কাৰেং তিমুংপীৰ চকুপানী আৰু ••••••!

লেখক- নিৰ্মালি নয়নতৰা

:বাইদেউ ! অ’ বাইদেউ!

 

সাপ্তাহিক বজাৰৰ হেমগেম, নগৰখনৰ পাশ্বৱৰ্তী গাঁওবোৰৰ পৰা অহা সৰু সৰু বিক্ৰেতা, গ্ৰাহক আৰু সদাব্যস্ত বাছষ্টেণ্ডত  এজাক মানুহৰ ভিৰ,অনেক টেম্পু, অট’,বেটেৰী ৰিক্সা, চাইকেল আৰোহী,গাড়ী মটৰৰ হৰ্ণ আৰু অনেক মিহলি ভাষা, মিহলি শব্দৰ হুলস্থূলৰ মাজতে দুৰ্বল,ক্ষীণ অথচ তীক্ষ্ণ মাত এষাৰ শুনি ঘূৰি চালোঁ। হয়,মোকেই মাতিছে।

সৰু নগৰখনৰ মূল চাৰিআলিটোৰে সোমাই যোৱা বাট এটালৈ সোমাই যাব খোজা মই ৰৈ গ’লোঁ।

বাটটোৰ মূৰতে এজোপা পুৰণি বটগছ। তাৰ ডাল- পাত, শাখা-প্ৰশাখাই গছজোপাৰ তলখন শীতল কৰি থয়। তাতে বহু পথচাৰী জিৰায়,তাতে মোনা এখন পাৰি কোনোৱে জলকীয়া নিমখ সনা অমৰা,ৰবাব টেঙা,কল দুআখিমান বেচে, কোনোবাই লেহেতী, লেতেকু,কুঁহিয়াৰ দুডালমান লৈও বহে।

 

মানুহজনীয়ে তাৰপৰাই মোক মাতিছে।

মই মানুহজনীলৈ প্ৰশ্নবোধক দৃষ্টিৰে চালোঁ। তাইৰ পিঠিত এবছৰমানৰ এটি কেঁচুৱা, এখন হাতত আঠবছৰমানৰ হাফপেন্ট পিন্ধি খালী গা’ৰে থকা এটা ল’ৰা। আনখন হাতত ঢেঁকিয়া, ঔটেঙা, বেতগাজ আৰু কলডিলজাতীয় শাক-পাচলিৰ এটা পুৰণি মলিয়ন মোনা|

মানুহজনীৰ চকুহাল গাঁতত সোমাই যোৱা,পিন্ধা কাপোৰসাজো যেন দাৰিদ্ৰতাৰে বোৱা। অপুষ্টি,অনিদ্ৰা আৰু অসহনীয় কষ্টকৰ জীৱন এটাৰ যেন জীৱন্ত খণ্ডচিত্ৰ তাই।

মই উভতি চোৱাত যেন মানুহজনীয়ে সকাহ পালে। ওঁঠহালে কিবা কওঁ কওঁ কৰিলে, চকুহাল ক্ষণিকৰ বাবে উজলি উঠিল। কিন্তু লেতেৰা-পেতেৰা অৱয়বৰ ল’ৰাটো, তাইৰ নিজৰ নি:স্ব ৰূপটো আৰু কিবা এক সংকোচে তাইক বোধহয় মৌন কৰি ৰাখিল।

মই উপযাচি সুধিলোঁ- “মোক মাতিছিলে?”

ভাবিলোঁ, সাপ্তাহিক বজাৰলৈ নিজৰ বাৰীৰ বা বনৰীয়া শাক-পাত বিকিবলৈ অহা অনেক গৰাকী দোকানীৰ দৰে মানুহগৰাকীয়েও মোক কিবা কিনিম নেকি সুধিবলৈকে মাতিছে ।

 

 মানুহজনীয়ে মোৰ ব্যস্ততা হয়তো মন কৰিছিল ।

সেয়ে উচপিচনি আৰু সংকোচ বাদ দি মোৰ অলপ কাষলৈ আহি ক’লে -“আপুনি ইমান ধুনীয়া হৈ আছ বাইদেউ। আমাকে বুৰী লাগিছে । আপুনি ক’ত চিনি পাব আমি বুৰী হৈ গ’লো।”

 

: মই যে সঁচাই ধৰিব পৰা নাই। ক’ত লগ পাইছিলোঁ বাৰু আপোনাক?

