গেব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেজৰ সৈতে এক সাক্ষাত্কাৰ: মূল: মেনুৱেল ওচ’ৰিঅ (দ্য ইউনেস্ক’ কুৰিয়াৰত প্ৰকাশিত)

অনুবাদ- নয়নজ্যোতি

১৯২৭ চনত কলম্বিয়াৰ আৰাকাটাকা গাঁৱত জন্মগ্ৰহণ কৰা গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজে ১৯৬৭ চনত প্ৰকাশিত Cien años de soledad (১৯৭০ চনত ইংৰাজীত One Hundred Years of Solitude নামেৰে প্ৰকাশিত) উপন্যাসখনৰ জৰিয়তে আধুনিক উপন্যাসখনৰ এক পাৰদৰ্শী কলাকাৰ হিচাপে উজলি উঠিছিল। ১৯৮২ চনত নোবেল বঁটা পোৱাৰ পিছত তেওঁ বিশ্বৰ এক পৰিচিত নাম হৈ পৰে। এই সাক্ষাত্কাৰত তেওঁ লেটিন আমেৰিকা সম্বন্ধে তেওঁৰ দৃষ্টিভংগী আৰু বাস্তৱৰ সৈতে চমত্কাৰী উপাদানৰ মণিকাঞ্চন সংযোগ ঘটি প্ৰাত্যহিক জীৱনক এক ৰহস্যময় আৰু বিশ্বজনীন মাত্ৰা প্ৰদান কৰা তেওঁৰ সাহিত্যকৰ্মৰ মুখ্য বিষয়সমূহৰ বিষয়ে আলোকপাত কৰিছে। 

এই সাক্ষাত্কাৰটি গ্ৰহণ কৰিছে পেৰুৰ সাংবাদিক মেনুৱেল ওচ’ৰিঅই। 

 

:- লেটিন আমেৰিকাত বিভিন্ন তৰহৰ সংস্কৃতি একত্ৰিত হৈ নতুন আৰু চহকী সংস্কৃতিৰ সৃষ্টি কৰিছে। এই আন্তঃমিশ্ৰণৰ বিষয়ে লেটিন আমেৰিকানসকল সচেতন হয়নে? 

নিজৰ কথা ক’বলৈ গ’লে, লেখক হিচাপে মোৰ কিছু অভিজ্ঞতা থকা সত্ত্বেও তথা বিভিন্ন সমাজ আৰু ৰাজনৈতিক ব্যৱস্থাৰ সৈতে থকা সঘন যোগাযোগে লেটিন আমেৰিকাৰ সংস্কৃতিৰ অন্যান্য দিশৰ বিষয়ে মোৰ বুজাবুজি বৃদ্ধি কৰিছে যদিও মই মাত্ৰ কেইবছৰমানৰ আগতেহে এই বিষয়ে সচেতন হৈছোঁ। আফ্ৰিকা ভ্ৰমণ কৰি থাকোঁতে তাত থকা জনপ্ৰিয় শিল্পৰ কিছুমান ৰূপ আৰু কেৰিবিয়ানৰ বিভিন্ন দেশৰ শিল্পৰ মাজত সাদৃশ্য লক্ষ্য কৰিলোঁ। সেইটোৱে মোক আমাৰ নিজৰ সাংস্কৃতিক পৰিস্থিতিৰ লগতে বিভিন্ন সংস্কৃতিৰ উপাদানৰ মাজৰ সম্পৰ্কৰ বিষয়েও এক স্পষ্ট ধাৰণা দিলে। 

 এনে অন্তৰ্দৃষ্টিৰ জৰিয়তে আপুনি এটা সংস্কৃতিৰ অনন্য আৰু সৰ্বজনীন দুয়োটা দিশ আৱিষ্কাৰ কৰিব পাৰে। আচলতে মানুহৰ মাজত আন্তঃসংযোগৰ এক বৃহৎ জালিকা আছে যাৰ বিষয়ে তেওঁলোক হয়তো সচেতন নহ’বও পাৰে। 

 

:- সেইটোৱেই আপোনাৰ উপন্যাসৰ আৰম্ভণি-বিন্দু নহয়নে? আনকি তাৰ মূল বিষয়বস্তুও সেয়াই নহয় জানো? 

