অবিভক্ত গোৱালপাৰা জিলাৰ নিচুকনি গীত: এটি চমু আলোচনা
লেখক- —ৰমেশ চন্দ্ৰ ৰায়
অসমৰ পশ্চিম প্ৰান্তৰ অবিভক্ত গোৱালপাৰা জিলা মৌখিক সাহিত্যত অতি চহকী। লোকগীত, ফকৰা-যোজনা আৰু সাধুকথা – এই সকলো শ্ৰেণীৰ মৌখিক সাহিত্য এই অঞ্চলত পোৱা যায়। পৰম্পৰাগতভাৱে এই সাহিত্যসমূহ ৰাজবংশী ভাষাত চলি আহিছে।
মৌখিকভাৱে চলি অহা লোকসাহিত্যৰ অন্তৰ্ভুক্ত নিচুকনি গীতসমূহ হ’ল শিশুসকলক নিচুকাবলৈ গোৱা গীত। ড০ সত্যেন্দ্ৰনাথ শৰ্মাই লিখিছে, “নিচুকনি গীত হ’ল ল’ৰা-ছোৱালী ওমলোৱা আৰু নিচুকুওৱা গীত। এইবোৰক ধাই-নামো বোলা হয়।”
অবিভক্ত গোৱালপাৰা জিলাত প্ৰচলিত ৰাজবংশী ভাষাত পুৰুষানুক্ৰমে চলি অহা কেইটামান নিচুকনি গীতৰ বিষয়ে এই চমু প্ৰবন্ধটোত আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে।
শিশুসকলক জোন তৰাই সহজে আকৰ্ষণ কৰে। সেয়েহে নিশা আকাশ পোহৰাই ৰখা জোনাকাকাৰ কথা কৈ নিচুকনি গীত ৰচিত হৈছে।
আহ ৰে জোনা কাকা আহ আহ আহ
তয় চাৰিখান ময় চাৰিখান
ঘুগুৰা কিনিবা যাং
ঘুগুৰা বাজে ঝুনুৰ-ঝানাৰ
দেৱৰা আহিবাৰ বেলা
দেৱৰায় খোজে পাত-পচলা
কইনায় খোজে শাৰী। …
পৃথিৱীৰ বহু ভাষাতেই জোনক লৈ নিচুকনি গীত, শিশু কবিতা আদি পোৱা যায়। আমাৰ অসমীয়া ভাষাত থকা ‘‘জোনবাই এ বেজী এটি দিয়া, বেজি নো কেলেই, মোনা সীবলৈ…’’ গীতত জোনক জোনবাই বুলি সম্বোধন কৰাৰ বিপৰীতে উল্লিখিত নিচুকনি গীতটিত জোনক জোনাকাকা বুলি সম্বোধন কৰা হৈছে। কথাটো মন কৰিবলগীয়া, কাকাৰ অৰ্থ ককাইদেউ (কোনো কোনো ঠাইত খুৰাদেউ অৰ্থত কাকা শব্দ ব্যৱহাৰ কৰা হয় )। জোনটোক পুংলিঙ্গ বুলি ধৰা হৈছে।
এই অঞ্চলটো কৃষিপ্ৰধান অঞ্চল। জনসাধাৰণ ঘাইকৈ খেতি-বাতি আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। কৃষিৰ ওপৰত নিৰ্ভৰশীল কৃষকে আপোনমনে পথাৰত খেতি-ডৰা ৰখি থাকোঁতে কেতিয়ানো একোটা সুন্দৰ গীত অথবা কবিতাৰ সৃষ্টি হয় ক’বকে নোৱাৰে। তেনেকুৱা গীত এটাও হৈ পৰে শিশুক নিচুকাবলৈ একোটা উপযুক্ত গীত।
হায় ৰে চকেয়া হায় হায় হায়
কত ধান খায়
ধান পকিলে চিৰা দিম
ডালাত বসিয়া খাবি
ডাল-দুল ভাঙায়া তেলিৰ ঘৰত যাবি
তেলি দিব তেল গামছা
মালি দিব ফুল
ধেমচি আপিৰ খোপাখিনি
আৰাই টাকাৰ মূল।
মুখে মুখে প্ৰচলিত হৈ অহাৰ বাবে নিচুকনি গীত কিছুমানৰ স্থানীয় ৰূপ দেখা যায়। কোনো কোনো ঠাইত ‘‘ধেমচি আপিৰ খোপাখিনি আৰাই টাকাৰ মূল’’ৰ ঠাইত এনেদৰে পোৱা যায়—
ৰাজাৰ বেটী দোণ খোপাটি
হাজাৰ টাকাৰ মূল।
আন এটা নিচুকনি গীতত গাঁৱলীয়া সমাজ-ব্যৱস্থাৰ বিবাহ সম্পৰ্কীয় এটা সততে নোপোৱা চিত্ৰ বৰ্ণিত হৈছে। প্ৰাচীন বিবাহ পদ্ধতিত এই অঞ্চলত ঢোকা-যোৱা বুলি এটা প্ৰথা আছিল। কোনোবা বিধৱা মহিলাই নিজৰ ঘৰলৈ কোনোবা পুৰুষক বিয়া কৰাই আনিলে সেই পুৰুষজনক ঢোকা-যোৱা বুলি কয়। মন কৰিবলগীয়া, ঘৰজোঁৱাই আৰু ঢোকা-থকা একে নহয়। সাধাৰণতে সমাজত ঢোকা-যোৱাটোক ভাল চকুৰে চোৱা হোৱা নাছিল। সেয়েহে নিজৰ নিকটতম শিশুটিক কাৰো ঘৰলৈ ঢোকালৈ নপঠিয়ায় বুলি গীত গাইছে।
ওলায় পাতাল পোকা
এ ওলায় পাতাল পোকা
আমাৰ ধনক নথং আমি
কাল্টি বুঢ়ীৰ ঢোকা।
আন এটা নিচুকনি গীতত আমি পাওঁ খেৰ কাটিবলৈ যোৱাৰ কথা। তেতিয়াৰ দিনত খেৰ আছিল ঘৰ এখনৰ অতি আৱশ্যকীয় সামগ্ৰী। ঘৰৰ চাল চাবলৈ খেৰ ব্যৱহাৰ হৈছিল। বহুতৰে নিজা খেৰৰ বাৰী আছিল। বাৰিষাৰ আগতে খেৰ কাটি আনি ঘৰ চোৱাৰ ব্যৱস্থা কৰা হৈছিল । নিচুকনি গীতত খেৰ কটাৰ কথা কৈছে—
লাংটিয়া বুদাং দাং
খেৰ কাটিবা যাং
খেৰ কাটিতে খেৰ কাটিতে
কাচিখান হাৰাল,
কইনা আনিবা যাং
এ কইনা আনিবা যাং।
নিচুকনি গীতবোৰৰ ভাববোৰ কাল্পনিক। আনকি কেতিয়াবা এটা কথাৰপৰা অকস্মাতে আন কথালৈ ভুৰুংকৈ উৰা মাৰে। খেৰ কাটি থাকোঁতে কাচিখন কেনেবাকৈ হেৰাল যে, এতিয়া কইনা আনিবলৈ যাব। ইটো ঘটনাৰ সৈতে আনটো ঘটনাৰ যোগাযোগ শিশু মনৰ বাবেহে খাপ খায়।
তলত দিয়া নিচুকনি গীতৰ দফাটোত আমি দেখিবলৈ পাওঁ ছন্দ মিলাবলৈ একোটা অন্য অৰ্থযুক্ত পংক্তি ব্যৱহাৰ কৰা হৈছে যিটো অসমীয়া বিহুনামসমূহত দেখা যায়।
বেং কান্দে টোৰত টোৰত
চাপাৰা মাটিৰ তলত
এ চাপাৰা মাটিৰ তলত
আতা গিছে গোৱালপাৰাত
আবু কান্দে ঘৰত
এ আবু কান্দে ঘৰত।
এই গীতটোৱে আন এটা কথালৈ মনোযোগ আকৰ্ষণ কৰে সেয়া হ’ল গোৱালপাৰাৰ উল্লেখ। এই অঞ্চলটো পুৰণি গোৱালপাৰা জিলাৰেই এটা অংশ হ’লেও গোৱালপাৰা বুলি থকা ঠাইখনে এই অঞ্চলৰ মানুহক আগৰেপৰাই আকৰ্ষণ কৰি আহিছে।
আন এটা নিচুকনি গীত পোৱা যায় য’ত নিৰ্দোষ ধেমালিৰে শিশু আৰু মাতৃৰ সম্পৰ্ক আৰু শাৰীৰিক স্বাস্থ্য সম্পৰ্কীয় কথাৰ বৰ্ণনা কৰা হৈছে।
হুমা হুমা হুমা
বাপে নাখায় চুমা
মাওৱে নাখায় চুমা
মাও হৈছে খেকেৰিখাই
চাওৱা লুধুমধুমা
এ চাওৱা লুধুমধুমা।
সচৰাচৰ নিচুকনি গীতৰ যি উদ্দেশ্য, শিশুৰ টোপনি অনাৰ চেষ্টা সেয়া প্ৰকট হৈ উঠিছে তলৰ গীতটিত।
আয় ৰে নিন্দাবালি
আয় আয়
আয় ৰে জোনাকাকা
আয় আয়
দুধ দিম ভাত দিম
আমাৰ ধনৰ লগত খেলা দিম
আয় ৰে নিন্দাবালি আয়
আমাৰ ধনৰ চকুত
নিন্দ আয়।
এনেদৰে দেখা যায় এই অঞ্চলৰ নিচুকনি গীতবোৰ বৈশিষ্ট্যপূৰ্ণ আৰু আকৰ্ষণীয়। ৰাজবংশী ভাষাৰ লোকসাহিত্য হিচাপে এইবোৰ পুৰুষানুক্ৰমে চলি আহিছে। অসমৰ পশ্চিম প্ৰান্তত চলি থকা এই গীতসমূহ অসমীয়া ভাষাৰ নিচুকনি গীতৰ ভঁৰালত উপযুক্ত স্থান দিয়াৰ প্ৰয়োজন। গোৱালপৰীয়া লোকগীতসমূহ ড০ ভূপেন হাজৰিকা আৰু প্ৰতিমা পাণ্ডে বৰুৱাৰ যত্নত যেনেদৰে অসমীয়া ভাষাৰ নিভাঁজ লোকগীতৰ শাৰীলৈ উঠিল তেনেদৰেই এই নিচুকনি গীতসমূহো অসমীয়া ভাষাৰ সম্পদ হিচাপে পৰিগণিত হওক।
নিচুকনি গীতসমূহে কিছুমান আপুৰুগীয়া শব্দ ধৰি ৰাখিছে। ‘‘লাংটিয়া’’, ‘‘লুধুমধুমা’’, ‘‘খেকেৰিখাই’’— আদি আমাৰ ভাষাৰ নিভাঁজ আৰু সুন্দৰ শব্দ। ভাষা এটাৰ ইতিহাস জানিবলৈ পুৰণি নিভাঁজ শব্দবোৰৰ অধ্যয়নৰ নিশ্চয় প্ৰয়োজন। লোকগীতত সংৰক্ষিত হৈ থকা শব্দবোৰে আমাক এইক্ষেত্ৰত সহায় কৰিব পাৰে।
এই নিচুকনি গীতবোৰৰ বিষয়ে আৰু অধিক আলোচনা হওক আৰু গীতবোৰে লিখিত ৰূপ পাওক। যিহেতু এইবোৰ গীত গতিকে সুৰ আৰু সংগীতৰ সৈতে বাণীবদ্ধ হ’লে ভৱিষ্যতৰ বাবে বৰ ভাল কথা হ’ব।
টোকা:
সহায়ক গ্ৰন্থ: শৰ্মা, সত্যেন্দ্ৰনাথ : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত।
প্ৰবন্ধ: পাঠক, ৰাজবিহাৰী : নিচুকনি গীতৰ জগতত হেৰোৱা দিনবোৰৰ সুবাস বিচাৰি।
————-