আদা বেপাৰীৰ জাহাজৰ খবৰ
লেখক- ড° দ্বিজেন্দ্ৰ মোহন বৰ্মন
ভেকাহি মৰা বাক্যবাণ! আদা বেপাৰীক জাহাজৰ খবৰ কেলেই ? এটা সময় আছিল, আদা ব্যৱসায়িক তাচ্ছিল্য কৰা হৈছিল, আদা ব্যৱসায়নো কিবা লেখত ল’বলগীয়া ব্যৱসায় নে ? আদা বেপাৰী হ’বলৈ কিনো ভাৰস্তৰ কথা জানিব লাগে? সাধাৰণ বুদ্ধিমত্তাৰে আদা বেপাৰ কৰিব পাৰি আৰু আদা বেপাৰীয়ে অন্য কথা নাজানিলেও হয়। ইয়াত ঠিক আদাৰ কথা ক’লেও, আচলতে সমস্ত মচলাকে কটাক্ষ কৰা হৈছিল তাহানি।
সেয়া পিছে অসমতহে প্ৰযোজ্য মনোভাব। অসমীয়া আৰু লগতে উত্তৰ-পূব ভাৰতৰ মানুহে মচলাহীন সিজোৱা খাদ্যই সৰহকৈ খাইছিল এসময়ত। ভাতৰ থাল আছিল অনাড়ম্বৰ। ব্যঞ্জনো আছিল তেনেই তাকৰ। ৰাজকীয় ভাব নাথাকিলেও স্বাস্থ্যকৰ আছিল খাদ্যাভাস। মচলাৰ নামত আদা, নহৰু, জলকীয়া, অসমীয়া পিঁয়াজ, ধনিয়া,হালধি, জালুক, তেজপাত আদি ব্যৱহৃত হৈছিল ব্যঞ্জনভেদে। অথচ ভাৰতবৰ্ষৰ ৰাজনীতি, মানচিত্ৰ, জনগাঁথনি, বৈদেশিক-বাণিজ্য আদি বহুতো বিষয় সুগন্ধি মচলাই যাদুৰ দৰে সলনি কৰি দিছিল সেই তাহানিতে।
অকল ভাৰতৰে নহয়, আমেৰিকাৰ জন্ম কাহিনীও পৰোক্ষভাৱে মচলাৰ সৈতে জড়িত। ভাস্ক’ ডা গামাই ক’লা সোণ অৰ্থাৎ জালুক বিচাৰি ক’জিখোদত পদাৰ্পণ কৰিছিল। তাৰ পাছতে পৰ্টুগালৰ উপনিৱেশ গঢ়ি উঠিছিল ভাৰতবৰ্ষত। দেশে-বিদেশে সুগন্ধি মচলাৰ বহুল ব্যৱহৃত দিশটো বৰ ব্যাপক। মচলাৰ ঔষধি গুণে মানৱ সভ্যতাক প্ৰতি নিয়ত তাৰ প্ৰতি আকৰ্ষিত কৰি আহিছে। অন্তহীন গৱেষণা চলি আহিছে মচলাৰ গুণেৰে ৰোগ নিৰ্মূলৰ কৰাৰ, মচলাৰ গুণেৰে দীৰ্ঘায়ু হোৱাৰ, মচলাৰ গুণেৰে সৌন্দৰ্য্যশালী হোৱাৰ। সাধাৰণ চৰ্দি-কাহৰপৰা আৰম্ভ কৰি মাৰাত্মক কেন্সাৰ ৰোগ আনকি সৌ সিদিনাৰ কৰ’না মহামাৰীৰপৰা পৰিত্ৰাণ পাবলৈ দেশে দেশে মচলাৰ ব্যৱহাৰৰ কথা সৰ্বজনবিদিত। মচলাই বিশ্ব অৰ্থনীতিতো বাৰুকৈয়ে প্ৰভাৱ পেলাই আহিছে। ইয়াৰ কাৰণ হৈছে সকলো মচলা সকলো দেশতে উৎপাদন নহয়, মচলাৰ সংখ্যা, মচলাৰ জাত, মচলাৰ প্ৰজাতি, মচলাৰ ভিন্নতা ইমান বিশাল যে সেইবোৰৰ উপস্থিতিৰ পৰিসৰ একক আৰু অনন্য। স্থানভিত্তিক আৰু ভৌগোলিক সীমাবদ্ধ উপস্থিতিয়ে মচলাৰ ৰপ্তানি-আমদানি অপৰিহাৰ্য্য কৰি তুলিছে।
