এজাহাৰ
লেখক- —পূৰৱী ভৰালী
ফাগুনৰ এটা ধূলিয়ৰি দুপৰীয়া। বিদিশাই গাড়ীৰ খিৰিকীৰে বাহিৰলৈ চালে। চৌদিশ বিবৰ্ণ, ধূসৰ। পকী পথটোৰ দুয়োকাষে সৰা পাতৰ দম। বাটৰ কাষৰ কৃষ্ণচূড়াবোৰ ক্ৰমশঃ লঠঙা হোৱাৰ দিশে। এজাক ফিৰফিৰিয়া বতাহে তাইৰ চুলিটাৰি আউল বাউল কৰিলে। বতাহ জাকে তাইৰ মনটোকো আউল বাউল লগাই গুচি গ’ল। কিবা এটা উদাস উদাস ভাবত তাই ডুব গ’ল। তাইৰ আজিকালি প্ৰায়েই অনুভৱ হয়, তাই অতি কাষৰ কাৰোবাক হেৰুৱাইছে, যাৰ বাবে তাই অস্থিৰ হৈছে। অ’ত-ত’ত অনবৰতে তাইৰ দুচকুৱে কাৰোবাক বিচাৰে। সেই বিশেষ ব্যক্তিজন কোন তাই পোনচাটে ক’ব নোৱাৰে। তেওঁক ক’ত লগ পাইছিল বা ক’ত হেৰুৱাইছে সেই সম্পৰ্কেও তাই স্পষ্ট নহয়। মানুহবোৰ হেৰায়, এয়া তাই জানে। কেতিয়াবা এই জগতৰ পৰা, কেতিয়াবা মনৰ পৰা। তাই গাড়ীৰ দুয়োখন খিৰিকী নমাই দিলে। উদাসী বতাহজাকে তাইক বেছি বিষণ্ণহে কৰিলে। বাটত মানুহৰ আহ-যাহ কম। কেৱল পৰুৱাৰ দৰে গাড়ীৰ শাৰী। প্ৰতিখন গাড়ী যোৱাৰ পিছত সৰাপাতবোৰে এবাৰ ইফালে এবাৰ সিফালে উৰিছে। এই সৰা পাতবোৰৰ লগত তাইৰ জীৱনটোৰ অদ্ভুত মিল। সৰুতে মাকহঁতে কৈছিল,
” খেলি নাথাকিবি, কিতাপ পঢ়।”
ডাঙৰ হৈ যেতিয়াই তাই কিতাপ মেলি লৈছিল, তেতিয়াই মাকে কৈছিল,
” বহুত পঢ়িলি, এতিয়া বিয়াত বহ।”
তাই বিয়াত বহিল।
তথাপি তেওঁলোক সন্তুষ্ট নহ’ল। তেওঁলোক আকৌ ক’লে,
” বিয়াত বহিলেই নহ’ব, মাক হ’বৰ হ’ল। “
তাই মাক হ’ল।
ঠিক বতাহত এই সৰাপাতবোৰ ইফাল-সিফাল হোৱাৰ দৰে কথাৰ পাকবোৰৰ মাজেৰে ইফাল-সিফাল কৰোঁতেই তাই জীৱনৰ মধ্যবয়স পালেহি। দেখাত একো সমস্যা নথকা নিজঞ্জাল জীৱন তাইৰ। তাই কিয় সৰাপাতৰ দৰে ইফাল-সিফাল কৰিছে সেই প্ৰশ্নও কেতিয়াও তাইৰ মনলৈ অহাই নাছিল। কিন্তু কেইদিনমানৰ পৰা তাই অনুভৱ কৰিছে দুপৰীয়াবোৰত তাই অজানিতে উদাস হৈ পৰে। আবেলি হ’লেই তাইৰ অকলশৰীয়া যেন অনুভৱ হয়। সন্ধিয়া হ’লে মন বেয়া হয়। ৰাতি হ’লে দুচকুত দুঃস্বপ্ন ভাঁহে। কোনোবা যেন অতি আপোনজন নোহোৱা হৈ গ’ল এনে লাগে। কিন্তু সকলো দেখোন আগৰ দৰেই আছে।
” বাইদেউ, কলেজ পালোহি।”
