কুইন অব দ্য এলিফেণ্টছ -পাৰ্বতী বৰুৱা
লেখক- পংকজ কুমাৰ নেওগ।
অসমৰ অবিভক্ত গোৱালপাৰা জিলা আৰু বৰ্তমানৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰজাসকলৰ শেষৰজন প্ৰকৃতিশ বৰুৱাৰ পৰিয়ালত পাৰ্বতী বৰুৱাই জন্ম গ্ৰহণ কৰে। তেখেত লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ভগ্নী আৰু ‘দেৱদাস’খ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ বৰুৱাৰ ভতিজী। শৈশৱৰে পৰা পাৰ্বতীৰ অৰণ্য আৰু হাতীৰ লগত মিতিৰালি আছিল। অৰণ্য আৰু হাতীৰ লগত তেওঁৰ সম্পৰ্কৰ কাহিনী যেনে ৰোমাঞ্চকৰ তেনে চিত্তাকৰ্ষক আৰু হৃদয়স্পৰ্শী। সমাজৰ মান-সন্মান, প্ৰতিপত্তি, নগৰীয়া ঐশ্বৰ্য আৰু বিলাসবহুল জীৱনৰ পৰা আঁতৰি আহি বিশাল অৰণ্যৰ প্ৰেমত তেওঁ মতলীয়া হৈছিল। দেউতাক প্ৰকৃতিশ আছিল এগৰাকী খেয়ালী মনৰ চিকাৰী আৰু হাতীৰ বিষয়ে তেওঁৰ আছিল অসাধাৰণ জ্ঞান। তেওঁৰ হাতীশালত ৪০টা হাতী আছিল বুলি শুনা যায়। পাৰ্বতীৰ বন্ধু-বান্ধৱীসকলৰ মতে পাৰ্বতীয়ে নিজেও উত্তৰাধিকাৰ সূত্ৰে দেউতাকৰ পৰা হাতীৰ বিষয়ে অসাধাৰণ জ্ঞান লাভ কৰিছিল। সকলোৱে, আনকি মাউতসকলেও পি চি বৰুৱাক সন্মানেৰে ‘লালজী’ বুলি সম্বোধন কৰিছিল। এই প্ৰখ্যাত চিকাৰীজনে ৪০টাতকৈয়ো অধিক বাঘ আৰু তাৰ দুগুণ নাহৰফুটুকী বাঘ চিকাৰ কৰিছিল বুলি শুনা যায়। বছৰৰ ছমাহ বা কেতিয়াবা ন মাহ লালজীয়ে নিজৰ ৰাজপ্ৰাসাদ এৰি পৰিয়ালৰ সৈতে জংঘলত শিবিৰ পাতিছিল। নিজৰ বৃহৎ পৰিয়ালটোত তেওঁৰ চাৰিগৰাকী পত্নী আৰু নটা সন্তানৰ উপৰি ৭০ জনীয়া এটা ভৃত্যৰ দলত প্ৰায় একডজন ৰান্ধনী, এজন ডাক্তৰ, এজন নাপিত আৰু সন্তানসকলৰ বাবে এজন শিক্ষক ৰখা হৈছিল। শিশুসকলৰ মাজত পাৰ্বতী আছিল দেউতাকৰ অতি প্ৰিয়।
পাৰ্বতীয়ে বৰ্ণনা কৰা মতে – “মই প্ৰথম চকু মেলা দিনৰ পৰাই হাতীৰ সৈতে পৰিচিত হওঁ। আমি এই দৈত্যাকাৰ অথচ নম্ৰ প্ৰাণী আৰু সিহঁতৰ যত্ন লোৱা মাউতসকলৰ সৈতে এখন স্বৰ্গত বাস কৰিছিলোঁ৷ ৰাতিপুৱাই শুই উঠি আমি হাতীবোৰৰ বাবে খাদ্য প্ৰস্তুত কৰাত সহায় কৰোঁ। শিবিৰৰ সকলো কাম-কাজ আৰু ঘটনা মনোযোগেৰে নিৰীক্ষণ কৰিছিলোঁ। সু-প্ৰশিক্ষিত কুনকী হাতীৰ সহায়ত বনৰীয়া দুষ্ট হাতী খেদি পঠিওৱা হৈছিল আৰু ইয়াৰ ফলত গাঁৱৰ মানুহখিনি ৰক্ষা পৰিছিল। শিবিৰত থকা সহায়কাৰীসকলে অতিমাত্ৰা ভীৰ নহ’বলৈ অশান্ত বনৰীয়া হাতীবোৰক আন অঞ্চললৈ স্থানান্তৰিত কৰিছিল। হাতীবোৰক বশ কৰি গু-ফুলৰ জোপোহাবোৰ উভালি পেলাবলৈ আৰু ৰাস্তাত পৰি থকা গছবোৰ আঁতৰাবলৈ শিকোৱা হৈছিল। আনকি কাঠ কটা কামৰ বাবে কাঠৰ ব্যৱসায়ীকো হাতী ধাৰলৈ দিয়া হৈছিল। দেউতাই হাতীক নিজৰ প্ৰাণতকৈয়ো বেছি ভাল পাইছিল আৰু নদীত সিহঁতক গা ধুওৱা, মালিছ দিয়া, বেমাৰৰ চিকিৎসা কৰা, খাদ্য যোগান ধৰা আদি প্ৰতিটো দিশতে তেওঁ তীক্ষ্ণ দৃষ্টি ৰাখিছিল। হাতীবোৰক সেউজীয়া বুট, চূৰণ মিশ্ৰণ, বনৌষধি, নিমখ, গুড়ৰ উপৰিও কল আৰু ঘাঁহ খুৱাইছিল। মাউতসকলে নতুন হাতীক মৰমেৰে খাবলৈ দি আৰু ভৰি আৰু মূৰ লাহে লাহে পিহি প্ৰশিক্ষণ দিছিল যাতে তেওঁলোকৰ নিৰ্দেশনা বুজিব পাৰে। ভৰিৰ শিকলি, বেডি বা কলাৰ আৰু ডিঙিৰ শিকলি পৰীক্ষা কৰি হাতীবোৰ যাতে আঘাতপ্ৰাপ্ত নহয় নিশ্চিত কৰা হৈছিল। সন্ধিয়া আমি দেউতা আৰু মাউতসকলৰ লগত বহি শিবিৰৰ সৈতে জড়িত দীঘলীয়া আলোচনাবোৰ শুনিছিলোঁ। আমি সকলোৱে মনোযোগেৰে আলোচনাবোৰ শুনি কেম্পৰ কথাবোৰ শিকিম বুলি আশা কৰা হৈছিল। হাতী সম্পৰ্কে নানা চমৎকাৰ কাহিনীও ওলাইছিল আৰু এইদৰে প্ৰকৃতি আমাৰ পঢ়াশালি হৈ পৰিছিল। মই আছিলোঁ এই পঢ়াশালিৰ একান্ত ভক্ত।”
যদিও লালজীয়ে অসমৰ জংঘলত বহুতো জীৱ-জন্তু চিকাৰ কৰিছিল তেওঁ বা তেওঁৰ ৰাজকীয় পূৰ্বপুৰুষসকলে কেতিয়াও হাতী হত্যা কৰা নাছিল। ভাল হিন্দু হিচাপে বৰুৱা পৰিয়ালৰ বাবে হাতী আছিল পবিত্ৰ আৰু তেওঁলোকে শতিকাজুৰি শুভ সূচনাৰ প্ৰতীক গণেশ দেৱতাক পূজা কৰিছিল। মোগলসকলে ভাৰত শাসন কৰাৰ সময়ত নিজৰ অধীনৰ ৰাজকুমাৰসকলৰ পৰা কৰ দাবী কৰিছিল। বৰুৱাসকলে ছটা যুদ্ধহস্তীৰে সম্ৰাটৰ বছৰেকীয়া কৰ পৰিশোধ কৰিছিল। কিন্তু ১৯৪৭ চনত ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত ভাৰত ৰাষ্ট্ৰই মহাৰজা আৰু ৰাজকুমাৰসকলৰ মাটি আৰু ধন-সম্পত্তি কাঢ়ি নিবলৈ আৰম্ভ কৰে। ১৯৭০ চনত মহাৰজাসকলৰ ব্যক্তিগত ব্যয় নিৰ্বাহাৰ্থক ভাত্তা (Privy purse)বিলুপ্ত কৰা কাৰ্যই চূড়ান্ত আঘাত হানে আৰু ভাৰতীয় অভিজাত শ্ৰেণীৰ বিশেষাধিকাৰ আৰু ক্ষমতা নিৰ্মূল হয়। লালজী প্ৰায় সৰ্বস্বান্ত হৈ পৰিল। ৰাজপ্ৰাসাদ আৰু ৪০টা ভোকাতুৰ হাতীৰে ভৰা এটা হাতীশালৰ বাহিৰে তেওঁৰ একো নাথাকিল। আধুনিক ভাৰতত ৰাজপৰিয়ালৰ কোনো স্থান নোহোৱা হ’ল। লালজীয়ে জীৱনত চিকাৰ কৰি বহু জীৱ প্ৰজাতিৰ বিলুপ্তি ঘটোৱাৰ দৰে এইবাৰ নিজেও হাবিলৈ গৈ অন্তৰ্ধান হ’ল আৰু পাৰ্বতীয়ে তেওঁৰ পিছ ল’লে।
পিতৃ-কন্যাই একেলগে বনৰীয়া হাতী ধৰি আৰু বশ কৰি ব্যক্তিগতভাৱে বা পাটনাৰ ওচৰৰ গংগা নদীৰ কাষত সোনপুৰ মেলাত বিক্ৰী কৰাৰ ব্যৱসায়ত নামি পৰে। লালজী আৰু পাৰ্বতীয়ে ধৰা বহুতো হাতী আজিও উত্তৰ ভাৰতৰ হিন্দু মন্দিৰবোৰত, জংঘলৰ পৰা কাঠ টানি উলিওৱা কামত আৰু পৰ্যটকসকলক অভয়াৰণ্য বা ৰাজস্থানৰ ৰাজপ্ৰাসাদসমূহ দেখুৱাবলৈ ব্যৱহাৰ কৰা দেখা যায়। দেউতাকৰ পৰা পাৰ্বতীয়ে হাতী ধৰাৰ এটা বিপজ্জনক কৌশল ‘মেলা চিকাৰ’ আয়ত্ত কৰে। খালী ভৰিৰে হাতীত উঠি আৰু হাতীৰ কাণৰ পিছফালে ভৰিৰ আঙুলিৰে দৃঢ়ভাৱে চাপ দি অতি কৌশলেৰে পাৰ্বতীয়ে জংঘলৰ গছ-লতাবোৰৰ মাজেৰে বনৰীয়া হাতীৰ জাক খেদি ফুৰিছিল। এটা সময়ত তেওঁ জাকটোৰ ভিতৰলৈ সহজে সোমাই গৈ সৰু পোৱালিবোৰৰ এটাক আনবোৰৰ পৰা পৃথক কৰি দিয়ে। সকলোবোৰ ঠিকে-ঠাকে থাকিলে পোৱালিটোৰ মাক-বাপেকে গম পাই আক্ৰমণ কৰিবলৈ অহাৰ আগতেই নিৰাপদে তাক বান্ধি সেই ঠাইৰ পৰা আঁতৰাই অনা হয়। এনেদৰে বনৰীয়া হাতী ধৰাটো অতি বিপদজনক কাম আৰু এই কৌশল আয়ত্ত কৰা পৃথিৱীৰ একমাত্ৰ মহিলা হ’ল পাৰ্বতী। পাৰ্বতীৰ এই কৌশল ইমানেই উল্লেখযোগ্য যে দুঃসাহসি ইংৰাজ অভিযানকাৰী, লেখক আৰু সংৰক্ষণবিদ মাৰ্ক শ্বেণ্ড আৰু তেওঁৰ ভাৰতীয় সহযোগী আদিত্য পতনকাৰে পাৰ্বতীৰ এখন জীৱনী লিখি উলিয়াইছে। কিতাপখন বৃটেইনৰ নামজ্বলা প্ৰকাশন গোষ্ঠী ‘জনাথন কেপে’ প্ৰকাশ কৰিছে।
১৯৭৭ চনত ভাৰত চৰকাৰে ব্যৱসায়িক উদ্দেশ্যে হাতী ধৰা কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰাত পাৰ্বতী আৰু লালজীৰ হাবিতলীয়া জীৱনৰ অন্ত পৰিল। লালজী হতাশ আৰু দৰিদ্ৰ হৈ পৰাৰ লগতে তেওঁৰ স্বাস্থ্যও পৰি আহিবলৈ ধৰে।পাৰ্বতীয়ে মৰমৰ দেউতাকক মৃত্যুৰ আগলৈকে অতি যত্নেৰে চোৱা-চিতা কৰে। এগৰাকী বন্ধুৱে কোৱা মতে – “পাৰ্বতীয়ে দেউতাকৰ মৃত্যু ভাল দৰেই গ্ৰহণ কৰিছিল। তেওঁ শ্মশানৰ শেষকৃত্যাদিৰ বাবে পৰিয়ালৰ ওচৰলৈ উভতি আহিছিল। সকলো কাম-কাজ সম্পূৰ্ণ কৰি তেওঁ হাতীবোৰৰ সৈতে অকলে পুনৰ জংঘলত নোহোৱা হৈ পৰে।”
ইয়াৰ কিছু দিনৰ পাছতে পাৰ্বতীয়ে এটা নতুন উদ্দেশ্য বিচাৰি পায় – মানুহ আৰু সেই সময়ৰ ভাৰতৰ অৱশিষ্ট ৯ হাজাৰ বনৰীয়া হাতীৰ মাজৰ যুদ্ধখনত তেওঁ ল’বলগীয়া ভূমিকা। এই যুদ্ধখন ভাৰতৰ গ্ৰাম্য অঞ্চলত তীব্ৰতৰ ৰূপত অতীজৰে পৰা চলি আছে। প্ৰতি বছৰে শ শ বনৰীয়া হাতী নিহত হয়। ইয়াৰে কিছুমান চোৰাং চিকাৰীয়ে আৰু কিছুমান গাঁৱৰ খঙাল মানুহে তেওঁলোকৰ শস্য নষ্ট কৰাৰ বাবে হত্যা কৰে। ক্ৰমান্বয়ে তীব্ৰতৰ হৈ অহা এই যুদ্ধখনৰ কথা সকলোৰে অৱগত। পাৰ্বতীয়ে বন্ধুসকলক কয় – “মোৰ কাম হ’ল মানুহক হাতীৰ পৰা উদ্ধাৰ কৰা আৰু হাতীবোৰক মানুহৰ পৰা সুৰক্ষিত কৰি ৰখা। হাতীয়ে মাথোঁ শান্তি আৰু নিৰাপত্তা বিচাৰে।” তেওঁৰ আনুগত্য কাৰ পক্ষত তাত কাৰো ধনিষ্ঠমানো সন্দেহ নাই। “যদি কোনো এজন মানুহক হত্যা কৰা হয় তেওঁৰ ঠাই পূৰাবলৈ লাখ লাখ লোক আছে। কিন্তু হাতী এটাক হত্যা কৰিলে গোটেই প্ৰজাতিটো বিলুপ্তিৰ দিশে আৰু এখোজ ওচৰ চাপে।” – পাৰ্বতীয়ে কয়।
