ক্ষমা
লেখক- যশোৱন্ত নিপুণ
(১)
ঘৰটোৰ দুৱাৰ-খিৰিকীবোৰ দুৰ্বল হৈ আহিছিল। খুব ভাল কাঠৰ আছিল বাবে নকুল ঠাকুৰীয়াই ভাবিছিল সেইবোৰ কেতিয়াও নষ্ট নহ’ব। কিন্তু সেইবোৰ অতীতৰ গৰিমাৰ কেৱল ছাঁটো হৈ কিবাকৈ খহি নপৰাকৈ থিয় হৈ আছিল মাত্ৰ। গতিকে বহুতক সোধা-মেলা কৰি তেওঁ কাঠখিনিৰ যোগাৰ কৰিছিল। কোনোবাই কৈছিল সেইবোৰ ভালকৈ শুকোৱা নাই। গতিকে ভাবি-চিন্তি ছমাহমান ৰ’ব খুজিছিল তেওঁ। অৱশেষত এবছৰ পাৰ হৈ যোৱাত মিস্ত্ৰী এজন ঠিক কৰিছিল। আচলতে তেওঁ নিজে ঠিক কৰা নাছিল। বহু আগতে এৰি অহা গাঁওখনৰ পুৰণি বন্ধু এজনৰ একে নগৰত থাকি কাম কৰা পুতেকেটোৱেহে মিস্ত্ৰীজনৰ খবৰ দিছিল।
ঠাকুৰীয়াৰ একমাত্ৰ পুতেক বলেনে কথাটো প্ৰথমৰেপৰাই ভাল পোৱা নাছিল। সি কৈছিল— যি মেৰামতি কৰিব লাগে সিয়ে কৰি দিব নহয়। সি সময় পোৱা নাই কাৰণেহে। তাৰমতে পুৰণি অসম আৰ্হিৰ ঘৰটো ভাঙি দুমহলীয়া ঘৰ এটা সজোৱাটোহে ভাল কাম হ’ব। ওপৰৰ মহলাত দুটা ফ্লেট থাকিব। সেই দুটা ভাৰা দিয়া হ’ব। চিৰি বগাবলৈ মাকে নোৱাৰিবই, আৰু দেউতাকৰ কাৰণেও সেইটো টান হ’ব পাৰে। গতিকে তলৰ মহলাত মাক-দেউতাক থাকিব।
নকুল ঠাকুৰীয়াই একো নক’লেও পুতেকৰ কথাটো তেওঁ বৰ এটা পছন্দ কৰা নাছিল। পুতেকেও ব্যৱসায়-সংক্ৰান্তীয় কামত পুৱাৰপৰা ৰাতি ন-দহ বজালৈকে সদায় ব্যস্ত থাকে। গতিকে পুৰণি ঘৰটোৱে কিবাকৈ নিজকে বচাই থিয় হৈয়ে থাকিল।
মিস্ত্ৰীজনে সেইদিনা পুৰণি দুৱাৰ-খিৰিকীবোৰৰ জোখ-মাখ লৈ থকা সময়তেই বলেনে কিবাকৈ খবৰ পাই আহি ওলাইছিল। “মই সকলো ঠিক কৰি দিম বুলিছিলোঁ নহয়। এইবিলাক আকৌ কিয় আৰম্ভ কৰিলা? এই বয়সত এইবিলাক চোৱা-মেলা কৰিব পাৰা নেকি তুমি?”
ঠাকুৰীয়াই পুতেকক সেইবোৰ বৰ এটা চিন্তাৰ বিষয় নহয় বুলি বুজাবলৈ চেষ্টা কৰিছিল। কিন্তু পুতেকে তেওঁক এটা বাক্যও সম্পূৰ্ণ কৰিবলৈ দিলেহে তেওঁ বুজাব পাৰে।
“মই কিমান ব্যস্ত তোমালোকে জানাই। তথাপি এইবোৰ কৰি টেনশ্যন কিয় বঢ়োৱানো মোৰ? আৰু মিস্ত্ৰী ক’ত বিচাৰি পালা? মিস্ত্ৰী ভাল নহ’লে ইমান দামৰ কাঠ, সেই সকলোবোৰ নষ্ট কৰি পেলাব যে জানানে নাই?” ওখ-পাখ, স্বাস্থ্যৱান বলেনৰ মাতটো গলগলীয়া। সি কাকো খাতিৰ কৰা ধৰণৰ মানুহ নহয়। মিস্ত্ৰীজনে তাৰ কথাবোৰ শুনিব পাৰে বুলি নকুল ঠাকুৰীয়া মনে মনে সন্ত্ৰষ্ট হৈছিল। পিছে ঘূৰি যোৱাৰ সময়ত সি তেওঁৰ লগত সাধাৰণভাৱেই কথা পাতিছিল। বলেনৰ কথাবোৰ সি শুনা যেন লগা নাছিল। শুনিছিল যদিও সেই ধৰণৰ কথা শুনাৰ অভ্যাস কিজানি তাৰ আছিলেই। মিস্ত্ৰীজনৰ লগত সাত-আঠবছৰীয়া পুতেকটোও আছিল। সি খুব মনোযোগেৰে ঠাকুৰীয়াৰ মুখলৈ চাই চাই মাজে মাজে লাজ লাজকৈ হাঁহিছিল। ঠাকুৰীয়াই নাম সুধিছিল। সি উপাধি-চুপাধি নলগোৱাকৈ তাৰ নামটো কৈ বাপেকৰ হাতত ধৰিছিলগৈ।
তাৰ পাছত কামবোৰ মোটামুটি ভালে ভালেই আগবাঢ়ি গৈ আছিল। জয়ন্তীৰ লগত বা কেতিয়াবা বাহিৰৰ চোতালত বহি ঠাকুৰীয়াই সিহঁতৰ কাম-কাজবোৰ চাই থাকে। মিস্ত্ৰীজনৰ লগত আন এজন কম বয়সৰ ডেকা আহে। সি বৰ বেছি মাত-বোল নকৰাকৈ কাম কৰে। সৰু ল’ৰাটোৱে বাপেকৰ কামত কোনো দিগদাৰ নকৰাকৈ ইফালে-সিফালে ঘূৰা-ঘূৰি কৰি পাৰ কৰে গোটেইখিনি সময়। জয়ন্তীৰ লগত ভিতৰত ঠাকুৰীয়াই বহি থাকিলে সি মাজে মাজে ভূমুকিয়াই চাই যায়। ল’ৰাটোৱে সদায় ফটা লেতেৰা চোলা পিন্ধি থাকে কাৰণে জয়ন্তীৰ বেয়া লাগিছিল। বলেনৰ ডাঙৰটো ল’ৰাৰ সৰু হৈ যোৱা বহুতো পুৰণি চোলা আলমাৰী এটাত ঠাহ খাই আছিল। জয়ন্তীয়ে তাৰে দুযোৰমান চোলা আৰু পেণ্ট ল’ৰাটোক দিছিল এদিন। পাছদিনাৰপৰাই সি সেইবোৰকেই পিন্ধি আহিছিল।
কাষৰে ওখ বিল্ডিংটোৰ হৰেশ দত্তয়ো আহি কেতিয়াবা ঠাকুৰীয়াৰ লগতে বহি দুৱাৰ-খিৰিকীৰ কাম চাই চাই কথা পাতিছিল। এদিন তেওঁ কৈছিল— মিস্ত্ৰীজন বোলে দেখিবলৈ কিছু বলেনৰ দৰেই।
জয়ন্তীয়ে আজিকালি খুব লাহে লাহেহে কথা ক’ব পাৰে। সেইদিনা তেৱোঁ হৰেশৰ দত্তৰ কথাষাৰ সমৰ্থন কৰিছিল। তেওঁ বোলে প্ৰথমদিনাই কথাটো লক্ষ্য কৰিছিল। জয়ন্তীৰ মুখখনত এটা কৌতুকৰ হাঁহি বিৰিঙি উঠা দেখি ঠাকুৰীয়াৰ ভাল লাগিছিল। কেৱল বিছনা আৰু চকীখনতেই জীৱনটো কটাব লগা হোৱাৰ পাছৰেপৰা জয়ন্তীৰ মুখত এনে হাঁহি কাচিৎহে দেখা গৈছিল।
ঠাকুৰীয়ায়ো তেতিয়াহে কথাটো টং কৰিছিল। মিস্ত্ৰীজন খীণ-মীন হ’লেও বলেনৰ দৰেই ওখ। অৱশ্যে সি বলেনৰ দৰে পোন হৈ নহয়, অলপ কুঁজা হৈ খোজকাঢ়ে। কেতিয়াবা মিস্ত্ৰীজনৰ লগত ঠাকুৰীয়াই কথা পাতি থাকিলে সৰু ল’ৰাটোৱে জয়ন্তীৰ কাষত গৈ থিয় হয়গৈ। জয়ন্তীয়ে তাক লাহে লাহে কিবাকিবি সুধি থাকে। অৱশ্যে কি কথা সোধে সেইবোৰ ঠাকুৰীয়া বা মিস্ত্ৰীজনৰ কাণত নপৰেগৈ। ল’ৰাটোলৈ ঠাকুৰীয়াৰো মৰম লাগি আহিছিল। ল’ৰাটো অলপ বেঙা ধৰণৰ বুলি তেওঁ অনুমান কৰিছিল। অকাৰণতেই সি কেতিয়াবা ঠাকুৰীয়াৰ আৰু কেতিয়াবা জয়ন্তীৰ মুখলৈ চাই হাঁহিছিল।
ভালে ভালেই কাম আধামান শেষ হৈছিল। পিছে হঠাতে এদিন বলেন বন্ধু এজনৰ লগত আহি ওলাইছিল। সি খুব খঙত আছিল। মিস্ত্ৰীজনক ডাবি মাৰি সুধিছিল, “জগত দাসৰ ঘৰৰ দুৱাৰ-খিৰিকীৰ কাম তই কৰিছিলি নে নাই?”
