অসমীয়া সাহিত্য আৰু গ্ৰাম্য জীৱনৰ সম্পৰ্ক

লেখক- পাৰিজাত বৰুৱা

লিখন-শিল্পক এক কথাত সাহিত্য বোলা হয়। গদ্য, পদ্য আৰু নাটক — এই তিনি ধাৰাত প্ৰাথমিকভাৱে সাহিত্যক ভাগ কৰা হৈছে। গদ্যৰ কিছুমান ভাগ হৈছে প্ৰবন্ধ, নিবন্ধ, গল্প ইত্যাদি। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে সাহিত্য। ‌

সাহিত্যৰ সংজ্ঞা সঠিকভাৱে কোৱা হৈছে বুলি ভাবিলেও ক’ৰবাত কিবা থাকি যায় বা সম্পূৰ্ণ নোহোৱাৰ পিছতো ‘সম’ আৰু ‘হিত’ – এই দুয়োটা শব্দৰ পৰাই সাহিত্য শব্দটোৰ সৃষ্টি হৈছে বুলি কোনোৱে কয়। সাহিত্যৰ লগত ভাষাৰ সম্পৰ্ক ওতপ্ৰোত, দুয়ো দুয়োৰে পৰিপূৰক। সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ। মানৱ মনৰ আৱেগ-অনুভূতি, বিদ্ৰোহ-আকাংক্ষা, মৰম-অত্যাচাৰ আদি বিভিন্ন দিশক সাহিত্যৰ যোগেদি প্ৰতিফলিত কৰা হয়। সামাজিক জনজীৱনৰ প্ৰতিটো দিশকে ভাষাৰ সহায়ত সাহিত্যৰ যোগেদি প্ৰকাশ কৰিব পাৰি। সাহিত্য অবিহনে এটা ভাষা বা জাতি জীয়াই থাকিব নোৱাৰে। সাহিত্য চৰ্চাই ভাষা বা জাতিক উন্নতিৰ পথত আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰে। 

মানুহে যেতিয়াৰ পৰা ভাবিবলৈ শিকিলে, ভবা কথাবোৰ লিখি ৰাখিবলৈ দুৰ্বাৰ হেঁপাহ জাগিল তেতিয়াই সাহিত্যৰ যাত্ৰা আৰম্ভ হ’ল। সঁচাকৈ ‘হিত’ সাধনৰ বাসনা আৰু তাগিদাতে সাঁচিপাতৰ বুকুৰ আখৰৰ পৰা আজিৰ ছপাশালৰ প্ৰযুক্তিৰ বুকুত ঠাঁহ খাই থকা মানুহৰ প্ৰজ্ঞান সাধনাযুক্ত লেখাবোৰে বিভিন্ন অভিধা আৰু নামকৰণেৰে সাহিত্যৰ মৰ্যাদা লাভ কৰিছে। গল্প, উপন্যাস, প্ৰবন্ধ, নিবন্ধ, ৰচনা, কবিতা আদি নানা ৰূপত মানুহৰ বুকুত ঠাই ল’ব পৰা অনেক কথাই প্ৰতিটো জাতিৰ বাবে স্ব-মহিমাৰে বৈ থকা এখন চিৰকলীয়া নদীৰ সৃষ্টি কৰিলে। এই ঘাইনদীত অনেক সুঁতিৰ মিলন অৱধাৰিতভাৱে চলি আছে। এইখন নদীৰ শেষ ক’ত কোনেও নেদেখে। 

সাহিত্য সৃষ্টি হওক বুলি প্ৰাৰম্ভতে আৰম্ভ নকৰা অনেক লিখিত সৃষ্টিয়ে সু-সাহিত্যৰ নাম লৈছে। নিজৰ ভিতৰত উকমুকাই থকা কোনো বিষয়ৰ গভীৰ চিন্তন আৰু কৰ্ষিত মননৰ লিপিবদ্ধ ৰূপেই সাহিত্য। ই সুকুমাৰ কলা। কোনে কেনেকৈ ইয়াক সজাই-পৰাই ধুনীয়া কৰি মানুহৰ দৃষ্টিত লাগি ৰৈ যোৱাকৈ মনৰ খোৰাক যোগাই অনাবিল আনন্দ দিব পাৰে সেয়াই নিজাতা বা স্বকীয়তা। 

এতিয়া সাহিত্য হ’ল সাহিত্যিকৰ জীৱন -জগত সম্পৰ্কীয় অভিজ্ঞতাৰ এক বিশেষ ধৰণৰ ৰীতিবদ্ধ আৰু নান্দনিক প্ৰকাশ। সাহিত্যিকজনৰ ব্যক্তিগত ভাব- চিন্তা, আৱেগ-অনুভূতি, কল্পনা, সৃষ্টিশীলতা, দৃষ্টি -দৰ্শনাদি তেওঁৰ সাহিত্য-কৃতিত প্ৰকাশ্য বা প্ৰচ্ছন্ন ৰূপত প্ৰতিফলিত হয়। সাহিত্য-কলাৰ কোনো বিষয়েই সাঁচত ঢলা অথবা সৰ্বকালৰ বাবে সত্য, এনে কথা নিশ্চয় নহয়। পৰিৱৰ্তনশীল সমাজে এইবোৰত নৱৰূপ সঞ্চাৰ কৰি আহিছে ; বৈচিত্ৰ্য আৰু বিৱৰ্তন ইয়াৰ চিৰসংগী। কোনো ব্যক্তিবিশেষৰ হৃদয়ৰ ঐশ্বৰ্যৰ ওপৰত নিৰ্ভৰ কৰি সাহিত্য সৃষ্টিৰ বাটত বৰ বেছি দূৰ আগুৱাব নোৱাৰে। পৰ্যবেক্ষণ, অভিজ্ঞতা, অধ্যয়ন, প্ৰশিক্ষণ, অনুশীলন আদিৰ জৰিয়তে লেখকে নিজৰ সাহিত্যিক ব্যক্তিত্বক পৰিপুষ্ট কৰিবই লাগিব। 

‘অৰুনোদই’ৰ দিনৰ পৰা বিশ্বায়নৰ যুগৰ সাহিত্যলৈ অসমীয়া ভাষা-সাহিত্যৰ উত্থানত প্ৰতিটো সাহিত্যৰ যুগৰ কাণ্ডাৰীসকলৰ অশেষ সাধনা আৰু শ্ৰমৰ বিনিময়ত বৰ্তমানৰ অসমীয়া সাহিত্যৰ ভাৰতীয় সাহিত্যৰ বুকুৰ এচপৰা সোণ হৈ জিলিকি আছে। এইখিনি পৰ্যায় পোৱালৈ অসমীয়া ভাষাই কতটা সংকট আৰু দুৰ্যোগ -দুৰ্ভোগৰ মুখামুখি হৈ মোকাবিলা কৰিব লগা হৈছে সেয়া অনস্বীকাৰ্য। 

নগৰীয়া সভ্যতাৰ যিমানেই জাকজমকতা বিয়পি নপৰক; আমি মূলতঃ “হাবি ভাঙি ফুলবাৰী” পতা মানসিকতাৰে শতিকা পাৰ কৰিছোঁ। আমাৰ সমাজ, ভাষা -সাহিত্য – সংস্কৃতি কেতিয়াও শিপাৰ পৰা ছিন্নমূল হ’ব নোৱাৰে। গাঁৱলীয়া সমাজৰ বাৰেৰহণীয়া ঐতিহ্য বিচাৰি সেয়ে জোনাকী, বাঁহী, ৰামধেনু, আৱাহনৰ পৰা প্ৰান্তিক, গৰীয়সী আদি অনেক আলোচনীৰ পাতত সাহিত্যৰ দ্ৰষ্টাসকলে সৃষ্টিৰ বীজবোৰ সিঁচিবলৈ শিপাৰ পৰা আহৰণ কৰা ভিন্ন সোৱাদযুক্ত উপাদানসমূহ সিঁচি গৈছে । 

 বঙালী ভাষাৰ আগ্ৰাসনৰ পৰা ১৮৭৩ চনত অসমীয়া ভাষাই কথমপি পুনৰ বিদ্যালয়, চৰকাৰী কাৰ্যালয় আদিলৈ প্ৰত্যাৱৰ্তন কৰিলে। কিন্তু দীৰ্ঘদিনীয়া বঙালী ভাষাৰ হেঁচাত পৰি অসমীয়া ভাষাৰ কঁকালত বিষ ঢালি বাঙালীয়ে নিজৰ অস্তিত্ব বাহাল ৰাখিলে। ফলত অসমীয়া ভাষাৰ মৰ্যাদা আৰু স্বাধীনতাৰ ওপৰত প্ৰশ্ন উত্থাপিত হ’ল। বহু অসমীয়াই অসমীয়া ভাষা ভাব প্ৰকাশৰ উপযুক্ত নহয় বুলি গণ্য কৰাত অনেকৰ বাবে ভাষাটো হীনমান্য হৈ পৰিল। সেই সময়তে লক্ষ্মীনাথ বেজবৰুৱাই কলিকতীয়া শিক্ষাৰ মাজত পাশ্চাত্য সাহিত্যৰ ৰস দৰ্শনৰ মাজলৈ নিজকে লৈ গ’ল আৰু পৃথিৱীৰ ঘটনাপ্ৰৱাহ আৰু পৰিৱৰ্তনে জগতখনক কেনেকৈ প্ৰগতি আৰু উত্তৰণৰ দিশলৈ ধাৱমান কৰাইছে, প্ৰত্যক্ষ কৰিলে। ভাৰতীয় নৱজাগৰণৰ অন্যতম পীঠস্থান কলিকতাৰ জীৱন -জগতক কেনেকৈ আধুনিক সমাজ ব্যৱস্থাই দুৰন্ত গতিত হাতত ধৰি লৈ গৈছে আৰু বাংলা সাহিত্যৰ আধুনিক মাত্ৰাৰ বিশাল পথে কেনেকৈ বংগক সাৱটিব লাগিছে। অসমৰ মাটি, পানী, বতাহত লালিত-পালিত বেজবৰুৱাদেৱে বংগৰ ঘটনা প্ৰবাহৰ পৰা শিক্ষা লৈ হাতত কাপ-মৈলাম লৈ জনমভূমিৰ তেজ-পানী আৰু শংকৰ গুৰুৰ মজ্জা, অস্থিক নিটোল ৰূপত তুলি ধৰি ইংৰাজৰ দিনত অসমীয়া ভাষাই পোৱা নানা লাঞ্ছনা আৰু অপমানৰ দুৱাৰ ভাঙি বৰঘৰৰ মজিয়াত মাতৃভাষাক অধিক শক্তিশালী ৰূপত থিয় কৰাবলৈ বিভিন্ন থলুৱা জনগোষ্ঠীৰ মাত-কথাত লুকাই থকা শব্দ -ভাণ্ডাৰ, ৰীতি-নীতিৰ বৰ্ণময় সুষমাবোৰ বুটলি অসমীয়া ভাষাক নস্যাৎ কৰিব খোজা ধুৰন্ধৰসকলৰ প্ৰত্যুত্তৰ দিবলৈ ধৰিলে। শাৰীৰিক শক্তি প্ৰদৰ্শনৰ বিপৰীতে আদৰণীয় মানসিক শক্তিক মকৰধ্বজ হিচাপে লৈ মাতৃভাষাক অধিক প্ৰাণৱন্ত কৰিবলৈ বিভিন্ন আঁচনি, ছেমিনাৰ, আলোচনী প্ৰকাশ, ব্যংগাত্মক ৰচনাৰ জৰিয়তে সমাজৰ এলান্ধু আঁতৰোৱা, নাটক -প্ৰবন্ধ, আত্মজীৱনী-গীত, মহাপুৰুষ দুজনাৰ কীৰ্তি উন্মোচনৰ বাট মুকলি কৰা আৰু থলুৱা বিভিন্ন লোক-কাহিনীক তুলি আনি জনসাধাৰণৰ গ্ৰহণযোগ্য কৰি তোলা বুঢ়ীআইৰ সাধু, উপন্যাস, তাত্ত্বিক গ্ৰন্থ প্ৰণয়ন, বিভিন্ন তৰ্কত যুক্তিৰে ভাগ লৈ অসমীয়া ভাষাক সৰ্বস্তৰলৈ, সৰ্বজনৰ গ্ৰহণযোগ্যতাৰে ব্যৱহাৰ কৰাবলৈ বেজবৰুৱাই কৰিছিল জাতীয় চেতনা উন্মোচনৰ লগে-লগে ভাষা প্ৰতিষ্ঠাৰ যুঁজ। ‘জোনাকী’ৰ আন্দোলনৰো মুখ্য সফলতাৰ বাটত “মিলিব লাগে মিলাব লাগে ’’ক যেন সেই হোতাসকলে হাড়ে-হিমজুৱে উপলব্ধি কৰি কাৰ্যতঃ প্ৰতিপন্ন কৰিছিল। ১৮৮৯ চনৰ পৰা ১৯৪০ লৈ এই বিস্তৃত সময়খিনিয়ে অসমীয়া সাহিত্যত পাশ্চাত্যৰ পৰা বিশেষ ভাব আৰু ৰূপ আহৰণেৰে প্ৰাচ্যৰ পৰা ঐতিহ্যগত আদৰ্শৰ মিলন ঘটাই অসমীয়া ভাষা-সাহিত্যৰ বিকাশৰ বাট সুগম কৰিছিল। কবিতা, গল্পৰ চিন্তাত অহা পৰিৱৰ্তনৰ মাজতো “সবাৰ উপৰে মানুষ সত্য তাঁহাৰ উপৰে নাই…”ৰ উপলব্ধি কৰোৱালে। 

