কইনাৰ সন্ধানত
লেখক- কুমকুম শৰ্মা বৰুৱা
‘ছোৱালীজনী স্বভাৱে-চৰিত্ৰই তোৰ লগত মিলিব। বয়স অলপ হৈছে যদিও তোতকৈ ডাঙৰ নহয় তাই। এবাৰ চাই আহগৈ’, কণ ভিনদেৱে বতৰাটো দিলেহি।
সময়ত বিয়া পতা হ’লে মোৰ সন্তানে এতিয়ামানে মেট্ৰিক পৰীক্ষা দিলেহেঁতেন চাগৈ! এনেয়ে নকয় বোলে জন্ম, মৃত্যু, বিবাহ ভগৱানৰ ইচ্ছা মতেহে হয়। নিজৰ দুজনী ভনী আৰু দুজনী মোতকৈ সৰু পেহীক বিয়া দি আজৰি হৈ মই বিয়া পাতোমানে বয়স ৰৈ নাথাকিল। সেইকাৰণেই নেকি বিয়াবোৰ হওঁ হওঁ হৈ ভাগি যায়। পেহী দুজনী আচলতে দেউতাৰ মাহীমাকৰ ছোৱালী। কিন্তু আমাৰ ঘৰত সিহঁত দুজনী নহ’লে দিনতে আন্ধাৰ। সকলো কাম-বন, ঘৰ মচা, কাপোৰ ধোৱা, ঢেঁকীত ধান বনাকে আদি কৰি দাইল-ভাজি বনোৱালৈকে সিহঁতে সকলো কৰে। বাৰীত বান্দৰ এটা সোমালেও কুকুৰকেইটাতকৈও আগতে গম পাই সৰুজনী পেহীয়ে। মই অফিচৰ পৰা আবেলি আহি ঘৰ সোমোৱা মাত্ৰকে দুইজনীৰ কি প্ৰতিপাল! আগতেই ভাজি থয় ভাজিখন। মই হাত-ভৰি ধুই আহোঁ মানে গৰমে গৰমে ৰুটি বা লুচি টেবুলত সজায় থয়। দুইজনীয়ে মোক সময়ত বিয়া পাতিবলৈ কৈছিল। মইহে চাৰিওজনীকে দি লৈহে বিয়া পতাৰ কথা ভাবিলো। চাৰিওজনী বিভিন্ন বিষয়ত স্নাতক। ব্ৰাহ্মণ কন্যা চাৰিজনীৰ কাৰণে দৰা বিচাৰোঁতে মোৰ হায়ৰাণ অৱস্থা। চাকৰি এটাও যোগাৰ নহ’ল বাবে সিহঁতে দুই এটা টিউচন কৰাৰ লগতে চিলাই আৰু ঊলগোঁঠা কাম কৰে অৰ্ডাৰ অনুযায়ী। ইফালে দেউতাই আকৌ ল’ৰাবোৰৰ দোষ উলিয়াই থাকি দিব নোখোজে।
মোৰ পিছত দুজনী ভনীৰ পিছৰ ভাইটিতো মোতকৈ পোন্ধৰ বছৰ মানৰ সৰু আছিল। সি সকলোৰে বৰ মৰমৰ আছিল। তাৰ আবদাৰৰ সীমা নাই।
পঢ়া-শুনাত ভাইটি মধ্যমীয়া আছিল। মেট্ৰিক পাছ কৰি সি কমাৰ্চত নাম লগালে ওচৰৰ কলেজখনতে। দূৰ বেছি নহয় যদিও তাক এখন মটৰ চাইকেলৰ প্ৰয়োজন হ’ল। তাক খোজা বস্তুটো নিদিয়ালৈকে বৰ অশান্তি কৰে। মই তাৰ বয়স নোহোৱাৰ দোহাই দি বি.কম পঢ়োতেহে পাবি বুলি ক’লো। সি মোক বৰকৈ মাত-বোল নকৰাই হ’ল। মা-দেউতায়ো তাক ধমকি এটা দিলেও বেয়া পায়। পিছত সঙ্গদোষত পৰি সি মদ-ভাং খাই ৰাতি এদোখৰত ঘৰ সোমোৱা হ’লহি।