মিস্ত্ৰীজনে একো বুজি নাপাই থেৰো-গেঁৰো কৰি উত্তৰ দিছিল, “হয়। কৰিছিলোঁ।”
“আৰু তই দুৱাৰ-খিৰিকীবোৰৰ জইন মাৰিছিলি। এখন দুৱাৰো ভালকৈ মাৰিব নোৱাৰি। ইমান দামৰ কাঠ, আৰু তোৰ কাম হৈছে সেই।”
“আচলতে দোষ মোৰ নহয় বাবু— ।”
”কাৰ দোষ তেনেহ’লে?” বলেনে গৰজি উঠিছিল। সি দেউতাকৰফালে মুখ ঘূৰাই, মিস্ত্ৰীজনৰপিনে আঙুলি টোঁৱাই কৈছিল, ”ইয়াৰ কাম একেবাৰে বেয়া। আজিয়ে খেদি দিয়া। জগত দাসৰ ঘৰৰ এখন খিৰিকীৰো হুক ভালকৈ নালাগে।”
”তেওঁৰ তক্তাখিনি কেঁচা আছিল। সেইকাৰণে ভাজ লাগি গ’ল। মই কৈছিলোঁৱেই বাবু, বোলে— ।”
”মনে মনে থাক। মোৰ ওপৰত কথা নক’বি তই।” বলেনে ঢেৰেকনি মাৰিছিল। মিস্ত্ৰীজনৰ পুতেকে চকু দুটা বহলকৈ মেলি বলেনৰ মুখলৈ তধা লাগি চাই আছিল। বলেনে এইবাৰ তাৰপিনে আঙুলি জোকাৰি হুংকাৰ দিলে, “আৰু ইয়াক লগত আন কিয় তই? ইয়াত কাম কৰিবলৈ আহিছ নে ল’ৰা ৰাখিবলৈ আহিছ?”
ল’ৰাটোৱে ভয়ে ভয়ে বলেনৰ খঙাল মুখখনলৈ চাইছিল। তাৰ মুখত লাগি থকা হাঁহিটো কেতিয়াবাই মাৰ গৈছিল। যদিও ল’ৰাটো অলপ বেঙা ধৰণৰ আছিল, তাক লৈ কিবা ডাঙৰ আপত্তি হোৱা বুলি সি ঠিকেই ধৰিব পাৰিছিল। “বাবু, ঘৰত তাক থৈ আহিব নোৱাৰোঁ। সি একো নাজানে। মাহীমাকে শেষ কৰি দিব তাক। সেই কাৰণেহে— ।” মিস্ত্ৰীজনে অসহায় সুৰত কাওবাও কৰি উত্তৰ দিছিল।
কিছুসময় তৰ্জন-গৰ্জন চলাই মিস্ত্ৰীজনে নতুনকৈ কৰা দুৱাৰ আৰু খিৰিকীৰ ফ্ৰেম আৰু পাল্লাবোৰ পৰীক্ষা কৰি বলেন তাৰ দোকানলৈ ঘূৰিছিল। সি এইবিলাক কাম নোহোৱা কথাত বেছি সময় কটাব পৰা মানুহ নহয়।
মিস্ত্ৰীজনে বিৰস বদনে আহি নকুল ঠাকুৰীয়াৰ ওচৰত থিয় হৈছিল। তাৰ মুখখন ক’লা পৰি গৈছিল। কামটো হেৰুৱাব বুলি সি ভয় খাইছিল। সৰু পুতেকটোৱেও বাৰাণ্ডাত জুপুকা মাৰি বহি আছিল। ঠাকুৰীয়ায়ো গম পাইছিল, মিস্ত্ৰীজনৰ কাম বৰ ভাল নহয়। তেওঁ শুনামতে মাহৰ আধা দিন তাৰ বহি বহিয়েই পাৰ কৰিব লগা হয়। তথাপি তেওঁ কৈছিল, “কাম আৰম্ভ কৰিছোঁ যেতিয়া শেষ কৰিবই লাগিব। চিন্তা নকৰিবা।” আৰু মিস্ত্ৰীজন আশ্বস্ত হৈছিল।
সন্ধিয়া ঠাকুৰীয়াই জয়ন্তীৰ লগত কথাটো আলোচনা কৰিছিল। মানে তেওঁ কৈ গৈছিল আৰু মাজে মাজে জয়ন্তীয়ে সৰুকৈ কিবা মন্তব্য কৰিছিল। শেহত জয়ন্তীয়ে সেই মিস্ত্ৰীজনেই কামটো শেষ কৰা ভাল হ’ব বুলি মত দিছিল। পাছদিনা তাৰ জোখতকৈ ডাঙৰ চোলা এটা পিন্ধা সৰু ল’ৰাটো ঘৰৰ বাৰাণ্ডাত মনে মনে বহি আছিল। ঠাকুৰীয়াই তাৰ কাষতে চকী এখন পাৰি বহি তাৰ মনটো মুকলি কৰিবলৈ মাজে মাজে এনেয়ে কিবাকিবি সুধিছিল। সি প্ৰায়বোৰ কথাৰেই ভালকৈ উত্তৰ দিব পৰা নাছিল।
“তোমাৰ গাঁওখনৰ নামটো কোৱাচোন।”
সি উত্তৰ দিছিল।
তাৰ গাঁওখন চৌধুৰীয়ে খুব ভালকৈয়ে চিনি পায়। তেওঁৰ এৰি অহা সৰুকালৰ গাঁওখনৰপৰা সাত-আঠ কিলোমিটাৰ দূৰৰ এখন গাঁও। ঠাকুৰীয়াৰ আলপ সন্দেহ হৈছিল। মিস্ত্ৰীজনক সোধোঁতে সি হাঁহি মূৰ দুপিয়াইছিল। কৈছিল, “আপোনাৰ গাঁও মই চিনি পাওঁ দিয়ক।”