ড্ৰাইভাৰৰ মাতত তাই বাস্তৱলৈ ঘূৰি আহিল। তাই গাড়ীৰ পৰা নামি ড্ৰাইভাৰক ভাৰাটো দি দিলে। গাড়ীখন গুচি গ’ল। তাই কলেজখনলৈ মূৰ তুলি চালে। তেনেই সলনি হ’ল সকলোবোৰ। দীঘল দীঘল বাৰাণ্ডাৰ ঘৰবোৰ এতিয়া অট্টালিকা হ’ল। চাৰিওফালে এক শান্ত সমাহিত পৰিৱেশ। তাই প্ৰথম বিল্ডিঙটোৰ কৰিডৰেৰে পাছফালে গ’ল। এইফালেও সাংঘাতিক পৰিবৰ্তন। তাই সিহঁতৰ মেজৰৰ ক্লাছ কৰা কোঠাটোৰ ফালে চালে। নাই, চাৰিওফালে নতুনৰ প্ৰয়োভৰ। এই পৰিৱেশত তেওঁক বিচাৰি পোৱাটো অসম্ভৱ। তাই কলেজৰ কেণ্টিনখনলৈ গ’ল। সেই কেণ্টিনখনত তেওঁ বহু সময় কটাইছিল। কেছ কাউণ্টাৰত কোনোবা অন্য এজন মানুহ বহি আছে। তাত ৰাজা দা নাই। আগৰ সাধাৰণ চকী মেজবোৰ নাই। আধুনিক সা- সুবিধাৰে ভৰি আছে গোটেই কোঠাটো। এই পৰিৱেশত বিদিশাইনো তেওঁক ক’ত বিচাৰি পাব? তাই নিৰাশ হ’ল। নাই নাই, নিৰাশ হ’লে জানো হ’ব? তেওঁক লগ নাপালে তাই বহু কিবাকিবিৰ পৰা বঞ্চিত হ’ব। এইবাৰ তেওঁক লগ পালে তাই তেওঁৰ মনৰ কথাবোৰ মন দি শুনিব। তেওঁক গুৰুত্ব দিব। বৰ অৱহেলা কৰা হ’ল তেওঁক। কিন্তু ক্ষমা বিচাৰিবলৈও যে তেওঁক বিদিশাই বিচাৰি নোপোৱা হ’ল। তাইৰ দুচকু অশ্ৰুসিক্ত হ’ল।
এইবাৰ তাই বাছ এখনত উঠিলে। ফাগুনমহীয়া এনে ধূলিয়ৰি পৰিৱেশত ঘূৰি ফুৰাৰ অভ্যাস তাইৰ নাই। উপায় নাই। তেওঁক যে লগ পাবই লাগিব। শাহুৱেকৰ কেটেৰা জেঙেৰাকো সহ্য কৰি তাই আজিৰ দিনটো উলিয়াই লৈছে। বাছৰ খিৰিকীৰ কাষৰ এটা ছিটত তাই বহি পৰিল। গন্তব্য স্থান তাইৰ জন্মস্থান, আঁহতগুৰি। এইখন ঠাই তেওঁৰো বৰ প্ৰিয় ঠাই আছিল। তাত জানো তেওঁক লগ পোৱা যাব? বাছৰ গতিবেগ বঢ়াৰ লগে লগে তাইৰ মনটো অতি বেগেৰে অ’ত-ত’ত ঘূৰি ফুৰিব ধৰিলে।” সৰাফুল” গানটোৰ কথাৰ দৰে বিদিশাৰো নিজকে ক’বৰ মন গ’ল, ” মন মোৰ নাযাবি বেছি দূৰলৈ, কলীয়া ডাৱৰে ঢাকিব তোক।” তেওঁৰ লগত কটোৱা ভাললগা সময়বোৰে বিদিশাক বৰকৈ আমনি কৰিব ধৰিলে। ক’ত যে হেৰুৱাই থৈ আহিল তেওঁক! সৰু পুতেক সোণ জন্মৰ সময়লৈকে তেওঁক মাজে মাজে তাই লগ পাইছিল। কিন্তু তাৰ পিছৰ দিনবোৰত তেওঁ জানো ক’ত হেৰাই থাকিল! তেওঁৰ প্ৰতি যে তাইৰ অন্তৰত ইমান মায়া সোমাই আছিল, তাই জনাই নাছিল।
আজি যেনেতেনে তেওঁক বিচাৰিবই লাগিব। শাহুৱেকৰ ওপৰত সমস্ত ঘৰুৱা কাম জাপি দি আজি তেওঁক বিচাৰিয়েই বিদিশাই ঘৰৰ পৰা ওলাইছে। উহ! কত যে লেথাৰি নিচিগা কাম ঘৰখনৰ!