 

 পৰৱৰ্তী পৰ্যায়ত লেখক-সাহিত্যিকসকলে মৰ্মে মৰ্মে উপলব্ধি কৰিলে যে প্ৰকাশৰ মাধ্যম গল্প, কবিতা, উপন্যাস যিয়েই নহওক লাগিলে গাঁৱৰ মাটি-পানী, বোকা, হাবি-বন, অৰণ্য, পথাৰ, গছ -লতিকাতে সাহিত্যৰ বিষয়বস্তু সিঁচৰতি হৈ আছে। গাঁৱৰ বুকুত ভৰি আছে জীৱনৰ সুবিমল সঞ্জীৱনী সুধা। সেয়ে বেজবৰুৱাৰ অনেক কালজয়ী সৃষ্টিৰ থুপ এই সহজ-সৰল গাঁৱৰ মানুহৰ মুখে মুখে বৈ অহা অনেক সাধুকথাৰ ৰসময় ৰসস্বাদনৰ মৌ জুনুকা, বুঢ়ী আইৰ সাধু, ককা -দেউতা আৰু নাতিল’ৰা, ভদৰী, ভোকোন্দিৰ দৰে চৰিত্ৰবোৰ, পাতমুগী, মলক গুইন গুইন, ধোঁৱাখোৱা, ৰতনমুণ্ডা, কেহোঁকলিৰ দৰে গভীৰ জাতীয় চেতনাযুক্ত কাহিনী কথনে পাঠকক দিয়া বিমালানন্দৰ উপৰি ইংৰাজী, বঙলাৰ প্ৰভাৱত চেপাখোৱা অসমীয়া ভাষাক পুনৰুত্থানৰ বাবে কৰা বিষয়সমূহে সেইসময়টোৰ সৰ্বগ্ৰাহী অনিশ্চয়তাৰ পৰা জাতিটোক বচালে। ধোঁৱাখোৱা মানুহক  জোকাৰি দিবলৈ ব্যংগাত্মক ৰচনাৰ কৃপাবৰী চিন্তাই সেইসময়ত বহুতৰে চকু মুকলি কৰিছিল। বেজবৰুৱাৰ পথকে অনুসৰণ কৰি অনেকে কলমকে অস্ত্ৰ হিচাপে লৈ অসমীয়াৰ অস্তিত্ব বচাবলৈ উঠিপৰি লাগিছিল। ৰমন্যাসবাদ আছিল সময়ৰ এক সুযোগসন্ধানী উত্তৰণৰ বাট য’ৰ পৰা আজিৰ সাহিত্যৰ ইতিহাসৰ এটা স্বৰ্ণিল বাটত সোণ-পোৱাল, হীৰা খটুৱাই যুগজয়ী ৰচনাৰ সৃষ্টি হল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ যুগপোযোগী হৃদয়স্পৰ্শী কাহিনীৰ আঁৰত কোনো সচিত্ৰ ছবি মানসপটৰ পৰা চিৰকাল লুকুৱাই থ’ব নোৱৰাকৈ প্ৰেম-বিৰহ, সমাজৰ চলতি অনিয়মৰ বিষোদ্গাৰ, অন্যায়ৰ প্ৰতিবাদ, দুষ্কৃতিৰ বিনাশ কৰি সংস্কৃতিক জনতাৰ বৰঘৰত বৰপীৰা পাৰি বহুওৱাবলৈ তেওঁৰ জীৱনৰ সঁচাৰ কাঠী দুপাত— কৰ্ম আৰু ভাবৰ সু-সমন্বয় সাধন কৰাৰ লগতে সৌন্দৰ্য আৰু বিপ্লৱতে জীৱনৰ প্ৰতিটো ক্ষণ নিয়োজিত কৰিলে । তেওঁ জীৱনৰ মহামন্ত্ৰ “সুন্দৰৰ আৰাধনা জীৱনৰ খেল”ৰ লগে-লগে বিপ্লৱৰ শংখনাদ কৰিছিল। 

