অসমৰ নিচিনা আন এখন প্ৰদেশ

লেখক- তাবাচ্ছুম ইছলাম বৰা।

শিৰোনামটো দেখিয়েই বহুতে অনুমান কৰিছে কিজানি, মই কোনখন প্ৰদেশৰ কথা ক’ব খুজিছোঁ। হয়, ঠিকেই ধৰিছে মই ভাৰতৰ দক্ষিণ-পশ্চিম প্ৰান্তত অৱস্থিত কেৰেলাৰ কথা ক’ব খুজিছোঁ। ধাননি পথাৰ, তামোল পাণৰ বাৰী, ঘন হাবি-বননি দেখিলে ধৰিবই নোৱাৰিব আপুনি অসমত আছেনে বাহিৰত আছে, কেৱল ব্ৰহ্মপুত্ৰৰ সলনি তাত আছে আৰব সাগৰখন।          

     ২০২৩ চনৰ ছেপ্টেম্বৰ মাহৰ শেষৰ সপ্তাহত আমি দুয়ো ছোৱালী দুজনীক লৈ কেৰেলালৈ বুলি ফুৰিবলৈ যাবলৈ ঠিক কৰিলোঁ। ডাঙৰ জী দিল্লীত, সেইবাবে তাইক তাৰ পৰাই ক’চিলৈ (ক’চিৰ আন এটা নাম ক’চিন) আহিবলৈ ক’লোঁ। আমিও পোনপটীয়া বিমান নথকা বাবে চেন্নাই হৈ ক’চি অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। গুৱাহাটী বিমানবন্দৰতে বিমানখন দুঘণ্টা পলমকৈ এৰাত আমাৰ চেন্নাইত ৰ’বলৈ একেবাৰে সময় নাছিল। সেইদিনাখন বতৰ বৰ বেয়া আছিল। গুৱাহাটীৰ পৰা চেন্নাইলৈ গোটেই বাটছোৱা বিমানখন ভূমিকম্প অহাৰ দৰে কঁপি কঁপি গৈ আছিল, এবাৰো পেটী( চেফটি বেল্ট) খোলাৰ সংকেত নিদিলে। ভয়ে ভয়ে প্ৰভুৰ নাম লৈ লৈ কোনোমতে চেন্নাই পালোঁগৈ। পিছে কপাল ভাল আছিল, ক’চিলৈ যোৱা বিমানখনো এঘণ্টা পলমকৈ এৰিছিল, এতেকে দৌৰাদৌৰিকৈ তাৰে ৰেস্তোৰাঁ এখনত বহি ইডলি খাই কোনোমতে পেটটো ভৰালোঁ। ইফালে  ছোৱালীজনী  দিল্লীৰ পৰা আগে আহি পাই বুলি সেইটোও এটা চিন্তা লাগি আছিল, তাইক কোৱা হৈছিল আগে আহি পালে আমালৈ অপেক্ষা কৰিবলৈ, পিছে তাইৰ বিমানো দেৰিকৈ অহা বাবে আমিয়েই ৰাতি সাতটা বজাত তাইতকৈ আগেয়ে গৈ পালোঁ। ক’চি বিমানবন্দৰটো দেখি আচৰিত হ’লোঁ। গোটেই আচবাববোৰ কাঠেৰে নিৰ্মিত আনকি যাত্ৰী বহা চকীবোৰো কাঠৰ চোফাৰ দৰে। যেনিবা কাঠৰ ফাৰ্নিচাৰৰ দোকান এখনতহে সোমালোঁ। বেৰবোৰো কাঠৰ পেনেলিং কৰা, বৰ সুন্দৰ। ইয়াতো আৰব দেশৰ যাত্ৰীৰ সমাগম বেছি সেয়ে ইয়াতো সেই চিনাকি আতৰৰ গোন্ধ পালোঁ। আমাৰ অসমতো উভৈনদি কাঠ, কিন্তু ক’তো দেখোন এইদৰে  কাঠৰ ব্যৱহাৰ ও প্ৰদৰ্শন কৰা নেদেখোঁ। এই বিমানবন্দৰটোৰ বিশেষত্ব এয়ে যে এইটো পৃথিৱীৰ ভিতৰতে সম্পূৰ্ণৰূপে সৌৰ শক্তিৰ( solar energy) দ্বাৰা চালিত বিমানবন্দৰ, এক বৃহত্তৰ এলেকাত সৌৰ শক্তিৰ পেনেলবোৰ লাগি থকা দেখিলোঁ। 