অনেকে অৱশ্যে পাৰ্বতীৰ উপৰোক্ত মতামতটি গ্ৰহণ নকৰে। ইউৰোপীয়সকল হাতীৰ প্ৰতি সহানুভূতিশীল হ’ব পাৰে। কিন্তু উত্তৰ-পূব ভাৰতত হাতীৰ জনপ্ৰিয়তা যথেষ্ট হ্ৰাস পাইছে। চোৰাংচিকাৰী, চাহ বাগিচাই বন্ধ কৰা প্ৰব্ৰজনৰ পথ, হিমালয়ৰ পাদদেশ সেউজীয়া কৰি ৰখা জংঘলবোৰৰ সঙ্কোচন ইত্যাদি বিভিন্ন পৰিঘটনাই হাতীক সন্ত্ৰস্ত কৰি তুলিছে। এগৰাকী বন্যপ্ৰাণী বিশেষজ্ঞৰ মতে – “হাতীৰ আচৰণৰ আমূল পৰিৱৰ্তন ঘটিছে। আগতে অকলশৰীয়া মতা হাতীবোৰে মানুহক আক্ৰমণ কৰিছিল। এতিয়া মাইকী হাতীয়েও মানুহ হত্যা কৰিবলৈ লৈছে।” প্ৰতি বছৰে ২০০ৰো অধিক ভাৰতীয়ক হাতীয়ে হত্যা কৰে আৰু দুৰ্ভাগ্যবশতঃ ইয়াৰে সৰহ সংখ্যক পশ্চিম বংগৰ জলপাইগুৰি অঞ্চলত সংঘটিত হয়। এই অঞ্চলত সেয়েহে পাৰ্বতীৰ দক্ষতাৰ সৰ্বাধিক চাহিদা। পশ্চিম বংগৰ বন বিভাগে ১৯৮০ চনৰে পৰা হাতীৰ সমস্যা সংক্ৰান্তিয় নানা বিষয়ত পাৰ্বতীৰ সহায়-সহযোগিতা আৰু পৰামৰ্শ ল’বলৈ আৰম্ভ কৰে। যেতিয়াই কোনো হাতীৰ দলে অৰণ্যত বাট বা প্ৰব্ৰজনৰ পথ হেৰুৱাই দিকভ্ৰান্ত হয় আৰু হাবি সংলগ্ন গাঁওবোৰত আক্ৰমণ চলাই ঘৰ-দুৱাৰ ভাঙি মানুহ আক্ৰমণ কৰে, বনবিভাগ সদায় পাৰ্বতীৰ শৰণাপন্ন হয়। এইগৰাকী ক্ষীণকায়া নাৰীয়ে সকলোকে আচৰিত কৰি দিকভ্ৰান্ত বনৰীয়া হাতীৰ জাক এটাক সিহঁতৰ বাসস্থানলৈ নিৰাপদে উভতি যোৱাৰ বাটটি দেখুৱাই দিয়ে। বনৰীয়া হাতীৰ দলক এইদৰে ধ্বংসকামী কাৰ্যৰ পৰা আঁতৰাই পঠিয়াব পৰা হস্তী সম্ৰাজ্ঞীগৰাকী তেওঁৰ নিজৰ ৩টন ওজনৰ সহযোগীদ্বয়ৰ সৈতে এইদৰে উৰিষ্যা, দক্ষিণ বঙ্গ আৰু বিহাৰৰ বহুত ঠাইলৈকে যাবলগীয়া হয়। ভূটানৰ নিকটৱৰ্তী সুভাষিনী চাহবাগিচাত নাহৰফুটুকী বাঘৰ উপদ্ৰৱ দূৰ কৰিবলৈকো বাগানৰ মেনেজাৰে পাৰ্বতীৰ সহায় লৈছিল।