সি বহুবাৰ ঠাকুৰীয়াৰ গাঁৱলৈ গৈছেও। কামৰ কাৰণে সি ক’লৈকেনো যাব লগা নহয় বাৰু! “আপোনাৰ গাঁৱৰ ঘৰটোও দেখিছোঁ। সৰুতে সেইটোৰ আগেৰে কেইবাৰ গৈছোঁ হিচাপ নাই।”
সন্ধিয়া ঠাকুৰীয়াই জয়ন্তীক এই “নতুন” কথাটোও কৈছিল। জয়ন্তীয়ে শেঁতা হাঁহি এটা মাৰি কৈছিল, “মই জানো।”
কেনেকৈ জানিছিল জয়ন্তীয়ে? কিজানি সৰু ল’ৰাটোক তেওঁ কথাটো ইতিমধ্যেই সুধিছিল। নাইবা তেওঁ মিস্ত্ৰীজনকো সুধিব পাৰে। পাহৰি যাব খোজা গাঁও এখনৰ নামটোৱে ঠাকুৰীয়াৰ মনত সেইদিনা গোটেই ৰাতি দোলা দি থাকিল। বহু বছৰৰ আগৰ এখন মুখে চৌধুৰীৰ ওচৰে-পাজৰে সঘনে ভূমুকিয়াই থাকিল। সেই সাত-আঠ কিল’মিটাৰ দূৰৰ গাঁওখনৰপৰা সদায় পুৱাই খোজ কাঢ়ি আহি ওলাইছিলহি তৰা। তাইৰ তেতিয়া কিমান বয়স আছিল? কিজানি ত্ৰিছ-বত্ৰিছ। জয়ন্তীৰ বয়সৰেই আছিল তাই।
তেতিয়া জয়ন্তীৰ ডাঙৰ অসুখ। তাই আগবেলাটো চোতালতে ৰ’দ লগাই বহিছিল। কেতিয়াবা ঠাকুৰীয়াই তাইক ধৰি ধৰি ভিতৰলৈ লৈ গৈছিল। বহুতেই খবৰ ল’বলৈ আহিছিল। আৰু বহুতেই ‘সকলো ঈশ্বৰৰ ইচ্ছা, যাৰ ভাগত যিখিনি চাউল আছে আৰু।’ —এই ধৰণৰ কথাবোৰ কৈছিল।
সেই দিনবোৰত তৰাই ঘৰখনৰ বহুখিনি আগুৰি ৰাখিছিল। কিবা বিশ্বাসেৰে তাই দৃঢ় সুৰত কৈছিল, “বাইদেউৰ ভাল হ’বই। ডাক্টৰেনো কি জানে!” কিবা কাৰণত তাইৰ সেই কথাষাৰে ঠাকুৰীয়াক বৰ সাহস দিছিল। তাই কেতিয়াবা জয়ন্তীক ধৰি ধৰি ভিতৰলৈ নিছিল। ঠাকুৰীয়াই পিছপিনৰপৰা চাই ৰৈছিল। নিজৰ ভনীয়েকক সাবটি ধৰাৰ দৰে তাইক সাবটি ধৰিছিল জয়ন্তীয়ে। জয়ন্তীৰ প্ৰায় সমানেই ওখ আছিল তৰা। মাত্ৰ অসুখটোৱে জয়ন্তীৰ শৰীৰটো ভাঙি লৈ আহিছিল। কিন্তু পুৰণি শাৰীখনেও তৰাৰ নিপোটল শৰীৰটোৰ সকলোখিনি ঢাকি ৰাখিব পৰা নাছিল।
মাজতে আগতীয়াকৈ নজনোৱাকৈ দুদিনমানলৈ তৰা অহা নাছিল। সেইকেইদিন ঠাকুৰীয়াৰ বৰ কষ্ট হৈছিল। জয়ন্তীৰো ভাল লগা নাছিল। হাঁহিমুখীয়া তৰা আহিলে জয়ন্তীৰ ভাগৰুৱা মুখখনো উজলি উঠিছিল। আৰু তৰা থাকিলে ঠাকুৰীয়াৰো কিবা এটা ভাল লাগিছিল আৰু এটা সাহসো পাইছিল। ঠাকুৰীয়াই এদিন পুৱাই চাইকেল মাৰি তাইৰ ঘৰ ওলাইছিলগৈ। তৰাৰ আমন-জিমন মুখখন দেখি ঠাকুৰীয়া অলপ আচৰিত হৈছিল। সদায় হাঁহি থাকিব খোজা মুখখন কান্দো কান্দো হৈ আছিল। তাইৰ বোলে অলপ গা অসুখ কৰিছিল। সেই কাৰণেই তাই আহিব পৰা নাছিল। কিন্তু তাই যেন কিবা এটা কথা লুকুৱাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। খীণ-মীন বেমাৰী যেন লগা গিৰীয়েকটোৱে বৰকৈ ধৰাত ঠাকুৰীয়াই চাহ খাই আহিব লগা হৈছিল। আটিল, সবল শৰীৰ আৰু ধুনীয়া তৰাৰ লগত গিৰীয়েকটোৰ অকণো মিল নাছিল। কি দেখি তৰাই সেইটোলৈ আহিছিল? ঠাকুৰীয়া মনত কথাটো এটা সাঁথৰ যেন লাগিছিল। তৰাক কথাটো সুধিবৰ মন গৈছিল তেওঁৰ। তৰাৰ ঘৰৰপৰা ওলাই চাইকেলত লাফ মাৰি উঠিব খোজোঁতেই ওচৰৰ বুঢ়ী এগৰাকীয়ে অলপ দূৰৰপৰা তেওঁক মাতিছিল। ঠাকুৰীয়াই ওচৰলৈ গৈ বুঢ়ীৰফালে চাইছিল।
“মানুহটো মহা বদমাচ।” বুঢ়ীগৰাকীয়ে কৈছিল।
কাৰ কথা কৈছিল তেওঁ?