  এঘণ্টাৰ পিছত  ছোৱালীজনী আহি পালেহি। আমি আগেয়ে বুক কৰি থোৱা হোটেল “ব্ৰড বিন”ৰ গাড়ী চালক শ্ৰীমান মনোজ আমাৰ বাবে এটা নিৰ্দিষ্ট স্থানত অপেক্ষা কৰি আছিল। হাঁহি মুখীয়া মানুহজনে আমাৰ লগত চা চিনাকি হৈ আমাক হোটেললৈ বুলি লৈ গ’ল, আমাৰ আঠদিনৰ কেৰেলা ভ্ৰমণৰ এৱেঁই সাৰথি। প্ৰায় ৰাতি নটা বজাত আহি আমি হোটেল পালোঁহি। বৰ সুন্দৰ হোটেল, খুব ডাঙৰ নহয় যদিও  সুবিধাজনক। হোটেলৰ কৰ্মচাৰীসকল অতি অমায়িক আৰু অতিথিপৰায়ণ। কেৰেলাৰ অৱশ্যে অধিকাংশ মানুহেই শিক্ষিত, সংস্কাৰী আৰু অতি অমায়িক। 

 হোটেলত খোৱাৰ ব্যৱস্থা আছিল যদিও ছোৱালীহঁতে বাহিৰত খাবলৈ মন মেলাত ওচৰৰে কেৰেলীয়ান ৰেস্তোৰাঁ এখনলৈ খাবলৈ গ’লোঁ। সুন্দৰ পৰিবেশ। বহাৰ লগে লগে একোটা তামৰ গিলাচত গুলপীয়া বৰণৰ গৰম পানী দি থৈ গ’ল।খামেই নে কি কৰিম বুজি নাপালোঁ।  ৱেইটাৰজনক সোধোঁতে ক’লে যে এয়া কেৰেলাৰ বনৌষধি পানী, ইয়াক খালে ভোক বাঢ়ে আৰু পেট ভালে থাকে। ভাল লাগিল দেখি কেনেকৈ তেওঁলোকে নিজৰ দেশৰ বস্তুবোৰৰ প্ৰচলন তথা প্ৰচাৰ কৰিছে। পানীখিনি খাওঁ নাখাওঁকৈ খালোঁ আৰু বেছ মচলাযুক্ত খোৱা খায়ো পেটটো ভালেই লাগি থাকিল। 

