ওৰে নিশা শুব নিদিলে ৰুবেদা বেগমে
লেখক- কৰবী দত্ত
যোৱা নিশা চকুৰ টিপ মৰা নহ’ল, ৰুবেদা বেগমে মোক শুব নিদিলে। তেওঁৰ কিতাপখনে উজাগৰে ৰাখিলে ওৰেটো নিশা।
বিশ্ববিদ্যালয়ৰ সহপাঠী চফিকুলে কিতাপখনৰ পৰিকল্পনা কৰাৰ পৰাই মোৰ লগত মাজে-সময়ে কিতাপখনৰ বিষয়ে কথা পাতিছিল। ড° গোবিন্দ প্ৰসাদ শৰ্মা ছাৰে কিতাপখনৰ পাতনিত কি লিখিলে, ড° হীৰেন গোঁহাই ছাৰে কিতাপখনৰ কি বিষয়ে কি মতামত দিলে, অৰূপা পটংগীয়া বাইদেৱে কিতাপখনৰ বিষয়ে কি লিখিলে– এই আটাইবোৰ কথা মাজে-সময়ে মই চফিকুলৰ মুখত শুনিছিলোঁ আৰু গ্ৰন্থখনৰ প্ৰতি কৌতূহলী হৈছিলোঁ। সেইবাবেই কালি (১.১২.২৪) তাৰিখে গ্ৰন্থ উন্মোচনী সভাত উপস্থিত আছিলোঁ। অৱশ্যে স্বীকাৰ কৰোঁ – গ্ৰন্থখনৰ বিষয়ে মনত জন্মা কৌতূহলৰ লগতে বিশ্ববিদ্যালয়ৰ সহপাঠী কাৰোবাক লগ পোৱাৰ আগ্ৰহ আৰু শিক্ষাগুৰুদ্বয় ড° গোবিন্দ প্ৰসাদ শৰ্মা ছাৰ আৰু ড° হীৰেন গোঁহাই ছাৰক এবাৰ দেখা কৰাৰ আগ্ৰহেও সভাখনত উপস্থিত থাকিবলৈ মোক বাধ্য কৰিছিল। সুন্দৰ গ্ৰন্থ উন্মোচনী সভাখনত কোনে কোনে কি ভাষণ দিছিল সেইবোৰ ইয়াত উল্লেখ নকৰোঁ। বাতৰি কাকত আদিত সেই বিষয়ে নিশ্চয় বিস্তাৰিত বাতৰি প্ৰকাশ পাব। এই লেখাত “সোণোৱালী অতীতৰ সন্ধানতঃ এগৰাকী অখ্যাত মহিলাৰ আত্মগাথা” শীৰ্ষক অগতানুগতিক গ্ৰন্থখন পঢ়ি হোৱা মোৰ অবিস্মৰণীয় পঠন অভিজ্ঞতাৰ কথাহে উল্লেখ কৰিব খুজিছোঁ।
গ্ৰন্থ উন্মোচনী সভা সামৰি, ঘৰলৈ অহাৰ পিছত নানা ঘৰুৱা কাম-কাজ কৰি অটাই, এখন বিয়া খাই বিছনাত উঠো মানে নিশা চাৰে এঘাৰ বাজি গৈছিল। কিতাপখন হাতত লোৱাৰ পিছতে দিনটোৰ ক্লান্তিৰ অন্তত জাপ খাই আহিব খোজা চকুৰ পৰা টোপনি আঁতৰিল, ইটোৰ পিছত সিটো পৃষ্ঠা লুটিয়াই গৈ থাকোঁতে ময়ো যেন মাই (সহপাঠীৰ মাতৃ, মোৰো মাই)ৰ সৈতে ঘূৰি ফুৰিলো তেওঁ শৈশৱ কটোৱা সানোৱা গাঁৱৰ অলিয়ে-গলিয়ে, অনুভৱ কৰিলোঁ সেই সময়ৰ গ্ৰাম্য জীৱনৰ সৰলতা আৰু মাধুৰ্য।
ৰুবেদা বেগমৰ জন্ম প্ৰাক্-স্বাধীনতা কালত, ১৯৩৭ চনত। সেই সময়ৰ সমাজখনৰ মানুহৰ বাবে আত্মীয়তা আৰু মানৱীয়তাহে ঘাই কথা আছিল, ধৰ্ম আছিল সম্পূৰ্ণ ব্যক্তিগত বিষয়। সেই সময়ত তেওঁ বাস কৰা অঞ্চলটোত বিজুলী, খোৱা পানী, যাতায়াত, শিক্ষা, চিকিৎসা ব্যৱস্থা আদিৰ কোনো ধৰণৰ সুবিধা নাছিল। নানা সমস্যাৰে ভাৰাক্ৰান্ত অথচ ধৰ্মীয় চিন্তাৰ উৰ্দ্ধত থকা সমসাময়িক সমাজখনৰ এখন জীৱন্ত ছবি ৰুবেদা বেগমে তেওঁৰ কিতাপখনত আঁকিছে।
