গল্পঃ প্লেটফৰ্ম ; মূল ৰচনাঃ ড°টেমচুলা আও (ইংৰাজী)
অনুবাদঃ অৱনী বুঢ়াগোহাঁই
ডিমাপুৰ ৰেল ষ্টেচনৰ লেতেৰা জাবৰ-জোঁথৰ, কোলাহলপূৰ্ণ প্লেটফৰ্মখন দেশৰ আন যিকোনো ঠাইৰ দৰেই; য’ত যাত্ৰা আৰম্ভ হয় অথবা শেষ হয়। এই প্লেটফৰ্মত অন্তহীন যাত্ৰীৰ দৈনন্দিন অহা-যোৱা কৰাটো ভ্ৰমণ আৰু গতিশীলতাৰ প্ৰতি মানুহৰ ব্যস্ততাৰ লক্ষণ। বহুতৰে বাবে এই মঞ্চৰ জৰিয়তে ৰে’লৰ প্ৰস্থান আৰু আগমনৰ হুলস্থূল, নিজৰ মাজতে সাধাৰণ জীৱনবোৰৰ বাবে এক উলম্ব কোলাহল। কিছুমানৰ বাবে ই জীৱিকাৰ উৎস; চাহৱালা, চানাৱালা, পানৱালা, কিতাপ আৰু আলোচনী বিক্ৰেতা আৰু নিশ্চিতৰূপত টিকট অবিহনে বা একেবাৰে টিকট নথকা যাত্ৰীৰ ওপৰত লাভৱান হোৱা দালালবোৰৰ।
টিকটৰ বিষয়ত মানুহৰ সমস্যাবোৰ বাৰু কেনেবাকৈ, শেষ সময়ত কিবা নহয় কিবা প্ৰকাৰে সমাধান হৈ যায়; কাৰণ এই ধূৰ্ত চৰিত্ৰবোৰৰ বাবেই টিকট সংগ্ৰাহকসকলৰ সৈতে ‘বুজাবুজি’ৰ বিস্তৃত নেটৱৰ্কৰ ভিতৰত এজন এজন পাৰ্গত ‘অপাৰেটৰ’ (নগদ ধন আদান-প্ৰদান কৰা লোক) থাকে, যিবোৰ ৰে’ল প্ৰতিদিনে নিশা ডিমাপুৰেদি পাৰ হৈ যায়। কিবা জৰুৰীকালীন অৱস্থাৰ বাবে পূৰ্বনিৰ্দিষ্ট নকৰা কোনো যাত্ৰাত যাবলগীয়া হোৱা বহু যাত্ৰীয়ে এই প্ৰৱঞ্চকবোৰকে তেওঁৰ ত্ৰাণকৰ্তা বুলি গণ্য কৰে; আনহাতে সঁচা কথা ক’বলৈ গ’লে প্লেটফৰ্মত থকা অসংখ্য, হঠাতে গজি উঠা টিকট বিক্ৰেতাৰ বাবে, এই ভ্ৰমণকাৰীসকল হতাশাৰ বলি হ’ব লগা হৈছে, য’ত খোজ দিব লগা হোৱাত এদল প্ৰৱঞ্চকৰ জীৱিকাৰ এক লাভজনক মাধ্যম হৈ পৰিছে।
তথাপি আন এদল কৰ্মী আছে, যিসকলে সৎভাৱে কাম কৰে, এটা প্লেটফৰ্মৰ পৰা আনটো প্লেটফৰ্মলৈ যাত্ৰীবোৰক আৰু তেওঁলোকৰ মাল-বস্তুবোৰ কঢ়িয়াবলৈ বিশাল শাৰীৰিক শক্তি খটুৱায়। সিহঁতক সাধাৰণ ভাষাত ‘কুলী’ অথবা ‘মুটিয়া’ বোলা হয়, যাৰ দেহৰ ‘য়ুনিফৰ্ম’ চোলাটোৰ বুকুত, চকুত পৰাকৈ এটা প্ৰতীকচিহ্ন লগোৱা থাকে। ইহঁতে অনবৰতে এটা ৰঙা ৰঙৰ চাৰ্ট পিন্ধি থাকে, মূৰৰ ওপৰত আধাৰ হিচাপে ব্যৱহাৰ কৰা কাপোৰৰ সৰ্বত্ৰ বিয়পি থকা কুণ্ডলী এটা থাকে, য’ত বিশাল বাকচ আৰু বাণ্ডিলবোৰ ৰে’ললৈ অনা-নিয়া কৰাটো সহজ হয়। এই মানুহবোৰৰ দলটোৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল, দেশৰ আন বহু চহৰৰ দৰেই ইহঁতৰ সকলোকে ‘বহিৰাগত মানুহ’ বুলি গণ্য কৰা হয়, অৰ্থাৎ সিহঁত ‘স্থানীয়’ নহয়, বা সহজ ভাষাত ক’বলৈ গ’লে সিহঁতৰ মাজত কোনো নাগা মানুহ নাই। আমোদজনক কথাটো