  পিছদিনাখন হোটেলত ৰাতিপুৱাৰ পূৰক জলপান (complimetary breakfast) খালোঁ, বিভিন্ন তৰহৰ খাদ্য, নাম কৈ শেষ কৰিব নোৱাৰি, একেবাৰে আন্তৰ্জাতিক মানৰ। তেওঁলোকৰ আৰু তামিলসকলৰ খাদ্যবোৰ প্ৰায় একে যদিও তামিলসকলে টেঙা বেছিকৈ খায় আৰু এওঁলোকে টেঙা কমকৈ খায় আৰু নাৰিকল বেছিকৈ খায়। আগতে শুনাৰ দৰে ইয়াত কিন্তু আমি সকলো বস্তুতে নাৰিকল তেলৰ ব্যৱহাৰ নেদেখিলোঁ। হয়তো পৰ্যটকৰ কথা চিন্তা কৰিয়েই ইয়াৰ ব্যৱহাৰ কমাইছে। ৰাতিপুৱা দহবজাত শ্ৰীমান মনোজ আহি পালে আৰু আমাক হোটেলৰ ইন’ভাখনত বহুৱাই ক’চিৰ পুৰণি পৰ্তুগীজ নগৰখনলৈ লৈ গ’ল।তাতে ইহুদীসকলৰ প্ৰথম প্ৰাৰ্থনাগৃহ প্ৰাচীন চিনাগ’গ এটা চালোঁ, এতিয়া তাত আগৰ দৰে ইহুদী লোক নাই যদিও যি দুই এঘৰ আছে সেই গৃহতে প্ৰাৰ্থনা কৰে। প্ৰাৰ্থনগৃহটো বৰ সুন্দৰকৈ সংৰক্ষণ কৰি থৈছে, লগতে ইহুদী টাউন। তেওঁলোকৰ পুৰনি বস্তিটোও সুন্দৰকৈ ৰাখিছে, হস্তশিল্পৰ বহু দোকান পোহাৰ আছে। তাতে কুৰ্তা দুটা কিনিলো, ছোৱালীহঁতেও বন্ধুক দিবলৈ সৰুসুৰা স্মৃতি চিহ্ন কিনিলে। ঘৰবোৰ  সুন্দৰকৈ ৰং কৰি থৈছে, বহু কেইখন ফটো তুলি আনিলোঁ। সেইদিনা বতৰটো ভাল আছিল। কিনকিনিয়া বৰষুণে ঠাণ্ডা লগাই দিছিল। তাৰ পৰা ওলাই দুটামান পুৰণি গীৰ্জা আৰু মন্দিৰ বাহিৰে বাহিৰে চাই আমি ১৫৫৫ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা পৰ্তুগীজ প্ৰাসাদ “ডাছ পেলেচ” বা মাত্তনশ্বেৰী পেলেচ চাবলৈ গ’লোঁ। কাঠ আৰু চূণ চুৰুকাৰে তৈয়াৰী সেই সুন্দৰ দুমহলীয়া মহলটো চাবলগীয়া। বৰ্তমান এইটো এটা মিউজিয়াম আৰু গ্ৰন্থাগাৰ। মহলটোৰ ওপৰছোৱা একেবাৰে অসমৰ নামঘৰবোৰৰ মণিকূটৰ আৰ্হিত নিৰ্মাণ কৰা, দুৱাৰ খিৰিকীবোৰতো অসমীয়া আৰ্হি মন কৰিবলগীয়া। তাৰ পৰা আহি আমি আৰব সাগৰৰ পাৰৰ ফ’ৰ্ট ক’চিৰ মাছমৰা আৰু জাল গোথা ঠাইখন চাবলৈ আহিলোঁ। প্ৰকাণ্ড প্ৰকাণ্ড জালবোৰ পানীত পেলাই থৈছে, জাল গুঠি থকাও দেখিলোঁ। লগতে মাছৰ বজাৰ, বিভিন্ন ধৰণৰ সাগৰীয় মাছ দেখিলোঁ।মানুহবোৰে মোনা ভৰাই ভৰাই জীয়া মাছবোৰ লৈছে। একেবাৰে আমাৰ উজানবজাৰ নদী ঘাটৰ দৰে। ঠাইখন অলপ লেতেৰা কিন্তু মেলাৰ দৰে ঠায়ে ঠায়ে ভজা মাছ  দোকান, ফলৰ ৰসৰ দোকান আছে।চৌদা দিয়া ফলৰ ৰসবোৰক (mocktail) গুলোক্কি বুলি কয়। তাতে থিয় হৈ  নানা ৰকমৰ গুলোক্কি খালোঁ, বৰ সুস্বাদু। 

 দুপৰীয়া হৈ আহিছিল। তাৰ পৰা আমি ত্ৰিশ কিলোমিটাৰ দূৰত্বত থকা চেৰামন মছজিদলৈ বুলি ৰাওনা হ’লোঁ। বাটতে  গাঁও এখনত ৰৈ হোটেল এখনত কেইবাবিধ মাছেৰে ভাত খালোঁ, ইমানযে সুস্বাদু আছিল। ভোকৰ ভাত আছিল  কাৰণেই নেকি, এতিয়াও মনত পৰি থাকে। ভালকৈ ধন্যবাদ এটা দিওঁ বুলিলেও ভাষা বুজি নাপায়।সেয়ে thank you বুলি কৈ হাঁহি হাঁহি ওলাই আহিলোঁ। তাতো কিন্তু  তামৰ গিলাচত গুলপীয়া গৰম পানী খাবলৈ পালোঁ। 

 চেৰামন মছজিদ পাওঁ মানে সমূহীয়া নামাজৰ সময় শেষ হৈছিল। আমি নিজে নিজে নামাজ পঢ়িলোঁ। মছজিদৰ বাকৰিত কিছুমান মানুহ সৰু ল’ৰা-ছোৱালী লৈ বহি থকা দেখা পালোঁ।বেছি ভাগেই হিন্দু ধৰ্মাৱলম্বীৰ লোক, আচৰিত হ’লো! পিছত গম পালোঁ যে ল’ৰা-ছোৱালীৰ অসুখ-বিসুখ হ’লে বা বিদ্যাৰম্ভ কৰাৰ আগতে মছজিদৰ মৌলবীৰ পৰা দোৱা কৰাই নিয়ে, এইটো তেওঁলোকৰ বিশ্বাস। মছজিদৰ দান পাত্ৰতো হিন্দু মানুহে গাড়ী ৰখাই পইচা দি যোৱা নিজ চকুৰে দেখিলোঁ। শুনা মতে চেৰামন এজন হিন্দু ৰজা আছিল তেওঁ হজৰত মহম্মদৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ আৰবলৈ গৈ ইছলাম ধৰ্মত দীক্ষিত হয় আৰু নিজৰ প্ৰাসাদটো মছজিদ বনাবলৈ আদেশ দিয়ে। সেই সূত্ৰে এইটোৱেই ভাৰতৰ প্ৰথম মছজিদ। ইয়াত থকা বিশাল প্ৰদীপটো জ্বলাবলৈ (বিদ্যুতৰ তাঁৰ নহালৈকে) চেৰা ৰজাৰ ৰাজভঁৰালৰ পৰাই তেল পঠিয়াইছিল। পিতলৰ চাকিটো এতিয়াও আছে কাঠৰ থাপনাত, দেখি আহিছোঁ। ৰজাদিনীয়া পুখুৰীটো এতিয়াও আছে।তাতে মছজিদলৈ অহা মানুহে ইচ্ছা কৰিলে হাত মুখ ধুব পাৰে। হিন্দু মুছলমানৰ সমন্নয়ৰ প্ৰতীক এই মছজিদটো দেখি সঁচাই বৰ ভাল লাগিল। পিছফালে ডাঙৰ কাঠনিবাৰী, মাজে মাজে তামোল পাণৰ গছ, পৰিবেশটো বৰ ভাল লাগিল।  নিমাওমাও,জনবসতি সেৰেঙা, একেবাৰে অসমৰ গাঁৱৰ দৰে। তাৰ পৰা পোনে পোনে হোটেললৈ বুলি ৰাওনা হ’লোঁ।  গধূলি অলপ খোজকাঢ়ি ওলাই আহিলোঁ। বিশেষ আৰু চাবলগীয়া নাই। এইখন এখন সৰু বাণিজ্যিক চহৰ। ৰাতি ওচৰৰে জৈন ৰেস্তোৰাঁ এখনত ভাত খাই হোটেললৈ  ঘূৰি আহিলোঁ। পাছদিনাখন ৰাতিপুৱা জলপান খায়েই ওলাব লাগিব মুন্নাৰলৈ বুলি। মুন্নাৰ এখন পাহাৰীয়া ঠাই, ক’চিৰ পৰা গাড়ীৰে চাৰি ঘণ্টাৰ বাট। 

ৰাতিপুৱা চাৰে নটা বজাত শ্ৰীমান মনোজৰ লগত আমি মুন্নাৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। সুন্দৰ মনোমোহা অঁকোৱা পকোৱা বাট, গুৱাহাটী-শ্বিলঙৰ বাটৰ দৰেই পাহাৰীয়া বাট।কিন্তু দুয়োকাষে বাঁহ আৰু প্ৰকাণ্ড প্ৰকাণ্ড গছৰ অটব্য অৰণ্য। বান্দৰ, চৰাই-চিৰিকটিৰ অবাধ অহা যোৱা। মাজে মাজে ডাৱৰে আৱৰি ধৰে,বৰ সুন্দৰ দৃশ্যৰাজি। লাহে লাহে ঠাণ্ডা লাগি আহিব ধৰিছিল। গৰম কাপোৰ  উলিয়াই মূৰে গায়ে ঢাকি লৈছিলোঁ। সৰুজনী ছোৱালীৰ অলপ বমি বমি ভাব অহাত গাড়ীখন ৰখাই আমি অলপ মুকলিলৈ নামি আহিলোঁ। পিছে বান্দৰৰ উৎপাতত বেছি দেৰি ৰ’ব নোৱাৰিলোঁ। অলপ আগলৈ আহি মনোজে  ‘চিয়াপাৰা জলপ্ৰপাত’ৰ ওচৰত গাড়ীখন আকৌ ৰখাই দিলে। দেখিলোঁ, গাড়ী চালকসকলে  জলপ্ৰপাতৰ পানী বটলত ভৰাই লোৱা দেখিলোঁ। বৰ সোৱাদযুক্ত পানী হেনো, আমি পিছে নল’লোঁ। মই হাতত লৈ পানী এচলু খাই চালোঁ, হয় বৰ পাতল পানী। তাতে কেঁচা ফল-মূল কেইটামান কিনি খাবলৈ লওঁতেই ছোৱালীজনীৰ কেঁচা মিঠা আমৰ টোপোলাটো বান্দৰে থপিয়াই লৈ গ’ল। তাইৰ চিঞৰত সকলো মানুহে হাঁহিবলৈ ধৰিলে। 

