কোমল ধানৰ কঠীয়া পৰালিনে নাই

লেখক- ডঃ ভগৱান দেৱ মিশ্ৰ

বিদ্ৰোহী কিশোৰ কবি সুকান্ত ভট্টাচাৰ্যই এখন প্ৰকৃত স্বাধীন ভাৰতৰ সপোন দেখিছিল৷ তেখেতৰ বাবে দুৰ্ভাগ্য নে সোভাগ‍্য নাজানো তেখেতে ভাৰত স্বাধীন হোৱা দেখা নাপালে৷ স্বাধীনতাৰ তিনিমাহ আগতেই মাত্ৰ বিশ বছৰ বয়সতেই তেখেতে জীৱন সামৰিলে৷ স্বৰাজোত্তৰ ভাৰতৰ ভাল-বেয়া তেখেতে দেখা নাপালে৷ ভাৰতৰ স্বাধীনতাৰ আজিৰ ৰূপটো দেখি হয়তো তেখেতৰ বৰ মনোকষ্ট হ’লহেঁতেন৷ সুকান্ত ভট্টাচাৰ্যই সেই সময়ৰ ডাকোৱাল জীৱনৰ দুখ-কষ্টৰ যি বৰ্ণন ‘ৰানাৰ’ কবিতাটোত কৰিছে সেয়া আচলতে সেই সময়ৰ সমাজ জীৱনৰ প্ৰত‍্যাশা আৰু প্ৰাপ্তিৰ সংঘাতৰ জীয়া ছৱি, সেই সংঘাত আজিও বৰ্তমান৷

ঊনবিংশ শতিকাৰ প্ৰথম ভাগতেই বেংগলত গীতক গান কৰাৰ প্ৰকৃত প্ৰচেষ্টা আৰম্ভ হৈছিল৷ গীত আৰু গানৰ সীমাৰেখাডাল বৰ অস্পষ্ট৷ গীতৰ লগত যোগ‍্যজনৰ সুৰ সংযোজিত হ’লেই গানৰ জন্ম হয়৷ গানৰো পিতৃ-মাতৃ থাকে৷ কিছুমান গানৰ এজন মানুহেই পিতৃও হয়, মাতৃও হয়৷ কোনোটো গানৰ আকৌ স্ৰষ্টা বহুকেইজন হয়৷ কিছুমান গানৰ স্ৰষ্টাৰ আকৌ পৰিচয় নাথাকে, গানবোৰ মুখে মুখে বাগৰি আহে৷ সুকান্ত ভট্টাচাৰ্যই যেতিয়া ‘ৰানাৰ ‘ কবিতাটো লিখিছিল তাক গান কৰাৰ প্ৰচেষ্টাৰ অভাৱ নাছিল৷ সেই প্ৰচেষ্টা হেমন্ত মুখাৰ্জীৰ ওচৰ পালে৷ হাৰম’নিয়মটো লৈ হেমন্ত মুখাৰ্জীয়ে সুৰ কৰিবলৈ যত্ন কৰিলে৷ অলপ পিছত হেমন্ত মুখাৰ্জীয়ে প্ৰচেষ্টাটোক ক’লে, “ তোমালোক সলিল চৌধুৰীৰ ওচৰলৈ যোৱা৷“–সলিল চৌধুৰীয়ে কবিতাটো পঢ়িলে আৰু হাৰম’নিয়মটোৰ ৰিড টিপি টিপি সুৰ এটা উলিয়ালে৷ সলিল চৌধুৰীয়ে অসমৰ পৰা বিশেষকৈ অসমৰ চাহ জনগোষ্ঠীৰ সাংস্কৃতিক জগতখনৰ পৰা বহু সুৰ বুটলিছিল৷ দূৰে দূৰে থাকিলেও কেশৱ মহন্তৰ প্ৰতিভাৰ লগতো পৰিচিতি এটা হৈছিল৷ কেশৱ মহন্ত গণনাট‍্য সংঘৰ কৰ্মী, সলিল চৌধুৰীও গণনাট‍্য সংঘৰ অক্লান্ত আৰু দুৰ্দান্ত কৰ্মী৷ ৰিড টিপিলেই গান৷ ‘ৰানাৰ’ কবিতাটো গান হৈ গ’ল৷ সেই গানটো হেমন্ত মুখাৰ্জীয়ে গালে, লতাজীয়ে গালে আৰু বহুতেই গালে৷ গানটোৱে বুকুত বিভিন্ন ভাষা লৈ ভাৰতবৰ্ষৰ গাঁৱে গাঁৱে জনসাধাৰণৰ মাজত বুকুৰ পৰা বুকুলৈ বগাই ফুৰিলে৷