হ’ল, তেওঁলোকৰ ওপৰত লগাই দিয়া সাধাৰণ চিনাক্তকৰণটো হ’ল ‘বিহাৰী’, তেওঁলোক প্ৰকৃততে সেই ৰাজ্যৰ হওকে বা নহওক। ৰে’লৱেৰ সৈতে সংযুক্ত এই কৰ্মশক্তিক নিৰ্ধাৰণ কৰিবলৈ এই শব্দটো কেতিয়া বা কেনেকৈ প্ৰচলিত হ’ল সেয়া কোৱা টান। জনপ্ৰিয়ভাৱে ‘কুলী’ বুলি কোৱা মুটিয়াৰ দলটো গভীৰভাৱে সমবেত এটা গোষ্ঠী আৰু সকলো ভাতৃত্ববোধৰ দৰেই ইও পৃথিৱীৰ ভিতৰৰ আন এখন পৃথিৱী। ইজনে সিজনৰ কাষত থিয় হৈ আনৰপৰা কোনো ধৰণৰ হস্তক্ষেপ সহ্য নকৰে। আনকি স্থানীয় জনসাধাৰণৰ পৰাও নিবিচাৰে।
ডিমাপুৰ ৰেলষ্টেচনত কৰ্মৰত শ্ৰমিকৰ এনে এটা দল, য’ত কেৱল সিহঁতৰ একচেটীয়া আধিপত্য আছিল, নন্দু নামৰ এটাই ন-শিকাৰু হৈ তাত প্ৰৱেশ কৰিছিল। তাৰ নিজৰ ধৈৰ্য্য আৰু দৃঢ় সংকল্পৰ কাৰণেই নন্দু কেৱল লগৰ লগৰীয়াৰে সৈতেই নহয়, বাৰে বাৰে তালৈ অহা যাত্ৰীসকলৰ মাজতো এজন সন্মানীয় ‘দাদা’ হিচাপে পৰিগণিত হৈ পৰিল, যিসকলে ইতিমধ্যে তাৰ সততা আৰু কষ্টসাধ্য পৰিশ্ৰমৰ বিষয়ে উমান পাইছিল। সিও সিহঁতৰ বেছিভাগৰ দৰেই বিহাৰৰ বাসিন্দা বুলি ধাৰণা কৰা হৈছিল, যিহেতু তাৰ অথবা তাৰ দলৰ আনবোৰৰ বিষয়ে আন কোনো বিৱৰণ জানিব পৰা হোৱা নাছিল। তাৰ মাতৃভাষা ভোজপুৰী আৰু সি হিন্দু। সিমানেই। তথাপি কিন্তু সি হিন্দী, নেপালী, মাৰোৱাৰী ভাষা আৰু আও, চেমা, লোথাৰ দৰে স্থানীয় ভাষা আৰু উপভাষা ক’ব পাৰিছিল। তাৰ সকলোতকৈ ডাঙৰ সম্পদ আছিল, সি সলসলীয়াকৈ নাগাসকলৰ ভাষা নাগামীজ ক’ব পাৰিছিল। যদিও সি কম বয়সতে এই কামত ন-শিকাৰু হিচাপে আৰম্ভণি কৰিছিল, কিন্তু সংযোগী-ভাষাবোৰৰ ওপৰত থকা তাৰ দক্ষতাই চহৰখনলৈ অহা লোক আৰু অটোৰিক্সা চালক আৰু স্থানীয় পৰিবহণৰ কামত নিয়োজিত থকা মানুহবোৰৰ মাজত, মূলতঃ তাৰ বুজাই দিব পৰা ক্ষমতাৰ বাবেই সি অপৰিহাৰ্য্য হৈ পৰিল। কিছুমান টেক্সী ড্ৰাইভাৰে দাম-দৰ কৰাৰ সময়ত গ্ৰাহকৰ মনত এনে বিশ্বাস দিয়াব পাৰিলে যে তাৰ কথা-বতৰাবোৰ পক্ষপাতিত্বহীন আৰু সুৰক্ষাৰ ক্ষেত্ৰত সন্দেহৰ ঊৰ্ধত। ইয়াৰ ফলত সন্তুষ্ট গ্ৰাহকে তেওঁৰ বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজনলৈ এই পৰামৰ্শ দিছিল আৰু তেনেকৈয়ে লাহে লাহে নন্দু হৈ পৰিছিল ডিমাপুৰ ৰেলৱে প্লেটফৰ্মত সকলোৱে আটাইতকৈ বেছি বিচৰা কুলী। আনকি কিছুমান গ্ৰাহকে তাৰ ‘বেজ নম্বৰ ২৫’ বুলিও মনত ৰাখিছিল; সি ন্যায় আৰু নিৰাপত্তাৰ সমাৰ্থক হৈ পৰিছিল, কাৰণ যাত্ৰীসকলক গাড়ীত নিবলৈ বাছি লোৱা