কানো
লেখক- যশোৱন্ত নিপুণ
পথাৰত কাম কৰিবলৈ দেহৰ বল কমি অহাৰ পাছত ঘৰৰ আৰু বাৰীৰ কামতেই লাগি থাকিছিল দিনটো। কিন্তু দেহা বেছিকৈ পৰি আহিছিল। গতিকে আজি-কালি চোতালখন আৰু কুঁৱাৰ পাৰতেই কিবাকিবি কৰি থাকে। সিদিনা কিন্তু কুঁৱাৰ পাৰতেই ঢলি পৰিল আৰু তেনেকৈয়ে কিছু সময় পৰি আছিল।
খুৰী নামঘৰলৈ গৈছিল। কোনোবাই প্ৰসাদ আগবঢ়াইছিল। ঘূৰি আহি দেখে সৰ্বনাশ! চুবুৰিটো জিনি যোৱাকৈ, “অ’ গোঁসাইটোৱে দেখোন মোক এৰি গুচি গ’ল অ’” বুলি বিকট চিঞৰ এটা মাৰি হাও হাওকৈ কান্দিবলৈ ধৰিলে।
কি হ’ল, কি হ’ল, কি হ’ল – আমি দৌৰি গ’লোঁ।
কুঁৱাৰ পাৰত খুৰা তত-ভৎ নোহোৱা হৈ পৰি আছে। তেওঁৰ বুকুত মূৰ থৈ খুৰীয়ে হিয়া ঢাকুৰি কান্দিছে। যেন সকলো শেষ হৈ গ’ল।
মানুহজন মোৰ নিজৰ খুৰা নহয়। পিতাতকৈ বয়সত সৰু মানুহজনক আমি এনেয়ে খুৰা বুলি মাতিছিলোঁ। আশী-পঁচাশী বছৰীয়া মানুহ এজন হঠাতে সিফলীয়া হোৱাটো ডাঙৰ কথা নহয়। কিন্তু তেনে বিশেষ একো হোৱা নাছিল। খুৰা মুচকচ গৈছিল। ওচৰৰ গাঁৱৰ খুৰীহঁতৰ কিবা সম্বন্ধীয় নদীপাৰৰ হৰকান্তদাক ফোন কৰি আনিলোঁ। তেওঁ আৰু ময়েই খুৰাক হাস্পতাললৈ লৈ গ’লোঁ। ডাক্তৰে ভালকৈ চাই কৈছিল – চিন্তাৰ কাৰণ নাই। বয়সৰ কাৰণেই এনে হৈছে। কিন্তু লগত সদায় কোনোবা এজন থাকিলে ভাল। ঠিকতো নাই, হঠাৎ কেতিয়াবা কি হৈ যায়।
পিছে খুৰাৰ লগত খুৰীৰ বাদে আৰু কোনো নাথাকে। আগৰ হাই-উৰুমিৰে ভৰি থকা ঘৰখন এতিয়া শূন্য, নিজম। ছোৱালী কেইজনী বিয়া হৈ গুচি গ’ল। জীৱিকাৰ তাড়নাত পুতেক কেইজনো দূৰে দূৰে থাকে। গোটেই কেইজনে বাহিৰতে ঘৰ-মাটি কৰিছে। ব্যস্ততাভৰা জীৱন সকলোৰে। মাজে মাজে এদিন-দুদিনহে আহি থাকিব পাৰে সিহঁতে।
পিছদিনা অৰুণ আহি ওলাইছিল। বাকীকেইজন পুতেক আৰু অধিক দূৰৰ নগৰত থাকে। আহোঁ বুলিয়েই পটকৈ সিহঁতে আহিব নোৱাৰে।
অৰুণৰ চিন্তাও হৈছিল, খঙো উঠিছিল।
“মই তহঁতক কিমান বাৰ কৈছোঁ – মোৰ লগত থাক আহি। কিন্তু তহঁতে নুশুন। এইবাৰ ভাগ্যত বাচিলি কিবাকৈ। বাৰে বাৰে বাচিব পাৰিবি? আইৰ চেহেৰা দেখা নাই? আইৰো কোনোবা দিনা কিবা হ’ব? তেতিয়া কি কৰিবি?” সি গৰম সুৰত কৈছিল।
খুৰী আৰু খুৰাই কোনেও উত্তৰ দিয়া নাছিল। আচলতে তেওঁলোক দুয়োজনে এই শূন্য হৈ যোৱা ঘৰখনৰ মায়া এৰিব পৰা নাছিল। খুৰাৰ ডাঙৰটো পুতেকৰ ঘৰত দুয়ো এবাৰ দুমাহমান থাকিবলৈ গৈ দুসপ্তাহ নৌ হওঁতেই ঘূৰি আহিছিল। তাতে দুয়োজনৰে মন বহা নাছিল, গাঁৱৰ এইখন ঘৰলৈ চেৰেং চেৰেংকৈ মনত পৰি আছিল।
“কিবা হ’লে সকলোৱে দোষ দিব আমাকহে। ক’ব – পুতেকহঁতে মাক-বাপেকক ফিৰিও নাচায়।” অৰুণে কৈছিল।
বিছনাত গাত কম্বল এখন লৈ পৰি থকা খুৰাৰ চকু দুটা কিবা কাৰণত পানীৰে ভৰি পৰিছিল। তেওঁ থোকাথুকি মাতেৰে কৈছিল, “ইয়াৰ পৰা কেনেকৈ যাওঁ, কানোক ইয়াতে অকলে এৰি? অ’ কানো, কানো, কানো …!” তেওঁ সৰু ল’ৰা এটাৰ দৰে কান্দিবলৈ ধৰিছিল।
খুৰীয়েও চকু দুটা চাদৰৰ আচলেৰে ঢাকি ধৰিছিল। উচুপনি এটা চেপি ৰাখিবলৈ চেষ্টা কৰিছিল কাৰণেই নেকি তেওঁৰ পিঠিখন কঁপি কঁপি উঠিছিল।
অৰুণে অসহায়ভাৱে মূৰ জোকাৰিছিল। দীঘলকৈ উশাহ এটা এৰি দি সি কৈছিল, “আমি কি কৰিব পাৰোঁ এতিয়া? সেই কথাটোকে ভাবি থাকিলে কিবা হ’ব জানো?”