 

মই মনৰ বিৰক্তি লুকুৱাই সুধিলোঁ। মোৰ চিনাকি দৰ্জীজনৰ ওচৰলৈ যাব লাগে। তাৰপৰা বেংক,বজাৰ আৰু ঘৰ। ঘৰলৈ গৈও ভাত ৰন্ধাৰ কামটো আছে। ব্যস্ততা অনেক। বজাৰৰ ভিৰৰপৰা যিমান পাৰোঁ সোনকালে আঁতৰিব খুজিছোঁ।

 

এইবাৰ মানুহজনীয়ে বেছি কথা নবহলাই মোলৈ পোনে পোনে চাই ক’লে- “মই কাৰেং তিমুংপী বাইদেউ। আপুনি ফাৰ্চ ইচকুল জইন কৰোতে যে আমাক পাইছিলি !মনত আছেনা ?”

 

লগে লগে মনত নপৰিলেও অনুমান কৰিলোঁ,আজিৰ পৰা বাৰটা বছৰৰ আগতে যেতিয়া নতুনকৈ স্কুলত সোমাইছিলোঁ, তেতিয়া ক্লাছ টেনত পঢ়া ল’ৰা-ছোৱালীখিনিৰ মাজৰে কোনোবা এজনী চাগৈ তাই! সিহঁতৰ ভিতৰত দুটামান আকাৰ-আকৃতি আৰু বয়সেৰে বৰ ডাঙৰ ডাঙৰ আছিল।

পিছত গম পাইছিলোঁ, স্কুললৈ সিহঁত আঠ ন বছৰত গৈছিলহে। তাৰপাছত কোনোবাটো শ্ৰেণীত দুই এবছৰ জিৰাই শঁতাই ক্লাছ টেন পায় মানে সিহঁতৰ বয়সে ওঠৰ ঊনৈশ আনকি বিশ বছৰো গৰকিছিল।

সিহঁতক মই বৰ কম সময়হে পাইছিলোঁ; গৰমৰ বন্ধ খোলাৰপৰা টেষ্ট পৰীক্ষালৈকে। কিন্তু নাজানো কিয় সিহঁত মোৰ লগত বৰ সহজ হৈ পৰিছিল, সমনীয়াৰ দৰে, মোৰ ভাই-ভনীৰ দৰে আচৰণ কৰিছিল আৰু ক’ৰবাত দেখিলে ‘ঐ বাইদৌ’ বুলি’ মাতিছিল। মই সিহঁতক পঢ়ুৱাওঁতে সিহঁতে ৰ লাগি শুনিছিল। হয়তো মই সিহঁতক বন্ধুত্বপূৰ্ণ আচৰণ কৰা কথাটোৱে সিহঁতক মোৰ লগত সহজ কৰি তুলিছিল |

দুটামানে অসমীয়া ভালকৈ নুবুজিলেও মোৰ কথাবোৰ শুনি থাকিছিল। পৰীক্ষাৰ বাবে কেনেকৈ পঢ়িব লাগে,আমি ডাঙৰ ডাঙৰ সপোন কিয় দেখিব লাগে আৰু দুখীয়া ঘৰত জন্মিলেও যে সৰু সৰু কামেৰে টকা উপাৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগে সেই কথাবোৰ মই সিহঁতক বুজাইছিলোঁ। উপদেশ দিব পৰাকৈ সামৰ্থ্য আৰু অভিজ্ঞতা নথকা মই নিজেই তেইশ বছৰীয়া এজনী ছোৱালী আছিলোঁ তেতিয়া। কিন্তু স্বাৱলম্বী হোৱাৰ লাভবোৰ সিহঁতক ডাঙৰে বুজোৱাৰ দৰেই বুজাইছিলোঁ। সিহঁতেও শলাগিছিল।

 

