অন্য এক ৰবীন্দ্ৰনাথ৷
লেখক- —ববিতা কলিতা৷
নৰাৰে সজা ঘূৰ্ণিয়মান শিল্পকৰ্মটোলৈ চাই ৰৈছে ৰবীনে।মুণ্ডহীন নৰাৰ মানুহবোৰে নিজৰ পিঠিৰ ভৰত ধৰি ৰাখিছে পৃথিৱীৰ ভাৰসাম্য।অথচ সিহঁতে নিজৰ মূৰবোৰ শৰীৰবোৰৰ সৈতে সংলগ্ন কৰিব পৰা নাই।বুৰ্জোৱাৰ ভৰিৰ তলৰ ফুটবলৰ দৰে পদদলিত হৈ পৰা নৰাৰ মুণ্ডবোৰ এতিয়া ভাগৰুৱা!শৰীৰবোৰ ভাঁজখোৱা।
“কি ৰে ৰবীন?কি কৰিছা ইয়াত?”সমীৰে মাত লগাই ৰবীনৰ মনোযোগখিনি কাঢ়ি নিলে।
“দেখতো ভাই ,কি সুন্দৰ এটা শিল্পকৰ্ম।”ৰবীনে খবৰ কাকতখনত প্ৰকাশিত উত্তৰ কোৰিয়াৰ শিল্পকৰ্ম এটাৰ অৰ্থবহ ছবিখন সমীৰক মেলি দেখুৱালে।
“ধু…উ…উ…ৰ…”বুলি দীঘলীয়াকৈ বিৰক্তিৰ ভাব এটা প্ৰকাশ কৰিলে সমীৰে।
“যিখন দেশত মানব অধিকাৰেই নাই,তাত শিল্পীৰ এনে কল্পনা বাতুল মাথোন।”
সমীৰে কথাখিনি কৈ ব্যস্তভাৱে মোনাৰপৰা চিঠি এজাপ উলিয়াই ৰবীনৰ হাতত তুলি দিলে।
“কিহৰ চিঠি?”ৰবীনে চিঠিৰ জাপটো লিৰিকি-বিদাৰি চালে।
“ৰবীন্দ্ৰ জয়ন্তীৰ।মানুহৰ মাজত বাচি থাকিব বিচৰা মানুহগৰাকীক আমিয়েই জীয়াই ৰাখিব নালাগিব জানো?
খামৰ ওপৰত লিখা আছে ঠিকনাবোৰ।চাই চাই বিলি কৰি দে ভাই।সময় একদম কম।”
সমীৰে ব্যস্তভাৱে ৰবীনক চিঠিৰ দায়িত্বভাগ দি আঁতৰি গ’ল।
ৰবীনে চিঠিৰ জাপটো কান্ধত ওলমি থকা সূতাৰ মোনাখনত সুমুৱাই ল’লে।মোনাত সি খেলিমেলিকৈ থোৱা কবিতাৰ পৃষ্ঠাবোৰৰ সৈতে চিঠিবোৰ একেলগে জাপ খাই পৰি ৰ’ল।
এইবাৰ সমীৰক কৈ ৰবীন্দ্ৰ জয়ন্তীত সি নিজেও এটা কবিতা পাঠ কৰিব।এটি স্বৰচিত কবিতা!
কথাটি ভাবিয়েই ৰবীনৰ মনটো ভাল লাগি গ’ল।সংগ্ৰামে কঠুৱা কৰা বুকুত কবিতাবোৰ বৰষুণ হৈ নামি আহিব।সাৰুৱা কৰিব আধৰুৱা সপোনবোৰক।
কি নাম দিব সি তাৰ সপোনবোৰক?
‘শ্যামলী!’
ঠিকেইতো।
কালি শ্যামলীৰ ভনীয়েকৰ বিয়াৰ ৰভাখন ভাঙি আহিছে সি।
শ্যামলীৰ ভনীয়েকজনী দেখিবলৈ শ্যামলীৰ দৰে নহ’ল।দেহাৰ বৰণটো ক’লা হ’লেও আয়ত চকুহাল,জোঙা নাকটি,গোমসাপ যেন ক’লা চুলিকোচাৰে শ্যামলীয়ে পুৰুষৰ দৃষ্টি চুম্বকৰ দৰে আকৰ্ষণ কৰিব পাৰিছিল।ৰবীনে স্কুললৈ যোৱাৰ বাটত শ্যামলীক ৰখোৱাই কিমান প্ৰেমিকৰ বুকুৰ খোলাত লালিত নীলৰঙী মুকুতাৰ মালা একোধাৰি তাইৰ হাতত গুজি দিছিল।এটি লাজুক হাঁহিৰে কুঁচি দিয়া ব্লাউজৰ নিষিদ্ধ এলেকাত গুজি থোৱা শব্দবোৰে তাইৰ উশাহৰ ঢৌত কতবাৰ যে উঠা-নমা কৰিছিল!
