কুকুৰখীয়া আৰু অন্যান্য চিন্তা

লেখক- জিতেন কলিতা

শেষ গৰাহ ভাত মুখত দিওঁতেই বন্ধুবৰৰ ফোন আহিল। সাধাৰণতে আমি ন বজাৰ আগতেই ৰাতিৰ সাজ খাই আজৰি হওঁ। খোৱামেজৰ পৰা উঠি ফোনৰ ওচৰ পাওঁমানে ৰিং বন্ধই হ’ল। খৰখেদাকৈ হাতমুখ ধুই বন্ধুবৰক হোৱাটছএপ যোগে মেছেজ পঠিয়ালোঁ যে দহমিনিট পাছতেই মই তেওঁলৈ ফোন লগাম। এইকেইদিন যথেষ্ট ঠাণ্ডা পৰিছে। ৰাতিৰ ফালে স্বাভাবিকতে ঠাণ্ডাৰ প্ৰকোপটো আৰু এখোপ চৰে। কেইদিনমান আগতেহে অসুখৰ পৰা উঠা শ্ৰীমতীৰ গাটো এতিয়াও ভালকৈ জামৰা নাই। সেয়েহে তেওঁক আজৰাই ময়েই বাচনখিনি ধোৱাৰ দায়িত্ব লৈ সেইখিনি থুপুৰিয়াই পাকঘৰলৈ আগবাঢ়িলোঁ। পাছে এওঁসকলে এক মুহূৰ্তও আজৰি হৈ বহি থাকিব নোৱাৰে, হাতদুখনে অনবৰতে কিবা কৰোঁ কৰোঁকৈ কুটকুটায়ে থাকে। মই ক’বলৈহে পালোঁ, এওঁ বোলে “তেনেহ’লে মই ৰাতিপুৱাৰ বাবে আটাখিনিকে মাৰি থওঁ।” পাকঘৰৰ কামখিনি অঁতাই মই পুনৰ বন্ধুবৰলৈ ফোন কৰিবলৈ ওলায়ে দেখোঁ যে সিফালৰ পৰা ইতিমধ্যেই তেওঁ মোলৈ বাৰ্তা পঠিয়াইছে, “মই আমাৰ কুকুৰটোক খোজ কঢ়াবলৈ বাহিৰলৈ লৈ আহিছোঁ। ২০-২৫ মিনিটমানত তোমাক ফোন কৰি আছোঁ।” এইবাৰ মোৰ বাৰ্তা পঠিওৱাৰ পাল, “তোমাৰ কুকুৰ চৰোৱা হ’ল নে নাই?” সিফালৰ পৰা হাঁহিৰ ইম’জিৰে সৈতে বন্ধুবৰৰ উত্তৰ, “কুকুৰ আৰু মই দুয়ো এতিয়া আমাৰ এপাৰ্টমেণ্ট বিল্ডিঙৰ লিফ্টত। মই ঘৰ পায়েই হাত-মুখ ধুই তোমালৈ ফোন কৰিম।” 

 

