এডাল বিশেষ গছ
লেখক- কলচুম বিবি
মূল-ইংৰাজী (A special Tree)
লেখক-ৰাস্কিন বণ্ড
অনুবাদ-কলচুম বিবি
ৰাকেশ যেতিয়া ছয় বছৰীয়া আছিল, এদিনাখন সি মুছৌৰী বজাৰৰ পৰা চেৰী খাই খাই ঘৰলৈ খোজকাঢ়ি আহিছিল। চেৰীবোৰ অলপ মিঠা, অলপ টেঙা। সৰু উজ্জ্বল ৰঙা চেৰীবোৰ, কাশ্মীৰ উপত্যকাৰ পৰা আহিছিল।
হিমালয়ৰ নামনিত য’ত ৰাকেশে বাস কৰিছিল, তাত বৰ বেছি ফলৰ গছ নাছিল। মাটি শিলাময় আছিল আৰু শুকান ঠাণ্ডা বতাহে বেছিভাগ গছৰ বিকাশত বাধা দিছিল। কিন্তু সুৰক্ষিত ঢালবোৰত ওক আৰু দেৱদাৰু গছৰ বননি আছিল।
ৰাকেশ ককাকৰ সৈতে মুছৌৰীৰ সীমান্তত থাকে। তাৰ পৰাই বননিখন আৰম্ভ হৈছে। তাৰ মাক-দেউতাক পঞ্চাশ মাইল দূৰৰ সৰু গাঁও এখনত থাকে। তাত তেওঁলোকে পৰ্বতৰ নিম্নভাগৰ হেলনীয়া ঠেক খাঁজবোৰত ধান, মাকৈ আৰু বাৰ্লিৰ খেতি কৰিছিল। গাঁওখনত এখনো স্কুল নাছিল। ৰাকেশৰ মাক-দেউতাকে সি স্কুললৈ যোৱাৰ ক্ষেত্ৰত বৰ আগ্ৰহী আছিল। স্কুললৈ যাব পৰা বয়স হোৱাৰ লগে লগে, তেওঁলোকে তাক মুছৌৰীত থকা ককাকৰ ওচৰলৈ পঠিয়াই দিছিল।
নগৰৰ বাহিৰত তেওঁৰ এটা সৰু কুটীৰ আছিল।
ৰাকেশে স্কুলৰ পৰা ঘৰলৈ যোৱাৰ বাটত পঞ্চাশ পইছাৰে এথোপা চেৰী কিনিছিল। ঘৰলৈ খোজকাঢ়ি আহোঁতে তাৰ প্ৰায় আধাঘণ্টা লাগিছিল। যেতিয়া সি কুটীৰটো পাইছিল, তাৰ হাতত তিনিটা চেৰী আছিল।
সি ককাকক বাগিছাত দেখাৰ লগে লগে সুধিছিল-”এটা চেৰী খাব নেকি ককা?” –
ককাকে এটা চেৰী লৈছিল আৰু ৰাকেশে খৰধৰকৈ আন দুটা মুখত ভৰাইছিল। শেষৰটো গুটি সি কিছু সময়ৰ বাবে মুখত ৰাখিছিল। যেতিয়ালৈকে তাৰ সম্পূৰ্ণ সোৱাদ নাইকিয়া হৈ যোৱা নাছিল, সি জিভাৰে সেইটো অঁকাই-পকাই ঘূৰাই আছিল। তাৰ পাছত সি গুটিটো হাতৰ তলুৱাত লৈ পৰীক্ষা কৰিছিল।
”চেৰী গুটিবোৰ শুভ নে?” -ৰাকেশে সুধিছিল।
”নিশ্চয়।”
”তেতিয়াহ’লে মই এই গুটিটো ৰাখি থ’ম।”
”একোৱেই শুভ নহয়, যদিহে তুমি তাক ব্যৱহাৰ নকৰাকৈ থৈ দিয়া। যদি তুমি ভাল কিবা এটা আশা কৰিছা, তেন্তে তুমি তাক কামত লগোৱা উচিত।”
”মই এই এটা গুটিৰে কি কামত লগাব পাৰিম?”
