আমাৰ জীৱনক প্ৰতিফলিত কৰা এক চিত্ৰকলাঃ ‘মাণ্ডালা
লেখক- জ্যোতিস্মিতা দেৱী
পাতনিঃ শিল্প আৰু কলাৰ জগতখন সদায় অন্য এটা ৰূপত প্ৰতিফলিত হয়। কলাকাৰে হেনো সেয়ে আনে নেদেখা পৃথিৱীখনো দেখা পায়। শিল্পক মানুহৰ উপলব্ধ উচ্চতম জ্ঞান বুলিও অভিহিত কৰে। ই যেন এক প্ৰকাৰৰ জ্ঞানৰ পথ। প্ৰতিটো শিল্প কলাৰে কিছুমান উদ্দেশ্য থাকে, মনৰ ভিতৰৰ অনুভূতিবোৰক প্ৰকাশ কৰাৰ এয়া এক অন্যতম মাধ্যম। কলাজগতৰ মূল সাতবিধ কলাৰ মাজত চিত্ৰ শিল্প এক অন্যতম কলা।
পৰিচয়ঃ আজিৰ এই প্ৰবন্ধটোত এক বিশেষ আৰু ব্যতিক্ৰমী চিত্ৰশিল্পৰ কথা আলোচনা কৰিবলৈ লোৱা হৈছে। সেয়া হৈছে ‘মাণ্ডালা’ চিত্ৰ শিল্প। এইবিধ চিত্ৰ শিল্পক বিশেষ আৰু ব্যতিক্ৰমী বোলাৰ মূলতে হ’ল এয়া আমাৰ জীৱনৰ পৰিক্ৰমাৰ সৈতে জড়িত। ‘মাণ্ডালা’ শব্দটোৰ উৎপত্তি হৈছিল সংস্কৃত ‘মণ্ডল’ শব্দৰ পৰা। মণ্ডল শব্দই ‘বৃত্ত’ বা ‘চক্ৰ’ক বুজায়। আমি যদি আমাৰ জন্মৰ পৰা শৈশৱ, কৈশোৰ, যৌৱন, বৃদ্ধ কাললৈ প্ৰতিটো পৰ্য্যায় আঁকি যাওঁ তেতিয়া আমাৰ জীৱন চক্ৰটো পাম, যিটো বৃত্তাকাৰ। আকৌ যদি আমি প্ৰকৃতিৰ ঋতুবোৰক ক্ৰমানুসৰি আঁকি যাওঁ, তেতিয়াও আমি ঋতু চক্ৰটো পাম। আমাৰ পৃথিৱীখনে পৰিভ্ৰমণ কৰা বাটটোও চক্ৰাকাৰ। অকল পৃথিৱীয়েই নে, সৌৰমণ্ডলৰ প্ৰতিটো গ্ৰহ, উপগ্ৰহইও চক্ৰাকাৰে পৰিভ্ৰমণ কৰে। আমি যদি সৌৰজগতৰো আগলৈকে যাওঁ, তেতিয়াও ব্ৰহ্মাণ্ডৰ সকলো তাৰকাৰাজ্যৰ উপাদানসমূহো চক্ৰাকাৰে বা বৃত্তাকাৰে পৰিভ্ৰমণ কৰে। ‘মাণ্ডালা’ চিত্ৰৰ যোগেদি চক্ৰাকাৰ পৰিক্ৰমাৰ সকলো উপাদানকে প্ৰতীকীভাৱে উপস্থাপন কৰাৰ প্ৰয়াস কৰা হয়।
‘মাণ্ডালা’ৰ বহু ডিজাইন জ্যামিতিক আৰ্হিত অঁকা হয়। তাৰে কিছুমান ডিজাইনে সৌৰজগতৰ গ্ৰহবোৰৰ কক্ষপথৰ আৰ্হিত অঁকা হয়, আন কিছুমান একাধিক পাহিৰে ভৰা এপাহ ফুলৰ আৰ্হিত অঁকা হয়। সাতোৰঙৰ পোহাৰে কেতিয়াবা ইন্দ্ৰধনুক বুজায়, আনকেতিয়াবা বুজায় সূৰুযৰ ৰঙক।