তাই প্ৰথমতে বাচি ল’লে কলেজখন। জীৱনৰ আটাইতকৈ প্ৰাণোচ্ছল দিনকেইটা তেওঁ ইয়াতেই কটাইছিল। কিন্তু বিদিশাই কলেজলৈ গৈ তেওঁৰ একো শুংসূত্ৰ উলিয়াব নোৱাৰিলে। এতিয়া গৈ আছে গাঁওখনলৈ। তাতেও তেওঁ বৰ আনন্দেৰে দিনবোৰ কটাইছিল।
কলেজৰ দেওনা পাৰ হৈয়েই বিদিশা বিয়াত বহিছিল। অনন্তৰ লগত যুৰীয়া জীৱনৰ বাট বুলাৰ সময়তো তেওঁক বিদিশাই লগ পাইছিল। তেওঁক লগ পালে বিদিশাই জীৱনৰ অৰ্থ বুজি উঠা যেন লাগে।
প্ৰথম সন্তান জোনৰ জন্মৰ পিছৰ পৰাই তেওঁক বিদিশাই খুব সেৰেঙাকৈ লগ পাইছিল বা লগ পালেও তেওঁৰ সংগ বিদিশাই উপভোগ কৰিব পৰা নাছিল। তাই নিজৰ জীৱনত খুব ব্যস্ত হৈ পৰিছিল। তাই তেওঁৰ কথা ভবাৰ অৱকাশেই নোপোৱা হ’ল। অনবৰত অসন্তুষ্ট শাহু, এখন পুৰুষ তান্ত্ৰিক সমাজত ডাঙৰ দীঘল হোৱা অনন্তৰ আব্দাৰবোৰ, জোন-সোণৰ অভিমান অভিযোগৰ জেৰ মাৰোঁতে মাৰোঁতে বিদিশাই তেওঁৰ কথা সম্পূৰ্ণৰূপে পাহৰি পেলাইছিল। কিন্তু হঠাতে কি জানো হ’ল তাইৰ, জীৱনৰ কোনোবাটো আলি কেঁকুৰিত এৰি থৈ অহা বিশেষজনৰ কথা দেখোন বৰকৈ মনত পৰি থকা হ’ল। তেওঁক এবাৰ কাষৰ পৰা লগ পাবলৈ তাইৰ বৰকৈ মন যোৱা হ’ল। এই মন যোৱা কথাটোকে তাই গভীৰভাবে ল’বলৈ আৰম্ভ কৰিলে। তাৰেই পৰিণতি আজিৰ এই ব্যতিক্ৰমী দিনটো। অকলশৰে কেতিয়াও ক’লৈকো নোযোৱা বিদিশাই আজি অকলেই কেব ভাৰা কৰিছে। তাই বাহিৰৰ মুকলি পৃথিৱীখন ঘূৰি-পকি চাইছে। মুকলি পৃথিৱীখন চাই চাই তাই ভাবিছে আজি তেওঁক লগ পোৱা হ’লে বৰ ভাল লাগিলহেঁতেন। তেওঁক লগ পোৱাটোৱেই বিদিশাৰ এতিয়া একমাত্ৰ প্ৰাৰ্থনা। তেওঁক লগ নাপালে যেন তাই এসোপামান অপূৰ্ণতা লৈয়েই এই পৃথিৱীৰ পৰা গুচি যাব লাগিব।
তাই হেন্দিমেনক আঁহতজোপাৰ তলত বাছখন ৰখাবলৈ ক’লে। তাই বাছৰ পৰা নামি সৰু উপপথ এটাৰে আগবাঢ়িল। তাই ইচ্ছা কৰিলে ই- ৰিক্সা এখন ভাৰালৈ ল’ব পাৰিলেহেঁতেন। কিন্তু তাইৰ আজি খোজকাঢ়িব মন গ’ল, খোজকাঢ়ি গ’লে কিজানি তেওঁৰ লগত ভেটাভেটি হৈয়েই যায়। এনেকৈ বাটে বাটে খোজ কঢ়া কথাটো অনন্তই জানিলে কম খং কৰিবনে তাইক! তাই মনে মনে হাঁহিলে। তাইক অনন্তই ঘৰৰ কাম-বনৰ বাহিৰে একো কৰিব নজনা আজলী এজনীৰ দৰেই ভাবে। অনন্তই প্ৰেম মানে অধিকাৰবোধকেই বুজে, কিন্তু স্বাধীনতাও প্ৰেমৰ এক অংশ সেয়া তেওঁ নুবুজে।
তাই লাহে লাহে মৰমৰ গাঁৱখনৰ ওচৰ চাপিল। এসময়ত এই বাট-পথ, পথাৰ, পাহাৰ- এইবোৰৰ মাজতেই তেওঁ সৰগ বিচাৰি পাইছিল। এতিয়াও চাগৈ তেওঁ এইবোৰৰ মাজতেই আছে। তাইৰ মনটো এনেই ভাল লাগিল। এই যাত্ৰাত তেওঁক তাই লগ পাবই।
