ঊনবিংশ খণ্ড: আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি
লেখক- পাৰবীন চুলতানা
ধৰালৈ আগমণ ঘটিছে ঋতুৰাজ বসন্তৰ। লঠঙা বৃক্ষই তৰপে তৰপে আৱৰণ বান্ধিছে। আম্ৰপত্ৰত কুমলীয়া মুকুল ঠুটিয়াই কুহক পখীয়ে গীত জুৰিছে। বিৰিণা বনত আপোনমনে চৰি আছে মৃগপহুৰ জাক। সূৰুযৰ উষ্ম ৰ’দ পাই তৃষ্ণাতুৰ হোৱা বিড়ালৰ জাকে শিলত বহি নিজৰাৰ শীতল পানীত মুখ দিছে। বসন্তৰ এই উন্মাদনা দেখি ধৰিত্ৰী দেৱীৰ হৃদয় উখল–মাখল। মৃদংগৰ তালত নৃত্য কৰি কৰি মলয়া ৰাণীজনীও ভাগৰি পৰিছে। ব’বলৈ এৰি এখন্তেক জুৰ লৈছে অৰণ্যৰ দাঁতিত। তগৰৰ গোন্ধত ভ্ৰমৰপখীৰ তত হেৰাইছে। প্ৰজাপতিয়ে গেৰুৱা বসন পিন্ধি যেন ধ্যানত বহিছে।
এনেহেন নৈসৰ্গিক পৰিবেশৰ মাজত এহালি প্ৰেম–বিহংগৰ দৰে হাতে হাত ধৰি ঘূৰি ফুৰিছোঁ বিক্ৰম আৰু মই। বকুলবৃক্ষৰ ডালত আঁৰি লোৱা দোলনাখনত অৰ্ধশায়িত অৱস্থাত পৰি ৰৈছোঁ আমি দুয়ো। পল–অনুপল পাৰ হৈ সন্ধ্যা নামিছে। নক্ষত্ৰৰ ধিমিক–ধামাক পোহৰত নীল সৰোবৰৰ পাৰত প্ৰিয়তম পুৰুষৰ কান্ধত মূৰ গুজি বহি ৰৈছোঁ। আন্ধাৰে ক’লা আচ্ছাদনেৰে মেৰিয়াই ধৰি আমাক অধিক নিবিড় হ’বলৈ সুযোগ দিছে যেন। এই দৃশ্য দেখি কিছু দূৰত অৱস্থান লৈছে মোৰ দুয়ো নিৰাপত্তাৰক্ষী। উৎসৱৰ বতাহত লোকগীতৰ সুৰ বিলীন হৈ গৈছে। গগন–মৃৎ–পৱন সকলোতে বসন্তৰ পৰশ। চৌপাশ ৰঙীন পুষ্পৰে আবৃত। কৃষকৰ চকুত নতুন দিনৰ স্বপ্ন। ৰজাঘৰীয়াই উৎসৱৰ নিমিত্তে ধন আৰু বস্ত্ৰৰ যোগান ধৰিছে। বসন্তোৎসৱত বৈশালীবাসীয়ে সমস্ততাৰে নিজক উজাৰি দিছে।
এইফালে পৃথিৱীৰ কোলাহল পাহৰি আমি দুয়ো নিজৰ মাজত মগন হৈ পৰিছোঁ। অনন্তকালৰ নগন্য সময়বোৰ যেন তড়িৎ গতিত পাৰ হৈ গৈছে। ক্ষণবোৰ থাপ মাৰি আনি আঞ্চুলত বান্ধিছোঁ, সৰকি যাব নোৱৰাকৈ হাতৰ মুঠি টান কৰিছোঁ, আকৌ সেই ক্ষণবোৰৰ সৈতেই খোজ মিলাইছোঁ। মাজে মধ্যে ক্লান্ত হৈ তেওঁৰ বক্ষত মূৰ গুজি কৈ উঠিছোঁ,
“বিক্ৰম, বচন দিয়া মোক।“
