গণেশ তৰকাৰীৱালা

লেখক- লোহিত দত্ত-বৰুৱা

প্ৰত্যেক শনিবাৰেই গণেশ তৰকাৰীৱালা আহি আমাৰ ঘৰ দুটাৰ মাজৰ সৰু চোতালখনত তাৰ শাক-পাচলিৰ ভাৰখন কান্ধৰপৰা নমাইছিল। লগত আহিছিল তাৰ ৰোশনী নামৰ সৰু ছোৱালীজনী। ৰোশনী আমাৰ ছোৱালী ৰেখাৰ বয়সৰ। গণেশ আহিছিল বিহাৰৰ ডাৰভাংগাৰ ওচৰৰ গাঁও এখনৰপৰা। সদ্য বিবাহিত পত্নীক ঘৰতে এৰি থৈ গুৱাহাটীলৈ আহিছিল অলপ ধন ঘটিবলৈ। সেয়া বহু যুগৰ আগৰ কথা। বিহাৰৰপৰা সেইদিনত বহুতেই আহিছিল ৰিক্সা চলাবলৈ, কান্ধত ভাৰ কঢ়িয়াই লোকৰ ঘৰে ঘৰে শাক-পাচলি বিক্ৰী কৰিবলৈ নতুবা ফাঁচি বজাৰৰ কোনোবা কেঞাৰ দোকানত চাউল, ডাইল, আটা, নিমখেৰে ভৰা গধুৰ বস্তা কঢ়িয়াবলৈ। দুটা পইচাৰ আশাত।
গণেশৰ কথা –“বাবু, আচাম দেচৰ মানুষ বহোত ভাল আছে। বাবা বৰহমপুত্তৰ চব লোগকো আচিৰ্বাদ দিছে। দেচ মে বহোত তকলীফ আছে বাবু। ইয়াতে কাম কৰি দেচ মে কুচ্চ ৰুপয়া পাঠাওঁ। বিবি আৰু চোটিচি বেটীকা খানা-পিনা, কপৰা, মকান চল যাতা হাই। বাত য়ে হাই, বিবি আৰু বেটীকে চিন্তাচে দিল মে বহোত দুখ লাগে বাবু।
গণেশ মাহে-দুমাহে ৰেল ধৰি ঘৰলৈ যায়, আকৌ উভতি আহে। পইচা কৰিলেহে তাৰ পত্নী আৰু ছোৱালীৰ দুবেলা দুমুঠি ওলায়। এবাৰ ঘৰলৈ গৈ বহুদিনলৈ অহা নাছিল। শনিবাৰটো আহিলে তালৈ মনত পৰে। তাৰ কিবা বেমাৰ-আজাৰ হোৱা বুলিয়েই ধৰি লৈছিলোঁ। হঠাতে এদিন সি আহি ওলাল। লগত তাৰ পাঁচবছৰীয়া ছোৱালীজনী, ৰোশনী।
ভাৰখন নমাই থৈ সি ৰেখাৰফালে আঙুলিয়াই ক’লে “ও হাই বাবুজীকি বেটী ৰেখা। যাও, উচকে চাথ খেলো। তেৰী জিগৰী দোষ্ট বনেগী। ৰোশনী সমীহ কৰি লাহে লাহে ৰেখাৰ ওচৰলৈ গ’ল।
তাৰপিছতে গণেশে চকুপানী পেলাই ক’বলৈ ধৰিলে “বাবুজী, চব খতম হৈ গ’ল। মোৰ বিবি হামকো এৰিকেনে গুচি গ’ল। কি কৰিম বাবু। হামকো ৰোশনীকো দেকে চলি গ’ল। দেচ মে কুচ নেহী ৰহা বাবু। বাবু, হামি আচাম দেচ মে ৰহিবো, বাবা বৰহমপূত্তৰ কে দেচ মে ৰহিবো, মৰিবো ভি বাবু। হামি অগ্ৰৱাল যেইচা আচামী হবো।
এনেতে মোৰ পত্নী ওলাই আহি গণেশক দেখি মাত লগালে –”গণেশ দেচৰপৰা আহিলা?”
