আজিৰ অভিভাৱকে কি বিচাৰে?
লেখক- নিংকু নিশা নেওগ
বলিউডৰ কেইবছৰমান আগতে খুব জনপ্ৰিয় ‘থ্ৰি ইডিয়টচ্’ এখন চিনেমাখনৰ এটা চৰিত্ৰ ফাৰহানক মনত আছেনে যিয়ে নিজৰ ইচ্ছাৰ বিৰুদ্ধে কেৱল দেউতাকৰ খাতিৰতে ইঞ্জিনীয়াৰিং পঢ়িবলৈ যায়। ফাৰহানে সি ভালপোৱা ফটোগ্ৰাফিক নিচাৰপৰা পেছালৈ পৰিৱৰ্তন কৰিবলৈ বিচাৰিছিল কিন্তু দেউতাকৰ তাকৰীয়া উপাৰ্জন আৰু তেওঁৰ ইচ্ছাৰ বাবে নিজৰ ইচ্ছাক জলাঞ্জলি দিয়ো ইঞ্জিনীয়াৰিং পঢ়িছিল। একেখন চিনেমাতে ডাইৰেক্টৰ(ভাইৰাছ)ৰ একমাত্ৰ পুত্ৰয়ো দেউতাৰ ইচ্ছাক সন্মান জনাব নোৱৰাৰ বাবেই আত্মহত্যা কৰিছিল। আমাৰ মাজতেই এনেকুৱা কিমান ওলাব যিয়ে নিজৰ ইচ্ছা বিসৰ্জন দি মাক-দেউতাক, পৰিয়ালৰ কথা ভাবি নিজৰ পছন্দৰ ক্ষেত্ৰখনত কাম কৰিবলৈ পোৱা নাই। এনেকৈ বহু অভিভাৱকে সন্তানৰ ইচ্ছাতকৈ নিজৰ সামাজিক মৰ্যাদা, আকাংক্ষাক বহু সময়ত প্ৰাধান্য দিয়াটো নতুন কথা নহয়। এফালে সৰুৰপৰাই সন্তানৰ সকলো জেদ পূৰাবলৈ যত্ন কৰা অভিভাৱকে সন্তানে কেৰিয়াৰ নিৰ্বাচনৰ সময়ত কিয় বাধাৰ প্ৰাচীৰ হয় য়ো এটা সাঁথৰ।
এজন ব্যক্তিয়ে যেতিয়া নিজৰ অৰ্হতা আৰু যোগ্যতাৰে নিজৰ মনৰ পছন্দৰ ক্ষেত্ৰত কাম কৰিবলৈ পায় তেওঁ মানসিকভাৱেও সুখী হয়। বৰ্তমান সময়ত মানসিক সুখ বৰ ডাঙৰ কথা। আধুনিকতাই সকলো সা-সুবিধা প্ৰদান কৰাৰ সমান্তৰালকৈ মানুহৰপৰা মানসিক সুখো কাঢ়ি নিছে। এজন অভিভাৱক হিচাপে আপোনাৰ জানো মন যাব নিজৰ সন্তানক নিজৰ মতে গঢ়িবলৈ গৈ তাৰ মানসিক সুখ কাঢ়ি অনাৰ দোষত দোষী হ’বলৈ? এটা কথা অভিভাৱকসকলে মানি লোৱা উচিত যে সকলো শিশুৱে বহুমুখী প্ৰতিভাধৰ নহয়। গতিকে নিজৰ সন্তানৰ মাজত কেইবাটাও প্ৰতিভা বিচাৰি হাবাথুৰি নাখাব। আৰু কম প্ৰতিভা আছে বুলি সন্তানক হেয় ভাবিবলৈও যোৱাটো অনুচিত হ’ব। প্ৰতিজন মানুহৰেই যে একোটাকৈ প্ৰতিভা থাকিবই লাগিব এনেতো কোনো বাধ্য-বাধকতা নাই। এজন ভাল মানুহ হোৱাটোও এটা ভাল প্ৰতিভাই। সন্তানক ভাল মানুহ কৰাওক, সন্তানৰ মাজত প্ৰতিভা বিচাৰি জোৰকৈ সকলোতে সিহঁতক ঠেলি নিদিব।
বহুতে ভাবে এজন অভিভাৱক হিচাপে তেওঁ সন্তানৰ অহিত চিন্তা কৰিব জানো। নিজৰ সন্তানৰ সৰ্বোচ্চ উন্নতি প্ৰতিজন অভিভাৱকৰ উদ্দেশ্য। কিন্তু সেইবুলিয়েই নিজৰ সন্তানৰ মাজত দেখাক দেখি সকলো গুণ আছে বুলি ভাবি লোৱাটোও অনুচিত। সন্তানে ভাল ছবিও আঁকিব, ভাল নাচিবও, ভাল গানো গাব, পঢ়াতো সকলোতকৈ আগবঢ়া হ’ব, খেলতো আগবঢ়া হ’ব লাগিব, প্ৰতিটো প্ৰতিযোগিতাতেই সি স্থানো পাব লাগিব মুঠতে সকলো ক্ষেত্ৰতে সি থাকিবই