অশৰীৰী আৱাহন
লেখক- —চন্দামিতা শৰ্মা
চাৰিওফালে দেই পুৰি নিয়া চৌফলীয়া ৰ’দ। কেনিও চাবই নোৱাৰি। জুইৰ লেলিহান শিখাইহে যেন চাৰিওপাশ আৱৰি আছে।
উফ কি যে অসহনীয়!
আলকাতৰাৰ প্ৰলেপ পৰা বাটটোৰে ৰ’দৰ প্ৰকোপকো আওকাণ কৰি কোনবা সেইজন? একেবাৰে জপং-জপংকৈ খোজ কাঢ়ি আহি আছে। কোন বাৰু? হাত দুখন প্ৰয়োজনতকৈ অলপ বেছি দীঘল নেকি? মুখখন কিয় দেখা নাই মই? অস্পষ্ট যে?
বিছনাৰপৰাই ভূমুকিয়াই চাবলৈ বিচাৰোঁতে ঘামত জেপজেপীয়া হৈ থকা মোৰ শৰীৰটোৰ কাষতে হঠাৎ এজাক এক অদ্ভুত ধৰণৰ বতাহ থমকি ৰ’ল। বতাহজাক গা শাঁত পৰা নহয়, গা জ্বলি যোৱা যেনহে লাগিল! বিছনাৰপৰা মূৰ তুলি চাই দেখোঁ ফুলেন! মোৰ গৃহ চহৰখনৰে এজন পৰিৱেশ কৰ্মী। পিছে এইসময়ত ফুলেন মোৰ ঘৰত?
তাৰ গাত এটা শেঁতা হালধীয়া ৰঙৰ চোলা আৰু হাতত? হাতত চোন এটা আধাপোৰা ঘড়ী!
উচপ খাই উঠাৰ দৰেই উঠিলোঁ। বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাসস্থান এখন বনানীখন ৰক্ষা কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰি অৱশেষত হাৰমনা ল’ৰাজন, মোৰ এসময়ৰ প্ৰিয় ছাত্ৰ।
সি বাৰু এনেকৈ মোৰ সন্মুখলৈ কিয় আহিল? তাৰ ঘড়ীটো আধাপোৰা কিয়?
নানা প্ৰশ্নই জুমুৰি দি ধৰিলে মোক।
এটা বৰ অদ্ভুত ধৰণৰ হাঁহি এটা মাৰি মোৰ কোঠাটোলৈ সোমাই আহি ফুলেন মোৰ ভৰিৰ পথানতে বহিল। ময়ো গাৰুটো পালেংখনত আউজাই লৈ বহি ল’লোঁ। তাক সুধিলোঁ—কিবা ক’বি?
ফুলেনে আগৰ পৰাই কথা বৰ কমকৈ কয়।
ওঁঠযোৰ কঁপি উঠিল তাৰ, যেন কিবা ক’ব খুজিও পৰা নাই, বহু কথাই বুকুত কঢ়িয়াই লৈ ফুৰে সি, কেতিয়াবা কথাবোৰ বান্ধি ৰখা শিকলিডাল সুলকি পৰে, কথাবোৰ, বুকুৰ বেদনাবোৰ শব্দ হৈ নিগৰি আহে তেতিয়া।
এনেদৰেই এদিন সি মোৰ সম্মুখত দাঙি ধৰিছিল তাৰ বুকুৰ পূঞ্জীভূত দুখৰ পাহাৰ। কিদৰে দিন-ৰাতি একাকাৰ কৰিও সিহঁতৰ সংস্থাটোৱে সেই বনানীখনক ডাঙৰ বিল্ডাৰৰ লোভী হাতোৰাৰপৰা ৰক্ষা কৰিবলৈ সক্ষম নহ’ল। নতুনকৈ আভিজাত্যৰ পোচাক পিন্ধিবলৈ সদম্ভে আগবঢ়া ঠাইখিনিক অনূকুল পৰিৱেশ দিবলৈ সক্ষম নহ’ল। সিহঁতৰ সংস্থাৰে কেইজনমানে পইচাৰ লোভত সেই বিল্ডাৰৰ তলত কাম কৰি তাৰ সন্মুখেৰে যেতিয়া ধূলি উৰুৱাই গাড়ী চলাই যায়, তাৰ হেনো নিজকে অপদাৰ্থ যেন লাগে।
কি ক’ম তাক? সিদিনাখন তাৰ বুকুৰ হতাশাবোৰ মোৰ অভ্যন্তৰত খুন্দা খাই হুমুনিয়াহ এটা হৈ সৰি পৰিছিল।
শেষলৈ ভাগৰুৱা হৈ পৰিছিল সি, নীৰৱ হৈ পৰিছিল। হয়তো ভগা সপোনৰ টুকুৰাবোৰ চম্ভালিবলৈ শিকি পেলাইছিল সি!