”ৰুই দিয়া।”
সি সৰু ঠাই এটুকুৰা বিচাৰি পাইছিল। বিশেষ এবিধ ফুল ৰুবলৈ ব্যৱহাৰ কৰা ভেটি এটাত মাটি খান্দিবলৈ আৰম্ভ কৰিছিল।
ককাকে ক’লে, ”হেই, তাতে নহয়। মই সেই ভেটিটোত সৰিয়হ সিঁচিছোঁ। এই গুটিটো সৌ ছাঁ পৰি থকা চুকটোত ৰুই দিয়া, য’ত ই অকণো অসুবিধা নাপায়।”
ৰাকেশ কোমল আৰু উপযুক্ত মাটি থকা বাগিছাখনৰ সেই চুকটোলৈ গৈছিল। সি খন্দাৰ প্ৰয়োজন নহ’ল। গুটিটো মাটিত বুঢ়া আঙুলিৰে হেঁচি দিয়াত, ভালদৰে ভিতৰলৈ সোমাই গৈছিল।
তাৰ পাছত সি দুপৰীয়াৰ আহাৰ খাই তাৰ লগৰবোৰৰ লগত ক্ৰিকেট খেলিবলৈ দৌৰি ওলাই গৈছিল আৰু চেৰী গুটিটোৰ বিষয়ে সকলো পাহৰি গৈছিল।
যেতিয়া পাহাৰলৈ শীত নামিছিল, বৰফৰ পৰা এজাক চেঁচা বতাহ নামনি অংশত বলি আছিল। দেৱদাৰু গছবোৰ সোঁ সোঁৱাই আছিল। বাগিছাখন শুকান আৰু উকা হৈ পৰিছিল। আবেলি ককা আৰু ৰাকেশে কয়লাৰ জুইৰ ওচৰত বহি উম লৈছিল। ককাকে গল্প কৈছিল- গল্পবোৰত মানুহবোৰ জন্তুলৈ ৰূপান্তৰিত হৈছিল। ভূতবোৰে গছত বাস কৰিছিল। মটৰমাহবোৰে জঁপিয়াইছিল আৰু শিলবোৰে উচুপিছিল। ককাকৰ চকুৰ দৃষ্টিশক্তি দুৰ্বল হোৱা বাবে ৰাকেশে তেওঁৰ পৰিৱৰ্তে বাতৰি কাকত পঢ়িছিল। বিশেষকৈ সাধু শুনাৰ পাছত সি বাতৰি কাকত বৰ নিৰস যেন অনুভৱ কৰিছিল। কিন্তু ককাকে সকলোবোৰ খবৰ লবলৈ বিচাৰিছিল–।
যেতিয়া বনৰীয়া হাঁহবোৰ উত্তৰে ছাইবেৰিয়ালৈ আকৌ উৰি গৈছিল, তেওঁলোকে বসন্ত ঋতুৰ আগমন হোৱা বুলি গম পাইছিল। তেওঁ কাহিলীপুৱাতে যেতিয়া খৰি কাটিবলৈ আৰু জুই ধৰিবলৈ উঠিছিল ৰাকেশে খীন পৰ্বতীয়া বতাহৰ মাজেৰে কলৰৱ কঢ়িয়াই নিয়া চৰাইৰ ভি আকৃতিটো উত্তৰফালে প্ৰবাহিত হৈ যোৱা স্পষ্টকৈ দেখিছিল।
এদিনাখন ৰাতিপুৱা বাগিছাত সি সৰু ডাল বুলি ভাবি হাউলি বুটলিবলৈ গৈ সেইডাল ভালদৰে শিপাই থকা দেখি আচৰিত হৈছিল। সি এক মুহূৰ্তৰ বাবে একেথৰে চাইছিল। তাৰ পাছত ককাকক আনিবলৈ দৌৰি গৈ কৈছিল, ”ককা, আহা আৰু চোৱাহি, চেৰীগছৰ পুলি গজিছে।”
”কি? চেৰীগছৰ পুলি?” – ককাকে সুধিছিল, তেওঁ ইয়াৰ বিষয়ে সম্পূৰ্ণ পাহৰি গৈছিল।
”যোৱা বছৰ আমি ৰোৱা গুটিটো-চোৱা গজালি মেলিছে।”
ককাকে যেতিয়া দুগুণ ভাঁজ লৈ সেই অকণমানি গছডাল নিৰীক্ষণ কৰিছিল, ৰাকেশে লেপেটা কাঢ়ি বহিছিল। গছডাল প্ৰায় চাৰি ইঞ্চি ওখ আছিল।