বন্ধুবৰৰ মেছেজ পোৱাৰ লগে লগে মোৰ ২০০৪ চনত গ্ৰীষ্মকালীন পাঠদানৰ সময়ত ৱাশ্বিংটন ডি চি চহৰত কটোৱা দিনবোৰৰ কথা ছাটকৈ মনত পৰি গ’ল। সেই সময়ত আমি বাস কৰিছিলোঁ ৱাশ্বিংটন নেশ্যনেল কেথিড্ৰেলৰ নিচেই কাষতে অৱস্থিত ৩১১০ ৱিছক’নছিন এভিন্যু নামৰ নমহলীয়া এপাৰ্টমেণ্ট বিল্ডিংটোৰ সৰ্বোচ্চ মহলাত। আমি বাস কৰা মহলাৰে বাসিন্দা, এগৰাকী আদবয়সীয়া বগী আমেৰিকান মহিলাক প্ৰায়ে তেওঁৰ প্ৰকাণ্ড পোহনীয়া কুকুৰটোক আমাৰ এপাৰ্টমেণ্টৰ আশে পাশে খোজ কঢ়াই ফুৰা দেখা পাইছিলোঁ। আমাৰ এওঁৰ কুকুৰ মেকুৰী দেখিলেই পেটতে হাত ভৰি লুকায়। অৱশ্যে অনবৰতে জিভাখন উলিয়াই ঘনাই উশাহ-নিশাহ লৈ থকা প্ৰাণীটিয়ে ওচৰ চাপিলে ময়ো যে সন্ত্ৰস্ত হৈ পৰা নাছিলোঁ তেনে নহয়। সেয়েহে বিল্ডিংটোত তল ওপৰ কৰাৰ সময়ত কুকুৰৰ সৈতে মহিলা গৰাকীক দেখিলে পৰাপক্ষত আমি দুয়োজনেই খোজৰ বেগ হ্ৰাস কৰি পৰৱৰ্তী লিফ্টখনলৈ অপেক্ষা কৰিছিলোঁ। ইমানদিনে আমাক সৌভাগ্যই লগ দি আছিল যদিও সি সৰহদিন নিটিকিল। এদিনাখন আমি দুয়ো তললৈ নামিবলৈ ছুইচ টিপি লিফ্টৰ ভিতৰলৈ সোমাই গ্ৰাউণ্ড ফ্ল’ৰ নিৰ্দেশক শূন্যটোত টিপা মাৰিবলৈ ওলাইছিলোঁহে। ঠিক তেনেতেই কুকুৰটোৰ সৈতে মহিলা গৰাকী সাউৎকৈ লিফ্টৰ ভিতৰ সোমাই আহিল আৰু তেওঁৰ স্বভাৱগত উছাহেৰে আমাৰ দুয়োকে “হাই” বুলি উষ্ণ সম্ভাষণ জনাই নিজেই শূন্যটোত টিপা মাৰিলেহি। ঘটনাৰ আকস্মিকতাত শ্ৰীমতীয়ে ভয়তে পেপুৱা লগা সত্ত্বেও কোনোমতে চিঞৰটো সম্বৰণ কৰি কৃত্ৰিম হাঁহি এটি এৰি এচুকত আঠা লাগিলগৈ। পাছে এষাৰ কথা আছে নহয় য’তে বাঘৰ ভয় তাতেই ৰাতি হয় বুলি! কুকুৰটোৱেও চুকটোলৈ গৈ শ্ৰীমতীৰ কাষ চাপি নেজ জোকাৰিবলৈ আৰম্ভ কৰিলে। পৰিস্থিতিটো সহজ কৰিবলৈ সৌজন্যতাৰ খাতিৰতে মই ভদ্ৰমহিলা গৰাকীক সুধিলোঁ, “ইয়াৰ নাম কি?” তেওঁ মিচিকিয়াই উত্তৰ দিলে, “নহয় নহয়, এইজনী ছোৱালীহে। তাইৰ নাম টেৰা। (Oh, she is a girl. Her name is Terra.)” “অ’ হয় নেকি? ছ’ৰী, মই তাইক ল’ৰা বুলিহে ভাবিছিলোঁ।” এইবাৰ অলপ সলজ ভাবেৰে তেওঁ যিখিনি কথা ক’লে, মই নিশ্চিত যে শ্ৰীমতীৰ কুকুৰ-ভীতি ক্ষন্তেক সময়ৰ বাবে সামান্যভাৱে হ’লেও হ্ৰাস পাইছিল। “মই প্ৰায়েই আপোনালোকৰ সৈতে কথা পাতিম বুলি ভাবি থাকোঁ যদিও ইমান দিনে সুযোগহে মিলা নাছিল। আচলতে কি জানে? ভাৰতীয় খাদ্য মোৰ বৰ প্ৰিয়। ক’ৰিডৰেৰে আপোনালোকৰ এপাৰ্টমেণ্টৰ সন্মুখেৰে গ’লে প্ৰায়েই ভাৰতীয় ব্যঞ্জনৰ সুঘ্ৰাণ আহি মোৰ নাকত লাগি ধৰেহি। (শ্ৰীমতীৰ ফালে ইঙ্গিত কৰি) এখেত নিশ্চয় বৰ পাকৈত ৰান্ধনী। আৰু কি জানেনে? আমাৰ টেৰাই যে সেই গোন্ধ পালেই আপোনালোকৰ দুৱাৰমুখৰ পৰা নাঁতৰা হয় আৰু আনন্দতে কুকুৱাবলৈ আৰম্ভ কৰে। সেই ছেগতে এখেতৰ ৰন্ধনৰ গোন্ধ লৈ মোৰো ভাৰতীয় খাদ্যৰ সোৱাদ লোৱা যেনেই লাগে।” 

 