সেইটোকে মই আৰু হৰকান্তদাই খুৰা-খুৰীক বুজাবলৈ বহুদিন চেষ্টা কৰিছিলোঁ – কানোক এৰি যাব লাগিব বুলি ইমান দুখ কৰি থকাৰ কি কাৰণ আছে? কানো গুচি যোৱাৰ আঢ়ৈ কুৰি বছৰৰো বেছি হ’ল। মানুহ আহে, মানুহ যায়। পৃথিৱীৰ নিয়ম মতেই সকলো হৈ আছে, হৈ থাকিব। গুচি যোৱাজনক আমি যাবলৈহে দিব লাগে; তাৰ পাছতো যোৱাজনক ওচৰতে ক’ৰবাত ৰৈ থকা বুলি ভাবি থাকিব নালাগে নহয়।
কিন্তু খুৰীৰ আৰু বিশেষকৈ খুৰাৰ মনৰ ক’ৰবাত কানোৰ বাবে সৰু ঘৰ এটা বোধহয় সদায় আছিল যি কেতিয়াও খালী হৈ যোৱা নাছিল, আৰু তালৈ আঠ-ন বছৰীয়া সৰু ছোৱালী এজনীৰ আহ-যাহ চলিয়েই আছিল। বাকী সকলোৰে কাৰণে অৱশ্যে কানো কেতিয়াবাই অতীতৰ কোনোবা কেঁকুৰিত শুকান পাত এখিলাৰ দৰে জহি-খহি মিলি গৈছে। অৰুণহঁতৰ মনতো কিজানি কানো এতিয়া খুব বেছি এটা নাম বা এটা শব্দ হৈ ৰৈ গৈছে মাথোঁ।
কানোৰ ভাল নাম কিবা এটা আছিলনে? হ’ব পাৰে তাই আছিল কাঞ্চন, নহ’লে কানন ; কোনোবাই তাইক বহু ভাবি-চিন্তি ধুনীয়া নাম এটা নিশ্চয় দিছিল। মই এবাৰ সোধোঁতে খুৰাই ক’ব পৰা নাছিল, খুৰীৰো মনত পৰা নাছিল। কিন্তু কানো খুৰা আৰু খুৰীৰ বাবে এটা নামেইতো নাছিল। সকলোৱে পাহৰিলেও সিহঁতে কানোৰ একোৱেই পাহৰিব পৰা নাছিল। আচলতে ঘৰখন সেই কাৰণেই সিহঁতে এৰি যাব নোখোজে। খুৰাই মাজে মাজে কয় – বেলেগ ক’ৰবাত গৈ হাড় পেলোৱাৰ কথা তেওঁ ভাবিবই নোৱাৰে।
অৱশ্যে ঘৰখনত কানোৰ অকণমানো কিবা ৰৈ যোৱা বুলি আমি অন্ততঃ ভাবিব নোৱাৰোঁ। তাইৰ চিন হিচাপে ডাঙৰ কোঠাটোত বহু পুৰণি বন্ধাই থোৱা ক’লা-বগা ফটো এখন ওলমি আছে। আইতাকৰ কোলাত বহি দুই-তিনিবছৰীয়া ছোৱালীজনীয়ে চকু দুটা বহলকৈ মেলি সম্মুখলৈ চাই আছে, কপালত এটা ক’লা ডাঙৰ ফোট, মুখখন সামান্য মেল খোৱা। আইতাকে হাঁহি তাইক কিবা এটা দেখুৱাবলৈ চেষ্টা কৰিছে। কিন্তু সেই ফটোখনো প্ৰায় জ্বলি গৈছে আৰু আইতাক আৰু কানোক ফটোখনত শীতৰ কুঁৱলিৰ আঁৰত অদৃশ্য হ’বলৈ ওলোৱা ছাঁ যেন লাগে।
কেতিয়াবা ডাঙৰ কোঠাটোত মই খুৰা আৰু খুৰীৰ লগত বহি কথা পাতোঁ। খুৰাই প্ৰায়েই একেথৰে ফটোখনলৈ চাই থাকে। খুৰীয়ে সদায় ফুলৰ মালা এডাল দিয়ে ফটোখনত। ফটোখনৰ আগত পুৱা-গধূলি চাকিও জ্বলে। ফটোখনলৈ চালে মোৰ মনতো আজিও আঠ-ন বছৰীয়া ছোৱালী এজনীৰ ছবি এখনে ভূমুকি মাৰি যায়। এটা খিক্ খিক্ সৰল হাঁহি আৰু হাত চাপৰিৰ সৰু সৰু শব্দ কিছুমান কাণত পৰে। এক লহমাৰ কাৰণে ময়ো কেতিয়াবা বহু বছৰ আগৰ গাঁও এখনলৈ গুচি যাওঁ। কিবা এটা পুৰণি সৌৰভে চুই যাব খোজে।
কানোলৈ মোৰো মনত পৰে। লেতেৰা ফ্ৰক এটা পিন্ধি তাই চুবুৰিটোৰ ইফালৰ পৰা সিফাললৈ অকলে অকলে পিন পিনাই ঘূৰি ফুৰিছিল। তাইৰ শৰীৰ আৰু মনৰ হ’ব লগা ধৰণে বৃদ্ধি হোৱা নাছিল। সাধাৰণ কথাবোৰো ভালকৈ নুবুজিছিল আৰু কিবা সুধিলেও একো কথাৰেই উত্তৰ ভালকৈ দিব নোৱাৰিছিল। কিবা খেলিবলৈও তাইক কোনেও লগত নলৈছিল। সেইবোৰ কাৰণতেই তাই প্ৰায়ে অকলেই থাকিছিল। গোঁসাইঘৰত কিবা নাম-প্ৰসংগ হ’লেও তাই এফালে সৰু কঠ এখন পাৰি অকলে বহিছিল। মাজে মাজে অকাৰণতে খিক খিককৈ হাঁহিছিল। আৰু কেতিয়াবা নিজে নিজে হাত চাপৰি মাৰিছিল। তাইক চাই চাই স্ফূৰ্তি পাই আমিও হাঁহিছিলোঁ আৰু তেতিয়া তাই কৰ্কশ শব্দ কৰি খিক খিককৈ আৰু বেছিকৈ হাঁহিছিল।