গোটেই বিশ্বত এশ সাতবিধ মচলা বিদ্যমান। ভাৰতবৰ্ষত যদিও তেষষ্টিবিধ মচলা পোৱা যায়, ইয়াৰে বাৱন্নবিধকহে ভাৰতীয় মচলা ব’ৰ্ডে মচলা হিচাপে স্বীকৃতি দিছে। কাশ্মীৰৰপৰা কন্যাকুমাৰী, অৰুণাচলৰপৰা গুজৰাটলৈ ভিন্ন কৃষি আৱহাৱা আৰু মাটিৰে সমৃদ্ধ ভাৰতবৰ্ষ। দুটা প্ৰধান বৰষুণৰ পানীয়ে ভাৰতৰ স্থলভূমি সিক্ত কৰে বছৰটোত। নাতিশীতোষ্ণ, ক্ৰান্তীয় আৰু উপ-ক্ৰান্তীয় জলবায়ু ভাৰত উপমহাদেশৰ বৈশিষ্ট্য। গতিকে মচলাই ভাৰতবৰ্ষত এখন নিজৰ প্ৰকৃতি প্ৰদত্ত ঘৰ পাইছে অনায়াসে। কাশ্মীৰৰ বৰফাবৃত ভূমিত যদি কেশৰ উৎপাদন হৈছে, তামিলনাডুৰ কন্যাকুমাৰীত লং উৎপাদিত হৈছে। চিকিম আৰু উত্তৰ-পূব ভাৰতত যদি ডাঙৰ ইলাচিৰ খেতি হৈছে, কেৰেলাৰ ইদুকিত সৰু ইলাচিৰ খেতি হৈছে। মেঘালয়, মিজোৰামৰ পাহাৰত আদা-হালধি, অসম-ত্ৰিপুৰাত জালুক-জলকীয়া, ৰাজস্থান-গুজৰাট-মধ্যপ্ৰদেশৰ মাটিত জিৰা, ধনিয়া, নহৰু! ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে একাধিক মচলা উৎপাদন কৰা হয়।
মাটি-পানী-বায়ুৰ সৈতে সংপৃক্ত হৈ থাকে মচলাৰ গুণাগুণ। জোৰকৈ মচলাৰ গুণাগুণ পোৱা নাযায়। মচলাৰ গুণাগুণ নিৰ্ধাৰিত হয় যুগ ধৰি খেতি কৰি অহা বা হাবি-বননিত প্ৰাকৃতিকভাৱে উৎপাদিত হোৱা ঠাইটুকুৰাৰ ওপৰত। এটা উদাহৰণ— লাকাদং নামৰ হালধিৰ জাতটোৰ ‘কাৰকিউমিন’ৰ (Curcumin) পৰিমাণ হ’ল শতাংশ হাৰত ন। এই ন শতাংশ কাৰকিউমিন কেৱল মেঘালয়ৰ জয়ন্তীয়া পাহাৰত খেতি কৰিলেহে পোৱা যায়। অইন ঠাইত, আনকি মেঘালয়ৰ অইন ঠাইত কৰিলেও পোৱা নাযায়। তেনেকৈ নাগালেণ্ডৰ কিং চিলিৰ স্কোভাইল হিট ইউনিট দহ লাখৰ ওপৰত কেবল নাগালেণ্ডৰ মাটিতহে পোৱা যায়। অসম আৰু উত্তৰাখণ্ডত পোৱা তেজপাতৰ সুগন্ধি অইন ৰাজ্যৰ তেজপাতত পোৱা নাযায়। কৰ্ণাটকৰ হাভেৰি অঞ্চলত পোৱা বায়দাগি (Byadagi) জলকীয়াৰ ৰং অইন ঠাইত নাপায়। মিজোৰামৰ বাৰ্ড আই চিলি, চিকিমৰ ডালে খোৰ্ছানি চিলি একক আৰু অনন্য। অসমৰ কাৰ্বিআংলঙৰ কুমলীয়া আদা মুখত দিলে পমি যায়। মেঘালয়ৰ ইংমাখিৰ আদাত পোৱা তেল অইন আদাত নাপায়। ভৌগোলিক মান্যতা বা জিঅ’লজিকেল