আকৌ গাড়ীত বহিলোঁহি বাকীছোৱা যাত্ৰাৰ বাবে। বাটতে খাই বৈ আমি দেৰটামান বজাত আহি মুন্নাৰ পালোঁহি, এইবাৰৰ হোটেলখনো আগৰখনৰে চেইন হোটেল। পিছে এইখন একেবাৰে লুংলুঙীয়া হাবিৰ মাজত অসমৰ চাং ঘৰৰ আৰ্হিত বনোৱা হোটেল। নিৰ্জনতা ভালপোৱা মানুহৰ বাবে একেবাৰে উত্তম ঠাই। চাৰিওফালে ইলাচী, জালুক, কঁঠাল আৰু তামোল পাণৰ খেতি। পুৰণি গছবোৰ নাকাটি গছৰবোৰৰ মাজে মাজে খালী ঠাইবোৰত একোটাকৈ দুমহলীয়া চাং ঘৰ সাজি থৈছে। হাবি বন নকটাকৈ যেনেদৰে হোটেলখন নিৰ্মাণ কৰিছে, সেয়া চাবলগীয়া। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে চৰাই আৰু পোক-পৰুৱাৰ মাতৰ বাহিৰে কোনো হুলস্থূল নাই। কি যে শান্তি, মানুহবোৰেও যেন লাহে লাহে কথা পাতে এনে লাগিল। ৰাতিটো পিছে বৰ জয়াল আছিল। ভয়াতুৰ মানুহৰ বাবে নহয় কিন্তু দেই। আমি কোঠাতে ভাত পানী খাই শুই থাকিলোঁ। ৰাতিপুৱা আকৌ চৰাইৰ মাতত সাৰ পালোঁ।কোঠাৰ বাৰাণ্ডাৰ পৰা সূৰ্যোদয় বৰ ধুনীয়াকৈ দেখা পায়। সেইদিনা পেৰিয়াৰ নদীবান্ধ চাবলৈ গ’লোঁ। তাতে নাও বাই চালোঁ। ইমানযে সুন্দৰ দৃশ্যৰাজি ভাষাৰে বুজাব নোৱাৰি। তাৰপৰা এখন অতি সুন্দৰ ব’টানিকেল গাৰ্ডেন চাবলৈ গ’লোঁ আৰু সন্ধিয়া হোৱাৰ আগে আগে হোটেললৈ উভতি আহিলোঁ । 

 পিছদিনা ৰাতিপুৱা চাহ জলপান খাই মুন্নাৰ এৰিলোঁ আৰু থেকাৰী নামৰ ঠাই এখনলৈ যাত্ৰা কৰিলোঁ। এইবাটছোৱা সম্পূৰ্ণ চাহ বাগানৰ মাজে মাজে আহিলোঁ।কিনকিনিয়া বৰষুণ, বতাহ আৰু মেঘৰ লুকা ভাকু। অপূৰ্ব বাতাবৰণ সঁচাকৈ খুব ভাল লাগিল, গা মন সতেজ হৈ গ’ল। বাটত এখন ‘ৰেদি মিল’ নামৰ কেৰেলীয়ান থালিৰ ৰেস্তোৰাঁত সোমালোঁ।ৰেস্তোৰাঁখনত প্ৰায় এশমান মানুহক একেলগে খুৱাব পৰাৰ ব্যৱস্থা আছে। বহাৰ লগে লগে থালি দি যায়, মাছ মাংস কোৱাৰ লগে লগে দি যায়, ইমান খৰতকীয়া সেৱা ক’তো দেখা নাছিলোঁ। সকলোৱে বেলেগ বেলেগ ধৰণৰ মাছ খালোঁ, বৰ সুস্বাদু আৰু উচ্চ মানৰ। তাতে কাম কৰা কেইবাজনো বৰপেটাৰ অসমীয়া ল’ৰা লগ পালোঁ।আমাক অসমীয়াত কথা পতা দেখি নিজেই মাত দিলে। বৰ মৰম লগা ল’ৰা, পইচাৰ কাৰণে ইমান দূৰত গৈ কাম কৰি আছে। 

