তথ্য-প্ৰযুক্তিৰ বিকাশৰ মাজত ৰেডিঅ’ৰ প্ৰাসংগিকতা

লেখক- গীতিকা শইকীয়া

“Our blessed radio. It gives us eyes and ears into the world. We listen to the German station only for good music. And we listen to the BBC for hope.”

-Anne Frank

এন ফ্ৰেংকৰ ডায়েৰীৰ লগত সকলোৰে পৰিচিতি আছে। নাজী হ‘ল‘কাষ্টৰ চিকাৰ হৈ মৃত্যুক সাবটি লোৱা এন ফ্ৰেংকৰ পৰিয়ালটোৱে নাজীৰ হাতত ধৰা পৰাৰ আগতে প্ৰায় দুবছৰ কাল এনৰ দেউতাকৰ কাৰ্যালয়ৰ একোণত তৈয়াৰ কৰা গোপন ঠাইত লুকাই আছিল। সেইসময়ত বহিঃজগতৰ লগত যোগাযোগৰ একমাত্ৰ সংযোগকাৰী আছিল ৰেডিঅ’। সেয়ে ৰেডিঅ’ সন্দৰ্ভত এন ফ্ৰাংকে কোৱা উক্ত কথাকেইটাই নাজীৰ ইহুদী নিধন যজ্ঞৰ ভয়াৱহতাক সোঁৱৰোৱাৰ লগতে জীৱনক লৈ এন ফ্ৰাংকৰ আশাবাদিতাকো প্ৰতিফলিত কৰে। এন ফ্ৰেংকৰ মতে ৰেডিঅ’ৰ যোগেদি তেওঁ পৃথিৱীখনক দেখা আৰু শুনাৰ সুবিধা পাইছিল। জাৰ্মান ৰেডিঅ’ ষ্টেচন লগাই তেওঁলোকে গান শুনিছিল আৰু বিবিচিত শুনা বাতৰি আদিয়ে তেওঁলোকৰ মনত আশাৰ সঞ্চাৰ কৰিছিল। এন ফ্ৰেংকৰ এই কথাখিনিত ৰেডিঅ’ কিদৰে জীৱনদায়িনী হ’ব পাৰে সেইটো বুজিব পাৰি। সাধাৰণতে ৰেডিঅ’ মনোৰঞ্জনৰ আহিলা যদিও বিপদৰ সময়তো ৰেডিঅ’ এক সংগী হৈ পৰে। এন ফ্ৰেংকৰ উক্ত উক্তিয়ে ৰেডিঅ’ যে মানৱজাতিৰ মংগলৰ বাবে যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰি তাকেই সূচাইছে। 

ৰেডিঅ’ বুলি ক’লেই ৰেডিঅ’ত শুনা দিনৰ বিভিন্ন সময়ত প্ৰচাৰ কৰা বাতৰি, গান, আলোচনা আদি আকৰ্ষণীয় অনুষ্ঠানবোৰ মনলৈ আহে। বৰ্তমান প্ৰযুক্তিগত বিকাশৰ পৰিপ্ৰেক্ষিতত মানুহক খবৰ-বাতৰি, তথ্যৰ বাবে আন বহুতো মাধ্যম হাতৰ টিপতে পোৱাৰ পৰিবেশ হৈছে। অৱশ্যে বৰ্তমানৰ এই প্ৰযুক্তিৰ নিতে-নতুন উন্নতিৰ মাজতো ৰেডিঅ’ৰ ভূমিকা একেবাৰে ম্লান হৈ যোৱা নাই। বৰ্তমান ৰেডিঅ’ মানে কেৱল মাত্ৰ অনুষ্ঠানৰ ঘোষণা কৰা, বাতৰি পঢ়া আৰু গীত-মাত পৰিৱেশন কৰাৰে মাধ্যম হৈ থকা নাই। ৰেডিঅ’ শ্ৰোতাৰ বাবে সাহচৰ্য আৰু আবেগিক যোগাযোগৰ কাৰক হৈ পৰিছে। 

ৰেডিঅ’ৰ প্ৰচাৰণে প্ৰকৃত সময়ৰ খবৰ দিব পাৰে আৰু কিছুমান অনুষ্ঠান প্ৰতিদিনৰ ২৪ ঘণ্টাতো দি থকা হয়। ৰেডিঅ’ত একেবাৰে শেহতীয়া খবৰ থাউকতে শ্ৰোতালৈ আগবঢ়াব পাৰি। ৰেডিঅ’ৰ কোনো সীমা নাথাকে, আৰু য’ত নিৰ্ভৰযোগ্য খবৰ পোৱাটো অসম্ভৱ তেনে ঠাইতো ৰেডিঅ’ই খবৰৰ যোগান ধৰিব পাৰে। দেশৰ জৰুৰীকালীন অৱস্থাত যেতিয়া মোবাইল নেটৱৰ্ক বন্ধ হৈ যায়, বা ফোনলাইনবোৰ কাটি দিয়া হয়, তেতিয়া ৰেডিঅ’ৰ জৰিয়তে মানুহে প্ৰয়োজনীয় খবৰ আদি ল’ব পাৰে। তেনে সময়ত সাধাৰণতে বিদ্যুৎ সৰবৰাহ বন্ধ কৰি দিয়া হয়। যিহেতু ৰেডিঅ’ বেটাৰী লগাই চলাব পাৰি, গতিকে ৰেডিঅ’ৰ যোগেদিয়েই মানুহে বাহিৰৰ, দেশৰ খবৰ-বাতৰি ল’ব পাৰে। সেয়েহে ৰেডিঅ’ক দুৰ্যোগৰ সময়ৰ সহযাত্ৰী বুলিও অভিহিত কৰিব পাৰি। 

টেলিভিছনৰ অভ্যুত্থানৰ আগলৈকে, বিনোদনৰ প্ৰধান আহিলা আছিল ৰেডিঅ’। অৱশ্যে বৰ্তমানৰ ৰেডিঅ’ৰ বহুতো চেনেল থকাৰ বিপৰীতে আগৰ সময়ত হয়তো এটাই চেনেল আছিল, কিন্তু সেই এটা চেনেলতে খবৰ-বাতৰি, শ্ৰুতিমধুৰ গীত-মাত, নাটক, ক্ৰিকেট, ফুটবলৰ ধাৰাবিৱৰণী আৰু সাময়িকভাৱে প্ৰভাৱ বিস্তাৰ কৰিব পৰা বিষয়ৰ ওপৰত আলোচনা আদিৰে সুসংহত অনুষ্ঠানবোৰ শুনিবলৈ পোৱা গৈছিল।  

গাঁওবিলাকত ৰেডিঅ’ একপ্ৰকাৰৰ উন্মাদনাই আছিল বুলিব পাৰি। গাঁৱত যাৰ ঘৰত ৰেডিঅ’ আছিল তেওঁক যথেষ্ট প্ৰশংসাৰ দৃষ্টিৰে চোৱা হৈছিল। আচলতে সেই ৰেডিঅ’টো গাঁৱৰ পৰা বহিঃবিশ্বৰ লগত সংযোগৰ একমাত্ৰ আধাৰ আছিল। ৰেডিঅ’ৰ গান শুনি শুনিয়েই শ্ৰোতাই গানৰ কথাবোৰ লিখি টুকি ৰাখিছিল। বহুতে তেনেকৈ নিজাকৈও গান লিখিছিল, বহুতে তেনেকৈ গায়েই গায়ক-গায়কা হ’বলৈ প্ৰয়াস কৰিছিল।  

টেলিভিছন তথা তাৰ পাছতে অহা সামাজিক মাধ্যমৰ বৰ্তমানৰ ধামখুমীয়া পৰিবেশৰ আগতে কেৱল ৰেডিঅ’ শুনি ডাঙৰ হোৱা চামটোৱে বিশ্বাস কৰে যে ৰেডিঅ’ত তেওঁলোকে শুনা অনুষ্ঠানবোৰে সেইসময়ৰ উঠি অহা চামৰ মন-মগজুত কল্পনা আৰু সৃষ্টিশীলমূলক ভাৱধাৰাৰ সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছিল। বৰ্তমানৰ জনপ্ৰিয় কাৰ্টুন, চিনেমা আৰু অন্যান্য দৃশ্য-শ্ৰব্য মাধ্যমৰ বিপৰীতে পুৰণি দিনৰ ৰেডিঅ’ৰ নাটক, গীত, বিভিন্ন বিষয়ৰ আলোচনা আদি অনুষ্ঠানবোৰে শ্ৰোতাৰ দক্ষতা আৰু মানসিকতাৰ বিকাশত বিপুল অৰিহণা যোগাইছিল। সেইসময়ত শ্ৰোতাৰ মনত ৰেডিঅ’ৰ প্ৰভাৱলৈ লক্ষ্য ৰাখি ৰেডিঅ’ক মন-মগজু বিকাশৰ থিয়েটাৰ বুলিও অভিহীত কৰা হৈছিল। 

ভাৰতবৰ্ষৰ পটভূমিত আকাশবাণী ৰেডিঅ’ৰ গুৰুত্ব অপৰিসীম। ভাৰতৰ গাঁও অঞ্চলত খবৰ-বাতৰিৰ কাৰণে বৰ্তমানেও ৰেডিঅ’ এক বিশেষ মাধ্যম হৈ আছে। তেনেকৈ আকাশবাণীৰ বিভিন্ন অনুষ্ঠানৰ মাজত চলোৱা জিংগলবোৰ শুনিও শ্ৰোতা আপ্লুত হৈছিল। বৰ্তমান ইমানবোৰ ইনফ’টেইনমেণ্টৰ মাধ্যম তথা ব্যক্তিগত খণ্ডৰ বহুবোৰ ৰেডিঅ’ চেনেল থকা সত্ত্বেও আকাশবাণীৰ এফএম আৰু এএম এতিয়াও কোনো যাত্ৰাৰ এৰাব নোৱাৰা সংগী হৈ আছে। আকাশবাণী ৰেডিঅ’ৰ বিনোদনৰ মূল কেইটামান অনুষ্ঠানৰ ভিতৰত আছিল বিবিধ ভাৰতী, য’ত সামৰিক বাহিনীৰ জোৱানসকলৰ অনুৰোধৰ ভিত্তিত হিন্দী চিনেমাৰ গানবোৰ বজোৱা হৈছিল আৰু তাৰ মাজে মাজে চলোৱা কিছুমান সামগ্ৰীৰ বিজ্ঞাপনো সমানেই জনপ্ৰিয় হৈছিল। এই অনুষ্ঠানৰ মাজে মাজে বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপনৰ ধাৰণাটো বৰ্তমানো বহুলভাৱে জনপ্ৰিয়। 

অসমতো গাঁও অঞ্চলত ৰেডিঅ’ৰ ভূমিকা আজিৰ সময়তো নুই কৰিব নোৱাৰি। আগৰ দিনত ৰেডিঅ’ এটাৰ গৰাকী হোৱাটোও একপ্ৰকাৰৰ গৌৰৱৰ কথা আছিল। যাদুকৰী সুৰৰ গানবোৰৰ পৰা নাটক, যুৱবাণীৰ অনুষ্ঠান, আইদেউ বুলনি, চেমনীয়া চ’ৰা আদিৰ পৰা সেইসময়ত লাহে লাহে জনপ্ৰিয় হৈ অহা ক্ৰিকেটৰ স্ক’ৰ, জনহিতকৰ অনুষ্ঠানলৈকে, ৰেডিঅ’ তথ্যসূত্ৰ লাভৰ আৰু বিনোদনৰ উপযুক্ত মাধ্যম হৈ আছিল। 

ৰেডিঅ’ৰ জৰিয়তে কিছুমান বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হয় য’ত অনুষ্ঠানৰ আঁত ধৰোঁতাই শ্ৰোতাক পোনপটীয়া সম্বোধন কৰি কথা-বতৰা হয়। সেয়া শ্ৰোতাই আগতীয়াকৈ দিয়া চিঠি পঢ়ি নতুবা টেলিফোন কৰি কথা পতা হ’ব পাৰে। লগতে বজোৱা গীত, বা সংলাপে শ্ৰোতাক সহজ অনুভৱ কৰোৱাব পাৰে। ৰেডিঅ’ৰ যোগেদি ভাহি অহা মানুহৰ মুখৰ শব্দই শ্ৰোতাক আবেগিক অনুভৱ কৰোৱাব পাৰে। ক’বলৈ গ’লে সকলো ঘৰ আৰু কাৰ্যালয়তে এটা হ’লেও ব্ৰ’ডকাষ্ট ৰিচিভাৰ থাকেই! তদুপৰি, যিকোনো সময়তে, যেনে ক’ৰবালৈ গৈ থাকোঁতে, বাহিৰত কিবা কাম কৰি থাকোঁতে, অথবা গাড়ী চলাই থাকোঁতে ৰেডিঅ’ শুনি থাকিব পাৰি। 

গণ-যোগাযোগৰ সংযোগকাৰী হিচাপে ৰেডিঅ’ৰ ব্যৱহাৰেই আটাইতকৈ বেছি হয়। টেলিভিছন, বাতৰিকাকত, আৰু মোবাইল ফোনৰ তুলনাত ৰেডিঅ’ এই সকলোবোৰতকৈ ওপৰত বুলিয়েই ক’ব পাৰি। ৰেডিঅ’ সকলো সময়তে সকলো মানুহে নিজ ইচ্ছামতে শুনিব পাৰে। গতিকে ৰেডিঅ’ক সবাতোকৈ অধিক গণতান্ত্ৰিক মাধ্যম বুলিব পাৰি। উদাহৰণস্বৰূপে, কমিউনিটি ষ্টেচনবোৰ স্থানীয় মানুহে পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে। এইক্ষেত্ৰত, তেওঁলোকে ব্যাপক পৰিসৰত অংশগ্ৰহণেৰে বহুকেইজনৰ কণ্ঠস্বৰৰ ব্যৱহাৰ কৰি অনুষ্ঠান প্ৰচাৰ কৰিব পাৰে। ভিন্ন ধৰ্ম, ভিন্ন শিক্ষাস্তৰ, আৰ্থিক ক্ষমতা, জাতি-উপজাতি বা লৈংগিক বৈপৰীত্যৰ মাজতো শ্ৰোতালৈ একেখিনি অনুষ্ঠানেই ৰেডিঅ’ই শুনোৱাব পাৰে। কাৰণ বহুতো দেশত বিভিন্ন ভাষা, উপভাষা থাকে। এইদিশত স্থানীয় ষ্টেচনবোৰে এই ভাষা-উপভাষাৰ ভিত্তিত অনুষ্ঠান প্ৰচাৰ কৰা দেখা যায়। সেয়েহে স্থানীয় ৰেডিঅ ষ্টেচনবোৰৰো প্ৰাসংগিকতা আছে। UNESCO ৰ এক সমীক্ষাত প্ৰকাশ পোৱা মতে সমগ্ৰ বিশ্বৰ প্ৰায় ৪৪,০০০ ৰেডিঅ’ ষ্টেচনে প্ৰায় ৫ বিলিয়ন মানুহলৈ প্ৰতিদিনে ৰেডিঅ’ অনুষ্ঠানৰ সম্প্ৰচাৰ কৰে। এয়া বিশ্বৰ জনগণৰ প্ৰায় ৭০ শতাংশ।

সৰ্বপ্ৰথমে ৰেডিঅ’ই আছিল একমাত্ৰ গণ-মাধ্যম। ৰেডিঅ’ৰ নিৰ্মাণ খৰচ আৰু ক্ৰয় আন বৈদ্যুতিন মাধ্যমৰ আহিলাবোৰতকৈ কম হয়। ৰেডিঅ’ৰ এটা ট্ৰান্সমিটাৰেৰে বহু দূৰলৈকে শুনিব পাৰি। ইয়াৰ ফলত কম খৰচত বহু বেছি শ্ৰোতাৰ ওচৰলৈ যাব পৰাটো ৰেডিঅ’ৰ দক্ষতা বুলিব পাৰি। ব্যৱসায়-বাণিজ্যৰ প্ৰচাৰ তথা বিভিন্ন দাতব্য অনুষ্ঠান আদিৰ হৈ আৰ্থিক অনুদান আগবঢ়োৱাত ৰেডিঅ’ সহযোগী হ’ব পাৰে। ইয়াৰ লগতে স্থানীয় বাতৰি, বতৰৰ আগজাননী আৰু জৰুৰীকালীন সময়ৰ খবৰ আদি দিয়াৰ ক্ষেত্ৰতো ৰেডিঅ’ এক গুৰুত্বপূৰ্ণ উৎস। 

