অসুস্থ মন-মানসিকতা

লেখক- -হেমকান্ত বৰা

 আমাৰ স্বাস্থ্য সম্পৰ্কে সতৰ্কতা আৰু সচেতনতা বৃদ্ধি হোৱাটোৱে আমি আমাৰ জীৱনটোক উপভোগ্য কৰি তোলাৰ অভিলাষ প্ৰতিফলিত কৰে। চহৰ হওক বা গাঁও হওক এটা সময়ত সকলো মানুহ কৰ্মঠ আছিল। শৰীৰত সহজতে উপসৰ্গই দেখা নিদিছিল। জীৱন-ধাৰণৰ আৱহাৱা সলনি হোৱাৰ লগে লগে শৰীৰ সম্বন্ধীয় অসুস্থতা সকলোতে সুলভ হৈ পৰিল। এই পৰিবৰ্তিত পৰিবেশত শৰীৰৰ দৰে মনৰ অসুখো বাঢ়িবলৈ ধৰিলে। শৰীৰৰ দৰে মন সুস্থ ৰখাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা হ’বলৈ ধৰিলে। শাৰীৰিক স্বাস্থ্যৰ বাবে মানসিক স্বাস্থ্য অটুট ৰখা চিকিৎসাৰ প্ৰয়োজন হ’ল। মানসিক শক্তি অবিহনে শাৰীৰিক শক্তি আৰু সামৰ্থ্য অৰ্থহীন। দুৰ্বল মনৰ মানুহে জীৱন সফল কৰি তুলিব নোৱাৰে। ওমাৰ্চনে কোৱাৰ দৰে-নিজক সদায় আনন্দত ৰাখিব পৰা, আনন্দময়, উৎসাহী আৰু শক্তিশালী মন-মানসিকতাৰ মানুহৰ বাবেহে এই জগতখন; দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয়। মানসিক স্বাস্থ্য সুস্থ ৰাখি শিশু অৱস্থাৰ পৰা দৃঢ় আৰু সুস্থ মন প্ৰদৰ্শন কৰাজনৰ জীৱন স্বাভাৱিকতেই সফল আৰু উপভোগ্য হৈ উঠে।
অলপতে উচ্চ পদস্থ পুলিচ অফিচাৰ এজনে তেখেতৰ পত্নীৰ বিয়োগত মৰ্মাহত হৈ মৃত্যুবৰণ কৰিলে। ঘটনাটো জানি স্বাভাৱিকতেই দুখ প্ৰকাশ কৰাটো আমাৰ স্বভাৱসিদ্ধ কথা। যিকোনো মৃত্যুৰ খবৰে আমাক ব্যথিত কৰে। আত্মীয় কোনো ব্যক্তিৰ মৃত্যুৱে আমাৰ মন-মগজু ধৰাশায়ী কৰে। আত্মীয়ৰ মৃত্যু বা মৃতকৰ অনুপস্থিতিৰ সোঁৱৰণিয়ে নীৰৱ-নিসংগ মুহূৰ্তত আজীৱন পীড়া কৰে। সকলোৰে জীৱনৰ আনটো পিঠিত যাতনা লিপিবদ্ধ হৈ থাকে। অন্য অৰ্থত যাতনাৰ পৰা পৰিত্ৰাণ পাব পৰা জীৱন কাৰো নাই। যাতনাৰ এই অৱধাৰিত গ্ৰাসৰ পৰা মুক্তি পাবলৈ জীৱনৰ পৰা পলায়ন কৰিলে জীৱনৰ অৰ্থই নাথাকিব। উচ্চ পদস্থ পুলিচ অফিচাৰজনে পত্নীৰ মৃত্যুৰ বিনিময়ত নিজৰ মৃত্যু কামনা কৰা বা আনৰ মৃত্যু কামনা কৰা একেটাই কথা। মৃত্যুৰ বিনিময় মৃত্যু হ’ব নোৱাৰে। যাতনাৰ অৱসানৰ উপায় মৃত্যু হ’ব নোৱাৰে। আচম্বিতে ঘটা ঘটনাত হতচকিত হৈ হিতাহিত জ্ঞানশূন্য হৈ যদি কোনোবাই আত্মহত্যা কৰে, তাকো আত্মহত্যা বুলি নকৈ দুৰ্ঘটনা বুলি ক’ব পাৰি; কিন্তু পত্নীৰ দীৰ্ঘদিনীয়া অসুখৰ অন্তত অৱশ্যম্ভাৱী মৃত্যুৰ কথা জানিও পতিয়ে পত্নীৰ মৃত্যুৰ পিছত আত্মহত্যা কৰিম বুলি পৰিকল্পনা কৰি থকাটোৱেই মানসিক অসুস্থতাৰ লক্ষণ। ইয়াৰ পৰা এটা কথাই প্ৰতীয়মান হয় যে, মানসিক স্বাস্থ্যৰ দৈন্য অৱস্থাটো চিন্তা-বিবেকৰহিত সাধাৰণ শ্ৰেণীৰ মানুহৰ ক্ষেত্ৰতে যে দেখা দিয়ে তেনে নহয়, জ্ঞান-শিক্ষাৰে সমাজৰ প্ৰহৰী স্বৰূপ ব্যক্তিৰো মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।
সচৰাচৰ মানসিক স্বাস্থ্যক লৈ সকলো শ্ৰেণীৰে মানুহ সচেষ্ট হোৱা দেখা নাযায়; শাৰীৰিক সুস্বাস্থ্যৰ স’তে যে মানসিক স্বাস্থ্য জড়িত সেইবিষয়েও খুউব কম ব্যক্তিৰ আজিকালি সচেতনতা দেখা যায়। অপৈণত বয়সত চিন্তা-চৰ্চাৰ দৃঢ়তা কিছু পৰিমাণে কম হয়। এই কুমলীয়া বয়সত আবেগ আৰু অস্থিৰতাই প্ৰাধান্য পায়। এই বয়সত মানসিক স্থিৰতাও সেইমতে দৃঢ় নহয়। জীৱনৰ বহু ভুল সেয়ে এই বয়সতে অধিক হয়। সেয়ে এই বয়সৰ সন্তানক গাইডেন্স দিবলৈ অভিভাৱকৰ দায়িত্ববোধ সোঁৱৰাই দিবলগীয়া হয়।
দুদিনমান আগতে মোৰ ওচৰৰে কলেজীয়া শিক্ষাত অৱতীৰ্ণ হোৱা ছোৱালী এজনীৰ হাতত খাৰুৰ দৰে বান্ধ এটা দেখিলোঁ। ভাবুক স্বভাৱৰ ছোৱালীজনীৰ চালচলনলৈ প্ৰায়ে লক্ষ্য কৰোঁ; সেয়ে হাতৰ বান্ধটোৱে মোৰ কৌতূহল বৃদ্ধি কৰিলে। অনুসন্ধান কৰি গম পালোঁ মোৰ অনুমান সঠিক আছিল। প্ৰেমত হতাশ হৈ বা প্ৰেমত প্ৰতাৰণা সহ্য কৰিব নোৱাৰি সেয়া আছিল আত্মহত্যাৰ অপচেষ্টা। এই বয়ঃসন্ধিৰ কালত ছোৱালীজনীৰ মানসিক অস্থিৰতাৰ খবৰ লওঁতা কোনো নাই; পিতৃ-মাতৃ কৰ্মত ব্যস্ত। সন্তানৰ খাদ্য, পোচাক আৰু শিক্ষাগ্ৰহণৰ খবৰ ৰখাত কাৰ্পণ্য কৰা নাই, কিন্তু মনোজগতখনৰ খবৰ ৰখাৰ অৱকাশ নাই নাইবা পিতৃ-মাতৃ সিমানখিনি জ্ঞানেৰে পুষ্ট হ’ব পৰা নাই।
দুদিনমানৰ আগতে শিৱসাগৰৰ সাই বিকাশ কেন্দ্ৰ নামৰ ক’চিং চেণ্টাৰটোত অঘটন ঘটিল। একাদশ শ্ৰেণীৰ ছাত্ৰ এজনে নিজৰে শিক্ষকজনক ছুৰি মাৰি হত্যা কৰিলে। ঘটনাৰ অভ্যন্তৰলৈ নগ’লেও ক’ব পাৰি যে, এজন যুব-ছাত্ৰৰ দ্বাৰা এইটো এটা সকলোৱে ধিক্কাৰ দিবলগীয়া গৰ্হিত কাম। শিক্ষক আৰু ছাত্ৰৰ মাজৰ সম্পৰ্কটো অতীজৰে পৰা শ্ৰদ্ধা আৰু স্নেহৰ বান্ধোনত জীৱনজুৰি বান্ধ খাই থকা এটা সম্পৰ্ক। তৎসত্ত্বেও ছাত্ৰ এজনে শিক্ষকক আক্ৰমণ কৰিলে বা আক্ৰমণ কৰিবলৈ উদ্যত হ’লে সমাজ চিন্তিত হৈ পৰে। যদি এজন শিক্ষক প্ৰকাৰান্তৰে দোষী তেন্তে সহস্ৰ ছাত্ৰই শিক্ষকজনক আক্ৰমণ কৰাৰ কথা নাভাবিলে, অথচ এজন ছাত্ৰইহে সেই কামৰ বাবে অগ্ৰসৰ হ’ল। ইয়াতেই একো একোজন ছাত্ৰৰ মানসিক অসুস্থতা দৃষ্টিগোচৰ হয়। যুৱ-ছাত্ৰৰ উশৃঙ্খলতা বাঢ়িছে, অৰ্থাৎ যুৱ-ছাত্ৰৰ মানসিক সুস্থতাৰ সন্তুলন হেৰাব ধৰিছে। যদি উন্মাদ নহয়, যদি জ্ঞান-শিক্ষাৰে সমাজত জীয়াই থকাৰ নীতি-নিয়ম চিনি পাইছে, তেন্তে সমাজে স্বীকৃতি নিদিয়া, এই উশৃঙ্খলতা মানসিক স্বাস্থ্যৰ অৱনতিৰে লক্ষণ।
এনেকুৱা ঘটনাৰ ক্ৰমবৰ্ধিত ৰূপ দেখা পায়ো শিক্ষক, অভিভাৱক বা প্ৰশাসন এতিয়াও সজাগ নোহোৱাটোৱে এই মহামাৰী ক্ৰমাৎ বিয়পি পৰাৰ আশংকা বৃদ্ধি কৰিছে। উশৃঙ্খল যুৱ-ছাত্ৰক বাচি উলিওৱাটো কোনো কঠিন কাম নহয়। তেনে যুৱকৰ মানসিক স্বাস্থ্যৰ চিকিৎসা বা কাউন্সেলিঙৰ ব্যৱস্থা কৰাটো বৰ্তমান অপৰিহাৰ্য হৈ পৰিছে।
সময়ৰ স’তে সমাজ ব্যৱস্থাৰ আমূল পৰিবৰ্তন হৈছে। আজিকালি একাকীত্ব, হতাশা, বিষণ্ণতা, উদ্বেগ আৰু প্ৰয়োজনাধিক আকাংক্ষা বাঢ়িব লাগিছে। মানুহবোৰ কম-বেছি পৰিমাণে মানসিকভাৱে অসুস্থ হৈ পৰিছে। পৰিয়ালবোৰ আগৰ দৰে যৌথ পৰিয়াল নহয়। তেনেই সীমিত হৈ পৰিছে একোটা পৰিয়ালৰ সদস্য-সংখ্যা। কৰ্মৰ খাতিৰত ব্যস্ত হৈ পৰাৰ পিছত কোনোবা যদি পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰিছে, সীমিত সদস্যৰে পৰিয়ালটোও নিসংগতাত আক্ৰান্ত হৈ পৰিছে। শিক্ষাগ্ৰহণ আৰু খেলাধূলাৰে যি এটা সময়ত বন্ধু-বান্ধৱেৰে পৰিবেষ্টিত হৈ আছিল, পৰিয়াল এটাৰ বান্ধোনত পৰি একাকীত্বৰ যন্ত্ৰণাত মানসিক অস্থিৰতাত ভুগিছে। যথোচিত উপাৰ্জনৰ বাট নেদেখি, পৰিয়াল পোহপাল দিবলৈ অসমৰ্থ হৈ কোনোবাজন হতাশ হৈ পৰিছে। কাংখিত সপোন সাকাৰ কৰিবলৈ দৌৰি দৌৰি ভাগৰি পৰাজন হতাশগ্ৰস্ত হৈ পৰিছে। বয়সে জীৱন-যুদ্ধ কৰিবলৈ শিকালেও হতাশগ্ৰস্ততাৰ চিকাৰ হৈ তেওঁলোকে মানসিক স্থিৰতা হেৰুৱাই পেলাইছে। আগতে