তাই নিজৰ ঘৰৰ পদূলিমুখত ৰ’লগৈ। তাইক তেনেকৈ অকলে অহা দেখি ঘৰৰ সকলোৱে আচৰিত হ’ল। গাড়ী নহ’লে এখোজো নিদিয়া বিদিশা আজি বাছত উঠি আহিছে, এইছোৱা বাট আকৌ খোজ কাঢ়িও আহিছে। ফোন এটা কৰিলেও কোনোবা এজন ভতিজাকে গৈ লৈ আহিলেহেঁতেন। কথাবোৰ বিদিশাৰ ককায়েক-বৌৱেকে সহজভাৱে ল’ব নোৱাৰিলে। বিদিশাৰ মুখ দেখিলেই সকলো বুজি পোৱা মাকজনী ঢুকুৱা তিনিবছৰ হ’ল। তাৰো তিনিবছৰ আগত দেউতাক ঢুকাইছিল। এতিয়া এই ঘৰখনত থাকে ককায়েক-বৌৱেক আৰু ভতিজা দুটা।
বিদিশাই ঘৰৰ প্ৰতিটো কোঠালিৰ প্ৰতিটো চুক-কোণত তেওঁক বিচাৰিলে। এই কোঠালিবোৰত তেওঁ ঘূৰি ফুৰিছিল, হাঁহিছিল, কথা পাতিছিল। আলমিৰাৰ কিতাপবোৰৰ ওপৰেৰে তাই হাত ফুৰালে। ক’লৈ গ’ল তেওঁ? কিতাপবোৰৰ ওপৰত তেওঁৰ হাতৰ চাপ বিচাৰি তাই হতাশ হ’ল। তাইৰ অন্তৰত হাহাকাৰৰ সৃষ্টি হ’ল। তেওঁক লগ নাপালে জীৱনৰ বাকীছোৱা সময় তাই কেনেকৈ কটাব?
অৱশেষত অৱসন্ন হৈ তাই ককায়েক-বৌৱেক আৰু ভতিজা দুজনৰ পৰা বিদায় লৈ ঘৰমুৱা হ’ল। বাটৰ কাষৰ পথাৰখনত খেলি থকা ল’ৰা-ছোৱালীবোৰৰ ফালে চাই তাই আপোনপাহৰা হ’ল। তেৱোঁ এনেকৈ খেলি ভাল পাইছিল।
সন্ধিয়াৰপৰত যেতিয়া তাই ঘৰত সোমাল, একেলগে কেইযোৰমান সন্দেহী চকুৱে তাইক যেন গিলিহে পেলালে। শাহুৱেকে মুখখন ওফোন্দাই আছে।
” বিদি–”
উহ! ইমান আকুলতাৰে কোনে মাতিছে তাইক! এনে একোষাৰ মাতে তাইৰ দুচকুত জমা হোৱা বৰফ গলাব পাৰে, বুকুত বান্ধি থোৱা শিলটো খহাব পাৰে।
তাই অনন্তলৈ ঘূৰি চালে। চছমাৰ তলেৰে এহাল স্নেহময় চকুৱে তাইৰ ফালেই চাই আছে। কিমান দিনৰ মুৰত আজি অনন্তই তাইক এনেকৈ মৰমেৰে মাতিছে!
” তোমাৰ কি হৈছে বিদি, মোক খোলাকৈ কোৱাচোন।”
”মই কিবা হেৰুৱাইছোঁ, যি নহ’লে মই জীয়াই থাকিব নোৱাৰিম।”
তাই কান্দোনত ভাগি পৰিল।
” মোক ক’লে মইতো আনি দিব পাৰিলোহেঁতেন।”
অনন্তৰ কথাত তাই একো মাত মাতিব নোৱাৰিলে। তাই উচুপিয়েই থাকিল। আজিচোন চকুপানীবোৰ নৈ হৈ বৈ আছে।
”তুমি নুবুজিবা অনন্ত, মই যি হেৰুৱাইছোঁ সেয়া তুমি পইচা দি কিনি আনি দিব নোৱাৰিবা।”
জিভাৰ আগলৈ অহা কথাষাৰ কিন্তু অৱশেষত তাই মুখ ফুটাই নক’লে।
তাই কাপোৰ সলাই পাকঘৰ পালেগৈ। জোন-সোণৰ মেজত দুগিলাছ গাখীৰ দি তাই ৰাতিৰ সাজৰ বাবে যোগাৰ কৰিব ধৰিলে।
পাকঘৰৰ পৰা আজৰি হৈ তাই আইনাখনৰ আগত থিয় দিলেগৈ। কি যে এক বিবৰ্ণ বিধ্বস্ত ৰূপ লৈছেহি তাইৰ মুখখনে!
