গীতি-সাহিত্য— পাপৰি বৰ্মন

লেখক-

পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ (১৮৭২-১৯২৮) মতে অসমীয়া ভাষাৰ আৰম্ভণিৰে পৰা ৮০০ শকাব্দলৈ অসমীয়া সাহিত্যক ‘গীতি যুগ’ বুলি উল্লেখ কৰিছে৷ অনুষ্ঠানমূলক, আখ্যানমূলক আৰু বিবিধ লোকগীতেৰে সমৃদ্ধ হৈ আছে গীতি-সাহিত্যৰ প্ৰথম নিদৰ্শন অসমীয়া লোকগীতসমূহ৷


সেই সময়ত কলিকতাত পঢ়িবলৈ যোৱা ছাত্ৰসকলৰ প্ৰচেষ্টাতে ‘আধুনিক গীত’ৰ ধাৰাৰ আগমন ঘটে৷ ১৮৮৮ চনত ‘গীতাৱলী’ পুথি ৰচনাৰে সত্যনাথ বৰাই আধুনিক গীতি-সাহিত্যক ‘গ্ৰন্থ’ৰূপে তুলি ধৰে৷ পিছে অসমীয়া আধুনিক গীতৰ বিকাশ কিন্তু নাটকৰ মাজেৰেহে হয়৷ লক্ষ্মীৰাম বৰুৱাৰ ‘সংগীত কোষ’ আৰু ‘সংগীত সাধনা’ নামৰ গ্ৰন্থ দুখনে অসমীয়া গীতি-সাহিত্যক সমৃদ্ধ কৰিছে৷ ইয়াৰ পিছত গীতি-সাহিত্য বিষয়ক বহুকেইখন গ্ৰন্থ ৰচনা হ’লেও অম্বিকাগিৰী ৰায়চৌধুৰী আধুনিক গীত ৰচনাৰ এজন শক্তিশালী গীতিকাৰ৷ তেখেতৰ গীতবোৰত ভাষা প্ৰয়োগ, সূক্ষ্ম চেতনা অতিশয় ব্যাপ্ত আছিল৷ গীতি-সাহিত্যৰ প্ৰথম পৰ্যায়ৰ কমলানন্দ ভট্টাচাৰ্য, পাৰ্বতী প্ৰসাদ বৰুৱা, তফজ্জুল আলিৰ দৰে গীতিকাৰৰ নাম উল্লেখযোগ্য৷ এই গীতিকাৰসকলৰ গীতত মানবিশিষ্ট সাহিত্যৰ দিশসমূহ দেখা যায়৷


গীতি-সাহিত্যৰ দ্বিতীয় পৰ্যায় আৰম্ভ হয় প্ৰাক-স্বাধীনতাৰ সময়ৰ পৰা একবিংশ শতিকালৈ৷ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পাৰ্বতী প্ৰসাদ বৰুৱা, ভূপেন হাজৰিকা, মহেন্দ্ৰ বৰা আদি বিভিন্নগৰাকীৰ গীতেৰে অসমীয়া গীতি-সাহিত্য চহকী হৈছে৷ এখেতসকলৰ গীতসমূহত থলুৱা সুৰ, তাল-লয়ৰ সৈতে পশ্চিমীয়া সংগীতৰ সুষম সমাহাৰ ঘটিছে৷


আধুনিক অসমীয়া গীতত জ্যোতি-বিষ্ণুৰ অৱদানৰ লগতে ভূপেন হাজৰিকাৰো অৱদানো অপৰিসীম৷
জুবিন গাৰ্গ, অংগৰাগ মহন্ত, মানস ৰবিন আদিয়ে গীতি-সাহিত্যৰ তৃতীয় পৰ্যায় অৰ্থাৎ একবিংশ শতিকাক সামৰি লয়৷ তদুপৰি ঊনবিংশ শতিকাৰ বহুকেইজন গীতিকাৰে এতিয়াও আধুনিক গীত ৰচনা কৰি আহিছে৷ আধুনিক গীতৰ কোনো ধৰাবন্ধা নিয়ম নাই বাবে এই গীতসমূহ স্বাধীন৷ আধুনিক গীতৰ সকলো অৱশ্যে গীতি-সাহিত্যৰ পৰিসীমাৰ ভিতৰত নহয়৷ গীতি-সাহিত্যই ভিন্ন পৰ্যায় অতিক্ৰম কৰিলেও সময়ে কিছুমান গীতক পৰ্যায়ৰ মাজত সীমাবদ্ধ নাৰাখি আজিলৈ জনতাৰ মাজত বোৱাই ৰাখিছে৷

এই সংখ্যাটোৰ আঁৰত-

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!