অসমীয়া চিনেমাৰ বিহু

লেখক- নিজৰা ৰাজকুমাৰী

“পকি নেমুটেঙা সৰিল চেনাই অ’ / পকি নেমুটেঙা সৰিল…”

“পাহাৰ বগাই বগাই কপৌ ফুল আনিলোঁ
তোকেনো পিন্ধামে বুলি ঐ ৰঙিলী
কালি দুপৰীয়া কেলৈ কান্দিছিলি
বৰঘৰৰ পিৰালিত বহি হেৰ’ ডিমৰু
ক’লৈ যাওঁ কি কৰোঁ
ক’তে সোমাই মৰোঁ
বুকুতে একুৰা, বুকুতে একুৰা জুই” (কণ্ঠ–মহানন্দ মজিন্দাৰ বৰুৱা, চিনেমা–ব’হাগৰ দুপৰীয়া, পৰিচালনা–জ’নছ মহলীয়া )

বিহু অসমীয়াৰ তেজে তেজে বৈ অহা, বৈ থকা আৱেগ৷ গতিকে অসমীয়াৰ চিনেমাতনো বিহু নাথাকিবনে! প্ৰথমখন অসমীয়া চিনেমা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ জয়মতীতে (১৯৩৫) সন্নিবিষ্ট কৰা হৈছিল বিহু নৃত্যৰ৷ ‘জয়মতী’ৰ মুক্তিৰ পিছত জাপিৰ বাবেও সমালোচিত হোৱা সত্বেও জ্যোতিপ্ৰসাদে ‘জয়মতী’ৰ বিহুনৃত্যত জাপিৰ ব্যৱহাৰ কৰা দেখি আপ্লুতহে হৈছিলোঁ৷ ১৯৬৪-ৰ ১০ জানুৱাৰীত মুক্তি পোৱা সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদকপ্ৰাপ্ত চিনেমা ‘মনিৰাম দেৱান’ৰ ( মনিৰাম দেৱানৰ চৰিত্ৰত অভিনয় কৰিছিল ফণী শৰ্মাই) সংগীত আছিল ড° ভূপেন হাজৰিকাৰ৷ এইখন চিনেমাত ৰঞ্জনা বৰদলৈৰ বিহুনৃত্যটি নিশ্চয়কৈ বহুতৰে প্ৰিয়৷ লগতে কাহিনীৰ উত্তেজনাৰ সমান্তৰালকৈ মন-প্ৰাণ হৰি নিয়া “বাঁহৰে আগতে অ’ লোহিত চাপৰি /
বাঁহীটি বজালোঁ অ’ লোহিত চাপৰি /
শাহুআইক শুনাব বুলি লোহিত চাপৰি /
নলো নহয় খাগৰি পেঁপা নহয় /
চুপহি ক’লিনো দৈ ম’হৰে শিং…” বিহুগীতটি অসমীয়া চিনেমাৰ এটি বিশেষ বিহুগীত৷ ভূপেন হাজৰিকাই “পিৰিতি পিৰিতি পিৰিতি / পিৰিতি বোৱা বোৱতী নৈ / পিৰিতি পিৰিতি পিৰিতি / ওৰে জীৱন থাকিব বৈ (চিনেমা–চিৰাজ )-ৰে আমাক আজি পৰ্যন্ত আলোড়িত কৰি ৰখা নাইনে? চিনেমাখনত ডেকা-গাভৰুহালৰ অন্তৰঙ্গ মুহূৰ্তক পিৰিতি বোৱা বোৱতী নৈয়ে অনন্যভাৱে উপস্থাপন কৰিছে৷ জাহ্নু বৰুৱাৰ প্ৰথম চিনেমা আৰু নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট ক’ৰ্প’ৰেশ্যন, ইণ্ডিয়াৰ দ্বাৰা প্ৰযোজিত প্ৰথমখন অসমীয়া চিনেমা, শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ ৰজত কমল প্ৰাপ্ত ‘অপৰূপা’ত (১৯৮২) সংগীত পৰিচালক ভূপেন হাজৰিকাৰ যাদু অসমীয়াই পাহৰিব পাৰিবনে! ভাওনাৰ দৃশ্যটিৰ পিছতে মঞ্চত কণমানি এজনীৰ সৈতে নিপন গোস্বামীৰ মুখত দিয়া—
“ আই সৰস্বতী অ’– ৰংফুল বকুলী /
তোমালৈ মানি যাওঁ কি /
তোমালৈ মানি যাওঁ শুকুলা ছাগলী/
মাহে পৰমানে দি মিলন দৈ /
শশী মিলনদৈ বাখৰ ক’লিদৈ / বাখৰ ক’লিদৈ আৰু মঙলদৈ মাহে পৰমানে দি… /” –গীতটি নুশুনা অসমীয়া নিশ্চয় নোলাব৷ আমি ৰেডিঅ’ শুনা প্ৰজন্মৰ বাবে ভূপেন দাৰ ৰংফুল বকুলী অন্য এক আৱেগ৷ বিহু আহকেই বা নাহকেই উছাহৰ গুণগুণনি হৈ মনলৈ আহে ‘মইনাজান’ৰ (মুক্তি ১৪ নৱেম্বৰ, ১৯৮০) বিহু —
কোমলকৈ বাঁহৰে ঐ লেকেচী লেহুকা /
পাতলকৈ পাবতে পাখি /
বা লাগি বাজিছে ঐ মন-ছিঙা সুহুৰি /