বুঢ়ীগৰাকীয়ে ইফালে-সিফালে চাই চাই সৰু সৰুকৈ বুজাই কৈছিল। তৰাৰ গিৰীয়েকটো একো কাম-বন নকৰা মহা অকৰ্মণ্য এটা। তৰাৰ ওপৰতেই সি চলি থাকে। চ’কৰ দোকানত চাহ খাবলৈ, বিড়ি কিনিবলৈ, মাজে মাজে মদ খাবলৈ তৰাই তাক পইচা দিব লাগে। দুদিনমান আগতে পইচাৰ কাৰণে সিহঁতৰ কাজিয়া লাগিল আৰু সি তৰাক ফলা খৰি এডাল লৈ বৰকৈ কোবালে। তাই আটাহ পাৰি পাৰি তত পোৱা নাছিল। কিন্তু সি বদমাচটোৱে আগতেও তেনেকৈ তাইক বহুতবাৰ মাৰিছে।
নকুল ঠাকুৰীয়াই বিশ্বাসেই কৰিব পৰা নাছিল। সেই খীণ-মীন মানুহটোৱে তৰাৰ দৰে হৃষ্টপুষ্ট গাভৰু তিৰোতা এজনীক বলে পাৰেনে? তেওঁ ঘূৰি তৰাৰ ঘৰৰফালে চাইছিল। তাই সৰু চোতালখনৰপৰা তেওঁলোকৰপিনেই চাই আছিল। বুঢ়ীয়ে কি কৈছিল তাই কিজানি কাণ থিয় কৰি শুনিবলৈ চেষ্টা কৰি আছিল। চাৱনিটোৰপৰা তাইৰ বুঢ়ীৰ ওপৰত বৰ খং উঠিছিল বুলি ধৰিব পৰা গৈছিল।
ৰাতি ঠাকুৰীয়াই তৰাৰ অত্যাচাৰী গিৰীয়েকৰ কথাবোৰ জয়ন্তীক কৈছিল। কিন্তু জয়ন্তীয়ে সেইবোৰ আগতেই জানিছিল। বুঢ়ীজনীয়ে ঠাকুৰীয়াক নোকোৱা বেলেগ বহু কথাও তৰাই জয়ন্তীক কৈছিল। নিষ্কৰ্মা গিৰীয়েকক তৰাই ৰজাৰ দৰে ৰাখিব লাগে। পুৱাই বেলেগৰ ঘৰত কাম কৰিবলৈ ওলাই অহাৰ আগতে গিৰীয়েকলৈ ভাত ৰান্ধি থৈ আহে। ৰাতি আকৌ গৈ ধোৱা-পখলা, ৰন্ধা-বঢ়া কৰিব লাগে। গিৰীয়েকক বেছিকৈ চেনি আৰু গাখীৰ দি চাহ কৰি দিয়ে। তথাপি সি সন্তুষ্ট নহয়। মদ খাই যিদিনাই ঘৰলৈ আহে সেইদিনাই সি তৰাক মাৰ-পিট কৰে। গালি-শপনি পাৰে। তাই বোলে তাৰ মাকৰ জীৱনটো খাই পেলালে, এতিয়া তাৰ জীৱনটোও খাব। তাই এজনী তেজপিয়া ৰাক্ষসী হেনো।
“মাকৰ জীৱনটো খালে মানে?” ঠাকুৰীয়াই জানিব বিচাৰিছিল।
জয়ন্তীয়ে ভাঙি কৈছিল। তৰাৰ ল’ৰা-ছোৱালী নাই। শাহুৱেকৰ মতে দোষটো তৰাৰেই আছিল। কুলক্ষণী বোৱাৰীয়েকজনীৰ কাৰণেই নাতি-নাতিনীৰ মুখ নেদেখাকৈ তেওঁ মৰিব লাগিব। সেই কথাটো কৈ কৈ শাহুৱেকে কেতিয়াবা তাইক ঘৰ এৰি যাবলৈও কয়। অসহ্য হৈ কেতিয়াবা তৰাই ওলোটাই এষাৰ-দুষাৰ কয়। তেতিয়া শাহুৱেকৰ গালি-শপনিৰ মাত্ৰা আৰু বেছি হয়। শেহত গোটেই গাঁওখনে শুনিবলৈ পোৱাকৈ শাহুৱেকে চিঞৰি চিঞৰি কান্দিবলৈ ধৰে। মাকক সন্তুষ্ট কৰিবলৈ পুতেকে তৰাক চৰ-লাঠি মাৰে, কেতিয়াবা ফলা খৰিৰে কোবায়।
“তাইনো কিয় সহ্য কৰি থাকিব লাগে সেইবোৰ? গুচি যাব লাগিছিল।” ঠাকুৰীয়াই মন্তব্য কৰিছিল।
“ক’লৈ গুচি গ’লহেঁতেন? কথাবোৰ ইমান সহজ নেকি?” জয়ন্তীয়ে ওলোটাই কৈছিল।
এদিন খঙত একো নাই হৈ তৰাক গালি পাৰিছিল তাইৰ শাহুৱেকে। আৰু এটা সময়ত তৰাৰ ডিঙিত টিপি ধৰিছিল তেওঁ। তেনেতে হঠাতে ঢাচকৈ পৰি গৈ তেওঁৰ তত্-ভত্ হেৰাই গৈছিল। সেই যে তত্ হেৰাল, তাৰ পাছত শাহুৱেক মানুহজনীৰ আৰু তত্ ঘূৰি নাহিল। চৰকাৰী হস্পিটাললৈ নি দুদিনমান ৰাখিছিল। ঔষধ-পাতিও খুৱাইছিল। কিন্তু শেহত একোৱেই কামত নাহিল। শাহুৱেক হস্পিটেলতে ঢুকাইছিল।
গাঁৱৰ মানুহে তৰাই শাহুৱেকক ঠেলি পেলাই দিয়া বুলি বদনাম উলিয়াইছিল। নানা কথা ওলাইছিল। তৰাইহে বোলে শাহুৱেকৰ ডিঙিত টিপি ধৰিছিল যাৰ কাৰণে শাহুৱেকে তত্ নোহোৱা হৈ বাগৰি পৰিছিল।
সেইবোৰ শুনি শুনি তৰাৰ নিজৰ ওপৰতেই বিশ্বাস হেৰাই গৈছিল। সঁচাকৈয়ে তাইৰ দোষৰ কাৰণেই শাহুৱেক হঠাতে মৰি গৈছিল নেকি? যদি সেইটোৱে হয়, তেতিয়াতো তাইৰ বৰ ডাঙৰ পাপ হৈছে, যি পাপৰ শাস্তি তাই নোপোৱাকৈ নাথাকে।
(২)
তৰাই আকৌ ঠাকুৰীয়াৰ ঘৰলৈ আহিবলৈ আৰম্ভ কৰিছিল। আৰু জয়ন্তীৰ স্বাস্থ্য অকণ অকণকৈ ভাল হৈ আহিবলৈ ধৰিছিল। ঠাকুৰীয়াই তেওঁৰ দোকান, কিছু দূৰৰ নগৰ এখনত সাজি থকা ঘৰটোৰ প্ৰতি আকৌ মনোযোগ দিব পৰা হৈছিল।
ঠাকুৰীয়াৰ কামতো তৰাই সহায় কৰিছিল। দুয়োজনে ধৰাধৰিকৈ শুকোৱা ধানৰ বস্তাবোৰ ভিতৰলৈ নি নি থৈছিল। কেতিয়াবা তাইৰ হাতত ঠাকুৰীয়াৰ হাতখন অকস্মাতে লাগি গৈছিল। প্ৰথম দুদিনমান তাই চক খাই ভয়তে ছিটিকি যাব খুজিছিল। পাছলৈ অৱশ্যে তাই সহজ হৈছিল। ঠাকুৰীয়াৰ মনত একো খুঁত থাকিব নোৱাৰে বুলি তাই কিজানি ভাবি লৈছিল। কিন্তু কোনেও নাভাবিলেও ঠাকুৰীয়াৰ মনৰো ক’ৰবাত অকণমান কিবা এটুকুৰা কোনেও নেদেখাকৈ সৰু ক্ষতৰ দৰে লুকাই লুকাই বাঢ়ি আহিছিল।
ঘামি-জামি কাম কৰি থকা তৰালৈ চাই ঠাকুৰীয়াৰ মাজে মাজে বেয়া লাগিছিল। তৰাক কথাবোৰ বুজাই ক’ব খুজিছিল— সকলো সময়তে মানুহৰ কথা কিয় শুনিব লাগে? মানুহে তোমাক সামান্য এটা চেলুতে ভাঙি পেলাবলৈ বিচাৰিব। কিন্তু যিমান ধুমুহা আহিলেও থিয় হৈ থকাটোহে তোমাৰ কাম। তৰাই ঠাকুৰীয়াৰ এনে ধৰণৰ কথাবোৰ সদায় মন দি শুনিছিল। কিন্তু তাই কিবা বুজি পাইছিল বুলি ঠাকুৰীয়াই ধৰিব পৰা নাছিল। এদিন তেওঁ অলপ খং কৰি কৈছিল, “মৰদ হ’ল বুলিয়েই সেই অকৰ্মণ্যটোৱে তোমাক অত্যাচাৰ কৰিব নেকি? দিবাচোন তুমিও ফলা খৰিৰে দুকোবমান লগাই। কুকুৰে একেদিনাই চিধা হৈ যাব।”
তৰাই একো নকৈ মুখখন গভীৰ কৰিছিল মাত্ৰ। গিৰীয়েকৰ কথা বেয়াকৈ ক’লে ভাল নাপাইছিল তাই। তাইৰ মুখখন উজলাবলৈ চেষ্টা কৰি জয়ন্তীয়ে মাত দিছিল, “মানুহজন সিমান বেয়া নহয় দিয়ক। আপুনি কিয় তেনেকৈ কয়?”
কিন্তু দুদিনমান পাছতেই তৰাৰ পিঠিত ফলা খৰিয়ে আকৌ দাগ ৰাখিছিল। সেইদিনা তাই একো নুলুকোৱাকৈ কথাবোৰ জয়ন্তীক কৈছিল। গধূলি ঘৰলৈ ঘূৰি যাবলৈ তাইৰ সঁচাকৈয়ে খুব ভয় হৈছিল। গিৰীয়েকে আগদিনা দা এখন লৈ তাইক কাটিবলৈকে ওলাইছিল।
জয়ন্তীৰ কথামতে তাই সেইবাৰ তেওঁলোকৰ ঘৰতে ৰাতিও আছিল দুদিনমান। এদিন ধানৰ বস্তা দাঙি লৈ ভঁৰালৰ কাষৰ ঘৰটোৰ আধা আন্ধাৰ কোঠাটোত আহি ঠাকুৰীয়া আৰু তৰা অলপ সময় ৰৈছিল। “তুমি সহ্য কৰি থাকা কিয়? ওলোটাই মাৰিব নোৱৰা কিয়? নহ’লে চাবা কিন্তু, এনেকৈ মাৰ খাই খায়েই মৰি থাকিবা।”
তৰাৰ চকুহাল চলচলীয়া হৈ আহিছিল। তাই তলমূৰ কৰিছিল। সান্ত্বনা দিবলৈকে যেন ঠাকুৰীয়াই এখন হাতেৰে তাইৰ গালত আৰু বাহুত লাহে লাহে টুকুৰিয়াই দিছিল। ভয় খাই উচাট মাৰি গুচি যাব খোজা তৰাৰ হাত এখনত ধৰি টানি ৰাখি তেওঁ সৰুকৈ সুধিছিল, “কিয় সি মাৰিব লাগে তোমাক? ক’ত কোবাইছিল?”
তৰাই চকু নমাই লৈ একো কোৱা নাছিল। ফুচ ফুচকৈ বাৰে বাৰে সুধিছিল ঠাকুৰীয়াই। আৰু তেতিয়া গহীন মুখখন ঠাকুৰীয়াৰফালে ঘূৰাই, পিঠিৰফালে শাৰীখন অলপ গুচাই তৰাই দেখুৱাইছিল। চিৰলা-চিৰিলিকৈ থকা বহুকেইটা দীঘল দীঘল দাগ তেতিয়াও জামৰি যোৱা নাছিল। তাইৰ চকুলৈ চাই ৰৈছিল ঠাকুৰীয়াই কেইটামান মুহূৰ্ত। বাঁওচকুটো তেতিয়াও সামান্য উখহি উঠিছিল। এটা তীব্ৰ খঙত তৰাৰ হাতখন খামুচি ধৰি থকা মুঠিটো টান হৈ আহিছিল। তাই বিষ আৰু ভয়ত সৰুকৈ ‘আস্’কৈ কেঁকাই উঠিছিল।
“মই তাক শেষ কৰি দিব পাৰোঁ, তুমি জানানে? তাক মাতি আনি গৰু কোবোৱা দিব পাৰোঁ।”
“নালাগে নালাগে।” তৰাই কাকূতি কৰি কৈ উঠিছিল।
কঠিন হাতৰ মুঠিটো শিথিল হৈ আহিছিল। তৰাই প্ৰায় দৌৰি আধা আন্ধাৰ ঘৰটোৰপৰা ওলাই গৈছিল। কিন্তু তাৰ পাছৰপৰা সেই ঘৰটোৰ ধানৰ বস্তাবোৰৰ কাষত ঠাকুৰীয়াৰ লাহে লাহে লুভীয়া হৈ অহা হাত দুখনক বাধা দিবলৈ তাই বিশেষ কোনো চেষ্টা কৰা নাছিল। মাত্ৰ এদিন ঠাকুৰীয়াই তাইক খুব ওচৰ চপাই আনোতে কঁপা কঁপা মাতেৰে কৈছিল, “বাইদেৱে গম পালে কি হ’ব? বেয়া কাম, বেয়া কাম!” ঠাকুৰীয়াই তাইৰ কাণত ওঁঠ ৰাখি ভয় কৰিবলৈ হাক দিছিল, কৈছিল— তেওঁলোকে একোৱেই বেয়া কাম কৰা নাই।
ঠাকুৰীয়াৰ কিছু দূৰৰ নগৰখনত শহুৰেকৰ ঘৰৰ অলপ দূৰতে সাজি থকা ঘৰটোৰ কাম শেষ হৈছিল। তালৈ যোৱাৰ যো-জা চলিছিল। বহুত কিবাকিবি থান-থিত লগাবলগীয়া আছিল। নিশকতীয়া জয়ন্তীয়ে ঠাকুৰীয়াক একো সহায় কৰিব পৰা অৱস্থাত নাছিল। কিবা কাৰণত তাইৰ মুখত কোনো উৎসাহৰ চিন নাছিল ; অথচ ঠাকুৰীয়াই আশা কৰি আছিল মাকৰ ঘৰৰ কাষলৈ ঘূৰি যাব কাৰণে হ’লেও জয়ন্তীৰ মুখলৈ আকৌ হাঁহিবোৰ ঘূৰি আহিব।
বাৰীৰ পিছফালে কিছু দূৰৰ পথাৰৰ মাজত অলপ ওখ ঠাই এটুকুৰাত মানুহ লগাই, নিজেও লাগি ঠাকুৰীয়াই শাক-পাচলি, আলু-বিলাহীৰ খেতি কৰিছিল। মাটিটুকুৰাৰ চাৰিওফালে আম, কল আৰু কদম গছ। ঠাকুৰীয়াৰ দেউতাকৰ দিনৰপৰাই তাত বাৰমাহে খেতি কৰে। খুব সোনকালেই মাটিখিনি বিক্ৰী কৰি দিয়াৰ কথা ভাবিছিল কাৰণে সেইকেইদিন তেওঁ তাতে অলপ সময় বেছিকৈয়ে কটাইছিল। মাজে মাজে কাম কৰা ছোৱালীজনীয়ে চাহ-পিঠা লৈ আহিছিল। আৰু কেতিয়াবা তৰায়ো আহিছিল চাহ লৈ। তাইক কিবাকিবি পাচলি ঘৰৰ কাৰণে ল’বলৈ কৈছিল ঠাকুৰীয়াই। বৰ নিৰ্জন-নিস্তব্ধ এটা দুপৰীয়া এদিন তৰাই চাহ-পিঠা লৈ আহিছিল। তাইক কাষত ঘাঁহৰ ওপৰত বহুৱাই লৈ ঠাকুৰীয়াই সুধিছিল, “আমি যে গুচি যাম, তোমাৰ বেয়া লাগিবনে? মোৰ হ’লে বৰ বেয়া লাগি থাকিব, তৰা।”
তৰাই চকুযোৰ নমাই লৈছিল। কিবা এটা দুখে যেন তাইকো উদাস কৰি আনিছিল আৰু তাইৰ চকুযোৰ চলচলীয়া হৈ পৰিছিল। পুৰণি শাৰীখনৰ তলত প্ৰকট হৈ অহা শৰীৰটোৰ ভাঁজবোৰলৈ ঠাকুৰীয়াই চাই ৰৈছিল বহু সময়। তাইৰ কান্ধত তেওঁ হাত এখন ৰাখিছিল। নীৰৱে কিছুসময় পাৰ হৈছিল। উত্তাপ এটা বাঢ়ি আহিছিল তেওঁৰ শৰীৰত। আৰু এটা সময়ত সংযমহীন দুখন বলিষ্ঠ হাতে তৰাক কাষলৈ চপাই আনিছিল। তাই সচকিত হৈ চাৰিওফালে চাইছিল ; কিন্তু বাধা দিয়া নাছিল। সকলোবোৰ বান্ধোন হঠাৎ সুলকি পৰিছিল। বহুদিন ভোকত থকা শিকলি ছিগা দুটা জন্তুৰ শৰীৰৰ আন্দোলনত ঠাইখিনিৰ ঘাঁহবোৰ পিষ্ট হৈ গৈছিল।
