এখন নদীৰ অপমৃত্যু
লেখক- মইদুল হক
হয়, আপুনি ঠিকেই শুনিছে
এয়া মৃত্যু নহয়,
এয়া হল অপমৃত্যু।
এৰা, এয়া অপমৃত্যু ও নহয়।
এয়া হ’ল হত্যা, এক নিৰ্মম শীতল হত্যাযজ্ঞ।
যি যজ্ঞৰ আহুতি হল সুৱৰ্ণগৰ্ভা সোৱণশিৰি!
সোৱণশিৰিৰ অযুত আশ্ৰিত!
প্ৰকৃতিৰ অমৃত প্ৰৱাহিনী সোৱণশিৰিক
গৰলেৰে কৰিলোঁ কলুষিত,
হ’ব জানো সেই অমৃত আকৌ সঞ্জীৱনী সুধা?
কোনে শুনিব আজি হতভগীয়া জলজৰ
মৃত্যুৰ কিৰিলি?
আমিবোৰতো
বৈদ্যুতিক চাকনৈয়াত ভাসমান নষ্ট জীৱ!
নাই, আমাৰ সময় নাই! আমি ব্যস্ত।
ব্যস্ত আমি যতীন বৰাৰ চিনেমাক লৈ!
ব্যস্ত আমি বিশ্বকাপক লৈ!
ব্যস্ত আমি ইজৰায়েলক লৈ!
পৃথিৱীৰ এই অসুখৰ পথ্য যোগাবলৈ আমাৰ
আহৰি নাই।
আছে নহয় কোনোবা যাদব পায়েং… আৰু
কোনোবা মেধা পাটকাৰ।
আমিবোৰতো ভাৰাতীয়া হে…,
ঘৰখন সিহঁতৰ।
এৰা, … আমিবোৰ আচলতে অভিশপ্ত!
কেতিয়াবা যদি আমাক শাপিছে
নৰ্মদাৰ জলস্ৰোতে,
কেতিয়াবা আকৌ বিষ্ণৈৰ বিৰিখে!
আজি আকৌ শাপিব…
সোৱনশিৰিয়ে!
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments