উইটচেছ ল’ভছ (Witches’ Loaves)

লেখক- পংকজ কুমাৰ নেওগ

গল্পঃ উইটচেছ ল’ভছ (Witches’ Loaves)
মূলঃ অ’ হেনৰী৷
অনুবাদঃ পংকজ কুমাৰ নেওগ৷

মিচ মাৰ্থা মিচামৰ বেকাৰীটো ঘৰৰে এটা চুকত৷ তিনিটা চিৰি বগাই উঠিলেই বেকাৰীটো আৰু দুৱাৰত ওলোমাই থোৱা ঘণ্টাটোৱে দুৱাৰখন খুলিলেই এটা সুমধুৰ শব্দ কৰি উঠে৷ মিছ মাৰ্থাৰ বয়স দুকুৰি পাৰ হ’ল আৰু নিজ সামৰ্থমতে সাঁচিব পৰা ধনৰ পৰিমাণ বেঙ্কত এতিয়ালৈকে দুহাজাৰ ডলাৰ গোট খাইছে৷ দুটা দাঁত তেওঁৰ নিজস্ব নহয় যদিও হৃদয়খন বৰ বিশাল আৰু সহানুভূতিশীল৷ মাৰ্থা তেওঁৰ অইন বান্ধৱীসকলতকৈ দেখাত অশুৱনি নহয়, তথাপি কিয় জানো বিয়াৰ ক্ষেত্ৰত ভগৱানে এতিয়ালৈকে তেওঁলৈ চকু মেলি চোৱা নাই৷ সপ্তাহৰ দুই-তিনিদিন বেকাৰীলৈ এজন গ্ৰাহক আহে আৰু তেওঁৰ প্ৰতি মাৰ্থাই কিছু আগ্ৰহ দেখুৱাবলৈ লৈছে৷ গ্ৰাহকজন চশমাপিন্ধা এজন মধ্যবয়সী লোক, মুখত চুটিকৈ কটা সযত্নপালিত দাড়ি৷ মানুহজনে জাৰ্মান ঠাঁচত বিচিত্ৰধৰণে ইংৰাজীত কথা-বতৰা পাতিছিল৷ কাপোৰ-কানিৰ প্ৰতি মানুহজন আছিল উদাসীন–কেতিয়াবা উৱলি যোৱা আৰু কেতিয়াবা সোলোক-ঢোলোক কাপোৰ পিন্ধিয়েই বেকাৰীলৈ আহে৷ কিন্তু তেওঁক পৰিপাটি যেনেই দেখা গৈছিল, তদুপৰি তেওঁৰ আচাৰ-ব্যৱহাৰো আছিল অতি নম্ৰ৷
মানুহজনে সদায় দুটা বাহি পাওৰুটি কিনে৷ তাজা পাওৰুটিৰ প্ৰতিটোৰ দাম আছিল পাঁচ চেণ্ট, আনহাতে সেই একে দামত দুটা বাহি ৰুটি পোৱা গৈছিল৷ তেওঁ বাহি পাওৰুটিৰ বাহিৰে কেতিয়াও একো বস্তু নিকিনে৷ এবাৰ মিছ মাৰ্থাই তেওঁৰ আঙুলিত ৰঙা আৰু বাদামী ৰঙৰ দাগ দুটামান দেখা পাইছিল৷ মাৰ্থা নিশ্চিত হ’ল যে মানুহজন এজন শিল্পী-কিন্তু এজন দৰিদ্ৰ শিল্পী৷ নিঃসন্দেহে তেওঁ সৰু কোঠা এটাত থাকি ছবি আঁকে আৰু বাহি ৰুটি খায় আৰু মিছ মাৰ্থাৰ বেকাৰীত থকা সুস্বাদু খোৱা বস্তুবোৰৰ কথা মনত পেলায়৷ প্ৰায় মিছ মাৰ্থাই চপ-কাটলেট বা ৰোলৰ সৈতে জাম আৰু চাহ একাপ লৈ খাবলৈ বহিলে হুমুনিয়াহ এটা কাঢ়ে আৰু সেই সুন্দৰ ব্যৱহাৰৰ শিল্পীগৰাকীৰ সৈতে নিজৰ সোৱাদযুক্ত খাদ্যখিনি ভগাই খোৱাৰ কথা কল্পনা কৰে৷ আগতেই উল্লেখ কৰা হৈছে যে মিছ মাৰ্থা আছিল এগৰাকী সহানুভূতিশীলা মহিলা৷ সেই গ্ৰাহকজনৰ পেছাৰ সম্বন্ধে ঠাৱৰ কৰিবলৈ মিছ মাৰ্থাই এদিন নিজৰ কোঠাৰ পৰা কিনি অনা এখন ছবি আনি বেকাৰীৰ কাউণ্টাৰৰ পিছফালে থকা শ্বেলফ এখনত থ’লে৷
ছবিখনত ভেনিচৰ এটা দৃশ্য আছিল-পানীৰ ওপৰত মাৰ্বলৰ এটা সুন্দৰ ৰাজপ্ৰাসাদ আৰু তাৰ চাৰিওফালে কিছুমান গণ্ডোলা৷ এখন গণ্ডোলাত বহি যোৱা মহিলা যাত্ৰী এগৰাকীয়ে হাতেৰে পানী চুই নিজৰ ভ্ৰমণ উপভোগ কৰিছে৷ সম্পূৰ্ণ ক’লা-বগা ৰঙৰ পটভূমিত ডাৱৰ, আকাশ আদি দৃশ্যও অঁকা আছিল৷ কোনো শিল্পীয়ে সেই ছবিখন লক্ষ্য নকৰাকৈ থাকিব নোৱাৰে৷ দুদিনৰ পিছত সেই বিশেষ গ্ৰাহকজন বেকাৰীলৈ আহিল৷
:অনুগ্ৰহ কৰি দুটা বাহি পাওৰুটি দিয়ক৷
:আপোনাৰ শ্বেলফৰ এই ছবিখন বৰ সুন্দৰ, মেডাম–মাৰ্থাই পাওৰুটি দুটা কাগজেৰে মেৰিয়াই থাকোঁতে তেওঁ মন্তব্য কৰিলে৷
:হয় নে?
নিজৰ ধূৰ্ততাত আহ্লাদিত হৈ মিছ মাৰ্থাই উত্তৰ দিলে৷
:মই শিল্প-কলা প্ৰশংসা কৰোঁ আৰু বিশেষকৈ চিত্ৰ বৰ ভাল পাওঁ৷ আপুনি এই ছবিখন ভাল বুলি ভাবে নে?
:বৰ ভাল ছবি বুলি ক’ব নোৱাৰি-ছবিৰ দৃষ্টিকোণ সঠিক হোৱা নাই৷ গুড মৰ্ণিং, মেডাম৷
সামান্য আগলৈ হাওলি অভিবাদন জনাই আৰু পাওৰুটি দুটা লৈ গ্ৰাহকজন কোবাকুবিকৈ ওলাই গ’ল৷ হয়, তেওঁ নিশ্চয় এজন শিল্পী৷ মিছ মাৰ্থাই ছবিখন আকৌ নিজৰ কোঠালৈ লৈ আহিল৷ চশমাৰ আঁৰত সুন্দৰ আৰু বহ’ল ভ্ৰূৰ তেওঁৰ চকুযুৰি কিমান যে মমতাৰে উজ্জ্বলি উঠিছিল! ছবিলৈ মাত্ৰ এপলক চাই দৃষ্টিকোণৰ বিচাৰ কৰিব পৰা এগৰাকী মহান শিল্পী তেওঁ অথচ বাহি পাওৰুটি ভক্ষণ কৰি জীয়াই থাকিব লগীয়া হৈছে! অৱশ্যে প্ৰতিভাই স্বীকৃতি লাভ কৰাৰ আগৰ সময়ছোৱাত সংগ্ৰাম অৱশ্যম্ভাৱী৷ বিচক্ষণ শিল্পী এগৰাকীৰ শিল্প আৰু দৃষ্টিকোণৰ বিচাৰত সহায় আগবঢ়াবলৈ বেঙ্কত জমা ৰখা দুহেজাৰ ডলাৰ, এখন বেকাৰী আৰু সহানুভূতিশীল হৃদয় এখন যদি প্ৰেৰণা হ’লহেঁতেন! কিন্তু এই সকলোবোৰ আছিল মিছ মাৰ্থাৰ আকাশকুসুম জল্পনা-কল্পনা! আজিকালি গ্ৰাহকজন বেকাৰীলৈ আহিলে শ্ব’কেছৰ কাষতে হাওলি অলপ সময় আড্ডা মাৰে৷ মিছ মাৰ্থাৰ প্ৰফুল্ল কথাবোৰে যেন তেওঁক দিনে দিনে প্ৰাণৱন্ত কৰি তুলিছিল৷
গ্ৰাহকজনে অৱশ্যে সদায় বাহি পাওৰুটিয়েই কিনি থাকিল; কেতিয়াও কেক, পাই, বা মাৰ্থাই বনোৱা সুস্বাদু ‘চেলি লুনছ্’ (এবিধ কেক/বান) কিনাৰ আগ্ৰহ দেখুওৱা নাছিল৷ মাৰ্থাই লক্ষ্য কৰিছিল যে মানুহজন দিনে দিনে যেন কিছু নিশকতীয়া আৰু উদাস হৈ পৰিছে৷ তেওঁ সদায় কিনা সেই সাধাৰণ সামগ্ৰীৰ সৈতে খাবলৈ ভাল কিবা এটা দিবলৈ মাৰ্থাৰ খুব মন আছিল যদিও তেওঁ সাহস গোটাব পৰা নাছিল৷ যদি সেই গ্ৰাহকজন অপমানিত হয়! শিল্পীৰ অহংকাৰৰ কথা তেওঁ জানিছিল৷ মিছ মাৰ্থাই বেকাৰীত থকা সময়ছোৱাত এটা ধুনীয়া নীলা ফুটফুটীয়া ৰেচমৰ স্কাৰ্ট পিন্ধিবলৈ ল’লে৷ পিছফালৰ কোঠাটোত সৌন্দৰ্য সাধনাৰ বাবে ঘৰতে তৈয়াৰ কৰি ল’ব পৰা যৌগ এটা প্ৰস্তুত কৰিলে৷ বহুতো লোকে শৰীৰৰ ৰং উজ্জ্বলাবলৈ সেই সামগ্ৰী