নীৰৱতাৰ দুৱাৰখন খুলি সি এপাকত ক’লে—চাৰ, ব’লকচোন স্কুলখনত এপাক ফুৰি আহোঁ। ব’লক চাৰ। স্কুলত নতুন নতুন বিল্ডিং সাজিছে। সব সলনি হৈছে চাৰ, আপুনি ৰোৱা বকুলজোপাও জকমককৈ ফুলিছে।
এয়া জানো বকুল ফুলাৰ বতৰ! অলপ সন্দেহ উপজিল মোৰ।
: ফুলেন, তই মাজে সময়ে বৰ মায়া লগাকৈ কথাবোৰ ক’ৱ দেখোন অ’!
কথাষাৰ কম বুলি ভাবিও নকলোঁ তাক।
ভৰি দুখন লৰচৰ কৰিব মন যোৱা নাই। মই নগ’লে বাৰু সি বেয়া পাব নেকি?
তাক দুখ দিবলৈ মুঠেই মন নাই। ওলালোঁ তাৰ লগত।
সি দেখুওৱা বাটেৰে আগবাঢ়িলোঁ।
ই কি! সি চোন স্কুললৈ অহাৰ কথাহে কৈছিল। তেন্তে? স্কুলৰ গেটৰ কাষতহে ৰোৱাৰ কথা আছিল। পিছে সি দেখোন বহুদুৰ পালেগৈ। মোৰহে দেখোন খোজবোৰ কিবা পাকঘুৰণি খাই থকা যেন লাগিছে! বৰ ভাগৰুৱা অনুভৱ কৰিলোঁ।
অলপ বহি জিৰণি লওঁ বুলি নিজে ৰোৱা বকুল গছজোপাৰ তলত বহিলোঁ। এয়া কি, বকুলজোপাৰ পাতবোৰ দেখোন গোটেই হালধীয়া!
এজাক ল’ৰা-ছোৱালীৰ কলুষতাবিহীন কোৰ্হালেৰে ভৰি থকা স্কুলখনৰপৰা কিবা বিকট ধৰণৰ চিঞৰহে উফৰি আহি মোৰ কাণত পৰিল।
স্কুলখনৰপৰা এজাক বীভৎস চেহেৰাৰ ছাত্ৰ-ছাত্ৰী ওলাই আহিল। শিয়ঁৰি উঠিলোঁ মই!
সিহঁতটো সুন্দৰ ফুলনি এখনত প্ৰস্ফুটিত হৈ উঠা বাৰেবৰণীয়া ফুলৰ দৰেহে আছিল, পিছে আজিচোন সিহঁতৰ ৰূপ দেখি মোৰ বুকু কঁপি উঠিছে। কিয় সিহঁতৰ ইমান ভয়ংকৰভাৱে বিকৃত চেহেৰা? কাৰ বিকৃত গৱেষণাৰ বলি সিহঁত?
হঠাতে পেটৰ নাড়ী-ভুৰি পাকখাই অহা গোন্ধ এটা নাকত লাগিল। কেঁচা তেজৰ কেচেমা-কেচেম গোন্ধ! ই কি? জপৰা চুলিৰে শোট-মোচ খোৱা ছালৰ ল’ৰা এজনে চোন চকুৰ নিমিষ নেপেলোৱাকৈ মোৰ পিনে চাই আছে। উফ, মই চোন পোৰা মঙহৰ গোন্ধও পাইছোঁ।
ক’ৰ পৰা আহিছে? কিয় আহিছে?
মনৰ খুদুৱনি দমাব নোৱাৰি ল’ৰাজনৰ ওচৰলৈ যাবলৈ ওলালোঁ। কিন্তু হঠাতে পিছফালৰ পৰা ভাহি অহা ফুলেনৰ মাতষাৰে মোৰ খোজকেইটাক বান্ধি পেলালে।
: চাৰ, আহক। বহুদেৰি হ’ল। চাওকচোন কেনেকুৱা গোমা বতৰ। কেনে মেঘলা আকাশ। ব’লক ঘৰলৈ যাওঁ।
তালৈ ঘূৰি চাওঁতে জপৰা চুলিৰ ল’ৰাজন ক’ৰবাত হেৰাই থাকিল। সি বহি থকা বেঞ্চখন উদং, ঠিক উদং স্কুলঘৰটোৰ দৰে।
ঠিকেই কৈছে ফুলেনে। এটোপ-দুটোপ বৰষুণৰ ছিটিকনি আহি মোৰ গাত পৰিছে। কিন্তু এই গৰমত বৰষুণত তিতিলে ঠাণ্ডা অনুভৱ কৰাৰ পৰিবৰ্তে গা পোৰণি উঠা টোপালহে দেখোন হৰহৰাই পৰিছে। আস্ গাটো দেখোন লাহে লাহে জ্বলিবলৈ আৰম্ভ কৰিছে। কিয় হৈছে এনেকুৱা? বাৰে বাৰে ইফালে সিফালে চাইছোঁ, জানোচা কেনেবাকৈ আশ্ৰয় পাওঁৱেই এজোপা গছৰ তলত!
: চাৰ, এচিড বৰষুণ। আপুনিয়েইচোন পঢ়াইছিল আমাক। নগৰীকৰণ, উদ্যোগীকৰণৰ মাত্ৰা বাঢ়ি গ’লে জীৱাশ্ম ইন্ধনৰ দহনৰ মাত্ৰা বাঢ়ে, ফলত চালফাৰ-ডাই-অক্সাইড, কাৰ্বন-ডাই-অক্সাইড আদি বেছিকৈ নিৰ্গত হয়। এইবোৰেই বায়ুৰ জলীয় বাষ্পৰ লগ লাগি এচিড বৰষুণৰ সৃষ্টি কৰে। নহয়নে চাৰ?
মুখেৰে এটা শব্দও বাহিৰ নহ’ল মোৰ। কি ক’ম?