ৰেডিঅ’ হৈছে ইলেকট্ৰ’নিক মাধ্যমৰ আটাইতকৈ পুৰণি আৰু সকলোতকৈ অধিক সুগম মাধ্যম। ৰেডিঅ’ৰ জৰিয়তে প্ৰচাৰিত শ্ৰুতিমধুৰ কথোপকথনে শ্ৰোতাৰ মনত কোনো ছবি দেখাৰ দৰে প্ৰভাৱ পেলাব পাৰে। অথচ ৰেডিঅ’ হৈছে দৃশ্যবিহীন মাধ্যম। পৰিবেশক বা শ্ৰোতাই ইজনে-সিজনক দেখা পাব নোৱাৰে। সেইবাবে পৰিবেশক আৰু শ্ৰোতাই সৃজনশীলভাৱে ইজনে সিজনক কল্পনা কৰিব পাৰে। যাৰ ফলত ৰেডিঅ’ৰ পৰা পৰিবেশকৰ স্বৰ শুনাৰ লগে লগে শ্ৰোতাই সেই স্বৰৰ গৰাকীৰ এক প্ৰতিচ্ছবি কল্পনা কৰি ল’ব পাৰে। টেলিভিছনত পৰিবেশকৰ ছবি দেখাৰ বিপৰীতে ৰেডিঅ’ত স্বৰ শুনি শ্ৰোতাই নিজৰ মনত মাজত যিকোনো আকাৰতেই স্বৰৰ গৰাকীৰ প্ৰতিচ্ছবিৰ অংকন কৰিব পাৰে। সাধাৰণতে ৰেডিঅ’ৰ ঘোষক-ঘোষিকা, বাতৰি পঢ়োঁতাৰ স্বৰ বিশেষভাৱে প্ৰশিক্ষণ দিয়া হয়, লগতে শব্দ-প্ৰবাহৰ নিখুঁত মিশ্ৰণ আৰু সংগীতৰ প্ৰয়োগেৰে ৰেডিঅ’ত শুনা স্বৰে শ্ৰোতাৰ মনত দূৰৱৰ্তী পৰিবেশৰ কোনো দৃশ্য মনলৈ আনি শ্ৰোতাক কোনো বিশেষ কাহিনীৰ মাজলৈ লৈ যাবলৈ সক্ষম হয়। ৰেডিঅ’ এনে এক মাধ্যম যি শ্ৰোতাৰ সক্ৰিয় অংশগ্ৰহণ দাবী কৰে, য’ত শ্ৰোতা সেই অনুষ্ঠানৰ সহ-স্ৰষ্টা হৈ যায়। 

এইদৰেই ৰেডিঅ’ মনোৰঞ্জন, খবৰ-বাতৰিৰ বাবে এক বিশ্বাসযোগ্য সহচৰ হৈ পৰিছে। আচলতে শ্ৰোতাই ৰেডিঅ’ক বিশ্বাস কৰে, কাৰণ ইয়াত শ্ৰোতাক কেন্দ্ৰ কৰিয়েই অনুষ্ঠানবোৰৰ প্ৰচাৰ হয়। ৰেডিঅ’ত কৰ্মৰত বিষয়ববীয়া, ঘোষক, বাতৰি পঢ়োঁতা আদিসকল শ্ৰোতাৰ বিশ্বাসযোগ্য ব্যক্তিত্ব হৈ পৰে। অন এয়াৰ কৰা লোকসকলে শ্ৰোতাৰ দৈনন্দিন জীৱনযাত্ৰাৰ লগত জড়িত সকলো বিষয়ৰ ওপৰত কথা-বাৰ্তা, সংগীত, সংস্কৃতি আদিৰ ওপৰত প্ৰচাৰ কৰা অনুষ্ঠানবোৰে শ্ৰোতাৰ মনত খাপ খুৱাবলৈ সক্ষম হয়।

এনেকৈ ব্যক্তিবিশেষৰ লগত কথা-বাৰ্তা পাতিব পাৰে বাবে ৰেডিঅ’ক কোৱা হয় এক ঘনিষ্ঠ মাধ্যম। টেলিভিছনৰ পৰ্দাত দেখা দূৰৱৰ্তী কোনো ঘটনাক প্ৰত্যক্ষ কৰি দৰ্শক নিষ্ক্ৰিয় পৰ্যবেক্ষকৰূপে থাকি যায়। কিন্তু ৰেডিঅ’ত শুনা শব্দৰ যাদুৱে শ্ৰোতাৰ মনত আঁকি দিয়া কল্পনাৰ ছবিখনৰ লগত শ্ৰোতা অধিক ঘনিষ্ঠ হৈ পৰে। শ্ৰোতাৰ লগত একাত্ম হৈ পৰা এই অনন্য আবেদন ৰেডিঅ’ত শুনা স্বৰৰ লগত ঘনিষ্ঠ হোৱাৰ সুবাদতে ৰেডিঅ’ত কোৱা কথা-কাহিনীবোৰ প্ৰত্যক্ষভাৱে শ্ৰোতাৰ চৰ্বিত-শ্ৰৱণ হয়। ৰেডিঅ’ এনে এক শিল্পকলা যি মূলতে মানুহৰ স্বৰৰ পৰা হ’ব পৰা প্ৰভাৱৰ ওপৰতে নিৰ্ভৰশীল হয়। এই স্বৰে শাৰীৰিক দূৰত্বক নেওচি শ্ৰোতাৰ লগত এক সংযোগৰ সৃষ্টি কৰে। ৰেডিঅ’ৰ জৰিয়তে শুনা পৰিবেশকৰ স্বৰে শ্ৰোতাৰ লগত কৰা এই প্ৰত্যক্ষ কথোপকথনে এক আত্মিক সংযোগৰ কাম কৰিবলৈ সক্ষম হয়। 

