আবু চুফিয়ানৰ কাব্যপুথি "ঈশ্বৰৰ ঘৰ"- এটা আলোচনাঃ
লেখক- সুৰেণ গোস্বামী
কবি আবু চুফিয়ানৰ “ঈশ্বৰৰ ঘৰ” এখন ৪০টা কবিতাৰ সংকলন।
২০২১ চনত প্ৰকাশিত, প্ৰকাশক শিলপুখুৰীৰ “প্ৰতিশ্ৰুতি” প্ৰকাশন
দাম ২৫০ টকা।
চুফিয়ানৰ প্ৰায় সকলো কবিতাই বাহ্যিক উদ্বোধকে জাগ্ৰত কৰা ভাবাৱেগৰ উন্মুক্ত প্ৰকাশ। মানৱ সমাজত চলি থকা বিভিন্ন কাৰ্য্য-কলাপ, কৰ্ম আৰু কৰ্মৰ প্ৰতিক্ৰিয়াই কবি মনত জাগ্ৰত কৰা ভাব-দৰ্শনক তেওঁ নিঃসংকোচে প্ৰতিফলিত কৰিছে। তেনে কৰোঁতেই সেইবোৰ কেতিয়াবা সমালোচনাৰূপে, কেতিয়াবা ব্যংগ, শ্লেষযুক্ত, তাচ্ছিল্য আদি ভাৱেও প্ৰকাশিত হৈছে। ইয়াতেই কিন্তু চুফিয়ানৰ ব্যক্তিগত জীৱনৰ সহজ-সৰলতা, সুস্থ-সবল সমাজ গঠনৰ উৎসুকতা, দুৰ্নীতি-দুষ্কৃতিৰ প্ৰতি অসহনশীলতা আদি মহান মানৱীয় গুণসমূহো প্ৰকট নোহোৱাকৈ থকা নাই। তেওঁ নিজেই কৈছে,”এক কথাত, বৰ্তমান ক্ষয়িষ্ণু সমাজ, চিন্তাৰ দৈন্য, অন্ধবিশ্বাস,গোড়ামি, শাসন-শোষণৰ বিৰুদ্ধে সৰল ভাষাত শ্লেষোক্তি”। তাকে কৰিবলৈ যাওঁতে তেওঁ কাব্যিক শব্দ, ধ্বনি, লয়, ছন্দ (ছন্দোৱদ্ধতা নহয়), ভাবৰ সীমাৱদ্ধতা আদি নীতিৰ প্ৰতিও বিশেষ নজৰ কৰা নাই। চিন্তাই যিমান দূৰলৈ বৰ্ণনা দাবী কৰে, সিমান দূৰলৈ বৰ্ণনাই গতি কৰিছে; লগতে ঠায়ে ঠায়ে সমালোচনা, উপদেশ, বিৰক্তি আদিয়েও প্ৰত্যক্ষভাৱে উদ্ধৃত হৈছে; যেনে– ‘ভোকাতুৰ আদালত’ কবিতাত শাসক-গোষ্ঠীয়ে শোষক-গোষ্ঠীক কৰি অহা প্ৰৱঞ্চনা, অত্যাচাৰ আদিৰ বৰ্ণনা দিয়াৰ লগতে শোষক গোষ্ঠীৰ বিষোদ্গাৰকো সমানে প্ৰকাশ কৰিছে। শেষত পৰিৱৰ্তনত আশাবাদী হৈও সকীয়নি দিছে।
‘মৰীচিকা’ কবিতাত এখন ঘৰৰ প্ৰয়োজনৰ সুন্দৰ বৰ্ণনাৰ লগতে সেইঘৰত জীৱাত্মাৰ অতি প্ৰয়োজনতাৰ কথাৰ উল্লেখ কৰা হৈছে। ‘পাৰ্থক্যৰ সূচকাংক’ কবিতাত শোষিত-কৃষকৰ দুৰ্ভোগৰ চিত্ৰ অংকণ হৈছে। কৃষকৰ মনোকষ্টৰ ভাব ব্যক্ত কৰি কবিয়ে কৈছে, “উৎপাদন কৰোঁ মই, দাম নিৰ্ণয় কৰা তুমি। মই বনুৱা, তুমি বনিয়া, মই শোষিত; তুমি শোষক” বুলি সুন্দৰ অভিব্যক্তি প্ৰকাশ কৰিছে। বৰ্ণনাটো alleteration-(একে বৰ্ণৰে আৰম্ভ হোৱা দুটা বা ততোধিক শব্দৰ সমাহাৰ)ৰো সুন্দৰ নিদৰ্শন। ইয়াৰো শেষাংশত আশাবাদ আৰু সকীয়নি বিদ্যমান। (আটাইবোৰ কবিতাৰ উদ্ধৃতি ইয়াত সম্ভৱ নহয়।)
ক’ভিডক লৈ কবিয়ে তিনিটি কবিতা লিখিছে; ‘পোষ্ট ক’ভিড চিন্দ্ৰম’, ‘ৰহস্যময়ী কৰোণা’ আৰু ‘কভিড উদ্দিনৰ চিৰ বিদায়’। প্ৰথমটোত ক’ভিডৰ প্ৰভাৱ আৰু ইয়াৰপৰা সাৰিবলৈ কিছুমান উপদেশ দিয়া হৈছে। ক’বলৈ গ’লে দ্বিতীয়টো কবিতা ক’ভিডৰ বিষয়ে এখন ৰচনাহে, য’ত ইয়াৰ উৎপত্তি, প্ৰভাৱ, বিধ্বংসী স্বভাৱ আদি বৰ্ণনা কৰি শেষত তিৰস্কাৰ কৰা হৈছে আৰু বিদায় ল’বলৈ কাকুতি কৰা হৈছে। এনেদৰে ‘ক’ভিডউদ্দিনৰ চিৰ বিদায়’তো প্ৰথমটোৰ দৰে প্ৰায় একে ভাব, সুৰ আৰু বৰ্ণনা প্ৰকাশ পাইছে। ইয়াৰ শেষতো উপদেশ সন্নিৱিষ্ট হৈছে।
এনেদৰে প্ৰায় ৪০টা কবিতাতে কোনো প্ৰত্যক্ষ উপলব্ধ বিষয়বস্তুৱে কবিৰ মনত সৃষ্টি কৰা ভাবৰ প্ৰতিফলন ঘটিছে। ভাবৰ স্পষ্টতা প্ৰকাশ আৰু ব্যাখ্যা কৰিবলৈ যাওঁতে বৰ্ণনাই কেতিয়াবা দীৰ্ঘৰূপ ধাৰণ কৰাৰ লগতে হোৱা পুনৰুক্তিৰ ফলত কাব্যৰসত ব্যাঘাত নজন্মাকৈও থকা নাই। (কোনো কোনো কবিতা চাৰি পৃষ্ঠাৰপৰা সাত পৃষ্ঠালৈ গতি কৰিছে)। ক’বলৈ গ’লে, প্ৰায়ভাগ কবিতাতে গদ্যগন্ধী বাক্যক খণ্ডিত ৰূপত সজাই কবিতাৰ ৰূপ দিয়া হৈছে। যেনে-
“টিক-টক বা ষ্টোৰীৰ বিজ্ঞাপনৰ
পদ এটাও খালী নাই;
কোনো ৰাজনৈতিক ধাৰা ভাষ্যকাৰৰ
পদো এতিয়া ওলোৱা নাই।
বাৰে ভচহু ভিডিঅ’, হকেবিহকে
লাইভ কৰা পোষ্টবোৰ শ্বেয়াৰ
কৰাৰ উপ-সম্পাদকৰ পদোচোন
পূৰণেই হ’ল।” ( কবিতা-‘আবেদন নকৰিবা’)
এনেকৈয়ে কথন ভংগিমাত প্ৰায় সকলো কবিতাৰ বৰ্ণনা হৈছে।
কবিতাৰ সূত্ৰ দিয়া কঠিন; কিন্তু কাব্য-ধৰ্ম আৰু গদ্য-ধৰ্মত থকা স্পষ্ট পাৰ্থক্যক অস্বীকাৰ কৰিব নোৱাৰি। কাব্যই লয়, ছন্দ,শব্দ-ধ্বনি, ভাব প্ৰকাশৰ সীমাৱদ্ধতা আদি চৰিত্ৰ দাবী কৰে। বাহ্যিক উদ্ভোদকে কবিৰ মনত কৰা প্ৰতিক্ৰিয়াৰ ফলত কবিতাৰ সৃষ্টি হ’লেও তাৰ মাজেৰে এটা সুদূৰ প্ৰসাৰী দৰ্শন আৰু বাৰ্তা প্ৰকাশ কৰে, যাৰ ফলত ৰস সৃষ্টি হয় আৰু পাঠকক মোহিত কৰে। সেয়ে কবিতাই অন্তৰ্নিহিত দৰ্শনক ব্যক্ত কৰিবলৈ লক্ষণা, ব্যঞ্জনা, ছন্দ, উপমা, কল্পচিত্ৰ, শব্দধ্বনি আদি অলংকাৰ দাবী কৰে। অন্যথাই গদ্য-বক্তব্য আৰু কাব্য-বক্তব্যৰ মাজত থকা