কৃষ্ণ
লেখক- নমিতা বৈশ্য
সন্ধিয়াৰ নিৰ্বন্ধ এন্ধাৰ। পদূলিত মাধৈ-মালতীৰ গোন্ধ। দূৰৈত শিয়ালে হোৱা দিছে। দিনত ভূতৰ গল্প শুনিছিলোঁ। এতিয়া ভূতৰ ভয়ত আইৰ পিছে পিছে ফুৰিছোঁ। গোসাঁই থাপনাত চাকিগছ জ্বলাই দি আয়ে কৈছে, – ‘সেৱা কৰচোন, আই! এয়া কৃষ্ণ গোসাঁই।’
কণমানি দুহাত সাৱটি সেৱা কৰিছোঁ।
‘কৃষ্ণ’- আমাৰ ঈশ্বৰ।
(২)
জীৱনৰ প্ৰথমটো পৰীক্ষা।
‘পাৰ চৰাই উৰি গৈ পালে নদীৰ পাৰ
ঘৰৰ মূধত পৰি থাকিল গোটেই শুকুৰবাৰ।।’
কিতাপ সামৰি যাবলৈ ওলাইছোঁ। ফলি, পেঞ্চিল, ঢাৰি —
‘ধূপ দুডাল লগাই দে, মা! পৰীক্ষা আছে নহয়…।’- দেউতাই কৈছে।
কৃষ্ণৰ থাপনাত ধূপ দুডাল জ্বলিছে। ধূপৰ সুবাসত মন ফৰকাল হৈ উঠিছে।
‘কৃষ্ণ’- আমাৰ বিশ্বাস।
(৩)
আবেলিটো ঢলি পৰিছে। গৰমৰ বন্ধ। চৌপাশ নিমাওমাও। গছবোৰত বতাহ নাই। খেলাৰ লগৰী নাই। কি কৰোঁ, কি নকৰোঁ লাগিছে। কিতাপৰ আলমাৰীটোৰ পৰা কিতাপ এখন উলিয়াই আনিলোঁ।
… কৃষ্ণই মাখন চুৰ কৰিছে। যশোদাই বান্ধি থৈছে, কৃষ্ণক। … কৃষ্ণই মাটি খাইছে। যশোদাই মুখগহ্বৰত বিশ্ব ব্ৰহ্মাণ্ডখন দেখিছে। কৃষ্ণই হাঁহিছে, কৃষ্ণই কান্দিছে, চুলিত তেল অকণো নপৰে বুলি অভিযোগ কৰিছে।
‘কুটকুৰা চুলি পৰে গৰুধূলি, কুকুহা পৰিয়া যায়…তৈলে মাথে দেখা নাই’
আমিও হাঁহিছোঁ কৃষ্ণৰ লগে লগে, আমিও কান্দিছোঁ কৃষ্ণৰ লগে লগে।
‘কৃষ্ণ’- আমাৰ শৈশৱ।
(৪)
পূৰ্ণিমাৰ নিশা। যমুনাৰ পাৰত জোনে চাদৰ এখন পাৰি দিছে।
কৃষ্ণই বাহী বজাইছে…
কৃষ্ণৰ হাঁহি, কৃষ্ণৰ চকু, কৃষ্ণৰ দুহাত, কৃষ্ণৰ ভৰি…
বুকু ভৰি আহিছে। বুকুত এখন সাগৰ। বুকুত চকুপানী। বুকু তোলপাৰ।
পৃথিৱীত প্ৰত্যেক নাৰীয়েই ৰাধা, পৃথিৱীত প্ৰত্যেক নাৰীয়েই মীৰা।
কৃষ্ণ আমাৰ প্ৰথম পুৰুষ।
কৃষ্ণ আমাৰ শাশ্বত প্ৰেম।
(৫)
অপাৰেশ্যন টেবুলৰ পৰা আনি বিছনাত ৰাখি থোৱা অৱশ শৰীৰটো লৰচৰ কৰিব পৰা নাই। ভৰি দুখন চেতনাহীন। পেটত অসহ্য বিষ।
বিছনাত আনি থোৱা কেঁচুৱাটো দেখাৰ লগে লগে ক’ৰ পৰা জানো উৰি আহিছে এটা হাঁহি। বুকু ভৰি পৰিছে মমত্বৰে।
‘কৃষ্ণ গোসাঁই’- মুখৰ পৰা ওলাই আহিছে।
‘কৃষ্ণ’- আমাৰ মমতা।
৬)
ডিচেম্বৰ মাহ। ইভিনিং ডিউটিৰ পৰা যেতিয়া উভতিছোঁ, তেতিয়া ৰাতি ১ বাজিছে। এটা ‘কম্প্লিকেটেড ডেলিভাৰি’ আছিল। মেম গৈ সকলোখিনি কৰি উঠালৈ ১ বাজি গ’ল। হস্পিতালৰ পৰা গাৰ্লছ হোষ্টেল বহুত বেছি দূৰত নহয়, একেবাৰে ওচৰতো নহয়। খোজকাঢ়ি গ’লে দহ মিনিটমান লাগে। আমাৰ সহকৰ্মী কনিষ্ঠ চিকিৎসকজনে কৈছিল – ‘থৈ আহোঁগৈ নেকি?’