 

সেই উপন্যাসকেইখন লিখি থাকোঁতে বহুধা সংস্কৃতিৰ এই প্ৰভাৱৰ প্ৰতি মই সঁচাকৈয়ে সচেতন নাছিলোঁ। এই ধাৰণা আপোনা আপুনি মোৰ ওচৰলৈ আহিল। ইয়াৰ পিছতহে মই বুজিলোঁ যে মোৰ অজানিতে মোৰ ৰচনাত এই সাংস্কৃতিক মিশ্ৰণৰ বহুতো উপাদান আছে, যিবোৰ উপাদান মোৰ লেখাত অতি ধীৰ গতিত প্ৰৱেশ কৰিলে। 

প্ৰকৃততে লেটিন আমেৰিকাত বিভিন্ন প্ৰভাৱ মিহলি হৈ সমগ্ৰ মহাদেশখনত বিয়পি পৰিছে: পশ্চিমীয়া সংস্কৃতি, আফ্ৰিকান উপস্থিতি, আনকি কিছুমান প্ৰাচ্যৰ উপাদানো এই থলুৱা, প্ৰাক-কলম্বিয়ান পৰম্পৰাত যোগ হৈছে। সেইবাবেই মই নাভাবো যে কোনোবাই কেৱল মেক্সিকান বা কলম্বিয়ান সংস্কৃতিৰ কথা সুকীয়াকৈ ক’ব পাৰে। ব্যক্তিগতভাৱে ক’বলৈ গ’লে মই নিজকে আৰু কলম্বিয়ান বুলি নাভাবো; প্ৰথম আৰু প্ৰধানকৈ মই লেটিন আমেৰিকান, আৰু তাক লৈ মই গৌৰৱান্বিত। 

মই এই কথাও কওঁ যে লেটিন আমেৰিকাৰ ইতিহাস স্পেনিছ অধিগ্ৰহণৰ পৰাই আৰম্ভ হোৱা বুলি ভবাটো ভুল। সেইটো এটা ঔপনিবেশিক দৃষ্টিভংগী। আমি কেতিয়াও পাহৰিব নালাগে যে স্পেইনৰ ভাইচৰয়সকলে গঢ় দিয়া দেশখন আমাৰ নিজৰ বিশেষ প্ৰয়োজনীয়তাৰ খাতিৰত নহয়, বৰং বহিৰাগতসকলে লোৱা স্বেচ্ছাচাৰী সিদ্ধান্তৰ ফল আছিল। 

আমাৰ বৰ্তমানৰ সমস্যাবোৰ বুজিবলৈ হ’লে আমি অধিগ্ৰহণৰ আগৰ সময়লৈ উভতি যাব লাগিব। লেটিন আমেৰিকাৰ দেশসমূহৰ মাজত যিবোৰ সীমাৰেখা টানি অনা হৈছিল, সেইবোৰ কেৱল আমাক বিভাজন কৰিবলৈহে সৃষ্টি কৰা হৈছিল, আৰু তথাপি, যেতিয়াই ইয়াৰ প্ৰয়োজন হয়, তেতিয়াই জাতীয়তাবাদী আহ্বান তীব্ৰতৰ হৈ পৰে। নিসন্দেহে ই আমাক পৰস্পৰৰ পৰা আঁতৰাই নিয়ে, আমাৰ উমৈহতীয়া সমস্যাবোৰক চিনি পোৱাত আৰু অনুভৱ কৰাত অসুবিধা প্ৰদান কৰে। প্ৰতিখন দেশৰেই এক নিজা পৰিস্থিতি থাকে, কিন্তু তাৰ আঁৰত লুকাই থকা সাধাৰণ পৰিচয়টোহে আচল। 

 

:- গতিকে লেটিন আমেৰিকাৰ সংস্কৃতি বুলি কিবা এটা আছেনে? 

 

প্ৰকৃততে লেটিন আমেৰিকাৰ এক সমসত্ত্ব সংস্কৃতি আছে বুলি কোনোবাই ক’ব পাৰিব বুলি মই নাভাবোঁ। উদাহৰণস্বৰূপে মধ্য আমেৰিকাত, কেৰিবিয়ান অঞ্চলত, আফ্ৰিকীয় প্ৰভাবে অন্য এক সংস্কৃতিৰ জন্ম দিছে যি মেক্সিকো অথবা পেৰুৰ দৰে জনবহুল স্বকীয় সংস্কৃতিতকৈও সুকীয়া। আন বহু লেটিন আমেৰিকাৰ দেশৰ বিষয়েও একেধৰণৰ কথা ক’ব পাৰি। 

দক্ষিণ আমেৰিকাৰ ভেনিজুৱেলা আৰু কলম্বিয়াৰ সংস্কৃতি এণ্ডিজ প্ৰদেশীয় ইণ্ডিয়ানসকলতকৈ কেৰিবিয়ানৰ সৈতে অধিক সদৃশ, অথচ দুয়োখন দেশৰ নিজাকৈ ইণ্ডিয়ান জনসংখ্যা আছে। পেৰু আৰু ইকুৱেডৰত আকৌ উপকূলীয় অঞ্চল আৰু পাহাৰীয়া অঞ্চলৰ মাজত বিচ্ছিন্নতা দেখা যায়। সমগ্ৰ মহাদেশখনতে একেধৰণৰ বৈশিষ্ট্য পৰিলক্ষিত হৈছে। 

এই বৈচিত্ৰময় প্ৰভাৱসমূহে একত্ৰিত হৈ লেটিন আমেৰিকাৰ সভ্যতাক ইয়াৰ বিশেষ বৈচিত্ৰ্য, বিশ্বৰ অন্যান্য সংস্কৃতিতকৈ সুকীয়া এক স্বকীয়তা প্ৰদান কৰে। 

 

:-এই প্ৰসংগত স্পেনিছ প্ৰভাৱে কেনেকুৱা ভূমিকা পালন কৰে? 

 

লেটিন আমেৰিকাত স্পেনিছ প্ৰভাৱৰ শক্তি, আৰু ব্ৰাজিলত পৰ্তুগীজ প্ৰভাৱৰ শক্তিক অস্বীকাৰ কৰিব নোৱাৰি। আমাৰ জীৱনৰ প্ৰতিটো দিশতে এই প্ৰভাৱ সুস্পষ্ট। আনকি আমি কেষ্টিলিয়ান স্পেনিছও কওঁ। 

ই এক অতি চহকী প্ৰভাৱ, অৱশ্যে ই বহুক্ষেত্ৰত বিতৰ্কিতও যাক প্ৰায়ে অৱজ্ঞা কৰা হয়। যদিও এই ঐতিহ্য আমাৰ সাংস্কৃতিক ব্যক্তিত্বৰ অংশ, লেটিন আমেৰিকাত সকলো স্পেনিছ বস্তুৰ ওপৰত এক অনাস্থা আছে যিয়ে সকলোবোৰ জটিল কৰি তুলিছে আৰু ইয়াক মই অপ্ৰয়োজনীয় আৰু বিপজ্জনক বুলি ভাবো। মোৰ দৃষ্টিত এই সংস্কৃতি মই উত্তৰাধিকাৰ সূত্ৰে পাইছোঁ আৰু তাক লৈ মই গৌৰৱ অনুভৱ কৰো, কোনো কাৰণতে লাজ নকৰো। স্পেইনৰ উপনিবেশিকৰণ আজি আৰু সমস্যা নহয়। এইটো সঁচা যে এক ইউৰোপীয় প্ৰৱাহৰ পৰাহে আমাৰ সৃষ্টি হৈছিল, কিন্তু আমি ইউৰোপৰ কেৱল নকল নহয়। লেটিন আমেৰিকা সম্পূৰ্ণ সুকীয়া সত্তা। 

 

:-লিখাৰ তাড়নাটো, ওৱান হাণ্ড্ৰেড ইয়াৰ্ছ অৱ চলিট্যুড, দ্য অটম অৱ দ্য পেট্ৰায়াৰ্ক, ক্ৰনিকল অৱ এ ডেথ ফ’ৰট’ল্ড, লাভ ইন দ্য টাইম অৱ কলেৰা আদিত কোৱাৰ দৰে কাহিনী কোৱাৰ তাড়নাটো ক’ৰ পৰা আহিল? 

 

মই ভাবো এই সকলোবোৰ নষ্টালজিয়াৰ পৰাই আহিছে। 

 

:- শৈশৱৰ প্ৰতি নষ্টালজিয়া? আপোনাৰ দেশৰ বাবে? 