ঠিক আঁকিছে বুলি ক’লে ভুল হ’ব, আচলতে অঁকাইছে। চফিকুলে মাকে কৈ যোৱা কথাবোৰ সুন্দৰকৈ সজাই-পৰাই গ্ৰন্থৰ ৰূপ দিছে, অৰ্থাৎ অনুলেখন কৰিছে। জীৱিত অৱস্থাতে মাতৃৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শনৰ এনে উদাহৰণ সঁচাকৈয়ে বিৰল। তোমাক ধন্যবাদ চফিকুল, তুমি সঁচাকৈয়ে এটা ডাঙৰ কাম কৰিলা। (কিতাপখন চফিকুলে তেওঁৰ যমজ কন্যাদ্বয় তাহিয়া আৰু চাবিহাৰ হাতত অৰ্পণ কৰিছে। এয়াও কন্যাৰ প্ৰতি থকা পিতৃৰ অপাৰ মৰমৰ চিন। )
গ্ৰন্থখনত স্থানীয় কথিত ভাষাৰ ভালেমান শব্দ ব্যৱহাৰ কৰা হৈছে। তেনে শব্দবোৰৰ বিষয়ে শব্দ-টোকা সন্নিৱিষ্ট কৰাৰ ফলত পঢ়ুৱৈয়ে ক’তো উজুতি নোখোৱাকৈ সাৱলীল পঠনৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ব। কিতাপখনত উল্লেখ কৰা বিভিন্নজনৰ ছবি সন্নিৱিষ্ট কৰাটোও এটা উল্লেখনীয় দিশ। স্থানীয় সংস্কৃতিৰ ভালেমান কথা (মতি কাৰ ঢেক, বুৰাতোমাইৰ পদ, ভুত-প্ৰেত সম্পৰ্কীয় বিভিন্ন বিশ্বাস আদি) কিতাপখনত সন্নিৱিষ্ট হৈছে।
কিতাপখন পঢ়ি শেষ কৰাৰ পিছত মাই ৰুবেদা বেগমৰ দৰেই হয়তো পাঠকসকলেও ভাবিব– “… সঁচাকৈয়ে আছিলনে এনেকুৱা এখন সমাজ… ক’ত গ’ল সেই দিনবোৰ, ক’ত হেৰাল সেই মানুহবোৰ!”
সুন্দৰ ছপা-বন্ধা আৰু বেটুপাতৰ এই সুন্দৰ গ্ৰন্থখন প্ৰকাশ কৰিছে ‘বান্ধৱ’ৰ হৈ ৰঞ্জন শৰ্মাই। ১০৬ পৃষ্ঠাৰ গ্ৰন্থখনৰ মূল্য ১৫০/- টকা মাত্ৰ। এছোৱা সোণোৱালী সময়ৰ এই দস্তাবেজ পঢ়িবলৈ আমাক সুযোগ দিয়া বাবে ৰঞ্জন শৰ্মা নিশ্চয় ধন্যবাদৰ পাত্ৰ।
কিতাপখনৰ বিষয়ে আন একো নকও, এইখন কিতাপ কিমান ব্যতিক্ৰমী সেয়া পঢ়িলে আপোনালোকে নিজেই অনুভৱ কৰিব পাৰিব। শেষত মাত্ৰ এষাৰ কথা– কিতাপখনে ভালেমান পঢ়ুৱৈৰ সন্মুখত দাঙি ধৰিব আজিৰ যান্ত্ৰিক পৃথিৱীৰ বাবে তেনেই অপৰিচিত, অদেখা এখন জগত আৰু সৰলতাৰে ভৰা এখন সমাজ, তাৰ কিছুমান বিচিত্ৰ চৰিত্ৰ।
গ্ৰন্থৰ নামঃ সোণোৱালী অতীতৰ সন্ধানতঃ এগৰাকী অখ্যাত মহিলাৰ আত্মগাথা
অনুলেখকঃ চফিকুল হক
প্ৰথম প্ৰকাশঃ নৱেম্বৰ, ২০২৪
প্ৰকাশকঃ ‘বান্ধৱ’ৰ হৈ ৰঞ্জন শৰ্মা
মূল্যঃ ১৫০/- টকা
আইএছবিএনঃ ৯৭৮-৯৩-৯৪৫৯৪-৪৮-৭