“কি বচন দেৱী?”, আলফুলকৈ দুহাতত তুলি লয় তেওঁ মোৰ হাতখনি।
“এই সময়খিনি ধৰি ৰাখিবা জীৱনলৈ, সেই বচন দিয়া মোক।“
“বচন দিলোঁ দেৱী। পৃথিৱীৰ জড়–জীৱ সকলো এক হৈ যাওক, কোনেও আঁতৰাব নোৱাৰে আমাক।“
বচন পালেও মাজে মাজে বিচ্ছেদৰ কথা ভাবি উদ্বাউল হৈ পৰোঁ। প্ৰেমৰ লগতে যে এক স্তৱক দুখৰো অৱস্থিতি আৰু সেই অৱস্থিতিয়ে এইদৰে মন প্ৰাণ দহি থাকিব, সেয়াতো স্বপ্নৰো অগোচৰ আছিল।
দূৰৈৰ কুহক পখীৰ বিননিত ভাঁহি আহে বিৰহৰ গীত, বসন্তোৎসৱৰ আনন্দৰ মাজৰ এই কৰুণ বিননিয়ে মোৰ হৃদয় ভেদি যায়। আলিংগনৰত অৱস্থাত নিদ্ৰাত ঢলি পৰা বিক্ৰমৰ লেবেজান দেহাটোৰ পৰা নিজকে মুক্ত কৰি স্নানসৰোবৰৰ ফালে খোজ লওঁ। অবুজ ভাৱনাত চকু মুদি দিওঁ মই। এই পাৰাপাৰহীন সুখৰ উৎস ক’ত, ক’ত, ক’ত?
“তেওঁতেই, কেৱল তেওঁৰ সত্বাটোত।“, অজাতী পখীয়ে উত্তৰ দিয়ে।
“তেওঁ কেৱল মোৰেই নে?”, কুটিল নিয়তিৰ প্ৰশ্নবাণ এইবাৰ মোলৈ।
বিষাদে আৱৰি ধৰে মোক। তেওঁ কেৱল মোৰেইনে? চল্লিশটা বসন্ত গৰকা এই সুদৰ্শন পুৰুষজন কোনো নাৰীৰ প্ৰেমত বলীয়া হোৱা নাছিল নে? সুদৰ্শন পুৰুষৰ বক্ষ বিদীৰ্ণ কৰি সেই উত্তৰৰ সন্ধানত নামি পৰোঁ। মোৰ উন্মত্ত ৰূপ দেখি গভীৰ স্বৰেৰে তেওঁ উত্তৰ দিয়ে,
“ওহোঁ, দেৱী আম্ৰপালীক লগ পোৱাৰ আগলৈকে এই পুৰুষে প্ৰেমৰ সংজ্ঞা জনাই নাছিল।“
“দেৱী আম্ৰপালীক লগ পোৱাৰ পিছত কিদৰে জানিলে সেই সংজ্ঞা?”
সুদৰ্শন পুৰুষৰ চকু–মুখত ভাঁহি আহে এই প্ৰশ্নৰ উত্তৰ। ওষ্ঠ মৌন। কথা ক’ব নোৱাৰে তেওঁ। সময়যন্ত্ৰ ৰৈ যায়। ৰাজপথত চলি থকা ঘোঁৰাবাগীখন যেন বিকল হৈ যায়।
মৌনতা বিৰাজ কৰে চৌপাশে। এই সময়ত যেন কুহক পখীও বিনাবলৈ এৰে, ৰৈ যায় যুৰীয়া কপৌৱে ৰুণ দিবলৈ। সেউজ উপত্যকাত চৰি থকা মৃগপহুৱে তৃণ এৰি মূৰ দাঙি চায়। ঘাটৰ ছাগপহুৱে শীতল জল এৰি কাণ ঊনাই থাকে।
সবাই সেই উত্তৰৰ সন্ধানত, প্ৰেমাস্পদৰ সৈতে পৰিচয় হোৱাৰ আগলৈকে কিয় জনা নাযায় প্ৰেমৰ সংজ্ঞা। প্ৰেম ইমানেই দুৰ্লভ নে?
