ঐতিহাসিক পছৰীয়া অঞ্চলৰ কৃষি আৰু জলাহভূমিৰ বৰ্তমান আৰু সম্ভাব্য ভৱিষ্যত

লেখক- ড° ইন্দ্ৰানী দত্ত গগৈ

গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে নদীখনৰ সমান্তৰালকৈ বিস্তৃত সমতল ভূমিত অৱস্থিত এক বৃহৎ অঞ্চল আগুৰি থকা এখন গাঁও পছৰীয়া। নদীৰ দাঁতিকাষৰীয়া ঠাই হিচাপে প্ৰায় সমগ্ৰ অঞ্চলটিয়েই সমভূমি আৰু জলাহভূমি।মাটিৰ ঢাল প্ৰতি কি. মি. ত ১ ছে: মি: ত কৈও কম। কামৰূপ গ্ৰাম্য জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পছৰীয়া যদিও এখন গাঁও বুলি কোৱা হয়, আচলতে ই কেইখনমান গাঁৱৰ সমষ্টিহে। বৰ্তমান বড়িজানী, পছৰীযা, নপাৰা, কেওঁটৰ বড়ী, দলৰ পথাৰ, গৰীয়াপাৰা, কুলহটী আৰু গুইমৰা গাঁৱক একেলগে বৃহত্তৰ পছৰীয়া অঞ্চলে সামৰি লৈছে। 

ই বস্ত্ৰ নগৰী শুৱালকুছিৰ পৰা ৭ কি: মি: পূবত কুৰিজানি নদীৰ দুয়ো পাৰে বিস্তৃত এখন প্লাৱন ভূমি। এই অঞ্চলটো উত্তৰে ২৬° ১২” উত্তৰ অক্ষাংশৰ পৰা ২৬° ১৫” উত্তৰ অক্ষাংশলৈ আৰু পূবে ৯১° ৩৪” ৰ পৰা ৯১°৪০” পূব দ্ৰাঘিমালৈ বিস্তৃত হৈ আছে। উত্তৰা- দক্ষিণাকৈ ই ৪.৩৪ কি.মি. আৰু পূবা-পশ্চিমাকৈ ৩.৮ কি.মি.। দেখাত ই আয়তাকাৰ। ই আগিয়াঠুৰী পাহাৰ আৰু বৰম্বৈ পাহাৰৰ মাজত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি ১৪৪২.৪২ হেক্টৰ। 

নৱবৈষ্ণৱ যুগৰ প্ৰসিদ্ধ কবি ৰাম সৰস্বতীৰ জন্ম হৈছিল এই পছৰীয়া অঞ্চলতে। এই অঞ্চলৰ নিচেই কাষতেই সংঘটিত হৈছিল অসম বুৰঞ্জীখ্যাত ‘আলাবৈ ৰণ’ যʼত দহ হেজাৰ অসমীয়া সৈন্যই প্ৰাণ আহুতি দিছিল। কথিত আছে যে এই অঞ্চলৰ পাকৰ কোণাত থকা মৰা সুঁতিয়েদিয়েই পদ্ম পুৰাণখ্যাত বেউলা লখিন্দৰৰ ভেলখন উজাই আহোঁতে পাকৰ কোণাত পানীৰ পাকত লাগি ধৰিছিল। সেইবাবেই ঠাইখনৰ নাম পাকৰকোণা হয়। আহোম ৰজাৰ দিনত খন্দোৱা বহুকেইটা ডাঙৰ ডাঙৰ পুখুৰী এই অঞ্চলৰ আশে-পাশে এতিয়াও দেখা যায়। 

প্লাৱনভূমি আৰু জলাহভূমিৰে পূৰ্ণ এই অঞ্চলত দীঘলী, বৈতামাৰী, পনধোৱা, ভোকা, কুৰিজানি গৰমৰা আদি বহুকেইখন বিল আছে। তাৰ ভিতৰত দীঘলী বিলেই আটাইতকৈ ডাঙৰ আৰু গভীৰ। 

এই অঞ্চলৰ আন এটি গৌৰৱৰ দিশ হ’ল ইয়াৰ সেউজ বিপ্লৱ। বিস্তৃত কৃষিভূমি থকা এই অঞ্চলটিৰ ৮৯% তকৈও অধিক মানুহ কৃষিৰ লগত জড়িত। তেওঁলোকে নিজৰ পথাৰত বছৰি চাৰিটাকৈ খেতি কৰে। ১৯৯৯ -২০০০ চনৰপৰা এই অঞ্চলৰ ধানখেতিৰ উৎপাদনত এক বৈপ্লৱিক পৰিৱৰ্তন আহিছিল। ইয়াৰ পথাৰকেইখন ধান, শাক-পাচলি, আলু- কচু, সৰিয়হ আদি খেতিৰে বছৰৰ প্ৰায় সকলোখিনি সময়েই সেউজীয়া, হালধীয়া, সোণালী হৈ মানুহৰ দৃষ্টি আকৰ্ষণ কৰাই নহয়, অঞ্চলটোৰ মানুহৰ ভাত মুঠি যোগান ধৰাৰ লগতে সকলো লাগতিয়াল খাদ্য সামগ্ৰী উভৈনদীকৈ যোগান ধৰি আৰ্থিক স্বাৱলম্বীতা দিবলৈও সক্ষম হৈছে। এই অঞ্চলৰ কৃষি উৎপাদনৰ আলম লৈয়ে ইয়াৰ গাতে লাগি গঢ়ি উঠিছে শিঙিমাৰিৰ বিখ্যাত বজাৰখন। সেইখন বজাৰৰ বেঙেনাৰ এক বৃহৎ অংশ এই অঞ্চলৰ পৰাই যোগান ধৰা হয়। 

এই অঞ্চলৰ পাচলি খেতিৰ যথেষ্ট উৎপাদন হয় যদিও তাৰ সংৰক্ষণৰ উপযুক্ত ব্যৱস্থাৰ অভাৱ। শেহতীয়াকৈ শিঙিমাৰিত এটা শীতলীকৰণ ভঁৰাল স্থাপন কৰা হৈছে যদিও সি অঞ্চলবাসীৰ প্ৰয়োজন পূৰাব পৰাকৈ যথেষ্ট নহয়। 

সময়ৰ সৈতে খোজ মিলাই পৰিৱৰ্তনৰ হাতত ধৰি এই অঞ্চলটোও আগবাঢ়িছে। গাঁৱৰ সমাজখনৰ লগতে পৰিৱেশটোলৈয়ো চকুত পৰাকৈয়ে পৰিৱৰ্তন আহিছে। যোৱা দহ বছৰৰ পৰিৱৰ্তনৰ কথা যদি ক’বলৈ যাওঁ তেন্তে ক’ব লাগিব যে দহ বছৰৰ আগতে থকা জুপুৰি বা অসম আৰ্হিৰ সৰু ঘৰবোৰৰ প্ৰায় নব্বৈ শতাংশই আজি পকী ঘৰ বা কেইবা মহলীয়া কংক্ৰিটৰ হ’ল। আগতে খেতিৰ মাটি হিচাপে থকা বহু ঠাইত নতুনকৈ ঘৰ বান্ধিলে। বহু জলাহভূমি অঞ্চল দখল কৰি কেইবাটাও বৃহৎ কোম্পানী প্ৰতিষ্ঠা কৰা হ’ল। প্ৰতিষ্ঠা হোৱা কোম্পানীসমূহৰ বাবে অঞ্চলটোলৈ পৰিৱৰ্তন আহিছে। আগতকৈ যান বাহনৰ সংখ্যা অধিক হৈছে। তাৰ বাবে কেইবাটাও নতুন পথৰ বান্ধিছে। প্ৰায় সকলোবোৰ পথেই বহল কৰা হৈছে। সেইবোৰ কৰিবলৈ যাওঁতেও প্ৰথম চাপটো পৰিছে কৃষি আৰু জলাহভূমিৰ ওপৰতে। ‘ইমামি’কে আদি কৰি ‘জাগতি’, ‘বৰষা’ আদি বহুতো সৰু ডাঙৰ কোম্পানী গঢ় লৈ উঠিছে। ইয়াৰে ভিতৰত দলৰ পথাৰ অঞ্চলত অকল ‘জাগতি’য়েই প্ৰায় ৩০০ বিঘা আৰু ‘ইমামি’য়ে ৯০ বিঘা জলাহ ভূমি অধিকাৰ কৰিছে। চৰকাৰৰ তৰফৰপৰাও গুইমৰা আৰু গৰীয়াভগা পথাৰৰ বৃহৎ শস্য শ্যামলা পথাৰখন ভাৰতীয় তেল কোম্পানীৰ অন্তৰ্গত নুমলিগড় ৰিফাইনেৰি লিমিটেড (এন আৰ্ এলক)ক হস্তান্তৰিত কৰাৰ প্ৰক্ৰিয়া চলি আছে, যিখন পথাৰ বছৰৰ সকলো সময়তে নানা বিধ খেতিয়ে ঢাক খাই থাকে।

প্ৰাচীন কালৰে পৰাই অঞ্চলটো আধ্যাত্মিক দিশতো যথেষ্ট আগবঢ়া। আধ্যাত্মিক ধাৰাটো আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই অঞ্চলত পূৰ্বৰেপৰাই বহুতো বিদ্যালয়, মহাবিদ্যালয় আছে যদিও শেহতীয়াকৈ বহুকেইটা ব্যক্তিগত শিক্ষানুষ্ঠানৰ জন্ম হৈছে। ই অতি আনন্দৰ কথা যদিও উল্লেখ কৰিব লাগিব যে এই অনুষ্ঠানসমুহ স্থাপনৰ বাবে বহু কৃষিভুমি বা জলাহভূমি পুতি পেলোৱা হৈছে। ইয়াৰ ভিতৰত মডাৰ্ণ পাব্লিক স্কুল, নেপনি নাৰ্ছিং কলেজ, প্ৰাগজ্যোতিষ বি-এড কলেজ আদি কৃষিভূমিতেই  অৱস্থিত। এই ধাৰা যদি অব্যাহত থাকে তেন্তে অদূৰ ভবিষ্যতে যে ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব সি ধুৰুপ।  