ব্যৱহাৰ কৰে৷ গ্ৰাহকজন সদায় অহাৰ দৰে এদিন বেকাৰীলৈ আহিল আৰু শ্ব’-কেচৰ ওপৰত পইচাখিনি থৈ তেওঁৰ সামগ্ৰী বিচাৰিলে৷ মিছ মাৰ্থাই পাওৰুটি দুটা আনিবলৈ যাওঁতে বাহিৰত গাড়ী এখনৰ ঘণ্টাধ্বনি শুনা গ’ল আৰু বিম্বাশব্দে অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন এটা বাটেৰে পাৰ হৈ গ’ল৷ গ্ৰাহকজন উৎসুক হৈ খৰখেদাকৈ দুৱাৰৰ ওচৰ পালেগৈ আৰু মিছ মাৰ্থাই তেওঁৰ ক্ষন্তেকীয়া অনুপস্থিতিৰ সোণালী সুযোগ গ্ৰহণ কৰিলে৷
কাউণ্টাৰৰ পিছফালে থকা তলৰ শ্বেল্ফটোত দহ মিনিট আগতে ফাৰ্মৰ পৰা দি থৈ যোৱা এক পাউণ্ড সতেজ মাখন আছিল৷ পাওৰুটি কটা কটাৰীৰে মিছ মাৰ্থাই বাহি ৰুটিকেইটা মাজতে কাটিলে আৰু প্ৰতিটোৰ মাজত যথেষ্ট পৰিমাণে মাখন সুমুৱাই দি ৰুটিবোৰ আকৌ হেঁচা মাৰি থ’লে৷ গ্ৰাহকজন কাউণ্টাৰলৈ ঘূৰি আহে মানে মাৰ্থাই কাগজত ৰুটি মেৰুৱাই আছিল৷ আনন্দদায়ক কিছু কথা-বতৰাৰ পিছত যেতিয়া মানুহজনে বিদায় লয়, মিছ মাৰ্থাই মনতে হাঁহিলে, কিন্তু বুকুখনে যেন সামান্য ঢক্-ঢক্ কৰিছিল৷ তেওঁ এইটো দুঃসাহকিতাৰ কাম কৰিলে নেকি বাৰু? গ্ৰাহকজন ক্ষোভিত হ’ব নেকি? দিনটোৰ বেছিখিনি সময় মাৰ্থাই সেই কথাটোকে ভাৱি থাকিল৷ খোৱাৰ সময়ত পাওৰুটিৰ মাজত মাখনখিনি পাই তেওঁ কি ভাৱিব বাৰু? মিছ মাৰ্থাই সলজ্জ হাঁহি এটা মাৰিলে–যিখন হাতে সেই মাখনখিনি ৰুটিৰ মাজত আলফুলকৈ সজাই দিছিল সেই হাতৰ গৰাকীক তেওঁ মনত পেলাবনে? দুৱাৰৰ ঘণ্টা বাজি উঠিল৷ কোনোবাই পগলাৰ দৰে অবিৰাম ঘণ্টা বজাব ধৰিছে৷ মাৰ্থা দৌৰি গৈ দুৱাৰখন খুলি দিলে৷ এজন অপৰিচিত যুৱক মুখত পাইপ লৈ দুৱাৰদলিত থিয় হৈ আছিল আৰু তেওঁৰ কাষত মাৰ্থাৰ সেই শিল্পী গ্ৰাহকজন৷ ইমান দিনৰ পৰিচিত সেই শান্ত, হাঁহিমুখীয়া ভদ্ৰলোকজনৰ ৰুদ্ৰমূৰ্তি দেখি মাৰ্থা আচৰিত হ’ল৷ তেওঁৰ মুখখন খঙত টিকটিকিয়া ৰঙা; টুপীটো মূৰত ওভোটাই পিন্ধি লৈছিল আৰু চুলিবোৰ হৈ পৰিছিল আউলি-বাউলি৷ দুয়োখন হাত মুষ্টিবদ্ধ কৰি আৰু মাৰ্থাৰ পিনে টোৱাই শিল্পীজনে জাৰ্মান ভাষাত চিঞৰি চিঞৰি কিবা বকিবলৈ ধৰিলে৷ কথাবোৰ মাৰ্থাৰ অলপো বোধগম্য হোৱা নাছিল৷ ডেকাজনে ভদ্ৰলোকজনক তাৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিলে কিন্তু তেওঁ কোনো কথাই শুনিব নোখোজে৷ তৰ্জন-গৰ্জন কৰি তেওঁ ক’লে –
:যেতিয়ালৈকে মানুহজনীক কথা শুনাব নোৱাৰো মই ইয়াৰ পৰা নাযাওঁ৷
মিছ মাৰ্থাৰ বেকাৰীৰ কাউণ্টাৰত হাতেৰে ঢকিয়াই তেওঁ চিঞৰিলে –
:শুনিছনে তই বুঢ়ী মেকুৰীজনী! মোৰ জীৱনটো তই সম্পূৰ্ণ ধ্বংস কৰিলি, মোৰ সকলোবোৰ শেষ হ’ল!
ডেকাজনে সেই উন্মাদপ্ৰায় মানুহজনক চোলাৰ কলাৰত ধৰি বাহিৰলৈ টানি নিলে–
:হ’ব, বহুতো বকিলে, এতিয়া মনে মনে থাকক৷ শ্বেল্ফখনত ধৰি মিছ মাৰ্থাই নিজৰ কঁপি থকা শৰীৰটো কোনোমতে থিয় কৰি ৰাখিলে৷ জাৰ্মান ভদ্ৰলোকজনক বাহিৰৰ পদপথত থৈ যুৱকজন আকৌ উভতি আহিল৷
:আপোনাক কথাবোৰ স্পষ্টকৈ বুজাই কওঁ শুনক৷ এই মানুহজন মানে মিঃ ব্লুমবাৰ্গ হ’ল এজন স্থপতিবিদ, ঘৰ-বাৰী ইত্যাদিৰ নক্সা প্ৰস্তুত কৰে৷ মই তেওঁৰ সৈতে একেটা অফিচতে কাম কৰোঁ৷ আজি তিনিমাহ ধৰি তেওঁ ‘চিটি-হল’ নিৰ্মাণৰ আঁচনি এখনৰ নক্সা আঁকি আছে৷ কামটো হ’ল অতি গুৰুত্বপূৰ্ণ৷ আজি শেষবাৰৰ বাবে তেওঁ ইমান দিনৰ কামখিনি চিয়াঁহীৰে আঁকি শেষ কৰিলে৷ আপুনি হয়তো জানিব পাৰে যে এনে নক্সাৰ অংকন প্ৰথমে পেঞ্চিলেৰে কৰা হয় আৰু পিছত বাহি পাওৰুটিৰ টুকুৰাৰে পেঞ্চিলৰ অঙ্কন মচি পেলোৱা হয়৷ এই কামৰ বাবে ভাৰতীয় ৰবৰতকৈয়ো বাহি পাওৰুটি অধিক ফলপ্ৰসূ৷ ব্লুমবাৰ্গে সদায় এইখন বেকাৰীৰ পৰাই পাওৰুটি কিনি আহিছে৷ আজি শেষবাৰৰ বাবে পেঞ্চিলৰ অঙ্কণ মচিবলৈ গৈ তেওঁৰ যি দশা হ’ল সেই কথা কি ক’ম! বোধকৰো তেওঁ প্ৰস্তুত কৰা সেই নক্সাখন এতিয়া সৰু-সৰুকৈ কাটি চেণ্ডুইচ মেৰিয়াবলৈহে যোগ্য হৈ ৰৈছে৷
মিছ মাৰ্থা পিছফালৰ কোঠাটোলৈ উভতি গ’ল আৰু ইমান সময় পিন্ধি থকা নীলা ফুটফুটীয়া ৰঙৰ ৰেচমৰ ড্ৰেছটো খুলি আগৰ পুৰণি বাদামী ৰঙৰ স্কাৰ্টটো পিন্ধি ল’লে৷ ঘৰুৱা প্ৰসাধন সামগ্ৰীৰ যৌগ প্ৰস্তুত কৰিবলৈ গোটাই থোৱা বিভিন্ন উপাদানসমূহ তেওঁ খিৰিকীখনেৰে বাহিৰত আৱৰ্জনা পেলাবলৈ ৰখা জাবৰদানীটোত ঢালি দিলে৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!