তাই জানো জানিছিল বীৰেনৰ নামত তাইলৈ যোৱা চিঠিখন ৰবীনে লিখা।মনোজৰ নামত যোৱা চিঠিখনো ৰবীনেই লিখা।ৰাজা-জমিদাৰৰ পুতেক হ’লেও মনোজ আৰু বীৰেনৰ ৰবীনৰ দৰে প্ৰতিভা নাছিল।শব্দৰ সৈতে কথা পতাৰ অভ্যাসো নাছিল।
সিহঁতৰ হৈ চিঠিবোৰ লিখিবৰ পৰত শ্যামলীৰ চকুহালে মায়া হৈ ৰবীনক পৰিক্ৰমা কৰি ফুৰিছিল।তাৰ চকু মুখ তিয়াই বাগৰি গৈছিল শ্যামলীৰ নিয়ৰস্নাতা উন্মুক্ত চুলিকোচা।যৌৱনৰ কুঁহিপতীয়া সপোনবোৰক যেন বসন্তৰ চেঁচা বৰষুণ এজাকে নিমিষতে তিয়াই গৈছিল।মেঘত ওপঙি থকা ৰঙা নিচাবোৰ ৰবীনৰ কলিজাত পলাশ হৈ ফুলিছিল।
শ্যামলীয়ে পিছে এইবোৰ একো জনা নাছিল।তাই তেতিয়া ব্যস্ত আছিল বীৰেন আৰু মনোজৰ মাজত কাৰ চিঠিৰ উত্তৰ আগতে লিখিব সেই চিন্তাত।
“অ’ই ৰবীন,তই ইয়াতে আছা?মই যে ক’ত ক’ত নিবিচাৰিলোঁ তোক!”
নৈৰ পাৰত বহি পানীৰ ঢৌবোৰলৈ ৰ লাগি চাই থকা ৰবীনক ধকা এটা মাৰি কৈছিল শ্যামলীয়ে।
ৰবীন চক খাই উঠিছিল।
“উফ শ্যামলী,কি লাগে তোক ইয়াত?”ৰবীনে শ্যামলীক কেটেৰা মাৰিছিল।
“চিঠিৰ উত্তৰ।”
ৰবীনৰ বুকুখন ধিপলিংকৈ মাৰিলে।কেনেবাকৈ গম পালে নেকি শ্যামলীয়ে? চিঠিবোৰ যে সিহে লিখিছিল।জানি গ’ল নেকি তাই অকল শব্দবোৰেই নহয়,চিঠিৰ ভাবনাবোৰো যে তাৰ আছিল!
“ক’ না ৰবীন,লিখি দিবি?”শ্যামলীয়ে আব্দাৰ কৰিছিল।
“কি লিখিব লাগে?”ৰবীনে সঁচাকৈ বুজা নাছিল শ্যামলীক কি লাগে।
শ্যামলীয়ে বুকুত লুকুৱাই অনা কাগজ এখিলা আৰু ফাউণ্টেন পেনটো ৰবীনৰ হাতত তুলি দিছিল।
“ভাল কৰি লিখিবি হা।ঠিক ৰবি ঠাকুৰৰ প্ৰেমৰ কবিতা এটাৰ দৰে।”মিঠাকৈ হাঁহি এটা মাৰি শ্যামলী নৈৰ পাৰৰপৰা আঁতৰি গৈছিল।
শ্যামলী যোৱাৰ পিনে একেথিৰে চাই ৰয় ৰবীনে।তাৰ বুকুত মিঠা সুহুৰি এটাৰ দৰে বাজি ৰয় কবিগুৰুৰ গীত এফাঁকি-
“আমাৰ পৰাণ যাহা চায়
তুমি তাই
তুমি তাই গো…।”
শ্যামলীয়ে তাৰ হাতত গুজি দিয়া উকা কাগজখিলা মেলি লয় সি।
হে প্ৰিয়,
মম প্ৰেমেৰ কুটীৰে
তোমাৰ প্ৰাণেৰ পাখিৰাই
সেজেছে এখানি কুটাৰ ঘৰ।
বুকে ফুলে উঠেছে
শত শতদল মনোহৰ।
নিজে লিখা কবিতা এফাঁকিৰে ৰবীনে শ্যামলীৰ বাবে চিঠিৰ উত্তৰ লিখিবলৈ আৰম্ভ কৰিছিল।
‘প্ৰতি’ শব্দটোৰ পিছত এটি কমা।তাৰ পাছত এৰি দিয়া অকণমান খালী ঠাই।সেই খালী ঠাইকণত কাৰ নাম লিখিছিল শ্যামলীয়ে?