দুৰ্লভ। দুৰ্লভেইতো। সকলোৰে ভাগ্যত প্ৰেমাস্পদৰ প্ৰেম নাথাকে। সকলোৰে জীৱন প্ৰেমাস্পদৰ প্ৰেমত আৱদ্ধ নহয়। ৰজা মনুদেৱৰ নহয়, নহয় ত্ৰৌঞ্চ ৰাজকুমাৰৰ জীৱন প্ৰেমাস্পদৰ প্ৰেমত আৱদ্ধ। তেওঁলোক আত্মপ্ৰেমত নিমজ্জিত। দুৰ্ভগীয়া তেওঁলোক। দুৰ্ভগীয়া সেই নৰ–নাৰী, যাৰ জীৱন কেৱল ক্ষুধা–তৃষ্ণা আৰু মৈথুন চক্ৰত সমাপ্ত।
এই উপলব্ধিয়ে আমাক আৰু কাষ চপাই আনে। দিন–জগতৰ অংক পাহৰি ঘন বৃক্ষৰ ছাঁত লুকাই পৰোঁ আমি। নিত্য নৈমিত্তিক ঘটনাৰ দৰেই হয়তো সূৰ্য উদয় হৈছে, দাসীসকল কামত ব্যস্ত হৈছে, উদ্যানত সূৰুযৰ পোহৰ পাই ফুলবোৰ ফুলি উঠিছে। নিত্য নৈমিত্তিক ঘটনাৰ দৰেই আম্ৰকুঞ্জৰ স্বপ্নকক্ষিকাত অপেক্ষা কৰি আছে কোনো অভিজাত ব্যৱসায়ী নতুবা চুবুৰীয়া দেশৰ নৃপতিয়ে। মৰ্দনকাৰীৰ হাতত মই দেহা এৰি দিছোঁ, সৈৰিন্ধিৰ ওচৰত মুক্ত কেশ এৰি আন্মনা হৈ পৰিছোঁ। এই নৈমিত্তিক কাৰ্যবোৰৰ বাদে আন সময়বোৰ কটাইছোঁ অৰণ্যৰ মাজত। শাল্ববৃক্ষত আউজি বিক্ৰমে মোৰ ঋজু দেহাটো হাতৰ মুঠিত ধাৰণ কৰিছে, চুম্বনেৰে তিয়াই দিছে অধৰযুগল। কবৰী সুলকি দীঘল কেশৰাজি উন্মুক্ত হৈ মোৰ নগ্ন পৃষ্ঠত আৱৰণ পেলাই দিছে আৰু বাহুৰে পিছলি পৰা কমলাৰঙৰ স্তনপট্টখনিক গত লগাবলৈ সুযোগ পোৱাৰ আগতেই ঘোঁৰাৰ খুৰাৰ শব্দ শুনি উচপ খাই উঠিছোঁ,
“খট খট খট।”
বৃক্ষৰ ঘন পাতৰ ফাঁকেৰে দেখোঁ, ঘোঁৰা দৌৰাই বাট বুলিছে এক নাৰীমূৰ্তি। কোন সেয়া?
প্ৰভা! প্ৰভা গৈছে প্ৰৱেশদ্বাৰ পাৰ হৈ। অকলে গৈছে! কোনোদিনে নোহোৱা কথা এয়া।
“ক’লৈ গৈছে তাই?” বিক্ৰমৰ আলিংগনৰ পৰা মুক্ত হৈ কৈ উঠোঁ মই। মোৰ চিন্তিত বদন দেখি চিন্তিত হয় বিক্ৰম। কমলাৰঙী স্তনপট্টখনিৰে মোৰ অসংযত আচৰণ ঢকাৰ প্ৰয়াস কৰি তেওঁ কৈ উঠিল,
“প্ৰভাক অলপ অন্যমনস্ক দেখিছিলোঁ।“
হয়, হয়। প্ৰভাক অন্যমনস্ক দেখিছিলোঁ। ময়ো দেখিছিলোঁ। কিন্তু মোৰ হাতত তাইৰ বাবে সময় নাছিল। বিক্ৰমৰ নামত উদযাপন কৰাৰ কথা আছিল এই বসন্তোৎসৱ।
“নাই, অন্যমনস্কতাৰ আন কোনো কাৰণ নাই! তাই হয়তো কল্কিনাথৰ ওচৰলৈ গৈছে।”