কানোৱে বাৰু খুৰা-খুৰীৰ পৰা বাকী ল’ৰা-ছোৱালীকেইটাৰ দৰেই সমানেই মৰম-চেনেহ পাইছিলনে? মোৰ কেতিয়াবা সন্দেহ হয়। তাইনো সদায় কিয় লেতেৰা, পুৰণি ফ্ৰকবোৰেই পিন্ধি ঘূৰি ফুৰিছিল? খুৰা-খুৰীৰ সেইটো কোনোদিনে চকুত নপৰিবলগীয়া কথাতো নাছিল। বাকী কেইজনক চোৱা-চিতা কৰোঁতে স্কুললৈ নোযোৱা, ভালকৈ কথাও ক’ব নোৱৰা ছোৱালীজনীৰো যতন ল’বলৈ সিহঁতে কিজানি পাহৰিয়েই পেলাইছিল। অথচ ঘৰখনত কানোৰেই বোধহয় আটাইতকৈ বেছি যতনৰ প্ৰয়োজন আছিল।
কথাবোৰ ভাবিলে মোৰ এতিয়াও বেয়া লাগে। সৰু ছোৱালীজনীৰ মানসিক আৰু শাৰীৰিক দুৰ্বলতাবোৰ চুবুৰিটোৰ বহুতৰে কাৰণে স্ফূৰ্তি আৰু কিছুমান বন্য ধেমালিৰ খোৰাক আছিল। কেইজনেনো তাইৰ কথাবোৰ অলপ সহানুভূতিৰে ভাবিবলৈ চেষ্টা কৰিছিল। আৰু এই ক্ষেত্ৰত মোৰো নিজকে দোষী দোষী যেন লাগে। ময়ো তাইক জোকাই, তাইৰ খং তুলাই বৰ ভাল পাইছিলোঁ। তাইক ঘৰচীয়া জন্তুৰ নাম আদি ক’বলৈ ময়েই শিকাইছিলোঁ। সেই কথাটো লৈও আমি বৰ স্ফূৰ্তি কৰিছিলোঁ।
“ক’চোন, ঘৰচীয়া জন্তু এটাৰ নাম?”
তাই খিক্ খিককৈ হাঁহি ক’ব, “মকৰা।”
“আৰু ক’।”
“জেঠী, মাখি।”
আমি গিৰ্জনি মাৰি হাহোঁ। আমাৰ ফালে চাই চাই তায়ো হাঁহে।
“তোৰ ঘৰ ক’ত?” আমি সোধোঁ।
“মাটিত।” কানোৱে উত্তৰ দিয়ে।
আমি আকৌ হাহোঁ। তাইৰো স্ফূৰ্তি বাঢ়ি যায় আৰু তাই জঁপিয়াই জঁপিয়াই হাত চাপৰি মাৰিবলৈ ধৰে।
তাইক জোকাই আমি কিবা এটা নিষ্ঠুৰ তৃপ্তি পাইছিলোঁ। সিদিনা তাই গোঁসাইঘৰৰ চোতালত টুপী এটা পিন্ধি বহি আছিল। আমাৰ লগৰে কোনোবাই সেইটো টান মাৰি লৈ গ’ল। তাই বাৰে বাৰে মোক সেইটো খুজিছিল। দুবাৰমান ডবিওৱাৰ পাছতো তাই শান্ত হোৱা নাছিল। খঙতে মই তাইক জোৰকৈ চৰ এটা মাৰিছিলোঁ। তাই তাতেই বাগৰি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিছিল। সেই সময়তে পথাৰৰ পৰা আহি ওলাইছিল খুৰা। তেওঁৰ বৰ খং উঠিছিল। মোৰ বৰ ভয় লাগিছিল। কিন্তু বাৰে বাৰে সোধাৰ পাছতো কানোৱে কথাবোৰ খুৰাক ভালকৈ ক’ব পৰা নাছিল। মই যে তাইক মাৰিছিলোঁ সেইটোও তাই ক’ব পৰা নাছিল। মাত্ৰ কান্দি কান্দি “টুপী, টুপী” বুলি চিঞৰিছিল তাই। খুৰাই তাইক প্ৰায় চোঁচৰাই তাৰ পৰা টানি লৈ গৈছিল।
খুৰা বৰ খঙাল মানুহ আছিল। আমাক কেতিয়াও একো নক’লেও সৰুতে আমি তেওঁক খুব ভয় কৰিছিলোঁ। নিজৰ ঘৰখনত তেওঁ একনায়কৰ দৰে ৰাজত্ব চলাইছিল। প্ৰায়েই খঙত একো নাই হৈ তেওঁ চুবুৰিটোৰ সকলোৱে শুনাকৈ চিঞৰ-বাখৰ কৰিছিল। সেইখিনি সময়ত ঘৰখনে ভয়তে তাপ মাৰিছিল। মাত্ৰ কানোৱে একো বুজিব নোৱাৰিছিল কাৰণেই আগৰ দৰেই কিবাকিবি খুতখাত কৰি থাকিছিল। তেতিয়া খুৰাৰ খং আৰু বাঢ়ি যায় আৰু তেওঁৰ চিঞৰটোও আৰু ডাঙৰ হৈ আহে। খুৰাই তাইক কেতিয়াবা খুব মাৰিছিল।