আমেৰিকাৰ ৰাজহুৱা পাৰ্কবোৰত হাতত এটা প্লাষ্টিকৰ বেগ বা টেমা এটা আৰু সৰু কেঁচি এখনৰ দৰে হেণ্ডেল থকা এবিধ আহিলা স্কুপ (scoop) হাতত লৈ কুকুৰক ফুৰাই থকা টেৰাৰ গৰাকীৰ দৰে পদাচাৰী দেখিবলৈ পোৱাটো তেনেই সুলভ কথা। সেই মুলুকত কুকুৰে কামফেৰা কৰাৰ পাছত সেই স্কুপডালেৰে উঠাই চাফ কৰি বেগটোত ভৰাই গৰাকীয়ে তাৰ নিষ্কাষণৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক। বোধকৰোঁ বহুসময়ত টেৰাৰ গৰাকীক তেনে অৱস্থাত দেখি হঠাতে উদ্গীৰণ হোৱা শুচিবায়ুগ্ৰস্ততাও আমি তেওঁক এৰাই চলাৰ অন্যতম কাৰণ আছিল। এইখিনিতে মোৰ মনত গভীৰভাৱে ৰেখাপাত কৰা Billions নামৰ বিখ্যাত আমেৰিকান ৱেব ছিৰিজটোৰ এটা দৃশ্যৰ কথা উনুকিয়াব খুজিছোঁ। দৃশ্যটোত নিউয়ৰ্ক প্ৰদেশৰ তীক্ষ্ণ বুদ্ধিসম্পন্ন, চতুৰ এট’ৰ্ণি জেনেৰেল চাক ৰোডছৰ কাৰ্যপদ্ধতিৰ এক আভাস দিয়াৰ প্ৰয়াস কৰা হৈছে। তেওঁ প্ৰাত: ভ্ৰমণৰ বাবে নিতৌ নিউয়ৰ্ক চহৰৰ Brooklyn Heights Parkলৈ তেওঁৰ পোহনীয়া কুকুৰটোক ফুৰাবলৈ আনে। ইতিমধ্যে ৰাজ্যজুৰি তোলপাৰ লগোৱা এটি গোচৰৰ ৰায়দানে তেওঁক টেলিভিছনৰ পৰ্দাৰ এখন চিনাকি মুখলৈ ৰূপান্তৰিত কৰিছে। কেইদিনমানৰ পৰা তেওঁ কুকুৰ ফুৰাবলৈ অনা আন এজন পথাচাৰীৰ গতিবিধিবোৰ লক্ষ্য কৰি আছে। ভদ্ৰলোকে কুকুৰ ফুৰাবলৈ আহি এহাতেৰে কুকুৰৰ ডিঙিত বন্ধা ৰছীডাল খামুচি ধৰি আৰু আনখন হাতেৰে ম’বাইল ফোনটো ধৰি এনেদৰে ব্যস্ত থকা দেখুৱায় যেন কুকুৰটোৱে যে কামফেৰা কৰিলে তেওঁ গমকে পোৱা নাই। এদিন ৰোডছৰ সমুখতেই ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ পাছত ম’বাইলৰ স্ক্ৰীনত মগ্ন ভদ্ৰলোকক উদ্দেশ্যি তেওঁ ক’লে, “ক্ষমা কৰিব মহাশয়।” “কি হ’ল?” কুকুৰৰ গৰাকীয়ে ওভতাই ধৰিলে। “কুকুৰটোৱে এৰি যোৱা অৱশিষ্টখিনি আপুনি চাফ নকৰিলে।” “মই আজি বেগটো আনিবলৈ পাহৰিলোঁ।” পথাচাৰীৰ নিৰ্বিকাৰ উত্তৰ। “মোৰ বিশ্বাস নহয়। ই কেৱল বিধিগত আইনেই নহয়। ই হৈছে এক শিষ্টাচাৰ। মই আপোনাক আগতেও দেখিছোঁ। সেই ঘৰটোৰ পৰা (সেইদিশলৈ আঙুলিয়াই) পৰা নিতৌ ওলাই আহি কুকুৰটোৱে মলত্যাগ কৰাৰ পাছত তেনেকৈয়ে এৰি থৈ গুচি যায়।” 

“আপুনি নিজৰ কাম কৰিব এৰি এইবিলাক কি কৰি আছে?” 