আনুমানিক উত্তৰটোৱে মনটোক প্ৰবোধ দিব নোৱাৰিলে। এই সাজেৰে তাই কল্কিনাথৰ ওচৰলৈ কিয় যাব? আৰু কল্কিনাথ নিজেই আহে আম্ৰকুঞ্জলৈ। আম্ৰকুঞ্জৰ এটা কক্ষ কল্কিনাথৰ সংৰক্ষিত।
তেনেস্থলত? চিন্তাত ডুবন্ত মনটোৱে এইবাৰ আন এটা কথাৰ গণনা কৰিলে, শুক্ল পক্ষৰ নৃত্যানুষ্ঠানৰ আখৰা কৰা হোৱা নাই এইবেলি।
“শুক্ল পক্ষলৈ কিমান দিন বাকী?”, বিক্ৰমক সুধিলোঁ মই।
“দুৰাতি দুদিন বাকী”, বিক্ৰমে উত্তৰ দিলে।
“আকৌ ব্যস্ত হৈ পৰাৰ সময় আহি গ’ল বিক্ৰম। কিন্তু প্ৰিয়জনে এইবাৰ মোৰ নৃত্য উপভোগ কৰিব, ইয়াতকৈ আনন্দ মোৰ কি হ’ব?”, মই ক’লোঁ।
“ক্ষমা কৰিবা দেৱী, সিদিনাই তোমাৰ প্ৰিয়জন উভতি যোৱাৰ প্ৰয়োজন।“
“কি কৈছা বিক্ৰম তুমি? উভতি যোৱাৰ কথা কৈছা নেকি তুমি? কিদৰে পাৰিলা তুমি? অনন্তকালৰ কথা তুমিয়েতো কৈছিলা”, ক্ৰোধ–অভিমানত নয়নযুগল ৰক্তবৰ্ণী হৈ পৰিল মোৰ।
“আসঃ দেৱী, দেৱী, কিয় এনে আচৰণ কৰিছা দেৱী? তোমাৰ মুখত এনে আচৰণ শোভা নাপায় দেৱী।“, মোৰ অশ্ৰুধাৰ হাতৰ তলুৱাৰে মচি দিলে বিক্ৰমে।
“মই আকৌ আহিম দেৱী, অতি সোনকালেই আহিম। তোমাক বিবাহৰ বান্ধোনেৰে লৈ যাবলৈ আহিম। যাবানে তুমি?”
“এয়া কেনেকৈ সম্ভৱ! বৈশালীৰাজ্যৰ ওচৰত মই চুক্তিবদ্ধ। বৈশালীগণৰ ওচৰত মই চুক্তিবদ্ধ। মোৰ বিবাহ সম্ভৱ নহয়”, মুখ ঘূৰাই দিলোঁ মই। উচুপনিত তল–ওপৰ কৰি উঠিল নন্দনকাননৰ পুষ্প–বৃক্ষ–তৰু–লতা।
উচপিচাই উঠিল বিক্ৰমসেন।
“কিদৰে সম্ভৱ নহয় বিবাহ। এয়া চোৱা, প্ৰেমত সকলো সম্ভৱ”, ডিঙিত পিন্ধি থকা হীৰকৰত্নৰ মালাডাল মোৰ ডিঙিত পিন্ধাই দিলে বিক্ৰমে।
লগে লগে কি চমৎপ্ৰদ পৰিৱৰ্তন। মন্দিৰৰ ঘণ্টা বাজি উঠি উৰুলিধ্বনিৰ ৰূপ ল’লে, বিজুলী চমকি ক’ৰবাত যেন হোমৰ জুই জ্বলি উঠিল, নৈশ বিহগে বিয়াৰ মন্ত্ৰপাঠ কৰিলে। স্বামী–স্ত্ৰীৰ দৰে আমি দুয়ো গভীৰ মিলনত ৰত হ’লোঁ। এলানি প্ৰেমময় স্পৰ্শ লভি মোৰ মন–শৰীৰ–আত্মা সকলো লীন হৈ গ’ল সেই তপ্তকাঞ্চন দেহবল্লৰীৰ মাজত।