” তুমি কি হেৰুৱাইছা মই জানো।”
অনন্তৰ মৰমসনা গভীৰ কণ্ঠস্বৰ। তাই তালৈ ঘূৰি চালে।
”ভালকৈ চোৱাচোন নিজকে, তুমি কাক হেৰুৱাইছা সেয়া বুজি পাবা।”
”কাক?”
”নিজক হেৰুৱাইছা, তোমাৰ হাস্যোজ্বল মুখখন হেৰুৱাইছা।”
তাই চমকি উঠিল। সঁচাইচোন। তাই গভীৰ আবেগেৰে অনন্তৰ চকুলৈ চালে।
” এতিয়া মই মোক কেনেকৈ বিচাৰি পাম?”
” এখন এজাহাৰ লিখা আকৌ।” – অনন্তই তাইক জোকাই চালে।
সঁচাকৈ তাই এখন এজাহাৰ লিখিব। তাই অতদিনে মনত পুহি ৰখা সকলো অভিযোগ সেই এজাহাৰখনত দাখিল কৰিব। তাই কাগজ কলম লৈ অনন্তৰ পঢ়া মেজত বহিল। তাইৰ নিজাকৈ চকী-মেজ নাই। বহুদিনৰ মূৰত লিখা বাবে তাইৰ আখৰবোৰ কাউৰীঠেঙীয়া হ’ল।
” প্ৰতি,
আৰক্ষী অধীক্ষক মহোদয়,
বিনীত নিবেদন এই যে মোৰ মাজত থকা মইজনী সম্প্ৰতি নিৰুদ্দিষ্ট। তেওঁ বৰ অভিমানী আছিল। তেওঁ ভাল পাইছিল নিয়ৰ গচকি শেৱালি বুটলিবলৈ, কিনকিনীয়া বৰষুণত জুৰুলি জুপুৰিকৈ তিতিবলৈ, অলস দুপৰীয়াবোৰত কিতাপৰ পাতত মুখ গুজি থাকিবলৈ। কিন্তু সংসাৰী মানুহে জানো এইবোৰ বিলাসিতা কৰে? অৰ্থহীন অনুভৱী বুলি মই তেওঁক তিৰস্কাৰ কৰিলোঁ। অভিমানী তেওঁ, গুচি গ’ল ক’ৰবালৈ। পাকঘৰৰ ধোঁৱাৰ লগত তেওঁক উৰুৱাই দিলোঁ, কাপোৰ ধোৱা ফেনৰ লগত তেওঁক মই উটুৱাই দিলোঁ। কিন্তু এতিয়া উপলব্ধি কৰিছোঁ, তেওঁ নহ’লে মই চিৰদিন অপূৰ্ণ হৈ ৰ’ম।
গতিকে, অনুৰোধ মোৰ, মোৰ মাজৰ পৰা হেৰাই যোৱা মইজনীক ওভোতাই আনক।
ইতি
বিদিশা “
অনন্তই কাগজখন হাতত লৈ পঢ়িলে।
” এইবাৰ সঠিক অফিচাৰৰ হাতত এজাহাৰখন পৰিছে। মই পাৰ্য্যমানে চেষ্টা কৰিম তেওঁক বিচাৰিবলৈ। তেওঁক যে মোৰো বৰ প্ৰয়োজন।”
অনন্তৰ শেষৰ কথাষাৰ থোকাথুকি হৈ পৰিল। অনন্তৰ চছমাৰ ফাঁকেৰে ওলাই অহা দুধাৰি লোতক বিদিশাই নেদেখাকৈ নাথাকিল। তেতিয়া মিউজিক চিষ্টেমত ৰিণি ৰিণিকৈ বাজি আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটি ধ্ৰুপদী গীত।
” পুৰানো সেই দিনেৰ কথা
ভুলবি কিৰে হায়
ও সেই চোখেৰ দেখা প্ৰাণেৰ কথা,
সে কি ভোলা যায়।”