অভিভাৱকত্বঃ এতিয়া এক প্ৰত্যাহ্বান
লেখক- --অত্ৰেয়ী গোস্বামী
সৰুতে দেউতাৰ মুখত এটা কাহিনী শুনিছিলোঁ। আমাৰ গাঁৱত এজন চুটি-চাপৰ মানুহ আছিল। তেওঁৰ নাম আছিল কণমান। নামে-মানুহে মিলা। মুখ বাগৰি কণমান গুচি কমান হ’ল। সৰুবোৰে কমান কাইদ’ নহ’লে কমান কাইটি বুলি মাতিছিল। তেওঁ বোলে পাঁচবাৰ মেট্ৰিক ফেইল কৰিছিল। পাঁচ নম্বৰ বাৰ মেট্ৰিকৰ ৰিজাল্ট ওলোৱাৰদিনা তেওঁলোকৰ ঘৰত বৰ হুলস্থূল। আমাৰ ককা শিক্ষক আছিল। তেওঁ আকৌ স্কুলৰপৰা আহোঁতে বাটতে চিঞৰ-বাখৰ শুনিলে। তেওঁ বাটচ’ৰাতে চাইকেলখন থৈ ইচাট-বিচাট কৰি থাকিল। সন্ধ্যা লগাৰ আগে আগে কমান কাইটিক বাপেকে টানি টানি ককাৰ ওচৰলৈ আনিলে আৰু ক’লে, “প্ৰভু, ই এইবাৰো ফেল কৰিলে। আপুনি কি কৰে কৰক।” লগত অনা হালোৱা এচাৰিডাল ককাৰ ভৰিৰ কাষত থৈ মানুহজন গ’লগৈ। অনিয়ম-অবিচাৰ দেখিলে নিজৰ জোতাপাত খুলি ল’বলৈ এক্ষন্তেকো নভবা এজন খঙাল মানুহ আৰু এটা পাঁচবাৰকৈ মেট্ৰিক ফেইল কৰা ল’ৰাৰ মাজত কি কথা-বতৰা হ’ল কোনেও নাজানিলে। ছয় নম্বৰ বাৰ কিন্তু তেওঁ মেট্ৰিক পাছ কৰিলে। যোৰহাটৰ এখন পুৰণি চৰকাৰী বিদ্যালয়ৰপৰা অধ্যক্ষ হিচাপে অৱসৰ লোৱা কমান কাইটি এতিয়া নাই। তেওঁ ঢুকাওঁতে দেউতাই কোৱা শুনিছিলোঁ, “আমাৰ এতিয়া অভিভাৱক নোহোৱা হ’ল। গোটেই গাঁওখনেই নিঠৰুৱা হ’লো।”
এই গোটেই কথাখিনিৰপৰা এটা কথা নিশ্চিত হয় যে, অভিভাৱক মানে কেৱল পিতৃ-মাতৃ নহয়। আজিকালি যৌথ পৰিয়াল নাই বুলিবই পাৰি। যৌথ পৰিয়ালত জ্যেষ্ঠজনেই সকলোৰে অভিভাৱক হয়। আজিকালি মাক-দেউতাক আৰু এটা বা দুটা সন্তানৰ একক পৰিয়ালত মাক-দেউতাকেই একমাত্ৰ অভিভাৱক। ওপৰত উল্লেখ কৰা কাহিনীটোত এজন অসহায় পিতৃয়ে এজন বিশ্বস্ত ব্যক্তিক নিজৰ ল’ৰাটো গতাই দিছিল। তেওঁ সেইদিনাই সেই ল’ৰাটোৰ অভিভাৱক হৈছিল। এয়া পঞ্চাশ-ষাঠি দশকৰ কথা। সেই সময়ৰ কথাবোৰ আমি কেৱল সাধুৰ দৰে শুনিছোঁ। এছোৱা সুকীয়া সময় আছিল সেয়া।
বৰ্তমান সময়ৰ বহুল চৰ্চিত বিষয় হৈছে ‘শিশু মনোবিজ্ঞান। ’ তেতিয়াৰ শিশুবোৰৰ মন এটা নাছিল নেকি? আছিল, বৰঞ্চ আজিতকৈ বেছি সৰলহে আছিল। কিবা বেয়া দেখিলে, যিকোনো জ্যেষ্ঠ এজনে শিশুক শুদ্ধ পথলৈ আনিব চেষ্টা কৰিছিল; তাৰবাবে তেজৰ সম্পৰ্ক থকাৰ প্ৰয়োজন নাছিল।
এতিয়া কথাবোৰ সলনি হৈছে। ল’ৰা-ছোৱালীয়েও কেৱল পিতৃ-মাতৃকহে অভিভাৱক বুলি ভাবে। বেয়া দেখিলে, শুধৰাই দিলে ককাক-আইতাককো বেয়া পায়। সিহঁতে ভাবে সিহঁতৰ সকলো কথাৰ, সকলো ভাল-বেয়াৰ একমাত্ৰ স্বত্বাধিকাৰী কেৱল মাক-দেউতাক। এনেকুৱা মানসিকতা গঢ় লয় কেনেকৈ? এইটোৱেই আটাইতকৈ ডাঙৰ প্ৰশ্ন। ল’ৰা-ছোৱালীয়ে ঘৰত নেদেখা-নুশুনা কথাবোৰ শিকে ক’ৰ পৰা?