 

মোৰ দেশৰ প্ৰতি আৰু নিজৰ জীৱনৰেই প্ৰতি থকা নষ্টালজিয়া। মোৰ এটা অসাধাৰণ শৈশৱ আছিল, এক মায়াময়, ধুৱলী কুৱলী জগতত বাস কৰা কেইজনমান অতি কল্পনাপ্ৰসূত আৰু অন্ধবিশ্বাসী মানুহে মোক আবৰি আছিল। উদাহৰণস্বৰূপে, মোৰ আইতাই অসচেতনভাবেই প্ৰায়ে ৰাতি মোক এনেকুৱা কাহিনী কৈছিল যিবোৰে মোৰ গাৰ নোম শিয়ৰাই তুলিছিল। 

 

:- আপোনাৰ ককাদেউতাও চাগে পৰিয়ালৰ এক প্ৰবাদ পুৰুষ আছিল। আপোনাৰ শৈশৱত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল নেকি? 

 

তেওঁ আছিল সময় আৰু স্মৃতিত দোদুল্যমান হৈ থকা এজন বিশাল বুঢ়া মানুহ আৰু মই তেওঁক বৰ ভাল পাইছিলোঁ। মোৰ আঠ বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল আৰু মই গভীৰভাৱে দুখী হৈছিলোঁ। তেওঁ মোক নিজৰ জীৱনৰ কথা আৰু গাঁওখনৰ লগতে আশে-পাশে থকা জিলাখনত অনাদি কালৰ পৰা ঘটি থকা সকলোবোৰ কথা কৈছিল। তেওঁ কৰা যুদ্ধবোৰ আৰু মোৰ জন্মৰ বছৰত হোৱা ভয়ংকৰ হত্যাকাণ্ডৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰিছিল, যিবোৰ হত্যাকাণ্ডই কলম্বিয়াৰ ইতিহাসত স্থায়ী চিহ্ন এৰি থৈ গৈছে৷

 

:- আপোনাৰ লেখক জীৱনত আপোনাৰ মাতৃৰ কেনেকুৱা প্ৰভাৱ আছিল? 

 

তেওঁ এগৰাকী চমত্কাৰ মহিলা আছিল। যেতিয়া কোনোবাই তেওঁক মোৰ মেধাৰ ৰহস্য সুধিছিল, , তেতিয়া তেওঁ চকুৰ নিমিষ নকঢ়াকৈয়ে উত্তৰ দিছিল “স্কটছ ইমালচন” ( এবিধ শিশুৰ টনিক)। আন এটা আমোদজনক কথাও কওঁ। মোৰ কেইবাজনো ভাই-ককাই আছিল। আৰু যেতিয়াই আমাৰ মাজৰ কোনোবা এজন বিমানত উঠে, তেওঁ মম জ্বলাই সকলো ঠিক হৈ যাব বুলি প্ৰাৰ্থনা কৰিছিল। কিন্তু পিছলৈ আমি সকলোৱে ঘৰত নথকা হ’লোঁ, আৰু শেষবাৰৰ বাবে তেওঁক দেখাৰ সময়ত তেওঁ মোক কৈছিল, “এতিয়া মই সদায় মমবাতি জ্বলাই ৰাখোঁ, কাৰণ তোমালোকৰ কোনোবাই মই গম নোপোৱাকৈ বিমানত উঠি যাব পাৰা।” 

মোৰ পৰিয়ালৰ প্ৰতিজন সদস্য মোৰ বাবে অতি গুৰুত্বপূৰ্ণ, আৰু এই মোৰ প্ৰতিটো লেখাতেই কোনোবা নহয় কোনোবা এজনৰ উল্লেখ আছে। মই কেতিয়াও পাহৰিব নোৱাৰো যে মই এজন আৰাকাটাকাৰ ডাকঘৰৰ বিষয়াৰ পুত্ৰ। 

 

:-আপোনাৰ বংশ মূলতঃ কেৰিবিয়ানৰ পৰা অহা, আৰু আপোনাৰ কিতাপবোৰেও অঞ্চলটোৰ তপ্ত, আন্দোলিত জীৱনটোক প্ৰতিফলিত কৰিছে। সেইখিনিতে বাৰু আপুনি সেই যাদুকৰী বাস্তৱবাদক বিচাৰি পাইছিল নেকি যিয়ে আপোনাৰ সাহিত্যক বিশ্বজুৰি ইমান জনপ্ৰিয় কৰি তুলিছে? 