ককাকে কৈছিল-”হয়, এইডাল চেৰী গছৰ পুলিয়েই হয়। তুমি মাজে সময়ে পানী দিয়া উচিত।”
ৰাকেশ ভিতৰলৈ দৌৰি গৈছিল আৰু এটা বাল্টিত পানী লৈ ঘূৰি আহিছিল।
”ঢালি নিদিবা।” ককাকে কৈছিল।
ৰাকেশে পানী ছটিয়াই দি, চৌদিশে শিলগুটিৰে ঘেৰি দিছিল।
”শিলগুটিবোৰ কিহৰ বাবে?” ককাকে সুধিছিল।
”গোপনীয়তাৰ বাবে।” – ৰাকেশে কৈছিল।
সি সদায় ৰাতিপুৱা পুলিটো নিৰীক্ষণ কৰিছিল। কিন্তু খৰকৈ বাঢ়ি যোৱা যেন লগা নাছিল। সেয়ে সি ছেগা চোৰোকাকৈ চোৱাৰ বাহিৰে, পুলিটো চাবলৈ বন্ধ কৰিছিল। এসপ্তাহ নে দুসপ্তাহৰ পাছত যেতিয়া সি ভালদৰে চাবলৈ নিজকে অনুমতি দিছিল, তেতিয়া সি পুলিটো এক ইঞ্চিমান বাঢ়ি যোৱা দেখা পাইছিল।
সেই বছৰ বাৰিষাৰ বৰষুণ সোনকালে আৰম্ভ হৈছিল আৰু ৰাকেশে পানীচোলা আৰু চেণ্ডেল পিন্ধি স্কুললৈ অহা যোৱা কৰিছিল। গছবোৰত কুমলীয়া পাতে পোখা মেলিছিল। দেখাত লিলিৰ দৰে অপৰিচিত ফুলবোৰ দীঘলীয়া ঘাঁহনিত গজিছিল আৰু যেতিয়া বৰষুণ হোৱা নাছিল তেতিয়াও গছবোৰৰ পৰা টপটপকৈ পানী পৰি আছিল। কুঁৱলীবোৰ কুণ্ডলী পকাই উপত্যকাটোৰ ওপৰলৈ উঠিছিল। চেৰী পুলিটো এই ঋতুত তৎক্ষণাত বাঢ়ি গৈছিল। প্ৰায় দুই ফুট ওখ হৈছিল। তেতিয়াই এটা ছাগলী ভিতৰত সোমাই গোটেই পাতবোৰ খাইছিল। কেৱল মূল কাণ্ড আৰু দুডাল সৰু সৰু ঠানি ৰৈ গৈছিল।
”দুখ নকৰিবা।” -ৰাকেশক মন বেয়া কৰা দেখি ককাকে কৈছিল।
”ই আকৌ বাঢ়িব, চেৰী গছবোৰ টান।”
বৰ্ষা ঋতুৰ শেষৰ ফালে পুলিটোত নতুনকৈ পাত ওলাইছিল। তেতিয়াই এগৰাকী মহিলাই ঘাঁহ কাটি কাটি পাহাৰৰ নামনি অংশলৈ নামি আহিছিল। তাইৰ কাচিখন ঘন ঘন মৌছুমী গছৰ পাতৰ মাজেৰে ঘূৰি আছিল। তাই চেৰী পুলিটোও এৰি নিদিলে। এটা পাকতে পুলিটো দুটুকুৰা হ’ল।
যেতিয়া ককাকে ঘটনাটো দেখিছিল, তেওঁ মহিলাগৰাকীৰ কাষলৈ গৈ তাইক গালি পাৰিছিল; কিন্তু যি অনিষ্ট হৈছিল সেয়া মেৰামতি কৰিব পৰা নাযায়।
”হয়তো পুলিটো এতিয়া মৰি যাব”-ৰাকেশে কৈছিল।
ককাকেও কৈছিল- “হয়তো মৰি যাব।”
কিন্তু চেৰীৰ পুলটো মৰাৰ কোনো লক্ষণেই নাছিল।
যেতিয়া গ্ৰীষ্ম ঋতু আকৌ আহিছিল, ই সৰু সৰু পাতেৰে সৈতে কেইবাডালো নতুন পোখা দিছিল। ৰাকেশো অলপ ওখ হৈছিল। এতিয়া সি ক’লা কেকোৰা চুলি আৰু ক’লা গভীৰ দুচকুৰে এজন স্বাস্থ্যৱান আঠ বছৰীয়া ল’ৰা। ককাকে তাৰ চকুযুৰিক-”ব্লেকবেৰী চকু” বুলি কৈছিল।