চালকসকলে, সদায় নিশাৰ আন্ধাৰতো প্ৰত্যেকৰে বিভিন্ন গন্তব্যস্থানত নিৰাপদে নমাই আহিছিল। এই কৃতজ্ঞ যাত্ৰীসকলে সদায়ে চালকসকললৈ সৰহকৈ টিপছ্ যাচি দিছিল, সেইবাবে অতিৰিক্ত উপাৰ্জন পোৱাত পলম হোৱা সময়খিনিৰ বাবে আপত্তি কৰা নাছিল। সেইবাবেই, প্ৰতিদিনে ৰে’ল এখন ষ্টেচনত সোমোৱাৰ পিছত, যাত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা কুলীৰ ‘বাবু, বাবু’ৰ মাতবোৰত, যাত্ৰীসকলৰ ‘নন্দু, নন্দু’ বুলি জ্ঞাতভাৱে মতা চিঞৰ-বাখৰবোৰ মিহলি হৈ পৰিছিল আৰু চাই থাকোঁতেই প্ৰথম সুবিধা লোৱাৰ বাবে হুলস্থূল কৰা অসংখ্য যাত্ৰীয়ে তাক আগুৰি পেলাইছিল।
ডিমাপুৰৰ জীৱনটো ভাল পাইছিল নন্দুৱে; সি থলুৱা মানুহবোৰক সহনশীল, মুকলি মনৰ আৰু আচৰিত ধৰণে সামাজিক ভাগ ভাগত বিশ্বাস নৰখা মানুহ বুলি গম পাইছিল। যেতিয়া সি ইয়াত প্ৰথমবাৰৰ বাবে ধনী পৰিয়াল এটাত দৈনিক মজুৰি হিচাপত কাম কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া তাক পৰিয়ালটোৱে ভাল ব্যৱহাৰ কৰিছিল আৰু প্ৰায়ে পানী, চাহ, জলপান দিয়া হৈছিল, যিটো তাৰ ঘৰত কল্পনাও কৰিব নোৱাৰা কথা আছিল। দিনৰ পোহৰ আৰু ৰাতি দুয়োটাতে সি চহৰখনত মুক্তভাৱে ঘূৰি ফুৰিব পাৰিছিল। গৰমৰ দিনত গৰম কিছু তীব্ৰ আছিল, যদিও তাৰ নিজা ‘দে’চখনো’ জানো তেনেকুৱাই নাছিল! কিন্তু শেহতীয়াকৈ কিছুদিন আগতে কাম কৰা মাৰোৱাৰী ব্যৱসায়ীৰ পৰা শুনা কথাবোৰে তাৰ মনটো বিচলিত কৰি পেলাইছিল। প্ৰথমবাৰৰ বাবে নন্দুৱে শুনিলে যে ‘বাহিৰৰ মানুহ’ শব্দটো অস্থানীয় লোকৰ বাবে ব্যৱহাৰ কৰা হৈছে, প্ৰায় শত্ৰুৰ অৰ্থত। সি গম পালে যে বৈধ ইনাৰ লাইন পাৰ্মিট নথকা সকলো বাহিৰৰ লোকক বিতাড়িত কৰাৰ গুৰুতৰ পদক্ষেপ লোৱা হৈছে। নন্দুৱে জানিছিল যে আন এটা সম্প্ৰদায়ৰপৰা শেহতীয়াকৈ অহা বহু নতুন লোকে ইতিমধ্যে জাল নথি-পত্ৰ লৈ জীৱন নিৰ্বাহ কৰি আছে আৰু প্ৰস্তাৱিত অভিযানটো মূলতঃ সিহঁতৰ বিৰুদ্ধে লক্ষ্য কৰি লোৱা হৈছিল। এজন অশিক্ষিত শ্ৰমিক হ’লেও সি লগে লগে বুজি পালে যে স্থানীয় লোকৰ মনবোৰ কিহৰ বাবে উত্তেজিত হৈ আছে।