শতিকাজুৰি সংগীতে মানুহৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। শেহতীয়া কিছু গৱেষণাত এইদৰে যুক্তি দিয়া হৈছে যে সংগীতে একধৰণৰ থেৰাপিৰ কাম কৰে। স্বাস্থ্যবিভাগৰ লগত জড়িত কৰ্মীসকলে মানসিক উদ্বেগ, চাপ, বিষণ্ণতা, স্মৃতিভ্ৰংশ আদি ৰোগীৰ চিকিৎসাৰ বাবে সংগীতৰ ব্যৱহাৰ কৰে। এইক্ষেত্ৰত ৰেডিঅ’ৰ জৰিয়তে প্ৰতিদিনেই সংগীত শুনিব পৰা যায়। বৰ্তমান ৰেডিঅ’ত প্ৰচাৰিত ষ্ট্ৰিমিং সেৱাৰ জৰিয়তে সংগীতৰ অনুষ্ঠানবোৰ আৰু অধিক আকৰ্ষণীয়কৈ শ্ৰোতাই শুনিব পাৰে। ইয়াৰ লগতে ব্লুটুথ প্ৰযুক্তিয়ে চেল ফোন, কম্পিউটাৰ আৰু টেবলেট আদিত এই গীত-মাত শুনিবলৈ সুবিধা হোৱাৰ ফলত ৰেডিঅ’ৰ গুৰুত্ব আৰু অধিক হোৱাৰ থল আছে। 

কিছুমান দূৰণিবটীয়া ঠাইত ইণ্টাৰনেটৰ সুবিধা হয়তো উপলব্ধ নহয়। কিছুমান ঠাইত বিদ্যুতৰ সুবিধাও নাথাকে। তেতিয়া ৰেডিঅ’ৰ সুবিধাই মানুহে গ্ৰহণ কৰে। ৰেডিঅ’ এটা য’লৈকে মন যায় লৈ যাব পাৰি। ইয়াৰ বাবে বৈদ্যুতিক গ্ৰীডৰ প্ৰয়োজন নহয়। বেটাৰী লৈ গ’লেই হয়। আজিকালিৰ ৰেডিঅ’ত বেটেৰীৰ চাৰ্জ কমি গ’লেও সংকেত দি থাকে। গতিকে প্ৰয়োজন অনুসৰি বেটেৰী চাৰ্জ কৰি বা সলাই ল’লেই ৰেডিঅ’ৰ অনুষ্ঠান যিকোনো ঠাইতে শুনি থাকিব পাৰি। 

বৰ্তমান সহজলভ্য হৈ পৰা ইলেকট্ৰ’নিক সামগ্ৰীবোৰ যেনে, টেলিভিছন, মোবাইল ফোন, কম্পিউটাৰ আদি অনবৰতে ব্যৱহাৰ কৰি থাকিলে তাৰ ঋণাত্মক প্ৰভাৱ পৰে। এনেদৰে অধিক সময় স্কীনটাইমৰ ফলত মেদবহুলতা, নিদ্ৰাহীনতা, স্মৃতিভ্ৰংশ, মানসিক উদ্বেগ আৰু ডিঙি আৰু কঁকালৰ বিষ আদি বিভিন্ন বেমাৰে ক্ৰিয়া কৰিব পাৰে। ৰেডিঅ’ শুনি এই ইলেকট্ৰ’নিক সামগ্ৰীসমূহৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰি। ৰেডিঅ’ৰ যোগেদি নিজাকৈ প্লে’লিষ্ট ৰাখিব পাৰি, নিজৰ ইচ্ছামতে যেতিয়াই, য’তে মন যায় তাতেই ৰেডিঅ শুনিব পাৰি। 

বিজ্ঞানৰ জয়যাত্ৰা আৰম্ভ হোৱাৰ আগতে মানুহে খবৰ-বাতৰি মুখেৰেই প্ৰকাশ কৰিব লাগিছিল। ৰেডিঅ’ৰ সৃষ্টি হোৱাৰ আঁৰতো নিশ্চয় এনে এক আৰ্তিৰেই ভূমিকা আছিল। কিছু দূৰৈত থকা কাৰোবালৈ খবৰ পঠিওৱাৰ, কিবা জনোৱাৰ আশাৰে আৱিষ্কৃত ৰেডিঅ’ক অতি সহজতেই মানুহে গ্ৰহণ কৰি লৈছিল। ৰেডিঅ’ৰ শ্বৰ্টৱেভ ৰিচিভাৰবোৰৰ এক বিশাল ৰেঞ্জ থাকে। সেই ৰিচিভাৰবোৰে শ শ মাইল দূৰৰ ট্ৰান্সমিটাৰৰ পৰা পঠিওৱা বাৰ্তাবোৰ ধৰিব পাৰে। এই ট্ৰান্সমিছনবোৰ বহু দেশ, ওখ পৰ্বতমালা, আৰু সাগৰ মহাসাগৰৰ ওপৰেদি আহে। 