“এয়াই মোৰ কাম।” 

“তাৰ মানে আপুনিয়েই (টিভিত দেখা) সেইজন।” 

“হয় মহাশয়, ময়েই সেইজন।” 

“আপুনি মোক এটা বেগ যোগান ধৰক তেনেহ’লে।” 

“মোৰ বেগটো মই ইতিমধ্যেই ব্যৱহাৰ কৰি পেলালোঁ।” 

“তেন্তে এই পৰিস্থিতিৰ পুনৰ উদ্ভৱ হ’লে পৰৱৰ্তী সময়তহে মই এই কামটো কৰিম।” 

“নহয় আপুনি এতিয়াই কৰিব লাগিব।” 

“কিন্তু মোৰ যে কোনো সজুঁলি নাই।” 

“আপোনাৰ হাত দুখন আছে নহয়।” 

বহুতো কথা কটাকটিৰ অন্তত এট’ৰ্ণি জেনেৰেলৰ মোক্ষম যুক্তিত ধৰাশায়ী হৈ অৱশেষত পথাচাৰীজনে হাতেৰেই নিৰ্দিষ্ট ঠাইডোখৰ পৰিষ্কাৰ কৰিবলৈ বাধ্য হ’ল। 

 

ওপৰৰ দৃশ্যটো এইবাবেই উল্লেখ কৰিলোঁ, কিয়নো এই অসম মুলুকতে মোৰ ইয়াৰ এক সম্পূৰ্ণ বিপৰীতমুখী ঘটনাৰ প্ৰত্যক্ষদৰ্শী হোৱাৰ অভিজ্ঞতা হৈছিল। গুৱাহাটীৰ এক সম্ভ্ৰান্ত এলেকাত অকলশৰে বাস কৰা এহাল বৃদ্ধ দম্পতী। সকলোৰে নমস্য বৃদ্ধ অধ্যাপক গৰাকী এসময়ত মোৰো শিক্ষাগুৰু আছিল। মাজে মাজে কেতিয়াবা ছাৰৰ ঘৰলৈ গৈ তেওঁলোকৰ খবৰ বতৰা লওঁ। এদিনাখন ৰবিবাৰ এটাত ছাৰৰ ঘৰলৈ গেটখন খুলি চৌহদত প্ৰৱেশ কৰাৰ পাছতেই অনুভৱ কৰিলোঁ যে মোৰ ছেণ্ডেলৰ তলত আঠালতীয়া কিবা এবিধ লাগি আহিছে। লগে লগে তেওঁলোকৰ ঘৰৰ বাহিৰতে থকা পানীৰ টেপটো খুলি হাত-ভৰি ধুবলৈ গৈ দেখোঁ যে মোৰ অনুমান মিছা নহয়। বাহিৰলৈ ওলাই আহি ছাৰৰ সহধৰ্মিণীয়ে মোৰ অৱস্থাটো দেখি উষ্মা প্ৰকাশ কৰি ক’লে, “আইনৰ ৰক্ষক বোৰেই যদি এনেকুৱা কৰে সাধাৰণ ৰাইজৰ কি অৱস্থা হ’ব?” তেখেতৰ বক্তব্যৰ অৰ্থ বুজি নাপাই প্ৰশ্ন কৰাত তাৰ উত্তৰত তেখেতে কোৱা কথাখিনিৰ সাৰাংশ আছিল এনেধৰণৰ। তেওঁলোকৰ পৰা পাঁচ ছঘৰ দূৰত্বত এট’ৰ্ণি জেনেৰেলৰ সমপৰ্য্যায়ৰ পদ এটিৰ পৰা দুবছৰমান আগতে অৱসৰ গ্ৰহণ কৰা ভদ্ৰলোক এজন বাস কৰে। তেওঁ প্ৰাত: ভ্ৰমণত নিজৰ পোহনীয়া কুকুৰটোক ফুৰাবলৈ আনি প্ৰায়েই ছাৰহঁতৰ গেটখনৰ সন্মুখত কামফেৰা কৰাই নিজৰ ঘৰলৈ ওভতে। আমোদজনকভাৱে ভদ্ৰলোক গৰাকীও ছাৰৰে প্ৰাক্তন ছাত্ৰ আছিল। বাইদেৱে ভদ্ৰলোকৰ মুখামুখি হ’ব খোজে যদিও নিৰ্জু প্ৰকৃতিৰ ছাৰে অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ দোহাই দি তেখেতক বাধা দিয়ে। অলপ সময় পাছতে চিৰ পৰিচিত হাঁহিটি মাৰি ছাৰ ওলাই আহিল। ইতিমধ্যেই মই লক্ষ্য কৰিছিলোঁ যে ছাৰহঁতৰ ঘৰত চিচি টিভি কেমেৰা লগোৱা হৈছে। মই ছাৰৰ অনুমতি লৈ যোৱা দুদিনৰ দোকমোকালিৰ চিচি টিভিৰ ফুটেজ নিৰীক্ষণ কৰি দেখিলোঁ যে বাইদেউৰ কথা ষোল অনাই সঁচা। ফুটেজখিনি সম্পাদনা কৰি এটি দেৰমিনিটীয়া ভিডিঅ’ ছাৰৰ ম’বাইল ফোনত আপলোড কৰি দিলোঁ আৰু তেখেতক সেইটো ভদ্ৰলোকৰ ম’বাইল ফোনত হোৱাটছএপ যোগে প্ৰেৰণ কৰাৰ পৰামৰ্শ দিলোঁ। দুমাহমান পিছত ছাৰে এদিন ফোন কৰি মোক ধন্যবাদ জনাই প্ৰসন্নচিত্তে জানিবলৈ দিলে যে ভদ্ৰলোকলৈ ভিডিঅ’টো প্ৰেৰণ কৰা দিনৰে পৰা সেই ঘটনাৰ আৰু পুনৰাবৃত্তি ঘটা নাই। 