ইণ্ডিকেচনে (GI Tag) এই ক্ষেত্ৰত এই সমস্ত মচলাক এক বিশেষ ধৰণৰ স্বীকৃতি প্ৰদান কৰিছে। কৃষক আৰু উপভোক্তা দুয়োকে দিছে এক সুদূৰপ্ৰসাৰী গুণাগুণ নিৰ্ণায়ক মাপকাঠি। এতিয়ালৈ ভাৰতবৰ্ষত এনে ৩২ বিধ মচলাই ভৌগোলিক মান্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে (তলত চাব)। এই সকলো মচলাৰ নিজা গুণাগুণত অদ্বিতীয়। কোনোৱে ইয়াৰ হৰণ-ভগনো কৰিব নোৱাৰে। বিশ্বৰ প্ৰান্তে প্ৰান্তে ইয়াৰ সুগন্ধি বিয়পে, ইয়াৰ মহিমাৰ গুণানুকীৰ্তন চৰে।
ভৌগোলিক মান্যতা পোৱা ভাৰতীয় মচলাসমূহ:
মালাবাৰ জালুক, এলেপ্পি সেউজীয়া ইলাচি, কুৰ্গ সেউজীয়া ইলাচি, ভিয়াপুৰ জলকীয়া, বায়দাগি জলকীয়া, ডালে খুৰ্চানী জলকীয়া, ইদায়ুৰ জলকীয়া, গুনটুৰ চন্নম জলকীয়া, হাৰ্মাল জলকীয়া, হাঠেই জলকীয়া, খোলা জলকীয়া, মিজো জলকীয়া, নাগা জলকীয়া, কন্যাকুমাৰী লঙ, কোদাইকানাল মালাই পন্দু নহৰু, অসম কাৰ্বিআংলং আদা, মিজো আদা, হিমাচলি ক’লা জিৰা, সিন্ধুদুৰ্গ আৰু ৰত্নাগীৰি কোকুম, চিকিম ডাঙৰ ইলাচি, কাশ্মীৰ কেশৰ, উত্তৰাখণ্ড তেজপাত, ইৰোড মঞ্জাল (হালধি), কান্ধামাল হালধি, সাংলি হালধি, ৱাইগাওঁ হালধি, ৰামনাথপুৰম মুন্দু জলকীয়া, হাঠৰাস হিং, কাণ্ঠালুৰ ভাট্টাবৰা নহৰু, আলমৰা লাখোৰি জলকীয়া, অৰুণাচল প্ৰদেশ আদি কেকিৰ (আদা) আৰু লাকাডং হালধি।
এনে মচলাও আছে যাৰ এতিয়ালৈকে এইছ চি এন (HCN) দিয়া হোৱা নাই কিন্তু আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ চাহিদা বাঢ়িছে। এনে এবিধ মচলা হৈছে আছাম ৰাউণ্ড পিপাৰ। ইয়াৰ চাহিদা জাৰ্মানীত অভাৱনীয়।
মচলাৰ গুণাগুণ নিৰ্ধাৰণ কৰিবলৈ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থা আছে। তাৰে অন্যতম হৈছে ক’ডেস্ক। ক’ডেস্কৰ মুখ্য কাৰ্য্যালয় ভাৰতত অৱস্থিত। ক’ডেস্কে নিৰ্ধাৰণ কৰে বেছিভাগ ভাৰতীয় মচলাৰ গুণাগুণ।
