এখন চকী

লেখক- স্পন্দন অনুৰাগ বৰ্মন

পুৰণি চকীখন
পুৰণি, একেবাৰেই আওপুৰণি
চেগুন কাঠৰ

মই সৰু থাকোঁতে চকীখন দেখিছিলো কিছুবছৰ
তাৰপিছত চকীখন ভাঙি থাকিল কেনেকৈ
মোৰ মনত নাই
আমাৰ মনত নাই

দেউতায়ো চকীখন সৰুৰে পৰাই দেখিছিল
কিন্তু তেঁৱো ক’বপৰা নাছিল চকীখন কাৰ দিনৰ
হয়তো ককা বা আজোককাৰ দিনৰ
অথবা তাতকৈয়ো বহু পুৰণি

মই সৰু থাকোতে চকীখনক লৈয়েই দেউতাৰ লগত কাজিয়া লাগিছিলোঁ
ঠিক তাত বহিব পৰাৰ লোভ বা মোহত নহয়
আমাৰ বিষয় আছিল বেলেগ

দেউতাই কৈছিল চকীখনৰ চাৰিটা ঠেং
চাৰি বেদৰ জ্ঞান

মই কৈছিলো, দেউতা
চাৰি যুগোতো হ’ব পাৰে?

হায়াৰ চেকেণ্ডাৰী স্কুলত অংক পঢ়োৱা মায়ে
পাকঘৰৰ পৰাই কৈছিল,
কিয়, চাৰিটা ডাইমেনশ্যন কিয় হব নোৱাৰে?

দেউতাই কৈছিল উমহু,
চোৱা ঠেং চাৰিটা সাইলাখ একে যদিও
নিখুঁতভাৱে একেতো নহয়
নেনো মিটাৰৰ হিচাপত হলেওতো ইফাল সিফাল হ’ব৷

মই দেউতাক সুধিছিলোঁ, তেন্তে?

দেউতাই কৈছিল, তেন্তে আৰু কি
চাৰিটা ঠেং আচলতে একেই যদিও বেলেগ বেলেগ জ্ঞানৰ সমাহাৰ
ঠিক চাৰি বেদৰ দৰে

মই বুজি পোৱা নাছিলোঁ, প্ৰায়ে স্কেল এপাত লৈ ঠেং চাৰিটা জুখি চাইছিলোঁ

দেউতাই এদিন দেখা পাই হাঁহি হাঁহি কৈছিল
পাগল, জ্ঞান জানো স্কেল অথবা তুলাচনীৰে জুখিব পাৰি?

মই কৈছিলো, হিচাপতো কৰিব পাৰি
সময়ৰ?
যুগৰ?

মই যেতিয়া ডাঙৰ হৈ আহিলোঁ
চকীখন ভাঙি থাকিল অযত্নপালিত হৈ
চাৰিটা ঠেং চাৰি ঠাইত পৰি থাকিল
পঁচি গৈ থাকিল
হয়তো ভেঁকুৰ ধৰিল
কোনোবাটোত হয়তো বেংচতা

মেক্ৰ’ ফটোগ্ৰাফী কৰা মোৰ পুত্ৰই এদিন কোনোবা এটা পঁচি পৰি থকা ঠেঙৰ
(যি আছিল ছাঁদৰ ওপৰত)
ফটোগ্ৰাফী কৰি আনি দেখুৱালে

ফটোখন ইমান ৰঙীণ আছিল
ইমান অৰ্থবহ
একদম যেন গ্ৰাফিক্স
সি ক’লে, পাপা নাইচ না?
মই সুধিছিলোঁ ঠিক কি বস্তুৰ ফটো হয় এয়া৷
সি কলে, কিয়, টেৰেছত পৰি থকা কাঠৰ টুকুৰা এটাৰ

মোৰ জীয়ৰীজনী
মাইক্ৰ’বায়লজীত ৰিচাৰ্ছ স্ক’লাৰ
তাই প্ৰায়ে মাইক্ৰ’স্ক’পত ক্ষুদ্ৰাতি ক্ষুদ্ৰ জীৱক লৈ কি জানো পৰীক্ষা কৰি থাকে
ইঞ্চিতকৈয়ো সৰু এটি কাঠৰ টুকুৰা তাইৰ মাইক্ৰস্ক’পৰ লেঞ্চৰ তলত লাগিয়ে থাকে
এদিন তাই মোক সুধিলে,
পাপা কোৱাচোন এই পঁচা কাঠটুকুৰা কিহৰ?

মই সুধি দিছিলোঁ কিহৰ?
তাই কৈছিল, সেই যে, ষ্ট’ৰ ৰূমত চকী এখনৰ
ঠেং এটা আছিল নহয়, তাৰে।
এইটুকুৰা পঁচা ঠেঙত থকা জীৱনবোৰক পৰীক্ষা কৰিয়েই মই ডক্টৰেট ডিগ্ৰী পাবলৈ ওলাইছোঁ পাপা
থেংকছ টু ইয়ৰ ওল্ড চেয়াৰ

চকীখনৰ যি চাৰিটা ঠেঙক লৈ
দেউতা আৰু মোৰ মাজত কাজিয়া হৈছিল
কেতিয়াবা মায়েও সেই কাজিয়াত ভাগ লৈছিল
সম্প্ৰতি সেই ঠেং চাৰিটা মোৰ পুত্ৰৰ কাৰণে কাঠৰ টুকুৰা
(মোৰ বাবে আবেগ আছিল)

অথবা মোৰ জীয়েৰীৰ
পিএইচডিৰ কাৰণে গৱেষণাৰ বিষয়
এটুকুৰা পঁচা কাঠ, য’ত আছে অজস্ৰ অণুজীৱ

যোৱাবছৰ মোৰ পত্নীয়ে লিখি পেলালে এটি গল্প
”এখন ভগা চকী”
বিষয়বস্তু কি চমৎকাৰ, লিখন শৈলী একক আৰু অনন্য
শব্দবোৰ অনুপম।
গল্পটিয়ে কোনোবা জনপ্ৰিয় আলোচনী এখনে পতা প্ৰতিযোগিতাত
শ্ৰেষ্ঠ পুৰস্কাৰো পালে।
পত্নীয়ে তাৰ ক্ৰেডিট আমাৰ ভগা চকীখনক ঠিকেই দিলে
কিন্তু সিখনৰ বাকীদুটা ঠেং তাই ক’ত পেলাই দিছিল আজিয়ো মনত পেলাব নোৱাৰিলে

মোৰ ৰিটায়াৰমেণ্টৰ পিছত
দিনটোৰ বেছিভাগ সময়
চকীখনৰ ভাৱনাতেই মই মত্ত হৈ থকা হ’লোঁ
এয়া মোৰ বাবে আমোদ নহয়
দুখ ঠিক নহয়
ক’ব পাৰি অভিমান

এদিন মোৰ বন্ধুৱে পৰামৰ্শ দিলে
পাহৰি যাবলৈ,
সি কৈছিল, বয়স থাকোতেই যাক সংৰক্ষণ কৰি ৰাখিব নোৱাৰিলি
বৃদ্ধ বয়সত তাৰ কথা চিন্তা কৰি কি লাভ?
গ’ল যি গ’লেই, নতুনৰ লগত এডজাষ্ট কৰিবলৈ চেষ্টা কৰ

মোৰ নতুনৰ লগত এডজাষ্ট কৰিবলৈ কষ্ট হয়
সময় লাগে
আপোনাৰো হয় চাগে
মোৰ বাবে পত্নীয়ে আনি দিয়া আৰামী চকী
ঘৰত থকা ছোফা, ডানলুপ
সেইবোৰত বহিলে কিয় জানো
কঁকাল অথবা পিঠিৰ বিষতকৈ
বুকুখন হে কিবা মচ্‌মচাই উঠে

সেই কাঠৰ চকীখন
চেগুন কাঠৰ
চাৰিটা ঠেং

দেউতাই কৈছিল,
সূৰ্যখড়ী দৈবজ্ঞ বুজিলি

মই কৈছিলোঁ কি দেউতা?