শেহৰ দুমাহত ধানৰ বস্তা থোৱা আধা আন্ধাৰ ঘৰটোলৈ তৰা আৰু ঠাকুৰীয়া কিবাকিবি কামত সঘনাই গৈ থাকিব লগা হৈছিল। প্ৰায়েই তৰাই চাহ লৈ পথাৰৰ মাজৰ আম, কল আৰু কদম গছে আগুৰি ৰখা ওখ ঠাই টুকুৰালৈও গৈছিল।
যিদিনা ট্ৰাক এখনত শেহৰখিনি বস্তু বোজা দি নগৰৰ ঘৰখনলৈ বুলি ঠাকুৰীয়াহঁত ওলাই আহিছিল, সেইদিনা তৰাৰ চকু দুটা ঢুলঢুলীয়া হৈ আছিল। তাই ঠাকুৰীয়াহঁতৰ ঘৰতেই চাৰি বছৰমান কাম কৰিলে। সেই ঘৰখন তাইৰ নিজৰ ঘৰৰ দৰেই হৈ পৰিছিল। নিশকতীয়া জয়ন্তীৰো চকুপানী ওলাইছিল। তৰাই তাইক সাবটি ধৰি কান্দিছিল।
“মোক বেয়া নাপাব বাইদেউ। মই বৰ বেয়া মানুহ।” তৰাই কান্দোনৰ মাজে মাজে বাৰে বাৰে কৈছিল। চকুপানীৰ মাজতে জয়ন্তীয়ে তৰাৰ পিঠিত দুৰ্বল এখন হাতেৰে মৰমেৰে পিহি দি দি নিচুকাবলৈ চেষ্টা কৰিছিল।
“আমি মাজে মাজে আহি থাকিম দিয়া তৰা।” ঠাকুৰীয়াই ওচৰত থিয় হৈ কৈছিল। আশা, অবিশ্বাস আৰু অপৰাধবোধেৰে ভৰা ঢুলঢুলীয়া চকুযোৰ তুলি তৰাই তেওঁৰফালে চাই কিবা ক’ব খুজিও ক’ব পৰা নাছিল।
“তুমি চিন্তা নকৰিবা। আমি আহিলে তোমাক খবৰ দি আনিম।” ঠাকুৰীয়াই আশ্বাস দিব খুজিছিল। কিন্তু তৰাই বিশ্বাস কৰা নাছিল, তাইৰ চাৱনিটোৰপৰাই তেওঁ ধৰিব পাৰিছিল। কিন্তু তেওঁ তৰাক আৰু পাছত কেতিয়াও লগ নাপালে । তেওঁ গাঁৱৰ ঘৰ-মাটি সকলো বিক্ৰী কৰি দিছিল আৰু সেইবোৰ কামত মাজতে কেবাবাৰো গাঁৱলৈ অহা-যোৱা কৰিব লগা হৈছিল। কিন্তু তৰাক মাতি আনি কৰাব লগা একো কাম তেওঁৰ নাছিল আৰু ব্যস্ততাৰ বাবে মনলৈ তাইৰ কথাও অহা নাছিল।
কিন্তু সেই নিশা ঠাকুৰীয়াৰ তৰাৰ কথাবোৰ বৰকৈ মনত পৰিছিল আকৌ। আজিকালি বহু আগৰ কথাবোৰ প্ৰায়ে তেওঁৰ মনলৈ আহে। এনে মানুহ কিছুমানৰ মুখ কেইখনে আহি ভূমুকি মাৰেহি যিসকল তেওঁৰ জীৱনৰপৰা বহু বছৰ আগতেই হেৰাই গুচি গৈছিল। তৰা আছেনে এতিয়াও, আছে যদি কেনে আছে তাই? কি কৰি আছে?
পাছদিনা খুব কমকৈ কথা কোৱা ডেকা মিস্ত্ৰীজনৰ লগত, যিজনো একেখন গাঁৱৰে বুলি ঠাকুৰীয়াই গম পাইছিল, তেওঁ এষাৰ-দুষাৰ কথা পাতিছিল। “তোমালোকৰ গাঁৱৰ তৰাক চিনি পোৱানে?” তেওঁ সুধিছিল। কিন্তু সি চকু দুটা বহলকৈ মেলি মূৰ জোকাৰিছিল মাত্ৰ। কিয় সি চিনি নাপায়? তৰা কিজানি মৰিছেই। সেই সন্দেহটো তেওঁৰ মনলৈ আহিবলৈ ধৰিছিল আৰু তেওঁ বৰ বিমৰ্ষ অনুভৱ কৰিছিল। কিন্তু তাইৰ কথা জানিবলৈ তেওঁৰ খুব মন গৈছিল। সেই যৌৱন উপচি পৰা তৰাজনী যদি এতিয়াও আছে, তাই কেনেকৈ আছে, কি কৰি আছে? ঠাকুৰীয়াহঁতৰ কথা তাইৰ মনত পৰেনে?
বলেনৰ আপত্তি সত্ত্বেও নতুন দুৱাৰ-খিৰিকী লগোৱা আৰু কিবাকিবি মেৰামতি কৰা কামটো সেই মিস্ত্ৰীজনেই প্ৰায় শেষ কৰি আনিছিল। তাৰ কামৰ গতি কিছু লেহেম আছিল। কিন্তু মোটামুটি সি ভাল কাম কৰা বুলি ঠাকুৰীয়াৰ বিশ্বাস এটা হ’বলৈ ধৰিছিল। সেইদিনা আবেলি কাম শেষ কৰি সৰু ল’ৰাটোক চাইকেলৰ আগৰ লোত গাঁঠি দিয়া গাৰুটোত বহুৱাই দি সি যাবলৈ ওলাইছিল। ঠাকুৰীয়াই ভিতৰৰ আৰামী-চকীখনত বহি টোপনিয়াই থকা জয়ন্তীলৈ এবাৰ চাই লৈ তাক খুব নিৰাসক্ত সুৰত সুধিছিল, “তোমালোকৰ গাঁৱৰ তৰাক চিনি পোৱা নেকি তুমি?”
মিস্ত্ৰীজনে আচৰিত হৈ ঠাকুৰীয়াৰফালে চাই ৰৈছিল কেইমুহূৰ্তমান আৰু তাৰ পাছত সৰুকৈ হাঁহি এটা মাৰি কৈছিল, “চিনি পাওঁ। কিয় চিনি নাপাম? আপুনিতো বৰ ভালকৈয়ে চিনি পায়, মই জানো।”
ঠাকুৰীয়া চমকি উঠিছিল। কি জানে মিস্ত্ৰীজনে? কিন্তু নিৰ্বিকাৰ ভাব এটা মুখত ফুটাই তুলি তেওঁ মিস্ত্ৰীজনৰ চকুলৈ চাই ৰৈছিল। মিস্ত্ৰীজনে হাঁহিয়েই কৈছিল, “মোৰ মা। আপোনাৰ কথা মই আগৰপৰাই জানো।”
মনৰ শংকা কিবাকৈ লুকুৱাই ঠাকুৰীয়াই সুধিছিল, “ভালে আছেনে তোমাৰ মা?”