মাণ্ডালাৰ প্ৰকাৰ আৰু ইতিহাসঃ ‘মাণ্ডালা’ শব্দটোৰ মূল যেনেদৰে সংস্কৃত তেনেদৰে এইবিধ শিল্পৰ জন্ম হৈছিল তিব্বতত। বৌদ্ধ ধৰ্মত মাণ্ডলা চিত্ৰৰে প্ৰাৰ্থনা কৰা হয়। মূলতে ‘মাণ্ডালা’ তিনি প্ৰকাৰৰ।
১) ছেণ্ড মাণ্ডালা (বালিৰে তৈয়াৰী মাণ্ডালা),
২) পেন মাণ্ডালা (কলমেৰে অঁকা মাণ্ডালা)
৩) পেইণ্ট মাণ্ডালা (ৰঙেৰে অঁকা মাণ্ডালা)
বৌদ্ধ সন্ন্যাসীসকলে নিৰ্দিষ্ট পৰিমাণৰ বালি লৈ তাৰ কেইবাটাও ভাগ কৰি বালিবোৰক বেলেগে বেলেগে ৰং সানি সাজু কৰি লয়। তেখেতসকলৰ প্ৰাৰ্থনা কৰা নিৰ্দিষ্ট ঠাইখনৰ মজিয়াত সন্যসীসকলে বাৰ দিন ধৰি ৰঙীন বালিবোৰেৰে এটা সম্পূৰ্ণ আৰু নিখুট মাণ্ডালা আঁকি সাজু কৰে। তাত তেওঁলোকে প্ৰাৰ্থনা কৰে আৰু তেৰ দিনৰ দিনা সেই সুন্দৰ মাণ্ডালাটো মচি চফা কৰি দিয়ে। ইয়াত নিহিত মূল দৰ্শন এয়াই য়ে “আমাৰ জীৱনৰ আৰু এই জগতৰ একোৱেই স্থায়ী নহয়।’’ মাণ্ডালাৰ জৰিয়তে তেওঁলোকে ধ্যান কৰে। সন্ন্যাসীসকলে প্ৰায়ে নিৰাময় আৰু মমতাৰ বাবে মণ্ডলক ধ্যান অভ্যাস হিচাপে ব্যৱহাৰ কৰে। আৰ্হি, ৰং, আৰু আকৃতিৰ পুনৰাবৃত্তিই বিশুদ্ধ উপস্থিতিৰ অভ্যাসক আমন্ত্ৰণ জনায়।
মাণ্ডালাৰ ডিজাইনঃ ইতিমধ্যে উল্লিখিত মাণ্ডালাৰ প্ৰকাৰৰ প্ৰথম বিধৰ ব্যৱহাৰৰ কিছু আভাস দিয়া হ’ল। তাৰ পৰৱৰ্তী কালত বালিৰে অঁকা ধুনীয়া আৰ্হিবোৰক সাঁচি ৰাখিবলৈ পেঞ্চিল বা কলমেৰে মাণ্ডালা আঁকিবলৈ আৰম্ভ কৰিলে। সেয়া হ’লগৈ ‘পেইন মাণ্ডালা’। তাৰপাছৰ পৰ্য্যায়ত পেঞ্চিল নতুবা কলমেৰে অঁকা মাণ্ডালাৰ আৰ্হিবোৰক উজ্জ্বল আৰু অধিক আকৰ্ষণীয় কৰি তুলিবলৈ তাত ৰং ব্যৱহাৰ কৰিবলৈ লোৱা হ’ল। তদুপৰি মাণ্ডালা চিত্ৰফলকসমূহত ৰং ব্যৱহাৰ কৰাৰ পাছত সেই চিত্ৰফলকবোৰ বহু দিনলৈ অপৰিবৰ্তিত অৱস্থাত সাঁচি ৰাখিব পৰাও হ’ল। আৰু সেয়াই হ’ল এতিয়াৰ সময়ত জনপ্ৰিয় হোৱা ‘পেইণ্ট মাণ্ডালা।’
এতিয়া আহোঁ মাণ্ডালা চিত্ৰশিল্প কেনেদৰে আমাৰ জীৱনৰ সৈতে সংযুক্ত আৰু আমাৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াটোক কেনেদৰে এই বিশেষ চিত্ৰ শিল্পবিধে উপস্থাপন কৰে সেই বিষয়লৈ।