 আজিকালি গাঁৱত কলৰে পাততে কাউৰী নপৰে, কাউৰীবোৰ চহৰমুখী হ’ল৷ এতিয়া ডাকোৱালো নাই, পিয়নো নাই৷ আজিৰ প্ৰজন্মৰ বাবে এইবোৰ কল্পকাহিনী৷ আজিকালি শব্দ বুটলিবলৈ শিল্পীসকল গাঁৱলৈ বা পথাৰলৈ কাচিৎহে যায়৷ অভিধান বা গুগ’লত আনে বিচাৰি থোৱা ৰেডিমেড শব্দ ব‍্যৱহাৰ কৰি সাহিত্যত বা-মাৰলী তোলে৷

  চতিয়া হাইস্কুলৰ ছাত্ৰ কেশৱ মহন্ত নামৰ অত্যন্ত সংবেদনশীল ল’ৰাজনে পথাৰত, জলাশয়ত, হাবিত, টঙীঘৰত লগ পোৱা কৃষকজনৰ পৰা, ছৈ দিয়া গৰুগাড়ীত লগ পোৱা গাৰোৱানজনৰ পৰা শব্দবোৰ কোচত লৈ ঘৰ চাপিছিল৷ আহাৰৰ ডাৱৰৰ আঁৰৰ ডবাৰ মাত, জিলিৰ মাত, ভেকুলীৰ টোৰটোৰণি, শিশুসকলৰ মুখৰ আধাফুটা মাত(দেউতা বেগতে আহিবি, আহোঁতে জুনুকা আনিবি), মৰণা ফুৰোৱা কৃষকৰ মুখত হেইত্‌ হেইত্ গৰু খেদা মাত, পাছৰাতি সান্দহ খুন্দা ঢেঁকীৰ মুখত ঢেঁকীৰকুট্ ঢেঁকীৰকুট্ মাত, হোকা টনাৰ গুৰগুৰণি, শেৱালি সৰা মাত, টিনপাটৰ চালত বৰষুণ পৰা মাত, পাছৰাতি নিয়ৰ সৰা মাত, পথাৰত ৰোৱনী-দাৱনীৰ চুপতি–এইবোৰকেই তীক্ষ্ণ মগজুটোত সাঁচি থয় ল’ৰাজনে৷ গাঁৱলৈ সঘনে অহা ডাকোৱালজনৰ কান্ধৰ মোনাখনত সেইবোৰ শব্দকেই বিচাৰি চায় ল’ৰাজনে৷ নিজে চুব নোৱাৰা অথচ নিজৰেই মনৰ চেনেহবোৰ, আনৰ হাতৰ আখৰে কঢ়িওৱা বাৰতাবোৰো বিচাৰি পায় মিজীকাজানৰ ডাকোৱালজনৰ মোনাখনত৷

 অসমীয়া সাহিত্যৰ বিশিষ্ট কথাশিল্পী যোগেশ দাস কেশৱ মহন্তৰ বৰ ঘনিষ্ঠ আছিল, কেশৱ মহন্তৰ গীত আৰু কবিতাৰ বৰ অনুৰাগী আছিল৷ এজন নিম্ন মথধ‍্যবিত্ত কেৰাণীৰ অভাৱজৰ্জৰ জীৱন এটাৰ ওপৰত কেশৱ মহন্তৰ এক অনন্য সৃষ্টিৰ সপোন দেখিছিল যোগেশ দাস ছাৰে৷ যোগেশ দাস ছাৰে কেশৱ মহন্তক কৈছিল “ তুমি কেৰাণী এজনৰ জীৱনৰ বিষয়ে লিখাঁ৷“ কেশৱ মহন্তই কেৰাণীৰ কথা নিলিখি পিয়নৰ ৰূঢ় জীৱনৰ ওপৰত গীত এটা লিখিলে, কাৰণ কেশৱ মহন্তই সংগ্ৰামী আৰু গতিশীল জীৱন ভাল পায়৷ নিজেও সংগ্ৰামী আৰু গতিশীল৷ স্থানুধৰ্মিতাৰ লগত তেখেতৰ আশৈশৱ বিৰোধ৷ গানটোৰ সুৰ কৰিবলৈ বহুত সুৰকাৰ আছিল কিন্তু ৰুদ্ৰ বৰুৱাৰ সুৰটো সৰ্বজনগ্ৰাহ‍্য হ’ল৷ কণ্ঠ বহুত আছিল, কিন্তু খগেন মহন্তৰ কণ্ঠটো সৰ্বজনগ্ৰাহ‍্য হ’ল৷ গীতৰ পৰা এনেকৈয়ে গান হয়৷