আচলতে কানোৰ মনত ভয়-ভীত বোলা বস্তু একো নাছিলেই। হয়তো ভয়-শংকা আৰু অন্য অনুভূতিবোৰো তাইৰ মগজত খুব কম পৰিমাণেহে আছিল। গাঁৱৰ পৰা পথাৰলৈ আধা কিল’মিটাৰমানৰ এটা লুংলুঙীয়া বাট। বাটৰ দুুয়োফালে ভলুকা বাঁহ আৰু ঘন জংঘল । দুয়োফালৰ বাঁহবোৰে ওপৰেৰে বাটটোৰ ইপাৰ-সিপাৰ হৈ চন্দ্ৰাতপৰ দৰে হৈ থাকে। বাটটো য’ত পথাৰত লাগিছে তাতে এজোপা বহু পুৰণি প্ৰকাণ্ড আঁহত। সেইখিনিৰেই ওখ ঠাই এটুকুৰাত মানুহ খৰি দিয়ে, গৰু-ছাগলীৰ শ পেলায়। নিশা বাটটোৰে ভূতৰ আহ-যাহ চলে বুলি সকলোৱে কৈছিল। আৰু আঁহতজোপাত বোলে কিবা এটা বৰ বেয়া বস্তু থাকে। দিনত আমি সেইফালেৰেই পথাৰলৈ যাওঁ। পথাৰখন পাৰ হ’লেই পোৱা সৰু টাউনখনলৈও দিনত সেই বাটেৰেই যায় বহুতে। কিন্তু ৰাতি সেইফালেৰে যাবলৈ সাহস কৰা মানুহ খুব কম আছিল।
কিন্তু ভূত কি বস্তু বুজিব পাৰিছিল জানো কানোৱে? বা তাই সেইবোৰলৈ ভয় কৰিব লাগে বুলি জানিছিল জানো? তাই সেই লুংলুঙীয়া বাটটোৰে অকলে অকলে আঁহতজোপাৰ তললৈ প্ৰায়ে গৈছিল। কেতিয়াবা আঁহতজোপাৰ চাপৰ ফেৰেঙনি এটাত তাই বহি থাকিছিল। তেনে সময়ত তাইক তাত দেখিলে আমাৰ কিবা এটা ভয় লাগিছিল। তাই ট টকৈ স্থিৰ দৃষ্টিৰে কেতিয়াবা আকাশলৈ, কেতিয়াবা সম্মুখৰ পথাৰখনলৈ চাই ৰৈছিল। চকুৱে চকুৱে পৰিলে তাই চকু আঁতৰাই নিনিয়াকৈ ভয় লগাকৈ চাই থাকিছিল। বহুতেই কৈছিল তাইক হেনো কিবা ভূতে লম্ভিছিল। কোনোবা কোনোবাই খুৰাক বেজ আনি দেখুৱাবলৈ কৈছিল যদিও তেওঁ কেতিয়াও সেইবোৰ কাণত তোলা নাছিল। পথাৰৰ কাম শেষ কৰি খুৰা আঁহতজোপাৰ তলেৰেই ঘৰলৈ ওভতে। কানো তাত থাকিলে তাইকো নমাই লৈ যায়। কিন্তু কেতিয়াবা তাই তাত এন্ধাৰ হোৱাৰ পাছতো ৰৈ গৈছিল। সিদিনা ৰাতি ভাত খোৱাৰ সময়তহে খুৰাহঁতে গম পালে যে কানো ঘৰত নাই। গোঁসাইঘৰৰ চোতাল আৰু চুবুৰিটোৰ চুকে-কোণে সকলো বিচাৰিও তাইক নাপালে। পাছত টৰ্চ এটা লৈ খুৰাই মোৰ পিতাৰ লগত লুংলুঙীয়া বাটটোৰে আঁহতজোপাৰ তললৈ বিচাৰি গ’ল। কানো গছজোপাৰ ফেৰেঙনিত তেতিয়াও বহি আছিল। খুৰাৰ খুব খং উঠিছিল আৰু ঘৰত বোলে কানোক ফলা খৰি এডাল লৈ কোবাইছিল। আমাৰ পিতাহঁতে বাধা নিদিয়া হ’লে সেইদিনা বোলে কানো শেষেই হ’লহেঁতেন। কথাটো শুনি আমাৰো দুখ লাগিছিল। সেই মূৰ্খ, ভেবেলী ছোৱালীজনীয়ে কাৰো মৰমতো নাপায়েই, বাপেকটোৰ পৰাও তেনেকৈ মাৰ খাব লগা হয়।