ষাঠিৰ দশকত যেতিয়া সি প্ৰথমবাৰৰ বাবে ডিমাপুৰত তাৰ ভৰিৰ খোজ পেলাইছিল, তেতিয়া তাৰ দৰে মানুহ বেছি নাছিল; স্থানীয় লোকৰ সংখ্যা আন ঠাইৰ লোকতকৈ বেছি আছিল। কিন্তু এতিয়া, ‘বাংলাদেশী’ নামেৰে জনাজাত এই আনটো গোটৰ মানুহৰ আগমনৰ ফলত চহৰখন উফন্দি উঠিছে। সিহঁতবোৰে স্থানীয় আৰু অস্থানীয় উভয় ঘৰতে বন-বাৰী কৰা শ্ৰমিক আৰু ঘৰুৱা চাকৰ হিচাপে আৰম্ভ কৰিছিল, অথবা ধনী, স্থানীয় মাটিৰ মালিকৰ ধাননি পথাৰ আৰু অন্যান্য বাগিচাৰ লগতে চহৰৰ সীমাবোৰত থকা বহুতো ইটা ভাটাত কাম কৰিছিল। কিন্তু এই অধিক উদ্যমী পলমকৈ অহা লোকসকলে, অতি সোনকালেই আন উদ্যোগতো অনুপ্ৰৱেশ কৰিলে আৰু প্ৰায় সকলো খুচুৰা বজাৰতে শাক-পাচলি বিক্ৰেতা আৰু শুকান মাছ বিক্ৰেতা হিচাপে দখল কৰিবলৈ সক্ষম হ’ল; হাঁহ-কুকুৰাৰ উৎপাদন কেন্দ্ৰ আৰু গেলামালৰ দোকানত তেওঁলোকৰ সম্পূৰ্ণ একচেটীয়া অধিকাৰ আনিল। ৰেডিমেড কাপোৰৰ দোকান, জোতাৰ দোকান আৰু নাপিতৰ দোকানবোৰ তেওঁলোকৰ হাতত ফলে ফুলে জাতিষ্কাৰ হৈ উঠিল। কেৱল পাইকাৰী মাছৰ বজাৰখন তথাকথিত ‘বিহাৰী’ৰ নিয়ন্ত্ৰণত আছিল। কিন্তু অৱশেষত যেতিয়া স্থানীয় জনসাধাৰণে উপলব্ধি কৰিবলৈ ধৰিলে যে তেওঁলোক এই উদ্যোগীসকলৰ ওপৰত কিমান নিৰ্ভৰশীল হৈ পৰিছে আৰু এই ‘বাহিৰৰ লোকসকলে’ অৰ্থনীতি কেনেকৈ নিয়ন্ত্ৰণ কৰিছে, তেতিয়া তেওঁলোকে আন্দোলন কৰিবলৈ ধৰিলে। জনসাধাৰণৰ ক্ষোভ মূলতঃ এই বিশেষ গোটটোৰ বিৰুদ্ধে আছিল, কাৰণ তেওঁলোকৰ ক্ৰমবৰ্ধমান অৰ্থনৈতিক প্ৰভাৱ আৰু স্থানীয় ৰাজনীতিবিদসকলে তেওঁলোকক দিয়া পৃষ্ঠপোষকতা: তেওঁলোকৰ সংখ্যাই এটা ডাঙৰ ভোট-বেংক গঠন কৰিছিল। কিন্তু নন্দুৱে জানিছিল যে শেষ খেলাখন আৰম্ভৰ কথা আহিলে সকলোবোৰ ‘বাহিৰৰ মানুহে’ বলপূৰ্বক উচ্ছেদৰ বোজা বহন কৰিব, যদিও সি আৰু তাৰ সমাজে শক্তিশালী মাৰোৱাৰী ব্যৱসায়ী সমাজৰ পৃষ্ঠপোষকতা লাভ কৰিব—যিসকলে অস্থানীয় হ’লেও অধিক সুবিধাজনক স্থান দখল কৰি আছে।
নাগালেণ্ডত তেওঁলোকৰ প্ৰৱেশ আৰু তাত বাস কৰাৰ এক বেলেগ ঐতিহাসিক পটভূমি আছিল। বহুতো ডাঙৰ ডাঙৰ মাৰোৱাৰী ব্যৱসায়িক ব্ৰিটিছে পূৰ্বৰ নগা পাহাৰ জিলাত ব্যৱসায় কৰিবলৈ দিয়াসকলৰ বংশধৰ আছিল এওঁলোক, আৰু সেয়েহে, তেওঁলোকৰ সম্প্ৰদায়টোক—আনকি পিছলৈ তেওঁলোকৰ শাৰীত যোগদান কৰিবলৈ অহাসকলকো—এইসকলতকৈ অধিক ‘খিলঞ্জীয়া’ বুলি গণ্য কৰা হৈছিল ৰাজ্যখনত তুলনামূলকভাৱে নতুনকৈ প্ৰৱেশ কৰা লোকৰ ক্ষেত্ৰত। ইয়াৰ উপৰিও তেওঁলোকে ৰাজ্যখনৰ সমগ্ৰ বস্ত্ৰৰ পাইকাৰী বজাৰখন নিয়ন্ত্ৰণ কৰিছিল, সকলো হাৰ্ডৱেৰ ডিলাৰশ্বিপৰ মালিক আছিল, গধুৰ নিৰ্মাণ কামত অংশীদাৰিত্ব আছিল আৰু ক্ষমতা-ধাৰীসকলৰ সৈতে শক্তিশালী সম্পৰ্ক আছিল।
নন্দুৰ দৰে এটা সাধাৰণ মানুহৰ বাবে অৱশ্যে এনে সামাজিক পৰিবৰ্তন আৰু তাৰ লগত জড়িত উত্তেজনাবোৰ আছিল বেলেগ; ৰাতিপুৱাই আৰম্ভ হোৱা আৰু সন্ধিয়া শেষ হোৱা দৈনন্দিন অস্তিত্বৰ সংগ্ৰামৰ পৰিসীমাত আৱদ্ধ। দুমুঠি আহাৰ আৰু কিবা এটা থৈ দিব পৰাকৈ উপাৰ্জন কৰিলেই সুখী হৈছিল। কিন্তু তাৰ জীৱনৰ এই অজটিল জীৱন যাপনলৈ এতিয়া ভাবুকি আহিল। এই মুহূৰ্তত তাৰ উদ্বিগ্নতা সম্পূৰ্ণৰূপে নিজৰ বাবে নাছিল; সি বহু আগতেই আন্তৰিক মমতাৰ বাবে এদিন শীতকালত প্লেটফৰ্মৰ পৰা তাৰ সম্প্ৰদায়ৰ আপত্তি আৰু সতৰ্কবাণীৰ পিছতো তাক নিজৰ পুত্ৰ হিচাপে তুলি লৈছিল। যেতিয়া গম পোৱা গ’ল যে সি ল’ৰাটোৰ পূৰ্বসূৰীৰ বিষয়ে একো নাজানে, তেতিয়া লগৰ মানুহবোৰে ল’ৰাটোক আৰক্ষীৰ ওচৰলৈ লৈ যাবলৈ পৰামৰ্শ দিছিল। কিন্তু নন্দুৰ একোৱেই কবলৈ নাছিল; বৰঞ্চ সি কেৱল হাঁহিছিল আৰু তেওঁলোকক ক’লে যে সি যি কৰিবলৈ লৈছে তাৰ বাবে সি আচলতে ‘পুণ্য’হে উপাৰ্জন কৰিব। গতিকে এই অচিনাকি সৰু ল’ৰাটো, নন্দুৰ তোলনীয়া পুত্ৰ হৈ পৰিল আৰু যেতিয়া তাৰ বয়স বাঢ়িল, তেতিয়া ‘পিতৃয়ে’ তাক নিজৰ অভিজ্ঞতাৰ কঠোৰতাৰ মাজেৰে পাৰ কৰি নিছিল, প্ৰথমে ঠেলাৱালা আৰু ৰিক্সাচালক হিচাপে আৰু শেষত তাক কুলীৰ দলত দীক্ষা দিলে। ল’ৰাটো তেতিয়ামানে কুলী হিচাপে পঞ্জীয়ন হোৱাৰ উপক্ৰম হৈছিল। তাৰ পৰিচয়? বিহাৰী হিন্দু।
কিন্তু এই গৃহহীন ল’ৰাটোৰ এটা অন্ধকাৰ গোপনীয়তা আছিল আৰু এতিয়া নন্দুৱে উপলব্ধি কৰিলে যে সেই বহু বছৰৰ আগতে পৰিত্যক্ত শিশু এটাৰ প্ৰতি থকা মৰমৰ বাবে সি যি কৰিছিল, এতিয়া ইয়াৰ বাবেই সিহঁতৰ জীৱনৰ বাবে এক ভয়াৱহ ভাবুকি হৈ পৰিছে। কাৰণ সোতৰ বছৰতকৈও অধিক সময় ধৰি ‘পিতৃ’ৰ দৰে প্ৰায় সকলো ভাষা কোৱা, হিন্দু হিচাপে সকলো উৎসৱ-পৰ্ব আৰু পূজা পালন কৰা এই ল’ৰাটো আচলতে সীমাৰ সিপাৰৰ মুছলমান আছিল। নন্দুৱে এই কথা একেবাৰে আকস্মিকভাৱে আৱিষ্কাৰ কৰিছিল, ল’ৰাটোক ৰে’লপথৰ ওচৰৰে এটা কোঠাৰ স্নানাগাৰত ঘৰলৈ অনাৰ কিছুদিন পিছত প্ৰথমবাৰ বলপূৰ্বক গা ধুওৱাৰ সময়ত। প্ৰথমতে ল’ৰাটোক বোবা যেন লাগিছিল; এটা শব্দও সি উচ্চাৰণ কৰা নাছিল, কিন্তু কিবা এটাই শ্বাসৰুদ্ধ কৰি ৰখাৰ দৰে দীঘলীয়া উশাহ এৰিছিল। আৰু নন্দুৱে বাৰে বাৰে কোৱাৰ বিপৰীতে গা ধোৱাটো দূৰৰ কথা, সি কেৱল পানী স্পৰ্শ কৰিবলৈকো অস্বীকাৰ কৰিছিল। গতিকে এদিন সন্ধিয়া তেওঁ ল’ৰাটোক নিজেই গা ধুৱাবলৈ আগবাঢ়িল আৰু বলপূৰ্বক গা ধোৱাৰ সময়তে নন্দুৱে ভয়ংকৰ সত্যটো আৱিষ্কাৰ কৰিলে: ল’ৰাটোৰ চুন্নত কৰা হৈছে!