পোন-প্ৰথমতে উল্লেখ কৰিব লাগিব যে ‘মাণ্ডালা’ এখন আঁকিবলৈ আমাক সদায় সমতল ঠাই এটুকুৰাৰ প্ৰয়োজন হয়। থিয় কৰি বা ক’ৰবাত আৰি লৈ ‘মাণ্ডালা’ অঁকা নহয়।
টান পৃষ্ঠত ‘মাণ্ডালা’ আঁকিবলৈ সুবিধাজনক, সেয়েহে ‘মাণ্ডালা’ চিত্ৰ সাধাৰণতে বোৰ্ডত অঁকা হয়। প্ৰথমতে বোৰ্ডখন পচন্দ অনুসৰি ৰং সানি লোৱা হয়। তাৰ পাছত বোৰ্ডখনৰ কেন্দ্ৰটো উলিয়াই তাৰ পৰা পেঞ্চিলেলে আৰ্হি ৰেখা টানি লোৱা হয়। ইয়াক ‘গাইড লাইন’ বুলি কোৱা হয়। কেন্দ্ৰৰ পৰা শেষলৈকে ‘গাইড লাইন’ৰ সহায়তে ‘মাণ্ডালা’ চিত্ৰখন আঁকি যোৱা হয়।
মাণ্ডালা চিত্ৰ এখন আঁকিবলৈ আৰম্ভ কৰা হয় কেন্দ্ৰৰ পৰা। যাক ‘বিন্দু’ বুলি কোৱা হয়। আমাৰ জীৱনটোও আৰম্ভ হয় এটা বিন্দুৰ পৰাই। “বিন্দুতেই সিন্ধু’’ বোলা কথাষাৰ এই ক্ষেত্ৰত প্ৰযোজ্য হয়।
*আৰম্ভণিৰ বিন্দুটোৰ পৰা এধান এধানকৈ আগবাঢ়ে চিত্ৰফলকখন। ঠিক যেন এখোজ-দুখোজকৈ আগবাঢ়ি থকা আমাৰ জীৱনটোৰ দৰেই।
*আন সকলো চিত্ৰ শিল্পৰপৰা পৃথক ৰূপত পৰিচয় দিব পৰা এই ‘মাণ্ডালা’ৰ বিশেষ গুণটোৱে হ’ল যে ‘মাণ্ডালা’ই ভুল হ’লে শুধৰোৱাৰ সুযোগ নিদিয়ে। অৰ্থাৎ অঁকাত ভুল হোৱা কোনো অংশক সম্পূৰ্ণকৈ মচি পেলোৱাটো সম্ভৱপৰ নহয়; ঠিক যেন আমি কৰা ভুলবোৰৰ দৰেই। কিন্তু তাৰ পাছৰ খোজটোত বা পিছৰ শাৰীটোত সেই ভুল শুধৰাই নতুন ডিজাইনেৰে আঁকিব পাৰি, যেন এটা নতুন খোজ দিব পাৰি।
*প্ৰতিটো ফুট বা প্ৰতিডাল আঁক সঠিক আকাৰত আৰু সঠিক ঠাইত পৰিবই লাগিব অৰ্থাৎ সঠিক ঠাইত আঁকিবই লাগিব। ইয়াত প্ৰতিটো ফুট বা প্ৰতিডাল আঁকৰ যিমান গুৰুত্ব, সিমানেই গুৰুত্বপূৰ্ণ তাৰ মাজৰ খালী ঠাইখিনিৰো। সেই নিৰ্দিষ্ট পৰিমাণৰ খালী ঠাইখিনি নাথাকিলে ফুট বা আঁক দি অঁকা ডিজাইনবোৰৰ সম্পূৰ্ণৰূপত দৃশ্যমান নহ’ব।
আমাকো জীৱনটোক সজাই ল’বলৈ মাজে সময়ে কিছু বিৰতি বা কিছু খালী ঠাইৰ প্ৰয়োজন হয়।
*তৰপে তৰপে আঁকি যোৱা চিত্ৰফলকখনৰ প্ৰতিটো স্তৰতে আমি একে ডিজাইন আঁকিও
