অসমীয়া শিশু সাহিত্যত কল্পবিজ্ঞান: ‘ইলেকট্ৰণিক নামৰ ল’ৰাটো’
লেখক- ৰশ্মিৰেখা বৰা
দিপু, এটা সাধাৰণ, কিছু পৰিমাণে চঞ্চল, পঢ়াশুনাত বেয়া নহ’লেও খুব বেছি লাগি থাকি ভাল নোপোৱা ল’ৰা, এদিন হঠাতে সি অত্যন্ত মেধাৱী হৈ উঠিল, সকলো ধৰণৰ অংক সহজে সমাধান কৰিব পৰা হৈ উঠিল। আচৰিত নহয়নে?
তাৰ আঁৰত পিছে ডাঙৰ ৰহস্য লুকাই আছিল। এদিন দিপু মুখামুখি হৈছিল নিজৰেই এক প্ৰতিকৃতিৰ সৈতে, যাৰ নাম ৰখা হৈছিল ‘ইলেকট্ৰণিক’। আচলতে ইলেকট্ৰণিক এটা ৰবট। এই ৰবটটো সৃষ্টি কৰি থকা বিজ্ঞানীজনে এখন আলোচনীত হাঁহি মুখৰ ল’ৰা এজনৰ ছবি দেখা পাই সেই চেহেৰাকে তাৰ মুখত দি দিলে। সেই ছবিত থকা ল’ৰাজনেই আছিল দিপু।
নিৰ্মাণ কৰি হোৱাৰ পিছত চাৰ্জ লগাই থওঁতে চাৰ্জ বেছি হৈ খেলিমেলি হোৱাত ৰবটটো দৌৰি ওলাই যায়। তাক তাৰ পিছত বিচাৰি নাপালে। ঘটনাক্ৰমে দিপু আৰু একে চেহেৰাৰ ৰবটটো মুখামুখি হ’ল। দিপুৱে তাক নিজৰ ৰূমত সকলোৰে পৰা লুকুৱাই ৰাখিলে। ইলেকট্ৰণিকক অৰ্থাৎ ৰবটটোক আন একো নালাগে, মাত্ৰ চাৰ্জ দিব লাগে আৰু অকলে থাকিলে সময় কটাবলৈ কিতাপ লাগে। সি দিপুৰ সৈতেই থাকিবলৈ ললে। দিপুৱে এদিন তাৰ সলনি ৰবটটোক স্কুললৈ পঠিয়াই দিলে আৰু নিজে ঘৰত থাকিল। দুয়োৰে পাৰ্থক্য আনে ধৰিব নোৱাৰিলে। দিপুৱে ৰবটটোকে সদায় স্কুললৈ পঠিয়াবলৈ ললে।
পিছে এদিন কথাটো জনাজাত হ’ল। ৰবটটো নিৰ্মাণ কৰা বিজ্ঞানীজনে ইলেকট্ৰণিকক বিচাৰিয়ে ফুৰিছিল। ইলেকট্ৰণিকৰ বিষয়ে অৱশেষত সকলোৱে গম পালে। দিপু আকৌ আগৰ জীৱনলৈ ঘূৰি আহিল। ডাঙৰ হৈ দিপুৱে স্কুলৰ সন্মুখেদি যাওঁতে ইলেকট্ৰণিকক শ্ৰেণীকোঠাত পঢ়ুৱাই থকা দেখা পাই যায়।
কাহিনীটোৰ জনক সকলোৰে পৰিচিত বিশিষ্ট শিশু-সাহিত্যিক শান্তনু তামূলী। বিশ্বসাহিত্য বিজ্ঞানভিত্তিক লেখনিত যথেষ্ট চহকী। বিজ্ঞানভিত্তিক অসংখ্য কাহিনী সৃষ্টিৰ লগতে চলচ্চিত্ৰৰ জগততো বিজ্ঞানে খলকনি তুলিছে। ষ্টাৰৱাৰৰ দৰে চিনেমা, মাৰভেলৰ চিনেমাসমূহৰ আইৰণ মেনৰ দৰে বৈজ্ঞানিক চৰিত্ৰসমূহ সৰ্বত্ৰে জনপ্ৰিয়। পৃথিৱীৰ অন্যতম পৌৰাণিক সভ্যতা ভাৰতবৰ্ষত বিজ্ঞান চৰ্চাৰ লগতে বিজ্ঞানভিত্তিক লেখনিৰ অভাৱ নাই। অসমীয়া সাহিত্যত বিজ্ঞানভিত্তিক লেখনিৰ সৃষ্টি ‘অৰুণোদই’ৰ যুগৰপৰাই অব্যাহত হৈ আছে। তাৰো আগত সংস্কৃতৰ পৰা কৰা অনুবাদ সমূহে বিজ্ঞানভিত্তিক সাহিত্যৰ ভেঁটি গঢ়া আৰম্ভ কৰিছিল। বিজ্ঞানৰ বিভিন্ন বিভাগবোৰৰ মূল কথাবোৰৰ আলোচনাৰ লগতে কল্পকাহিনীৰো সংযোজন হৈ গৈ থাকিল। শিশুমনক আকৃষ্ট কৰিব পৰা ‘ইলেকট্ৰণিক নামৰ ল’ৰাটো’ৰ দৰে কাহিনী সৃষ্টি লেখকৰ অন্যতম সফলতা। এইখিনিতে জনাই থব পাৰি, তেখেতৰ আচল নাম প্ৰমোদ চন্দ্ৰ তামূলী, শান্তনু তামূলী তেখেতৰ ছদ্মনাম। শিশুসকলৰ মাজত মৌচাকমামা নামেৰেও জনপ্ৰিয়।
’ইলেকট্ৰণিক নামৰ ল’ৰাটো’ ধাৰাবাহিকভাবে অকণিহঁতৰ জনপ্ৰিয় আলোচনী মৌচাকত
প্ৰকাশ পাইছিল। শিশুসকলৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। ধাৰাবাহিকভাবে প্ৰকাশ হোৱা কাহিনীটো পিছলৈ কিতাপ আকাৰে একে নামেৰেই প্ৰকাশ পায়। কাহিনীটো ৰবটটোকে লৈ আগবাঢ়িছে। তাৰ লগতে কিছুমান সৰু সৰু চিন্তা, যিবোৰ সহজাতভাবে আমাৰ মনলৈ আহে, যেনে স্কুলৰ পৰা ঘৰলৈ আহি থাকোঁতে দিপুৱে ভাবি আহি থাকে, যদি গৈ থাকোঁতেই মাকক জনাই দিব পাৰিলেহেঁতেন, গৈ পায় মানে মাকে তাৰ পচন্দৰ মতে খোৱা যোগাৰ কৰি থব পাৰিলেহেঁতেন। এইখন মোবাইল ফোনৰ প্ৰচলনৰ আগৰে ৰচনা। এতিয়া পঢ়িলে দিপুৰ মনত উদয় হোৱা কথাখিনিয়ে আজিৰ দিনৰ মোবাইল ফোনটোলৈ মনত পেলাই দিয়ে। বহু সময়ত আমি অনুভৱ কৰা অভাৱ নাইবা প্ৰয়োজনৰ ওপৰত ভিত্তি কৰিয়েই প্ৰয়োজনীয় সামগ্ৰী সমূহৰ আৱিষ্কাৰ হয়। উৰাজাহাজৰ আৱিষ্কাৰৰ আগতেই লিঅনাৰ্ড দ্যা ভিন্সিয়ে উৰাজাহাজৰ নক্সা আঁকিছিল। যিকোনো ঘটনা বাস্তৱায়িত হোৱাৰ আগেয়ে সি কল্পনাত ৰূপ লয়। কল্পবিজ্ঞানৰ কাহিনীও তেনেকুৱাই। শক্তিৰ যোগেদি চলা এটা মেচিনে তাক দিয়া সকলো তথ্য সাঁচি ৰাখি প্ৰয়োজন মতে নিৰ্দেশ পালেই ব্যৱহাৰত খটাব পাৰে। তেনেকুৱা অসংখ্য মেচিন আছে। তেনে মেচিনক মানুহৰ ৰূপ দি মানুহৰ কাম সহজ কৰিবলৈ কৰা প্ৰচেষ্টা বহুদিনীয়া। ইলেকট্ৰণিকো তেনে এক কল্পনাপ্ৰসূত ৰবট।
’ইলেকট্ৰণিক নামৰ ল’ৰাটো’ অসমীয়া কল্পবিজ্ঞান সাহিত্যত এক উল্লেখযোগ্য সংযোজন।