আমাৰ চুবুৰীৰ মজিদ চাহাব -মূল: হুমায়ূন আহমেদ

অনুবাদ: পংকজ কুমাৰ নেওগ

আমাৰ চুবুৰীত মজিদ চাহাব নামৰ পুলিচ বিভাগৰ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক থাকে। তেওঁ সকলো সময়তে কিবা-কিবি চিন্তাত মগন। বাটে-ঘাটে কোনো চিনাকি লোকক লগ পালেও উদ্বিগ্ন মুখ এখনেৰে আৰু দাৰ্শনিকৰ দৰে অতি উচ্চস্তৰৰ দুই-এটা প্ৰশ্ন সোধা তেওঁৰ স্বভাৱ। সঁচাকৈ বৰ বিৰক্তিকৰ! সেইদিনা তিনিআলিৰ চুকৰ দোকানখনত চিগাৰেট এটা কিনি জ্বলাই লৈছিলোহে মাত্ৰ হঠাতে লক্ষ্য কৰিলো মজিদ চাহাব খোজ কাঢ়ি আহি আছে। খৰধৰকৈ লুকাবলৈ চেষ্টা কৰিলো কিন্ত একো লাভ নহ’ল। ভদ্ৰলোকজন মোৰ ঠিক সন্মুখতে ব্ৰেক মাৰি ৰ’ল আৰু অতি গম্ভীৰ কণ্ঠস্বৰেৰে সুধিলে – ‘প্ৰফেচাৰ চাহাব, মানুহে বাৰু কিয় হাঁহে, ক’ব পাৰিবনে? ’

মই মোৰ বিৰক্তি লুকুৱাই উত্তৰ দিলোঁ –‘হাঁহি উঠে কাৰণে হাঁহে। ’

: আৰে, হাঁহি কিয় উঠে সেইটোকে কওকচোন! 

ছেঃ! মহা পয়মাল। ভদ্ৰলোকজনে যিদৰে মোৰ বাট ভেটি থিয় দি আছে, তেওঁ কিবা এটা উত্তৰ নোপোৱালৈকে আঁতৰাৰ লক্ষণ নাই। অৱসৰপ্ৰাপ্ত লোক হিচাপে হয়তো তেওঁৰ হাতত অপৰ্যাপ্ত সময়; কিন্তু মোৰ ঢেৰ কাম। মই ক’লোঁ – ‘মজিদ চাহাব, আপোনাক এটা গল্প কওঁ। গল্পটোৱে আপোনাক নিশ্চয় হাঁহিবলৈ বাধ্য কৰিব। তাৰ পিছত আপুনি নিজেই ভাৱি উলিয়াব আপুনি কিয় হাঁহিলে। ’

: ওম, কথাটো বেয়া নহয়। কওকচোন বাৰু আপোনাৰ গল্প। 

মই কাহিনীটো আৰম্ভ কৰিলো – ‘এজন মানুহে বিশেষ এখন চিনেমা একত্ৰিশবাৰ চোৱা বুলি শুনি তেওঁৰ বন্ধুৱে সুধিলে – একত্ৰিশবাৰ চাবলৈ সেই চিনেমাখনত আছেনো কি? মানুহজনে ক’লে – চিনেমাখনৰ এটা দৃশ্যত এগৰাকী যুৱতীয়ে নদীত গা ধুবলৈ যায়। তাই কাপোৰ খুলিবলৈ আৰম্ভ কৰোঁতেই এখন ৰেলগাড়ী আহি পায় আৰু সেই দৃশ্য ঢাকি পেলায়। ছবিখন একত্ৰিশবাৰ চাইছিলো কাৰণ মই ভাবিছিলো যে ৰেলখন অন্ততঃ কোনোবা এবাৰ দেৰি হ’ব। ’ মজিদ চাহাবে মোৰ ফালে অবাক হৈ চাই ৰল। তেওঁ আচৰিত হৈ ক’লে – ‘ৰেলখন কিয় দেৰি হ’ব? প্ৰতিবাৰেই একেই হ’ব। ’

মই ক’লোঁ – ‘হাঁহি উঠা কথাটো তাতেই লুকাই আছে। ’

: প্ৰতিবাৰেই একেটা কথাই হ’ব, হাঁহিবলৈ কিটো আছে? 