নন্দুৰ মেৰুদণ্ডৰ তললৈকে, চেঁচা কিবা এটা দৌৰি গ’ল; তিতা মাটিত লেপেটা কাঢ়ি বহি লৈ, সি কি কৰিব লাগিব বুলি ভাবিবলৈ ধৰিলে। ল’ৰাটোক ইটা ভাটাৰ ওচৰৰ বাংলাদেশী বাসস্থানলৈ লৈ গৈ মুখীয়া মানুহজনক ক’ব লাগিবনে যে সি ল’ৰাটোক ৰে’লৰ প্লেটফৰ্মৰ পৰা তুলি লৈ তাৰ প্ৰকৃত পৰিচয়ৰ বিষয়ে সম্পূৰ্ণ অজ্ঞ হৈ নিজৰ তোলনীয়া পুত্ৰ হিচাপে ডাঙৰ-দীঘল কৰিলে? তেওঁলোকে তাক বিশ্বাস কৰিবনে? বিশেষকৈ যেতিয়া সি জানিছিল যে দুয়োটা সম্প্ৰদায়ৰ মাজত সদায় উতলি থকা অনাস্থা বিদ্যমান হৈ থাকে? ল’ৰাটোক অপহৰণ কৰি আৰক্ষীৰ হাতত গতাই দিয়াৰ অভিযোগ উঠিব বুলি খুবেই সম্ভাৱনা আছিল। আৰু তাৰ নিজৰ মানুহবোৰে—মুছলমান ল’ৰা এটাক তুলি লোৱাৰ বাবেই তেওঁক ‘অস্পৃশ্য’ বুলি ঘোষণা নকৰিবনে? দুবাৰকৈ পৰিত্যক্ত হোৱা এইদৰে অসহায় ল’ৰাটিক এৰি দিব পাৰিবনে? এই সকলোবোৰ কথা সি কিছু সময় ভাবিলে, ল’ৰাটোৰ মুখখনলৈ মনোযোগেৰে চাই গম পালে যে এই সৰু অসহায় ল’ৰাটোক জানি-বুজি ইমান অন্ধকাৰ ভৱিষ্যতৰ আওতালৈ থেলি দিয়াৰ হৃদয় তাৰ নাই। সি সংকল্প ল’লে যে তাক ৰক্ষা কৰি এটা নিৰাপদ জীৱন দিব। জীৱনৰ সেই পৰ্যায়ত, নন্দু আত্মবিশ্বাসেৰে ভৰা আছিল আৰু এটা মিছা সাহসেৰে বিশ্বাস কৰিছিল যে সি ল’ৰাটোক কেৱল আনৰ পৰাই নহয়, নিজৰ প্ৰকৃত পৰিচয়ৰ পৰাও ৰক্ষা কৰিব পাৰিব। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই মুহূৰ্তত সি যিটো উপলব্ধি কৰাত অসফল হ’ল, সেয়া হ’ল যে সি এটা পৰম্পৰাৰ বিৰুদ্ধে নিজৰ পৰিচালিত ধাৰণাৰে আন এটা মানুহৰ ভাগ্য নিৰ্দ্ধাৰণ কৰাৰ প্ৰস্তাৱ দিব বিচাৰিছিল!
তেতিয়াও কোনো সঁহাৰি নিদিয়া শিশুটোৰ গা মছি, শুকুৱাই, নতুন কাপোৰ পিন্ধাই কোলাত বহুৱাই আকৌ সুধিলে তাৰ নাম কি। ল’ৰাটোৱে আগৰ দৰেই বোবা হৈয়ে ৰ’ল। কিন্তু সেই নিশা বুজাবলৈ লৈ নন্দুৱে তাক ক’লে,”সুনো, তুমহাৰা নাম অজয় হায়, সমঝা?”
নাই, তেতিয়াও কোনো প্ৰতিক্ৰিয়া নাই, গতিকে নন্দুৱে ল’ৰাটোৰ কাণৰ ওচৰত জোৰেৰে চিঞৰি ক’লে,”অজয়, অজয়, অজয়, সমঝা? তুমহাৰা নাম অজয় হোগা।”
ল’ৰাটোৱে যেন স্তব্ধ হৈ থকাৰ পৰা কিছু লৰচৰ কৰিলে। নন্দুৰ কোলাৰ পৰা উবুৰি হোৱাৰ দৰে বগাই ওলাই আহি সি জুপুৰিটোৰ বেৰত বগাই উঠিল ঠিক যিদৰে নন্দুৱে সেই নিশাৰ প্লেটফৰ্মৰ আটাইতকৈ দূৰৰ খুঁটাটোৰ ওচৰত বগোৱা দেখা পাইছিল। মানুহটো আৰু ল’ৰাটো, দুয়োটাই ইটোৱে সিটোৰ ফালে চাই থাকিল, কোনোটোৱেই লৰচৰ কৰা নাছিল, বা কথাৰে যোগাযোগ কৰিবলৈও চেষ্টা কৰা নাছিল। ল’ৰাটোৱেই প্ৰথমে নন্দুৰ ফালে আগবাঢ়ি তাৰ ধুতিখন টানি ক’লে,”আমাৰ নাম আজমল।”
নন্দুৱে জাঁপ মাৰি উঠিল আৰু থিয় হৈয়ে ল’ৰাটোক চিঞৰি চিঞৰি ক’লে,”তুমহাৰা নাম অজয়, সমঝা?”
ল’ৰাটোৱে ডাঙৰ মানুহটোৰ চকুত খং দেখিবলেৈ পাই, সি নিজে নিজে তললৈ নামি গৈ কান্দিবলৈ ধৰিলে। যেতিয়া তাৰ উচুপনিবোৰ মাৰ গ’ল, তেতিয়া সি মাত্ৰ এটা শব্দ উচ্চাৰণ কৰিলে, “অজয়।” কণমানি ল’ৰাটোৱে বিশেষ হুলস্থূল নকৰাকৈয়ে নিজৰ নতুন পৰিচয়টো মানি লোৱাত নন্দুৱে আনন্দত আত্মহাৰা হৈ পৰিল। কিন্তু তথাপি তাৰ চিন্তা আছিল যে যদি কোনোবাই ল’ৰাটোক নাঙঠ অৱস্থাত দেখা পায়, তেন্তে বচাই থোৱা গোপন কথাটো ওলাই পৰিব। গতিকে ল’ৰাটোক ওচৰলৈ টানি আনি ক’লে যে সি কেতিয়াও আনৰ আগত নাঙঠ হৈ দেখা দিব নালাগে। সি এইটোও ক’লে, পুখুৰীত তাৰ বন্ধুবোৰৰ সৈতে গা ধুবলৈ যাব নালাগে।
“কেতিয়াও নাযাবি। কোনোবাই যদি সোধে, কবি যে তই সাঁতুৰিব নাজান, বুজিছ?”
ল’ৰাটোৱে বোবাভাৱে নিজৰ ‘দেউতাক’ৰ ফালে চাই নম্ৰভাৱে মাত দিলে কিন্তু নন্দুৱে অনুভৱ কৰিলে যে সি এতিয়া সৰু হ’লেও ল’ৰাটোৱে বুজি পাইছে যে সি কিছু ‘পৃথক’ আৰু চৌপাশৰ আন ল’ৰাবোৰৰ ওচৰত আৰু নিজৰ নিৰাপত্তাৰ বাবে শৰীৰৰ এই অংশটোৰ সেই পাৰ্থক্যটো আন সকলোৰে দৃষ্টিৰ পৰা লুকুৱাই ৰাখিব লাগিব।
কিন্তু এই নাম সলনা-সলনিৰ সময়ত নন্দুৱে যিটো বুজিব নোৱাৰিলে সেয়া হ’ল সি আৰু এই কণমানি কেও-কিছু নোহোৱা শিশুটি দুয়োজনেই দুখন সুকীয়া জগতৰ অন্তৰ্গত, য’ত জন্মৰ মুহূৰ্তৰ পৰাই তেওঁলোকৰ পৰিচয় আৰু ভাগ্য, দুটা বিৰোধী শক্তিৰ নিৰ্দেশ আৰু সূক্ষ্মতাৰ নিৰ্দিষ্টতাৰ দ্বাৰা নিৰ্ধাৰিত হয়। এই বৰ্জনৰ প্ৰক্ৰিয়াটো শিশুৰ নামকৰণৰ পৰাই আৰম্ভ হয়, যাৰ ফলত সামগ্ৰিকভাৱে বিশ্বই জানিব পাৰে যে তেওঁলোক কোন সম্প্ৰদায়ৰ। সৰু ল’ৰাটোৱে যেতিয়া নিজৰ নতুন নামটো মানি লৈছিল, তেতিয়া আচলতে অচিন পৰিৱেশত কোনো সমৰ্থন বা ৰক্ষক নোহোৱাকৈ হেৰাই যোৱাৰ অনুভৱৰ পৰাই সেইটো আহিছিল। অৱচেতনভাৱে সি হয়তো বিপদৰ কথাটো বুজি পাইছিল; কিন্তু ইয়াৰ অৰ্থ মূল পৰিচয়ৰ কোনো ধৰণৰ ত্যাগ নাছিল। ভাষাটো শিকাৰপৰাই ল’ৰাজনে নিজৰ সম্প্ৰদায়ৰ সংযোগৰ সূক্ষ্মতাবোৰ নিজৰ কৰি ল’লেহেঁতেন, যিবোৰক সি নিজৰ প্ৰকৃত নামটোৰ আৰম্ভণিৰ ঘোষণাৰ সময়ত গুৰুত্ব দিবলৈ চেষ্টা কৰিছিল। কিন্তু এই সূক্ষ্ম প্ৰভাববোৰে নন্দুৰ সৰল মনটোত ছাপ পৰা যেন নাছিল। সি কেৱল ভাবিছিল যে মুছলমানৰপৰা হিন্দু নাম উদ্ভাৱন কৰা, ঘৰৰ চুণকাম কৰাৰ দৰেই সাৰ পাই থকা সময়খিনিৰ বাবে যথেষ্ট হ’ব আৰু ই তাৰ ‘পুত্ৰ’ক ভৱিষ্যতৰ সকলো বিপদৰ পৰা ৰক্ষা কৰিব।