“মনোজ নে বীৰেনৰ?নে আন কোনোবা জমিদাৰৰ?”
ৰবীনৰ ৰাতিৰ টোপনিবোৰ শ্যামলীৰ চুলিৰ ক’লা অন্ধকাৰত হেৰাই যায়।
আধাৰাতি মাটিচাকি এটা জ্বলাই লয় সি।এখিলা কাগজ আৰু এটি পাখি লগা কলম আঙুলি ফাঁকত গুজি ভাবনাৰ চিয়াঁহীত বুৰ যায় ৰবীন।কবিতাবোৰ নামি আহে নিৰাশাৰ শূন্য বাটেৰে।
ৰবীনৰ সূতাৰ মোনাখন ভৰি আহে বিনিদ্ৰ নিশাৰ কবিতাৰে।
“ধুৰ।প্ৰেমৰ কবিতা আৰু কিমান লিখিবা?কবিতা লিখিলে পেট নভৰে বন্ধু।পেট ভৰাবলৈ সংগ্ৰাম কৰিব লাগে।যুদ্ধ কৰিব লাগে।হাল-মাটি নথকা মানুহে অস্ত্ৰ ধৰিব লাগে।কবিতা লিখিবলৈ যিদৰে পৃথিৱীখন সকলোৰে,সম্পদৰ গৰাকী হোৱাৰ অধিকাৰো সকলোৰে।”আন্ধাৰৰ আঁৰ লৈ অহা দয়ালে ৰবীনক ফুচফুচাই কৈছিল।
“কিন্তু কবিতাওতো হ’ব পাৰে প্ৰতিবাদৰ ভাষা?”ৰবীনে দুৰ্বলকৈ হ’লেও নিজৰ পক্ষত যুক্তি এটা দি চাইছিল।
“নিশ্চয় পাৰে।কিন্তু প্ৰাপ্য আদায় কৰিবলৈ হ’লে বন্দুকৰ নলীক কথা ক’বলৈ দিব লাগে।”
দয়ালে ৰহস্যময় হাঁহি এটা মাৰি আন্ধাৰত হেৰাই গৈছিল।
দয়ালৰ কঁকালৰ খোচনিত আছিল নেকি এখন খুকুৰি বা এটা বন্দুক যিয়ে কলমটোক দুৰ্বল বুলি আট্টহাস্য কৰে।
সিদিনাৰ পৰা ৰবীনৰ মোনাখন ভৰি পৰিছিল প্ৰতিবাদী কবিতাৰে।চিষ্টেমৰ বিৰোধিতাৰে।কবিতা নহৈ যেন তাৰ কান্ধত ওলমি ৰৈছিল একোটি ফিৰিঙতি,একোটা মশাল।যি জুই দেখি আন্ধাৰ কুটীৰৰ দুৱাৰ খুলি ওলাই আহিব জাক জাক সৰ্বহাৰা।অথবা যি জুই দেখি কঁপি উঠিব জমিদাৰৰ নীলা কলিজা।
শব্দবোৰতো উত্তাপ থাকে।সেই উত্তাপে সাহসী কৰিছিল নিঃকিন মানুহবোৰক।শব্দৰ উমত শীৰ্ণ বুকুবোৰ তীখা হৈ জ্বলিছিল।ৰবীনে শব্দবোৰক ধাৰ দি অস্ত্ৰ কৰি লৈছিল।সৰ্বহাৰাৰ কঁকালৰ খোচনিত সেই অস্ত্ৰ গুজি দিছিল।নৰাৰ মুণ্ডহীন মানুহবোৰে কঁকাল পোনাই থিয় হ’ব লাগে।বুৰ্জোৱাক ওফৰাই নিজৰ মূৰবোৰ নিজৰ ডিঙিৰ ওপৰত আঁৰি ল’ব লাগে।মূৰ নথকা মানুহে মুকুট পিন্ধাৰ সপোন কিদৰে দেখিব?