গম্ভীৰ মুখ এখন লৈ মজিদ চাহাব ঘৰলৈ ৰাওনা হ’ল। মোৰ ওপৰত বৰ বিৰক্ত হোৱা যেন লাগিল। মই উল্লেখ কৰা ধৰণৰ অভিজ্ঞতা আপোনালোক সকলোৰে নিশ্চয় আছে। বহুত আশাৰে কৌতুক এটা কৰিলে আৰু সেই কৌতুকটো গাড়ীৰ চকাৰ তলৰ বেং এটাৰ দৰে চেপেটা হৈ পৰিল। আমেৰিকাত প্ৰকাশিত এখন কিতাপত এশটা কৌতুক তালিকাভুক্ত কৰা হৈছে আৰু কোৱা হৈছে যে এই কৌতুকবোৰৰ সফলতাৰ সম্ভাৱনা ৯৯.৩২ শতাংশ। এই কিতাপখনৰ এটা কৌতুক মই বিয়াৰ মেহফিলত ক’বলৈ গৈ সম্পূৰ্ণ হতাশ হৈছিলো। মাত্ৰ এজনে মোৰ প্ৰতি কৰুণাৰ বশৱৰ্তী হৈ ওঁঠ দুটা অলপ বেঁকা কৰিছিল কিন্তু বাকীবোৰৰৰ গম্ভীৰ মুখ দেখি তেওঁ বেঁকা ওঁঠ লৰালৰিকৈ পোন কৰি খিৰিকীৰে বাহিৰৰ দৃশ্য চোৱাৰ ভাও জুৰিছিল। এগৰাকী যুৱতীয়ে চশমাৰ ওপৰেৰে মোৰ ফালে এনেকৈ চাইছিল যেন মোৰ কিবা মূৰৰ বিকৃতি ঘটিছে। কাহিনীটো হ’ল এনে ধৰণৰ –

এজনে বন্ধুৱে আন এজন বন্ধুক সুধিছে – ‘পেৰিছ চহৰখন কেনেকুৱা? ’

বন্ধুৱে ক’লে –‘ভাল, বৰ ভাল। এয়াৰপৰ্টত নামি তুমি এখন গাড়ী যদি ভাড়া লোৱা, চালকজনে তোমাৰ লগত কিমান যে ভদ্ৰ ব্যৱহাৰ কৰিব তুমি ভাৱিব নোৱাৰা। হয়তো এনেকুৱাও হ’ব পাৰে তেওঁ তোমাক নিজৰ ঘৰলৈ নিব, লগত ৰাখিব আৰু নাচ-গান ইত্যাদিৰে স্ফূৰ্তি কৰিব। অকল সেয়েই নহয়, তেওঁৰ ঘৰৰ থাকি ইমান আনন্দ-স্ফূৰ্তি কৰাৰ বাবে ওলোটাই তোমাক বহুত টকা-পইচাও দিব। ’

: কি কোৱাহে! পেৰিছলৈ গৈছিলা নেকি তুমি? 

: মই নহয়, মোৰ পত্নীহে গৈছিল। এয়া তেওঁৰ নিজৰ অভিজ্ঞতা! তেওঁ কেতিয়াও নিজে গল্প বনাই নকয়। তেনে ধৰণৰ মহিলাই নহয়। 