সেইবাৰ বাৰিষাত ৰাকেশ মাক-দেউতাকক শস্য ৰোপণ, হাল মৰা আৰু বীজ সিঁচাত সহায় কৰিবলৈ তাৰ গাঁৱৰ ঘৰলৈ গৈছিল। সি বহুত বেছি ক্ষীণ আছিল, যদিও বলৱান আছিল। যেতিয়া সি বাৰিষাৰ শেষত ককাকৰ ঘৰলৈ ঘূৰি আহিছিল, সি চেৰী পুলিটোৰ মূলৰ পৰা আন এটা অংশ বাঢ়ি অহা দেখিছিল। পুলিটো তাৰ বুকুৰ সমান হৈছিল।
সি যে তাত আছে, গছজোপাই সেই কথাটো জানক বুলিয়েই, বৰষুণ হৈ থকা সত্ত্বেও মাজে সময়ে পুলিটোত পানী দিছিল।
এদিনাখন সি দেখিলে যে এটা উজ্জ্বল সেউজীয়া প্ৰাৰ্থনা গাগিনী ফৰিং ডালত বহি ফুলা ফুলা চকুৰে তালৈ চাই আছে। ৰাকেশে তাক তাতে থাকিবলৈ দিলে; এই পতঙ্গটো চেৰীজোপাৰ প্ৰথম দৰ্শনাৰ্থী।
ইয়াৰ পিছৰ দৰ্শনাৰ্থী আছিল ঘন নোমৰ এডাল বিছা, যিয়ে পাতবোৰক নিজৰ খাদ্য বনাবলৈ আৰম্ভ কৰিছিল। ৰাকেশে তৎক্ষণাত তাক আঁতৰাই শুকান পাতৰ স্তুপ এটাৰ ওপৰত পেলাই দি কৈছিল-
”যেতিয়া তুমি পখিলা হ’বা, তেতিয়া ঘূৰি আহিবা।”
শীত সোনকালে আহিছিল। চেৰী গছজোপা বৰফৰ ভৰত সামান্য হাওলি পৰিছিল। পথাৰৰ এন্দুৰবোৰে কুটীৰৰ চালত আশ্ৰয় লোৱাৰ যো-জা চলাইছিল। উপত্যকাৰ পৰা যোৱা ৰাস্তা বন্ধ হৈ গৈছিল। কেইবাদিনলৈকে তাত কোনো খবৰ কাকত নাছিল, যাৰ বাবে ককাক বৰ খিংখিঙীয়া হৈ পৰিছিল। তেওঁৰ গল্পবোৰৰ সামৰণি দুখদায়ক হ’বলৈ আৰম্ভ কৰিছিল।
ফেব্ৰুৱাৰীত ৰাকেশৰ জন্মদিন আছিল। তাৰ ন বছৰ আৰু গছডালৰ চাৰিবছৰ হৈছিল, যদিও প্ৰায় ৰাকেশৰ সমানেই ওখ হৈছিল।
এদিনাখন ৰাতিপুৱা যেতিয়া সূৰ্য উদয় হৈছিল, ককাকে বাগিছালৈ ৰ’দ লবলৈ আহিছিল। তেওঁ চেৰী গছডালৰ সন্মুখত ৰৈ, কিছুক্ষণ চাইছিল আৰু তাৰপাছত মাতিছিল, ”ৰাকেশ, এইফালে আহা আৰু চোৱা! সোনকালে আহা, নহ’লে সৰি যাব।”
ৰাকেশ আৰু ককাকে স্থিৰ দৃষ্টিৰে গছডালক চাইছিল, যেন গছডালে এটা অলৌকিক কামহে কৰিলে। ইয়াৰ ডালটোৰ মূৰত এটা শেঁতা গুলপীয়া ফুল ফুলিছিল।
পিছৰ বছৰত বহুত ফুল ফুলিছিল। হঠাতে গছডাল ৰাকেশতকৈ ওখ হৈছিল, যদিও গছডাল তাৰ বয়সৰ আধাতকৈ সৰু আছিল। তাৰ পাছত গছজোপা কেইজোপামান ওক গছতকৈও বয়সস্থ ককাকতকৈও ওখ হৈছিল।
অৱশ্যে ৰাকেশো বাঢ়ি গৈছিল। সি আন ল’ৰাবোৰৰ দৰেই দৌৰিব, জঁপিয়াব আৰু গছ বগাব পাৰিছিল। সি বহুত কিতাপ পঢ়িছিল, যদিও তেতিয়াও ককাকৰ সাধু শুনিবলৈ ভাল পাইছিল।