“চকুৰে নেদেখা দূৰণিতে

 আছোঁহি পিয়নৰ চাকৰিতে“

“চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ

 পৰৰ চেনেহ কঢ়িৱাওঁ

 মোৰহে চেনেহীয়ে কিনো ভাবিছে

 তাৰ একো গমকে নাপাওঁঁ“

কেশৱ মহন্তৰ ডাকোৱালজনৰ আৱেগ অসমীয়া, আবেদন কিন্তু সৰ্বজনীন৷

‘ৰানাৰ’ গানটোতো আছিল এই একেই দুখ৷ আপোনজনৰ পৰা দূৰৈত থকাৰ দুখ—–

“অনেক দু: খে বহু বেদনায় অভিমানে অনুৰাগে

 ঘৰে তাৰ প্ৰিয়া একা শয্যায় বিনিদ্ৰ ৰাত জাগে“

কেশৱ মহন্তৰ ডাকোৱালজনৰ স্মৃতিপটত গাঁৱৰ নৈসৰ্গিক সৌন্দৰ্যৰ প্ৰবল অৱস্থান—-

“পাখিত পাখি লগাই জাকি মাৰি

 উৰে বগ জাকি মাৰি উৰে“

‘ৰানাৰ’ গানতো সুকান্ত ভট্টাচাৰ্য্য‌ই আঁকিছে ৰাতিৰ আকাশ উপচি পৰা সৌন্দৰ্য—-

“ অবাক ৰাতেৰ তাৰাৰা আকাশে

 মিটি মিটি কৰে চায়

 কেমন কৰে ৰানাৰ সবেগে

 হৰিণেৰ মত যায়“

ৰাণাৰ গানত ডাকোৱালৰ হাতত লণ্ঠন আছিল৷ কেশৱ মহন্তৰ ডাকোৱালজনৰ হাতত পথাৰখনৰ হেঁপাহ আছিল৷ ৰানাৰ গানত বাৰ্তা আহিছিল চহৰলৈ৷ ‘কলৰে পাততে’ গানটোত বাৰ্তা গৈছিল গাঁৱৰ ঘৰখনলৈ, গাঁৱৰ পথাৰখনলৈ৷ দুখ আছিল, যন্ত্ৰণা আছিল; কিন্তু দুৰাশা নাছিল৷

“এই জীবনেৰ দু: খ কেবল জানবে পথেৰ তৃণ

 এৰ কথা ঢাকা পড়ে থাকবেই কালো ৰাত্ৰিৰ খামে

‘ৰানাৰ’ গানত ডাকোৱালৰ খৰখেদা, ৰাতি নুপুৱাওঁতেই চহৰ পাব লাগিব৷ ৰাতি যে পুৱাব‌ই তাৰ খবৰ ৰাইজক দিব লাগিব৷ গাঁৱৰ খবৰ চহৰলৈ আনি তাত নতুন ৰূপ দি আকৌ গাঁৱলৈ পঠাব লাগিব৷ গতিকে সলিল চৌধুৰীৰ সুৰটোৰ ছন্দ দ্ৰুত হৈছে৷