ৰবীনে নিচলা মানুহবোৰক সংগঠিত কৰিছিল।পৰিৱৰ্তনৰ সপোন দেখুৱাইছিল।সৰ্বহাৰা হৈ জন্মিছে হয়।কিন্তু সৰ্বহাৰা হৈ নমৰে সি।তাৰ নিদ্ৰাবিহীন যাযাবৰী দুচকুত পৰিৱৰ্তনৰ সপোন এটাই বাহ সাজিছিল।
কিন্তু সি ভবাৰ দৰে একো নহ’ল।এদিন কাল সন্ধ্যা গিৰিপ গিৰিপকৈ সোমাই অহা চিপাহী এমখাই হাতত কেৰেয়া লগাই গতিয়াই, লঠিয়াই মাকৰ সন্মুখেৰে লৈ গ’ল ৰবীনক ৰঙাঘৰলৈ।
নিষিদ্ধ সংগঠনৰ লগত ৰবীনৰ সম্পৰ্কৰ প্ৰমাণ পাইছে চৰকাৰে।
“জেইলৰ মহোদয়,এখিলা কাগজ আৰু এটা কলম পোৱাহেঁতেন।”শব্দৰ মায়াই ৰবীনক জেলৰ কুঠৰীতো আৱৰি ৰাখিছিল।
“কি ৰে?কি লিখছিচ?আচলে তুই ৰবীন না ৰবীন্দ্ৰনাথ?”জেইলৰজনে তাক পেংলাই কৰিছিল।
প্ৰিয় কবিৰ নামেৰেই মাকে তাৰ নাম ৰবীন্দ্ৰনাথ ৰাখিছিল।দুখীয়া-নিচলাৰ জুপুৰীত ৰবীন্দ্ৰনাথ?মানুহে অলপ বেছি হ’ল বুলি মাকক হাঁহিছিল।মাকে লাজ পাই পাঠশালা স্কুলত নাম লিখিবৰ পৰত তাৰ নামটোৰপৰা “নাথ”টো কাটি দিছিল।
“নাথ মানেতো ঈশ্বৰ।স্বামী।গৰাকী।কবিৰ দৰে জমিদাৰৰ ঘৰত জন্ম পোৱা লোকৰ নামৰ সৈতে নাথ লগালে শুৱায়।তই লগুৱাৰ ল’ৰাহে।আজ্ঞে ৰবীন্দ্ৰই থাক।”
প্ৰধান শিক্ষকে কোৱা কথাবোৰে ৰবীনৰ বুকুত আজিও ঠহৰ ঠহৰকৈ বিন্ধে।
হাইস্কুল পোৱাৰ পাছত মাকে তাৰ নামটোৰপৰা ‘ইন্দ্ৰ’টোও কাটি পেলাই ৰবীন কৰি দিলে।
আস।এতিয়াহে তাৰ নামটো জুপুৰীটোৰ সৈতে মিলি গৈছে।নামটো সলনি হোৱাত মাকৰ মনটোও মুকলি মুকলি লাগিবলৈ ধৰিলে।
পিছে নামটোৱে এৰিলেও কবিতাই নেৰিলে ৰবীনক।ৰবীন শব্দৰ যাদুকৰ।কবিতাৰ ঈশ্বৰ।প্ৰেমিক পখীবোৰে তাৰ শব্দ ধাৰলৈ লৈ প্ৰেমাষ্পদক বিচাৰি উৰা মাৰি যায়।বিপ্লৱী নেতাবোৰে ছদ্মনামেৰে তাক ৰাষ্ট্ৰবিৰোধী কবিতা লিখোৱায়।কবিতা লিখাৰ অপৰাধত ৰবীন সুদীৰ্ঘদিন কাৰাবাস খাটি দাড়ি-চুলিৰে ভোবাকাৰ হৈ ওলায়।জেলৰপৰা ওলাবৰ দিনা মূৰটোৰ ঠিক মাজেৰে শেওতা ফালি ফণিওৱা এজাপ আধাপকা চুলি আৰু এমুখ দাড়িৰে তাক ৰবীন্দ্ৰনাথ যেন দেখায়।
শ্যামলীয়ে তাক তেনে ৰূপত দেখি খিলখিলকৈ হাঁহিছিল।
“কি অৱস্থা ! দাড়িবোৰ নকটোৱা কিয়?”