ক’ডেস্ক হৈছে খাদ্য সুৰক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মান নিৰ্ণায়ক ব্যৱস্থা। বিভিন্ন দেশৰ প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰা ক’ডেস্কৰ বৈঠকত খাদ্য গুণাগুণৰ মাপকাঠি নিৰ্ণয় কৰা হয়। সকলো দেশেই নিজৰ নাগৰিকৰ স্বাস্থ্যৰ বাবে দায়বদ্ধ। গতিকে যিবোৰ খাদ্যসামগ্ৰী আমদানি কৰে, তাৰ গুণাগুণ জনাটো বৰ গুৰুত্বপূৰ্ণ। উন্নত দেশবোৰ এই ক্ষেত্ৰত অধিক সচেতন। সকলো দেশৰে নিজা নীতি-নিৰ্দেশনা থাকে। আমেৰিকা, কানাডা বা ইউৰোপীয় দেশবোৰৰ নীতি-নিৰ্দেশনা পানী নসৰা ধৰণৰ। খাদ্যৰপৰা উৎপন্ন হোৱা বা হ’ব পৰা কোনো ধৰণৰ বেমাৰ বা এলাৰ্জিত ভুগিবলৈ অনিচ্ছুক সেইবোৰ দেশে নিম্নমানৰ খাদ্যৰ আমদানিৰ ক্ষেত্ৰত ‘শূন্য সহনশীল’ নীতি মানি চলে।
ভেজাল কৰা, বেক্টেৰিয়া লগা, ভেঁকুৰ লগা বা কৃত্ৰিম ৰং আদি ব্যৱহাৰ কৰা খাদ্যদ্ৰব্যৰ বিপক্ষে সেইবোৰ দেশ বৰ কঠোৰ। ৰপ্তানিকাৰী দেশবোৰে বহুতো জটিল পৰীক্ষাৰ মাজেৰে আহি ব্যৱসায় কৰিবলগীয়া হয়। বান্ধি দিয়া সকলো ধৰণৰ প্ৰমাণ-পত্ৰ অবিহনে ৰপ্তানি সম্ভৱ নহয়।
সেউজ বিপ্লৱৰ পাছৰ সময়ত কৃষিজাত সামগ্ৰীত বিষাক্ত ৰাসায়নিক পদাৰ্থৰ অৱস্থিতি সমগ্ৰ বিশ্বকে চিন্তিত কৰি ৰাখিছে। কৃষি উৎপাদন বঢ়াবলৈ ব্যৱহৃত ৰাসায়নিক দ্ৰব্যৰ অব্যাৱহাৰিক অংশই মানৱ জাতি লগতে অন্য পশুকুল আৰু পৰিৱেশৰ প্ৰতি অনা জটিল ভাবুকিয়ে আকৌ এবাৰ প্ৰাচীন কৃষি পদ্ধতিলৈ উভতি যাবলৈ তাগিদা দি আছে। ইউৰোপীয় সংঘই বান্ধি দিছে জৈৱিক কৃষি উৎপাদনৰ নীতি-নিয়ম। ভাৰতেও জৈৱিক উৎপাদনৰ ৰাষ্ট্ৰীয় কাৰ্য্যসূচী কাৰ্যকৰী কৰিছে। এই কাৰ্যসূচী ইউৰোপীয় নীতিৰ সমকক্ষ। জৈৱিক প্ৰমাণ-পত্ৰ থকা সামগ্ৰী ৰপ্তানি কৰিবলৈ সহজ।
বিশ্বত ভাৰতবৰ্ষই সবাতোকৈ বেছি মচলা উৎপাদন কৰে। ভাৰতবৰ্ষই হৈছে বিশ্বৰ সৰ্ববৃহৎ মচলাৰ উপভোক্তা আৰু ৰপ্তানিকাৰী। অতীজৰপৰা ভাৰতে মচলা উৎপাদন কৰি আহিছে কাৰণ ভাৰতৰ নাগৰিক মচলা অবিহনে চলিব নোৱাৰে। কিন্তু ভাৰতৰ ডাঙৰ দায়িত্বটো হৈছে যে ভাৰতে সমগ্ৰ বিশ্বকে মচলাৰ যোগান ধৰিব লাগে। মচলা হ’লেই নহব, মচলা হ’ব লাগিব গুণগত মানসম্পন্ন। মচলা হ’ব লাগিব কৃত্ৰিম ৰাসায়নিক দ্ৰব্যমুক্ত। মচলা হ’ব লাগিব নিৰ্মল, মচলা হ’ব লাগিব পৱিত্ৰ। মচলা ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতে যোৱা পঁইত্ৰিছ বছৰত অভাৱনীয় সফলতা অৰ্জন কৰিছে।