এতিয়া আমাৰ মনলৈ এটা শব্দই আহে— মোবাইল। যত দোষ নন্দ ঘোষ এই মবাইল। কাৰণ, এইটোৱেই একমাত্ৰ সম্পদ যি আধুনিকতাক বতাহৰ গতিৰে বিশ্বত বিয়পাই দিলে। আধুনিকতাও মানে এনে আধুনিকতা, য’ত সকলো যান্ত্ৰিক, য’ত সকলো সুলভ। পইচা এতিয়া হাতৰ মলি। মধ্যবিত্তীয় পৰিয়ালৰ কণমানি এটায়ো কৈ দিব পাৰে পইচা কি? পইচা কিয় লাগে? সিহঁতক বুজাবলৈ প্ৰতিজন অভিভাৱক অপাৰগ। তেওঁলোকো দৌৰিয়েই ফুৰিছে। এই পইচাৰ প্ৰশ্নটো আহিল ক’ৰ পৰা? আনকি নব্বৈ দশকৰ শিশুৱেও নাজানিছিল যে পইচাৰ অভাৱত দেউতাকে নতুন কাপোৰ এযোৰ দিব পৰা নাই। জানিলেও সেই অৱস্থাটোক গ্ৰহণ কৰিবলৈয়ো শিকিছিল। আজিৰ শিশুৰ বাবে সকলো সহজলভ্য। প্ৰয়োজনৰ আগতেই সকলোবোৰ পায়; কমকৈ হ’লেও। এই সকলোবোৰৰ বাবে মোবাইল ফোনটোৱেই দোষী হয় জানো? মানুহে ভুল নকৰাকৈ ফোনটোৱে ভুল কেনেকৈ কৰিলে? সি মানুহৰদ্বাৰাহে পৰিচালিত হয়।
শিশু মন সদায় অনুসন্ধিৎসু। কিশোৰ অৱস্থাত আকৌ কল্পনাপ্ৰৱণতা বৃদ্ধি পায়। সেইবুলি সকলোৰে একে নহ’বও পাৰে। কাৰণ, কোনো মানুহেই এজনে আনজনৰ সৈতে সম্পূৰ্ণ একে হ’ব নোৱাৰে।
নজনাটো জানিবলৈ বিচৰা মনবোৰক, ভাব-সাগৰত ডুব গৈ কেৱল সুন্দৰতাক অনুভৱ কৰিব পৰা বয়সতে সিহঁতক শিকোৱা হয় ভাল স্পৰ্শ, বেয়া স্পৰ্শ। ভাল কাম, বেয়া কাম। প্ৰকৃতিয়ে নিজক বুজিবলৈ, নিজৰ পৰিৱৰ্তনক গ্ৰহণ কৰিবলৈ শিকোৱাৰ সময়তে সিহঁতৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল যৌন শিক্ষা। হয়, সাম্প্ৰতিক সময়ত ল’ৰা-ছোৱালীয়ে সকলো জানিব লাগে। বেলেগৰপৰা ভুলকৈ শিকাতকৈ শিক্ষক অথবা পিতৃ-মাতৃৰপৰা শুদ্ধকৈ শিকিব লাগে। কিন্তু সেই কণ কণ মনবোৰে ক’ৰবাত উজুটি নাখায়নে? অভিভাৱকে কি কৰিব? শিকালেও বিপদ, নিশিকালেও বিপদ।