ইতিমধ্যেই উল্লেখ কৰা হৈছে যে ৰেডিঅ’ত আদান-প্ৰদানমূলক আলোচনাও আগবঢ়োৱা হয়। ৰেডিঅ’ৰ শ্ৰোতালৈ অথবা শ্ৰোতাৰ পৰা অহা ফোনকল লৈ কথা পতাৰ অনুষ্ঠানত শ্ৰোতাই নিজকে ৰেডিঅ’ৰ লগত ব্যক্তিগতভাৱে জড়িত হোৱাৰ দৰে অনুভৱ কৰিব পাৰে। তেনেদৰে বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠানৰ যোগেদি শ্ৰোতালৈ আগবঢ়োৱা পুৰস্কাৰ আদিয়ে শ্ৰোতাক ৰেডিঅ’ৰ প্ৰতি অধিক আকৰ্ষিত কৰাৰ থল থাকে। বৰ্তমান সামাজিক মাধ্যমৰ সজোৰ উপস্থিতিয়ে ৰেডিঅ’ৰ শ্ৰোতা আৰু ৰেডিঅ ষ্টেচন তথা অনুষ্ঠান পৰিবেশন কৰা ব্যক্তিসকলৰ মাজত ব্যক্তিগত পৰ্যায়ৰ আদান-প্ৰদানৰ পৰিবেশ সৃষ্টি কৰিছে। এতিয়া ৰেডিঅ’ৰ অনুষ্ঠানৰ বিষয়ে সামাজিক মাধ্যম ফেচবুক লাইভৰ যোগেদিও শ্ৰোতাক ৰেডিঅ’ অনুষ্ঠানৰ বিষয়ে অৱগত কৰোৱা হয়। 

ৰেডিঅ’ যথেষ্ট সুলভ আৰু সহজতে উপলব্ধ মাধ্যম। ৰেডিঅ’ ষ্টেচন এটা স্থাপন কৰাৰ খৰচ এটা টেলিভিছন ষ্টেচন স্থাপন কৰাতকৈ বহুত কম হয়। আচলতে সম্প্ৰচাৰ বুলি কোৱাৰ লগে লগে ট্ৰান্সমিছনৰ পৰিসীমাত থকা প্ৰতিটো ঘৰ, গাঁও, টাউন, চহৰ আৰু দেশৰ ভিতৰত কৰা ব্যাপক স্তৰৰ প্ৰচাৰক বুজায়। এইক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ ৰেডিঅ’ অনুষ্ঠান “মন কী বাত”ৰ বিষয়ে উল্লেখ কৰিব পাৰি। দৰাচলতে “মন কী বাত” অনুষ্ঠানটিয়ে জনগণৰ কাৰণে ৰেডিঅ’ যে এক বৃহৎ মাধ্যম সেয়া প্ৰমাণ কৰে। দেশৰ প্ৰধানমন্ত্ৰীজনেই অনুষ্ঠানৰ পৰিবেশক হোৱাৰ ফলত অনুষ্ঠানটিত কথিত কথা-বাৰ্তাবোৰৰ জৰিয়তে নাগৰিকক দেশৰ প্ৰধানমন্ত্ৰীজনৰ লগত প্ৰত্যক্ষ যোগাযোগ কৰিব পৰাৰ সুবিধা দিছে। ৰেডিঅ’ৰ এই প্লেটফৰ্মে ভৌগোলিক আৰু সামাজিৰ পৰিসীমা ভাঙি লক্ষাধিক ঘৰ তথা শ্ৰোতাৰ বাবে অন্তৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। “মন কী বাত”ৰ জৰিয়তে প্ৰধানমন্ত্ৰীজনে দেশৰ জনগণে সন্মুখীন হোৱা কোনো সমস্যাৰ বিষয়ে কথা পাতিছে, কোনো আশাব্যঞ্জক কাহিনী কৈছে আৰু এইদৰে ব্যক্তিগত স্তৰত মানুহৰ লগত সংযোগ ৰাখিবলৈ সক্ষম হৈছে। ছাত্ৰ-ছাত্ৰী, অভিভাৱক আদিয়ে প্ৰধানমন্ত্ৰীলৈ  এই “মন কী বাত”ৰ বাবে চিঠি-পত্ৰৰ আদান-প্ৰদান কৰিছে। তাৰে একোখনকৈ চিঠি প্ৰধানমন্ত্ৰীয়ে চিঠি প্ৰেৰকৰ নামসহ “মন কী বাত”ত উল্লেখ কৰি সেই চিঠিৰ উত্তৰো তাতেই দিছে। ফলত দেশখনৰ প্ৰধানমন্ত্ৰীজনক নিজৰ কথা ক’ব পৰাৰ সুবিধা পোৱা যেন শ্ৰোতাই অনুভৱ কৰিছে। এনেদৰেই ৰেডিঅ’ই দেশৰ প্ৰধানমন্ত্ৰীজনক প্ৰত্যক্ষভাৱে জনগণৰ লগত লগ লগাই দিছে। সেয়েহে ক’ব পাৰি ৰেডিঅ’ই ৰাষ্ট্ৰক এক কৰা, তথ্য-খবৰৰ প্ৰচাৰ কৰা, আৰু চৰকাৰ আৰু জনগণৰ মাজত এক সৌহাদ্যমূলক সম্পৰ্ক শক্তিশালী কৰাত সহায় কৰি আহিছে। 

পশ্চিমৰ দেশসমূহত বিশেষকৈ শিশুসকলৰ বাবে ৰেডিঅ’ৰ কিছুমান অনুষ্ঠান বিশেষভাৱে নিৰ্মাণ কৰা হৈ আহিছে। এই দেশসমূহত শিশুক স্কুললৈ নপঠিয়াই ঘৰতে পঢ়ুওৱাৰো ব্যৱস্থা বহুত আগৰে পৰা আছে, যিটোক (Home Schooling) বুলি কোৱা হয় আৰু বৰ্তমান সময়তো এয়া খুবেই জনপ্ৰিয়। কেৱল ৰেডিঅ’ই যোগাযোগৰ একমাত্ৰ মাধ্যম হিচাপে থকাৰ সময়ছোৱাত এই হোম স্কুলিং কৰা ল’ৰা-ছোৱালীৰ অভিভাৱকে তেওঁলোকৰ সন্তানৰ পাঠ্যক্ৰমৰ সহায়ক হোৱাকৈ, যেনে ইতিহাস, ভাষা আদিৰ ওপৰত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিবলৈ অনুৰোধ কৰে আৰু ৰেডিঅ’ত তেনে শিক্ষামূলক অনুষ্ঠান প্ৰচাৰ কৰা হয়।