 

কেৰিবিয়ানত মানুহ, দৈনন্দিন জীৱন আৰু প্ৰাকৃতিক জগতৰ মাজত এক নিখুঁত সহজীৱিতা আছে যি অন্য ঠাইতকৈ অধিক স্পষ্ট। কলম্বিয়াৰ উত্তৰ উপকূলৰ জলাশয় আৰু গভীৰ অৰণ্যৰ মাজত লুকাই থকা এখন গাঁৱত মই ডাঙৰ হৈছো। তাত থকা গছ-গছনিৰ গোন্ধেই পেট পকাই দিবলৈ যথেষ্ট। 

এই ঠাইৰ সমুদ্ৰৰ পানীত নীলা ৰঙৰ কল্পনাতীত প্ৰতিটো বৰ্ণালী দেখা যায়, ইয়াত ঘূৰ্ণীবতাহৰ ফলত ঘৰবোৰ উৰি যায়, গাঁওবোৰ ধূলিৰ তলত পোত গৈ থাকে আৰু বতাহে আপোনাৰ হাওঁফাওঁত পোৰণি তোলে। কেৰিবিয়ান মানুহৰ বাবে প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহৰ বিপদ দৈনন্দিন জীৱনৰ অংশ। 

মই লগতে এইটোও কৈ থোৱা উচিত যে এই অঞ্চলটোত ইণ্ডিয়ান কিংবদন্তি আৰু আন্দালুছিয়ান কল্পনাৰ সৈতে মিহলি হৈ থকা দাসসকলৰ লগত অহা উপাখ্যানবোৰো অতি সহজলভ্য। ফলত ইয়াত বস্তুবোৰক চোৱাৰ এক অতি বিশেষ ধৰণ দেখা পোৱা যায় যিয়ে জীৱনৰ প্ৰতিটো খোজতে এক অসাধাৰণত্ব বিচাৰি পায়। কেৱল মোৰ উপন্যাসতে নহয়, গুৱেটামালাৰ মিগেল এঞ্জেল আষ্টুৰিয়াছ আৰু কিউবাৰ আলেহো কাৰ্পেণ্টিয়েৰৰ ৰচনাতো আপুনি ইয়াক বিচাৰি পাব। এই কথাবোৰৰ এটা অলৌকিক দিশ আছে, ই এনে এক বাস্তৱ যিয়ে সপোনৰ দৰেই যুক্তিৰ নিয়মক আওকাণ কৰে। 

এবাৰ মই এটা কাহিনীত পোপে কলম্বিয়াৰ এখন দুৰ্গম গাঁও ভ্ৰমণ কৰাৰ কথা লিখিছিলো, যিটো সেই সময়ত একেবাৰে অসম্ভৱ যেন লাগিছিল। বাৰু, কেইবছৰমানৰ পাছত পোপে কলম্বিয়া ভ্ৰমণ কৰা দেখা গ’ল। 

 

:- আপুনি আপোনাৰ লেখাত থকা প্ৰভাৱৰ কথা ক’লে, আপোনাৰ আটাইবোৰ ৰচনাতে চমত্কাৰিতাৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমালোচকসকলে আপোনাক ফেণ্টাচি লেখক হিচাপে, baroque বুলি বৰ্ণনা কৰাটো ন্যায্য বুলি আপুনি ভাবেনে? 

 

কেৰিবিয়ান অঞ্চলত, আৰু সাধাৰণতে লেটিন আমেৰিকাত আমি তথাকথিত যাদুকৰী পৰিস্থিতিক বাস্তৱৰ আন যিকোনো দিশৰ দৰেই দৈনন্দিন জীৱনৰ অংশ বুলি গণ্য কৰোঁ। পৰ্টেণ্ট, টেলিপেথী, পূৰ্বাভাস, গোটেই আৰু বাস্তৱক মানি লোৱাৰ এক অন্ধবিশ্বাসী আৰু চমত্কাৰী উপায়বোৰক বিশ্বাস কৰাটো আমাৰ বাবে যথেষ্ট স্বাভাৱিক যেন লাগে। মই কেতিয়াও মোৰ কিতাপত এনে পৰিঘটনাক বুজাবলৈ বা ন্যায্যতা প্ৰদান কৰিবলৈ চেষ্টা নকৰো। মই নিজকে এজন বাস্তৱবাদী, নিৰ্ভেজাল আৰু সুবোধ্য বুলিয়েই ভাবোঁ৷

 

:- ইউৰোপ আৰু লেটিন আমেৰিকাৰ মাজৰ সম্পৰ্ক সদায় ভুল বুজাবুজিৰে ভৰা। উত্তৰ আৰু দক্ষিণৰ মাজত নতুন সমতা স্থাপনৰ বাবে সকলো দুৰ্ভাবনাবোৰক আঁতৰাই এই সম্পৰ্কটোক অধিক স্পষ্টৰূপ দিয়াটো প্ৰয়োজনীয় বুলি আপুনি ভাবেনে? 