কপালত চিন্তাৰ ৰেখ টানি প্ৰভাই ঘোঁৰা দৌৰাইছে নগৰৰ নিলগৰ বৈদ্যৰ ওচৰলৈ। গোপন অথচ বহুত দৰকাৰত পৰিহে প্ৰভা আহি এই বৈদ্যৰ ওচৰ চাপিছে। মৰ্দনকাৰীয়ে এই বৈদ্যৰ ওচৰৰ পৰা ঔষধি তেল আৰু আন ভেষজ দ্ৰব্য কিছুমান সংগ্ৰহ কৰে। মহিলাৰ ৰোগ তথা সন্তান ধাৰণ তথা গৰ্ভপাতৰ নিমিত্তে প্ৰয়োজন হোৱা নিদানত এই বৈদ্যৰ ঔষধ সৰ্বজনবিদিত।
“নিশ্চয় তেন কোনো গোপন সমস্যা! ৰাতিৰ আন্ধাৰত ওৰণিৰে মুখ ঢাকি অহা নাৰীমূৰ্তিটো দেখি বৈদ্যই সেইদৰে ভাবিলে।
“নাই বৈদ্য, তেনে সমস্যা নহয়। মোক বিহৰ প্ৰয়োজন হৈছে। আপোনাৰ ওচৰত থকা আটাইতকৈ কাঢ়া বিহৰ দৰৱ এপালি মোক লাগে।”
“বিহ! আটাইতকৈ কাঢ়া গুণযুক্ত বিহ!”, বৈদ্যৰ চকু বিস্ফাৰিত।
“হয় বৈদ্য”, প্ৰভাই উত্তৰ দিছে।
“দেৱী মোক তুমি কাৰণটো কোৱা”, বৈদ্যই শংকা প্ৰকাশ কৰিছে।
প্ৰভাই একুৰি স্বৰ্ণ মুদ্ৰা মজিয়াত ঢালি দিছে, “একো প্ৰশ্নৰ অৱতাৰণা কৰাৰ প্ৰয়োজন নাই বৈদ্য। গোপন বুলি কৈছোঁ যেতিয়া নিজৰ আত্মাকো ক’বলৈ বাধ্য নহওঁ মই।”
প্ৰভাৰ কথাত বন্দী হৈ বৈদ্যই ভেষজ ঔষধৰ পাত্ৰ এটা লৈ আনিলে। তাৰ পিছত বটলৰ পৰা কেইটোপালমান ৰস মিহলালে। মিশ্ৰণখিনি মুহূৰ্ততে ডাঠ সেউজীয়া বৰণলৈ পৰিণত হ’ল।
“সাৱধান। এয়া খুব কাঢ়া ঔষধ। এই ঔষধৰ সামান্য পৰিমাণেও জিহ্বাৰস বা ৰক্তকণাত মিলিত হ’লে ক্ষণিকৰ ভিতৰতে মৃত্যুমুখত পৰিব পাৰে”, বৈদ্যই ঔষধৰ বটলটো প্ৰভাৰ হাতত তুলি দিলে।
পৰাহ্নৰ বেলি উঠাৰ আগতেই ৰাতি শেষচাটি আন্ধাৰৰ স’তে গতি মিলাই খটখটকৈ ঘোঁৰা দৌৰাই প্ৰভাই উভতনি যাত্ৰা আৰম্ভ কৰিলে।
“দেৱী প্ৰভাৰ জয়”, দ্বাৰৰক্ষীয়ে দুৱাৰ খুলি দিলে।
“দেৱী আম্ৰপালী ক’ত আছে?”, প্ৰভাই উদ্যানৰ প্ৰৱেশপথত নিৰাপত্তাৰক্ষীক দেখি প্ৰশ্ন কৰিলে।
নিৰাপত্তাৰক্ষীৰ চকুৰ ইংগিতত প্ৰভাই মিচিকিয়াই হাঁহিলে, “বিক্ৰমৰ মাজত সখী পালীয়ে এজন সঁচা প্ৰেমিকক বিচাৰি পাইছে।”
নটীঘৰত শিকাৰু নটীসকলে নৃত্য কৰি আছিল। বাদ্যযন্ত্ৰীসকলে সংগত কৰি আছিল বাদ্য। প্ৰভাই চাই আহিল মাজতে এবাৰ, “এইবাৰ নৃত্যানুষ্ঠান বৰ আশাব্যঞ্জক নহ’ব। দৰ্শকবৃন্দক সোমৰস আৰু সুস্বাদু খাদ্যৰ যোগান ধৰিয়েই সন্তুষ্ট ৰাখিব লাগিব”, তাই লাহেকৈ কৈ উঠিল।