টেষ্ট পৰীক্ষাৰ অলপ দিনৰ আগে আগে সিহঁতৰ লগৰে এজনী ছোৱালী কাৰোবালৈ পলাই গ’ল নে ঘৰৰ মানুহে জোৰকৈ বয়সস্থ মানুহ এজনৰ লগত বিয়া দি দিলে -এনেকুৱা ঘটনা এটা ঘটিল। তাই পঢ়াত বেয়া নাছিল। মেট্ৰিক দিয়া হ’লে ছেকেণ্ড ডিভিজনমান পালেহেঁতেন কিজানি।

কথাটো গম পাই এদিন মই ক্লাছৰ পিছত সিহঁতক কম বয়সতে আৰু স্বাৱলম্বী নোহোৱাকৈ বিয়া কৰোৱাৰ ভয়ংকৰ ফলাফলবোৰ কেনেকুৱা বুজালোঁ। তেতিয়া মোৰো বিয়া হোৱা নাছিল। কিন্তু নিজে বিভিন্ন সময়ত বিভিন্নগৰাকীক দেখি শুনি কথাবোৰ বুজিছিলোঁ।

প্ৰেমত পৰি বিবেক বুদ্ধি বন্ধকত দি নিজৰ জন্মদাতা মাক-দেউতাকক দুখ দি কাৰোবালৈ পলাই গৈ বা পলুৱাই আনি দুদিনমান ভালেই লাগিব। দীঘলকৈ সেওঁতাত সেন্দূৰ সানিও ভালেই লাগিব। কিন্তু তাৰপাছত? তাৰপাছত টকা-পইছা লাগিব, বাঢ়ি অহা  সংসাৰৰ বোজা ব’ব লাগিব, ‘মোৰ পৰাই খাই আছ’ বুলি মতাটোৰ চৰ থাপৰ খাব লাগিব,শহুৰৰ ঘৰত অন্তহীন কাম কৰিব লাগিব। তাৰপাছতো আত্মসন্মান বুলিবলৈ একোৱেই নৰ’ব। কাৰোবাৰ হয়তো এইবোৰ নহ’ব। কিন্তু নিজৰ জানো পৰিচয় এটা থাকিব? কাৰোবাৰ মাক, ঘৈণী বা বোৱাৰী হৈয়েই ছোৱালীবোৰ সন্তুষ্ট হ’ব লাগিব। ল’ৰাবোৰেও উপাৰ্জনৰ পথ নাপাই আৰু ঘৰুৱা অশান্তি পাই খিংখিঙীয়া হ’ব, কোনোবাই বেয়া বস্তু, বেয়া কামত হাত দিব। তাৰ পাছত সংসাৰখনত সুখ বুলিবলৈ কি থাকিব?

 

আচলতে এইবোৰ সাধাৰণীকৰণ কৰা কথা নহয়। বহুত ল’ৰা-ছোৱালীয়ে কম বয়সত পলাই গৈয়ো সুখী আৰু উপাৰ্জনমুখী সংসাৰ চলাই আছে।

কিন্তু মই যিহেতু মোৰ ল’ৰা-ছোৱালীখিনিৰ সমাজখন, ঘৰুৱা পৰিৱেশবোৰ আৰু সিহঁতৰ অভিভাৱকৰ মনোভাৱবোৰো বহুত ওচৰৰপৰা দেখিয়ে ডাঙৰ হৈছিলোঁ, সেয়ে উপযুক্ত বয়স,উপাৰ্জন আৰু উচিত সিদ্ধান্ত ল’ব পৰাৰ বিবেচনাখিনি নোহোৱাকৈ বিয়া পতাটো ভাল নহয় বুলি পাকে প্ৰকাৰে বুজাবলৈ চেষ্টা কৰিছিলোঁ।

এই কথাখিনি মই নাইন টেনৰ ল’ৰা-ছোৱালীক আজিও বিভিন্ন ধৰণেৰে,সঁচা উদাহৰণ আৰু বাস্তৱ অভিজ্ঞতাৰে বুজাওঁ।

 