 

আমাৰ মহাদেশখনে সন্মুখীন হোৱা সমস্যাবোৰ ইমানেই বিশাল যে আমি পৰিস্থিতিৰ ঠিক মাজতে থাকিলেও আমি কথাবোৰ স্পষ্টকৈ বুজি নাপাওঁ। গতিকে আত্মসংস্কৃতিৰ গৰিমাত মগ্ন ইউৰোপত আমাক বুজিবলৈ পৰ্যাপ্ত ধাৰণাৰ অভাৱ হ’লে কোনো আচৰিত কথা নহয়। ইউৰোপীয়সকলে উত্তৰাধিকাৰী সূত্ৰে এক মহান যুক্তিবাদী পৰম্পৰা লাভ কৰিছে, আৰু আন এক ভুখণ্ডৰ সৈতে থকা পাৰ্থক্যৰ কথা লক্ষ্য নকৰাকৈয়ে তেওঁলোকে আমাক নিজৰ মাপকাঠীৰে অহৰহ বিচাৰ কৰাটো নিতান্তই প্ৰত্যাশিত। যদি তেওঁলোকে এইটো বুজি পোৱাত ব্যৰ্থ হয় যে এসময়ত, বা আজিও, ইউৰোপত যিদৰে সমৃদ্ধি আৰু আত্মপৰিচয়বোধৰ প্ৰয়োজনীয়তা প্ৰচুৰভাবে অনুভৱ কৰা হয় লেটিন আমেৰিকাত, বা আফ্ৰিকা আৰু এছিয়াতো, সেই একেই তীক্ষ্ণতাৰে অনুভৱ কৰা হৈছে, সেয়াও আচৰিত কথা নহয়। তথাপি পৃথিৱীৰ এটা অংশক আন এটা অংশত প্ৰযোজ্য হোৱা মাপকাঠী ব্যৱহাৰ কৰি ব্যাখ্যা কৰাৰ যিকোনো প্ৰচেষ্টাই ভয়ংকৰ ভুল বুজাবুজিৰ সৃষ্টি কৰাটো নিশ্চিত, আৰু ই মানুহক বিচ্ছিন্নতা, নিসংগতা আৰু একাকিত্বৰ পাকচক্ৰত অধিক গভীৰভাৱে আৱদ্ধ কৰি ৰাখিব পাৰে। 

ইউৰোপে আমাক নিজৰ অতীতৰ আধাৰত বিচাৰ কৰি চাবলৈ চেষ্টা কৰা উচিত। কাৰোবাৰ মনত আছে যে লণ্ডনৰ চাৰিওফালে দেৱাল নিৰ্মাণ কৰিবলৈ ৩০০ বছৰ সময় লাগিছিল? অথবা ৰোম এদিনতে নহয় বহু শতিকাৰ মূৰকত হে নিৰ্মাণ কৰা হৈছিল, আৰু ৰোমক ইতিহাসৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠা কৰাজন এজন ইট্ৰুস্কান ৰজা হে আছিল? অথবা অধিগ্ৰহণকাৰীসকল আহি পোৱাৰ সময়ত এজটেকৰ ৰাজধানী টেনোচটিটলান পেৰিছতকৈও ডাঙৰ আছিল? 