  তাৰ পৰা আহি আমি পেৰিয়াৰ নদীৰ সিপাৰে থকা ৱাইল্ড লাইফ পাৰ্ক এখন চাবলৈ গ’লোঁ। আমাৰ অসমৰ তুলনাত বিশেষ তেনেকুৱা বন্যপ্ৰাণী নাই । এটা হাতী, কেইটামান বনৰীয়া ম’হ আৰু এটা চাম্বাৰ হৰিণ দেখিলোঁ। তাত পিছে মোক জোকে পালে, কেনেকৈনো জোক এটা আহি মোৰ ভৰিত কামুৰিলে গ’মেই নাপালোঁ। হোটেলত সোমাই বাথৰূমত গৈহে দেখা পালোঁ, ভয়ত মোৰ প্ৰাণ যাওঁ যাওঁ অৱস্থা। কোনোমতে জোকডাল এৰুৱাই ডেটল দিয়াতহে তেজ বন্ধ হ’ল। সেইদিনা এনে লাগিছিল যেন জীৱনত আৰু কেতিয়াও হাবি বন চাবলৈ নাযাওঁ। পাছদিনা ৰাতিপুৱাই তাৰ পৰা ওলাই এলেপ্পী হাউচ ব’টলৈ যাত্ৰা কৰিলোঁ। 