খুৰাই পুৱাৰ পৰা বেলি ডুবালৈকে কাম কৰিছিল। পথাৰত আৰু ঘৰৰ বাৰীত তেওঁৰ সদায় কিবা কাম ওলাইছিল। কানোৰ বাহিৰে বাকী কেইটা ল’ৰা-ছোৱালী দেখাই-দৰ্পণে, পঢ়া-শুনাই সকলোতে ভাল আছিল। সিহঁতক তেওঁ একো কাম কৰিবলৈ নিদিছিল। অকলে অকলে সকলো সংসাৰৰ সকলো জোৰা-টাপলি মাৰি মাৰি জুৰুলা হৈ পৰা কাৰণেই নেকি, ঘৰত তেওঁ সদায় বৰ খঙতেই থাকিছিল। আমাৰ ঘৰৰ সম্মুখৰেই হাইস্কুলখনৰ খুৰা আছিল বিনা বেতনৰ চকীদাৰ। স্কুলৰ ফিল্ডৰ চাৰিওফালে আম, তেতেলী, আমলখি আৰু বগৰীৰ গছ। আমি ল’ৰাবোৰে সুবিধা পালেই সেইবোৰত বগাইছিলোঁ আৰু স্কুলৰ ফিল্ডত উৎপাত কৰিছিলোঁ। খুৰাই আমাক কাকো বৰ বেয়াকৈ নকৈছিল যদিও তিতা সুৰত হকা-বধা কেতিয়াবা নকৰা নহয়। এবাৰ মোকো আমলখিত উঠি ডাল জোকাৰি থকা দেখি হুটা মাতেৰে কৈছিল, “তই যে ইয়াত এইবোৰ কৰি থাক, নিজৰ ঘৰত নকৰ কিয়? ডাল ভাগি পৰিলে মৰি থাকিবি, গম পোৱা নাই।” মোৰ বেয়া লাগিল আৰু ঘৰত আইক কথাটো কৈ দিলোঁগৈ। আয়ে সন্ধিয়া বজাৰৰ পৰা অহা পিতাক ক’লে। পিতাৰ বেলেগ কথাত খং উঠি আছিলেই কিজানি। তেওঁ গৈ খুৰাক বৰকৈ গালি-শপনি পাৰিলে। খুৰাই পিতাক কিবা বুজাবলৈ চেষ্টা কৰিছিল যদিও পাছলৈ তাপ মাৰিলে। আচলতে নিজৰ কামতেই সদায় ব্যস্ত খুৰাই ঘৰত তৰ্জন-গৰ্জন কৰি থাকিলেও বেলেগৰ লগত কাজিয়া-পেছাল কৰিব পৰা মানুহেই নাছিল। সেইদিনা পাছলৈ মোৰ দুখ লাগিছিল। পিতাই খুৰাক তেনেকৈ গালি পাৰিব বুলি ভাবিবই পৰা নাছিলোঁ। সেই ঘটনাটোৰ পৰা খুৰাই কিবা দুখেই পাইছিল নে কিয়েই, তেওঁ ঘৰৰ বাহিৰত গাঁৱৰ কাম-কাজত বৰ নিস্পৃহ মানুহৰ দৰে থাকিছিল, পৰাপক্ষত একো নকৈছিলেই। নামঘৰৰ নাম-প্ৰসংগলৈ তেওঁ ঠিকেই গৈছিল, কিন্তু কাৰো লগত কথা-বতৰা তেনেকৈ নাপাতিছিল।
তেতিয়া এটা ডাঙৰ ঘটনা ঘটিছিল। আগনিশা হাইস্কুলৰ ফিল্ডত ভাওনা হৈছিল। দূৰৰ দুটা নাট্যদল নিমন্ত্ৰণ কৰি অনা হৈছিল। নাটক দুখনৰ নাম এতিয়াও মনত পৰে – “ৰূপালী নদীৰ ৰক্ত” আৰু “সাঁকো।” দুয়োখন নাটক চাই আহি শেহৰাতি বিছনাত পৰিছিলোঁ। পুৱা দেৰিলৈকে ফষ্টি মাৰি শুই আছিলোঁ। বাহিৰত হুৱা-দুৱাৰ শব্দত সাৰ পালোঁ। চকু মোহাৰি কি হৈছে চাবলৈ দৌৰিছিলোঁ। গোঁসাইঘৰৰ চোতালত চুবুৰিটোৰ কেইজনমানে উত্তেজিত হৈ কিবা কথা পাতিছিল। চিঞৰ-বাখৰত আন চুবুৰিৰ মানুহো আহি ওলাইছিল। টুকৰা-টুকুৰ শব্দ কিছুমান কাণত পৰিছিল –
“ভূতে মাৰিলে।” …
“ওলমি আছে।” …
“মাৰি ওলোমাই থৈছে।” …
অলপ সময় লাগিছিল কথাবোৰ বুজি পাবলৈ। কানো লুংলুঙীয়া বাটটোৰ মূৰৰ আঁহতজোপাত ওলমি আছে। মানুহবোৰৰ লগতে ময়ো তালৈ গৈছিলোঁ। লেতেৰা ফ্ৰক এটা পিন্ধা কানোজনী ৰচি এডালেৰে ওলমি আছিল। বতাহত তাইৰ শৰীৰটো লাহে লাহে পেন্দুলামৰ দৰে লৰিছিল। চকু দুটা ডাঙৰ হৈ যেন ভয়তে ওলাই আহিব খুজিছিল। মুখখনলৈ চাই মোৰ দুখ আৰু ভয় দুয়োটাই লাগিছিল। কিছু সময় আঁহতজোপাৰ তলতেই ৰৈ মই উভতি আহিছিলোঁ।
দুপৰীয়া আমি ল’ৰাবোৰে স্কুলৰ ফিল্ডত ৰৈ কানোৰ কথাকেই পাতি আছিলোঁ। মনে মনে আমাৰ খুব বেয়া লাগিছিল। কাৰণ বাচি থাকোঁতে তাইক আমি সকলোৱে বৰ দিগদাৰ কৰিছিলোঁ। সেই ভালকৈ কথাও ক’ব নোৱৰা সৰু ছোৱালীজনীক জোকাই কিবা এটা সুখ পাইছিলোঁ আমি। কানো সেই সময়তেই সাঙী এখনত উঠি লুংলুঙীয়া বাটটোৰে চুবুৰিটো এৰি গুচি গৈছিল। আঁহতজোপাৰ কাষৰ ওখ ঠাইখিনিত তাইক পুতি থৈ মানুহবোৰ গুচি আহিছিল ।