কাহিনীটো শুনি কোনেও হঁহা নাছিল কিয়? মনতে ভাৱি উলিয়ালো – এনে এজন বেঙা মানুহৰ অকলে পেৰিছলৈ যাব পৰা পত্নী থাকিবই নোৱাৰে। সেই কাৰণে কাহিনীটো কাৰো বিশ্বাসযোগ্য হোৱা নাছিল। কি যে বিড়ম্বনা, কৌতুকৰ কাহিনীত আকৌ কিহৰ বিশ্বাসযোগ্যতা! আমাৰ সমস্যা হ’ল আমি গুৰুতৰ কাহিনীবোৰৰ বিশ্বাসযোগ্যতাক লৈ কোনো গুৰুত্ব নিদিও অথচ যদি পাতল কথা বা হাঁহিৰ কাহিনী হয়, গুৰুত্বসহকাৰে চিন্তা কৰিবলৈ বহোঁ কাহিনীটো বিশ্বাসযোগ্য হয়নে নহয়! সেই অজলা লোকজনৰ পত্নী পেৰিছলৈ গ’ল কিয়? ৰসিকতা কৰি ভালপোৱাসকলে অপমানিত হোৱাৰ ৰিস্ক এটা লৈহে তেনে কৰে। ই হ’ল ‘ন’-ৰিস্ক-ন’-গেইন’ ধৰণৰ কথা আৰু দুই-এটা ৰগৰ যদি কেনেবাকৈ সফল হয় তেওঁলোকৰ উৎসাহৰ সীমা নাথাকে। ৰসিকতা কৰা তেতিয়া তেওঁলোকে এটা পৱিত্ৰ কৰ্তব্য বুলি গণ্য কৰে আৰু লাগ-বান্ধ নোহোৱা কৌতুকেৰে চৌপাশৰ মানুহবোৰক বিৰক্তিৰ চৰম সীমালৈ নিবলৈ কুণ্ঠাবোধ নকৰে। এবাৰ কোনো এখন ঠাইলৈ যাওঁতে মই এনে এজন ব্যক্তিক লগ পাইছিলো। বাছত সাংঘাতিক ভীৰ, গেলেপা লগা গৰম আৰু মানুহৰ ঘামৰ উৎকট গোন্ধ। এজন লোকে আকৌ নিজৰ চিনাকি এজনক দেখা পাই চিঞৰিলে –‘ঐ মোজাম্মিল, ৰগৰ এটা শুনচোন। এবাৰ বিয়া এখনত দৰা উপস্থিত হোৱাত যথেষ্ট পলম হৈছে। তাৰ পাছত দৰাৰ পেহীয়েকৰ জীয়েকে… …”

মোজাম্মিলে কৌতুক আৰম্ভ কৰা ব্যক্তি জনলৈ খঙত ঘোপাকৈ চালে যদিও কোনো লাভ নহ’ল। ভদ্ৰলোকজনে দীঘলীয়া কাহিনীটো শেষ কৰি ইতিমধ্যে দ্বিতীয় কাহিনীটো আৰম্ভ কৰিছে। তপামূৰীয়া মানুহ এজনে বিৰক্ত হৈ ক’লে – ‘মহাশয়, অলপ মনে মনে থাকিবনে? ’

: কিয় মনে মনে থাকিম? আপোনাৰ কি সমস্যা? 

: ভেনা মাখিৰ দৰে কাণৰ কাষত ভেন-ভেনাই থাকিলে সমস্যা নহ’বনে? 

ভদ্ৰলোক এইবাৰ নিমাত হৈ পৰিল। বাছখন কিছুদূৰ আগবঢ়াৰ লগে লগে তেওঁৰ ডিঙিটো আকৌ খুচ-খুচাবলৈ ধৰিলে। তিনি নম্বৰ কৌতুকটো তেওঁ মোজাম্মিলক কৈহে এৰিলে। আচৰিত কথা – এই কৌতুকটো সাংঘাতিক হিট হ’ল। বাছখনৰ গোটেইবোৰ মানুহ অট্টহাস্যত ফাটি পৰিল। আনকি আগৰবাৰ বিৰক্ত হোৱা তপা মানুহজনেও অদ্ভুত শব্দ কৰি নিজা ভঙ্গীত হাঁহিবলৈ ধৰিলে। 