নতুন শিক্ষা-ব্যৱস্থাই শ্ৰেণীকোঠাত থকা তিনিধৰণৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে পাঠ্যপুথি যুগুত কৰি উলিয়াইছে। প্ৰথম auditory, অৰ্থাৎ তেওঁলোকে শুনি শিকে। অন্যমনস্ক হৈ শিক্ষকৰ কথা শুনিলেও তেওঁলোকে কথাবোৰ সঠিকভাৱেই আয়ত্ত কৰে। দ্বিতীয়বিধ visual, অৰ্থাৎ তেওঁলোকে দেখি শিকে। ব’ৰ্ডত লিখি বুজালে তেওঁলোকে ভালদৰে বুজে। তৃতীয়বিধ, Kinesthetics অৰ্থাৎ তেওঁলোকৰ বাবে audio-visual হ’লেই নহ’ব, হাতে-কামেও বুজাব লাগিব। তেওঁলোকৰ বাবে ব্যাৱহাৰিক শিক্ষাহে সহজবোধ্য। এইখিনিলৈকে সকলো ঠিকে আছিল। পিছে কেণা লাগিল তেতিয়া যেতিয়া পৰীক্ষাবোৰ নোহোৱা হ’ল। আজিকালি প্ৰায় প্ৰত্যেকেই শিক্ষিত। অন্ততঃ A, B, C, D কেইটা সকলোৱে চিনি পায়। গতিকে স্মাৰ্ট ফোনটো সকলোৱে ব্যৱহাৰ কৰিব জানে। এতিয়া বিভিন্ন এপ্লিকেশ্যনবোৰ আহিল। ব্যৱহাৰ কৰিবলৈ ফোনটো দিবই লাগিব। সেইখিনিতে বহুতৰে খোকোজা লাগিছে। চহৰ-নগৰ, গাঁও-ভূঁই সকলোতে এতিয়া নতুন শিক্ষা পদ্ধতিৰ চমকপ্ৰদ কৌশলৰ প্ৰদৰ্শন। অভিভাৱকে কৰিব কি? দুই নাৱত দুই ভৰি। শিক্ষকসকলো অভিভাৱকেই।
ছয়-সাতবছৰীয়া ছোৱালী এজনীয়ে মাকক কয়, “মা মই ডাক্টৰ নহওঁ। ডাক্টৰ হ’লে মানুহবোৰে মাৰি পেলাব।” ৰাস্তাৰ ভোকাতুৰ শিশু এটাক ব্ৰেড এটা কিনি দিলে সি সন্দেহৰ দৃষ্টিৰে চায়। কিয়? শিশুৰ চকুৰ সৰলতাবোৰ নোহোৱা হ’ল কিয়? নোহোৱা কৰিলে কোনে? কেৱল সময়ক দোষ দি আমি দায়মুক্ত হ’ব নোৱাৰোঁ।
এতিয়া কোনো শিক্ষকে কোনো ছাত্ৰ-ছাত্ৰীক মাৰ-পিট কৰাটো দূৰৈৰে কথা, টানকৈ কথা এষাৰো ক’ব নোৱাৰে। তিলটো কেতিয়া তাল হৈ কি ধুমুহা বলিব কোনেও ক’ব নোৱাৰে। কোনো মোমায়েকে কোনো ভাগিনীয়েকৰ দায়িত্ব ল’ব নোৱাৰে, কোনো খুড়াকে ভতিজাকক কোঁচত ল’বলৈয়ো দহবাৰ ভাবিব লাগে। আনকি ককাক-আইতাকসকলো আজিকালি নিমাত। আমাৰ সমাজখন ইমান জটিল কেতিয়াৰপৰা হ’ল?