তাৰ মাজতে সি বি.কমটো পাচ কৰিলে যেনিবা। পিছে চাকৰিৰ বাবে পঢ়িবলৈ ক’লে, পৰীক্ষা দিবলৈ ক’লে উভতি দম দিয়া হ’ল। সি উৎপাত কৰিলে তাক দোকান এখন খুলি দিবৰ বাবে। মই যেনেতেনে ছয়মাহৰ আগধন দি বজাৰতে ভাৰা দোকান এখন ঠিক কৰি দিলোঁ। প্ৰথমতে ৰেডিমেইড পেণ্ট-চাৰ্টেৰে আৰম্ভ কৰা দোকানখন পিছলৈ মণিহাৰী দোকান হ’লগৈ। দেউতাও গৈ বহেগৈ দুপৰীয়া সময়ত সি ভাত-পানী খাবলৈ ঘৰলৈ আহোঁতে। অলপ চলিব পৰা হওঁতেই তাৰ বিয়া পাতিবলৈ তত নাইকীয়া হ’ল। মই বোলো পাত বিয়া পাতিব খুজিছ। সি বোলে তই পাতি দে আকৌ। মোৰ সঁচাকৈ এইবাৰ খঙ উঠিল। ক’লো বোলো ক’ৰ্ট মেৰেজ কৰি লৈ আহ বিয়া পাতিব নোৱাৰ যদি। মা-দেউতা দুয়ো জকজকাই উঠিল। বোলে আমাৰ মান-সন্মান নাই নেকি। তই পাতি দে বিয়া। শেষত মই খোৱা খৰচটো দিলোঁ। বাকীবোৰ খৰচ সকলোৱে মিলি যোগাৰ কৰি দিলে। বেংকত মোৰ পইছাৰ তলি উদং হ’ল। ঘৰখনৰ খোৱা-খৰচ ময়ে দি আছোঁ। মায়ে লিখি দিয়া লিষ্টমতে ময়ে বজাৰ কৰি আনোঁ।
আজিকালি পুৱা অফিচলৈ যাওতে মায়ে কুঁজাকুজকৈ ভাত কেইটামান ৰান্ধি দিয়ে। দেখি বেয়া লাগে। ভাই বোৱাৰীৰ গা-বেয়া বোলে। মনতে ভাবিলোঁ জীৱনটোত মই পালোঁ কিনো। লোকৰ বাবে ত্যাগ কৰোঁতে আধাজীৱন গ’লেই। মোৰ বাবে ভাবোঁতা দেখোন কোনো নাই। কেৱল মোৰ দৰ্মহাটোতহে চকু সকলোৰে। এতিয়া অন্ততঃ মা-দেউতাক অকণমান সুখ দিবলৈকে মৰমিয়াল ছোৱালী এজনী চাব লাগিব। লগত যাবলৈয়ো তেনেকৈ কোনো নাই। অকলেই ওলালো দেওবাৰ এটাত ছোৱালীৰ ঘৰলৈ বুলি। বিচাৰি বিচাৰি গৈ ওলালোগৈ নগৰৰ সমীপৰ এখন গাঁৱত। ছোৱালী ঘৰৰ সকলোৱে উৎসুকতাৰে বাট চাই আছিল। ছোৱালীৰ দেউতাক আৰু ভায়েকে আদৰি নিলে বাটৰ পৰা। তামোল-চালি খাই কথা পাতি থাকোঁতে চাহ লৈ ছোৱালী গৰাকী সোমাই আহিল। দেখিলোঁ ছোৱালীজনীৰ চকু এটা অলপ সৰু। হ’ব, বাকী কথা কামবোৰ ভাল হ’লেই হ’ল। অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী ছোৱালীজনীৰ কথা-বতৰাবোৰ মুকলি। মোকো চাকৰি ক’ত কৰেৰ পৰা ঘৰৰ সকলো মানুহৰ কথা সুধি-পুচি লৈছে নিজেই। ঘৰৰ কাম-বন সিংহভাগ তায়েই কৰে। ভনীয়েকৰ বিয়া দুবছৰ মানৰ আগতে হৈ গ’ল। কথা দিলোঁ, সোনকালেই বিয়াখন হ’ব বুলি। তেওঁলোকে বোলে কমেও ছমাহমান নহ’লে যা-যোগাৰ কৰি নহ’বগৈ তেওঁলোকৰ। মই ক’লো যে ছোৱালীৰ লগত একো দিব নালাগে। জোৰোণতো কইনাজনী সজাবলৈ মোৰফালৰ পৰা ন্যূনতম বস্তুখিনিহে দিয়া হ’ব। বাকী সকলো ভাগ্যৰ খেল। পিছতো যি লাগে লৈ থাকিব পাৰিব। যাৰ কন্যা তাৰ বিবাহ। শুভ কাম সোনকালে হৈ যোৱাই মঙ্গল। ছোৱালীৰ মাক-দেউতাকৰ মুখত সুখৰ হাঁহি বিৰিঙি উঠিল। ছোৱালীজনীয়ে বঁটা এটাত গামোছা এখন লৈ সেৱা কৰিলেহি মোক। দুচকুত টলমল চকুপানী।
এখুজি-দুখুজিকৈ তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহোতেই ৰিক্সা এখন পালোঁ ঘৰৰ সন্মুখতেই। বাছৰ ওচৰলৈকে বৰষুণৰ বতৰ কাৰণে সি দুগুণ ভাৰা বিচাৰিলে। ময়ো কেৰজেৰ নকৰি সি খোজামতেই ভাৰাতো দিম বুলি ক’লো তাক। মনত লৈ আহিলোঁ এটি মিঠা উত্তাপভৰা কোমল ৰ’দৰ সোণালী আভা।
মই বিয়াৰ কামত ব্যস্ত হ’লো। জোৰোণৰ ন্যূনতম অলঙ্কাৰ কেইপদতে সৰহখিনি পইছা খৰচ হ’ল। কাপোৰ পাঁচযোৰ কিনিলোঁ। এযোৰ ভাইবোৱাৰীলৈ আৰু এযোৰ মালৈ কিনিলোঁ। মেইন চেট এটা, টছ মুগাৰ এযোৰ আৰু পাটৰ এযোৰ, তিনিযোৰ জোৰোণলৈ মাত্ৰ। মুগাৰ নোৱাৰিলোগৈ। জোৰোণত বোলে ভনী দুজনী নাযায়। কাৰণটো হ’ল মই কাপোৰ দিয়া নাই। পেহী দুজনীতে সকলো ভৰসা কৰিলোঁ। সিহঁত দুজনীয়েই জোৰোণত যাবলৈ মিতিৰ-কুটুম বিচাৰি ল’লে। দৰাধৰীয়াও পেহা এজনেই হ’ল। যেনেতেনে বিয়াৰ লেঠাতো মৰিলগৈ। অফিচৰ সহকৰ্মী প্ৰায়খিনিয়েই আহিছিল। মিতিৰ-কুটুম কিছুমানৰ ঠেহ লাগি নাহিল। ঘৰত মাতিবলৈ মই যাব নোৱাৰিলোঁ।
বাহী বিয়াৰ দিনাই ন-কইনাই মাৰ হাতৰ পৰা ঝাড়ু কাঢ়ি লৈ বাহিৰ-ভিতৰ সাৰিলে। গা-পা ধুই সকলোকে জা-জলপান দিলে। ফাৰ্নিচাৰ সকলোখিনি আনি হোৱা নাই। মইতো একো নালাগেই বুলি কৈছিলোঁ। থ’বলৈকে ঠাই নাই। কিন্তু কইনা চাবলৈ অহা ৰাইজৰ ফুচফুচনি আৰম্ভ হ’ল –ন-ছোৱালীৰ লগত বস্তু দেখোন নিদিলেই।