পাৰ্বতীয়ে মাত্ৰ ১৪ বছৰ বয়সতে তেওঁৰ জীৱনৰ প্ৰথমটো বনৰীয়া প্ৰাপ্তবয়স্ক হাতী ধৰাটো কোনো আচৰিত কথা নাছিল। এগৰাকী সাধাৰণ শিশুৰ বাবে ই কেনেকৈ সম্ভৱপৰ হৈছিল? পাৰ্বতীৰ মতে – “হাতী ধৰিবলৈ শৰীৰত অসুৰৰ শক্তিৰ প্ৰয়োজন নাই। মানসিক দৃঢ়তাহে অতি দৰকাৰী আৰু লগতে কিছু পৰিমাণে ভাগ্য লাগে।” কোকৰাঝাৰ জিলাৰ কচুগাঁও বনাঞ্চলত তেওঁ এই হাতীটো ধৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই কৃতিত্বৰ বাবে দেউতাকে আনন্দৰে উচ্চাৰণ কৰা ‘ছাব্বাছ বেটী’ শব্দ দুটাক পাৰ্বতীয়ে আটাইতকৈ মূল্যৱান বুলি গণ্য কৰে। সেয়া আছিল মাথোঁ আৰম্ভণি। তিনি বছৰৰ ভিতৰত অসমৰ কচুগাঁও, দৰং আৰু উত্তৰ বংগৰ জলপাইগুৰি আৰু দাৰ্জিলিঙত নিজৰ প্ৰচেষ্টাৰে তেওঁ ১২টা হাতী ধৰি প্ৰশিক্ষণ দিয়ে। পাৰ্বতীয়ে নিজৰ অতিকৈ প্ৰিয় হাতী পৰিয়ালৰ মাজত থাকিবলৈ আৰু কাম কৰিবলৈ সিদ্ধান্ত লৈছিল। হাতীক বশ কৰিবলৈ বহুত ধৈৰ্য্য, অধ্যৱসায় আৰু উৎসৰ্গৰ প্ৰয়োজন। বনৰীয়া হাতী ধৰাটো অত্যন্ত বিপদজনক কাম। প্ৰশিক্ষণৰ প্ৰক্ৰিয়াটোও অতি লেহেমীয়া আৰু জন্তুটোক জয় কৰিবলৈ প্ৰায় ছমাহ সময়ৰ আৱশ্যক। “মোৰ চাকৰিত কোনো ৰিটেক নাই” – পাৰ্বতীয়ে অতি গাম্ভীৰ্যৰে কয়। “প্ৰতিবাৰ জংঘললৈ যাওঁতে মই মোৰ জীৱনৰ শেষ যাত্ৰা বুলি ভাবোঁ। কিন্তু এগৰাকী মাউত হিচাপে মই কেতিয়াও অৱসৰ ল’ব নোৱাৰোঁ।” আজৰি সময়ত পাৰ্বতীয়ে মেখেলা চাদৰ (অসমীয়া নাৰীৰ সাজ-পোছাক) বা শাৰী পিন্ধি আৰু সাজি-কাছি ধুনীয়াকৈ থাকিবলৈ ভাল পায়। অৱশ্যে কামলৈ ওলোৱাৰ পৰত তেওঁৰ সাজ-পোছাকৰ আমূল ৰূপান্তৰ ঘটে। সেই সময়ত পাৰ্বৰ্তীক ফেডেড জিন্স, ব্ৰাছ’ৰ বুটাম থকা কম্বাট জেকেট, ছ’লাৰ টুপি আৰু চকুত ছানগ্লাছ পিন্ধা ৰূপত দেখা যায়। তেওঁৰ কঁকালৰ বেণ্ডত সোমাই থাকে খুকুৰি। অলপ ধঁপাতো চোবাবলৈ নাপাহৰে। তেওঁৰ প্ৰিয় হাতীকেইটাৰ সাজ-সজ্জাও গুৰুত্বপূৰ্ণ আৰু সেয়েহে সিহঁতৰ কপালত চকেৰে আল্পনা অঁকা হয়। পাৰ্বতীৰ সাজ-পোছাকৰ জৰিয়তে তেওঁ যে পশ্চিমীয়া ছবিৰ এগৰাকী অনুৰাগী সেই কথা বুজি পোৱাতো নিশ্চয় কঠিন নহয়। তেওঁৰ প্ৰিয় নায়কসকল হ’ল চাৰ্লছ ব্ৰনছন আৰু জন ৱেইনৰ দৰে ‘ৰাফ-এণ্ড-টাফ’ অভিনেতা। যুদ্ধৰ চিনেমাও তেওঁৰ প্ৰিয়। পশ্চিমীয়া চিনেমাবোৰৰ ভিতৰত পাৰ্বতীয়ে ‘দ্য মেগনিফিচেণ্ট চেভেন’, ‘হাই নুন’, আৰু ‘হাউ দ্য ৱেষ্ট ৱাজ ৱন’ ইত্যাদি উপভোগ কৰিছে। “আমাৰ কামত বহুতো আচাৰ-অনুষ্ঠান আছে আৰু এইবোৰ বহু প্ৰজন্ম ধৰি পৰিয়ালত চলি আহিছে। প্ৰতিটো যাত্ৰাৰ আৰম্ভণিতে কালী মাতা, গণেশ বাবা, অৰণ্যৰ দেৱী সাতশিকাৰী আৰু মুছলমান সাধক মাউত পীৰলৈ পূজা দিয়া হয়” – পাৰ্বতীয়ে কয়।
১৯৯২ চনত বিশ্ববিখ্যাত গৱেষণামূলক চলচ্চিত্ৰ সংস্থা ডিছক’ভাৰী চেনেলে পাৰ্বতী বৰুৱাৰ বিষয়ে দীঘলীয়া তথ্যচিত্ৰ নিৰ্মাণ কৰি তেওঁক “কুইন অব দা এলিফেণ্টছ“আখ্যা দিয়ে। মাৰ্ক শ্বেণ্ডৰ একে নামৰ কিতাপখনৰ কথাও পূৰ্বতে উল্লেখ কৰা হৈছে। অসমৰ পাৰ্বতী বৰুৱাই এইদৰে বিশ্বৰ প্ৰথম মহিলা হস্তী প্ৰশিক্ষক, ফান্দী আৰু মাউত ৰূপে স্বীকৃতি লাভ কৰে। ১৯৮৯ চনত ৰাষ্ট্ৰসংঘই তেওঁলৈ ‘গ্লোবেল-৫০০’ বঁটা আগবঢ়ায়। তেওঁ এছিয়ান হাতী বিশেষজ্ঞ গোট আই-ইউ-চিএ-ন-ৰো সদস্য আছিল। কলকাতা আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী আৰু পৰিৱেশ চলচ্চিত্ৰ মহোৎসৱত হস্তী বিশাৰদ পাৰ্বতী বৰুৱাক জীৱনজোৰা সাফল্যৰ বঁটা প্ৰদান কৰা হৈছে। সম্ভৱতঃ পাৰ্বতী বৰুৱা একমাত্ৰ অসমীয়া যাক লৈ বিদেশত পূৰ্ণাংগ পৰ্যায়ত এখন চলচ্চিত্ৰ নিৰ্মিত হৈছে বা গ্ৰন্থ প্ৰকাশ পাইছে। ভাৰত চৰকাৰে এই বছৰৰ ২৬ জানুৱাৰীত তেখেতক পদ্মশ্ৰী বঁটা প্ৰদান কৰি উচিত সন্মান যাচিছে। পাৰ্বতী বৰুৱাৰ এই সন্মান অসমৰ লগতে সমগ্ৰ ভাৰতৰো সন্মান।