ফুলেনৰ মুখৰ পিনে চাই থাকোঁতে হঠাতে মোৰ দৃষ্টি নিবদ্ধ হ’ল, বৰষুণে জালিকটা বাটেৰে বাগৰি বাগৰি অহা এটা প্ৰকাণ্ড বলৰ ওপৰত। বৰষুণৰ সৈতে বলটোৱে ফেপেৰি পাতিছে।
বলটো বাগৰি বাগৰি আহি মোৰ কাষত ৰ’লহি।
চক খাই উঠিলোঁ মই। বলটোৰ ভিতৰৰপৰা চোন মাত এটা ভাহি আহিল।
: ছাৰ, মই তপন।
: তপন? কোন তপন? মইচোন ঠিক ধৰিবই পৰা নাই।
: চাৰ, কিয় চিনি পোৱা নাই? মনত পেলাওঁকচোন। চাৰ। যোৱা তেইশ বছৰে সকলোৱে মোক এই নামেৰে চিনি পায়। পিছে এতিয়া মই এজন ইচ্ছাহীন, স্বপ্নহীন স্পন্দন। মোৰ শৈক্ষিক অৰ্হতাবোৰ, মোৰ আশাবোৰ এতিয়া জ্বলি জ্বলি নুমাই শেষত ৰৈ যোৱা এমুঠি ছাই। আপুনিচোন জানেই, মোৰ স্কুলত পঢ়াৰ দিনৰে পৰাই স্নায়ুৰ অসুখত ভুগি থকাৰ কথা।
: অ’ তপন! ছে: তোমাক নো মই পাহৰিব লাগেনে? বেয়া নাপাবা দেই। জানো জানো, তুমিতো পঢ়াত বৰ চোকা আছিলা। এক সম্ভাৱনাপূৰ্ণ, উজ্জ্বল ভৱিষ্যতৰ ল’ৰা আছিলা তুমি।
: চাৰ, এতিয়া সেইবোৰ সাধুকথা হ’ল। এতিয়া মোৰ আকাংক্ষাৰ সলিল সমাধি ঘটি মাথোঁ ৰৈ গ’ল তাৰ অনুৰণন। অত্যধিক গাড়ী-মটৰৰ শব্দ, তীব্ৰ কোলাহল সৃষ্টি কৰা উপাদানবোৰে মোক শান্তিত জীৱনৰ বাট বুলিবলৈ নিদিলে। নিদিলে মোৰ আশা পুৰণ কৰিবলৈ। এৰি দিলোঁ ময়ো। এতিয়া এই বলটোৱে সাৰথি মোৰ। কিজানিবা কিবাকৈ বাচি থাকোৱেই কোলাহলৰ পৰা। শব্দক যে ব্ৰহ্ম বুলি কয়, সেয়া আপুনিয়েই শিকাইছিল, কিন্তু এতিয়া সেই শব্দবোৰেই বিকৃত ৰূপ ধাৰণ কৰি কোলাহলৰ বিষাক্ত হাতোঁৰাত বন্দী কৰিলে মোক। মোৰ জীৱন অসাৰ কৰিলে। আৰু বা কিমানজনৰ জীৱনলৈ ধ্বংসৰ অমানিশা নমাই আনিলে? কোনে জানে? আমাৰ বাৰু বাচি থকাৰ অধিকাৰ নাই নেকি?
কিবা উত্তৰ দিবলৈ মুখখন মেলিবলৈ লওঁতে দেখিলোঁ বলটো এক অগ্নিপিণ্ডত পৰিণত হ’ল।
ধৰফৰাই উঠিলোঁ মই।
: ফুলেন, ফুলেন…। ক’ত তুমি?
জোৰেৰে চিঞৰি উঠিলোঁ মই।
ডিঙিটো শুকাই যোৱা যেন অনুভৱ কৰিলোঁ। আস্, পানী এটুপি লাগে মোক। ক’ত গ’ল এইজন? ফুৰাবলৈ লৈ আহি এতিয়া মোক এৰি ক’ত গ’ল সি?
এটা কেকুঁৰিত বহুযুগ ধৰি ৰৈ থকা নিঃসংগ মাইলৰ খুটি এটাত বহি ৰৈ যেতিয়া চিন্তাবোৰ দূৰলৈ মেলি দিলোঁ, দুচকু বন্ধ কৰি এখন্তেক শান্তিৰ সন্ধানত। কিন্তু চকু মেলিয়ে হতভম্ব হ’লোঁ মই, এয়া কি, মই বহি থকা ঠাইখন গোটেই দেখোন সাগৰফেনাৰে ভৰ্তি হৈ পৰিল! সাগৰফেনা মৰুভূমিত হে থাকে! তেন্তে, মই ক’ত আছোঁ?
: কি ভাবি আছ?