যিসকল ইউৰোপীয়ৰ দৃষ্টিভংগীৰ শুদ্ধতা আছে, যিয়ে নিজৰ মহাদেশখনত অধিক ন্যায়পৰায়ণ আৰু মানৱীয় সমাজ গঢ়ি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছে, তেওঁলোকে যদি আমাক বিচাৰ কৰাৰ ধৰণ সলনি কৰে তেন্তে সঁচাকৈয়ে আমাৰ বহুখিনি সহায় হ’ব। আমাৰ সপোন আৰু আশাৰ প্ৰতি যদি কাৰোবাৰ প্ৰকৃত সহানুভূতি আছে তেন্তে তেওঁলোকে সেইসকলৰ লোকৰ বাবে সাহায্য মনোভাৱ পোষণ কৰিব লাগে, যাৰ একমাত্ৰ উচ্চাকাংক্ষা হ’ল ভাতৃত্ববোধৰ পৃথিৱী এখনত স্বচন্দে নিজৰ জীৱনটো জীয়াই থকা। 

চৰ্ত আৰু পদ্ধতি বেলেগ হ’লেও ইউৰোপত ইউৰোপীয়সকলে গ্ৰহণ কৰা সমাধানসমূহ দক্ষিণৰ জাতিসমূহে প্ৰয়োগ কৰাৰ চেষ্টা কৰা উচিত নে? 

 

:- সমস্যাবোৰ মহাদেশখনৰ ভিতৰৰ পৰা আহে নে বাহিৰৰ পৰা? 

 

মই ভাবো যে লেটিন আমেৰিকাক জুৰুলা কৰা সকলো হিংসা, দুৰ্দশা আৰু মতানৈক্য হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৈত ৰচনা কৰা এটা চক্ৰান্তৰ ফল বুলি নিজৰ মনৰ মাজতে ভাবি থকাটো আমি বন্ধ কৰিব লাগিব, যেন আমি কেৱল বিশ্বৰ শক্তিমন্ত দেশসমূহ প্ৰতিৰক্ষাৰ আৰালত জীয়াই থকাৰ বাহিৰে আন কোনো ভাগ্য কল্পনাই কৰিব নোৱাৰো। 

অসমতা, অত্যাচাৰ, শোষণ আৰু অৱহেলাৰ সন্মুখীন হৈ আমি আমাৰ জীৱনৰ মাজেৰেই তাৰ উত্তৰ দিব লাগিব। শতিকাজুৰি চলি অহা যুদ্ধইও জীৱনৰ অদম্য দৃঢ়তাক ম্লান কৰিব পৰা নাই। চল্লিছ বছৰ আগতে উইলিয়াম ফকনাৰে মানৱ জাতিৰ অন্ত পৰিব পাৰে বুলি কোৱাৰ সম্ভাৱনা মানি ল’বলৈ অস্বীকাৰ কৰিছিল। আজি আমি জানো যে তেওঁ যিটো ভয় কৰিছিল সেয়া এক পোনপটীয়া বৈজ্ঞানিক সম্ভাৱনা। সেই ভয়ংকৰ সত্যটোৰ প্ৰতি লক্ষ্য ৰাখি, আৰু জাতিসমূহৰ মাজৰ সংযোগ পূৰ্বতকৈ অধিক শক্তিশালী হৈ এক নতুন যুগৰ সূচনা হোৱা কথাটোলৈ চাই মই বিশ্বাস কৰোঁ যে এনে এক সভ্যতা গঢ়ি তোলাত এতিয়াও দেৰি হোৱা নাই যিয়ে আমাক এনে এখন পৃথিৱীৰ অংশীদাৰ হ’বলৈ অনুমতি দিব, য’ত কোনেও অন্য মানুহৰ হৈ সিদ্ধান্ত নল’ব আৰু য’ত প্ৰান্তীয় লোকক নতুন সুযোগ দিয়া হ’ব। এনে এখন পৃথিৱী য’ত দেশীয় ঐক্য এক বাস্তৱত পৰিণত হ’ব। 

 

:- আপোনাৰ কামত এই আকাংক্ষাৰ প্ৰতিফলিত হোৱা দেখা গৈছে যি লেটিন আমেৰিকাৰ ভৱিষ্যতৰ সৈতেও বান্ধ খাই আছে। 

 

আপুনি ঠিকেই কৈছে। মই নাভাবো যে এখন দেশৰ সৈতে, পৃথিৱীৰ সৈতে গভীৰ ভাবে সংযুক্ত নোহোৱাকৈ কোনোবাই এখন দেশৰ প্ৰতি ইমান নষ্টালজিয়া লৈ জীয়াই থাকিব পাৰে অথবা এখন দেশ বা মহাদেশক বুজিবলৈ ইচ্ছা কৰিব পাৰে।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!