 

এইবাৰ পুনৰ পোনতে উল্লেখ কৰা বন্ধুবৰৰ ফোনটোলৈ ঘূৰি আহোঁ। মায়ানগৰী মুম্বাইৰ বাসিন্দা বন্ধুবৰে লিফ্টেৰে ওঠৰ মহলা বগাই নিজ এপাৰ্টমেণ্টলৈ আহি সতেজ হৈ মোলৈ পুনৰ ফোনেৰে সংযোগ স্থাপন কৰিলে। আচলতে সেইদিনা হেনো তেওঁলোকৰ কুকুৰ জেমিক ফুৰাবলৈ নিয়োগ কৰা অশোক নামৰ বিশ বাইছ বছৰীয়া ল’ৰাজন কিবা কাৰণত পিছবেলা আহিব নোৱাৰিলে। সেয়েহে তেৱেঁই জেমিক বাহিৰলৈ উলিয়াই নিবলগীয়া হ’ল। কৌতূহলবশত: সেই কামটোৰ দৰমহাৰ বিষয়ে সোধাত তেওঁ ক’লে যে দৈনিক আধাঘণ্টা ফুৰোৱাৰ বাবদ অশোকক মাহেকত দুহেজাৰ টকা দৰমহা দিয়ে। লগতে সপ্তাহত জেমিক এবাৰকৈ গা ধুওৱাৰ বাবেও প্ৰতিবাৰেই তিনিশ টকাকৈ লয়। অশোক আহিলে হেনো জেমিৰ গা উলাহে নধৰা হয়। সি দুয়োবেলা লগলাগি প্ৰায় কুৰিটামান কুকুৰ ফুৰোৱাৰ উপৰিও এখন কুকুৰ পৰিচৰ্যা কেন্দ্ৰ (dog crèche)তো কাম কৰে। কেন্দ্ৰৰ মালিকজনৰ মতে অনবৰতে কুকুৰৰ সৈতে উঠা বহা কৰাৰ ফলত তাৰ আচাৰ ব্যৱহাৰতো হেনো আজিকালি সিহঁতৰ কিছুমান লক্ষণ ফুটি উঠিছে। এইবাৰ মই বন্ধুবৰক ৰগৰ কৰি সুধিলোঁ, “বাৰু কোৱাচোন বন্ধু, গৰু চৰোৱাজন যদি গৰখীয়া হয়, তেন্তে কুকুৰ চৰোৱা জনক কুকুৰখীয়া বুলিব পৰা যাবনে?” “নিশ্চয় পাৰি। পাছে কুকুৰখীয়াগিৰি কৰিয়েই যদি স্কুলৰ দেওনা পাৰ নোহোৱাকৈয়ে মাহেকত পঞ্চাছ হাজাৰ টকাতকৈও অধিক আয়কৰমুক্ত ধন উপাৰ্জন কৰিব পাৰি, তাতকৈ বেছি আৰু কি লাগিছে?” বন্ধুবৰৰ মতে ভালকৈ বিচাৰ খোচাৰ কৰিলে তেনে হাজাৰজন অশোকক মুম্বাই মহানগৰীত বিচাৰি পোৱা যাব। 

 