আমাকে ঐ নথ’বা ৰাখি //
বুটলিনো নল’লি / মাটিত পৰা মাকোটো
সূতাতে নিছিঙিলি আউল /
হেঁচাদিনো ৰাখিলি / বুকুৰে বেথাডোখৰ /
আমাকে ঐ কৰিলি বাউল /
নবওঁ বুলি নবলোঁ / আশীসূতাৰ গামোচা /
নিদিওঁ বুলি নিদিলোঁ ফুল/
তোমালৈনো সিমানটো / ভাৱনি ঐ চিতনি /
আমাৰে ঐ নিমিলিল কুল //” – চিনেমাখনৰ দীঘল বিহুটিত কণ্ঠ দিছিল খগেন মহন্ত, অৰ্চনা মহন্ত, নিকুঞ্জলতা মহন্ত, দিলীপ গগৈ, বলো কাকতি আদিয়ে৷ বিদ্যা ৰাওৰ ঘৰুৱা প্ৰডাকশ্যনৰ ‘মইনাজান’ত সংগীত দিছিল খগেন মহন্তই৷ অভিনয় কৰিছিল বিদ্যা ৰাও, নিপন গোস্বামী, ইৰান দত্ত ফুকন আদিয়ে৷ নিপ বৰুৱাৰ ছুপাৰ হিট চিনেমা ‘ককাদেউতা, নাতি আৰু হাতী’ৰ ( মুক্তি ১৮ নৱেম্বৰ, ১৯৮৩) সংগীত কৰিছিল ৰমেন বৰুৱাই য’ত দ্বীপেন বৰুৱা, পুষ্পা, ললিতা দাসে কেশৱ মহন্তৰ কথাৰে গাইছিল–
বিহুৰে কঠীয়া কোনে সিঁচি গ’লে /
কোনে ৰচি গ’লে গীত /
মন ৰমেৰমায় বুকু হমেহমায় /
অলিয়া-বলিয়া চিত…//
মাতৰ জুৰনীয়া মাজনিশাৰ বাঁহীটি/
ভাতৰ ঘূৰণীয়া কাঁহী /
মনৰ মোহনীয়া মাকনৰ হাঁহিকণ/ তেজাল পদুমৰে পাহি //
পথাৰৰ মাজৰে ৰূপহী শিমলু / ফুলি জকেমকাই নাচে /
আইজনীৰ কপালৰ সেন্দূৰৰ ফোঁটটো/ শিৰলৈ পোন হৈ আছে //
কোনে সৰজা নাচনী
ঢুলীয়াৰে বাছনি
থাকোনো কেনেকৈ চাই
গা-মন কৰে ৰাই জাই / ইত্যাদি ইত্যাদি৷
১৯৮৭-ত মুক্তি পাইছিল অন্তিমখন অসমীয়া ক’লা-বগা চিনেমা ‘জেতুকী’৷ ‘জেতুকী’ৰ কাহিনী, চিত্ৰনাট্য, প্ৰযোজনা আৰু পৰিচালনা চন্দ্ৰ তালুকদাৰৰ৷ সংগীত সুজিত সিংহৰ৷ জেতুকীৰ উলাহে নধৰা বিহু— “সাতামপুৰুষীয়া / বছেৰেকৰ বিহুটি / নেপাতি কেনেকৈ থাকো কোৱা সোণ /…
নাচনী নাচনী অ’ মইনা নাচনী /
চকৰি ঘূৰাদি ঘূৰা মইনা নাচনী /
ভালেকৈ ধৰিবা বিহুৰে মান নাচনী /
তেহে পাবা মনে তোমাৰ বিচৰাজন /…”
১৯৯১-ৰ যাদৱ চন্দ্ৰ দাসৰ চিনেমা ‘প্ৰেম জনমে জনমে’ত মঞ্চত গোৱা দেশপ্ৰেমমূলক গীতত বিহুনৃত্য পৰিৱেশন কৰা হৈছিল–হেৰ’ অসমীয়া বিহুৰে বলিয়া / লুইতৰ পাৰতে ঘৰ / লোকে আহি খেদিলে / ভাত কাপোৰ কাঢ়িলে / ঘৰতে সাজিলে পৰ / (সংগীত পৰিচালনা ৰিদীপ দত্তৰ)৷ কাহিনীৰ দাবী অনুসৰি ৰঙালী বিহুৰ পৰিৱেশ ৰচনা, বিহুসুৰীয়া গীত, বিশুদ্ধ বিহুগীত-নৃত্যৰে অসমীয়া ভাষাৰ চিনেমা চহকী৷ ২০২২-ত মুক্তি পোৱা ‘এমুঠি পুঠি’তো (পৰিচালনা- কুলনন্দিনী মহন্ত) বিহুগীত-নৃত্য সন্নিবিষ্ট কৰা হৈছিল— অ’ থেকেৰা টেঙাৰে / জুতিকৈ ৰান্ধিম দে / উঠিছে মাছৰ উজান/ অ’ ৰৌ কুঢ়ি বৰালি শিঙৰা চেঙেলী/ খালৈনো ভৰাই ভৰাই আন //
প্ৰথমখন অসমীয়া চিনেমা ‘জয়মতী’ৰ পৰা সিদিনাৰ ‘এমুঠি পুঠি’ লৈকে বিহুৰ উছাহ-উদ্দীপনা-গীত-নাচেৰে বিহুবলীয়া অসমীয়াৰ চিনেমা সমৃদ্ধ৷ লেখাটিত তৎক্ষনাতে মনলৈ অহা কিছুসংখ্যক বিহুৰ উল্লেখহে কৰিছোঁ৷ নি: সন্দেহে অসমীয়া চিনেমাত বিহু এটি গৱেষণাৰ বিষয়৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!