 এইবাৰ পাহাৰৰপৰা সমতল ভূমিলৈ নামি আহিলোঁ। চাৰে এঘাৰটা বজাত আহি আমি এলেপ্পী পালোঁহি। এখন তিনি কোঠলীয়া নাও আমাৰ বাবে ঘাটত ৰৈ আছিল। কাৰ্যালয়ত বুকিং টিকেট দেখুৱাৰ লগে লগে তেওঁলোকৰ কৰ্মচাৰী আহি আমাক নাওখনলৈ আগবঢ়াই লৈ গ’ল। বৰ মৰম লগা নাওখন। এটা দিন আৰু এটা ৰাতিৰ বাবে আমি নাৱৰ যাত্ৰী হ’লোঁ। নাবিকজন আৰু এজন সহকৰ্মী আৰু আমাৰ চাৰিজনক লৈ নাওখন আৰব সাগৰৰ বেক ৱাটাৰে সৃষ্টি কৰা হ্ৰদবোৰৰ মাজেৰে যাত্ৰা আৰম্ভ কৰিলে। নাওখনত ডেক আৰু তিনিটা শীততাপ নিয়ন্ত্ৰিত কোঠা আৰু এটা পাকঘৰ আছিল। তিনিওটা কোঠাতে বাথৰূম সংলগ্ন, একেবাৰে জাহাজৰ দৰে। নাওখনত সেইদিনা আৰু বেলেগ আলহী নাছিল, সেইবাবে আমি বৰ ভালকৈ থাকিব পাৰিলোঁ। গৈ পোৱাৰ লগে লগে আমাক ফল আৰু ফলৰ ৰসেৰে আপ্যায়ন কৰিলে। তাৰ পাছত নাওখন লাহে লাহে গভীৰ পানীলৈ আগবাঢ়িল। দুয়োকাষে নাৰিকল গছ আৰু দূৰে দূৰে মানুহৰ ঘৰ।প্ৰত্যেকটো ঘৰৰ পদূলিতে একোখনকৈ নাও বান্ধি থোৱা দেখিলোঁ। তেওঁলোকে এই সৰু সৰু নাওবোৰেৰেই অহা যোৱা কৰে। কিছুমান আকৌ চিটিবাছৰ দৰে নাও আছে, সেইবোৰে প্ৰত্যেকটো ঘাটতে মানুহ উঠোৱা নমোৱা কৰে। এই নাওবোৰক water taxi বুলি কোৱা হয়। তেওঁলোকৰ দৈনন্দিন জীৱনত নাও অপৰিহাৰ্য ।এঘণ্টামান যোৱাৰ পিছত হঠাতে বিজুলী ঢেৰেকনি মাৰি ধুমুহা বৰষুণ আহিবলৈ ধৰিলে। বাহ্ ! কিযে ভাল লাগিছিল, ডেকত পানী সোমাই অহাৰ কাৰণে টিৰ্পালেৰে আগফালখিনি ঢাকি দিছিল।  নাওখন পিছে অকণো তুলবুল কৰা নাছিল, স্থিৰ গতিত চলি আছিল। বৰষুণ নকমা দেখি তেওঁলোকে নাওখনক এটা নিৰ্দিষ্ট ঠাইত লঙ্গৰ পেলাই ৰখাই দিলে আৰু খোৱাৰ যোগাৰ কৰিলে। তাজা ডাঙৰ ডাঙৰ মাছেৰে বৰ সুন্দৰ এসাজ ভাত খুৱালে, একেবাৰে ৰেস্তোৰাঁত খোৱাৰ দৰেই। খাই বৈ আকৌ নাও মেলি দিলে। এইবাৰ বৰষুণ কমিল আৰু ধুনীয়া বতাহ এজাক ববলৈ ধৰিলে। এনেদৰে গৈ গৈ সন্ধিয়া এটা দ্বীপত নাওখন লগাই দিলে। তাতে এখেত আৰু ছোৱালী দুজনী নামি আইস্ক্ৰীম আৰু চিপছ কিনি আনিলে, দ্বীপটোত বহুত দোকান আছে, আয়ুৰ্বেদিক মালিচৰ পৰা আৰম্ভ কৰি মাছ পাচলিৰ দোকানলৈকে। ইফালে তেওঁলোকেও কফি আৰু বিভিন্ন ধৰণৰ ফুলৰিৰে আমাক আপ্যায়ন কৰিলে। এইবাৰ সূৰ্যাস্ত চাই আমাৰ ওভতনি যাত্ৰা আৰম্ভ হ’ল, এঘণ্টামান অহাৰ পিছত এখন ঠাইত লঙ্গৰ পেলাই ৰাতিটোৰ বাবে নাওখন তাতে থৈ দিলে। ওচৰতে নাৱৰীয়াজনৰ ঘৰ, তেওঁৰ ঘৰৰ ওচৰৰ এটা বিজুলীৰ খুঁটাৰ পৰা এডাল তাঁৰ আনি জেনেৰেটৰটোত লগাই দিলে আৰু সকলোবোৰ বিজুলী বাতি আৰু কোঠাৰ এ চি বোৰ চলাই দিলে। আমি কোঠাত বহি বিশ্ৰাম কৰোঁ মানে ভাত খোৱা মেজত খোৱাৰ যো জা চলালেই। ৰাতিও মূৰ্গীৰ নানান ব্যঞ্জনেৰে আমাক ভাত খোৱালে। প্ৰভুক ধন্যবাদ জনাই সোনকালেই শুবলৈ ল’লোঁ। পানীৰ মাজত প্ৰথমবাৰ ৰাতি কটালোঁ। ওৰেটো ৰাতি বৰষুণ দি আছিল। ৰাতিপুৱা নামাজ পঢ়ি উঠি ওচৰৰ নাও এখনত ল’ৰা-ছোৱালীৰ হুলস্থূল শুনি ডেকলৈ ওলাই আহিলোঁ, এগৰাকী মহিলাই চালাম জনাই চিনাকি হ’ল। তেওঁলোক কেৰেলাৰ মানুহ। তেওঁলোকৰ ছোৱালী এজনীৰ জন্মদিন। সেয়ে গোটেই পৰিয়ালটোৱে নাৱত জন্মদিন পালন কৰিবলৈ আহিছে। সৰু সৰু ল’ৰা-ছোৱালীবোৰে গান গাই গাই নাচিছে, ফুৰ্তি কৰিছে, ভাল লাগিল দেখি। 