এইবাৰ মিস্ত্ৰীজনে ডাঙৰকৈ হাঁহি এটা মাৰিলে। তাৰ মুখত তৰাৰ মুখখন এপলকৰ বাবে জিলিকি উঠিছিল। “মা, কেতিয়াবাই মৰিল। মোৰ তেতিয়া সাতবছৰমান হৈছে কিজানি, তেতিয়াই। মাই আপোনাক খুব ভাল মানুহ বুলি কৈছিল।”
“তৰা মৰি গ’ল, তৰা মৰি গ’ল কেতিয়াবাই— ।” ঠাকুৰীয়াই অস্ফুটভাৱে উচ্চাৰণ কৰিছিল। কাষৰ বেঞ্চখনত থৰক-বৰককৈ তেওঁ বহি পৰিছিল।
ঠাকুৰীয়াৰফালে নোচোৱাকৈ, চাইকেলখনৰ চকা এটা পৰীক্ষা কৰি কৰি মিস্ত্ৰীজনে কথাবোৰ কৈ গৈছিল। ঠাকুৰীয়াহঁতে এৰি অহা গাঁৱৰ ঘৰখনৰ আগেৰে মাকৰ লগত সি সৰুতে বহুদিন গৈছে । মাকে ঘৰখনলৈ আঙুলিয়াই দি তাক কৈছিল— “তাতে এজন বৰ ভাল মানুহ আছিল আগতে।” মানুহজনৰ নামটো আগতেও কৈছিল তাক মাকে। তাৰেই ভাগ্য ভাল যে সি ইমান ভাল মানুহজনক জীৱনত লগো পালে, মানুহজনৰ ঘৰৰ কামো কৰিলে, ঠিক যেনেকৈ তাৰ মাকে মানুহজনৰ ঘৰত কাম কৰিছিল।
আৰু তাৰ দেউতাকৰ খবৰ? দেউতাকো মৰিল কেতিয়াবাই। মাক মৰাৰ কেইবছৰমান পাছত দেউতাকো পাৰ হৈছিল। বৰ দুৰ্বল আছিল মানুহজন। কাম-বন নকৰি এনেই বহি থকা কাৰণে মাকে তেওঁক বৰকৈ গালি-শপনি পাৰিছিল। কিন্তু মাক যোৱাৰ পাছত মানুহজনে পুতেকৰ কাৰণে বহুত কষ্ট কৰিছিল।
“দেউতাই বৰ আশা কৰিছিল মই পঢ়ি-শুনি ডাঙৰ মানুহ হ’ম। কিন্তু মোৰ মূৰত একোৱেই নাছিল দিয়ক।” মিস্ত্ৰীজনে চাইকেলত লাফ মাৰি উঠিছিল।
কিছুসময় বেঞ্চখনতে থৰ লাগি বহি ৰৈছিল ঠাকুৰীয়া। এক বিষাদ আৰু শূন্যতাৰে তেওঁৰ বুকুখন তোলপাৰ কৰি উঠিছিল। বহু বছৰ আগৰপৰা তৰাৰ মুখখনে তেওঁক সিয়াঁৰিবলৈ ধৰিছিল, “মোক মাতি অনাৰ কথা আছিল। লগ ধৰাৰ কথা আছিল। কিন্তু আপুনি একোৱেই নকৰিলে।”
যেতিয়া ঠাকুৰীয়া ভিতৰলৈ যায় তেতিয়া জয়ন্তীয়ে আৰামী-চকীখনত টোপনিয়ায়ে আছিল। কাষৰ চকীখনত নীৰৱে বহি ৰৈছিল তেওঁ। কাম কৰা ছোৱালীজনীয়ে দুকাপ চাহ লৈ আহছিল। তাই জয়ন্তীক হেঁচুকি জগাই দিছিল। চাহ কাপৰ আধামান শেষ কৰাৰ পাছত তেওঁ জয়ন্তীলৈ চাই কৈছিল, “মিস্ত্ৰীজন তৰাৰ পুতেক। তুমি গম পোৱাই নাই কিজানি?”
জয়ন্তীয়ে কিন্তু আগতেই কথাটো গম পাইছিল। কেনেকৈ গম পাইছিল সুধিবৰ মন যোৱা নাছিল ঠাকুৰীয়াৰ।
“তৰাৰ কথা তোমাৰ মনত আছে?” অলপ ৰৈ ঠাকুৰীয়াই আকৌ সুধিছিল।
“আছে। ভালকৈয়ে মনত আছে। কেনেকৈ পাহৰিম তাইক?” জয়ন্তীৰ মুখত বিৰিঙি উঠা ক্ষীণ হাঁহিটো বৰ দুৰ্বোধ্য যেন অনুভৱ হৈছিল ঠাকুৰীয়াৰ।
সেই দুদিনমান ঠাকুৰীয়াই মিস্ত্ৰীজনক ঘৰৰ কথা, তাৰ মাকৰ কথা মাজে মাজে সুধিছিল। মনে মনে তেওঁ জানিব খুজিছিল— তেওঁৰ প্ৰতি তৰাই মনত কিবা খং বা ঘৃণাৰ ভাব লৈ আছিল নেকি? কিন্তু মিস্ত্ৰীজনৰ কথাৰপৰা সেইটো তেওঁ ধৰিব পৰা নাছিল। মাত্ৰ বুজিব পাৰিছিল, তৰা পাছলৈ বহুত সলনি হৈ গৈছিল আৰু ৰুগীয়া, দুৰ্বল গিৰীয়েকে তাইক বাঘৰ দৰে ভয় কৰিবলৈ লৈছিল।
“দেউতায়ো আপোনাক ভাল পাইছিল দিয়ক। আপুনি বোলে কিমান পাচলি দি পঠোৱা আছিল। এনে মানুহ আজিকালি পাবলৈকে নাই।” মিস্ত্ৰীজনে নিজৰ কথাও কৈছিল। আগৰজনী পত্নী অসুখত পৰি ঢুকাল। এতিয়াৰজনী ঘৰ চলোৱাত সহায় হ’ব বুলি আনিলে। কিন্তু আগৰজনীৰফালৰ সৰু ল’ৰাটোকো তাই সহ্য কৰিব নোৱাৰে। সেই লৈ বৰ অশান্তি কৰি থাকে। তাতে দিন-কাল বৰ ভাল নহয়। সদায় কাম পোৱাটোও সহজ নহয়।
ঠাকুৰীয়াই ভালকৈয়ে বুজিব পাৰিছিল কথাবোৰ। সি সৰু-সুৰা কাম কৰিব পাৰে। কিন্তু বুদ্ধি আৰু পটুতাৰ দৰকাৰ হোৱা কাম, আটক-ধুনীয়া কিবা এটা কৰিব লগা কামত সি ফেইল মাৰিব। তৰাৰ ল’ৰা বুলিয়েই তেওঁৰ অলপ মায়া লাগিছিল, কথাটো এনেকুৱাও নাছিল। তাৰ মুখত তেওঁ তৰাৰ মুখখনেই নহয়, আৰু এখন মুখ বিচাৰিবলৈ চেষ্টা কৰিছিল প্ৰায়েই।
ঘৰৰ পুৰণি দুখনমান বিছনাৰ তলৰ তক্তাবোৰ উঁয়ে খাইছিল। সৰু দুখনমান টেবুল আৰু চকীৰো দৰকাৰ নোহোৱা নহয়। গতিকে আকৌ নতুনকৈ কাঠৰ যোগাৰ কৰা হ’ল। গাঁৱৰ পুৰণি বন্ধুৰ পুতেকটোৱে এইবাৰো বৰ সহায় কৰিলে। মিস্ত্ৰীজনক যেতিয়া নতুন কামৰ কথাটো কোৱা হ’ল, সি কৃতজ্ঞতাত গদ্ গদ্ হৈ পৰিছিল। এনেহেন ভাল মানুহৰ ঘৰত কাম কৰিয়েই তাৰ বৰ ভাল লাগে।
দুৱাৰ-খিৰিকীৰ কামবোৰ শেষ হোৱাৰ পাছত দুদিনমান ছুটী লৈ সি নতুন কাম আৰম্ভ কৰিবলৈ আহি ওলাইছিল। লগত সৰু পুতেকটো আৰু খুব কম কথা কোৱা ডেকা মিস্ত্ৰীজন। ঠিক কৰা হ’ল প্ৰথমে বিছনাৰ উঁয়ে খোৱা তক্তাবোৰ গুচাই নতুন তক্তা লগোৱা হ’ব। তাৰ পাছত চকী-মেজৰ কাম। আবেলি মিস্ত্ৰীজন, পুতেকটো আৰু ডেকাজনে চাহৰ কাপ লৈ অলপ বহিছিল। ঠাকুৰীয়ায়ো সিহঁতৰ কাষতে চকী এখনত বহি চাহৰ কাপত চুমুক দিছিল। আৰু ঠিক তেনেতে লগত তামোল চোবাই থকা দুজন ডেকা লৈ বলেন তাৰ গাড়ীখনৰপৰা নামিছিল। লগে লগে চিঞৰ-বাখৰ— “তোমালোকে কি পাগলামি আৰম্ভ কৰিছা আকৌ। মোক নোকোৱাকৈ কাঠ কিনিলা। এতিয়া আকৌ ইয়াকেই কাম দিবা নেকি? দুৱাৰ-খিৰিকীবোৰ নষ্ট কৰি পেলালা। এতিয়া আৰু কি নষ্ট কৰিবলৈ ওলাইছা?”