”হা বেহেনজী। ৰোশনী কি মা আচমান চলে গিয়া বহেনজী হাম দোনোকো চোৰ কে।”
”কি কৈছা তুমি?”
”হা বেহেনজী, দেচ মে আৰু কুচ ভী নাই। হাম অউৰ দেচ নাযায়েগা। হামি এই দেচ মে থাকি যাবো। ৰোশনী আপকি বেটীকে স্কুল মে পঢ়িবো। ৰোশনী যেতিয়া ডাংগৰ হবো, বহেনজী উচকে লিয়ে এক ভাল আচামী লৰকা চাই দিবো। ৰোশনীৰ চাদি হোনেচে মেৰী বিবি আচমান মে বহুত খুচী হবো। ৰোশনীকে লিয়ে হামি চব কৰিবো বাবু।”
”গণেশ, তোমাৰ আৰু ৰোশনীৰ ভগৱানে মংগল কৰিব। এইবোৰ ভগৱানৰ খেলা। এতিয়া দুখ কৰি নাথাকিবা। এতিয়াৰেপৰা এইখন ৰোশনীৰো ঘৰ। দৰকাৰ হ’লে ৰোশনীক ইয়াতে থৈ যাবা। ৰেখাৰে লগ এটা হ’ব।”
”হয় বেহেনজী।”
এইবোৰ কথা কৈ গণেশ সিদিনা গ’ল। ৰোশনী আৰু ৰেখাই একে স্কুলতে পঢ়া আৰম্ভ কৰিলে। শনিবাৰে শাক-পাচলি বেচিবলৈ আহিলে ৰোশনীক ইয়াতে থৈ এই চুবুৰিতে আন মানুহৰ ঘৰতো শাক-পাচলি বিকিবলৈ যায় আৰু যাবৰ পৰত ৰোশনীক লৈ যায়। সময়ৰ লগে লগে ৰেখা আৰু ৰোশনী নলেগলে লগা বন্ধু হ’ল। ঘৰৰ চোতালতে কত খেল সিহঁতৰ, ৰচী লৈ জঁপিওৱা, অলং-দলং পৰিছে ৰাণীৰ খবৰ আহিছে খেলা, পুতলাৰ লগত খেলা আৰু পুতলাৰ মাজত বিয়া পতা আদি। কেতিয়াবা ওচৰৰে ফুলৰ বাগিছাৰ জোপোহাৰ আঁৰত লুকা-ভাকু খেলা আৰু কত কি। ৰোশনীৰ কথা শুনিলে কোনেও ধৰিব নোৱাৰা হ’ল তাই যে অসমৰ ছোৱালী নহয়। ৰোশনীৰ দেউতাকৰ লগত যাবৰ পৰত ৰেখা আৰু ৰোশনীয়ে সাবটা-সাবটি কৰি ইজনীয়ে সিজনীক বিদায় দিয়ে। গণেশৰ অসমীয়াও আগতকৈ বহু ভাল হ’ল।
বছৰ বাগৰিল। ৰেখা আৰু ৰোশনীৰ মাজত বন্ধুত্ব গাঢ় হৈ আহিল। গণেশ তৰকাৰীৱালাই ৰোশনীক আমাৰ ঘৰত থৈ চুবুৰিত শাক-পাচলি বিকিবলৈ যায়। ৰেখা আৰু ৰোশনীয়ে হাতত ধৰাধৰি কৰি ওচৰৰে স্কুলখনলৈ যায়। পুনৰ দুয়ো একেলগে ঘৰলৈ উভতে। কিবা এটা খাই দুয়ো মাজ চোতালতে অলপ খেলা-ধূলা কৰে। এটা সময়ত দেউতাক আহি ৰোশনীক ঘৰলৈ লৈ যায়। ৰোশনীয়েই গণেশ তৰকাৰীৱালাৰ পৃথিবী। বাকী সময়ত ৰেখা আৰু ৰোশনী যেন অবিচ্ছেদ্য।
চাওঁতে চাওঁতে দুয়ো তৃতীয় শ্ৰেণী পালেগৈ। কিন্তু গণেশৰ জীৱনত আৰু এজাক ধুমুহা আহিল। এদিন স্কুলৰ সমুখতে বিৰতিৰ সময়ত ৰেখা, ৰোশনী দৌৰি দৌৰি আলিৰ দাঁতিত চানাচুৰ কিনিবলৈ যাওঁতে ৰোশনীক গাড়ী এখনে খুন্দিয়ালে। ৰোশনীৰ লগে লগে মৃত্যু হ’ল, ৰেখা বাচি গ’ল। কিন্তু ৰেখাই ৰোশনীৰ পৰি থকা দেহত ধৰি হুৱা-দুৱাকৈ কান্দিলে। চাৰিওফালে হুলস্থূল লাগিল। গণেশ তৰকাৰীৱালা আহিল, ৰেখাৰ মাক উধাতু খাই ঘৰৰপৰা দৌৰি আহি ওলাল। খবৰ পাই ময়ো অফিচ এৰি লৰা-ঢপৰাকৈ আহি পালোঁ। কোনাবা ডেকা ল’ৰাই খঙতে গাড়ীখন কোবাই ভাঙিলে। ভাগ্যে পুলিচ আহি ড্ৰাইবভাৰজনক ধৰি বান্ধি ওচৰৰে পুলিচ থানালৈ লৈ গ’ল।
গণেশ বিধ্বস্ত হৈ পৰিল। মই কিবাকৈ তাক আঁতৰাই আনিলোঁ। ৰেখাক মোৰ পত্নীয়ে লৈ আহিল। তাইৰ কান্দোন বন্ধ হোৱা নাছিল। চকু-মুখ উখহি গৈছিল।
মাকে বুজাইছিল ৰোশনীক ভগৱানে তেওঁৰ ওচৰলৈ মানে সৰগলৈ লৈ গ’ল।
”মোকো কেলেই নিনিলে? আমি একেলগে থাকিব পাৰিলোহেঁতেন। মই এই ভগৱানটোক বেয়া পাওঁ।”
গণেশৰ কথা – “বাবু, মোৰ আৰু জীয়াই থকাৰ কোনো কাৰণ নাই. বিবি গ’ল, ৰোশনী গ’ল। কৌন ভি নাই মোৰ।”
মই সান্ত্বনা দিবলৈ শব্দ বিচাৰি পোৱা নাছিলোঁ। তথাপি কলোঁ – “চোৱা আমি আছোঁ, ৰেখা আছে। ৰেখা তোমাৰ ছোৱালী সদৃশ। তাইকেই ৰোশনী বুলি ধৰি ল’বা। আমি অকলে আহোঁ, অকলে যাওঁ। এইটোৱেই ভগৱানৰ নীতি। আমাৰ ওপৰৰজনে নমতালৈকে আমি জীৱনৰ বাটত গৈ থাকিব লাগিব।”
”বাবু, দেচত মোৰ কোনো নাই। আপনালোক মোৰ ভাই বন্ধু। ৰেখা মোৰ ভি বেটী। মই এই দেচতে থাকি যাম বাবু। ৰেখাক মোৰপৰা আঁতৰাই নিনিব বাবু।”
”এইখন তোমাৰো ঘৰ। সদায়ে ৰেখাক চাবলৈ আহিবা।”
ৰেখাই দুদিনমান দুখতে স্কুললৈ নগ’ল। মাকেও একো নক’লে। এদিন গণেশেই আহি ৰেখাক বুজালে, “বেটী, তুমি স্কুল নগ’লে ৰোশনী মনত দুখ পাবো। তুমি লেখা-পঢ়া কৰি ডাংগৰ মানুহ হব লাগিব। ৰোশনী বহুত খুচী হব।”
শেষত ৰেখা পুনৰ স্কুললৈ যোৱা হ’ল, কিন্তু তাইৰ মুখত আগৰ হাঁহিটো যেন নাই। সময় বাগৰিল। শৈশৱ এৰি কৈশোৰ, যৌৱনত ভৰি দি ৰেখা এক দেখনিয়াৰ গাভৰু হৈ উঠিল। পঢ়া-শুনাতো বেছ ভাল কৰি আহিল। স্কুল-কলেজত সকলোৱে তাইক ভাল পায়। তাই গহীন আৰু অল্পভাষী। বিহু আহে, দুৰ্গা পূজা আহে। গণেশ তৰকাৰীৱালাই সদায়ে ৰেখাৰ বাবে বিহুৱান আনে, কাপোৰ আনে, মিঠাই আনে।
”গণেশ চাচা, মোৰ কাৰণে কেলেই ইমান পইচা খৰচ কৰা।”-ৰেখাৰ কথা।
”ৰেখা বেটী, তোমাৰ কাৰণে খৰচ নকৰি কাৰ কাৰণে কৰিম। তুমিওতো মোৰ আচল বেটী।”
তাই একো নামাতে।
এদিন ৰেখা কলেজ পাছ কৰি ওলাল। সময়ত ছোৱালী বিচাৰি ল’ৰা এজনৰ মাক-দেউতাক আহিল। গুৱাহাটীতে তেওঁলোকৰ ঘৰ। ল’ৰাও দেখাই-শুনাই ভাল। পঢ়া-শুনা শেষ কৰি কোনাবা তেল-গেচ কোম্পানীত কাম কৰে গুৱাহাটীতে। এদিন ল’ৰাটোও ওলালহি মাকৰ লগত। কথা-বতৰা পাতি ল’ৰা-ছোৱালীহালে ভালেই পালে। ল’ৰাৰ মাকে ৰেখাৰ কিবা আপত্তি আছে নেকি সোধাত তাই মনে মনে থাকিল। মৌনং সন্মতি লক্ষণম। ৰেখাৰ মাকে ল’ৰাজনক সোধাত সিও আপত্তি নাই বুলি ক’লে। গতিকে চাহ মিঠাই চলিল আৰু দিন-বাৰ চাই ফাগুন মাহতে বিয়া ঠিক কৰিলে। গম পাই এদিন গণেশ ওলালহি এক শনিবাৰে ৰাতিপুৱা। ৰেখা আৰু ৰেখাৰ মাক-দেউতাকো ঘৰতে আছিল।
”বাবু, বহেনজী, বৰ চুখৰ খবৰ। বেটী ৰেখা, তুমি মোৰ ছোৱালী যেইচা। মোৰ ছোৱালীৰ বিয়া, মই বহোত খুচী।”
এই বুলি গণেশে চোলাৰ জেপৰপৰা কাগজত মেৰিয়াই অনা টোপোলা এটা খুলিলে। তাত সোণৰ গলপতা, কাণফুলি, নাকফুলি, আঙুঠি, ভৰিত পিন্ধা পায়েল।
বেটী, মইতো গৰীব মানুষ। তোমাৰ কাৰণে মই কি দিবো। মোৰ বিবিয়ে ৰোশনীৰ কাৰণে এই চব জমা কৰি থৈছিল। বিবি যোৱাৰ পিছত মই তাকে চাৱধানে ৰাখি থৈছিলোঁ। এতিয়া তুমি মোৰ ৰোশনী আছে। বিয়াত এই চব পিন্ধিলে খুব চুখ পাম। তোমাক বহোত ধুনীয়া দেখিবো।
ৰেখাৰ চকু চলচলীয়া হৈ আহিছিল।
হঠাতে সাউতকৈ আহি গণেশ তৰকাৰীৱালাৰ ভৰি চুই ক’লে –” গণেশ চাচা, মই নিশ্চয় পিন্ধিম. মই আপোনাৰ ৰোশনী।”
”ৰেখা বেটী, ভগৱান তোমাক বহোত আচিৰ্বাদ কৰিবো। বিয়া কে বাদ মই তোমাক নতুন ঘৰমে দেখিম। মোক ভুলি নাযাবা।”
”চাচা, আপোনাক ৰোশনীয়ে কেতিয়াও নাপাহৰে। আপুনি আহিলে মোৰ খুবেই ভাল লাগিব।”
”বাবুজী, বেহেনজী আজি মই আপনাৰ ঘৰত চাহ-মিঠাই খাবো লড়কীকা চাদী কে কাৰণ। মই মিঠাই আনিছো। এতিয়া চাহ বনাব লাগে বেহেনজী। ঠিক বাত হেয়না বাবুজী?”