“দাড়িবোৰ কটালে মোলৈ আহিবি জানো?”
ৰবীনে মনে মনে ভাবিছিল।কিন্তু কোৱা নাছিল একোৱেই।সময় পাৰ হৈ গ’লে কেতবোৰ জৰুৰী কথাও অপ্ৰাসংগিক হৈ পৰে।ঠিক ম্যাদ। উকলি যোৱা ঔষধৰ দৰে ! শ্যামলী এতিয়া আনৰ।বীৰেন বা মনোজৰ নহ’লেও তাই এতিয়া সুকুমাৰৰ।
সুকুমাৰৰ হোৱাৰ পাছত শ্যামলী বহু বছৰৰ মূৰত গাঁৱলৈ আহিছে।তাইৰ ভনীয়েকৰ বিয়া।বিয়াৰ ৰভা টনা আৰু ভঙা কামটো ৰবীনে কৰিছে।জেলৰপৰা ওলোৱাৰ পাছত ৰবীন দিশহাৰা হৈ পৰিছিল।অভাৱত পৰি মাকে মাটি-ভেটিখিনি অলপ অলপকৈ বিকি শেষ কৰি পেলাইছিল।গাঁৱত যাৰ য’ত যি কাম পায় তাকে কৰি সি নিজৰ আৰু মাকৰ পেটটো বচাবৰ দিহা কৰিছিল।শ্যামলীয়ে ভনীয়েকৰ বিয়াৰ মণ্ডপ সজা কামটোৰ দায়িত্ব ৰবীনক দিছিল।ৰবীনৰ দৰে কলা আৰু সৌন্দৰ্যৰ জ্ঞান থকা মানুহ গাঁওখনত দ্বিতীয় এজন নাই।
ৰবীনৰ মন নাছিল শ্যামলীৰ পদূলিত খোজ দিবলৈ।কিন্তু মন যোৱা কিবা কাম জানো সি কৰিবলৈ পাইছে?বিয়াৰ মণ্ডপৰ কাম মানে কিছুদিনৰ ভাতমুঠিৰ যোগাৰ।
ৰবীন মান্তি হৈছিল।জামদানী শাৰী পিন্ধি ফৰক্ ফৰক্ শব্দ কৰি শ্যামলীয়ে বিয়াৰ যা-যোগাৰত ব্যস্ত হৈ পৰিছিল।
সুখৰ সময়বোৰ আপোনজনৰ সৈতে ভাগ-বাটোৱাৰা কৰিলেহে ভাল লাগে।শ্যামলীয়ে তেনেকৈয়ে কৈছিল।পিছে ৰবীনে জানিছিল শ্যামলীয়ে তাইৰ প্ৰতিপত্তিশালী জীৱনটো দেখুৱাই আনক জ্বলাবলৈ আহিছিল।দুডলীয়া বেণী গুঠি আঁঠুৰ গুৰিলৈকে ছপা শাৰী এখন পিন্ধি উদং ভৰিৰে নৈৰ পাৰে পাৰে দৌৰি ফুৰা শ্যামলীৰ এতিয়া সোণেৰে আধা দেহ ঢাক খোৱা।বিৰক্ত হৈছিল ৰবীন।কিন্তু কামখিনি হৈ নোযোৱালৈকে ৰভাতল এৰিব পৰা নাছিল।
বিয়া যোৱাৰ পাছত দুদিনমান জিৰণি ল’ম বুলি ভাবিছিল ৰবীনে।কিন্তু এই সমীৰে দি থৈ গ’ল চিঠিৰ জাপটো।
ঠিকনা চাই চাই চিঠিবোৰ বিলাই দিলে ৰবীনে।কিন্তু অনুষ্ঠানৰ দিনা তাৰে বহু মানুহ নাহিল।সন্তানক লৈ সপোন দেখা মাকবোৰেহে সন্মুখৰ চকীবোৰত ভিৰ কৰি বহি থাকিল।
সেই ভিৰৰ মাজত ৰবীনে শ্যামলীক বিচাৰি চালে।নাই,অহা নাই তাই।
“ঐ ৰবীন,কাৰ্টনকেইটা খুলি পানীৰ বটলবোৰ বিলাই দেচোন।” সমীৰে তাক নিৰ্দেশ দি নিজে অন্য কামত লাগিল।
ৰবীনে পানীৰ বটলবোৰ সন্মুখৰ শাৰীত বহা মানুহবোৰক বিলাই দিলে।
“শ্যামলী কিয় নাহিল?ৰবি ঠাকুৰৰ ভক্ত দেখোন তাই।কবিতা বুলিলেই বলিয়া।সি নিজহাতে তাইক দি আহিছে চিঠিখন।”