ৰাতিপুৱা গা ধুই জলপান খাই তৈয়াৰ হওঁ মানে নাওখন আহি ঘাট পালেহি আৰু আমাৰ এটা সুন্দৰ যাত্ৰাৰ অন্ত পৰিল। নাবিকজন আৰু সহকৰ্মীজনৰ অমায়িক ব্যৱহাৰত আপ্লুত হ’লোঁ। আকৌ কেতিয়াবা লগ পোৱাৰ প্ৰতিশ্ৰুতি দি বিদায় ল’লোঁ। ইফালে শ্ৰীমান মনোজ পাৰত গাড়ী লৈ হাজিৰ। এইবাৰ আমাৰ গন্তব্যস্থান ক’ভালাম, এলেপ্পীৰ পৰা পাঁচ ঘণ্টাৰ ৰাস্তা। বাটত অলপ ৰৈ ৰৈ অহাৰ বাবে আৰু ত্ৰিবান্দ্ৰমত নামি এটা পুৰণি মিউজিয়াম চাই অহাৰ বাবে আমি আবেলি তিনিটামান বজাত আহি ক’ভালাম সমুদ্ৰ তীৰ পালোঁহি। বৰ সুন্দৰ সাগৰৰ ফালে মুখ কৰি থকা কোঠা এটা পালোঁ, সুন্দৰ হোটেল। ছোৱালী দুজনীয়ে সাগৰ দেখিয়েই তললৈ দৌৰ মাৰিলে।।ময়ো পিছে পিছে আহিলোঁ।ছোৱালী দুজনীক পানীত অকলে এৰিবলৈ ভয় লাগিল, যিহে একোটা একোটা ঢৌ। মোৰ পিছে আগৰ দৰে সাগৰৰ পানীত জলকেলি কৰিবলৈ চখ নোহোৱা হ’ল, বয়সৰ বাবেই হয়তো। এখেতেতো পানীৰ ওচৰলৈকে নগ’ল, বাৰাণ্ডাত বহি বহিয়েই সাগৰখন উপভোগ কৰিলে। সাগৰ তীৰ দেশী-বিদেশী পৰ্যটকেৰে ভৰি আছিল। এটা দিশত  সাগৰীয় মাছ আদি পোৱা ৰেস্তোৰাঁ আৰু সুৰাৰ দোকান দেখা পালোঁ। ল’ৰা-ছোৱালী উভয়ে মদ চিগাৰেট খাই থকা এটা পৰিবেশ। বৰ এটা ভাল নালাগিল, তথাপি যুগৰ পৰিৱৰ্তন বুলি মানি লৈ দুদিন থাকি চহৰখন অলপ ঘূৰি পকি ক’চিলৈ বুলি ৰাওনা হ’লো।কিয়নো আমাৰ গুৱাহাটী অভিমুখী টিকেট ক’চিৰ পৰা আছিল। এই যাত্ৰাটো আমি ৰেলেৰে কৰিব পাৰিলেহেঁতেন। কিন্তু ছটা দিন বেছি লাগিলহেঁতেন। ছোৱালীহঁতৰ ইমান দিনৰ ছুটি নাছিল। মই পিছে ৰেলৰ যাত্ৰাই বেছি ভাল পাওঁ। 

ৰেলেৰে আহিলে,ত্রিবান্দ্ৰম বা এৰনেকুল্লাম ষ্টেচনত নামিলেই হয়। ক’চি চহৰখন এৰনেকুল্লামৰ একেবাৰে ওচৰত। কেৰেলাখন দেখি মনত ভাব আহিছিল আমাৰ অসম প্ৰাকৃতিক সম্পদত কেৰেলাৰ তুলনাত চহকী যদিও কেৰেলাৰ দৰে অসমৰ বিকাশ হোৱা নাই। কিন্তু এই বিকাশ গছ বন কাটি নহয়, গছ বনৰ সৈতে হ’ব লাগিব।

 এইবাৰ বিমানখনে আমাক দিল্লী হৈ গুৱাহাটীলৈ লৈ আনিলে। ডাঙৰজনী ছোৱালী দিল্লীতে নামি গ’ল। তাইক এৰি আহি মনটো বৰ বেয়া লাগিছিল। পিছে উপায়ো নাই। এটা সুন্দৰ যাত্ৰাৰ অনুভৱ লৈ আমিও ঘৰ পালোঁহি ।





Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!