এই অঞ্চলটিৰ গাতে লাগি থকা দদৰাই আজি বিশ্বৰ দৰবাৰত নিজৰ চিনাকি দাঙি ধৰিবলৈ সক্ষম হৈছে হাড়গিলা সংৰক্ষণ এলেকা হিচাপে। দদৰা পছৰীয়াৰ বৃহত্তৰ অঞ্চলৰ জলাহভূমি আৰু কাষৰ ওখ গছসমুহ মিলি যি পৰিস্থিতিতন্ত্ৰৰ সৃষ্টি কৰিছে সেয়া এই বিশেষ প্ৰজাতিৰ চৰাইবিধৰ বাসস্থান আৰু বিচৰণক্ষেত্ৰৰ বাবে অতিকে অনুপম। গ্ৰীণ অস্কাৰ বিজয়ী ড° পূৰ্ণিমা দেৱী বৰ্মণে নিজা উদ্যোগত অঞ্চলটিত ভ্ৰমণ, পৰ্যবেক্ষণ আৰু অধ্যয়নৰ যোগেদি এই সত্য উদ্ঘাটন কৰি মানুহৰ ঘৰে ঘৰে গৈ সজাগতাৰ সৃষ্টি কৰিছে। ‘হাড়গিলা আৰ্মী’ নামেৰে এটি দল গঠন কৰিছে যাৰ মূল লক্ষ্য হ’ল মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰা যাতে ঘৰৰ কাষৰ ওখ গছসমুহ কাটি নেপেলায়, চৰাই বিধক ভয় নুখুৱায় বা সিহঁতৰ বিচৰণত বাধা নিদিয়ে। 

ক্ৰমবৰ্ধিত বাসস্থান বা উদ্যোগ নিৰ্মাণে এই অঞ্চল আৰু ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত যে বিৰূপ প্ৰভাৱ পেলাব সেয়া সহজেই অনুমান কৰিব পাৰি। এনে হ’লে অকল বিশ্ব বিখ্যাত হাড়গিলাই নহয় বাকী জীৱকুলৰ লগতে মানুহৰ স্বাস্থ্যৰো ক্ষতি কৰিব। বিশেষকৈ যদিহে এন আৰ এলে তাত কাম আৰম্ভ কৰে তেন্তে বৰ্তমান যি নান্দনিক সৌন্দৰ্য আৰু বিশুদ্ধ পৰিৱেশ আছে সি সমুলঞ্চে নোহোৱা হ’ব। সেয়েহে অঞ্চলবাসীয়ে এই কথাৰ বিৰোধিতা কৰি আহিছে। ইতিমধ্যে দলৰ পথাৰৰ বৃহৎ জলাহ অঞ্চলত প্ৰতিষ্ঠা কৰা কোম্পানীসমূহৰ বাবে এই পৰিৱেশলৈ যি পৰিৱৰ্তন আনিছে ই জৈৱ বৈচিত্ৰ্যলৈ এক অশনি সংকেত। সময় থাকোঁতেই যদি উচিত পদক্ষেপ লোৱা নাযায় তেন্তে অদূৰ ভৱিষ্যতে অঞ্চলটিলৈ ই এক ভয়ংকৰ সমস্যা নমাই আনিব। 

পৰিৱৰ্তন অনস্বীকাৰ্য। সময়ৰ লগত সলনি হোৱাই প্ৰকৃতি তথা সমাজৰ ধৰ্ম। সমাজৰ সেই চিৰাচৰিত নিয়মক মানি আগবাঢ়ি যাওঁতে যাতে আমি নিজৰে অন্যায় নকৰোঁ তালৈ চকু ৰখা অতিকে প্ৰয়োজন। প্ৰকৃতিবিদ আৰু বিজ্ঞানীসকলে ইয়াকে লৈ বিভিন্ন চিন্তা-চৰ্চা কৰিছে। প্ৰকৃতিৰ বহনক্ষম উৎপাদনৰ বাবেও বহুতো উপায় উদ্ভাৱন কৰিছে যাতে আমাৰ প্ৰয়োজনখিনি পুৰণ কৰাৰ লগতে পৰিৱেশটো অনাগত ভবিষ্যত তথা ভবিষ্যত প্ৰজন্মৰ বাবেও সুন্দৰ, সুচল তথা বাসোপযোগী কৰি থৈ যাব পাৰোঁ। 

 

সহায়ক পঞ্জী: 

১/ পছৰীয়াৰ ইতিবৃত্ত: সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা, কবি ৰামসৰস্বতী। সাহিত্য সমাজ, পছৰীয়া, প্ৰকাশক কনক কলিতা 

২/ কামৰূপৰ আভা: সম্পাদক, কুমুদ কলিতা, প্ৰকাশক কামৰূপ জিলা সাহিত্য সভা, আমিনগাঁও , গুৱাহাটী।

৩/ ইণ্টাৰনেট

 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!