আগবাঢ়িব পাৰোঁ অথবা পৃথক ডিজাইন আঁকিও স্তৰবোৰ পূৰ কৰিব পাৰোঁ।
একেটা ডিজাইনৰে পুনৰাবৃত্তি কৰি থাকিলে স্তৰে প্ৰতি ডিজাইনটো অধিক পৰিপক্ব হৈ উঠেগৈ।
আনহাতে পৃথক পৃথক ডিজাইনেৰে স্তৰবোৰ আঁকি গ’লে তাৰ সৌন্দৰ্য্য দুগুণে চৰে। সেয়া শিল্পীজনৰ ইচ্ছা, পৰিস্থিতি আৰু সমৰ্থতাৰ ওপৰত নিৰ্ভৰ কৰে। আমি প্ৰতিজনেইতো আমাৰ জীৱনটোৰ শিল্পী! কেনেদৰে জীৱনটোক সজাম, সেয়া নিৰ্ভৰশীল হয় ইচ্ছা, সামৰ্থ্য্য আৰু পৰিস্থিতিৰ ওপৰত।
*ডিজাইনৰ দৰেই ‘মাণ্ডালা’ চিত্ৰফলকৰ ৰঙৰ ক্ষেত্ৰতো একে ধাৰণাই সন্নিবিষ্ট হৈ আছে। আমি জীৱনৰ প্ৰতিটো স্তৰতে একেটা ৰঙকে বোলাবও পাৰোঁ নতুবা সাতোৰঙী ৰামধেনুও সাজিব পাৰোঁ।
*‘মাণ্ডালা’ চিত্ৰফলকখনৰ শেষৰ পৰ্য্যায়ত আহি পৰে সেইখন সম্পূৰ্ণ কৰাৰ পাল। যিয়ে প্ৰকৃততে এখন ‘মাণ্ডালা’ক পূৰ্ণতা দিয়ে। সেয়া হৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ ডিজাইন কিছুমানেৰে ৰৈ যোৱা আৰু সম্ভাৱনাপূৰ্ণ খালী ঠাইবোৰ পূৰ কৰা। এইখিনিতে শিল্পীজনৰ কলাত্মক মনটোৰ পূৰ্ণ প্ৰতিফলন হয়। ঠিক যেনেদৰে আমাৰ জীৱনৰ সম্পূৰ্ণ হৈ উঠা কাম এটাৰ মৰ্য্যদা তেতিয়াই নিৰূপণ হয়, যেতিয়া আমি কামটোক সঠিক ৰূপত উপস্থাপন কৰিব পাৰোঁ।
সামৰণিঃ যিহেতু ‘মাণ্ডালা’ত ভুল কৰাৰ বা ভুল কৰিলে শুধৰোৱাৰ সুযোগ নাথাকে সেয়ে প্ৰতিটো ফুট দিওঁতে, প্ৰতিডাল আঁক আঁকোতে আৰু প্ৰতিটো স্তৰ পূৰাই যাওঁতে নিজকে ‘মাণ্ডালা’ৰ মাজত সমৰ্পিত কৰিবলগীয়া হয়। মন, মগজুৰ আৰু অন্তৰাত্মাৰ সম্পূৰ্ণ সহযোগতহে ‘মাণ্ডালা’ চিত্ৰফলক এখনে পূৰ্ণতা পায়। সেয়ে কোৱা হয় ‘মাণ্ডালা’ৰে ধ্যান বা মেডিটেচন কৰা হয়। ইয়াৰ দ্বাৰা মনটোৱে স্থিৰতা পায়। ধ্যান বা মেডিটেচনৰ প্ৰভাৱৰ কথা এতিয়া আৰু নতুনকৈ উনুকিওৱাৰ প্ৰয়োজন নাই। কেৱল আঁকিয়েই নহয়, এখন ‘মাণ্ডালা’ চিত্ৰফলক অপলক দৃষ্টিৰে চাই থাকিও মনৰ স্থিৰতা আনিব পাৰি, ধ্যান বা মেডিটেচন কৰিব পাৰি।
(তথ্য ব্যক্তিগত অভিজ্ঞতা আৰু ইণ্টাৰনেটৰ পৰা সংগৃহিত)