ভাই-বোৱাৰীৰ অসুখ মানে গা-ভাৰী অৱস্থা। তেওঁ কাম কৰিব নোৱাৰে। গতিকে ন-ছোৱালীয়ে অহাৰ দিনৰে পৰা সকলো কাম চম্ভালি লৈছে। কিন্তু ভাইবোৱাৰী আঠমঙলাৰ দিনা আমাৰ লগত শহুৰৰ ঘৰলৈ যাবলৈ ওলাল। আমি বেয়া পোৱা নাই বাৰু। কিন্তু আনদিনা দিনত উঠিবই নোৱাৰে। সন্ধ্যা সময়ত উঠি টিভিটোকে চাই বহি থাকে। ভাইটোও আহি বৌৱেকক কিনো ৰান্ধিছে সোধেহি। ঘৰখনৰ সকলোৰে মৰমৰ সি। মায়েও আজিকালি বৰকৈ একো কৰিব নালাগে। বৰ বোৱাৰীয়ে কৰিবলৈকে নিদিয়ে। ৰাতি এদিন কঁকাল বিষাইছে বুলি এওঁ ক’লত মোৰ অলপ বেয়া লাগিল। ৰমলা বাই পুৱা নাহে নেকি বুলি সুধিলত তেওঁ ক’লে প্ৰায়ে আহে বোলে। চাহ খাই যায়গৈ। কামৰ পৰাহে এৰুৱাই দিছে হেনো। পইচাবোৰ দিব লাগিব। মই বোলো কৰিবলৈ দিবা। পইচা মইহে দিম। ঘৰ-চোতাল সাৰি-মচি দিলেও বহুত তত পাবা। ছয়মাহমানৰ পিছত এৱোঁ গা-ভাৰী হ’ল। সেই গাৰেই তেওঁ কাম-বন সকলো কৰি থাকে। সময় হ’লত ভাই-বোৱাৰীক হস্পিতালত ভৰ্তি কৰিলে। অপাৰেশ্যন কৰিবলগা হ’ল। ল’ৰা এটি জন্ম হ’ল। ভাইটোৱে মোক ক’লে, -তই দে মেডিকেলৰ পইচাকেইটা। মোৰ একেবাৰে পইচা নাই। মোৰ যথেষ্ট খঙ উঠিছিল। কিন্তু একো নকৈ পইচাখিনি দিলোঁ। মোৰো এটা সাধাৰণ চাকৰি। কেৰাণীতকৈ অলপহে ওপৰত। একাউনটেণ্ট বুলি কয়। বিয়াখনত জমা টকাৰ তলি উদং হৈ ধাৰো লাগিল অলপ। এতিয়াহে ভাবিছোঁ কোঠা দুটা সাজি বেলেগে থকাই ভাল। মই আৰু নোৱাৰিমগৈ ইমান বোজা ব’ব। ভনী দুজনী আহিলে ভাইটোক মাতবোল কৰে। আমাক নামাতে। আমি উপযাচি মাতিলেও ভালকৈ উত্তৰ নিদিয়ে।
ঘৰত কাকো নোসোধাকৈ ইটা দুগাড়ী পেলালোহি। দেউতাক সকলো ক’লো মই। দেউতাই মানা নকৰিলে। চুবুৰীয়া কিছুমানে শুনালে, ন-ছোৱালীয়ে আহিয়েই ঘৰ ভাঙিলেহি। মই বোলো আৰু ভাগে বুলিয়েই মই বেলেগে সাজি ল’ব খুজিছোঁ। ভাইটোক ক’লো, তই সুখেৰে পুৰণা ঘৰতেই থাক। মা-দেউতাক মই চাম বাৰু।
তিনিটা কোঠাৰ মোৰ ঘৰটো হ’ল যেনেতেনে। ঘৰলোৱা অকণ পাতিবলৈও টকা-পইচা নাই। হস্পিতালত নৱজাতকে পোহৰ দেখিছে। যঁজা ল’ৰা-ছোৱালী এহাল হৈছে মোৰ। সুখৰ ৰ’দালিয়ে ডাৱৰ আঁতৰাই নিছে আমাৰ পৰা দূৰলৈ আৰু দূৰলৈ। পৃথিৱীত সকলো কুশলে থাকক।
সৰ্বে ভৱন্তু সুখিনঃ
সৰ্বে সন্তু নিৰাময়া:
সৰ্বে ভদ্ৰাণি পশ্যন্তু
মা কশ্চিত দুখভাৱ ভৱেৎ। ।