এজন_অপ্ৰেমিকৰ_বাবে; মূল বাংলা - তছলিমা নাছৰিন

অনুবাদ - মনালিছা পাঠক নেওগ

এই চহৰতে তুমি বাস কৰা, 

কামে কাজে অকাৰণে দৌৰা, 

এদিন কৰবাত

আড্ডা দিবা অৱসৰত, 

মদ খাবা, তুমুল হৈ চৈ কৰিবা, 

ৰাতিটো শুই যাব কিন্তু তুমি নুশুবা। 

সুবিধা পালে কোনো কোনো

সন্ধ্যা ইঘৰত সিঘৰত খাবলৈ যাবা, খেলিবলৈ যাবা। 

কোনে জানে হয়তো খুলিবলৈ যোৱা কাৰোবাৰ শাড়ী। 

হয়তো মোৰ চোতালৰ সিপাৰে থকা ঘৰ এটাত। 

এই চুবুৰীতে দুঘণ্টা খোজ কাঢ়িব পাৰা। 

ওচৰত থাকি, 

হয়তো তুমি মোক ক’বা যে ওচৰতে আছোঁ। 

মই কঠোৰ হৈ থাকি, 

টুকুৰা টুকুৰকৈ নিজকে কাটিম, 

দেখা নোপোৱাৰ যন্ত্ৰণালৈও মই নকওঁ, আহক। 

নকওঁ, 

তোমাক সময় নাই বুলি কোৱাৰ সুযোগ নিদিওঁ, 

বা শেহতীয়াকৈ তুমি বৰ ব্যস্ত। 

তোমাৰ অপ্ৰেমৰ পৰা মই নিজকে ৰক্ষা কৰিম। 

তোমাৰ লগত মোৰ দেখা নহ’ব। 

বছৰ ঘূৰিব তোমাৰ লগত মোৰ দেখা নহ’ব। 

নেদেখাকৈ থাকি থাকি পাহৰি যাম, 

তোমাৰ লগত দেখা হোৱাটো কেনে আছিল। 

কি ৰঙৰ চাৰ্ট পিন্ধা তুমি, 

হাঁহিলে তোমাক কেনে লাগিব, 

কথা পতাৰ সময়ত নখ কামোৰা, 

চকুৰ ফালে চোৱা নে 

অন্য কৰবাত চাই থাকা, 

ভৰি দুখন লৰচৰ কৰা নে, 

চকীৰ পৰা সঘনাই উঠা নে পানী খাবলৈ, পাহৰি থাকিম। 

দেখা নহ’লে পাহৰি থাকিম

তুমি দেখিবলৈ ঠিক কেনে আছিলা। 

তিলবোৰ মুখৰ কোন কোন ঠাইত আছিল, 

অথবা আছিল নে বা নাছিল। 

তুমি কেনেদৰে চুমা খোৱা, 

সাৱটি ধৰি চুলি বা বুকুত মুখ গুজাটো কেনে আছিল তোমাৰ, 

পাহৰি থাকিম। 

অনেক বছৰ পাৰ হৈ যাব, 

তোমাৰ লগত মোৰ আৰু দেখা নহ’ব। 

একে চহৰতে, অথচ দেখা নহ’ব। 

ৰাস্তা ভুল কৰি কোনো কাৰো ৰাস্তাৰফালে নাহিম, 

আমাৰ অসুখ বিসুখ হ’লেও দেখা নহ’ব। 

কোনো পথ সংযোগস্থলত 

বা পেট্ৰ’ল পাম্পত

বা মাছৰ দোকান, 

কিতাপৰ মেলা, 

ৰেষ্টুৰেণ্ট, 

ক’তো দেখা নহব। 

বহু বছৰৰ পাছত ভাবিছোঁ, যিদিনা হুলস্থূল কৰি

গধূলিৰ সময়ত মোৰ নিসংগ কোঠাটোত পোহৰৰ জাক এটা প্ৰৱেশ কৰিব, 

যিদিনা বাৰাণ্ডাত ৰৈ থাকোঁতে

চাদৰৰ আচল উৰুৱাই নিব 

অবাধ্য বসন্তৰ বতাহে। 

এটা ৰাতি আকাশ আৰু চন্দ্ৰৰ লগত কথা পাতিম, 

সেইদিনা ৰাতিটো গোটেই ৰাতিটো, তোমাক

মনে মনে ক’ম, 

যে দেখা নহ’লেও জীয়াই থকা যায়

বুজিছা, 

কোনে কৈছে নাযায়, 

চোৱা, শপত খোৱা। 

হাজাৰ হাজাৰ বছৰে তোমাক দেখা নাই। 

সেই বুলি কি জীয়াই থকা নাই? 

শপত, ভালকৈয়ে আছোঁ। 

ভাবিছোঁ ক’ম, 

তুমিটো আচলতে একো 

নহয়, সঁচাকৈয়ে, 

মোৰ ইচ্ছাৰে তোমাক আঁকিলোঁ, 

মোৰ ইচ্ছাৰে তোমাক প্ৰেমিক কৰিছিলোঁ, 

মোৰ ইচ্ছাৰে অপ্ৰেমিক কৰিছিলোঁ। 

তুমি একো নহয়, সঁচাকৈয়ে। 

তোমাক নেদেখাকৈ লক্ষ লক্ষ বছৰ জীয়াই থাকিব পাৰি! 

অপ্ৰেমিকক নোচোৱাকৈ, অনন্তকাল। 

এফোঁটা চকুৰ পানীয়ে বৰ্ষাৰ পানীৰ দৰে সৰি ধুই 

দিব পাৰে

অতকালে অঁকা সকলো ছবি, তোমাৰ নাম ধাম

মচি দিব পাৰে চকুৰ পানীয়ে। 

তোমাক নিশ্চিহ্ন কৰি দিব পাৰে। 

মোক অকলশৰীয়া বুলি নাভাবিবা

কেতিয়াও, 

তোমাৰ অপ্ৰেম

মোৰ লগতে থাকে। 

 

 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!