ৰেডিঅ’ ৱেভ টেলিভিছন তথা এফ এম আৰু এএম ৰেডিঅ’ ব্ৰডকাষ্ট, মিলিটেৰী যোগাযোগ, মোবাইল ফোন, হেম ৰেডিঅ’, ৱাৱাৰলেছ কম্পিউটাৰ নেটৱৰ্ক আৰু আন বিভিন্ন যোগাযোগৰ মাধ্যমৰ বাবে ব্যৱহাৰ কৰা হয়। ৰেডিঅ’ ৱেভবোৰ পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেদি সহজতে পাৰ হৈ যাব পাৰে। ইয়াৰ লগতে ৰেডিঅ’ ৱেভ ৰাডাৰ টেকনোল’জিতো ব্যৱহাৰ কৰা হয়। ৰাডাৰৰ চিনাক্তকৰণ, দূৰত্ব, লক্ষ্য আৰু বস্তুৰ বেগ আদিৰ বাবে এই ৰেডিঅ’ ৱেভৰ ব্যৱহাৰ কৰা হয়। ৰাডাৰ চিষ্টেমত সাধাৰণতে এটা ট্ৰান্সমিটাৰ থাকে যাৰ পৰা ৰেডিঅ’ ছিগনেলবোৰ পঠিওৱা হয় আৰু আন এঠাইত থকা ৰিচিভাৰে লক্ষ্যস্থানৰ পৰা কোনো প্ৰতিফলিত শক্তিৰ চিনাক্ত কৰে।

GPS (Global Positioning System) তো ৰেডিঅ’ ৱেভৰ ব্যৱহাৰ হয়। জিপিএছ চেটেলাইটে ৰেডিঅ’ ৱেভৰ জৰিয়তে ছিগনেল পঠিয়ায়। এই ৰেডিঅ’ ৱেভৰ স্পীড প্ৰতি ছেকেণ্ডত প্ৰায় ৩০০,০০০,০০০ মিটাৰ। 

তথ্য-প্ৰযুক্তিৰ বিকাশৰ ফলস্বৰূপে বৰ্তমান ৰেডিঅ’তো নতুন প্ৰযুক্তিৰ প্ৰচলন ঘটিছে আৰু ৰেডিঅ’য়ো নতুন প্ৰজন্মৰ টেষ্টৰ প্ৰতি লক্ষ্য ৰাখি সেইধৰণৰ অনুষ্ঠান প্ৰচাৰ কৰাত মনোনিবেশ কৰিছে। সেয়েহে, মানুহৰ মাজত তেওঁলোকৰ পছন্দ অনুযায়ী ৰেডিঅ’ও এক মাধ্যম হিচাপে স্বীকৃত হৈছে। এই প্ৰযুক্তিগত বিকাশৰ হাত ধৰি ৰেডিঅ’ত আহি পৰা বিকাশৰ ফলতেই শ্বাৱাৰ ৰেডিঅৰ কথা উল্লেখ কৰিব পাৰি। সাধাৰণতে মানুহে স্নান কৰোঁতে প্ৰায় পাঁচৰ পৰা দহ মিনিট বা ততোধিক সময় লয়। গা-ধোৱাৰ সময়ত বহুতেই গুণ-গুণাই গান গাবলৈ লয়। বহুতে এই অভ্যাসকে ৰেডিঅ’ত গান লগাই লৈ গান শুনি নিজেও গাই গা-ধোৱাৰ পৰ্বটো শেষ কৰে। অৱশ্যে সাধাৰণতে পোৱা ৰেডিঅ’বোৰ বাথৰুমত পানীত নিতিতাকৈ থোৱাটোও এক সমস্যা। পানী পৰি তিতি গ’লে বেটেৰীৰ চাৰ্জ সোনকালে শেষ হ’ব পাৰে। তেনেক্ষেত্ৰত কেৱল বাথৰুমত গা-ধোৱাৰ সময়ত বজাব পৰাকৈও এক শ্বাৱাৰ ৰেডিঅ’ এতিয়া বজাৰত পোৱা যায়। এই শ্বাৱাৰ ৰেডিঅ’বোৰ ৱাটাৰপ্ৰুফ কৰা থাকে। এনে শ্বাৱাৰ ৰেডিঅ’ত সাধাৰণতে পোৱা ৰেডিঅ’ত থকাৰ দৰে এণ্টেনা নাথাকে। গতিকে এণ্টেনাত পানী পৰি শ্বৰ্ট চাৰ্কিট হোৱাৰ সম্ভাৱনা নাথাকে। শেহতীয়াকৈ এই শ্বাৱাৰ ৰেডিঅ’ত ব্লুটুথ আৰু ঘড়ীৰ সুবিধাও দিয়া হৈছ। গতিকে এই ব্লুটুথ শ্বাৱাৰ ৰেডিঅ’ লগাই মন পছন্দৰ গান শুনি গা-ধোৱাৰ মজা ল‘ব পাৰি আৰু মাজে মাজে আহি থকা সময়সূচীৰ এলাৰ্টৰ বাবে কিমান সময় হৈছে সেয়াও জানিব পাৰি। কেৱল গানেই নহয়, প্ৰয়োজন অনুভৱ কৰিলে এই শ্বাৱাৰ ৰেডিঅ’ত দেশৰ খবৰ বাতৰিও গা-ধোৱাৰ সময়তেই ল’ব পাৰি। 