বিশ্বৰ ১৮০খন দেশলৈ ভাৰতৰপৰা মচলা ৰপ্তানি কৰা হয়। এই ৰপ্তানি কৰা মচলাৰ ভিতৰত বহুতো মূল্য-সংযোজিত সামগ্ৰীও থাকে— যেনে মচলাৰ তেল, অ’লিঅ’ৰেজিন, কাৰকিউমিন, কেপচাইচিন, বিভিন্ন কাৰি পাউডাৰ, আচাৰ আদি। পৰিমাণ হিচাপত সকলোতকৈ বেছি শুকান জলকীয়া আৰু মূল্য হিচাপত পুদিনা তেল ৰপ্তানি হয়। যোৱা ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতে ১৪.০৪ লাখ মেট্ৰিক টন মচলা ৰপ্তানি কৰিছিল আৰু ইয়াৰ মূল্য আছিল ৩৯৬ কোটি আমেৰিকান ডলাৰ।
ভাৰতবৰ্ষৰপৰা মচলা আমদানি কৰা দেশসমূহৰ ভিতৰত প্ৰধান দেশসমূহ হ’ল— চীন, আমেৰিকা, আৰব, বাংলাদেশ, থাইলেণ্ড, ইন্দোনেছিয়া, মালয়েছিয়া, ইংলেণ্ড, শ্ৰীলংকা, নেপাল, জাৰ্মানী, চৌদি আৰব, নেদাৰলেণ্ড, কানাডা, জাপান, অ’ষ্ট্ৰেলিয়া, ফ্ৰান্স, ছিংগাপুৰ, ইজিপ্ত, দক্ষিণ আফ্ৰিকা, মৰক্কো, দক্ষিণ কোৰিয়া, স্পেইন, মেক্সিকো, তুৰ্কী আৰু ব্ৰাজিল। ভাৰতবৰ্ষৰপৰা মচলা আমদানি কৰা দেশসমূহৰ শ্ৰেষ্ঠ পাঁচখন দেশ হ’ল— চীন, আমেৰিকা যুক্তৰাজ্য, বাংলাদেশ, ইউ.এ.ই., থাইলেণ্ড, ব্ৰিটিছ যুক্তৰাষ্ট্ৰ., শ্ৰীলংকা, মালয়েছিয়া।
এনেকুৱা নহয় যে ভাৰতে কেবল মচলা ৰপ্তানিহে কৰে, ভাৰতে মচলা আমদানিও কৰে। ভাৰতৰ ঘৰুৱা চাহিদা যিহেতু যথেষ্ট বেছি, কম উৎপাদিত বহুতো মচলা ভাৰতে শ্ৰীলংকা, ভিয়েটনাম, চীন আদি দেশৰপৰা আমদানি কৰে। উদাহৰণস্বৰূপে ডালচেনিৰ কথা ক’ব পাৰি। ভাৰতত ডালচেনিৰ বছৰেকীয়া চাহিদা হ’ল ২৬০০০ মেট্ৰিক টন। উৎপাদন হয় মাত্ৰ ৬ মেট্ৰিক টন। গতিকে ২০০০০ মেট্ৰিক টন আমদানি কৰা হয়। এই চাহিদা পূৰাবলৈ চীনৰপৰা কেছিয়া আমদানি কৰা হয়। প্ৰকৃত ডালচেনি আহে শ্ৰীলংকাৰপৰা। কেছিয়াৰ দাম কম আৰু ‘কাউমেৰিন’ (Coumarin) বেছি থকা বাবে ই স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক।
ভিয়েটনামৰ জালুক যিহেতু সস্তা, বহুতো ভাৰতীয় বেপাৰীয়ে সেই দেশৰপৰা আমদানি কৰি আনি সংসাধন (Processing) কৰি আকৌ ৰপ্তানি কৰে। হিং আৰু কেশৰো আমদানি কৰা হয়। উত্তৰ-পূব ভাৰতত উৎপাদিত মচলাবোৰৰ গুণাগুণ উন্নত মানৰ। এই ভূ-খণ্ডত উংপাদিত দুই এবিধ মচলা পৃথিৱীৰ ক’তো পোৱা