“ঐ,ৰবীন মঞ্চখন লেতেৰা হৈ আছে।অলপ ঝাৰু মাৰি দেনা ভাই।”সমীৰে লৰালৰিকৈ কৈ যায় ৰবীনক।
ৰবীন ঝাৰু মাৰিবলৈ মঞ্চত উঠিল।কণমানিবোৰে হাত চাপৰি বজাই চিঞৰি উঠিল-
“চোৱা , চোৱা সৌৱা ৰবীন্দ্ৰনাথ।”
পোৱালীজাকৰ কথা শুনি গোঁফৰ তলতে হাঁহি এটা মাৰি ৰবীনে জেপত থকা কবিতাটি এবাৰ উলিয়াই চাই পুনৰ ভৰাই থ’লে।
অনুষ্ঠান আৰম্ভ হ’ল।
উৰুলি ঘণ্টাৰে বন্তি প্ৰজ্বলন কৰা হ’ল।গাভৰু এজাকে সমবেত সংগীত গালে।কণমানিহঁতৰ অনুষ্ঠান এটা চলি থকাৰ মাজতে শ্যামলী সোমাই আহি অলপ পাছৰ ফালে থকা চকী এখনত বহি ল’লে।আজি শ্যামলীয়ে জাপ জাপ গহনা পিন্ধি অহা নাই।ৰবীনে দূৰৈৰ পৰাই দেখা পালে কলপতীয়া শাৰী পিন্ধা শ্যামলীক।তাইৰ গাত মঙহ আগতকৈ অলপ বেছি হ’ল।বাকী সকলো একেই আছে।আয়ত চকু।জোঙা নাক।
ৰবীনে সমীৰক বিচাৰি চালে।সমীৰক কৈ আজি সি এটা প্ৰেমৰ কবিতা পাঠ কৰিব।কেৱল শ্যামলীৰ বাবে।
“সমীৰ ক’লৈ গ’ল?”ৰবীনে সুধিলে স্বেচ্ছাসেৱক এজনক।
“সৌৱা মঞ্চত।”
সমীৰ তেতিয়া হাতত মাইক লোৱা এজন ব্যস্ত ঘোষক।ৰবীন উচপিচাই উঠিল।শ্যামলী উঠি যোৱাৰ আগতে সি কবিতাটি পাঠ কৰিবলৈ পোৱা হ’লে!
ৰবীনে ভাবিলে সি এটা অনুষ্ঠান শেষৰ পাছত আন এটা অনুষ্ঠান আৰম্ভ হোৱাৰ মাজৰ খালী সময়খিনিতেই দেখোন কবিতা এটা পাঠ কৰিব পাৰে।
কথাখিনি ভাবিয়েই সি উঠি গ’ল মঞ্চৰ ওপৰত।
“হেই…ৰবীন!”সমীৰে চেপা মাতেৰে মাতিলে ৰবীনক।
“কি কৰছিচ বোলতো।”সমীৰে বিৰক্তভাৱে ক’লে ৰবীনক।
“মানে এটা কবিতা পাঠ কৰিব বিচাৰিছিলোঁ।”ৰবীনে লাজ লাজকৈ ক’লে।
“কাৰ কবিতা?ঠাকুৰৰ?”সমীৰৰ ভ্ৰু কোঁচ খালে।
“না না।মোৰ নিজৰ।”ৰবীনে পাঞ্জাৱীৰ জেপৰপৰা কাগজ এখিলা উলিয়ালে।
“শুন ৰবীন,এই কবিতাৰ কাৰণেইতো অতবছৰ জেলত থাকিলি তই।এই অনুষ্ঠানত তেনে কবিতা পাঠ কৰিলে আমিও বিপদত পৰিম ভাই।”সমীৰে বুজাই ক’লে।
“কিন্তু এইটোতো এটা প্ৰেমৰ কবিতা।”ৰবীনে সমীৰক জোৰ দি ধৰিলে।
সমীৰে ৰবীনক হাতেৰে অলপ ৰ’বলৈ ইংগিত দি অন্য অনুষ্ঠানবোৰৰ মাজত সোমাই পৰিল।
ৰাতি দুপৰ হ’ল।অনুষ্ঠানো শেষ হ’ল।কমিটিৰ মানুহবোৰ খোৱা-বোৱাৰ যোগাৰত ব্যস্ত হৈ পৰিল।
“ৰবীন,তই এটা কবিতা পাঠ কৰাৰ কথা আছিল নহয়।যোৱাগৈ।মঞ্চ খালী আছে।”মদ খাই লবেজান হৈ পৰা সমীৰে ৰবীনক পিঠিত চপৰিয়াই উৎসাহ দিলে।