ওচৰতে থকা ক’লা পৰি যোৱা ডাঙৰ গছজোপাৰ পৰা যেন কোনোবা এটা উঠি আহি সুধিলে। অবিকল মই! অবিশ্বাস্য!
এক অদ্ভুত ধৰণৰ স্বৰ এটা আহি কাণত অনুৰণিত হ’ল। সমানে বাঢ়িল বুকুৰ ধপধপনি।
: কি বিচাৰিছ?
: পানী। সেপ ঢুকি উত্তৰ দিলোঁ।
: পানী? ক’ত পাবি তই পানী? তৃষ্ণা পূৰণ কৰিবলৈ লাগেনে? অসম্ভৱ। পিবলৈ পানী যে নোহোৱা হৈছে সেইটো এতিয়াও গম পাবলৈ বাকী আছে? সকলো তৃষ্ণাতুৰ। সকলো।
এক অট্টহাস্যৰ শব্দই চৌপাশ ৰজনজনাই যোৱা যেন অনুভৱ হ’ল।
: তৃষ্ণাতুৰ? কেলেই হ’ব? এই পৃথিৱীখনৰ দেখোন তিনি চতুৰ্থাংশই পানী।
অলপ সময়ো অপব্যয় নকৰি লগে লগে উত্তৰ দিলোঁ।
পুনৰ অট্টহাস্যৰ দৰে ভাহি অহা হাঁহিত উচপ খাই উঠিলোঁ।
: হাঁহিলি কিয়? অলপ খঙেৰেই সুধিলোঁ।
: নাহাঁহিম নে! গোলকীয় উষ্ণতা বৃদ্ধিৰ হাৰ অধিক হোৱাৰ লগে লগে ক’ৰবাত যদি ছিৰাল-ফটা পথাৰ, ক’ৰবাত আকৌ কিছুমান ঠাই পানীৰ তলত। ক’ত পাবি পিব পৰা পানী? চাৰিওফালে কেৱল দুৰ্গন্ধময়, পূতিময় পানী। আমিয়েই সৃষ্টি কৰা আৱৰ্জনাই এতিয়া আমাকে বুঢ়া আঙুলি দেখুৱাই দিছে। বিষাক্ত কৰি তুলিছে প্ৰাণীৰ প্ৰাণ। আৰু …।
কাণ দুখনৰ পৰ্দাত আৰু কিবা শব্দৰ কম্পন হোৱাৰ আগতেই এক দৃশ্য চকুত পৰি মুচকচ যোৱাৰ উপক্ৰম হ’ল। উফ! কি বীভৎস দৃশ্য।
ভৰি দুখনে মাটি বিচাৰি বিচাৰি অৱশেষত শূন্যত ওপঙি থকা ফুলেনৰ দেহ! এয়া কি? তাৰচোন মূৰটো আগলৈ সামান্য হাউলি আহিছে! সি দেখোন তাৰ হাতঘড়ী খুলি পেলাইছে!
এয়া কি দেখিছোঁ মই? সেহাই সেহাই সি কৈ আছে—চাৰ, সময় সমাগত। এই পৃথিৱীৰপৰা সকলো জীৱ বিদায় লোৱাৰ সময় সমাগত। আমি বাচি থাকিবলৈ কিবা কৰিব নোৱাৰি নে?
তাকচোন হঠাতে ছোঁ মাৰি নামি অহা ঈগল এটাৰ দৰে, তাৰ ভৰ সহ্য কৰিব পৰা ক’লা ধোঁৱাৰ কুণ্ডলী এটাই ক্ৰমান্বয়ে ওপৰলৈ উঠাই নি আছে? উফ্, কি অসহনীয়!