আজিৰ অভিভাৱকসকল দোদুল্যমান অৱস্থাত থাকে। পঢ়ুৱাবলৈ মন মাতৃভাষাত, নাম লগাই দিয়ে ইংৰাজী স্কুলত। পঢ় পঢ় কৰি বোজা দিবলৈ কোনেও মন নকৰে। তাকে নকৰিলে ল’ৰাটো বা ছোৱালীজনীক ক্লাছত সকলোৱে হাঁহে। কেতিয়াবা ল’ৰাটোক ক’ৰবালৈ অকলে পঠিয়াই মাকজনীয়ে ছটফটাই থাকে। আকৌ নপঠালেও সি চুকৰ ভেকুলী হোৱাৰ ভয়। এনেকুৱা মানসিক অৱস্থাত কোনোবাই সঠিক দায়িত্ব পালন কৰিব পাৰিবনে?
অতীজতো অসামাজিক কাণ্ড ঘটিছিল। তেতিয়া সেইবোৰ মানুহৰ মাজলৈ বিয়পি পৰাৰ মাধ্যম কম আছিল। এতিয়া প্ৰতিটো কথাই অতিৰঞ্জিত হৈ চাৰিওফালে ঘূৰি ফুৰে। এতিয়া পৃথিৱীখন হাতৰ মুঠিত। মানুহৰ মনবোৰ শংকিত আৰু সংকুচিত।
পৰিৱৰ্তিত সমাজৰ সৈতে খোজ মিলাই মানুহে নিজৰ ইচ্ছাৰ বিৰুদ্ধে বহুত কিবাকিবি কৰিবলগীয়া হৈছে। কোনোবাই পেটৰ বাবে মনৰ হেঁপাহ বাদ দিছে। হেঁপাহেৰে ভোক নুগুচে। ঠিক একেদৰেই পিতৃ-মাতৃসকলে অভিভাৱক হ’বলৈ বন্ধুত্বৰ দুৱাৰখন মুকলি কৰি লৈছে, যাতে সকলো উন্মুক্ত হৈ থাকে। অনিচ্ছাকৃতভাবে নিজৰ সন্তানক বহু কথা শিকাইছে। কিছুমান পদ্ধতি ল’ৰা-ছোৱালীৰ বাবে আদৰণীয়ও। ৰঙা চকুতকৈ হাঁহি ভৰা মুখ এখনে শ্ৰেণী কোঠাটো আকৰ্ষণীয় কৰি ৰাখে। সাধু কথাই, সাধু কোৱাৰ ধৰণবোৰে কণমানিহঁতক কল্পনাৰ পৃথিৱী এখনলৈ লৈ যায়। সিহঁত উৎফুল্ল হয়। সৰুতে সুখী হৈ উৎফুল্ল হৈ থাকিলে ল’ৰা-ছোৱালীৰ সঠিক মানসিক বিকাশ সহজ হৈ পৰে।
অত্যাধুনিক সমাজৰ অত্যাধুনিক আদবকায়দাৰ ক’ৰবাত ঘূণে ধৰিছে। সময় থাকোঁতে ঘুণপোক আঁতৰোৱাৰ দায়িত্বও অভিভাৱকৰে।
সৌ সিদিনা ঘৰ সাৰি থাকোঁতে চকুত পৰিল, এটা কোঠাৰ পৰ্দাবোৰ চুটি হৈ আছে। মই ভাবিলোঁ ইমান সমানকৈ কোনে কাটিলে? পাছদিনা দেখিলোঁ পৰ্দাখিনি আৰু চুটি হৈ গৈছে। তলত ক’তো এটুকুৰাও পৰি থকা নাই। সেইদিনা ৰাতিলৈ ফান্দ পাতিলোঁ। । পুৱালৈ তাত এটা নিগনি লাগি আছিল। আজিকালি নিগনি বধৰ উপায় বহুত ওলাল।
কথাবোৰ এনেকুৱাই। তলে তলে ক’ত কেতিয়া কেনেকৈ কিহে অনিষ্ট কৰে ধৰিবই নোৱাৰি। আমি সাৱধান হোৱা ভাল। এজন এজনকৈ সকলো সচেতন হ’লে আমিও পোহৰ দেখিবলৈ পাম। সেইবাবেই কবিয়ে তাহানিতে কৈ থৈ গৈছে—
“এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি
ভৰি গ’ল বহল সাগৰ,
কণ কণ বালিচাহী ইটে-সিটে লগলাগি
সাজি দিলে ধৰণী ডাঙৰ।”
———————
এই সংখ্যাটোৰ আঁৰত-
এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….
এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….
এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….