আমি যেতিয়া নাটকত মজি আছিলোঁ, তেতিয়াই কানোক কোনোবাই মাৰিছিল। তাই নাটক চাবলৈ যোৱা নাছিল। সেইবোৰ তাই বুজিয়েই নাপাইছিল। কিন্তু ইমান নিৰ্বোধ হোৱাৰ পাছতো তাই বোধহয় এটা কথা বুজিব পাৰিছিল – তাই কাৰো লগত মিলিব নোৱাৰে আৰু কোনেও তাইক মৰম কৰিব নোখোজে। উপেক্ষাৰে অভ্যস্ত হৈ সেই কাৰণেই নিজৰ ৰুক্ষ, ৰঙহীন পৃথিৱী এখনত অকলেই থাকিছিল তাই আৰু শেহত অকলেই গুচি গৈছিল।
কেইদিনমানলৈ তাইৰ কথাবোৰ চুবুৰিটোত ওলাই আছিল। বিভিন্ন মন্তব্য দিছিল মানুহবোৰে –
“সেই বেয়া ঠাইখনলৈ অকলে অকলে কিয় যাব লাগে তাই? এতিয়া পালে নহয় মজাটো।”
“আগতেই জানিছিলোঁ – এনে কিবা এটা হ’ব। কম বেয়া জেগানে সেইখিনি?”
“তাইক আগতেই ভূতে ধৰিছিল। বেজ আনি দেখুৱালে এনে নহ’ল হয়।”
“মাক-বাপেকৰো একো গুৰুত্ব নাছিল। আমি আৰু কি ক’ম!”
“ভালেই হৈছে দিয়া। তাই বিক্ৰীয়ে নহ’ল হয় ক’তো। ৰক্ষা পৰি গ’ল ঘৰখন।”
কানো গুচি যোৱাৰ বাবে কাৰো বেজাৰ কৰিব লগা একো নাছিল। মাক-বাপেকৰো দুখ লাগিছিল নে? লাগিছিল বোধহয়। কিন্তু তাইৰ বাবে কন্দা-কটা কোনেও কৰা নাছিল। নমৰি জীয়াই থাকিলেওনো কি কৰিলে হয় তাই জীৱনটোত? সেইটোও এটা কথা আছিল।
সেই ঘটনাটোৰ পাছত ৰাতি বহুদিনলৈ মোৰ খুব ভয় লাগিছিল। গাঁৱৰ সৰু ল’ৰাবোৰ আৰু তিৰোতাবোৰে সন্ধিয়াৰ পৰা বাহিৰলৈ অকলে ওলাবলৈ ভয় কৰা হৈছিল। খিক খিকাই হাঁহি, হাত চাপৰি মাৰি মাৰি কানো যেন ক’ৰবাৰ পৰা আহি সম্মুখতে ওলাব। কাৰণ কোনোবাই ৰাতি কানোক গোঁসাইঘৰৰ চোতালত আমন-জিমনকৈ বহি থকা দেখিছিল। চকুৱে চকুৱে পৰোঁতে তাই হেনো খিক খিকাই হাঁহি সিহঁতক কাষলৈ মাতিছিল। সম্বন্ধীয় জেঠা এজনে টাউনৰ পৰা ৰাতি পথাৰৰ মাজেৰেই ঘৰলৈ পোনাইছিল। আঁহতজোপাৰ তল পাওঁতে কোনোবাই হাত চাপৰি মৰাৰ শব্দ শুনিলে। ওপৰলৈ চাই দেখে তাত এটা ফেঁচা বহি আছে। ভালকৈ চাই দেখে সেইটো ফেঁচা নহয়, ৰচি এডাল হাতত লৈ সেইজনী কানোহে। খিক খিকাই হাঁহি তাই ৰচিডাল জেঠাৰ পিনে দলিয়াই দিছিল। তৰা-নৰা ছিঙি লৰ দি পলাইহে জেঠা ৰক্ষা পৰিল।
লুংলুঙীয়া জয়াল বাটটো কানোৰ স্মৃতি আৰু এনে ধৰণৰ কাহিনীবোৰে নিশা আৰু অধিক জয়াল কৰি তুলিছিল। কিন্তু চুবুৰিটোৰ বেলেগ একো সলনি হোৱা নাছিল। তাইনো চুবুৰিটোৰ আছিল কি? ধূমকেতুৰ দৰে তাই আহিছিল আৰু গুচি গৈছিল। তাইৰ উপস্থিতি কাৰো বাবে আনন্দৰ নাছিল, তাইৰ বিদায়েও কাকো দুখ দিয়া নাছিল। চুবুৰিটোৰ সকলোৰে পৰা দূৰত তাই নিজৰ এখন পৃথিৱীত অকলে থাকি এদিন অকলেই গুচি গৈছিল।