 

  “আমাৰ চকুলোৰে পানী দি জীয়ালো, মাণিকি মধুৰি ধান / তোমালৈ আনিছোঁ জগতৰে শইচ এৰা নিমাতী মান ’’-ৰ দৰে সুকোমল অথচ সুগভীৰ আৰু সুস্পৰ্শী অনুভৱেৰে সিক্ত ভাষাই সেউজীয়া ধুনীয়া পৃথিৱী সজাওঁতাসকলক লগত লৈ সেউজী পৃথিৱীৰ বন্দনা গাইছে। গাঁৱলীয়া জীৱনৰ সুখে টানি ধৰা সময়তে তেওঁৰ লিখনিত গাঁৱলীয়া বিষাদ মধুৰ আন কিছুমান ছবিও ভাস্বৰ হৈ উঠে—

 

“মোৰ ঘৰলৈ ধুনীয়া ছোৱালী

কোন দুখীয়াৰ ভাতমুঠি কাঢ়ি

সোণৰ কাঁহীত খাৱ।”.. 

 

‘‘মাছমৰীয়া গাঁওখনিত কোন ছোৱালী আছ?” 

 

‘‘দুখীয়াৰ চোতালেদি পোহৰৰ বীণ বাই

ব’ৰাগী কোঁৱৰটি যায়

হজুৱাৰ বনুৱাৰ দুসাজি নিমিলাৰ

বুকুত ন সপোনৰ জুই জ্বলাই।” 

 

এনেকৈয়ে আলোকবঞ্চিত অগণন মানুহেৰে মিলি কৰা তেওঁৰ আলোকযাত্ৰা সঁচাই অভিনৱ আৰু অব্যৰ্থ। জ্যোতিয়ে যি জনজীৱনৰ গান, যি গাঁৱৰ গান ‘‘নিঃশেষ ’’ প্ৰাণ গাইছিল, সেই গানৰ ক্ষয় নাই। জ্যোতি যেন নিজেই আপ্লুত —

 

‘‘মোৰ গান যে নহয় শেষ 

শেষ কৰি তাক বিদায় দিলেও

যি কথা কয় বিশেষ বিশেষ

শেষ কৰাৰ পিছতে সি অশেষ হৈ আহে …” 

 