“কিয় আশাব্যঞ্জক নহ’ব?” মই ধীৰে ধীৰে আহি তাই গম নোপোৱাকৈ পিছফালে থিয় দিলোঁ। উচপ খাই উঠিল যেন তাই।
“কাৰণ আমাৰ দেৱী প্ৰেমৰ পৃথিৱীত মগন হৈ আছে। নৃত্যৰ বাবে সময় ক’ত দেৱীৰ?”, তাই চকুৰে সিয়াৰি উঠিল।
“নাই কেৱল প্ৰেমৰ পৃথিৱীত মগন নহয়, মাল্যাৰ্পণ হৈ গৈছে আমাৰ”, মই তাইক গলৰ হাৰডাল দেখুৱালোঁ।
চকু মেল খাই গ’ল তাইৰ, “পালী! তই জাননে, বিবাহ যে তোৰ বাবে আইনবিৰুদ্ধ”, জোৰেৰে চিঞৰি উঠিল তাই।
তাইৰ ওঁঠত আঙুলি ৰাখিলোঁ, “হওক আইনবিৰুদ্ধ। প্ৰেমৰ নামত মোৰ মৃত্যু হওক, মোৰ আপত্তি নাই।”
মোৰ মূৰটো মৰমেৰে পিহি দিলে তাই, “একো নহয়। চিন্তা নকৰিবি।”
“আমি কাইলৈৰ শুক্ল পক্ষত নৃত্য পৰিবেশন কৰিম। আখৰা নকৰিলেও এই নৃত্য মোৰ বাবে স্মৰণীয় হৈ ৰ’ব”, মই ক’লোঁ।
“কিন্তু মই থাকিব নোৱাৰিম পালী। কল্কিনাথে মোক তেওঁৰ কক্ষলৈ নিমন্ত্ৰণ দিছে। বসন্তোৎসৱৰ বাবে তেওঁৰ পত্নী দীৰ্ঘদিনৰ বাবে আয়েকৰ ঘৰলৈ গৈছে।“
কথাষাৰ কৈ দুনাই মোক প্ৰশ্ন সুধিবলৈ সুবিধা নিদি প্ৰভা নটীসকলৰ মাজত ব্যস্ত হৈ পৰিল। ধ্ৰুপদী সংগীতৰ সুৰ এটা ওপৰৰ কক্ষৰ পৰা ভাঁহি আহিল।
পুৱাৰে পৰা দাসীসকলে কামত ধৰিলে। বিক্ৰমৰ বিদায়পৰ্বৰ ক্ষণ গণি মোৰ শান্ত মন পুনৰ অশান্ত হ’বলৈ ধৰিলে। প্ৰভা ব্যস্ত হৈ থাকিল সৌন্দৰ্য চৰ্চাত। ঢৌ খেলোৱা কেশত জবাকুসুমৰ ৰস সানিলে, মুখত সানিলে হিংগুলচূৰ্ণ। মুলটানি মাটিৰে ভৰি হাত মসৃণ কৰি তুলিলে। কিংখাপৰ বস্ত্ৰ, কুমকুম আৰু চন্দনেৰে অংগৰাগ কৰি সন্ধ্যাৰাণীৰ আগমন ঘটাৰ লগে লগে আম্ৰকুঞ্জৰ চৌহদৰ পৰা বাহিৰ ওলাল। অৱশ্যে তাৰ আগে আগে গোপন কক্ষত সোমাই স্তনৰ আবুৰ খহাই ঔষধৰ বটলৰ পৰা বিষাক্তৰসৰ টোপাল লগাবলৈ নাপাহৰিলে।
শুক্ল পক্ষৰ চন্দ্ৰকলাৰ পোহৰত শাৰী শাৰী বন্তিমালাৰ মাজেৰে তাই ঘোঁৰাবাগীত উঠি যাত্ৰা আৰম্ভ কৰিলে কল্কিনাথৰ ওচৰলৈ।
কল্কিনাথ তেতিয়া ৰজা মনুদেৱৰ গোপন কক্ষত। প্ৰভাৰ পত্ৰ পায়েই দৌৰি আহিছে ৰজা মনুদেৱৰ ওচৰলৈ।
“বৰ গুৰুত্বপূৰ্ণ বাতৰি আনিছোঁ মহাৰাজ।”
“কোৱা কল্কিনাথ।”, মনুদেৱে কল্কিনাথৰ বতৰাটো শুনিবলৈ উৎকৰ্ণ হৈ ৰ’ল।