ৰবীন একেঠাইতে ৰৈ থাকিল।নীৰৱে।তেতিয়ালৈকে দৰ্শকো খালী হৈছিল।
সমীৰ খাবলৈ বহিছিল।
“ঐ ৰবীন,টেবুলখন মচি দেনা অলপ ভাই।গোটেইখন খিচিৰিৰে লেট পেট হৈ আছে।”
ৰবীনে আগুৱাই আহি হাতত থকা কাগজখিলাৰে টেবুলখন মচি দিলে।তাৰ পিছত লেতেৰা কাগজখিলাৰ নুৰা এটা বনাই সি ডাষ্টবিনলৈ দলিয়াই দিলে।সমীৰে আৰু কিবা কোৱাৰ আগতে সি প্ৰেক্ষা-গৃহটোৰ পৰা ওলাই আহিল।
পোহৰময় প্ৰেক্ষা-গৃহটোতকৈ জনহীন এন্ধাৰ বাটটো ভাল লাগিল ৰবীনৰ।সি ৰবি ঠাকুৰৰ কবিতা এফাঁকি মুখ ফুটাই গালে-
“বেঁধেছো প্ৰেমেৰ পাশে
ওহে প্ৰেমময়,
তব প্ৰেমে লাগি দিবানিশি
জাগি ব্যাকুল হৃদয়।”
“অ’ই ৰবীন।”
শূন্য বাটটোত কোনে মাতিছে তাক নাম ধৰি?উভতি চালে ৰবীনে।
“শ্যামলী!ইমান ৰাতি?বাহিৰত কি কৰিছা?”ৰবীনৰ মাতটো ডাঙৰ হৈ ওলাল।
“নৈশ ভ্ৰমণ।”শ্যামলীয়ে উত্তৰটো দি ৰবীনৰ চকুলৈ দুষ্টকৈ চালে।
“অকলে?”ৰবীন আচৰিত হ’ল।
“কিয়?অকলে কেৱল পুৰুষেই থাকিব পাৰে নেকি?”শ্যামলীৰ কথাত যেন ব্যংগ এটা ফুটি উঠিল।
“নাই নাই।মই তেনে অৰ্থ কৰা নাই।”ৰবীনে অপৰাধীৰ দৰে ক’লে।
“তোক বিচাৰি প্ৰেক্ষাগৃহলৈ গৈছিলোঁ।নাপালোঁ।ভাবিলোঁ অনুষ্ঠান শেষ হ’লে নিশ্চয় এই বাটেৰেই আহিবি।সেয়ে তোলৈ ইয়াতেই ৰৈ থাকিলোঁ।নৈশ ভ্ৰমণ নকৰোঁ মই।”শ্যামলীয়ে ক’লে।
“কিন্তু মোলৈ কিয় ৰৈ আছা তুমি?”ৰবীন আচৰিত হ’ল।
“তোৰ কবিতাটো ঘূৰাই দিবলৈ।”শ্যামলীয়ে কুঁচি দিয়া ব্লাউজৰপৰা কাগজ এখিলা উলিয়াই ৰবীনলৈ আগুৱাই দিলে।
“মোৰ কবিতা?কেনেকৈ?”ৰবীনে সুধি থাকিল।
“ৰবীন্দ্ৰ জয়ন্তীৰ নিমন্ত্ৰণী চিঠিৰ সলনি তুমি তোমাৰ কবিতাৰ কাগজ এখিলা দি গৈছিলা।তোমাৰ কবিতাৰ আখৰকেইটা বৰ চিনাকি চিনাকি লাগিল।”শ্যামলীয়ে সামান্য হাঁহি এটিৰে ক’লে।
“কাইলৈও দিব পাৰিলাহেঁতেন।”ৰবীনে কাগজখিলা হাতত লৈ ক’লে।
“কাইলৈ পুৱাই আমাৰ ফ্লাইট।আমি কাইলৈ উভতি যাম কলকাতালৈ।”
কথাখিনি কওঁতে শ্যামলীৰ ক’লা চকুহাল সজল হৈ পৰিছিল নেকি?আন্ধাৰত একো ধৰিব নোৱাৰিলে ৰবীনে।
“শুনচোন,তোৰ কবিতাবোৰ মোক দে।”শ্যামলীয়ে ক’লে।
“কিয়?কি কৰিবা?”ৰবীনে কান্ধত পেলাই থোৱা মোনাখন লাৰি চাৰি ক’লে।
“ছপাবলৈ দিম।”
“কিন্তু কোনে ছপাব মোৰ কবিতা?”ৰবীনে অবিশ্বাসেৰে ক’লে।
“সমীৰণে।তেওঁৰ কলকাতাত পাব্লিকেশ্যন হাউছ এটা আছে।”
ৰবীনৰ চকুহাল খঙত ৰঙা হৈ উঠিল।
সমীৰণ!