অৱশ্যে এই সংসাৰত এনে কিছুমান ভাগ্যৱান মানুহ আছে যিসকলৰ কৌতুক সকলো সময়তে সকলো লোকে উপভোগ কৰে। ই নিশ্চয় এটা বৃহৎ যোগ্যতা বা গুণ। কিন্তু কথা হ’ল এই অৰ্হতা অৰ্জন কৰা লোকসকল অতি কম সময়ৰ ভিতৰতে বিমৰ্ষ হৈ পৰা দেখা যায়। তেওঁলোকে জীৱনৰ প্ৰতি যেন অতি সোনকালে সকলো আগ্ৰহ হেৰুৱাই পেলায়। চল্লিশ বছৰ পাৰ নহওঁতেই তেওঁলোকক পঞ্চাশ বছৰীয়া যেন লাগে। কাৰণটো একেবাৰে সহজে বোধগম্য। এইসকল জন্মৰসিকৰ সকলো কথাই আমি ৰসিকতাৰে গ্ৰহণ কৰোঁ আৰু ই এটা এসময়ত তেওঁলোকৰ ওপৰত মানসিক চাপ পেলাবলৈ আৰম্ভ কৰে। উদাহৰণ এটা দিওঁ। মোৰ এজন বন্ধু আব্দুছ ৰহমান জন্মৰসিক, স্কুলীয়া জীৱনৰ পৰাই সি আমাক হঁহুৱাইছে। কলেজীয়া জীৱনতো সেই একেই অৱস্থা। সংসাৰত প্ৰৱেশ কৰিয়েই সি বিভিন্ন সমস্যাৰ সন্মুখীন হ’ল। কম দৰমহা, কেইবাটাও ল’ৰা-ছোৱালী। পৰিয়াল সদায় ঘোৰ অভাৱ-অনাটনৰ মাজত। কেতিয়াবা সি আমাৰ আগত তাৰ দুখৰ কাহিনী এটা ক’লেও আমি হাঁহি হাঁহি বাগৰি পৰোঁ। এদিন দুপৰীয়া শুকান মুখ এখনেৰে সি ক’লে – ‘ঘৰত আজি শ্ৰীমতীয়ে একো ৰন্ধা-বঢ়া কৰিব পৰা নাই অ’, জাননে কিয়? কাৰণ মোৰ হাতত ফুটা-কড়ি এটাও নাই। ’ তাৰ কথা শুনি আমাৰ হাঁহি হাঁহি পেটৰ নাড়ী-ভুৰু ওলোৱা অৱস্থা। কি যে ধেমালি কৰে ই! ঘৰত ফুটা-কড়ি এটাও নাই! 

বলকনি সামৰাৰ আগেয়ে এটা বৰ মূল্যৱান পৰামৰ্শ আগবঢ়াব বিচাৰিছো। এই অল্পবয়সী ছোৱালীবোৰৰ সৈতে কেতিয়াও ৰসিকতা কৰিবলৈ নাযাব। যদি আপোনাৰ কৌতুকবোৰৰ কোনোবা এটা ভাল পায় তেন্তে আপোনাৰ বিপদ সুনিশ্চিত। ‘সেই কাহিনীটো আৰু এবাৰ শুনাওকচোন, সেই কৌতুকটো আৰু এবাৰ কওকনা’ – বুলি আপোনাৰ জীৱন দুৰ্বিষহ কৰি তুলিব। শ্বিৰীন নামৰ ছোৱালী এজনীক এবাৰ নাছিৰুদ্দিন হোজ্জাৰ কাহিনী এটা কৈছিলো। তেতিয়াৰ পৰা য’তে-ততে মোক দেখিলেই তাই হাঁহি হাঁহি ৰ’ব নোৱাৰা হয় আৰু কয় – ‘সেই কাহিনীটো অনুগ্ৰহ কৰি আকৌ এবাৰ কওকচোন। ’ উপায় নাই, কাহিনীটো আকৌ এবাৰ ক’বলগীয়া হয়। তিনিবছৰৰ ভিতৰত সেই একেটা গল্প হয়তো এহেজাৰবাৰমান ক’লোঁ। মোৰ জীৱন দুঃসহ হৈ পৰিল। এনে লাগিছিল নাছিৰুদ্দিন হোজ্জাক কাষত পালে তেওঁৰ নেলু চিঙি ৰক্তপান কৰিম! সেইখিনি সময়ৰে কথা। নিতান্ত উপায় নাপাই এদিন বাটৰ দাঁতিত ব্লেডাৰৰ চাপ কমাবলৈ যো-জা কৰিছো। মনে মনে প্ৰাৰ্থনা কৰিছো চিনাকি কোনো যেন সেইফালে সেই সময়ত নাহে। ঠিক তেনে সময়তে আহি থকা ৰিক্সা এখন মোৰ পিছফালে ৰৈ গ’ল। মোৰ বুকুখন ধক্ কৈ উঠিল। শ্বিৰীনৰ মধুৰ কণ্ঠস্বৰ ভাহি আহিল – ‘হুমায়ুন চাচা, ইয়াত কি কৰি আছা? ’