নাযায়। ভৌগোলিক সীমাবদ্ধতা আৰু কৃষকৰ অজ্ঞানতাৰ বাবে এইবোৰ মচলাই আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিব পৰা নাছিল। কিন্তু অতিসম্প্ৰতি দৃশ্য-পট সলনি হৈছে। যদিও ইয়াত সাগৰীয় বন্দৰ নাই, তথাপি ক’লকাতা, মুম্বাই, গুজৰাট, কোচিন আদি ঠাইৰপৰা পৰোক্ষভাৱে উত্তৰ-পূবৰ মচলাৰ ৰপ্তানি আৰম্ভ হৈছে। আনকি গুৱাহাটীৰ বিমান বন্দৰ যোগেও ছিংগাপুৰ আদি দেশলৈ প্ৰত্যেক্ষভাৱে মচলাৰ ৰপ্তানি আৰম্ভ হৈছে। উত্তৰ-পূবৰ বুজনসংখ্যক ব্যৱসায়ীয়ে ৰপ্তানিকাৰীৰ অনুজ্ঞাপত্ৰ আহৰণ কৰিছে। ভাৰতবৰ্ষত মচলা ৰপ্তানিৰ বাবে অনুজ্ঞাপত্ৰ থকা মুঠ ৯০৫০ জন ব্যৱসায়ী আছে।
ভাৰত চৰকাৰৰ ভাৰতীয় মচলা ব’ৰ্ডে সেইসকল ৰপ্তানিকাৰীক বিভিন্ন দিশত প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিছে। বিদেশত ভাৰতীয় মচলাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰত চৰকাৰে ৰপ্তানিকাৰীসকলক বিভিন্ন ধৰণে সহায় কৰি আহিছে। বিদেশৰ উল্লেখনীয় খাদ্য মেলাবোৰত ভাৰতীয় মচলাৰ প্ৰদৰ্শনৰ ব্যৱস্থাও কৰে। সেইবোৰ মেলাৰ ভিতৰত প্ৰধান কেইখনমান মেলা হৈছে জাপান ফুডেস্ক, পেৰিছৰ চিয়াল, গাল্ফ ফুড আদি।
এইবোৰ মেলাত অংশগ্ৰহণ কৰিলে ভাৰত চৰকাৰে অহা-যোৱাৰ বাবে বিমানৰ খৰচ বহন কৰে।
ৰপ্তানিকাৰীসকল দেশৰ সাধাৰণ নাগৰিক নহয়; তেওঁলোকৰ ব্যৱসায়ক এক সন্মানজনক ব্যৱসায় হিচাপে ধৰা হয়। উন্নয়নশীল দেশ এখনৰ বাবে ৰপ্তানিকাৰীসকলে আহৰণ কৰা বৈদেশিক মুদ্ৰাৰ অপৰিসীম গুৰুত্ব আছে। এখন দেশৰপৰা যিমানে ৰপ্তানিৰ পৰিমাণ বাঢ়িব, সিমানেই দেশখনৰ অৰ্থনেতিক অৱস্থা টনকিয়াল হয়। ভাৰত চৰকাৰে ২০২৪-২৫ বৰ্ষৰ বাবে মচলাৰ ৰপ্তানি ৫ শ কোটি আমেৰিকান ডলাৰৰ লক্ষ্য স্থিৰ কৰিছে। এই লক্ষ্য আহৰণ কৰিবলৈ হ’লে কৃষক, ৰাজ্য চৰকাৰ, ৰপ্তানিকাৰী আৰু ভাৰত চৰকাৰৰ উমৈহতীয়া প্ৰচেষ্টা লাগিব। যিহেতু সমগ্ৰ বিশ্বই এতিয়া খাদ্য সুৰক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে, গতিকে মচলাৰ সৈতে জড়িত সকলোপক্ষই মচলাৰ গুণাগুণৰ ওপৰত কাম কৰাৰ প্ৰয়োজন। কৃত্ৰিম ৰাসায়নিক পদাৰ্থবিহীন মচলা উৎপাদনত দেহে-কেহে লাগিবই লাগিব।