সি শুনিব নিবিচাৰে শ্যামলীৰ মুখত সমীৰণৰ নাম।বীৰেন আৰু মনোজৰ দৰে সি সমীৰণকো ঘৃণা কৰে।
কথাবোৰ মনলৈ অহাত এটি চেপা উত্তেজনাত ঘামি উঠে ৰবীন।ৰঙামাটিৰ লুঙলুঙীয়া বাটটি!দয়ালৰ কঁকালৰ খোচনিৰ বন্দুকটো।আৰু সুন্দৰবনৰ ঘন জংঘলত দুটা নৰকংকাল।
মনোজ!আৰু বীৰেন!
শ্যামলীয়ে কেতিয়াও জানিবই নিবিচাৰিলে নেকি মনোজ আৰু বীৰেন ক’ত নোহোৱা হ’ল?সমীৰণ নামৰ জমিদাৰজনে তাইৰ বাবে অতীত কৰিলে মুঠি মুঠি প্ৰেমৰ শব্দক।যিবোৰ শব্দ এসময়ত তাইৰ উশাহত উঠা-নমা কৰিছিল!
কাক ঘৃণা কৰিব সি?সমীৰণক নে শ্যামলীক?
সূতাৰ মোনাত কবিতাৰ জাপত পৰি থকা বন্দুকটো এবাৰ চুই চালে ৰবীনে।তপত তেজ এসোঁতা বৈ গ’ল তাৰ ভৰিৰ তলুৱাৰপৰা মূৰলৈকে।
আধা ছাঁ আধা পোহৰত থিয় হৈ ৰোৱা শ্যামলীলৈ এবাৰ তীক্ষ্ণ দৃষ্টিৰে চালে ৰবীনে।চিৰি পেলাব নেকি শ্যামলীৰ বুকুখন এটি মাত্ৰ বুলেটেৰে?
নাই!নাই!নালাগে।
তাৰ কলিজাৰপৰা নিঃসৃত শব্দবোৰ সযতনে সুমুৱাই ৰখা বুকুখন সদায় অক্ষত হৈ থাকক।
“জীয়াই থাকক শ্যামলী কবিতাবোৰৰ সৈতে।”
মনৰ ভিতৰতে কথাখিনি কৈ ৰবীনে সূতাৰ মোনাখনৰপৰা এখিলা এখিলাকৈ কবিতাৰ পৃষ্ঠাবোৰ উৰুৱাই দিলে।বন্দুকটো খামুচি ধৰি সি আন্ধাৰ বাটটোৰে দীঘল দীঘলকৈ খোজ পেলাই শ্যামলীৰ কাষৰপৰা আঁতৰি গ’ল।
সি উভতি চোৱা নাছিল শ্যামলীয়ে তাৰ কবিতাবোৰ তাইৰ বুকুুত গুজি লৈছিল নে নাই।ঘূৰি চাবলৈ তাৰ সময় নাছিল।এন্ধাৰ জাৰণিত নৰাৰ মানুহবোৰে নিজৰ মূৰটো বিচাৰি তেতিয়াও ঘুৰ্মুটিয়াই ফুৰিছিল।