পাৰ্থক্যৰ সীমাৰেখা অটুত নাৰাখে। কবিয়ে ওপৰোক্ত অলংকাৰসমূহৰ সহায়ত দৃশ্যমান বা অদৃশ্যমান সম্পদক নিজা কল্পনাৰ ৰহণ সানি কিমানখিনি ৰসপূৰ্ণ, সাৰ্বজনীন কৰিব পাৰে, তাৰ ওপৰত কাব্যিক সৌন্দৰ্য্য নিৰ্ভৰ কৰে। অৰ্থাৎ সৰ্বসাধাৰণে ভবা কথাকে কবিৰ কল্পনাই বিস্তৃত আৰু বিশাল জগতলৈ পাঠকক লৈ যাব পাৰে। ইয়াতেই প্ৰতিষ্ঠা হয় ‘সাধাৰণীকৰণ’।
সেই কাল্পনিক আৰু ৰসপূৰ্ণ বৰ্ণনাৰ মাজত থকা কবিৰ দৰ্শনৰ মাজত এটা বাৰ্তা বিচাৰি পাব লাগে; কবিয়ে তাক ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। আনকি কবিতাত পৰোক্ষ সমালোচনা, বিৰক্তি, হতাশা আদি নঞৰ্থক ভাবৰ উদ্ৰেক হ’লেও উপৰিউক্ত কাব্যিক সৌন্দৰ্য্য বজাই ৰখাটো বাঞ্চনীয়।
ভাব আৰু আদৰ্শৰ দৃষ্টিৰে চুফিয়ানৰ কবিতাৰ উৎকৃষ্টতাক অস্বীকাৰ কৰিব নোৱাৰি যদিও কাব্যিক দৃষ্টিভংগিৰে চালে কিছু খোকোজা নলগাকৈ নাথাকে।
শব্দধ্বনি আৰু লয়-ছন্দৰ লগতে কবিতাৰ আন এটা মুখ্য আকৰ্ষণ হৈছে শব্দ আৰু বানানৰ শুদ্ধতা। চুফিয়ানে বিষয়বস্তু আৰু ভাবক যিমান গুৰুত্ব দিয়ে, সিমানখিনি এই দিশতো দিয়াৰ প্ৰয়োজন বোধ কৰা যায়। বৰ্ণাশুদ্ধি আৰু শব্দৰ ভুল প্ৰয়োগে বক্তব্যৰ অৰ্থই সলনি কৰি দিব পাৰে। “বাট চ’ৰাত এষাৰ’ত তেওঁ লিখিছে,” চকু ফুৰাই বৰ্ণাশুদ্ধি কৰি দিয়া ভাতৃপ্ৰতীম—-লৈ আন্তৰিক ধন্যবাদ জনালোঁ। ইয়াত ‘বৰ্ণাশুদ্ধি’ শব্দৰ অৰ্থ হ’ল ‘অশুদ্ধ আখৰ জোঁটনি’হে; শুদ্ধ কৰা নহয়। তেনেদৰে, ‘আমিবোৰ’, আমাৰবোৰৰ’, ‘সিহঁতবোৰ’ আদি শব্দত দ্বিগুণ বহুবচন ব্যৱহাৰ কৰা হৈছে, যিটো ভাষাৰ ক্ষেত্ৰত সাধাৰণতে ভুল বুলি গণ্য হয়।ই আৰু নোৱাৰা ক্ৰিয়াৰ অবিচাৰিত প্ৰয়োগ আদিৰো সমাৱেশ চুফিয়ানৰ ৰচনাত বিদ্যমান। এইবোৰৰ প্ৰতি নজৰ কৰা অতি প্ৰয়োজন।
আবু চুফিয়ান এগৰাকী অতি সহজ-সৰল, সমাজ প্ৰিয়,সুহৃদ, আৰ্তজনৰ প্ৰতি সদা দয়াশীল ব্যক্তি। পুলিচ বিভাগৰ এজন উচ্চ পদবীধাৰী, কৰ্মব্যস্ত ব্যক্তি হৈয়ো অসমীয়া সাহিত্যত তেওঁ যি বৰঙণি আগবঢ়াইছে, সেয়া নিশ্চয় উল্লেখনীয় আৰু প্ৰণিধানযোগ্য। আমি চুফিয়ানৰ এই উদ্যম অটুত থকাৰ বাবে কামনা কৰিছোঁ আৰু উত্তৰোত্তৰ উন্নতিৰ হকে শুভেচ্ছা জনালোঁ।