বিশ্বৰ মচলা বজাৰখন নিজৰ হাতত ৰাখিবলৈ, মচলাৰ সৈতে থকা ভাৰতৰ ঐতিহ্য আৰু আৱেগক ধৰি ৰাখিবলৈ হ’লে ব্যৱসায়ীসকলৰ সততা আৰু দক্ষতা— দুয়োটাৰে অতীৱ প্ৰয়োজন। জৈৱিকভাৱে মচলাৰ উৎপাদনত কৃষি বিভাগে অধিক মনোনিৱেশ কৰা দৰকাৰ। এই ক্ষেত্ৰত কৃষক উৎপাদক কোম্পানীৰ দায়িত্ব অধিক। এই কোম্পানীবোৰক ৰপ্তানিৰ বাবে সকলোধৰণৰ প্ৰশিক্ষণ দি উপযুক্ত কৰি গঢ়িব পাৰিলে আমদানিকাৰী দেশবোৰৰ বাধ্যবাধকতা সহজেই অতিক্ৰম কৰিব পৰা হ’ব।
ভাৰতীয় মচলা ৰপ্তানিৰ বিকাশ
ভাৰতীয় মচলাৰ ৰপ্তানিৰ উৰ্ধগামী গ্ৰাফডাল অতি সুন্দৰ ৷ ১৯৮৭-৮৮ চনৰপৰা ভাৰতে মচলা ৰপ্তানিৰ জৰিয়তে বুজন পৰিমাণৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰিছে৷ ভাৰতত স্পাইচ ব’ৰ্ডৰ গঠন হৈছিল ১৯৮৭-৮৮ চনত। তেতিয়াৰেপৰা বাৰ্ষিক ৰপ্তানিৰ পৰিমাণ চক্ৰবৃদ্ধি হাৰত ১০.২৫ শতাংশকৈ বাঢ়ি আহিছে (যিটো আমেৰিকান ডলাৰৰ মূল্যৰ হিচাপত ৯.২ শতাংশ)। এই বিকাশৰ হাৰ বুজিবলৈ আমি তলৰ পৰিসংখ্যাটি চাব পাৰোঁ।
১৯৮৭-৮৮ চন—
পৰিমাণ: ০.৭ লাখ মেট্ৰিক টন – মূল্য: ২১৮ কোটি টকা
২০১০-১১ চন—
পৰিমাণ: ৭.৫৬ লাখ মেট্ৰিক টন – মূল্য: ৮০৪৩ কোটি টকা
২০১৪-১৫ চন—
পৰিমাণ: ১০.৯৪ লাখ মেট্ৰিক টন- মূল্য: ১৬৩৫২ কোটি টকা
২০২০-২১ চন—
পৰিমাণ: ৩০৯৭৩ কোটি টকা- মূল্য: ১৭.৫৯ লাখ মেট্ৰিক টন
২০২০-২১ চনত প্ৰথমবাৰৰ বাবে মচলা ৰপ্তানিয়ে চাৰিশ কোটি আমেৰিকান ডলাৰৰ ঘৰ চুইছে। ই ভাৰতৰ মুঠ কৃষিজাত সামগ্ৰী ৰপ্তানিৰ ৯%। মচলা ৰপ্তানিৰ মূল সামগ্ৰীসমূহৰ ভিতৰত জলকীয়া, জিৰা, পুদিনা, স্পাইছ অইল আৰু অলিঅ’ৰেজিন, হালধি, ইলাচি ইত্যাদি অন্যতম।
মচলা উদ্যোগৰ অংশীদাৰ হওঁ আহক:
আগ্ৰহী কৃষক আৰু ব্যৱসায়ীয়ে মচলাৰ বৈজ্ঞানিক খেতি আৰু ৰপ্তানিৰ বাবে অধিক তথ্য আহৰণৰ বাবে গুৱাহাটীস্থিত ভাৰত চৰকাৰৰ ভাৰতীয় মচলা ব’ৰ্ডৰ সৈতে যোগাযোগ কৰিব পাৰে। গুৱাহাটীৰ হাতীগাঁৱত কাৰ্যালয়টো আছে। ফোন নম্বৰ ৬২৯৫৭৭৯২৬১ ত যোগাযোগ কৰিলে প্ৰশিক্ষণ, অনুজ্ঞাপত্ৰ, আঁচনি আদি সম্পৰ্কে জানিবলৈ পাব।
[লেখক ভাৰতীয় মচলা ব’ৰ্ডৰ গুৱাহাটীস্থিত ক্ষেত্ৰীয় কাৰ্য্যালয়ৰ উপ-সঞ্চালক।]