কাৰেং তিমুংপীয়ে মোৰ ভাবত যতি পেলাই, ক্ষীণ অথচ তীক্ষ্ণ মাতটোৰে ক’লে-“বাইদেউ মোক এতিয়া তোতকৈ ডাঙৰ নিচিনা লাগে। বহুত কষ্ট যে মোৰ।”

 

মই সচকিত হৈ তাইলৈ চালোঁ। তাই কোৱা কথাষাৰ মই মনতে ভাবিয়ে আছিলোঁ। বয়সে ত্ৰিশৰ ওচৰ পাইছেহে তাইৰ। কিন্তু দুখ দাৰিদ্ৰতা আৰু দুটা সন্তানৰ দায়িত্বই তাইৰ বয়স আৰু পোন্ধৰ বছৰমান বঢ়াই দিছে।

 

:বহুত কষ্ট বাইদেউ। মতাই এক্কো নকৰে। দুইটা ল’ৰা লৈ বজাৰ আহোঁ। চব চব্জী নিজে উঠাওঁ। টেম্পুত আহিবও টকা নাই। আজিতো ভাতো খোৱা নাই।

 

তাই যিখন গাঁৱত থকাৰ কথা ক’লে, তাৰপৰা নগৰলৈ কমেও চাৰি কিলোমিটাৰ দূৰ। এইখিনি বাট তাই দুটা ল’ৰা আৰু পাচলি ভৰ্তি মোনাৰে খোজকাঢ়িয়ে আহিল।

 

: মতাৰ চাইকেল আছে বাইদেউ। কিন্তু মদ খাই পৰি আছে। আমাক থ’ব নাহে |

আপোনাক দেখি বহুত মাতিব মন গ’ল।

আপোনাৰ কোৱাবিলাক মনত পৰিলে কান্দা ওলায় । কি কৰিম? বহুত পস্তাইছো। এতিয়া পস্তালে ভি উপায় নাই।

 

মই কি সমিধান দিম ভাবি নেপালোঁ। বটৰ তলত পৰিস্কাৰ পৰিছন্ন ল’ৰা এটাই মটৰ ঘুগুনী, লালচাহ, ৰুটি আৰু সিজোৱা কণী বেচি আছিল। সৰু ল’ৰাটোৰ শুকান মুখখন দেখি

বেগৰপৰা পইছা উলিয়াই কাৰেঙৰ হাতত দি ক’লোঁ- যোৱা আগতে তাত কিবা খাই লোৱা। ল’ৰা দুটাকো খাবলৈ দিয়া।

 

তাই মোৰ টকাকেইটা হাত পাতি নলৈ মোৰ মুখলৈ চাই থাকিল।

:মই নল’ব বাইদেউ। মই বহুত বেয়া মানুহ। মোকে টকা নিদিবি আৰু।

 

মই আচৰিত হ’লোঁ।

: মইনো তোমাক কেতিয়া টকা দিছিলোঁ ?

তাই তললৈ মূৰ কৰিলে। গ্লানি, দুখ আৰু অনুতাপে তাইৰ কৃশকায় পুতৌলগা শৰীৰটো যেন কুঁজা কৰি পেলালে।

 

:দিছিলিতো বাইদেউ। পাঁচশ টকা দিছিলি। টেষ্ট পৰীক্ষাত অসমীয়াত আচী পালে যে পাঁচশ টকা দিম কৈছিলি আমাক। তেতিয়া দিছিলি।

মেট্ৰিক দিয়া পিছত চিলাই শিকিম কওঁতে আৰু চাৰিশ টকা দিছিলি। দুইটা পইচা জমাই কিনে মই পলাই গৈছিলোঁ বাইদেউ।

 

মই থৰ হৈ গ’লোঁ। সৰু সৰু চকুৰে ডাঠ চুলিৰ বাৰ বছৰ পুৰণি পীতবৰণীয়া কাৰেং তিমুংপীজনী মোৰ চকুৰ আগত ভাহি উঠিল।

 