খুৰাৰ ঘৰখনলৈ হাই-উৰুমিবোৰ সোনকালেই ঘূৰি আহিছিল। আগৰ দৰেই খুৰা পুৱাৰ পৰা বেলি ডুবালৈকে ঘৰ আৰু পথাৰৰ কামত ব্যস্ত হৈ পৰিছিল। কিন্তু তেওঁৰ চিঞৰ-বাখৰবোৰ আৰু নুশুনা হ’লোঁ। এনেদৰে দুখে মানুহ এজনক যে কিমান সলনি কৰি দিব পাৰে খুৰাক নেদেখিলে মই বিশ্বাস নকৰিলোঁহেতেন। কানো যোৱাৰ পৰা কিমান বছৰ পাৰ হৈ গৈছিল, অথচ খুৰা আৰু খুৰীয়ে তাইক পাহৰিব পৰা নাছিল। কেতিয়াবা তাইৰ কথা খুৰীয়ে দুখ কৰি কয় – “তাইক মোৰ মৰম কৰাই নহ’ল অ’। দুখতেই গুচি গ’ল তাই।”
মোৰ মনত প্ৰশ্ন এটা সদায় আছিল। এদিন খুৰাক কৈছিলোঁ, “কানোক ভূতে মাৰিলে বাৰু। কিন্তু ৰচিৰে তাইক ওলোমাই থোৱাৰ কি দৰকাৰ আছিল? ৰচিডাল ক’ত পালে ভূতটোৱে? সেইবোৰ মিছা কথা খুৰা। কোনোবা গাঁৱৰে মানুহে মাৰি তাইক ওলমাই থৈছিল। আজিকালি হোৱা হ’লে পুলিচে দুই দিনতেই সকলো ফাদিল কৰি দিলেহেঁতেন।”
কথাষাৰে খুৰাক বৰ বিমৰ্ষ কৰি তুলিছিল। মোৰ ফালে চাই কৈছিল, “তই জাননে বাপু, পাপী আত্মাবোৰহে ভূত হৈ থাকে। সিহঁতে মুক্তি নাপায়। কিন্তু মানুহবোৰ দেখোন তাতকৈও মহাপাপী।”
সিদিনা অপ্ৰত্যাশিত ঘটনাটো ঘটি গৈছিল। খুৰাৰ গাটো অলপ বেয়া লগা বুলি কৈ আছিল কাৰণে খুৰীয়ে গোঁসাইঘৰৰ ভাগৱত-পাঠলৈ যাব খোজা নাছিল। খুৰাই চোতালত পীৰা এখনত বহি বন উভালি আছিল। তেওঁ জোৰ কৰি একো চিন্তা কৰিবলৈ হাক দি খুৰীক পঠাই দিছিল। ভাগৱত পাঠ শেষ কৰি প্ৰসাদৰ টোপোলাটো লৈ আহি খুৰীয়ে দেখে খুৰা ঘৰতো নাই, চোতালতো নাই। গোহালিত কিবা কাম কৰি আছে বুলি চালে। তাতো নাই।
আৰু তাৰ পাছত –
খুৰীৰ এটা দীঘল বিকট চিঞৰত চুবুৰিটো কঁপি উঠিছিল। আমি দৌৰি গৈছিলোঁ।
খুৰা গোহালিৰ পিছৰ আম এজোপাৰ পৰা ওলমি আছিল। গামোচা এখনেৰে ফাচ লোৱা মূৰটো বেঁকা হৈ আছিল। চকু দুটা মুদ খাই আছিল। যেন টোপনিতে তেওঁৰ মূৰটো হালি পৰিছিল। সেই সময়ত আঁহতজোপাৰ পৰা ওলমি থকা কানোৰ মুখখন মোৰ মনলৈ আহিছিল। তাইৰ চকু দুটা কিন্তু বহলকৈ মেল খাই আছিল।
খুৰাই শেহ বয়সত কিয় এনে কাম কৰিলে? ইমাননো কি দুখ আছিল যে তেওঁ এনেদৰে নিজকে শেষ কৰি দিব লগা হ’ল। কানোৰ কথাবোৰে বোধহয় তেওঁক বৰ আমনি কৰিছিল। কিন্তু তেনেকৈয়ে তেওঁ আঢ়ৈ কুৰি বছৰ পাৰ কৰি থৈ আহিছে। শেহত এইটো কাম খুৰাই কিয় কৰিলে, খুৰীৰ কথাও তেওঁ এবাৰ ভাবিব নোৱাৰিলেনে? মোৰ বেয়া লাগিছিল। স্বাভাৱিকভাৱে মানুহজন গুচি যোৱা হ’লে সিমান বেয়া নালাগিলহেঁতেন।
অৰুণহঁতে খুৰীক বহু জোৰ কৰিও লৈ যাব পৰা নাছিল। হৰকান্তদাই খুৰীৰ লগতে থাকিবলৈ লৈছিল। কিন্তু খুৰীৰ শৰীৰ খুব পৰি আহিছিল। তেওঁ বৰ দুৰ্বল হৈ পৰিছিল। খুৰীও সোনকালেই খুৰাৰ লগ ল’বগৈ বুলি ভাব হৈছিল মোৰ। সিদিনা খুৰীৰ খবৰ ল’বলৈ গৈছিলোঁ। হৰকান্তদাই গোহালিৰ কাষত গাইজনীক গা ধুৱাই আছিল তেতিয়া। খুৰা যোৱাৰ পৰা খুৰীৰ লগত অলপ সময় সদায় বহোঁগৈ।
“বাপু, এটা কথা কওঁ।” খুৰীয়ে কৈছিল। তেওঁৰ মাতটো সৰু আৰু মুখখন অসম্ভৱ কৰুণ হৈ পৰিছিল।
“ক’চোন খুৰী।”
“কাকো নক’বি কিন্ত। কানোৰ কথা।” মাতটো আৰু বেছি সৰু আৰু গভীৰ কৰি খুৰীয়ে কৈছিল।
“নকওঁ। চিন্তা নকৰিবি তই।” মই একো বুজিব পৰা নাছিলোঁ।
