এটা অট্টালিকা মূল : গুলজাৰ

ভাবানুবাদ: প্ৰণবেন্দ্ৰ শৰ্মা।

মোৰ চেতনা জুৰি আছে

এক অট্টালিকা,

হয়তো এখন অতিথিশালা,

এক চৰাইখানা।

 

চিৰিৰে উঠা-নমা কৰোঁতে 

হোৱা জোতাৰ শব্দ

মূৰত থাকে বাজি,

মাজে মাজে শুনো

চুকে-কোণে গোট খাই

মেল মাৰি থকা সকলৰ

কথাৰ গুণগুণনি।

 

মূৰলৈকে ক’লা কাপোৰেৰে ঢাকি

ষড়যন্ত্ৰ কৰা সকলৰ

চক্ৰান্তবোৰৰ ভূতুনী

বাদুলীৰ দৰেই

মহলৰ ভিতৰত ফুৰে উৰি।

 

হয়তো এটা ৰাজপ্ৰাসাদ!

বাদ্যযন্ত্ৰৰ ঝংকাৰত

নিচাত মচগুল হৈ

মেলো নেমেলোকৈ

মেলখোৱা দুনয়নে

চকু টিপিয়াই যেন

কাৰোবাক মাতে।

 

ৰান্ধনীশালৰ চৌকাবোৰ জ্বলিলেই

খোলা খিৰিকীৰে 

ভাহি অহা ৰুটি সেকা 

সুগন্ধি ধোঁৱাৰ মাজেৰে

কোনোবাই যেন

মোৰ ফালে থাকে চাই।

আৰু থাকে শুনি

মই যি আছোঁ ভাবি,

মোৰ চেতনা জুৰি

আছে এখন চহৰ

য’ত ম‌ই অনাই-বনাই

ফুৰোঁ ঘূৰি,

এটা মাটিৰ ঘৰ,

এটা সৰু আলি।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!