কৰ্পৰেট জগতৰ ইটো সিটোঃ
লেখক- ঋতুপৰ্ণ খাউণ্ড
চুইডেনমূলীয় বহুজাতিক প্ৰতিষ্ঠান এটাৰে কৰ্প’ৰেট জগতৰ লগত জড়িত হৈ থকা আমাৰ ভালে কেইবছৰ হ’ল। কৰ্প’ৰেটৰ চাকৰি সম্পূৰ্ণ পাৰফৰ্মেন্স ভিত্তিক। এইটো খণ্ডৰ কাম কাজ সম্পূৰ্ণ পেছাদাৰী আৰু পূৰ্ব নিৰ্ধাৰিত প্ৰক্ৰিয়াভিত্তিক(SOP based), যাৰ ফলত কামবোৰ সুকলমে আৰু খৰতকীয়াকৈ সম্পন্ন হয়। পিছে প্ৰতিটো কামৰে নিৰ্ধাৰিত সময়সীমা তথা লক্ষ্য থাকিলেও কৰ্প’ৰেট খণ্ডত পেছাগত আৰু ব্যক্তিগত জীৱনৰ সন্তোলনৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। এয়া অতি জৰুৰী বিষয়। Work-life balance বা পেছাগত আৰু ব্যক্তিগত জীৱনৰ সন্তুলন অবিহনে স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিব পাৰে, যাৰ কুপ্ৰভাৱ কাম-কাজতো পৰিব পাৰে।
কৰ্প’ৰেট খণ্ডত diversity বা বৈচিত্ৰ্যতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। সেয়া লাগিলে সাংস্কৃতিক বৈচিত্ৰ্যই হওক বা লিংগ বৈচিত্ৰ্যই হওক। ইয়াৰ উপৰিও তথ্যৰ গোপনীয়তাক বিশেষ অগ্ৰাধিকাৰ দিয়া হয়। তথ্যৰ গোপনীয়তাৰ লগতে মানুহৰ ব্যক্তিগত গোপনীয়তা, চিকিৎসা তথ্যৰ গোপনীয়তা আদিক গম্ভীৰভাৱে লোৱা হয়। বহুতক দেখা যায় তেওঁলোকে কাৰোবাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ফট’ বা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ কৰে। তেনে কৰা অনুচিত। কৰ্প’ৰেট জগতত কৰ্মচাৰীৰ সকলোধৰণৰ গোপনীয়তাৰ প্ৰতি সন্মান জনোৱাৰ লগতে গোপনীয়তা ৰক্ষাৰ সকলো উপায় অৱলম্বন কৰে।
আন এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল occupational health and safety(OHS)। কৰ্মক্ষেত্ৰত কৰ্ম সম্পাদন কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে যাতে কোনো ধৰণৰ দুৰ্ঘটনা ঘটনা সংঘটিত নহয় সেয়া OHS ৰ ভিতৰত পৰে। এইবোৰ বিষয়ৰ ওপৰত বাধ্যতামূলক অনলাইন ট্ৰেইনিং আমাৰ প্ৰায়েই হৈ থাকে। ইয়াৰ উপৰিও আন এটা বাধ্যতামূলক e-learning ক’ৰ্ছ হ’ল driving safety। গাড়ী চলাওঁতে আমি কেনেধৰণৰ সাৱধানতা অবলম্বন কৰিব লাগে সেয়া driving safetyৰ ই লাৰ্ণিং ক’ৰ্ছটোত শিকোৱা হয়। আন এটা গুৰুত্বপূৰ্ণ অনলাইন ট্ৰেইনিং হ’ল anti corruption। এই ক’ৰ্চটোত দুৰ্নীতিক সঠিকভাৱে সংজ্ঞাবদ্ধ কৰা হৈছে আৰু কোনবোৰ কাম দুৰ্নীতিৰ ভিতৰত পৰে আৰু কোনবোৰ নপৰে তাৰ ওপৰত সজাগতাৰ সৃষ্টি কৰা হৈছে।
তদুপৰি শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ সজাগতাৰ বাবে মাজে মাজে এই ক্ষেত্ৰৰ বিশেষজ্ঞসকলক নিমন্ত্ৰণ কৰি অনলাইন ছেমিনাৰ বা কৰ্মশালা অনুষ্ঠিত কৰা হয়।
টেকন’লজি কোম্পানীসমূহত কাম কৰিবৰ বাবে মূলতঃ টেকনিকেল ৱৰ্ক ফ’ৰ্ছৰ দৰকাৰ হয়। কম্পিউটাৰ ছাইন্স, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন আদি বিভাগৰ লগতে আজিকালিৰ ন ন প্ৰযুক্তিৰ ওপৰত অধ্যয়ন কৰিলে এইবোৰ কোম্পানীত চাকৰি পাবলে সুবিধা হয়। Artificaial Intelligence (কৃত্ৰিম বুদ্ধিমত্তা) ML, ডে’টা ছাইন্স, ক্লাউড কম্পিউটিং, ৰবটিক প্ৰছেছ অট’মেশ্যন, 5G, 6G, ব্লকচেইন আদিৰ বিশেষ জ্ঞান থাকিলে ভাল। ইয়াৰ উপৰিও ITIL, PMP, Prince 2, Certified scrum master জাতীয় প্ৰছেছ সম্পৰ্কীয় ছাৰ্টিফিকেশ্যন থাকিলে প্ৰাধান্য পোৱা যায়। লগতে Jira ৰ দৰে প্ৰজেক্ট মেনেজমেণ্ট টুলৰ ব্যৱহাৰিক জ্ঞান থকাটো ভাল।
কৰ্প’ৰেট খণ্ডৰ চাকৰি আৰু আন চাকৰিৰ মাজত যথেষ্টখিনি প্ৰভেদ আছে। প্ৰতিযোগিতামূলক মানসিকতা নাথাকিলে এই জগতত তিষ্ঠি থকা কঠিন। কিন্তু প্ৰতিযোগিতামূলক মানসিকতা, নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম কৰি শেষ কৰা, নতুন কথা শিকিবলৈ জিজ্ঞাসা থকা আদিৰ দৰে গুণ থাকিলে কৰ্প’ৰেট খণ্ডত যিকোনো মানুহেই অপ্ৰতিৰোধ্য হৈ উঠিব পাৰে।