সেয়েহে ৰেডিঅৰ প্ৰাসংগিকতা আগতকৈ অধিক বুলিহে অনুভৱ হয়। কাৰণ সময়ৰ লগে লগে বিজ্ঞাপনৰ পয়োভৰৰ পৰিবেশৰ মাজত, নতুন আৰু পুৰণি গ্ৰাহকলৈ কোনো এটা দ্ৰব্যৰ বিষয়ে জনোৱাৰ ক্ষেত্ৰত ৰেডিঅ’ সকলোতকৈ প্ৰভাৱশালী মাধ্যম বুলি ক’ব পাৰি। ৰেডিঅ’ই বিজ্ঞাপনৰ জগতখনৰ কাৰণে এক আগশাৰীৰ মাধ্যম হৈ আহিছে। বহু শ্ৰোতাক থাউকতে জনাব পৰাৰ বাবে ৰেডিঅৰ যোগেদি প্ৰচাৰিত দ্ৰব্য-সামগ্ৰীৰ বজাৰৰো বিকাশ হোৱাত সহায়ক হৈছে। সেয়েহে বিজ্ঞাপনৰ কাৰণে ৰেডিঅ’ই নিজৰ গুৰুত্ব প্ৰমাণ কৰাৰ লগতে কোভিদকালীন সময়তো শ্ৰোতাক সেইসময়ৰ প্ৰয়োজনীয় সকলো খবৰ-বাতৰি দিয়াত সহায়ক হৈছিল। কাৰণ ৰেডিঅ’ৰ চুইচ টিপিলেই শেহতীয়া খবৰ পাব পাৰে। সেয়া ব্ৰেকিং নিউজেই হওক বা ক্ৰয়-বিক্ৰয় আৰু প্ৰচাৰেই হওক, অথবা যিকোনো অনুষ্ঠানৰ বিষয়ে জনোৱা, ৰেডিঅ’ই বাস্তৱিক সময়তেই শ্ৰোতাৰ স’তে সংযোগ কৰিব পাৰে। সেয়েহে কো’ভিদৰ সময়ছোৱাত ৰেডিঅ’ই বিভিন্ন তথ্য-প্ৰযুক্তি, যেনে গাড়ীত থকা ৰেডিঅ, বা ঘৰত কম্পিউটাৰ, লেপটপ, মোবাইল ফোন আদিৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে খবৰ-বাতৰি আৰু যিকোনো ঘটনাৰ বিষয়ে অতি শীঘ্ৰেই শ্ৰোতাক জনাই আহিছিল। 

আগতেই উল্লেখ কৰা হৈছে যে সময়ৰ লগে লগে যোগাযোগৰ মাধ্যমবোৰৰ প্ৰযুক্তিত দিশত বহুত বেছি বিকাশ হৈছে আৰু সেই অনুপাতে মাধ্যমবোৰৰ ব্যৱহাৰৰ ক্ষেত্ৰতো সাংঘাতিক পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু ৰেডিঅ’ৰ যিটো কাম, খবৰ-বাতৰি, সংগীত তথা অন্যান্য অনুষ্ঠান আদি শ্ৰোতালৈ আগবঢ়োৱা, সেয়া একেদৰেই আছে। বৰ্তমান খুবেই চৰ্চিত নিউ মিডিয়াৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক পৰিবেশৰ মাজতো শ্ৰোতাৰ মাজলৈ থাউকতে লৈ যোৱাৰ দিশত ৰেডিঅ’ সকলোতকৈ কাৰ্যকৰী মাধ্যম হিচাপে পৰিগণিত হৈছে। এতিয়া কম্পিউটাৰ, লেপটপ, মোবাইল ফোন আৰু স্মাৰ্ট স্পিকাৰৰ জৰিয়তেও ৰেডিঅ’ শুনিব পাৰি। শ্ৰোতাই যেতিয়াই মন যায় তেতিয়াই তেওঁলোকৰ ৰেডিঅ’ ষ্টেচন লগাই শুনিব পাৰে। অন্যান্য মাধ্যমবোৰৰ দৰে ৰেডিঅ’ৰ শ্ৰোতাই বিশেষ কোনো সময়ত, বিশেষ কোনো এঠাইত বহি লৈ ৰেডিঅ’ শুনাৰ প্ৰয়োজন নাই। 

বৰ্তমানৰ বিশ্বখন মোবাইল ফোন, কম্পিউটাৰ আৰু বিভিন্ন টেবলেট আদি উচ্চ-প্ৰযুক্তিৰ গেজেটৰ পয়োভৰৰে ভৰি আছে আৰু মিডিয়াৰ এই বিভিন্ন মাধ্যমেৰে সকলোৱেই সম্পূৰ্ণৰূপে প্ৰভাৱিত। তাৰমাজতো ৰেডিঅ’ৰ অস্তিত্ব এতিয়াও ম্লান পৰি যোৱা নাই। প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে ৰেডিঅ’ৰো বিভিন্ন বৈশিষ্ট্যৰ উন্নতি ঘটিছে। সেয়েহে ১৮৯০ৰ সময়ছোৱাত আৱিষ্কৃত ৰেডিঅ’ বৰ্তমানেও এক শক্তিশালী গণ-মাধ্যম হিচাপে চিহ্নিত হৈ আছে। ৰেডিঅ’ৰ প্ৰতি শ্ৰোতাৰ বিশেষ আকৰ্ষণ গুৰুত্বপূৰ্ণ হৈয়েই ৰৈছে।

(লেখিকা আকাশবাণী গুৱাহাটীত চেমনীয়া চ’ৰা, যুৱবাণী আদি অনুষ্ঠানৰ লগত জড়িত আছিল। ২০০০ চনৰ পৰা ২০০৫ চনলৈ আকাশবাণী, দিল্লীত কেজুৱেল নিউজ ৰিডাৰ হিচাবে কৰ্মৰত আছিল।)

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!