চেৰী গছডালত মৌমাখিবোৰে ফুলৰ মৌ পান কৰিবলৈ আহিছিল। সৰু চৰাইবোৰে ফুলবোৰ খুটিয়াই খুটিয়াই ভাঙিছিল। গোটেই বসন্তত গছডাল ফুলেৰে ভৰি আছিল। চৰাইবোৰতকৈ সদায় ফুলৰ সংখ্যা বেছি আছিল।
সেইবাৰ গৰমত গছডালত সৰু সৰু চেৰী লাগিছিল। ৰাকেশে এটা খাই চাইছিল আৰু মুখেৰে থু থুৱাই দি কৈছিল-”বৰ টেঙা।”
তাকে দেখি ককাকে কৈছিল-”অহা বছৰলৈ ভাল হ’ব।”
কিন্তু চৰাইবোৰে ভাল পাইছিল-বিশেষকৈ ডাঙৰ চৰাইবোৰ যেনে- বুলবুল, স্কাৰলেট ৰূপহী চৰাই আদি। সিহঁতে এবাৰ উৰি যায় আকৌ এবাৰ পাতত পৰি চেৰীবোৰৰ মজা লৈছিল।
উমাল ৰ’দঘাই দুপৰীয়া এটাত, যেতিয়া মৌমাখিবোৰকো টোপনিয়াই থকা যেন লাগিছিল, ৰাকেশে ককাকক ঘৰৰ চাৰিওফালে তেওঁৰ প্ৰিয় ঠাইবোৰত নেদেখি বিচাৰি ফুৰিছিল। তাৰ পাছত সি শোৱনি কোঠাৰ খিৰিকীৰে বাহিৰলৈ জুমি চাই ককাকক চেৰী গছজোপাৰ তলত বেতৰ চকী এখনত হেলান দি থকা দেখিছিল।
ককাকে কৈছিল-”ইয়াত বৰ ধুনীয়াকৈ ছাঁ পৰিছে আৰু মই পাতবোৰ চাই ভালপাওঁ।”
”পাতবোৰ বৰ ধুনীয়া। সিহঁতে বতাহ দিলে সদায়েই নাচিবলৈ সাজু থাকে।” -ৰাকেশে কৈছিল।
ককাক ভিতৰলৈ যোৱাৰ পিছত ৰাকেশ বাগিছালৈ গৈ গছডালৰ তলৰ ঘাঁহনিত বাগৰ দিছিল। সি পাতবোৰৰ ফাঁকেৰে বিশাল নীলা আকাশখনৰ ফালে একেথৰে চাই আছিল। কাটি হওঁতে সি পৰ্বতবোৰক ডাৱৰৰ মাজলৈ সোমাই যোৱা দেখা পাইছিল। আবেলিৰ ছাঁ আহি বাগিছাখন পাৰ হৈ যোৱালৈকে সি গছজোপাৰ তলতে বাগৰি আছিল। ককাক ঘূৰি আহি ৰাকেশৰ কাষত বহিছিল। তেওঁলোক তৰাবোৰ ওলাই অহালৈকে নীৰৱে ৰৈ আছিল। দিনকণাই মাতিবলৈ আৰম্ভ কৰা নাছিল। তলৰ অৰণ্যত উইচিৰিঙা আৰু জিলিয়ে সুৰ দিছিল আৰু হঠাতে গছবোৰ পোক-পৰুৱাৰ মাতেৰে মুখৰিত হৈ পৰিছিল।
”জংঘলত বহু গছ আছে।” – ৰাকেশে কৈছিল। “এই গছবোৰৰ ইমান কি বিশেষত্ব আছে? আমি কিয় ইহঁতক ইমান বেছি ভালপাওঁ?”
ককাকে কৈছিল-”আমি ইহঁতক আমাৰ বাবে ৰোপণ কৰোঁ। সেইবাবে গছবোৰ বিশেষ।”
”মাত্ৰ এটা গুটি!” – ৰাকেশে কৈছিল।
তাৰ পাছত সি ডাঙৰ কৰা গছডালৰ মসৃণ বাকলি স্পৰ্শ কৰিছিল। তাৰ হাতখন গা-গছৰ ওপৰেৰে পাৰ হৈ গৈ তাৰ আঙুলিটো এটা পাতৰ আগত থৈ সি ফুচফুচাই কৈছিল-”মই আচৰিত। এয়াই ঈশ্বৰ হোৱাৰ অনুভৱ নেকি?”