লাগিব। কিন্তু সন্তানটোৰ প্ৰিয় ক্ষেত্ৰখন কি বা কিহত সন্তানে আগবাঢ়ি যাবলৈ বিচাৰে তাত গুৰুত্ব কমকৈ দিয়ে। এনেকৈ যান্ত্ৰিকভাৱে প্ৰতিটো কামলৈ ঠেলি পঠিওৱাৰ ভয়ংকৰ ফল এদিন অভিভাৱকে নিজেই ভুগিবগৈ লাগিব। প্ৰতিটো দিশতে ঠেলি-হেঁচুকি সন্তানক আগবঢ়াই দিয়া অভিভাৱকসকল এটা সময়ত নিজেও একাকিত্বত ভুগিবলৈ বাধ্য হয়। লগতে যান্ত্ৰিকতাৰ যুগত সন্তানেও বন্ধুহীন, প্ৰেমহীন হৈ ভয়ংকৰ নৈৰাশ্য আৰু হতাশাগ্ৰস্ত হৈ পৰেগৈ।
বৰ্তমান যুগটোৱেই হৈছে প্ৰতিযোগিতাৰ যুগ। ক্ৰীড়াৰপৰা সাহিত্যলৈ, সংগীতৰপৰা প্ৰযুক্তিবিদ্যালৈ, কলাৰপৰা বিজ্ঞানলৈ সকলো ক্ষেত্ৰতে প্ৰতিযোগিতাৰ ধামখুমীয়াত আক্ৰান্ত এচাম অভিভাৱকৰ নিজা উচ্চ অভিলাষৰ ভৰ কণ কণ শিশুৱে ভোগ কৰিবলৈ বাধ্য হৈ পৰিছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰা অধিকাংশ শিশু বেছিকৈ ইয়াৰ কবলত পৰা দেখা যায়। বিদ্যালয়লৈ হেপোৰ-টেপোৰকৈ অত্যধিক ওজনৰ স্কুলবেগ, পানীৰ বটল, টিফিন কঢ়িয়াই আনিবলৈ বাধ্য হোৱা শিশুবোৰে বিদ্যালয় ছুটীৰ পাছতেই নিজৰ ইচ্ছাৰ বিৰুদ্ধেও মাক-দেউতাকৰ তাগিদাত আৰ্ট স্কুল, মিউজিক স্কুল, কেৰাটে স্কুললৈ দৌৰিবলৈ বাধ্য হৈছে। মাক-দেউতাকে নিজে কৰিবলৈ নোপোৱা কামটো, নিজে নোপোৱা সুযোগটো যেন সন্তানে পাওক সেইটো আশাতেই সন্তানক অনিচ্ছাকৃতভাৱে এক বিপদজনক ভৱিষ্যতৰ মুখলৈ আগবঢ়াই দি আছে। সিহঁতৰ মুখৰপৰা শৈশৱৰ স্বতঃস্ফূৰ্ত ক্ৰীড়া প্ৰৱণতাৰ ঠাইত মোবাইল গেম, মোবাইল স্ক্ৰীণ টাইম বৃদ্ধিয়ে গ্ৰাস কৰিছে। একেলগে লৰি-ঢাপৰি খেলি আনন্দ কৰাৰ সময়খিনিত জোৰ-জবৰদস্তি মনৰ ইচ্ছাৰ বিপৰীতে বাধ্য হৈ পৰিছে ৰঙৰ তুলিকা হাতত ল’বলৈ নতুবা গানৰ ৰেৱাজ কৰিবলৈ।
এনে নহয় যে এই শিশুবোৰৰ মাজত কোনো প্ৰতিভা নাই। প্ৰতিভা আছে আৰু সেই প্ৰতিভাৰ ক্ষেত্ৰখন চিনাক্ত কৰি তেওঁলোকক সেইক্ষেত্ৰখনলৈ লৈ যোৱাটোহে মাক-দেউতাকৰ দায়িত্ব। হোৱাই নোহোৱাই প্ৰতিটো ক্ষেত্ৰতে সন্তানক দৌৰাই ফুৰোৱাটোও একধৰণৰ মানসিক অত্যাচাৰেই যিটোৰ কথা আনে শুনিলে মুখ বিকটাব কিন্তু তেওঁলোকৰ সন্তানে শুনিলে মানি ল’ব। শিশুৰ মাজত থকা প্ৰকৃত প্ৰতিভা চিনাক্ত কৰি তাক বিকাশ কৰাটোহে অভিভাৱকৰ দায়িত্ব। সেই প্ৰতিভা চিনাক্ত কৰিবলৈ সকলো দিশতে সন্তানক হেঁচা মাৰি দি পৰীক্ষা কৰি নাচালেও হয়। সন্তানক সময় দিলে, সিহঁতৰ লগত সময় পাৰ কৰিলে, মনৰ কথা পাতিলে, একেলগে সিহঁতে ভালপোৱা কামত অংশগ্ৰহণ কৰিলে, একেলগে ফুৰা-চকাৰ কৰিলে, একেলগে খোৱা-বোৱা কৰোঁতে যেতিয়া বিভিন্ন কথা পতা যায় শিশুৰ প্ৰতিভা আপোনা-আপুনি চকুত পৰে। সেইখিনি চিনাক্ত কৰিব নোৱাৰাটোহে অভিভাৱকৰ ব্যৰ্থতা।
