উদ্যোগ হিচাপে বিজ্ঞানসন্মত মৌপালন

লেখক- ড° মুকুল কুমাৰ ডেকা, অভিবন্দনা দাস

অতীজৰে পৰা মানুহে মৌপালন কৰি আহিছে। অতীতত মানুহে মাটিৰ কলহ, খেৰৰ পাচি, ধোন্দা কাঠৰ টুকুৰা আদিত মৌপালন কৰিছিল। কিন্তু চলনশীল ফ্ৰেমযুক্ত মৌবাকচ, মধু নিষ্কাশন যন্ত্ৰ, ধোৱা ভাটি আদিৰ আৱিষ্কাৰে মৌপালনত এক যুগান্তকাৰী পৰিবৰ্তন আনিবলৈ সক্ষম হয়। অতীতত মানুহে মৌচাকসমূহ কাটি আনি পলুসহ নিষ্ঠুৰভাৱে চাকবোৰ চেপি মৌৰস আহৰণ কৰিছিল। কিন্তু বিজ্ঞানসন্মত মৌপালনত মৌমাখিৰ এনে ধ্বংস কাৰ্য ৰোধ কৰি মৌমাখিৰ কোনো ধৰণৰ ক্ষতি নকৰাকৈ মৌৱে সংগ্ৰহ কৰা ওপৰঞ্চি ৰস আহৰণ কৰা হয়। মৌপালনৰ জৰিয়তে আমি মৌজোলৰ উপৰি অন্য বহুতো সামগ্ৰী আহৰণ কৰিব পাৰো। মৌমাখিয়ে পৰ্‌ পৰাগ যোগী শষ্যৰ উৎপাদন বৃদ্ধিত যথেষ্ট অৰিহণা যোগায়। ইহতে মৌজোলতকৈ শষ্য উৎপাদনত প্ৰায় ১০ গুণমান বেছি লাভ দিয়ে। 

প্ৰকৃতিত বিভিন্ন প্ৰজাতিৰ মৌমাখি আছে যদিও আমি দুটা প্ৰজাতিহে পুহিব পাৰো। এই প্ৰজাতি দুবিধ হল খোৰোঙ্গীয়া মৌ আৰু পশ্চিমীয়া মৌ। 

খোৰোঙ্গীয়া বা ভাৰতীয় প্ৰজাতিৰ মৌৱে (Apis cerana) সহজে পোহ মানে। ইহতক ISI-A বা ISI-B type মৌবাকচত পোহা হয়। বছৰি ইহঁতে ১০-১২ কেজি মৌজোল দিয়ে। এইবিধ মৌমাখি ৰস আৰু ৰেণু সংগ্ৰহ কৰিবলৈ প্ৰায় ১ কি.মি. দূৰত্বলৈকে যাব পাৰে। আনবিধ প্ৰজাতি হ’ল পশ্চিমীয়া প্ৰজাতি। পৃথিৱীৰ প্ৰায়বোৰ দেশতে প্ৰসাৰতা লাভ কৰা এই প্ৰজাতিৰ মৌমাখি খোৰোঙ্গীয়া মৌতকৈ ডাঙৰ। এই মৌমাখিক দহোটা ফ্ৰেমযুক্ত লেংষ্ট্ৰথ বা নিউটন হাইভত পোহা হয়। ইহতে বছৰি ২০-৩০ কেজি মৌজোল দিয়ে। ব্যৱসায়িক ভিত্তিত পুহিবলৈ এই মৌমাখি বিধ উৎকৃষ্ট। 

মৌবাহত তিনি ধৰণৰ মৌমাখি থাকে যেনে ৰাণী মৌ, কৰ্মী মৌ আৰু মতা মৌ। 

ৰাণী মৌ হ’ল মৌবাহৰ মাতৃ। ৰাণীৰ প্ৰজনন ক্ষমতা আছে আৰু মতা মৌৰ লগত হোৱা মিলনৰ পিছত ৰাণীয়ে কণী পাৰে। 

