আলঝেইমাৰ ৰোগ
লেখক- --- মালবিকা কলিতা
আজিকালি বৰ সঘনাই শুনি থকা এটা ৰোগ হ’ল আলঝেইমাৰ ৰোগ। বহুত পৰিয়ালৰ বয়োজ্যেষ্ঠ লোকসকলে মুখামুখি হোৱা এক সমস্যা হ’ল বিস্মৃতি। বিস্মৃতি হ’ল আলঝেইমাৰ ৰোগৰ এক লক্ষণ। কিন্তু কি এই আলঝেইমাৰ ৰোগ, ইয়াৰ লক্ষণসমূহনো কি, ইয়াৰ নিৰাময়ৰ উপায় আছেনে?
আলঝেইমাৰ ৰোগ হৈছে এক বিকাৰ যি সময়ৰ লগে লগে অধিক জটিল হৈ পৰে। ইয়াৰ বিশেষত্ব হৈছে এই ৰোগত আক্ৰান্ত ব্যক্তিৰ মগজুৰ পৰিৱৰ্তন ঘটে যাৰ ফলত মগজুত কিছুমান প্ৰ’টিন জমা হয়। আলঝেইমাৰ ৰোগৰ ফলত মগজু সংকুচিত হয় আৰু মস্তিষ্কৰ কোষবোৰ মৃত্যুমুখত পৰে। আলঝেইমাৰ ৰোগ হৈছে ডিমেনচিয়াৰ মূল কাৰণ।
বিশ্বব্যাপী ডিমেনচিয়াত আক্ৰান্ত প্ৰায় 55 নিযুত লোকৰ ভিতৰত 60% ৰ পৰা 70% লোকৰ আলঝেইমাৰ ৰোগ আছে বুলি অনুমান কৰা হৈছে।
আলঝেইমাৰ ৰোগৰ লক্ষণবোৰ ব্যক্তিভেদে পৃথক হ’ব পাৰে আৰু এই লক্ষণবোৰ কেইবাবছৰ ধৰি লাহে লাহে বৃদ্ধি হ’ব পাৰে। এই ৰোগৰ সাধাৰণ লক্ষণবোৰৰ ভিতৰত আছে:
1. বিস্মৃতি: এই ৰোগত আক্ৰান্তসকলে শেহতীয়া তথ্য, গুৰুত্বপূৰ্ণ তাৰিখ বা ঘটনাবোৰ পাহৰি যায়, আৰু বাৰে বাৰে একেবোৰ কথাকে সুধি থাকে।
2. বিভ্ৰান্তি: ৰোগীৰ সময় আৰু স্থান বুজি পোৱাত অসুবিধা হয়। দৈনন্দিন কাৰ্যকলাপৰ সৈতে বিভ্ৰান্তি, আৰু নিৰ্দেশনা অনুসৰণ কৰাত অসুবিধা হয়। উদাহৰণস্বৰূপে ৰূমৰ ভিতৰত বাথৰুম কোনফালে আছে, নিজৰ শোৱা কোঠা কোনফালে আছে ইত্যাদি কথাবোৰত খেলিমেলি লাগে।
3. সমস্যা সমাধানত অসুবিধা: মনলৈ বিমূৰ্ত চিন্তা আহি থাকে, সিদ্ধান্ত লোৱাত অসুবিধা হয়।
4. মনোভাৱ সলনি হয়: সহজে উত্তেজিত, উদ্বিগ্ন বা হতাশগ্ৰস্ত হয় আৰু সঘনাই মনোভাৱ সলনি হয়।
5. ভাষাৰ অসুবিধা: শব্দ পাহৰি যায়, পাৰস্পৰিক যোগাযোগ আৰু পঢ়া-লিখাত সমস্যা হয়। মন কৰিবলগীয়া কথা যে পঢ়া শুনা কৰি খুব ভাল পোৱা ব্যক্তি এজনেও আলঝেইমাৰ ৰোগত আক্ৰান্ত হ’লে পঢ়া-শুনা কৰিবলৈ অনীহা প্ৰকাশ কৰে।
6. বিভ্ৰান্তি: পৰিচিত স্থানত হেৰাই যোৱা, দিন, সময় বুজি পোৱাত সমস্যা হোৱা।
7. ব্যক্তিত্ব সলনি: ৰোগীজন নিষ্ক্ৰিয় হৈ পৰাৰ লগতে সন্দেহবাদী হৈ উঠে আৰু কোনো কামৰ প্ৰতি আগ্ৰহ নাথাকে। উল্লেখযোগ্য যে, এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে সাধাৰণতে নিজৰ সংগীক হঠাতে সন্দেহ কৰিবলৈ আৰম্ভ কৰে।
