অ' মোৰ সুৰীয়া মাত
লেখক- -জ্যোতি পি চি শইকীয়া
লিখোঁ বুলিলেই নোৱাৰি।
আমৰলি পৰুৱাৰ দৰে
অথবা
মজা খোৱা পোকৰ দৰে
আবৰি ধৰে লক্ষ্য।
কুটি চিঙি
চপাব,জোৰাব নোৱাৰাকৈ
সিঁচৰতি।
এই যে অজাতি পৰুৱা বোৰ…
সিহঁতৰ শৃংখলাৰে
বিশৃঙ্খল কৰি থয়
বৰ ঘৰৰ মজিয়া।
অদাহ্যতা ইয়াতেহে লাগে
পলিথিনৰ দৰে।
কত নজহা নপমা সুৰ
কত হাত-ভৰি নোহোৱা মূৰ।
গৈ থাক
কৈ থাক
জী থাক …
আঁত নেহেৰুৱা কৈ।
লিখোঁ বুলি
এৰা লিখোঁ বুলি লিখিবও পাৰি
কৈ থাকিবও পাৰি ।
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments