খিৰিকী

লেখক- শ্ৰী খনিন্দ্ৰ ভূষণ মহন্ত

তধা লাগি বতাহ গিলি কোন বহি থাকে বতাহৰ বাটত

প্ৰসাৰিত চাৱনিত ধৰা দিয়ে এঙেৰুৱা এন্ধাৰৰ চহৰ

অথবা তলবল পোহৰে আল্পনা অঁকা প্ৰাচুৰ্যৰ প্ৰাসাদ

মোৰ হৃদয়ৰ অদৃশ্য খিৰিকীখনে এনে কি যাদু জানে

আওতাত পৰিলেই সকলোকে আটোম-টোকাৰিকৈ সামৰে

আৰু কাকো কাহিনীও পণ্যৰ দৰে দলিয়াই নিদিয়ে

(স্ববিৰোধিতাও যে এক ধাৰাবিহীন অপৰাধ

সেই কথা পিছে বহুতে জানিও নাজানে)

প্ৰমোদ বিহাৰ সামৰি চকুবোৰ যেতিয়া নিজলৈকে ঘূৰি আহে

ৰূপকথাৰ দৰে খিৰিকীৰ সিপাৰে আপুনিও হয়তো

এখন আটোল-টোল পৃথিৱীৰ কুচ-কাৱাজ কৰে

উপেক্ষিত হৈ বৃত্তটোৰ তেনেই নিলগত বাজি থকা

উচুপনিৰ নিনাদ কোনেও নুশুনে

এয়া আমাৰ বোধৰ দীনতা নে আন কিবা?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!