দেউতাই কৈছিল,
চকীখন এটা জাতি
এটা সংস্কৃতি
এটা চেতনা
এটা বোধ

তেন্তে সূৰ্যখড়ী দৈৱজ্ঞ দেউতা?
আৰু ঠেং চাৰিটা?

দেউতাই ডাঠ ফ্ৰেমৰ চশমাখন মচি মচি কৈছিল,
সেই যে-
”কোঁচ কছাৰী মিকিৰ লালুং চাৰি জাতি
ইসৱ কোঁচেৰ শাখা জানিবা সম্প্ৰতি”

মই তেতিয়া অলপ ডাঙৰ
বহু কথাই বুজি পোৱা হৈছো নতুনকৈ।
দেউতাৰ কথাত সংযোগ কৰিছিলো,
তেন্তে দেউতা ঠেং চাৰিটাই দখল কৰা স্থান?

দেউতাই ওলোটাই মোক প্ৰশ্ন কৰিছিল,
ইয়াৰ উত্তৰ তোৰ হাতত নাই?

মই এমোকোৰা প্ৰাণোচ্ছ্বল হাঁহি মাৰি কৈছিলোঁ,
তেন্তে সেই চাৰি স্থান চাৰি পীঠ
কাম, স্বৰ্ণ, ৰত্ন আৰু সৌমাৰ?

এদিন টিভিত হুলস্থূল
ধৰ্ণা, পিকেটিং, কন্দুৱা গেছ
ছোৱালীজনী ইউনিভাৰ্চিটিলৈ যাব পৰা নাই
বৰ জৰুৰী কাম আছিল তাইৰ
ল’ৰাটো অনাই বনাই ফুৰি আহি মোক তাৰ কেমেৰাৰে তোলা ফটো দেখুৱাই আছিল
ল’ৰা এজনৰ গাত গুলি লাগিছে
মহিলা এগৰাকীৰ মূৰ ফাটিছে

ছোৱালীজনীয়ে খং আৰু অলপ অভিমান মিশ্ৰিত কণ্ঠেৰে কৈ উঠিল,
কোনে যে বন্ধবোৰ দিয়ে নহয়
কি লাভ?

লগে লগে পুত্ৰৰ কাউণ্টাৰ এটাক,
আৰে কিয় নিদিব? অধিকাৰৰ কথা নাই?

জীয়ৰীয়ে কলে, কি অধিকাৰ, কাৰ অধিকাৰ?
সকলোবোৰ শেষত ক্ষমতাৰ খেল

পুত্ৰ হাৰি গৈছিল
মোৰ দুখ লাগিছিল
জীয়েৰীয়ে জিকি গৈয়ো সুখী হোৱা নাছিল,
মোৰ গাত পাতল কম্বল এখন জাপি দি কৈছিল,
দেউতা, মন বেয়া নকৰিবা
আন্দোলনত তোমাৰো বন্ধু এজন ঢুকাইছিল,
কি পালে তেওঁ?
কি পালা তুমি?

আচলতে যি পালোঁ,
পাহৰণিৰ গৰ্ভত হেৰাই যোৱা স্বৰ্ণিল ইতিহাস

যি হেৰুৱালোঁ,
নিজৰ অস্তিত্ব

ৰাতি ভাত খাবলৈ মাতিবলৈ আহি
মোৰ পত্নীয়ে দেখে,
মোৰ দেহটো নিথৰ হৈ পৰি আছে

মহাশূন্য…!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!