মই অসমীয়া পঢ়াবলৈ লোৱাৰপৰা মোৰ কথা আখৰে আখৰে মানিছিল তাই।

যি কওঁ, যেনেকৈ পঢ়িবলৈ কওঁ তেনেকৈয়ে পঢ়ে। দীঘল কাণফুলি পিন্ধি চুলিকোচা মেলি ৰঙা লিপষ্টিক এসোপা লগাই অহা ছোৱালীজনীয়ে মোকে দেখি বেণী গুঠি একেবাৰেই সাধাৰণ হৈ অহা কৰিলে। ফুলি, লিপষ্টিক সকলো বাদ দিলে।

অকল পঢ়াত মন। আইনাখনো নোচোৱাকৈয়ে বেণীডাল গুঠি স্কুললৈ আহে। আজৰি পৰত 

ৰঙা ফুলৰ মাজত সেউজীয়া মিনা দি মোলৈ গামোচা এখন বৈ মোৰ শিক্ষক জীৱনৰ প্ৰথমটো শিক্ষক দিৱসত তাই উপহাৰ আনিলে। (তাই কাৰ্বি আৰু অসমীয়া দুই ধৰণৰ শালতে কাপোৰ ব’ব জানিছিল। তাইৰ বৰমাকজনী অসমীয়া ঘৰৰ জীয়ৰী বাবে শালখন শহুৰৰ ঘৰলৈ লৈ গৈছিল আৰু যৌথ পৰিয়াল হোৱাৰ বাবে কাৰেঙে অসমীয়া শালতো কাপোৰ ব’বলৈ শিকিছিল।)

টেষ্টৰ আগে আগে সিহঁতক কৈছিলোঁ, মোৰ বিষয়ত আশীৰ ওপৰত নম্বৰ পালে পাঁচশ টকা উপহাৰ দিম। মনত ভাব আছিল,পাব জানো?

তাই বিৰাশী নম্বৰ পাইছিল।

 

মেট্ৰিক দিয়াৰ পিছতে তাই এদিন স্কুললৈ আহিছিল।

:এতিয়া এই তিনিমাহত কি শিকিবা?

 

তাই কৈছিল -”চিলাই শিকিব মন আছে বাইদেউ। কিন্তু পইচা নাই।”

মই বিশেষ নভবাকৈ চাৰিশ টকা দি পঠাইছিলোঁ।

মেট্ৰিকত অলপ নম্বৰৰ বাবে তাই প্ৰথম বিভাগ নেপালে।

 

ৰিজাল্ট ল’বলৈ তাই বাকীবোৰৰ সৈতে নাহিল।

খা-খবৰ লোৱাত গম পালোঁ, তাই গাঁৱৰে তাইতকৈ  দহ বছৰমান ডাঙৰ ল’ৰা এটাৰ লগত ৰিজাল্ট দিয়াৰ আগতেই পলাই গ’ল।

ক’লৈ গ’ল ঘৰৰ মানুহেও নেজানে। কাৰণ মোবাইলৰ যোগাযোগ নাছিল সিহঁতৰ।

 

এটা ভাল সম্ভাৱনাৰ এই গতি দেখি মোৰ দুখ লাগিছিল। কিন্তু বছৰ,সময় আৰু চামে চামে নতুন ছাত্ৰ-ছাত্ৰীৰ অনেক মুখে কাৰেং তিমুংপীৰ মুখখন মোৰ মনৰপৰা প্ৰায় মচি পেলালে।

 

:এতিয়া মোৰ বহুত দুখ লাগে বাইদেউ। মই বহুত বেয়া কাম কৰিলো। আপোনাক আৰু ঘৰৰ মানুহক ঠগালো। পাপ কৰা কাৰণে আজি মোৰ কান্দি কান্দি চকুপানী চেচ হৈ গৈছে, কিন্তু দুখ চেচ হোৱা নাই।

 

মই এইবাৰ টকাকেইটা তাইৰ ল’ৰাটোৰ হাততে দি ক’লোঁ

:যোৱা ইহঁতক খাবলৈ দিয়া ।

তুমি ইমান কষ্ট কৰিছা আৰু নিজৰ ভুলো বুজি পাইছা। এতিয়া তুমি লাহে লাহে চব ঠিক কৰি ল’ব পাৰিবা।