বুৰঞ্জী, লোক-সাহিত্য আৰু অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ সমল বিচাৰি গাঁৱে-ভূঁঞে, হাবিয়ে-বননিয়ে ঘূৰি ফুৰা কৃতবিদ্য সাহিত্যিক ড° লীলা গগৈৰ গৱেষণা প্ৰসূত অনেক সৃষ্টিৰাজিৰ অমল উৎসবোৰৰ মাজৰ সহজ-সৰল গ্ৰাম্য জীৱনৰ সজীৱ চিত্ৰণ, নিমজ-নিভাঁজ গদ্যৰীতিৰে ‘নৈ বৈ যায়’ৰ দৰে সাহিত্যৰ সোণৰ টুকুৰা আজি প্ৰতি অসমীয়া সচেতন পঢ়ুৱৈৰ ভূষণ হৈ পৰিছে। তেখেতৰ ‘নীলা খামৰ চিঠি’ৰ ভাঁজত লিখা কথাবোৰ … “সীমা, আঘোণৰ কথা শুনি আমনি লাগিছে নেকি? ইমান ধুনীয়া আঘোণ! শৰতৰ হিমে ধোৱা শেৱালিৰ সুৰভি লাগি মানুহৰ মনবোৰ নতুন হয়। উৰুঙা জীৱনৰ বুকুলৈ উৰি আহে জন-জীৱনৰ আদিম সত্য হৰ-গৌৰী বসতি। … আঘোণৰ পথাৰত কবিতা ফুলে। অশৰীৰী ৰূপত লখিমী আহি পথাৰৰ বুকুৱে বুকুৱে সিঁচি যায় সোণগুটি। পকাধানে তলমূৰ কৰে । বৰাধানবোৰ সেউজীয়া পাতৰ আঁৰত লাটুমনি গুটি যেন ৰঙা হয়। মাণিকী-মধুৰি জহাৰ সুগন্ধি সুবাস বতাহৰ বুকুত উৰি যায়…।’’ তেখেতৰ ‘সীমান্তৰ মাটি আৰু মানুহ’ত সাত-বছৰীয়া বায়েকে পিঠিত বোকোছা বান্ধি ভায়েক-ভণীয়েকহঁতক লৈ ফুৰাৰ ছবিৰ কথনে টানি ধৰে — ‘‘মোৰ মৰমৰ ভনীজনী, / যেতিয়া তই ডাঙৰ হ’বি /আইক তেতিয়া পথাৰত সহায় কৰিবি/ আমি একেলগে খৰি লুৰিবলৈ যাম/ একেলগে পানী আনিবলৈ যাম…” এনেধৰণৰ অনেক গ্ৰাম্য জীৱনৰ ছবিয়ে অসমীয়া সাহিত্যৰ ভঁৰাল ওপচাই ৰাখিছে। 

 

 কবি ডিম্বেশ্বৰ নেওগৰ ভাষাৰে “সৰু গাঁওখনি তোক কত ভাল পাইছিলোঁ/ ভালপাওঁ আজি শতবাৰ”ৰ আৰম্ভণিৰে আৰম্ভ হোৱা চিৰ শ্ৰদ্ধাৰ সাহিত্যিক ড° নগেন শইকীয়া ছাৰৰ ‘ধূলিৰ ধেমালি’পঢ়িলে —  “মোৰ গাঁওখন। সৌৱা চাৰি আলিটো পাৰ হৈ আমাৰ গাঁও সোমোৱাৰ লগে লগে আহল-বহল মুকলি খেলপথাৰ এখনে আলহীসকলক যেন অভ্যৰ্থনা জনাবলৈ ৰৈ আছে। খেল পথাৰখন পাৰ হ’লেই আপুনি গৈ লগ পাব বুঢ়ীজান নামৰ সৰু জুৰি এটা। … বাৰিষা এই বুঢ়ীজানতে বান দি ধৰা মাছৰ সোৱাদ এসময়ত গাঁৱৰ প্ৰতিঘৰে পাইছিল। … আমাৰ গাঁৱৰ সকলোৱেই ‘শ্ৰীমন্ত শঙ্কৰ হৰিভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই আমাৰ পৰমগুৰু’বুলি মানিছিল…।’’ ইত্যাদি কথাবোৰ কেৱল এখন গাঁও নহয়, বহু গাঁৱৰ চিনাকি ছবি। এনেবোৰ গ্ৰাম্য জীৱনৰ সৰস বৰ্ণনাৰ ছবিৰ অভাৱ অসমীয়া সাহিত্যত কাহানিও নহয়। এয়া সামান্য উল্লেখহে। কথাশিল্পী চৈয়দ আব্দুল মালিকৰ প্ৰতিখন উপন্যাস আৰু দুইহেজাৰোধিক গল্পৰ সৰহ সংখ্যকৰ নিৰ্মাণ কাহিনী অসমীয়া গাঁও। কথাশিল্পী হোমেন বৰগোঁহাঞিদেৱে তেখেতৰ অসমীয়া সাহিত্যলৈ বিশাল অৱদানৰ কথা সুঁৱৰি লিখিছে “মালিকে যি বিশাল চিত্ৰশালা সৃষ্টি কৰি গৈছে সেই চিত্ৰশালাত অসমীয়া সমাজে নিজৰ প্ৰতিচ্ছবি দেখিবলৈ পায়। এইকথা ক’লে বোধহয় অত্যুক্তি কৰা নহ’ব যে আধুনিক যুগত লক্ষ্মীনাথ বেজবৰুৱাৰ পিছত মালিকেই হ’ল দ্বিতীয়জন লেখক যিজনে সমগ্ৰ অসমীয়া জাতিৰ হৃদয় জয় কৰিবলৈ সমৰ্থ হৈছে। ’’(মালিকৰ সুখ-দুখ)