আচলৰ আগেৰে চকু মচি ৰেখাৰ মাক ৰান্ধনিঘৰলৈ গ’ল চাহ বনাবলৈ।
বিয়াৰ দিন আহি পৰিল। ৰেখাই সিদিনা ভিতৰৰ কোঠা এটাত বহুতো বান্ধৱী আৰু সম্পৰ্কীয় ছোৱালীবোৰৰ লগত পাটি এখনত জোৰোণত দিয়া পাটৰ মেখেলা-চাদৰ পিন্ধি সাজি-কাচি বহি আছিল। এনেতে গণেশ তৰকাৰীৱালা আহি ওলাল।
”বাবুজী, মই কইনাক দেখিব পাৰোনে?”
”ৰ’বা, মই তাইক মাতি আনিছোঁ।”
অলপ পিছত ৰেখা ওলাই আহিল। তাইৰ ডিঙিত, নাকত, কাণত, আঙুলিত তেতিয়া গণেশে দিয়া অলংকাৰবোৰ জিলিকি আছিল।
গণেশে নীৰৱে তাইৰফালে চাই থাকিল।
হঠাতে গণেশৰ ভৰি চুই ৰেখাই ক’লে – “চাচা, মই আপোনাৰ ৰোশনী।”
গণেশে তাইক সাবটি ধৰি ক’লে – “মই আজি বহোত খুচী। এই দিনটোৰ কাৰণেই মই জীয়াই থাকিলোঁ বেটা। ভগৱান তোমাক বহোত বহোত দোৱা কৰিবো।”
আকাশলৈ চাই গণেশে দুইহাতযুৰি প্ৰণাম জনালে।
চাওঁতে চাওঁতে বছৰবোৰ কেনি যে গ’ল। ৰেখাৰ দুটাকৈ ল’ৰা-ছোৱালী, পঞ্চম আৰু অষ্টম শ্ৰেণীত। আমি ককা-আইতা হলোঁ। আমাৰ দুয়োৰে বয়স পৰি আহিছিল। এদিন গণেশ তৰকাৰীৱালা আহি ওলাল। মাজে মাজে সি ৰেখাৰ ঘৰলৈ যায় তাইক আৰু তাইৰ ল’ৰা-ছোৱালী দুটাক চাবলৈ। আজিকালি সি কান্ধত ভাৰ কঢ়িয়াই শাক-পাচলি বিক্ৰী নকৰে। কেনেবাকৈ চলি আছে।
”বাবু, দেচ যাবো। চৰীৰ ভি ভাল নাই আজকাল। কৌন দিন ওপৰৱালাৰ হুকুম আহে নজানো। মই বিবি কে জাগা মে যায়কে দুনীয়া চোৰকে যাব বিচাৰোঁ বাবু। আপ মেৰা বৰা ভাই যেইচা। কিবা গলতী কিয়াতো মাফ কৰিবো ভাই চাহাব”-গণেশৰ কথা।
সিদিনা গণেশক সাবটি ধৰি বিদায় দিছিলোঁ। মোৰ পত্নীয়ে দুখতে চকুলো পেলাইছিল।
গণেশ দেচলৈ গ’ল। মই অলপ অকলশৰীয়া অনুভৱ কৰিলোঁ। কিছুদিন পিছত গণেশৰ দেচৰপৰা অহা আন এজন তৰকাৰীৱালাৰপৰা গণেশ ঢুকোৱা খবৰটো পালোঁ। মোৰ সঁচাকৈয়ে ভাই এজন হেৰুওৱা যেন লাগিল। ইচ্ছা কৰিয়েই গণেশৰ ৰোশনী মানে ৰেখাক খবৰটো নিদিলোঁ। মোলৈ জানোচা কেতিয়ালৈ বিধাতাৰ হুকুম আহে?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!