“ৰানাৰ চলেছে বুঝি ভোৰ হয় হয়

 আৰো জোৰে আৰো জোৰে হে ৰানাৰ দুৰ্বাৰ দুৰ্জয়“

 আমাৰ ৰুদ্ৰ বৰুৱাৰ সুৰটোৰ ছন্দ অলপ মন্থৰ হৈছে, কাৰণ আমাৰ ডাকোৱালজন গাঁৱৰেই৷ ৰুদ্ৰ বৰুৱাই গাঁৱৰ মাটিৰ পৰা চেপি আনে গানৰ সুৰ৷ অসমৰ অৰঙে দৰঙে ঘূৰি ফুৰি বুটলি আনি জিভাত স্থাপন কৰা নিভাঁজ আৰু নিখুঁত শব্দোচ্ছাৰণৰ সৈতে খগেন মহন্তৰ ব‍্যতিক্ৰমী কণ্ঠ তাত সংযোজিত হয়৷ এক ত্ৰিবেণী সংগম–কেশৱ মহন্তৰ কথা, ৰুদ্ৰ বৰুৱাৰ সুৰ আৰু খগেন মহন্তৰ কণ্ঠ৷ গানৰ এই সোঁত বৈ আছে, বৈ থাকিব, বোৱাই ৰাখিব লাগিব৷ এই সোঁত গাঁৱৰ, গাঁৱৰ সোঁত গাঁৱলৈ বৈ আহিবই৷ গাঁৱৰ ল’ৰা গাঁৱৰ পৰা, পৰিয়ালৰ পৰা আঁতৰত আছে৷ বাৰিষাৰ ধাৰাসাৰ বৰষুণজাকৰ পিছত মৈ দিয়া বোকাই আমাৰ ডাকোৱালৰ মন কাঢ়িছে৷ পথাৰখন ঠিকে আছেনে নাই, খেতিখন ঠিকে আছেনে নাই, ঘৰখন বিশেষকৈ মানুহজনী আৰু সন্তানটো ঠিকে আছেনে নাই সেই চিন্তাবোৰেই ডাকোৱালৰ মূৰত পাকঘূৰণি খায় আছে—–

“বাৰিষা আহিছে ধাৰাসাৰে

 মৈ দিয়া বোকাই মোৰ মন কাঢ়ে“

“কোমল ধানৰ কঠীয়া পৰালিনে নে নাই

 বকুল বৰাৰ গোচ ল’লিনে নাই

 মন মোৰ উচ-পিচ কৰে৷“

ৰানাৰ গানত ৰানাৰ কান্ধৰ মোনাত আন মানুহৰ টকা আছিল৷ সেই টকা কিন্তু অভাৱী ৰানাৰে চুব নোৱাৰে৷ আমাৰ অসমীয়া ডাকোৱালজনৰ পিঠিৰ মোনাখনত টকা নাছিল, গতিকে সিমান দুশ্চিন্তাও নাছিল৷ সেয়েহে শস্য চপোৱা মাহ আঘোনতেই প্ৰিয়তমা পত্নী জেউতিৰ কোলাত এৰি থৈ অহা কেঁচুৱা অৰ্থাৎ নিজৰেই তেজৰ উত্তৰিধিকাৰীৰ মুখৰ আধাফুটা মাতৰ মাদকতাৰ কল্পনা কৰি চকুলো টুকিছে কেশৱ মহন্তৰ ডাকোৱালজনে—

“দেউতা বেগতে আহিবি

 আহোঁতে জুনুকা আনিবি

 অবুজ চকুলো মোৰ সৰে সৰে“

আমাৰ জেউতিৰ প্ৰিয়তমজনে দুপৰীয়া জলপানত কোমল চাউল অথবা বৰা চাউল খোৱাৰ স্মৃতি মানসপটত সাঁচি ৰাখিলেও, জাকি মাৰি উৰা বগলীজাক স্মৃতিপটত সাঁচি থ’লেও, মৈ দিয়া বোকাত মনটো গুজি ৰাখিলেও কেশৱ মহন্তই কিন্তু ডাকোৱালজনক কৃষক সমাজখনৰ পৰা আঁতৰি যাবলৈ দিয়া নাই৷ ডাকোৱালজনৰ মুখেৰে সমগ্ৰ কৃষক সমাজকেই কৈছে—

“পথাৰত যদিহে উঠিছে ধল

 হেৰুৱাই নিদিবি মনৰে বল

 ৰাইজে মাৰিব ওখকৈ ভেটা

 ধলে এৰি যাব পলসৰ এঠা“

এই গানটো এটা সময়ত গাঁৱৰ হালোৱা-হজুৱাৰ প্ৰাণৰ গান হৈ পৰিছিল, উছাহ-উদ্দীপনাৰ উৎস হৈ পৰিছিল, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন সভা-সমাবেশত খগেন মহন্তই এই গানটো গাই অসমীয়া সমাজখনক একগোট কৰিছিল৷ আজি কেশৱ মহন্ত নাই, ৰুদ্ৰ বৰুৱা নাই, খগেন মহন্ত‌ও নাই৷ গানটো কিন্তু আছে, তাৰ প্ৰাসংগিকতাও আছে৷ গানটোক আমি আকৌ অসমীয়া গৰিবক একগোট কৰাৰ এপাত তীক্ষ্ণ অস্ত্ৰ হিচাবে ব‍্যৱহাৰ কৰাৰ গুৰুত্ব বাঢ়ি আহিছে৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!