চিৎকাৰ কৰি উঠিলোঁ মই। অসহায় অৱস্থাত পৰি ইফালে-সিফালে সহায় বিচাৰি চটফটালোঁ মই। পুনৰ বতাহত ভাহি আহিল পেটৰ নাড়ী-ভুৰু ওলাই যাব খোজা সেই গোন্ধটো। সম্মুখত সেই স্কুলৰ বাৰাণ্ডাত দেখা পোৱা জপৰা চুলিৰ ল’ৰাজন।
এইবাৰহে ভালকৈ চালোঁ ল’ৰাজনৰ মুখখন। এয়াচোন কেইদিনমান আগতে বাতৰি কাকতৰ শিৰোনাম হোৱা ল’ৰাজন! হয়, হয়, সিয়েই হয়।
কাগজকলৰ পৰা সৃষ্টি হোৱা আৱৰ্জনাসমূহে তিলতিলকৈ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া, একালৰ স্নিগ্ধ পানীৰ নৈখনৰ পানী ব্যৱহাৰ কৰা গাঁওখনৰ ল’ৰা এইটো। মাকে গৰ্ভাৱস্থাত সেই পানী ব্যৱহাৰ কৰিছিল আৰু সময়তকৈ আগতে জন্ম দিছিল এই বিকৃত অবয়বৰ ল’ৰাজনক। পাছত আক্ৰান্ত হৈছিল চৰ্মৰোগ আদিকে কৰি অসংখ্য ৰোগত।
কিন্তু তাৰতো মৃত্যু হৈছিল আৰু মৃত্যুৰ পাছত বিভিন্ন পৰীক্ষাৰ বাবে দেহটো গৱেষণাগাৰত ৰখা হৈছিল! সি বাৰু কেতিয়া আহি ওলাল গৱেষণাগাৰৰ পৰা?
দুহাতেৰে মূৰটো হেঁচা মাৰি ধৰিলোঁ। উফ্, এক সুতীব্ৰ বিষে মূৰটো চাবুকৰ দৰে কোবাই আছে।
কোনোমতে চকু দুটা মেলিবলৈ চেষ্টা কৰিলোঁ। এক অবিশ্বাস্য দৃশ্য দেখি মূৰটো ঘূৰাই যোৱাৰ উপক্ৰম হ’ল।
তপন থকা বলটো দেখোন এক জ্বলন্ত অগ্নিপিণ্ডৰ দৰে মচোৱা গোম সাপৰ দৰে মসৃণ পথটোইদি বাগৰি বাগৰি গৈ থাকিল। মই জোৰেৰে দৌৰি তাক ধৰিবলৈ চালোঁ। জুইকুৰা নিৰ্বাপিত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিলোঁ। নোৱাৰিলোঁ। সি আধাপোৰা হাতখনেৰে মোৰ সোঁহাতখনত কিবা এটা গুজি দি গ’ল। এটুকুৰা ধকধকীয়া বগা চক পেঞ্চিল।
ঘূৰি চাই দেখিলোঁ মোৰ সম্মুখত দেখোন এখন চিকচিকীয়া ব্লেকবোৰ্ড। মোৰ হাতৰপৰা দেখোন চকডাল গৈ নিজে নিজে ঘঁহি ঘঁহি বোৰ্ডখনত কিবা লিখিবলৈ লৈছে। লাহে লাহে আখৰবোৰ ডাঙৰ হৈ হৈ মোক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে আৰু মোৰ সৰ্বশৰীৰত খুন্দিয়াব ধৰিছে। যেন এক শব্দৰ আন্দোলনহে আগবাঢ়ি আহি মোক আক্ৰমণ কৰিছে।
চিৎকাৰ কৰি উঠিলোঁ। যিমান পাৰি সিমান জোৰেৰে শব্দৰ আঘাতবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰিলোঁ। ক’ব নোৱাৰাকৈ হঠাতে চিঞৰি উঠিলোঁ মই—বন্ধ কৰা। বন্ধ কৰা। মোক স্থিৰেৰে থাকিবলৈ দিয়া।
দীঘলকৈ উশাহ এটা লৈ এপলকৰ বাবে মুদা চকুদুটা জোৰকৈ মেলিব বিচাৰোঁতে অনুভৱ কৰিলোঁ, কপালত এক চিৰপৰিচিত স্পৰ্শ।
পত্নীয়ে নিজৰ চাদৰৰ আচলেৰে মাতৃৰ মমতাৰে মোৰ ঘাঁমি উঠা মুখ মচি মচি কান্দোনৰ সুৰ এটাৰে মোক সুধিলে—হেৰি, কি হৈছে নো? কিবা বেয়া সপোন দেখিছে নেকি?