মানুহৰ আশা-আকাংক্ষাও সীমিত আছিল। খাদ্য আৰু বাসস্থানৰ অভাৱ পূৰণ কৰিব পাৰিলেই জীৱন সুখময় হৈছিল। যিমানখিনি উপাৰ্জন কৰিছিল বা যিমানখিনি শিক্ষা আহৰণ কৰিছিল তাতেই সন্তুষ্ট আছিল। পাৰস্পৰিক প্ৰতিযোগিতাই এজনক আনজনৰ অধীনস্থ কৰাৰ সুযোগ দিয়া নাছিল। আজিকালি কমবেছি পৰিমাণে সকলোৰে মানসিক স্বাস্থ্য সুস্থিৰ নহয়। বয়ঃসন্ধি কালৰ পৰা পৈণত বয়সলৈকে ব্যক্তিৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব ধৰিছে। শাৰীৰিক অসুখৰ কাৰকো যে মানসিক অস্থিৰতা হ’ব পাৰে চিকিৎসকেও অনুধাৱন কৰিবলৈ লৈছে। সেইবাবে এতিয়া শাৰীৰিক চিকিৎসাৰ সমান্তৰালকৈ মানসিক চিকিৎসাৰ প্ৰয়োজন বাঢ়িব ধৰিছে। ভোগবাদী সমাজত চটফটাই থকা মানুহবোৰে মানসিকতা সলাব লাগিব। শ্ৰমহীন, অলস জীৱনৰ পৰা বাহিৰ হৈ কৰ্মব্যস্ত জীৱন একোটা বিচাৰি উলিয়াব লাগিব। প্ৰাপ্তবয়স্ক ব্যক্তি এজনে নিজৰ মানসিক চিকিৎসা নিজেই কৰিব লাগিব। সন্তানৰ মানসিক স্বাস্থ্যলৈ চকু দিয়া বয়সত অভিভাৱকে নিজৰ স্বাস্থ্য নিজেই অটুট ৰাখিব লাগিব।
মানসিক স্বাস্থ্য অটুট ৰাখিবলৈ কৰা প্ৰচেষ্টা লাজৰ কথা নহয়। সন্তানৰ মানসিক স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ মুকলিকৈ আলোচনা নকৰাটো এক অপৰাধ। সন্তানৰ জীৱনক গতি দিবলৈ মানসিক স্বাস্থ্য সুস্থ কৰি ৰখাটো প্ৰথম প্ৰয়োজনীয়। শিশু আৰু কিশোৰে যিটো বয়সত মুক্ত মন আৰু মুক্ত পৰিবেশ কামনা কৰে সেই বয়সৰ জীৱনৰ পৰা বঞ্চিত কৰিলে সিহঁতৰ মন-মানসিকতা বাধাগ্ৰস্ত হয়। সিহঁতৰ মনৰ অন্তৰ্দ্বন্দ্বৰ খবৰ ৰাখিব নোৱাৰিলে সেয়া গাইডেন্স দিয়া বুলি ক’ব নোৱাৰি।
সুখ-স্বাচ্ছন্দ্যৰ পিছত দৌৰি হতাশাৰ ভাগৰত ক্লান্ত হোৱাটো আমাৰ জীৱনৰ উদ্দেশ্য নহয়। সফলতাই জীৱনৰ সপোন। সেইবুলি অসম্ভৱ সপোনৰ পিছত দৌৰি মানসিক বিধ্বস্ততা মাতি অনাটোও কাম্য নহয়। সফল হ’বলৈকে মানুহে জনম লভিছে, ব্যৰ্থ হ’বলৈ নহয়। সৰু সৰু সফলতাৰে জীৱন আনন্দময় কৰি তুলিব জানিলে মানসিক অসুস্থতাই কেতিয়াও পীড়া কৰিব নোৱাৰে। সুস্থ শৰীৰৰ স’তে সুস্থ মন-এয়াই সুস্থ জীৱন।

content

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!