অলপ ওস্তাদি মাৰিলোঁ। সি যি পাৰে, আমিও পাৰোঁ। কিয় থ’বলৈ যাব?
‘লাগিলে ক, তোক থৈ আহোঁ।’ – আমি ক’লোঁ।
আমি মানে মই আৰু লগৰজনী।
ৰাস্তাত পোহৰ নাই। কথা পাতি পাতি গৈ আছোঁ। দুয়োজনী। হোষ্টেলৰ সন্মুখ পাইছোঁ। হোষ্টেলৰ গেটত তলা। ঢকিয়াই আছোঁ। গেট খোলা নাই। আমাৰ সুৰক্ষা কৰ্মী বিনয়দা বোধকৰোঁ শুই গৈছে।
পিছফালৰ পৰা এটা হুলস্থূল ভাহি আহিল। এখন ‘বলেৰ’ত এজাক ল’ৰা। আমাক পাৰ হৈয়ে অকণমান দূৰত গাড়ীখন ৰৈ গ’ল। আমি জোৰে জোৰে গে’টত ঢকিয়াইছোঁ। কাৰো সাৰ-সুৰ নাই। ‘কৃষ্ণ, কৃষ্ণ, কৃষ্ণ’ – আমি কি মাতিছোঁ, নাজানো।
গাড়ীখনৰ পৰা এজন ল’ৰা নামি গুচি গ’ল। বাকীবোৰ আকৌ গাড়ীত উঠি আমাৰ কাষেৰে পাৰ হৈ গ’ল।
(পৃথিৱীত বেয়াতকৈ ভাল মানুহৰ সংখ্যা বেছি)
‘কৃষ্ণ’- আমাৰ সাৰথি।
(৭)
দেউতা হেৰাই গৈছে। আচম্বিতে। কোনো আগজাননী নিদিয়াকৈ। কথা পাতি পাতিয়েই।
অশান্ত মন। দুৰ্বল আত্মা। বাৰে বাৰে ভৰি আহে চকুপানী।
গীতাখন আহি হাতত পৰিছেহি।
‘ন জায়তে মৃয়তে ৱা কদাচিত
নায়ং ভূত্বা, ভবিতা বা ন ভূয়ঃ
…ন হন্যতে, হন্যমানে শৰীৰে…’
– বাৰে বাৰে আওৰাইছোঁ।
অবিনশ্বৰ, অবিনাশী আত্মা আমাৰ সাহস হৈ উঠিছে।
‘কৃষ্ণ’ – আমাৰ আশ্ৰয়।
(৭)
‘যদা যদাহি ধৰ্মস্য গ্লানিৰ ভৱতি ভাৰত, অভ্যুত্থানম অধৰ্মস্য, তদাত্মানম সৃজন্মাহম ….
সম্ভাৱামি যুগে যুগে….
কৃষ্ণ আমাৰ চৈতন্য।
কৃষ্ণ আমাৰ দৰ্শন।
কৃষ্ণ আমাৰ সভ্যতা।
কৃষ্ণ আমাৰ জীৱন।
কৃষ্ণ আমাৰ মাৰ্গদৰ্শক।
কৃষ্ণক আমি থাপনাত থাপোঁ, কৃষ্ণক আমি বুকুত ধাৰণ কৰোঁ। কৃষ্ণক আমি লালন কৰোঁ। কৃষ্ণক আমি কঢ়িয়াই লৈ ফুৰোঁ। কৃষ্ণ আমাৰ তেজত, কৃষ্ণ আমাৰ কোষত, কৃষ্ণ আমাৰ হৃদয়ত।
হে’ কৃষ্ণ!