মই মূৰ দুপিয়াম নেকি? নে ক’ম যে মই মোৰ ছাত্ৰৰ মাজেৰে ভৱিষ্যতৰ পৃথিৱীখনহে দেখিছোঁ।
ডিঙিত যেন কিহবাই সোপা মাৰি ধৰিছে। উশাহবোৰ পুনৰ খৰ হ’বলৈ ধৰিছে। সেপ ঢুকিব ধৰিছোঁ মই। এনেকুৱা লাগিছে যেন চকু মেলা অৱস্থাতাতেই পুনৰ সেইবোৰ দৃশ্য পুনৰ দেখিবলৈ লৈছোঁ। কোনোবাই দেখেনে এনে দৃশ্য? যদি দেখা নাই তেন্তে দেখিবলৈ সাজু হোৱাৰ সময় নিশ্চয় সমাগত।
মোৰ গাটো জিকাৰ খাই উঠা দেখা পাই ভয় আৰু দুঃশ্চিন্তাত মোলান পৰা মুখৰ পত্নীক সুধিলোঁ— ৰাতি পুৱাবলৈ কিমান বাকী?
আচৰিত হৈ পত্নীয়ে সুধিলে—কিয়? বেছি পৰ নাই, এয়া তৃতীয় প্ৰহৰ শেষ হ’বলৈ হ’ল।
: ঠিকেই। নতুন পুৰুষে এটা নতুন পুৱা দেখিব পাব লাগিব নহ’লে আমাৰ অস্তিত্ব নাথাকিব। আমিয়েই দিব লাগিব এখন সেউজ পৃথিৱী। কেৱল শ্ৰেণীকোঠাত বা মেলে-মিটিঙত দিয়া ভাষণৰ দ্বাৰা নহয়। প্ৰচেষ্টা চলাব লাগিব হাতে-কামে। এইটো নিশ্চিত কৰিব লাগিব যে কেৱল ময়ে নহয় আন কোনেও যেন কেতিয়াও নেদেখো ফুলেন, তপন অথবা সেই ল’ৰাজনৰ দৰে আন এজনকো। আমি আগবাঢ়িব লাগিব এই প্ৰচেষ্টাক সাকাৰ ৰূপ দিয়াত।
ৰঙা পৰি থকা চকুৰে পত্নীয়ে মূৰ দুপিয়ালে। জীৱন সঙ্গী তেওঁ মোৰ, নোকোৱাকৈয়ে বুজি উঠে মোৰ প্ৰতিটো শব্দ। নীৰৱতাৰো ভাষা থাকে, থাকে এক বিশাল অৰ্থ।
পত্নীৰ নীৰৱতাখিনিক ‘সন্মতিসূচক’ প্ৰতিশ্ৰুতি বুলি বুকুত বান্ধি মই খোজ ল’বলৈ আগবাঢ়িলোঁ। হাতত উঠাই ল’লোঁ মোৰ শক্তিৰ প্ৰধান উৎস কলমটো আৰু উকা কাগজত লিখি গ’লোঁ এটা এটাকৈ শব্দ “প্ৰকৃতি বিশুদ্ধ, প্ৰকৃতি সত্য। প্ৰকৃতিৰ উৰ্ধত আমাৰ অস্তিত্ব নাই। আমি প্ৰকৃতিক বিষাক্ত কৰিলে, প্ৰকৃতিয়েও আমাৰ জীৱন বিষাক্ত কৰি তুলিব।”