প্ৰতিটো শিশুৰে মুক্তমনে নিজৰ জীৱনটো জীয়াই থকাৰ অধিকাৰ আছে। কেতিয়াবা ভাব হয়, অভিভাৱকসকলে শিশুক জীয়াই থকাৰ অধিকাৰখিনি দিছেনে? নে তেওঁলোকে প্ৰতিযোগিতা আৰু যান্ত্ৰিকতাৰ এখন অদেখা যুঁজত নিজৰ সন্তানক দৌৰাই আছে? শিশুৰ কোমল মনটো বুজি সিহঁতৰ নিজৰ পছন্দৰ কাম কৰাৰ সুযোগ দিয়া উচিত। অভিভাৱকৰ দায়িত্ব হৈছে শিশুৰ পছন্দৰ ক্ষেত্ৰখন যাতে সিহঁতৰ বাবে হানিকাৰক নেকি চোৱাটোহে। জোৰ কৰি কেতিয়াও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰি। জোৰ কৰিলে শিশুৰ মাজত প্ৰতিভাৰ সলনি সৃষ্টি হয় জেদ, খং আৰু ভয়। এইবোৰ প্ৰবৃত্তিয়ে শিশুকেই নহয় অভিভাৱক, পৰিয়াল আৰু এটা সময়ত সমাজকো ক্ষতি কৰিব। সেয়ে সময় থাকোঁতেই অভিভাৱকসকলে নিজৰ সন্তানক বুজিবলৈ যত্ন কৰা উচিত। অভিভাৱকে কি বিচাৰেটো গুৰুত্বপূৰ্ণ নহয় শিশুৱে যি বিচাৰে শিশুক সেইটো কামহে কৰাত অনুপ্ৰেৰণা দিয়া উচিত।
এই সংখ্যাটোৰ আঁৰত-
ডিজিটেল মাধ্যমৰ অন্যতম জনপ্ৰিয় তথা বহুল সমাদৃত আলোচনী ‘সাহিত্য ডট অৰ্গ’ ৰ সম্পাদনাৰ গুৰুদায়িত্বভাগ সুকলমে পালন কৰাত যিসকল ব্যক্তিয়ে সহায় সহযোগিতা আগবঢ়ালে সকলোলৈকে আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সংখ্যাৰ সাক্ষাৎকাৰটি গ্ৰহণ কৰোঁতে আমাক সহযোগ কৰিছে মৃদুল কুমাৰ শৰ্মা, বিকাশ দত্ত আৰু ৰূপম বৈশ্যই। সাক্ষাৎকাৰটি অনুলেখন কৰাত সহযোগ কৰিলে জুপিতৰা ফুকনে। লেখাসমূহৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰিছে মৃদুল কুমাৰ শৰ্মা, মৃণাল জ্যোতি গোস্বামী, জুপিতৰা ফুকন, মাধুৰ্য গোস্বামী আৰু ৰূপম বৈশ্যই। কাৰিকৰী দিশত সহায় কৰিছে ডা° হিতেশ্বৰ শৰ্মা আৰু ড° দীপজ্যোতি বৰাই। ইয়াৰ উপৰিও সকলো দিশতে পৰামৰ্শ আৰু সহায় আগবঢ়োৱাৰ বাবে ড° অভিজিত দত্ত, মৃদুল কুমাৰ শৰ্মা আৰু বান্ধৱী তৃপ্তি বৰা আৰু আশাদীপা শইকীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ‘সাহিত্য ডট অৰ্গ’ৰ দৰে এখন উন্নতমানৰ আলোচনীৰ সম্পাদনাৰ গুৰুদায়িত্ব ন্যস্ত কৰাৰ উপযোগী বুলি আমাক বিবেচনা কৰাৰ বাবে আলোচনীখনৰ সম্পাদনা সমিতিলৈও আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে অনাকাংক্ষিতভাৱে ৰৈ যোৱা ভুল-ত্ৰুটিৰ বাবে ক্ষমা বিচাৰি আলোচনীৰ সমূহ লেখক-লেখিকা আৰু ‘অসমীয়াত কথা-বতৰা’ গোটৰ সমূহ সদস্যলৈকো কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।