গ্ৰন্থমেলা — গ্ৰন্থ উদ্যোগ আৰু অধ্যয়নৰ পৰিৱেশ ত্বৰান্বিত কৰাৰ এক মাধ্যম।
লেখক- চন্দামিতা শৰ্মা
”জ্ঞানৰ সঞ্চয়ে পোহৰ বিলাই,
মনৰ নেদেখা কুন্ধিবোৰত।”
(কবিতাৰ নাম—সঞ্চয়, কবি—নীলমণি ফুকন)
কবিয়ে কোৱাৰ দৰে জ্ঞান সঞ্চয় কৰিব পাৰি গ্ৰন্থ অধ্যয়নৰ যোগেদি। সেয়েহে সত্যনাথ বৰা দেৱে কৈ গৈছে “পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা।” মানুহে আৰ্জন কৰা জ্ঞান, অভিজ্ঞতা, অনুভৱ আদি সঞ্চয়ৰ স্থায়ী ব্যৱস্থাই হৈছে গ্ৰন্থ। বিশ্ব বিখ্যাত সাহিত্যিক হেনৰি ডেভিদ থাৰোৱেও কৈছিল, “কিতাপ হ’ল পৃথিৱীৰ সঞ্চিত সম্পদ, জাতি আৰু চামে চামে মানুহৰ উত্তৰাধিকাৰী সূত্ৰে লভা সম্পত্তি।”
গ্ৰন্থ, মানুহৰ জীৱনৰ পৰম আৰু প্ৰকৃত সৎ বন্ধু। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে কোনো সীমনা, কোনো ভেদাভেদ নৰখাকৈ সকলোকে লগ দিয়ে। জীৱনৰ বাটত বাট বুলিবলৈ, জীৱন গঢ়াৰ মন্ত্ৰ আওৰাবলৈ গ্ৰন্থতকৈ উত্তম উপায় আৰুনো কি আছে!
জ্ঞান সঞ্চয়ৰ এক উৎকৃষ্ট মাধ্যম গ্ৰন্থৰ যোগেদি সাহিত্যচৰ্চা আৰু অধ্যয়নৰ এক উৎকৰ্ষ সাধনৰ পথ মুকলি কৰে গ্ৰন্থমেলাই।
অতি সাধাৰণভাৱে ক’বলৈ গ’লে এক মুকলি পৰিৱেশত অসংখ্য বিপণীয়ে গ্ৰন্থ বিক্ৰী আৰু গ্ৰন্থ প্ৰদৰ্শন কৰা ব্যৱস্থাটোকে “গ্ৰন্থমেলা” আখ্যা দিব পাৰোঁ, যদিও প্ৰকৃতাৰ্থত ইয়াৰ অৰ্থ বহু বিশাল, বহু ব্যাপক। গ্ৰন্থমেলা হৈছে লেখক, প্ৰকাশক, বিক্ৰেতা, সমালোচক আৰু পঢ়ুৱৈৰ মাজত গঢ় লৈ উঠা এডাল সাঁকো। ১৪৬২ চনত জাৰ্মানীৰ ফ্ৰাংকফুৰ্টত আৰম্ভ হৈ সমগ্ৰ বিশ্বতে এক বৌদ্ধিক যাত্ৰাৰ সোণসেৰীয়া বাট কাটি বিশ্বৰ বিভিন্ন প্ৰান্তত সুবাস বিয়পোৱা গ্ৰন্থমেলাই সাহিত্যচৰ্চা আৰু অধ্যয়নৰ পৰিৱেশ সৃষ্টিত প্ৰভুত বৰঙনি যোগাই আহিছে। ১৯৭২ চনত দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত “বিশ্ব গ্ৰন্থমেলা”খনেই ভাৰতৰ প্ৰথম গ্ৰন্থমেলা। অসমৰ নগাঁও জিলাৰ নেহেৰুবালিত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল আধুনিক গ্ৰন্থমেলা। যদিও ভাৰতবৰ্ষত নতুন দিল্লীত অনুষ্ঠিত হোৱা “বিশ্ব গ্ৰন্থমেলা”খন ভাৰতৰ প্ৰথম গ্ৰন্থমেলা আছিল, কিন্তু কলিকতাত প্ৰতিবছৰে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলা হ’ল ভাৰতৰ আটাইতকৈ বৃহৎ গ্ৰন্থমেলা। এইক্ষেত্ৰত বৰ্তমান দ্বিতীয় স্থানত আছে “চেন্নাই গ্ৰন্থমেলা।” ফ্ৰাংকফুৰ্টত অনুষ্ঠিত বিশ্বৰ সৰ্ববৃহৎ গ্ৰন্থমেলাই হওক বা কলিকতাত অনুষ্ঠিত গ্ৰন্থমেলাই হওক, প্ৰতিবছৰে এক মুখ্য বিষয় নিৰ্বাচন কৰা হয় গ্ৰন্থমেলাৰ বাবে। উল্লেখযোগ্য যে ২০২৪ বৰ্ষৰ বাবে কলিকতাৰ গ্ৰন্থমেলাৰ মুখ্য বিষয় আছিল ইংলেণ্ডৰ সাহিত্য। অহাবাৰ ২৮-০১-২০৫ ৰ পৰা ৯-০২-২০২৫ লৈ অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থমেলাৰ মুখ্য বিষয় হ’ব জাৰ্মানীৰ সাহিত্য। এই ব্যৱস্থাই বহু আগ্ৰহী পঢ়ুৱৈক বিশ্ব সাহিত্যৰ লগত চিনাকি কৰাই দিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰোপৰি গ্ৰন্থ উদ্যোগৰ প্ৰসাৰ কৰাত সহায়ক হয়। গ্ৰন্থমেলাত অনু্ষ্ঠিত বৌদ্ধিক মহলৰ আলোচনাসমূহে অধ্যয়নৰ এক সুস্থ পৰিৱেশ গঢ় দিয়াত এক অনন্য মাত্ৰা প্ৰদান কৰে। গ্ৰন্থমেলাৰ সমান্তৰালভাৱে চলি থকা সাহিত্য বিষয়ক নানা আলোচনা চক্ৰই নতুন নতুন চিন্তা-ভাৱনাৰ আদান-প্ৰদান হয়। নতুন প্ৰজন্মৰ লেখকসকল ইয়াৰ যোগেৰে পৰিচিতি লাভ কৰে। ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজন কৰা সাহিত্য সম্পৰ্কীয় অনুষ্ঠানবোৰে উঠি অহা চামৰ মাজত গ্ৰন্থ অধ্যয়ৰ স্পৃহা সৃষ্টি কৰে। গ্ৰন্থমেলাত আমন্ত্ৰণ জনোৱা বিশ্বৰ প্ৰসিদ্ধ লেখকসকলৰ বহুমূলীয়া ভাষণে পঢ়ুৱৈসকলক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আৰু অধিক উৎসাহী কৰি তোলে আৰু সমান্তৰালভাৱে সাহিত্যচৰ্চাৰ বাবেও অনুপ্ৰাণিত কৰে। অধ্যয়নৰ এক সুস্থিৰ আৰু সুশৃংখলিত পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত গ্ৰন্থমেলাৰ ভূমিকা অতুলনীয়।
গ্ৰন্থমেলাত পাঠকে লেখকৰ কাষ চাপিব পাৰে আৰু ইয়াৰ জৰিয়তে পাঠকসকলে লেখকৰ লগত পোনপটীয়াকৈ ভাৱৰ আদান-প্ৰদানৰ জৰিয়তে মনত সৃষ্টি হোৱা বিভিন্ন প্ৰশ্ন সুধিব পাৰে। কিতাপৰ সংখ্যা প্ৰায় অগণিত, গতিকে ক্ষন্তেকীয়া মানৱ জীৱনত মানুহে কিছু গ্ৰন্থহে পঢ়িবলৈ সক্ষম হয়। এই ক্ষেত্ৰত কিতাপ নিৰ্বাচন কৰাত গ্ৰন্থমেলাই বহু পৰিমাণে সহায় কৰে। যিহেতু পঢ়ুৱৈসকলে বুজনসংখ্যক কিতাপ একেলগে চাব পাৰে, গতিকে নিজৰ ৰুচি অনুযায়ী গ্ৰন্থ নিৰ্বাচন কৰি ক্ৰয় কৰিব পাৰে। গ্ৰন্থমেলাত গ্ৰন্থ উৎসৱৰ বিভিন্ন বাতৰি, যেনে— কোনদিনা কি কি গ্ৰন্থ গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন হ’ব, কোন কোন লেখকৰ সৈতে পাঠকে মুখামুখিকৈ আলোচনাত মিলিত হ’ব পাৰিব ইত্যাদি সামৰি পৰিপূৰিকা প্ৰকাশ হোৱাটো বাঞ্ছনীয়, যেনেকৈ ১৯৯৬ চনৰ ২৮ নবেম্বৰৰপৰা সাদিনীয়াকৈ নেহেৰুবালিত অনুষ্ঠিত গ্ৰন্থমেলাত গ্ৰন্থ উৎসৱৰ নিতৌৰ খবৰ সামৰি “গ্ৰন্থমেলা সংবাদ” নামৰ এখন সৰু দৈনিক পৰিপূৰিকা প্ৰকাশ পাইছিল।
দুষ্প্ৰাপ্য গ্ৰন্থ বিচাৰি পোৱাৰো এক মাধ্যম গ্ৰন্থমেলা। বিভিন্ন ভাষা-ভাষী লোকৰ গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ এটাৰ সূচনা কৰিবলৈ গ্ৰন্থমেলা এক সুন্দৰ মাধ্যম। আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত গ্ৰন্থমেলা সম্পৰ্কত সকলো পূৰ্ণাংগ তথ্য পোৱাৰ সুবিধা কৰিলে সকলো গ্ৰন্থপ্ৰেমী লোকৰ বাবে আৰু অধিক সুবিধাজনক হ’ব।
গ্ৰন্থমেলা এখন হৈ উঠিব লাগে লক্ষ্মী আৰু সৰস্বতীৰ মিলনক্ষেত্ৰ, যিয়ে গ্ৰন্থ উদ্যোগক ত্বৰান্বিত কৰি এক বৌদ্ধিক বিপ্লৱৰ সূচনা কৰিব পাৰে। আমি আশাবাদী যে গ্ৰন্থমেলাৰ বাকৰি সৃষ্টিশীলতাৰ এক উৰ্বৰা পথাৰ হৈ উন্নতমানৰ সাহিত্য সৃষ্টিৰ বীজ ৰোপণ কৰিব পৰা সেউজ সপোন দেখিবলৈ এক নৱজাগৰণৰ সূচনা কৰিব।
২০২৫ বৰ্ষক অসম চৰকাৰে “কিতাপৰ বৰ্ষ”ৰূপে ঘোষণা কৰিছে, যিটো নিশ্চয়কৈ অত্যন্ত আশাব্যঞ্জক বতৰা। অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈ যোৱা আৰু অনুষ্ঠিত হ’বলৈ গৈ থকা গ্ৰন্থমেলাসমূহে যে গ্ৰন্থ উদ্যোগক আৰু অধিক গতিশীলতা প্ৰদান কৰি অধ্যয়নৰ পৰিৱেশ সৃষ্টিত এক নৱ বিপ্লৱৰ সূচনা কৰিব সেইটো ধূৰুপ।
পৰিশেষত-সামাজিক মাধ্যমত পঢ়া এটা সাধু। এবাৰ এজন সৰু ল’ৰাই ককাকৰ সৈতে ফুৰিবলৈ যাওঁতে গুহা এটাত এদল মানুহ দেখি আচৰিত হৈ সুধিলে—ককা, ইহঁত এতিয়াও গুহাত যে!
ককাকে ল’ৰাজনক ক’লে—বাছা, সিহঁতে জুইৰ আৱিষ্কাৰ হোৱা কথা এতিয়াও জনা নাই। যা, সিহঁতক বন্তি এগছি দি আহ। সিহঁত সভ্য হ’ব।
ল’ৰাটোৱে তাকে কৰিলে।
কিছুদিনৰ মুৰত ল’ৰাজনে পুনৰ সেই ঠাইলৈ গৈ দেখিলে, বন্তিগছি জ্বলি আছে ঠিকেই কিন্তু …।
ততাতৈয়াকৈ সি আহি ককাকক ক’লে—ককা, তেওঁলোক গুহাৰ পৰা ওলাইছে, কিন্তু আচাৰ ব্যৱহাৰ, কথাবোৰ আমাৰ দৰে নহয়চোন!
ককাকে ক’লে—বাছা, যা, এইখিনি সিহঁতৰ হাতত দি আহ।
এইবুলি ককাকে গ্ৰন্থ কেইখনমান নাতিয়েকৰ হাতত তুলি দিলে। কিছুদিনৰ পাছত ল’ৰাটোৱে ককাকক আহি ক’লে—ককা, তেওঁলোক তাত নাইচোন!
: ভয় নাই বোপাই, সিহঁত এতিয়া আমাৰ মাজত আছে যে।
ককাকে মিচিকিয়াই হাঁহি উত্তৰ দিলে।
এই সংখ্যাটোৰ আঁৰত-
এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….
এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….
এই সংখ্যাটোৰ আঁৰত ত লিখিব লগীয়া খিনি অনুগ্ৰহ কৰি ইয়াত পেষ্ট কৰিব….