সেয়ে, ৰেলপথৰ কাষত খেৰৰ জুপুৰি এটাত টিপচাকি জ্বলাই এই সৰু নাটকখনৰ ফলস্বৰূপে, আজমল নামৰ সৰু মুছলমান ল’ৰা এটা কুলী আৰু লাইনচ্ মেনৰ কামত নিয়মীয়াকৈ উপস্থিত আৰু কৰ্মৰত হৈ অজয় হৈ পৰিল। যদিও এয়া সোতৰ বছৰমানৰ আগৰ কথা, তথাপি এতিয়া তাৰ পিতৃয়ে তাৰ ভৱিষ্যতক লৈ বৰ চিন্তিত হৈ পৰিছিল। বুঢ়া হৈ অহা ‘কুলী’য়ে সিদ্ধান্ত লৈছিল যে সি কিবা এটা কৰিব লাগিব, যাতে ল’ৰাটোৱে এই অচিনাকি দেশখনত নিৰাপদ আশ্ৰয় এটা বিচাৰি পায়, য’ত তাৰ নিৰ্বোধ ভালপোৱাৰ বাবেই সি নিজ ‘পুত্ৰ’ক সত্যৰ প্ৰত্যাহ্বানত দুবাৰকৈ প্ৰশ্নচিহ্ন লগোৱা এক সমাজচ্যুত মানুহ কৰি তুলিছে; সি অজানিতে নিজৰ ‘পুত্ৰ’ক ‘বহিৰাগত’ ভূ-ৰাজনৈতিক সংজ্ঞাত দুবাৰকৈ অপমানিত কৰিছিল; সেয়ে বেচেৰা ল’ৰাটোৰ স্থিতি ক’তো নোহোৱাৰ মাজত আছিল। নন্দুৱে অস্থিৰতাৰে নিজৰ বিকল্পবোৰ বিবেচনা কৰিলে: তাক নিজৰ গাঁৱলৈ লৈ যাব পাৰিবনে? ওঁহো, নহ’ব। শেষবাৰলৈ যেতিয়া ডিমাপুৰ এৰি যোৱাৰ সময়ত, সি তাক অকলে এৰি যাব পাৰিবনে? নাই, নোৱাৰে।
নন্দুৱে গোটেই দিনটো ঘৰতে এই দুৰ্বল দ্বিধাদ্বন্দ্বৰ ওপৰত চিন্তা কৰি কটালে। অজয় কৰ্মস্থলীৰপৰা ঘৰলৈ অহাৰ সময়লৈকে নন্দুৱে এটা সিদ্ধান্তত উপনীত হৈছিল: অজয়ৰ আগত স্বীকাৰোক্তি দিব, তাৰ ওচৰত ক্ষমা খুজিব, আৰু দুয়ো একেলগে ভৱিষ্যতৰ কামৰ বিষয়ে আলোচনা কৰিব। অজয়ৰ কাষতে বহি আহাৰ খোৱাৰ পিছত অনুতপ্ত মানুহটোৱে ক’লে: “চা ‘বেটা তই মোৰ নিজৰ ল’ৰা নহয়।”
যাৰ উত্তৰত অজয়ে খঙেৰে নিস্পৃহভাৱে ক’লে, “অঁ…, মই জানো।”
নন্দুৰ প্ৰশ্নৰ উত্তৰত ল’ৰাটোৱে কৰা শ্লেষপূৰ্ণ কঠোৰ শব্দকেইটাই প্ৰকৃতপক্ষে সি শাৰীৰিক আঘাত যেন অনুভৱ কৰিলে, লগতে অজয়ৰ সুৰৰ সলনি আৰু সদায়ে মাতি থকা সম্বোধন, ‘বাপু’ৰ অনুপস্থিতিও অনুভৱ কৰিলে! নন্দুৱে জানিবলৈ চেষ্টা কৰিছিল যে অজয় কিয় অস্থিৰ আৰু হতাশ হৈ পৰিছে যোৱা এমাহমানৰ পৰা, বিশেষকৈ যেতিয়া সকলো বহিৰাগত লোকক বিতাড়িত কৰাৰ উৰাবাতৰিবোৰ বিয়পিবলৈ আৰম্ভ কৰিছিল।
সি এতিয়া ডাঙৰ ল’ৰা, নিজৰ সত্যৰ প্ৰতি সচেতন আৰু তাক কৰা বিশ্বাসঘাটকতাৰ বাবে ‘দেউতাক’ক দোষাৰোপ কৰিবলৈ আৰম্ভ কৰিছিল, যিদৰে সি কথাবোৰ দেখি আহিছিল।
বহুবাৰ নন্দুৱে তাৰ লগত কথা পাতিবলৈ মন কৰিছিল, যদিও অজয়ৰ বেয়া মেজাজৰ বাবে সি ৰৈ গৈছিল। কেৱল তাৰ প্ৰতি থকা ভালপোৱাৰ বাবেহে তেনে কৰিবলৈ বাধ্য হৈছিল বুলি বুজাবলৈ, সকলো সুযোগ হেৰুৱাই নন্দুৱে এতিয়া নিজৰ ‘পুত্ৰ’ৰ চাৱনিত দেখা প্ৰত্যাখ্যানে নন্দুক সম্পূৰ্ণ বিধ্বস্ত কৰি পেলালে। সঁচাকৈয়ে হতাশ হৈ সি একো নোকোৱাকৈয়ে চাৰপাইখনত ঢলি পৰিল। অজয়ে বহু সময় তাত থাকি এটা শব্দও নোকোৱাকৈ বা বিছনাত বহি থকা মানুহজনৰ ফালে চকু নোতোলাকৈ ওলাই গ’ল। ……… অৱশেষত ভাগৰে বিহ্বল নন্দুক ঢাকি ধৰিলে আৰু অসুখী টোপনি এটাৰ বেহুত সোমাই পৰিল।
content
content