কৰ্মী মৌ হল মৌবাহৰ চালিকাশক্তি। মৌবাহত ১০০০০-১৫০০০ মান কৰ্মী মৌ থাকে। মৌবাহৰ সকলো কাম কৰ্মী মৌৱে কৰে। যেনে ৰস ৰেণু গোটোৱা, চাক সজোৱা, ৰাণীৰ আলপৈচান, চাফচিকুন ইত্যাদি। মৌবাহত যিমানে বেছি কৰ্মী মৌ থাকে সিমানে উৎপাদন বেছি হয়। 

আনবিধ মৌমাখি হ’ল মতা মৌ। ইহতে ৰাণীক প্ৰজনন কৰাৰ বাহিৰে আন একো নকৰে। মৌবাহত ইহতৰ সংখ্যা বাঢ়ি যোৱাটো ভাল লক্ষণ নহয়। মতা মৌৰ সংখ্যা ৩০০-800 মানতকৈ বেছি হ’ব নালাগে। 

আমি যদি মৌবাহৰ উপযুক্ত যত্ন লও আৰু বছৰৰ যিটো সময়ত যিধৰণে মৌবাহ পৰিচালনা কৰিব লাগে কৰো তেতিয়াহলে আমি মৌবাহৰ পৰা মূলত মৌজোল আৰু অন্যান্য সামগ্ৰীসমূহ পাব পাৰোঁ। মৌৱে মৌজোল আৰু অন্যান্য সামগ্ৰী দি মৌপালকক যথেষ্ট লাভ প্ৰদান কৰাৰ উপৰি শস্য উৎপাদনত ইহঁতে যথেষ্ট অৰিহনা যোগায়। মৌমাখিৰ পৰা পোৱা বিভিন্ন সামগ্ৰীসমূহৰ বিষয়ে চমু আভাস তলত দিয়া হ’ল। 

মৌজোল (Honey): – মৌজোল অতি সহজে শৰীৰে গ্ৰহণ কৰিব পৰা এক শক্তিদায়ক খাদ্য। মৌজোলত বিভিন্ন ভিটামিন, প্ৰটিন, খনিজ, লোণ আদি থাকে। ই পঞ্চামৃতৰ এক উপাদান। এবছৰত ভাৰতীয় প্ৰজাতি মৌবাহৰ পৰা আমি ৮-১০ কেজি মৌজোল পাব পাৰোঁ। আমাৰ মৌপালকসকলে এই মৌজোল প্ৰতি কেজিত ৬০০ টকাকৈ বিক্ৰী কৰিব পাৰে। গতিকে ৮-১০ কেজি মৌজোলৰ পৰা মৌপালকে ৪৮০০-৬০০০ টকা পৰ্যন্ত পাব পাৰে। তদুপৰি মৌবাহৰ বিভাজন ঘটায়ো কৃষকে অতিৰিক্ত লাভ পাব পাৰে। চাৰিখন চাক কৰ্মী মৌৰে সৈতে বিক্ৰী কৰি কৃষকে কমেও ১৫০০-১৬০০ টকা পাব পাৰে। 

মৌমম (Bees wax): – মৌজোলৰ উপৰি মৌপালকসকলে মৌবাহৰ পৰিত্যক্ত চাক বা নতুন চাকৰ পৰা মম বনাব পাৰে। এই মমৰ উদ্যোগিক উপযোগিতা বহুত। মৌচাক পাতনি প্ৰস্তুত কৰিবলৈও মৌমমৰ ব্যৱহাৰ কৰা হয়। মৌমম বিভিন্ন ক্ৰীম, লিপষ্টিক, পলিচ, ফলৰ ওপৰত প্ৰলেপ আদি দিবলৈ ব্যৱহাৰ কৰা হয়। এই মৌমমৰ পৰা মৌপালকে যথেষ্ট আয় পাব পাৰে। 

পৰাগ ৰেণু (Pollen): – মৌবাহৰ পৰা মৌপালকে পৰাগ ৰেণুও সংগ্ৰহ কৰি ধন ঘটিব পাৰে। এই পৰাগ ৰেণু সংগ্ৰহ কৰিবৰ কাৰণে পৰাগ ৰেণু সংগ্ৰহ কৰা ফান্দ (Pollen trap) আছে। এক কেজি পৰাগ ৰেণুৰ দাম ১০০০ টকা হিচাপত মৌপালকে বিক্ৰী কৰিব পাৰে। 

মধু অৱলেহ (Royal jelly): – মৌবাহৰ পৰা মৌপালকসকলে মধু অৱলেহ বা Royal jelly 3 সংগ্ৰহ কৰিব পাৰে। এই মধু অৱলেহ হৈছে কৰ্মী মৌৱে প্ৰস্তুত কৰা অতি পুষ্টিকৰ খাদ্য। আমাৰ কৃষকে এই বিষয়ত প্ৰশিক্ষণ লৈ কৃত্ৰিমভাৱেও মধু অৱলেহ প্ৰস্তুত কৰিব পাৰে। মধু অৱলেহৰ বজাৰত মূল্য বহুত। এই মধু অৱলেহৰ টেবলেট বা অন্যান্য সামগ্ৰী ফ্লিপকাৰ্ট বা এমাজনতো উপলব্ধ। 

মৌবিহ (Bee venom): – মৌবাহৰ পৰা আন এটা সামগ্ৰী আমাৰ মৌপালকসকলে সংগ্ৰহ কৰিব পাৰে। সেইটো হৈছে মৌবিহ। এই মৌবিহ বিভিন্ন বেমাৰৰ কাৰণে মহৌষধ। বাত বিষ, গাঠি বিষ, শিৰা উপশিৰাৰ ৰোগ আদি থকা মানুহে মৌমাখিৰ বিন্ধা খাই ভাল পাব পাৰে। এই মৌবিহৰ এক গ্ৰামৰ দাম ৮০০০-১০, ০০০ টকা পৰ্যন্ত। 

মৌবাহৰ পৰা এনে বিভিন্ন মূল্যবান সামগ্ৰী আহৰণ কৰি মৌপালকসকল যথেষ্ট লাভবান হ’ব পাৰে। 

তদুপৰি মৌপালকসকলে মৌবাহ পুহিবলৈ যি যি সামগ্ৰীৰ প্ৰয়োজন তেনে বহু সামগ্ৰী ঘৰত বনাই ল’ব পাৰে। মৌবাকচ খকন্দ, আম, কঠাল আদি কাঠৰ দ্বাৰা বনাই লব পাৰে। তদুপৰি বাঁহৰ পৰাও মৌবাহ বনাব পাৰি। বাঁহৰ পৰা মৌবাকচ অতি কম দামতে বনাব পাৰি। আজিকালি ভাৰতীয় মৌমাখিৰ বাবে লগা কাঠৰ বাকচ এটাৰ দাম ২২০০-২৫০০ টকা। কিন্তু বাঁহৰ বাকচ এটা আমি ৫০০-৭০০ টকাৰ ভিতৰত পাব পাৰো। 

আমাৰ মৌপালকসকলে মৌবাহৰ বিভাজন কৰি মৌমাখিৰ কলনি বিক্ৰী কৰিও যথেষ্ট লাভবান হ’ব পাৰে। এটা কলনিৰ দাম ১৫০০-২০০০ টকা হিচাপে অন্য মৌপালকক বিক্ৰী কৰিব পাৰে। 

মৌমাখি বিজ্ঞানসন্মতভাৱে পুহি বিভিন্ন ধৰণে লাভ পাব পাৰি। মৌবাহৰ পৰা বিভিন্ন সামগ্ৰী আহৰণ কৰাৰ উপৰি মৌমাখিয়ে শষ্য উৎপাদনত যথেষ্ট অৰিহণা যোগায়। অসম কৃষি বিশ্ববিদ্যালয়ত কৰা গৱেষণাৰ পৰা এইটো প্ৰমাণ হৈছে যে শষ্যডৰাৰ ওচৰত মৌবাহ ৰাখিলে শষ্যৰ উৎপাদন ২০-৩০ শতাংশ বৃদ্ধি পায়। ব্যৱসায়িক ভিত্তিত মৌমাখি পুহিব খুজিলে পশ্চিমীয়া প্ৰজাতিৰে আৰম্ভ কৰিলে যথেষ্ট লাভবান হ’ব পাৰি। এই ক্ষেত্ৰত প্ৰশিক্ষণ, কাৰিকৰী জ্ঞান আদিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ত থকা সৰ্বভাৰতীয় মৌপালন আচনি, পতংগ তত্ত্ব বিভাগৰ লগত যোগাযোগ কৰিব পাৰে। 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!