মই নিজকে নিজে মনে মনে ক’লোঁ – ‘খেকাৰখাইতী! মই কি কৰি আছোঁ তই দেখা নাই নে? ’ খৰধৰকৈ জিপাৰ লগাবলৈ গৈ আৰু এটা দুৰ্ঘটনা সংঘটিত হ’ল। জিপাৰযুক্ত পেণ্ট পিন্ধাসকলৰ জীৱনত এনে দুৰ্ঘটনা নিশ্চয় নঘটাকৈ থকা নাই। তথাপি শেঁতা হাঁহি এটা মাৰি ক’লোঁ – ‘কি খবৰ তোমাৰ, ভালনে? ’ শ্বিৰীনে ক’লে – ‘এইজনী মোৰ বে’ষ্ট ফ্ৰে’ণ্ড লোপা। আপুনি তাইক সেই গল্পটো এবাৰ কওকনা! প্লীজ! প্লীজ! আপুনি ক’বই লাগিব। মই কোনো কথা নুশুনো। ’ তেতিয়াৰ পৰা মই কাৰো সৈতে ৰসিকতা বা কৌতুক কৰিব নোৱাৰা হ’লোঁ। কাৰোবাৰ ৰসিকতা শুনি মই হাঁহিবও নোৱাৰো হ’লোঁ। অৱসৰপ্ৰাপ্ত এছ, পি মজিদ চাহাবৰ দৰে নিজকে এতিয়া প্ৰশ্ন কৰোঁ – ‘মানুহে হাঁহে কিয়? ’

পুনশ্চ: উন্মাদ পাঠকসকলৰ বাবে আৰু এটা কৌতুক। এই কৌতুকটো আই, কিউ টেষ্টৰ দৰে। এইটো শুনি যদি কোনোবাই হাঁহে, তেন্তে বুজা যাব যে তেওঁৰ বুদ্ধিমত্তা কম। যিজনে যিমান বেছি হাঁহে তেওঁ সিমানেই বেছি মূৰ্খ। যদি নাহাঁহে তেনেহ’লে বুদ্ধিমান আৰু যদি ই আপোনাক বিৰক্ত কৰে তেন্তে আপুনি বুদ্ধিজীৱী। 

‘এজন মানুহে কাণেৰে বৰ কমকৈ শুনে। নিজৰ বেঙেনা খেতিডৰাত এদিন তেওঁ কামত ব্যস্ত হৈ আছিল। এজন পথচাৰী ভদ্ৰলোকে মানুহজনক সুধিলে – ‘আপোনাৰ ল’ৰা-ছোৱালী কেইটা? ’ মানুহজনে উত্তৰ দিলে – ‘বছৰি দুই-এটা হয়। জুইত পুৰি খাওঁ।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!