মিস্ত্ৰীজনৰ সৰু পুতেকেটোৱে ভয়ে ভয়ে তাৰ হাতৰ কাপটো মাটিত থৈছিল। মিস্ত্ৰীজনেও চাহ খাব এৰি থতমতকৈ বলেনৰফালে চাইছিল।
“মই তোক কৈছোঁ।” বলেনে তাৰফালে চাই আঙুলি জোকাৰিছিল। “তোৰ কাম আজিয়েই বন্ধ কৰ বুলি কৈছোঁ। আৰু যা তই ইয়াৰপৰা।”
“কিন্তু …।” মিস্ত্ৰীজনে সেমেনা-সেমেনিকৈ কিবা ক’ব খুজিছিল।
“একো কথাই নক’বি তই মোক। যি কৈছোঁ সেইটো কৰ আৰু যা।” বলেনৰ চিঞৰটো ডাঙৰ হৈ আহিছিল।
“মই মিস্ত্ৰী লৈ আহিছোঁ।” লগত অহা ডেকা দুজনলৈ দেখুৱাই সি দেউতাকক কৈছিল। “এওঁলোকে যি কৰিব লাগে কৰিব।”
কাষৰ বিল্ডিংটোৰপৰা হৰেশ দত্তই বলেনৰ গৰ্জন শুনি আহি ওলাইছিল। সি অনা মিস্ত্ৰী দুজনে কিমান ভাল কাম কৰে, ঠাকুৰীয়াৰ সেই কাম নোহোৱা অপদাৰ্থ মিস্ত্ৰীজনে জগত দাসৰ ঘৰত কিমান মূল্যৱান কাঠ নষ্ট কৰিলে, সেই সকলোৰে বিশদ বিৱৰণ বলেনে হৰেশ দত্তৰ আগত দাঙি ধৰিছিল।
ঠাকুৰীয়াই অসহায় সুৰত কিবা ক’ব খুজিছিল। কিন্তু বলেনে তেওঁৰ এটা শব্দও কাণত তুলিব খোজা মেজাজত নাছিল। এটা সময়ত নতুন কাঠখিনি চাই-চিতি জোখ-মাখ লৈ বলেনে অনা ডেকা মিস্ত্ৰী দুজন তাৰ লগতে ওলাই গৈছিল। হৰেশ দত্তই বলেনৰ গাড়ীয়ে ৰাস্তাত উঠাৰ পাছত হাঁহি কৈছিল, “আজিকালি আমাৰ কথা কোনে শুনে? ল’ৰাৰমতেই চলিব লাগিব আৰু।” ঠাকুৰীয়াই একো কোৱা নাছিল। খুব দুৰ্বল অনুভৱ কৰিছিল তেওঁ।
“পিছে ইয়াৰ মুখখন তোমাৰ লগত বৰ মিলেহে। কিয়বা তেনে লাগিছে মোৰ?” মিস্ত্ৰীজনলৈ চাই কৌতুকৰ সুৰত কৈছিল হৰেশ দত্তই। মিস্ত্ৰীজনে শুকানকৈ হাঁহি হতাশ মুখেৰে ভয়ত কম্পমান পুতেকটোক সাহস দিবলৈ কাষলৈ চপাই লৈছিল। ঠাকুৰীয়াই মিস্ত্ৰীজনৰ মুখলৈ চাই আছিল বহু সময়। তাৰ মুখত তৰাৰ হাঁহিটো তেওঁ কেতিয়াবা দেখিবলৈ পায়। তাৰ চকুত তৰাৰ সেই অসহায়, ভীৰু চাৱনিটো। কিন্তু তেওঁৰ নিজৰ মুখখন তাৰ মুখত কেতিয়াও বিচাৰি পোৱা নাছিল তেওঁ। সিহঁতৰ লগতে তেওঁ ৰাস্তালৈকে গৈছিল। হাতত গুঁজি দিয়া টকাখিনি গণি গণি মিস্ত্ৰীজনে কৈছিল, “নিদিলেও হ’লহেঁতেন। কিয়নো দিলে?”
“তোমাকতো মই বহুতেই দিব লাগিছিল। কিন্তু আজিকালি একো কৰিব নোৱাৰোঁ। কেতিয়াবা খবৰ কৰিবা তুমি।” অপৰাধীৰ দৰে ঠাকুৰীয়াই কৈছিল। বুকুত হেঁচা মাৰি ধৰা দুখটো তেওঁ লুকুৱাব পৰা নাছিল। মিস্ত্ৰীজনে আচৰিত হৈ তেওঁলৈ চাইছিল।
“কেতিয়াবা কেতিয়াবা মোৰ খবৰ ল’বা। আৰু বেয়া নাপাবা।” ঠাকুৰীয়াই আকৌ কৈছিল। তেওঁৰ চকু দুটা পানীৰে ভৰি আহিছিল।
মিস্ত্ৰীজনে একোৱেই বুজিব পৰা নাছিল। “মাই আপোনাক বৰ ভাল মানুহ বুলি কৈছিল। সঁচাকৈয়ে আপুনি বৰ ভাল মানুহ।” সি পুতেকক চাইকেলৰ আগৰ লোহাত বান্ধি লোৱা গাৰুটোৰ ওপৰত বহুৱাই দি লাহে লাহে কৈছিল। “আজিকালি এনে মানুহ নায়েই। সঁচাকৈয়ে নাই।”
ঠাকুৰীয়াই সৰু ল’ৰাটোৰ চুলিত আৰু গালে-মুখে হাত ফুৰাই দিছিল। ল’ৰাটোৱে ঠাকুৰীয়াৰ চকুলৈ বেঙাৰ দৰে চাইছিল। তাক এবাৰ বুকুত সাবটি ল’বৰ প্ৰবল ইচ্ছা এটা হৈছিল তেওঁৰ। কিন্তু তেওঁ নিজকে চম্ভালি লৈছিল। তিনিওজনে ৰাস্তাটোৰ দূৰত চিনিব নোৱৰা হৈ মিলি যোৱালৈকে তেওঁ চাই ৰৈছিল।
থৰক-বৰকৈ ঠাকুৰীয়া ঘূৰি আহিছিল। বাৰাণ্ডাৰ জয়ন্তীৰ কাষৰ চকীখনত তেওঁ নিজকে এৰি দিছিল। আৰামী-চকীখনত বহি বহি জয়ন্তীয়ে সকলোবোৰ মনে মনে চাই আছিল ইমান সময়। ঠাকুৰীয়াৰ তপা মূৰটো হালি পৰিছিল। তেওঁ চকু মুদি নীৰৱে থাকিব বিচাৰিছিল। কিন্তু অলপ পাছতে বহু চেষ্টা কৰিও তেওঁ কান্দোন এটা চেপি ৰাখিব পৰা নাছিল। সৰসৰকৈ ওলাৱা চকুপানীবোৰে তেওঁৰ সোতোৰা-সোতোৰ গালদুখন তিয়াই পেলাইছিল। ঠিক তেনেতে তপা মূৰটোত শীৰ্ণ এখন হাতৰ শীতল স্পৰ্শ তেওঁ অনুভৱ কৰিছিল। বহু চিনাকি বহু আপোন সেই চেনেহী স্পৰ্শ। মূৰ তুলি চাইছিল তেওঁ। জয়ন্তীৰ নিষ্প্ৰভ চকুহালত যেন একোৱেই অনুভূতি নাছিল।
“মই জানো। মই সকলো জানো। একো নহয়।” খুব লাহে লাহে বৰ কষ্টেৰে জয়ন্তীয়ে কৈছিল।
জয়ন্তীৰ প্ৰশান্তিৰে ভৰা মুখখনলৈ চাইছিল তেওঁ। কিন্তু কান্দোনটো তেওঁ বন্ধ কৰিব পৰা নাছিল।