“সাহিত্যই জাতিৰ দাপোন ’’ বোলা কথাষাৰ প্ৰতিফলিত হৈ আহিছে একৈশ শতিকাৰ ৫/৬ দশকৰ পৰা ৰচিত অনেক গল্প -উপন্যাসত। মামনি ৰয়চম গোস্বামী বাইদেউৰ ‘‘ছিন্নমস্তাৰ মানুহটো’’, ‘‘অপ্সৰা গৃহ’’, ‘‘তহছিলদাৰৰ তামৰ তৰোৱাল’’, পূৰৱী বৰমুদৈ বাইদেউৰ “ৰূপোৱালি নদীৰ‌ সোণোৱালী ঘাট”, “শান্তনু কুলনন্দন’’ আদিত ঊনৈশ শতিকাৰ অসমীয়া সমাজখনৰ আৰ্থ-সামাজিক, , ৰাজনৈতিক জীৱনৰ প্ৰতিচ্ছবি ফুটাই তুলিছে। সমাজৰ ৰীতি-নীতি, বিশ্বাস-অবিশ্বাস, কৃষ্টি -সংস্কৃতি, অপসংস্কৃতি দাঙি ধৰা হৈছে দৰজে ঠংচিৰ ‘‘শৱ কটা মানুহ’’, ‘‘মৌন ওঁঠ মুখৰ হৃদয়’’, ‘‘বিষকন্যাৰ দেশত’’। তেনেকৈ সাহিত্য অকাডেমি বঁটা বিজয়ী উপন্যাস ‘‘কথা- ৰত্নাকৰ’’ উজনি অসমৰ এটা বিশেষ অঞ্চলৰ বিশেষ সম্প্ৰদায়ৰ এছোৱা বিশেষ সময়ৰ অকথিত ঘটনাবিশেষৰ কলা সুলভ ৰূপ। অৰূপা পটংগীয়া কলিতা বাইদেউৰ ‘‘অয়নান্ত’’, ‘‘টোকোৰা বাঁহৰ সোণৰ বেজী’’, ‘‘ফেলানী’’ আদি উপন্যাসত মান্য সমাজত ঠাই নোপোৱা বস্তিবাসী, ডাল-দৰিদ্ৰ লোকৰ নিৰৱিচ্ছিন্ন জীৱন সংগ্ৰামৰ কাহিনী বৰ্ণিত হৈছে। ভালেমান গ্ৰন্থৰ ৰচক সাহিত্য অকাডেমি বঁটা বিজয়ী জয়ন্ত মাধৱ বৰাৰ বৃহৎ কলেৱৰৰ ‘‘মৰিয়াহোলা’’ এখনি কল্পনাৰ কাহিনীৰে লিখা উপন্যাস হ’লেও একে নামৰ ঠাইখনৰ অতীত, বৰ্তমানক সাঙুৰি এক নিৰ্মোহ ব্যাখ্যাৰ দৰে লাগে। 

 

 এনেকৈ অবিৰতভাৱে সৃষ্টি হৈ থকা অনেক গ্ৰন্থই অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰি আহিছে। আমি নিজে সহৃদয়তাৰে পঢ়া আৰু বহু গ্ৰন্থৰ কথা একেটা লেখাতে উল্লেখ কৰা সম্ভৱো হৈ নুঠিব। মাথোঁ লেখাটোৰ শিৰোনামটোৱে বিচৰা ধৰণে সামান্য প্ৰয়াসহে কৰা হৈছে। জাতি থাকে মানে সাহিত্যক কঢ়িয়াই নিব লাগিব একেদৰে আমাৰ সাহিত্যইও আমাৰ জাতিক কঢ়িয়াই লৈ যাব। 



——++—-

 

( লেখাটো যুগুতাওঁতে সহায়ক গ্ৰন্থ হিচাপে থাওকতে ভালে কেইখন চকুৰ আগত ৰখা হৈছিল —- অসমীয়া উপন্যাসৰ ৰেঙণি, আত্মানুসন্ধান, লীলা গগৈৰ ৰচনাৱলী, ধূলিৰ- ধেমালি, সাহিত্য উপক্ৰমণিকা ইত্যাদি)

 

                      OOOOOOOO



শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!