খুৰী অলপ সময় মনে মনে ৰৈছিল। তাৰ পাছত থোকাথুকি মাতেৰে কৈছিল, “কানোক মানুহজনেই মাৰিছিল। …”
তেওঁৰ ডিঙিটো কিহবাই সোপা মাৰি ধৰিছিল।
“তুমি কি কৈছা খুৰী?” অকল্পনীয়, অবিশ্বাস্য কথাটো শুনি মোৰ মুখৰ পৰা সৰু চিঞৰ এটা ওলাই আহিছিল।
চাদৰৰ আচলেৰে চকুদুটা ঢাকি ধৰি তেওঁ কৈছিল, “অ’ বাপু! মোক মানুহজনে যোৱাৰ আগদিনাহে কৈ গ’ল।”
“কিন্তু কিয় খুৰী? কি কাৰণে?” দুখ আৰু অবিশ্বাসে মোকো কাবু কৰি আনিব খুজিছিল।
খুৰীয়ে কান্দোন এটা চেপি ধৰিবলৈ চেষ্টা কৰিছিল। “তাই বোলে কৈছিল – মোক নামাৰিবি অ’ তই। মোক নামাৰিব অ’ তই।”
“কিন্তু কিয় খুৰী? কেনেকৈ? মই দেখোন একো বুজিবই পৰা নাই খুৰী।”
“সেইবোৰ মোক নুসুধিবি বাপু। তই আৰু মোক সেইবোৰ কেতিয়াও নুসুধিবি।” তেওঁ উচুপিবলৈ ধৰিছিল।
খুৰীয়ে অসহায়ভাৱে উচুপি আছিল। মই কি ক’ম বিচাৰি পোৱা নাছিলোঁ।
কি কাৰণে খুৰাই সেই জঘন্য কামটো কৰিব লগা হ’ল – সেইটো খুৰীয়ে জানিবও পাৰে। কিন্তু মই তেওঁক কোনোদিনে সোধা নাছিলোঁ। কিজানি সেইদিনাও কানো আঁহতজোপাৰ ফেৰেঙনিত অকলেই বহি আছিল। ভাওনা চাবলৈ যোৱা ঘৰৰ মানুহখিনিয়ে একো গম পোৱা নাছিল। খুৰাই কানোক অকলেই বিচাৰি গৈছিল। খঙতে তেওঁ তাইক বৰকৈ মাৰিছিল। আৰু কোব এটা মূৰে-চুৰে বৰ বেয়াকৈ পৰি গ’ল আৰু তাই মৰি থাকিল। কিন্তু তাই কিয় “মোক নামাৰিবি অ’ তই” বুলি কাবৌ কৰিছিল? কথাবোৰ মই মিলাই আনিব পৰা নাছিলোঁ। আঢ়ৈ কুৰি বছৰ আগৰ সেই ভালকৈ কথাও ক’ব নোৱৰা ডাগ লগা লেতেৰা ফ্ৰক পিন্ধা ছোৱালীজনীৰ কথাবোৰ ভাবি ভাবি বেয়া লাগিছিল। সৰু দুখৰ কাহিনী এটাৰ দৰে তাইৰ জীৱনটো শেষ হৈ থাকিল। সেই সৰু কাহিনীটো আজি কোনেও নপঢ়ে। কাহিনীটো লিখি থোৱা পাতবোৰ এখন এখনকৈ হেৰাই গৈ আছে। বহু বছৰ আগতেই ধুমুহাত সেই প্ৰকাণ্ড আঁহতজোপাও উভালি পৰিছিল। আগৰ লুংলুঙীয়া বাটটো এতিয়া দুয়োকাষে দোকান-পোহাৰ আৰু বহু কেইঘৰ মানুহ লৈ টাউনলৈ যোৱা আহল-বহল পকী ৰাস্তা হৈ পৰিল। ভলুকা বাঁহবোৰো কেতিয়াবাই কাটি পেলোৱা হৈছিল।
হৰকান্তদাই পৰাখিনি খুৰীক চোৱা-চিতা কৰিছিল। কিন্তু খুৰীৰ দেহা বৰকৈ পৰি আহিছিল। ইমান দিনে খুৰা আৰু খুৰীয়ে ইটোৱে সিটোৰ গাত আউজি কোনোমতে নপৰাকৈ থিয় হৈ আছিল। কিন্তু এতিয়া খুৰীৰ সকলো অবলম্বন হেৰাই গৈছে। অৰুণে খুৰীৰ প্ৰবল আপত্তি সত্ত্বেও তেওঁক এদিন জোৰকৈ লগত লৈ গৈছিল।
অৰুণৰ গাড়ীত খুৰীক হৰকান্তদা আৰু ময়েই ধৰি ধৰি নি বহুৱাই দিছিলোঁ।
“ফটোখন লৈছ নেকি খুৰী? কানোৰ ফটোখন?” মই সুধিছিলোঁ। খুৰীয়ে আৰু এইখন ঘৰলৈ ঘূৰি আহিবলৈ সময় নাপাব বুলি বুজিব পাৰিছিলোঁ মই।
“লোৱা নাই বাপু। লৈ গৈয়োনো কি কৰিম? বেলেগত সেইখনৰ জেগা ক’ত হ’ব?” খুৰীয়ে উদাসভাৱে কৈছিল। “তাইক ইয়াতেই এৰি থৈ গ’লোঁ দে।”
অৰুণৰ গাড়ীৰ পৰা খুৰীয়ে নেদেখা হোৱালৈকে ঘৰখনলৈকে চাই আছিল।
গাঁওখন এৰি খুৰী গ’ল আৰু শেহত কানোও তেওঁৰ লগতেই গুচি গ’ল ।