এবাৰ তেওঁলোকে পাৰ্ট টাইম ড্ৰাইভাৰজন লৈ সপৰিয়ালে মুম্বাইৰ এখন প্ৰসিদ্ধ ৰেস্তোৰাঁত আহাৰ কৰিবলৈ গৈছিল। তাত গ্ৰাহকৰ ইমান ভিৰ আছিল যে ৰেজিষ্টাৰত নাম লিখি তিনিঘণ্টা মানৰ পাছতহে খালি টেবুল পোৱাৰ সম্ভাৱনা আছে বুলি তেওঁলোকক জনোৱা হ’ল। সেয়েহে গাড়ীখন ওচৰতে পাৰ্ক কৰিবলৈ কৈ ড্ৰাইভাৰক গাড়ীতেই অপেক্ষা কৰিবলৈ নিৰ্দেশ দি তেওঁলোক ওচৰৰে বজাৰ এখনত সোমাল। বজাৰ সমাৰ শেষ কৰি বন্ধুবৰে গাড়ীলৈ উভতি আহি দেখে যে ছীটত বহি ড্ৰাইভাৰজনে সদায় লগত কঢ়িয়াই ফুৰা বেগটোৰ পৰা টেবলেট (ক্ষুদ্ৰ কম্পিউটাৰ)টো উলিয়াই কিবা টাইপ কৰি আছে। তেওঁক সোধোঁতে গম পোৱা গ’ল যে বৰ্তমান তেওঁ কোনোবা এজন লেখকৰ ইংৰাজী কিতাপ এখনৰ হিন্দী অনুবাদ কৰি আছে, যাৰ প্ৰতিটো শব্দৰ বাবে তেওঁ পঞ্চাছ পইচামানকৈ পায়। ড্ৰাইভাৰজনে হেনো মুম্বাইৰ পাৰ্শ্বৱৰ্তী এলেকা এটাত দুটা শোৱনীকোঠা যুক্ত ফ্লেট এটাও বুক কৰিছে। বন্ধুবৰৰ কথা শুনি মনলৈ আহিছিল কেইদিনমান আগতে আমাৰ বন্ধু মহলৰ হোৱাটছএপ গ্ৰুপ ‘উৎসাহ -৮৩’ত অসমীয়াত্ব সম্পৰ্কে চলা আলোচনাসমূহ। অসমীয়া জাতিৰ অংশীদাৰ জনগোষ্ঠীসমূহৰ স্বকীয় পৰিচয় বজাই ৰখাৰ প্ৰচেষ্টাই মূল সূঁতিৰ পৰা বিচ্ছিন্ন হোৱাৰ প্ৰৱণতা এটা সৃষ্টি কৰা বুলি তাত বিভিন্নজনে দুখ প্ৰকাশ কৰিছিল। এই অভাজনক পাছে সেই সময়ত বেছিকৈ আমনি কৰিছিল বিভিন্ন সময়ত ভিতৰুৱা গাঁৱলীয়া ৰাস্তাৰ মাজেৰে অহা-যোৱা কৰোঁতে সন্মুখীন হোৱা তিক্ত অভিজ্ঞতাৰ স্মৃতিবোৰেহে। চকুৰ আগত বাৰে বাৰে ভাঁহি উঠিছিল পথৰ সোঁমাজতে বেঞ্চ পাৰি ভেটা দি বিহু আৰু আন উৎসৱ পাৰ্বন তথা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ নামত চান্দা তুলি অসম আৰু অসমীয়াক উদ্ধাৰ কৰিবলৈ পণ লোৱা উগ্ৰ ডেকা কেইজনৰ মুখ কেইখন। তেওঁলোকৰ কাৰ্যকলাপবোৰ দেখি মাজে মাজে মনত প্ৰশ্ন উদয় হয়, “আমাৰ বাবে অসমীয়াত্ব ৰক্ষা কৰাটো পেটৰ ক্ষুধা নিবাৰণতকৈও বেছি জৰুৰী নেকি?” ৰসৰাজ বেজবৰুৱাই এনেয়ে কোৱা নাছিল, “আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হম? সকলো আছিল সকলো আছে নুবুজোঁ নলওঁ গম।” এদিনতে কোটিপতি হোৱাৰ সপোন দেখা খাৰখোৱাই যে কেতিয়া উপাৰ্জনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ সুৰুঙাবোৰৰ গম ল’বলৈ আৰম্ভ কৰিব?

                    *****

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!