়োগ আমি আৰম্ভ কৰিছোঁ। যিটোৰদ্বাৰা ৬ বৰ্গমিটাৰৰ এটা টেংকিত আমি ২ টন মাছ উৎপাদন কৰিব পাৰোঁ। গতিকে আগ্ৰহীসকলে আহি ইয়াত সেয়াও শিকিব পাৰিব। শিক্ষাৰ্থী বা কৃষক যিসকলৰ ঘৰত সৰু-ডাঙৰ পুখুৰী আছে তেওঁলোকে ইয়াত শিকি ঘৰত সেয়া প্ৰয়োগ কৰি বছৰটোৰ ঘৰখনৰ প্ৰয়োজনীয় মাছ উন্নত আৰু বিজ্ঞানসন্মত পদ্ধতিৰে কৰিব পাৰিব।
সামাজিক বাধা এটা আছিল। যিহেতু মই জন্ম-সূত্ৰে ব্ৰাহ্মণ কিন্তু কৰ্ম-সূত্ৰে ব্ৰাহ্মণ নহয়, সেয়েহে সেই সামাজিক বাধাই মোক চুব পৰা নাছিল। দেউতাই ব্ৰাহ্মণ্য নীতি-নিয়ম মানিছিল বা কামো কৰিছিল। মই মহাবাহু ফিজাৰিছত সকলো কাম নিজে কৰিছোঁ। আমাৰ দুই-এজন কৰ্মচাৰীয়ে আগতে মাছ জুখিবলৈ অমান্তি হৈছিল কাৰণ তেওঁলোক উচ্চ-বৰ্ণৰ। মই কিন্তু সেই কাম কৰিছোঁ। গতিকে সামাজিক প্ৰত্যাহ্বান মোৰ আছিল যদিও নাছিল। আৰ্থিক উন্নতিয়ে ঈৰ্ষা সম্বন্ধীয় প্ৰত্যাহ্বান কিছুমান আনে। উৎসাহ কম পাইছিলোঁ।
আমাৰ মানুহৰ এটা সমস্যা হৈছে নিৰ্দিষ্ট বিভাগীয় কাৰ্যালয়লৈ নাযায়। আমাৰ ধাৰণা বিভাগৰ মানুহে আহি আমাক ঘৰতে কিবা আঁচনিৰ সুবিধা দিব। কিন্তু আমি নিজে গৈ কামখিনি কৰিব লাগিব।
প্ৰশ্ন: মহাবাহু ফিছাৰিজে কিমানজন কৰ্মচাৰীৰ নিয়োগ কৰিছে বা পৰোক্ষভাৱে স্বনিয়োজনত সহযোগ আগবঢ়াইছে নে?
উত্তৰ: আমাৰ ইয়াত দিনে-নিশাই পোন্ধৰজন কৰ্মচাৰী নিয়োজিত হৈ আছে। আন পোন্ধৰজনে আমাৰ মাছ নিয়মিত বিক্ৰী কৰিবলৈ নি আছে। গতিকে মুঠ ত্ৰিছটা পৰিয়াল আমাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। তদুপৰি পোনাৰ বিক্ৰীৰ সময়ত দহগৰাকীমান ব্যক্তিয়ে আমাৰ লগত নিয়োজিত হয়। পৰোক্ষভাৱে আমাৰ প্ৰশিক্ষণ বা মাৰ্গদৰ্শন লৈ প্ৰায় পাঁচ-ছয়হাজাৰটা পৰিয়াল উপকৃত হৈছে।
প্ৰশ্ন: মীন পালন বা কৃষিভিত্তিক কথাবিলাক অসম সাপেক্ষে আমাৰ স্কুলীয়া পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হোৱা উচিত নে?