8. . দৈনন্দিন কাৰ্যকলাপত অসুবিধা: গা ধোৱা, পোছাক পিন্ধা, সাজ-সজ্জা কৰা আৰু বাথৰুম ব্যৱহাৰ কৰাত সমস্যা হয়। বাথৰুমত গৰম পানী, ঠাণ্ডা পানীৰ টেপসমূহ চিনাক্ত কৰাত অসুবিধা হয়।
9. টোপনিত ব্যাঘাত: টোপনি যোৱাত অসুবিধা বা টোপনিৰ সময়ৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনুভৱ কৰা।
10. উদ্যম হেৰুওৱা: এই ৰোগত আক্ৰান্ত লোকসকলে কোনো নতুন কাম আৰম্ভ কৰাত অমনোযোগী হয় বা কোনো চলিত কাম এটা সম্পূৰ্ণ কৰাত অসুবিধা বা অনীহা প্ৰকাশ কৰে। তদুপৰি দৈনন্দিন কাৰ্যকলাপ সম্পাদন কৰিবলৈ ব্যক্তিজনক আনৰ সহায়ৰ প্ৰয়োজন হয়।
মন কৰিবলগীয়া কথা যে সকলো ৰোগীৰ ক্ষেত্ৰত এই সকলোবোৰ লক্ষণ ফুটি নুঠিবও পাৰে। কিছুমান লোকে ইয়াত উল্লেখ নথকা অন্যান্য লক্ষণ কিছুমানো অনুভৱ কৰিব পাৰে। যদিহে কোনো ব্যক্তিৰ ক্ষেত্ৰত এই লক্ষণবোৰৰ যিকোনো এটা লক্ষণ দেখা যায়, তেন্তে পৰিয়ালৰ লোকসকলে অতি শীঘ্ৰে ডাক্তৰৰ পৰামৰ্শ লোৱাতো বাঞ্ছনীয়।
চিকিৎসা:
বৰ্তমানলৈকে আলঝেইমাৰ ৰোগৰ কোনো চিকিৎসা নাই, কিন্তু বিভিন্ন গৱেষণাৰপৰা কেইবাটাও সম্ভাব্য প্ৰতিকাৰ বিচাৰি পোৱা গৈছে, যি ইয়াৰ প্ৰসাৰৰ গতি মন্থৰ কৰা বা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। তাৰ ভিতৰত কেইটামান উপায় হ’ল:
1. ব্যায়াম: নিয়মীয়া শাৰীৰিক সক্ৰিয়তাই আলঝেইমাৰ হোৱাৰ আশংকা হ্ৰাস কৰে আৰু বিস্মৃতিৰ গতি মন্থৰ কৰে। গতিকে ৰোগীক নিয়মীয়াকৈ ব্যায়াম কৰাব লাগে। এই ক্ষেত্ৰত ৰোগীয়ে কৰি ভাল পোৱা এনে কিছুমান কাম কৰিবলৈ দিব পৰা যায় য’ত ৰোগীজনৰ শাৰীৰিক সঞ্চালন বৃদ্ধি পায়। যেনে দিনত দুবাৰ দোকানলৈ লৈ যোৱা, পৰিয়ালৰ সৰু ল’ৰা-ছোৱালীৰ লগত খেলা-ধূলা কৰা ইত্যাদি। এই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে, প্ৰতিটো কামতে প্ৰাপ্তবয়স্ক লোক এজনে মন কৰি থকাটো বাঞ্ছনীয়।
2. আহাৰ: ফল-মূল, শাক-পাচলি, অমেগা-3 ফেটি এচিড সমৃদ্ধ পুষ্টিকৰ আহাৰে আলঝেইমাৰৰ আশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে।
3. সামাজিক ব্যস্ততা: সামাজিক সক্ৰিয়তাই স্মৃতি পুনৰুদ্ধাৰ কৰাত সহায় কৰিব পাৰে আৰু আলঝেইমাৰৰ আশংকা হ্ৰাস কৰিব পাৰে।
4. মানসিক উদ্দীপনা: মানসিক উদ্দীপনামূলক কাৰ্যকলাপ, যেনে পঢ়া-শুনা, সাঁথৰ ভঙা, মানসিক খেল কিছুমান যেনে শব্দ-শৃংখল, দবা, চাইনিজ চেকাৰ, চুড’কু ইত্যাদি খেল খেলা তথা নতুন কিবা দক্ষতা শিকা ইত্যাদি কাৰ্যকলাপে স্মৃতি সংৰক্ষণ আৰু বিস্মৃতিৰ গতি লেহেমীয়া কৰাত সহায় কৰিব পাৰে।
5 জীৱনশৈলীৰ পৰিৱৰ্তন: চাপ নিয়ন্ত্ৰণ কৰা, পৰ্যাপ্ত টোপনি যোৱা আৰু অধিক পানী খোৱা ইত্যাদিয়ে আলঝেইমাৰৰ লক্ষণবোৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।
6. ঔষধ: আলঝেইমাৰৰ লক্ষণবোৰ নিয়ন্ত্ৰণ কৰিবলৈ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ সেৱন কৰিব লাগে।
7. ৰোগীৰ লগতে পৰিয়ালৰ আন সদস্যসকলৰ মানসিকতাৰ পৰিৱৰ্তন: আলঝেইমাৰ হ’ল এক স্নায়বিক মানসিক ৰোগ। যিকোনো মানসিক ৰোগৰ দৰে আলঝেইমাৰ ৰোগতো মানসিক ৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে। কিন্তু আমাৰ সমাজত এতিয়াও কিছু সংখ্যকে মানসিক ৰোগ বিশেষজ্ঞৰ কাষ চপা মানে মানুহজন পগলা হোৱা বুলি কয়। সেয়েহে ৰোগী তথা পৰিয়াল মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰলৈ যাবলৈ অনীহা প্ৰকাশ কৰে। ফলত ৰোগটো অধিক ক্ষিপ্ৰতাৰে প্ৰসাৰ লাভ কৰে। গতিকে আমি সকলোৱে এই ভ্ৰান্ত ধাৰণাটো নোহোৱা কৰি সময়মতে চিকিৎসকৰ কাষ চাপিব লাগে।
মন কৰিবলগীয়া যে, যদিও ওপৰত উল্লেখ কৰা প্ৰতিকাৰসমূহে ৰোগটো নিয়ন্ত্ৰণ কৰাত সহায় কৰে, সেইবোৰৰ সম্পূৰ্ণ কাৰ্যকাৰীতা সম্পৰ্কে বুজিবলৈ আৰু অধিক গৱেষণাৰ প্ৰয়োজন। বিশেষজ্ঞ ডাক্তৰৰ পৰামৰ্শ অবিহনে কোনো কাৰ্যপন্থা হাতত লোৱা অনুচিত।
সামৰণিত ক’ব পাৰি যে আলঝেইমাৰ ৰোগ হৈছে এক বিধ্বংসী স্নায়বিক বিকাৰ যি বিশ্বব্যাপী লাখ লাখ লোকক প্ৰভাৱিত কৰিছে। যদিও বৰ্তমান ইয়াৰ কোনো প্ৰতিকাৰ নাই, গৱেষকসকলে নতুন চিকিৎসা পদ্ধতি উদ্ভাৱন কৰিবলৈ অক্লান্ত পৰিশ্ৰম কৰি আছে যি ৰোগটোৰ প্ৰসাৰৰ গতি মন্থৰ বা বন্ধ কৰিব পাৰে। ঔষধ আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ জৰিয়তে এই ৰোগৰ লক্ষণবোৰ নিয়ন্ত্ৰণ কৰি আৰু গৱেষণাত সহায় কৰি, আমি এক ধনাত্মক ভৱিষ্যত আশা কৰিব পাৰোঁ য’ত আলঝেইমাৰ এক সাধাৰণ ৰোগ হিচাপে পৰিগণিত হ’ব।
(লেখাটো যুগুত কৰোঁতে পৰিয়ালৰ ভুক্তভোগীৰ অভিজ্ঞতা, তেখেতক ডাক্তৰে দিয়া পৰামৰ্শ তথা ইণ্টাৰনেটৰ সহায় লোৱা হৈছে। )