তুমি যে বজাৰত বস্তু বেচিবলৈ আহিছা, সেইটোৱে তোমাক লাহে লাহে সাহসী কৰি আনিব। তুমি সব চিজিল কৰি ল’ব পাৰিবা।

 

কাৰেং তিমুংপীয়ে মোৰ হাতত ধৰি কিবা এটা ক’বলৈ খুজি ভৰি চুই সেৱা কৰিবলৈ লোৱাত মই তাইক কান্ধত ধৰি লগে লগে তুলি দিলোঁ। এইটো কথাত মই অপ্ৰস্তুত হওঁ সদায়। কাৰণ মই শিক্ষক হ’বলৈ শিকিহে আছোঁ। গুৰু হ’বলৈ লগা সাধনা আৰু তপস্যা মই কৰিব পৰা নাই। 

 

:মোৰ পৰা কিবা এটা লওক বাইদেউ।

 

তাই মোনাটো মাটিত নমাই বনৰীয়া কলডিল এটা উলিয়ালে।

 

মই নালাগে বুলি আঁতৰি আহিব খুজিলত তাই ক’লে,

:মোৰ অলপমান পাপ কমাই দিবি বাইদেউ বুলি সভক্তিৰে দক্ষিণা দিয়াৰ দৰে মোৰ হাতত কলডিলটো জোৰকৈয়ে তুলি দিলে |

 

:বাইদেউ বহুত টাইম আপোনাক ৰখাই দিলোঁ। বেয়া নেপাবি।

আপোনাক দেখি বহুত মাতিব মন গ’ল।

 

মই হাঁহি মাৰি তাইক আশ্বস্ত কৰিলোঁ।

:তাঁতশালৰ বস্তুবোৰ আছে নহয়?কাপোৰ-কানি ব’বলৈ আৰম্ভ কৰা। কোনোবাই বোৱাব খুজিলে মই তোমাৰ কথা ক’ম।

 

তাই হাঁহিলে।

 

তিনিটা মানুহে ৰুটি, ঘূগনী, কণী, চাহ খাব পৰাৰ বাদে মই তাইক এটকাও সৰহকৈ নিদিলোঁ বাবে মনটো বেয়া লাগিছিল।

কিন্তু নিজকে বুজালোঁ, জুয়ে পুৰিলেহে সোণ উজ্বল হয়।

সংসাৰৰ কষ্ট আৰু দাৰিদ্ৰতাই পিষ্ট কৰিলেহে তাৰ ভিতৰৰপৰা এজনী নতুন সাহসী আৰু কামলৈ ভয় নকৰা মানুহ জন্মিব।

 

তেনে কাৰেং তিমুংপী মই নিজেই বহুগৰাকী চিনি পাওঁ। একালত বজাৰত বস্তা পাৰি ঘৰৰ লাও কোমোৰা বেচি বেচিয়েই এতিয়া তেওঁলোক ডাঙৰ একোখন দোকানৰ মালিক। ল’ৰাক কলেজত পঢ়ুৱাই আছে, অপদাৰ্থ গিৰিয়েকহঁতৰ অপশক্তি স্তিমিত কৰি পেলাব পাৰিছে।

 

কাৰেঙেও পাৰিব।

নিজেই নিজৰ সাহস হোৱাৰ পাছত, নিজৰ আন্ধাৰ বাট পোহৰাবলৈ নিজেই জোঁৰ হৈ জ্বলি উঠাৰ পাছত মানুহক আচলতে কোনেও ৰখাব নোৱাৰে।

 

কাৰেঙক শুভেচ্ছা জনাই আঁতৰি আহিলোঁ।

 

তাই ল’ৰাহালক লৈ ৰুটি খাবলৈ বহিল।

গাৰ কাপোৰখনেৰে তাই মুখ নে চকুহাল মচি ল’লে।

হয়তো তাই মনতে ঠিক কৰিলে, এইবাৰ আৰু তাই নিজক নঠগে।

 

তেনেকৈ ভাবি লোৱা কাৰেং এজনীক কোনেনো ৰখাব পাৰে?

 

মোৰ বিশ্বাস হ’ল -এইবাৰ আনকি তাই নিজেও নিজক ৰখাব নোৱাৰে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!