উত্তৰ: আমাৰ সকলোৱে পঢ়ি-শুনি চৰকাৰী চাকৰি নাপায় বা আমি কেৱল চাকৰিমুখী হোৱা উচিতো নহয়। সেয়েহে পাঠ্যক্ৰমত যদি এই কথাবোৰ বিষদভাৱে অন্তৰ্ভুক্ত কৰে, তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্ম উপকৃত হ’ব। আমাৰ অসমত কৃষিয়েই আচলতে উপাৰ্জনৰ এক শক্তিশালী আৰু ভৌগোলিকভাৱে প্ৰচুৰ সম্ভাৱনাময় উপায়। গতিকে সৰুৰে সেই সজাগতা পাঠ্যক্ৰমৰ জৰিয়তে অনা উচিত। প্ৰধান মন্ত্ৰী মৎস্য সম্পদ যোজনাৰ দৰে আঁচনিয়েও কৃষকসকলক যথেষ্ট উদগনি যোগাইছে। ভাৰত চৰকাৰে ২০০০০ কোটি টকা আগবঢ়াইছে আৰু চলিত বাজেটত অতিৰিক্ত ৬৫০০ কোটি টকা নতুনকৈ দিছে। ভাৰত মিছামাছ ৰপ্তানি কৰাত বিশ্বৰ ভিতৰতে প্ৰথম। অসমত যাৰ কোনো ব্যৱসায়িক উৎপাদন নাই। অসমত প্ৰায় আলংকৰিক মাছৰ প্ৰায় ৫০টা প্ৰজাতি আছে। তাৰ উৎপাদনৰ কথাও পৰৱৰ্তী সময়ত ভাবিব পাৰি। এই জ্ঞানসমূহ পাঠ্যক্ৰমত থকা উচিত। আমি নতুন প্ৰজন্মক জনোৱা উচিত যে মাছ এবিধ খুব ভাল প্ৰটিনৰ উৎস। আমি মাছৰ ভক্ষণ বঢ়াব লাগে। দেহৰ বাবে উপকাৰী কেলছিয়ামকে ধৰি অন্যান্য খনিজ মৌল, ওমেগা ৩ ফেটি এছিডৰ খুব ভাল উৎস হৈছে মাছ। সেয়েহে নতুন প্ৰজন্মক মাছ খাবলৈ আৰু পুহিবলৈ উৎসাহ যোগাব লাগে।
প্ৰশ্ন: শেষৰ প্ৰশ্নটো আগবঢ়াওঁ। আপুনি এতিয়ালৈকে পোৱা সামাজিক বা চৰকাৰী স্বীকৃতিৰ বিষয়ে আমাক চমুকৈ জনাওক।
উত্তৰ: মই স্থানীয় বা অসম ভিত্তিত বিভিন্ন স্বীকৃতি পাইছোঁ। দুটামান উল্লেখযোগ্য স্বীকৃতি হৈছে ২০২১ চনত ভাৰত চৰকাৰৰপৰা পোৱা সৰ্বশ্ৰেষ্ঠ মীনপালক বঁটা (উত্তৰ-পূৰ্বাঞ্চল আৰু অন্যান্য পাহাৰীয়া ৰাজ্য শাখাত) আৰু ২০২১ চনতেই অসম চৰকাৰে আগবঢ়োৱা শ্ৰেষ্ঠ মীনপালক বঁটা। অসম চৰকাৰৰ মীন বিভাগে ইয়ালৈ যথেষ্ট সুবিধা দিছে। সেয়ে মই চৰকাৰৰ ওচৰতো কৃতজ্ঞ।
প্ৰশ্ন: আপোনাৰ ব্যস্ততাৰ মাজত আমাক এই সময়খিনি দিয়াৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আপোনাৰ সু-স্বাস্থ্য কামনাৰে আমাৰ অনুষ্ঠান সামৰিছোঁ।
উত্তৰ: ধন্যবাদ। আমাৰ কথাখিনি ৰাইজৰ মাজলৈ লৈ যাবলৈ সাহিত্য ডট অৰ্গে কৰা এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।